“ মোৰ মা ”
-পদ্মেশ্বৰ বৰা
হেৰা মোৰ পূজনীয়া, মান তুমি সৰগীয়া
হে
মোৰ হৃদয় সৰগা,
তুলনাৰ নাই প্রৱেশ, সমভাব নাই আৱেশ
তুমিয়েই মোৰ মৰমৰ মা ।
জীৱনৰ নাওঁখনি, মৰতৰ ভূমি
তুমি
আনিলা মোক হে আই,
তুমিয়ে মোৰ জীৱনৰ, দেৱী মোৰ সৰগৰ
তুমাৰ
সমান তুলনা নাই ।
তুমিয়ে মোৰ কলিজাৰ, সপোনৰ যুগমীয়া
নিজৰ
কাৰণে নাই বেশ,
মোৰ তুমি চেনেহৰ, মৰম মোৰ হৃদয়ৰ
তুমিয়ে
মোৰ আপোন স্বদেশ ।
নিলগত আতৰিব, কেতিয়াও নিবিচাৰো
তুমিয়েই
মোৰ বিহগী আই,
সকলো দেশে-বেশে, ঘূৰি ঘূৰি মাতিলেও
মাতিবলৈ
কোনোৱে নাই,
তুমিয়েই মোৰ একমাত্র আপোন আই ।