‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মূলভাৱ:

 (ঘ) ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মূলভাৱ লিখা । 

উত্তরঃ

আঘোণৰ কুঁৱলী’ কবিতাত কবি কেশৱ মহন্তই আঘোণৰ পথাৰৰ এটি মন পৰশা চিত্র অংকণ কৰিছে । ড মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত ‘সঞ্চয়ণ’ৰ পৰা এই কবিতাটি লোৱা হৈছে । পাঠটিৰ মাজেৰে এফালে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্রেমৰ সন্ধান আরু আনফালে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্রকাশ ঘটিছে ।

       আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে । ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে । কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আরু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেতেন । সোতৰ বছৰীয়া ভৰ যৌৱনা গাভরুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি আগ্রহী ।

       আঘোণৰ পথাৰত দাৱনীসকলৰ লগতে সকলোৱে কামত ব্যস্ত থাকে । আঘোণৰ আকাশেদি উরুলিকৃত হৈ কোনোবা বিললে বনৰীয়া হাঁহজাক জাক পাতি উৰি যায় । আঘোণৰ বাটটো কুৱলীৰ ঢকা । মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল । কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল ।