চমু উত্তৰঃ (২ নম্বৰৰ)
১। সৰল বাস্তৱবাদ কি?
উত্তৰঃ সৰল বা লৌকিক বাস্তৱবাদ হৈছে বাস্তৱবাদৰ সৰলতম প্রকাৰ । সৰল বা
লৌকিক বাস্তৱবাদৰ মতে জ্ঞাতাই কোনো বস্তুক ইয়াৰ সকলোবোৰ গুণৰ সৈতে প্রত্যক্ষভাৱে
জানিব পাৰে । অর্থাৎ জ্ঞাতাই যি ধৰণে কোনো বস্তুক প্রত্যক্ষ কৰে বস্তুটোৰ প্রকৃত
স্বরূপ তেনেকুৱাই । সৰল বা লৌকিক বাস্তৱবাদ মতে জ্ঞাতা আরু জ্ঞেয়ৰ মাজত কোনো মধ্যম
পন্থা নাথাকে ।
২। বৈজ্ঞানিক বাস্তৱবাদৰ সংজ্ঞা দিয়া ।
উত্তৰঃ বস্তু এটাক প্রত্যক্ষভাৱে জানিব পৰা নাযায় । বস্তু এটাক তাৰ
প্রতিকল্প বা প্রতিনিধিৰ জৰিয়তেহে জানিব পৰা যায় । বাহ্যিক বস্তু এটাৰ গুণৰ জৰিয়তে
বস্তুটো সম্বন্ধে জ্ঞান লাভ কৰিব পৰা যায় । বস্তুৰ কিছুমান গুণ বস্তুত থাকে আরু
কিছুমান জ্ঞাতাৰ মন বা চেতনাৰ ওপৰত নির্ভৰ কৰে । বস্তুৰ বিভিন্ন গুণৰ যথাযথ বিচাৰ-বিবেচনা
কৰি প্রতিষ্ঠা কৰা এনে বাস্তৱবাদক বৈজ্ঞানিক বাস্তৱবাদ বোলে ।
যি বাস্তৱবাদে মনৰ বাহিৰৰ
এখন স্বতন্ত্র জগতৰ অস্তিত্বক স্বীকাৰ কৰে । সেই বাস্তৱবাদকে বৈজ্ঞানিক বাস্তৱবাদ
বোলে ।
৩। প্রাথমিক বা মুখ্য গুণবোৰ কি কি?
উত্তৰঃ প্রাথমিক বা মুখ্য গুণবোৰ হৈছে বস্তুৰ আকাৰ, ওজন, বিস্তৃতি, পৰিমাণ
আদি ।
৪।গৌণ গুণবোৰ কি কি?
উত্তৰঃ গৌণ গুণবোৰ হৈছে- বস্তুৰ রূপ, ৰস, গুণ, সোৱাদ আদি ।
৫। ‘সৰল বাস্তৱবাদে ভুলৰ ব্যাখা কৰিব নোৱাৰে’ – কিয়?
উত্তৰঃ সৰল বাস্তৱবাদৰ মতে, বাহ্যবস্তুক আমি যিধৰণে প্রত্যক্ষ কৰো, তাৰ
স্বরূপ ঠিক তেনেদৰেই । সৰল বাস্তৱবাদে প্রত্যক্ষক অধিক গুরুত্ব দিয়ে । সেয়েহে,
সপোন আরু ভ্রান্ত জ্ঞান অথবা ভুলৰ ব্যাখ্যা দিব নোৱাৰে । কিয়নো, এইবোৰ
প্রত্যক্ষলব্ধ নহয় ।
চমু উত্তৰঃ (৩ নম্বৰৰ)
১। বাস্তৱবাদ কি? ইয়াৰ বিভিন্ন রূপবোৰ কি কি?
উত্তৰঃ বাস্তৱবাদ হৈছে এক দৰ্শন তত্ত্ব যাৰ মত অনুসৰি জ্ঞানৰ
বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নির্ভৰশীল নহয় ।
জ্ঞানৰ বিষয়বস্তু সম্পূৰ্ণভাৱে নে আংশিকভাৱে মন-নিৰপেক্ষ তাক লৈ বাস্তৱবাদ দুই প্রকাৰৰ ।
সৰল
বাস্তৱবাদ হৈছে বাস্তৱবাদৰ সৰলতম প্রকাৰ । ইয়াক লৌকিক বাস্তৱবাদ, প্রাকৃতিক
বাস্তৱবাদ বা সাধাৰণ মানুহৰ বাহ্যবস্তু সম্বন্ধে ধাৰণা আদি ভিন্ন ধৰণে জনা যায় ।
আন এক প্রকাৰৰ বাস্তৱবাদ হৈছে- বৈজ্ঞানিক
বাস্তৱবাদ । বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি বস্তুৰ গুণ দুই প্রকাৰৰ- মুখ্য আরু গৌণ ।
২। সৰল বাস্তৱবাদৰ সাধাৰণ বৈশিষ্ট্যবোৰ উল্লেখ কৰা ।
উত্তৰঃ সৰল বাস্তৱবাদৰ সাধাৰণ বৈশিষ্ট্যবোৰ হৈছে-
(ক) জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰপৰা স্বতন্ত্র ।
(খ) সৰল বাস্তৱবাদ মতে, মনৰ বাহিৰত এখন বাহ্যিক জগত আছে ।
(গ) বাহ্যিক জগতৰ জ্ঞান আমি প্রত্যক্ষৰ জৰিয়তে লাভ কৰো ।
(ঘ) বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰ জৰিয়তে জনা যায় ।
(ঙ) জ্ঞাতা আরু জ্ঞেয়ৰ মাজৰ প্রত্যক্ষ সম্পর্ক থাকে ।
(চ) বাহ্য বস্তুৱে আমাৰ মনৰ সংবেদনৰ সৃষ্টি কৰে ।
(ছ) সৰল বাস্তৱবাদ সত্যতাৰ অনুরূপতাক সিদ্ধান্তৰ সমর্থক ।
৩। মূখ্য আরু গৌণ গুণৰ মাজৰ তিনিটা পার্থক্য উল্লেখ কৰা ।
উত্তৰঃ মূখ্য আরু গৌণ গুণৰ মাজৰ তিনিটা পার্থক্য হৈছে-
(ক) মুখ্য গুণবোৰ বস্তুৰ মৌলিক বা প্রকৃত গুণ ।
আনহাতে, গৌণ গুণবোৰ বস্তুৰ
মৌলিক বা প্রকৃত গুণ নহয়, কেৱল জ্ঞাতাৰ মনতহে থাকে ।
(খ) মুখ্য গুণবোৰ অপৰিৱৰ্তনীয় গুণ ।
আনহাতে, গৌণ গুণবোৰ কিছুমান
পৰিৱৰ্তনশীল, স্থান আরু ব্যক্তিভেদে এই গুণবোৰ পৰিৱৰ্তন হ’ব পাৰে ।
(গ) বাহ্য বস্তুই হৈছে মুখ্য গুণবোৰৰ প্রকৃত আশ্রয় বা আধাৰস্বরূপ ।
আনহাতে, বাহ্য বস্তু আরু
জ্ঞাতাৰ মন উভয়ে গৌণ গুণৰ আশ্রয় বা আধাৰস্বরূপ ।
৪। সৰল বাস্তৱবাদৰ বিরুদ্ধে তিনিটা সমালোচনা উল্লেখ কৰা ।
উত্তৰঃ সৰল বাস্তৱবাদৰ বিরুদ্ধে তিনিটা সমালোচনা হ’ল-
(ক) সৰল বাস্তৱবাদে প্রত্যক্ষক অধিক গুরুত্ব প্রদান কৰে । প্রত্যক্ষক
অধিক গুরুত্ব প্রদান কৰি সৰল বাস্তৱ বাদে প্রাচীন গ্রীক চফিষ্ট দার্শনিকসকলে কৰা
ভুলৰ পুনৰাবৃত্তি কৰিছে ।
(খ) সৰল বাস্তৱবাদে সপোন, ভ্রান্ত জ্ঞান, জৰী এডালক সাপ হিচাপে দেখা,
প্রতিসৰণৰ জ্ঞান আদিক ব্যাখ্যা কৰিব নোৱাৰে ।
(গ) প্রত্যক্ষ নির্ভৰ হোৱা হেতুকে সৰল বাস্তৱবাদত জ্ঞানৰ সার্বিকতা
লুপ্ত হৈ যায় । সৰল বাস্তৱবাদে আপেক্ষিক জ্ঞানকো সার্বিক জ্ঞান হিচাপে ভুল কৰে ।
৫। সংশ্লিষ্ট সূত্রবোৰৰ নাম লিখাঃ
ক) বাহ্যিক জগতখনক পোনপটীয়াকৈ জানিব পাৰি ।
উত্তৰঃ সৰল বাস্তৱবাদ ।
(খ) জ্ঞেয় বস্তুবিলাক কিছুমান গুণৰ সমষ্টি ।
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদ ।
৬। বস্তুৰ সকলোবোৰ গুণ বস্তুগত নহয় বুলি কোৱা সূত্রটোৰ নাম লিখা ।
সূত্রটো ব্যাখ্যা কৰা ।
উত্তৰঃ বস্তুৰ সকলোবোৰ গুণ বস্তুগত নহয় বুলি কোৱা সূত্রটোৰ নাম হৈছে- ‘সবিচাৰ
বাস্তৱবাদ’ বা ‘বৈজ্ঞানিক বাস্তৱবাদ’ ।
সূত্রটো হৈছে- বাহ্য বস্তুত এটাৰ গুণৰ জৰিয়তে আমি বস্তুটো সম্বন্ধে
জ্ঞান পাওঁ । কিন্তূ বাহ্য বস্তুত থকা সকলোবোৰ গুণ মনৰ পৰা স্বতন্ত্র নহয় । অর্থাৎ গুণবোৰ
কিছুমান বস্তুত থাকে, কিছুমান জ্ঞাতাৰ মন বা চেতনাৰ ওপৰত নির্ভৰ কৰে । বস্তুৰ
বিভিন্ন গুণৰ যথাযথ বিচাৰ-বিবেচনা কৰি জন লকৰ বাস্তৱবাদ প্রতিষ্ঠা কৰাৰ কাৰণে,
বৈজ্ঞানিক বাস্তৱবাদক সবিচাৰ বাস্তৱবাদ বোলে ।
দীঘলীয়া প্ৰশ্নঃ (৪ নম্বৰৰ)
১। মুখ্য
গুণ আরু গৌণ গুণৰ মাজৰ পার্থক্য নিরূপণ কৰা ।
উত্তৰঃ মুখ্য গুণ আরু গৌণ গুণসমূহৰ মাজত
কিছুমান পার্থক্য পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য পার্থক্যসমূহ হ’ল এনেধৰণৰঃ
(ক) মুখ্য গুণবোৰ হৈছে বস্তুৰ মৌলিক বা প্রকৃত
গুণ ।
আনহাতে,
গৌণ গুণবোৰ বস্তুৰ প্রকৃত বা মৌলিক গুণ নহয় । এইবোৰ জ্ঞাতাৰ মনতহে থাকে ।
(খ) মুখ্য গুণবোৰ অপৰিৱৰ্তনীয় গুণ ।
আনহাতে,
গৌণ গুণবোৰ স্থান বা ব্যক্তিভেদে কিছুমান পৰিৱৰ্তনশীল গুণ ।
(গ) মুখ্য গুণবোৰৰ প্রকৃত আশ্রয় বা আধাৰস্বরূপ
হৈছে বাহ্য বস্তু ।
আনহাতে,
বাহ্য বস্তু আরু জ্ঞাতাৰ মন উভয়ে গৌণ গুণৰ আশ্রয় বা আধাৰস্বরূপ ।
(ঘ) মুখ্য গুণবোৰে জ্ঞাতাৰ মনৰ ধাৰণা
যথাযথাভাৱে প্রতিফলিত কৰে ।
আনহাতে,
গৌণ গুণৰ নিজা স্বরূপ নথকাৰ বাবে জ্ঞাতাৰ মনৰ ধাৰণাৰ সৈতে এই গুণবোৰে ভিন্ন ধৰণে
প্রতিফলিত হয় ।
(ঙ) মুখ্য গুণবোৰ বস্তুগত হোৱা হেতুকে বস্তুৰ
প্রকৃত স্বরূপ কেৱল ইয়েই নিৰ্ধাৰণ কৰিব পাৰে ।
আনহাতে,
গৌণ গুণবোৰ ব্যক্তিৰ মনৰ ওপৰত নির্ভৰশীল হোৱা বাবে বস্তুৰ প্রকৃত স্বরূপ নির্ধাৰণ
কৰিব নোৱাৰে ।
এনেদৰে
মুখ্য গুণ আরু গৌণ গুণসমূহৰ মাজত পার্থক্য দৃষ্টিমান হয় ।
২। সৰল বাস্তৱবাদৰ বিষয়ে এটা চমু টোকা লিখা ।
উত্তৰঃ সৰল বা লৌকিক বাস্তৱবাদ হৈছে বাস্তৱবাদৰ
সৰলতম প্রকাৰ । সৰল বা লৌকিক বাস্তৱবাদৰ
মুখ্য কথা এয়ে যে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র । ইয়াৰ অর্থ হৈছে
বাহ্য বস্তুত থকা সকলো প্রকাৰৰ গুণ বিশেষকৈ রূপ, ৰস, গোন্ধ, বিস্তৃতি, আয়তন,
দৈৰ্ঘতা আদি সকলোবোৰৰে মন নিৰপেক্ষ স্বতন্ত্র অস্তিত্ব আছে । সৰল বাস্তৱবাদ নামটো
ডুৰান্ট ড্রেক নামৰ দাৰ্শনিক গৰাকীয়ে তেখেতৰ “Invitation to Philosophy” নামৰ গ্রন্থখনত পোনপ্রথমে প্রয়োগ কৰিছিল ।
সৰল
বাস্তৱবাদে কোনো এক বস্তুৰ অস্তিত্ব সম্পর্কে লোক বা সাধাৰণ মানুহে যেনেকৈ চিন্তা
কৰে তেনেদৰেই ব্যাখ্যা কৰে । সৰল
বাস্তৱবাদৰ মতে, আমাৰ ইন্দ্রিয়ৰ দ্বাৰা বাহ্যিক বস্তুৰ সৈতে হোৱা প্রত্যক্ষ
সম্পর্কৰ জৰিয়তে আমাৰ বাহ্য বস্তুৰ জ্ঞান হয় । সৰল বাস্তৱবাদে জড় পদার্থৰ দ্বাৰা
গঠিত এখন জগতক বিশ্বাস কৰে । সৰল
বাস্তৱবাদৰ সৈতে জড়িত গুরুত্বপূর্ণ কথাটো এয়ে যে সাধাৰণ মানুহৰ বাহ্য বস্তুৰ প্রতি
যি ধাৰণা হয় সৰল বাস্তৱবাদে তাৰ এক দার্শনিক ভিত্তি প্রদান কৰে ।
৩। “মূখ্য গুণ আরু গৌণ গুণসমূহৰ মাজৰ পার্থক্য
অমনস্তাত্বিক’- তুমি মানি লোৱানে? তোমাৰ দৃষ্টি ভংগীৰ সমর্থনত তিনিটা কাৰণ লিখা ।
উত্তৰঃ “মূখ্য গুণ আরু গৌণ গুণসমূহৰ মাজৰ পার্থক্য
অমনস্তাত্বিক’- মই মানি লোৱানে । কাৰণ,
(ক) লকৰ মুখ্য আরু গৌণ গুণৰ পার্থক্য
যুক্তিসংগত নহয় ।
(খ)দাৰ্শনিক বাৰ্কলিৰ মতে গৌণ গুণবোৰ যিদৰে
ব্যক্তিৰ মনৰ ওপৰত নির্ভৰশীল, ঠিক একেদৰে মুখ্য গুণবোৰো ব্যক্তিৰ মনৰ ওপৰতো নির্ভৰশীল
।
(গ) বাৰ্কলিয়ে যুক্তি দর্শাইছে যে এটা বস্তুৰ
বিস্তৃতি, ওজন, দৈৰ্ঘ্যতা আদিবোৰ এজন মানুহৰ কাৰণে বেছি হ’লেও আন এজনৰ বাবে কম হ’ব
পাৰে ।
সেয়েহে,
লকে কোৱা ধৰণে কেৱল গৌণ গুণবোৰহে মনোগত কথাটো শুদ্ধ নহয় ।
৪। বৈজ্ঞানিক বাস্তৱবাদৰ চাৰিটা মৌলিক
বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদক বিশ্লেষণ কৰিলে
কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয় । ইয়াৰ ভিতৰত চাৰিটা/পাঁচটা উল্লেখযোগ্য মৌলিক
বৈশিষ্ট্য হৈছে-
(ক) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি, আমাৰ জ্ঞানৰ
বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র ।
(খ) বৈজ্ঞানিক বাস্তৱবাদৰ মতে বস্তুবোৰ তাৰ
গুণৰ জৰিয়তেহে জানিব পৰা যায় । এই গুণবোৰৰ মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্র ।
(গ) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি, বস্তু এটা
আমি দেখিব নোৱাৰো । তাৰ প্রতিলিপি বা নকলহে
জ্ঞাতাই দেখিবলৈ পায় ।
(ঘ) বৈজ্ঞানিক বাস্তৱ মতে, জ্ঞান এক সম্পূর্ণ
স্বাধীন প্রক্রিয়া । এই প্রক্রিয়াৰ জৰিয়তে বস্তুৰ প্রকৃত স্বরূপ প্রভাৱান্বিত নহয়
।
(ঙ) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি জ্ঞান এক পৰোক্ষ
প্রক্রিয়া ।
(চ) বস্তুৰ প্রকৃত স্বরূপ মুখ্য গুণেহে প্রকাশ
কৰিব পাৰে । কাৰণ, মুখ্য গুণবোৰ বস্তুৰ
বস্তুগত ধর্ম আরু ই অপৰিৱৰ্তনীয় ।
৫। জন লকৰ প্রতিনিধিত্ববাদ সম্পর্কত এটা চমু
টোকা লিখা ।
উত্তৰঃ জন লকৰ বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি,
বস্তু এটাক আমি প্রত্যক্ষভাৱে জানিব পাৰো । তেওঁৰ
মতে বস্তু এটাক তাৰ প্রতিকল্প বা প্রতিনিধিৰ জৰিয়তেহে জানিব পৰা যায় । বাহ্য বস্তু
এটাৰ গুণৰ জৰিয়তে আমি বস্তুটো সম্বন্ধে জ্ঞান লাভ কৰো । কিন্তু বাহ্য বস্তুত থকা সকলোবোৰ গুণ আমাৰ মনৰ
পৰা স্বতন্ত্র নহয় ।
গুণবোৰ
কিছুমান বস্তুৰ থাকে আরু কিছুমান জ্ঞাতাৰ মন বা চেতনাৰ ওপৰত নির্ভৰ কৰে । বস্তুৰ গুণৰ যথাযথ বিচাৰ-বিবেচনা কৰি লকে তেওঁৰ
বৈজ্ঞানিক বাস্তৱবাদ প্রতিষ্ঠা কৰিছে । তেওঁৰ মতে আমি বাহ্য বস্তুক প্রত্যক্ষভাৱে
জানিব নোৱাৰো । প্রতীক বা তাৰ প্রতিকল্পৰ
মাধ্যমেৰেহে বস্তু এটাক জানিব পৰা যায় ।
লকৰ
এই বৈজ্ঞানিক মতবাদক প্রতিনিধিত্ববাদ বা প্রতীকবাদ বা সবিচাৰ বাস্তৱবাদ হিচাপেও
জনা যায় ।
দীঘলীয়া উত্তৰঃ (৫
নম্বৰৰ)
১। সৰল বাস্তৱবাদ কি?
সৰল বাস্তৱবাদৰ বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ সৰল
বা লৌকিক বাস্তৱবাদ হৈছে বাস্তৱবাদৰ সৰলতম প্রকাৰ । সৰল বা লৌকিক বাস্তৱবাদৰ মুখ্য কথা এয়ে যে
জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র । ইয়াৰ অর্থ হৈছে বাহ্য বস্তুত থকা
সকলো প্রকাৰৰ গুণ বিশেষকৈ রূপ, ৰস, গোন্ধ, বিস্তৃতি, আয়তন, দৈৰ্ঘতা আদি সকলোবোৰৰে
মন নিৰপেক্ষ স্বতন্ত্র অস্তিত্ব আছে । সৰল বাস্তৱবাদ নামটো ডুৰান্ট ড্রেক নামৰ
দাৰ্শনিক গৰাকীয়ে তেখেতৰ “Invitation to Philosophy” নামৰ
গ্রন্থখনত পোনপ্রথমে প্রয়োগ কৰিছিল ।
সৰল বাস্তৱবাদৰ
বৈশিষ্ট্যবোৰ হৈছে এনেধৰণৰঃ
(ক)সৰল বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তু
জ্ঞাতাৰ মনৰপৰা স্বতন্ত্র ।
(খ) সৰল বাস্তৱবাদ মতে, মনৰ বাহিৰত এখন বাহ্যিক জগত আছে ।
(গ) বাহ্যিক জগতৰ জ্ঞান আমি প্রত্যক্ষৰ জৰিয়তে লাভ কৰো ।
(ঘ) বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰ জৰিয়তে জনা যায় ।
(ঙ) জ্ঞাতা আরু জ্ঞেয়ৰ মাজৰ প্রত্যক্ষ সম্পর্ক থাকে ।
(চ) বাহ্য বস্তুৱে আমাৰ মনৰ সংবেদনৰ সৃষ্টি কৰে ।
(ছ) সৰল বাস্তৱবাদ সত্যতাৰ অনুরূপতাক সিদ্ধান্তৰ সমর্থক ।
২। বৈজ্ঞানিক
বাস্তৱবাদ কি? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ বস্তু এটাক
প্রত্যক্ষভাৱে জানিব পৰা নাযায় । বস্তু এটাক তাৰ প্রতিকল্প বা প্রতিনিধিৰ জৰিয়তেহে
জানিব পৰা যায় । বাহ্যিক বস্তু এটাৰ গুণৰ জৰিয়তে বস্তুটো সম্বন্ধে জ্ঞান লাভ কৰিব
পৰা যায় । বস্তুৰ কিছুমান গুণ বস্তুত থাকে আরু কিছুমান জ্ঞাতাৰ মন বা চেতনাৰ ওপৰত
নির্ভৰ কৰে । বস্তুৰ বিভিন্ন গুণৰ যথাযথ বিচাৰ-বিবেচনা কৰি
প্রতিষ্ঠা কৰা এনে বাস্তৱবাদক বৈজ্ঞানিক বাস্তৱবাদ বোলে ।
বৈজ্ঞানিক বাস্তৱবাদৰ
বৈশিষ্ট্যবোৰ হৈছেঃ
(ক) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি, আমাৰ জ্ঞানৰ
বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র ।
(খ) বৈজ্ঞানিক বাস্তৱবাদৰ মতে বস্তুবোৰ তাৰ
গুণৰ জৰিয়তেহে জানিব পৰা যায় । এই গুণবোৰৰ মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্র ।
(গ) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি, বস্তু এটা
আমি দেখিব নোৱাৰো । তাৰ প্রতিলিপি বা নকলহে
জ্ঞাতাই দেখিবলৈ পায় ।
(ঘ) বৈজ্ঞানিক বাস্তৱ মতে, জ্ঞান এক সম্পূর্ণ
স্বাধীন প্রক্রিয়া । এই প্রক্রিয়াৰ জৰিয়তে বস্তুৰ প্রকৃত স্বরূপ প্রভাৱান্বিত নহয়
।
(ঙ) বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি জ্ঞান এক পৰোক্ষ
প্রক্রিয়া ।
(চ) বস্তুৰ প্রকৃত স্বরূপ মুখ্য গুণেহে প্রকাশ
কৰিব পাৰে । কাৰণ, মুখ্য গুণবোৰ বস্তুৰ
বস্তুগত ধর্ম আরু ই অপৰিৱৰ্তনীয় ।
৩। বাস্তৱতাৰ সংজ্ঞা
হিচাপে বৈজ্ঞানিক বাস্তৱবাদ সম্পর্কত সমালোচনামূলক আলোচনা কৰা ।
উত্তৰঃ বাস্তৱবাদৰ
সংজ্ঞা হিচাপে বৈজ্ঞানিক বাস্তৱবাদৰ সম্পর্কত বৈজ্ঞানিক বাস্তৱবাদৰ বিরুদ্ধে গঢ়ি উঠা সমালোচনাসমূহ
হ’ল-
(ক) লকৰ বৈজ্ঞানিক
বাস্তৱবাদৰ মতবাদ অনুসৰি জ্ঞাতাই কেৱল মনৰ ধাৰণাকহে জানিব পাৰে। গতিকে, বৈজ্ঞানিক
বাস্তৱবাদে কোনো বস্তুৰ জ্ঞানৰ প্রসংগত যথেষ্ট সীমাবদ্ধতা আনি দিয়ে ।
(খ) বিজ্ঞানসন্মত
বাস্তৱবাদে জ্ঞানৰ সত্যতা আরু মিথ্যাত্বৰ ব্যাখ্যা দিব নোৱাৰে । সেয়েহে, বাহ্য
বস্তুৰ সৈতে তাৰ ধাৰণাৰ সাদৃশ্য আছে নে নাই এই বাস্তৱবাদ অনুসৰি জানিব নোৱাৰি ।
(গ) লকৰ মুখ্য আরু
গৌণ গুণৰ পার্থক্য যুক্তিসংগত নহয় । দার্শনিক বাৰ্কলিৰ মতে মুখ্য গুণ আরু গৌণ,
উভয়ে ব্যক্তিৰ মনৰ ওপৰত নির্ভৰশীল । গতিকে, লকে কোৱাৰ দৰে কেৱ্ল গৌণ গুণবোৰহে
মনোগত কথাটো শুদ্ধ নহয় ।
(ঘ) লকৰ বৈজ্ঞানিক
বাস্তৱবাদে জগতখনক দুটা ভাগত বিভক্ত কৰিছে- ধাৰণাৰ আত্মনিষ্ঠ জগত আরু বাহ্য বস্তুৰ
বস্তুনিষ্ঠ জগত । কিন্তূ তেখেতৰ
জ্ঞান তত্ত্বই এই দুই জগতৰ মাজত এখন সেতু বান্ধিবলৈ সমর্থ হোৱা নাই ।
(ঙ) লকৰ বৈজ্ঞানিক
বাস্তৱবাদত ভাৱবাদৰ প্রৱণতা দেখা যায় । সেয়েহে, লকৰ বৈজ্ঞানিক বাস্তৱবাদ, বস্তুবাদ
আরু ভাৱবাদৰ এক সংমিশ্রণ বুলিহে সমালোচিত হয় ।
এনেদৰে লকৰ বৈজ্ঞানিক বাস্তৱবাদক আন দার্শনিক
সকলে তীব্রভাৱে সমালোচনা কৰিছে ।
৪। বাস্তৱবাদৰ সংজ্ঞা
হিচাপে সৰল বাস্তৱবাদৰ সম্পর্কত সমালোচনামূলক আলোচনা আগবঢ়োৱা ।
উত্তৰঃ বাস্তৱবাদৰ
সংজ্ঞা হিচাপে সৰল বাস্তৱবাদৰ সম্পর্কত সৰল বাস্তৱবাদৰ বিরুদ্ধে গঢ়ি উঠা সমালোচনাসমূহ হ’ল-
(ক) সৰল বাস্তৱবাদে প্রত্যক্ষক অধিক গুরুত্ব প্রদান কৰে । প্রত্যক্ষক অধিক গুরুত্ব প্রদান কৰি সৰল বাস্তৱ বাদে
প্রাচীন গ্রীক চফিষ্ট দার্শনিকসকলে কৰা ভুলৰ পুনৰাবৃত্তি কৰিছে ।
(খ) সৰল বাস্তৱবাদে সপোন, ভ্রান্ত জ্ঞান, জৰী এডালক সাপ হিচাপে দেখা,
প্রতিসৰণৰ জ্ঞান আদিক ব্যাখ্যা কৰিব নোৱাৰে ।
(গ) প্রত্যক্ষ নির্ভৰ হোৱা হেতুকে সৰল বাস্তৱবাদত জ্ঞানৰ সার্বিকতা
লুপ্ত হৈ যায় । সৰল বাস্তৱবাদে আপেক্ষিক জ্ঞানকো সার্বিক জ্ঞান হিচাপে ভুল কৰে ।
(ঘ) সৰল বাস্তৱবাদে
জ্ঞানৰ আত্মনিষ্ঠতাক অস্বীকাৰ কৰে । কিন্তূ জ্ঞান প্রক্রিয়াত বস্তুনিষ্ঠতা আরু
আত্মনিষ্ঠতা উভয়ৰে ভূমিকা বিৰাজমান ।
(ঙ) সৰল বাস্তৱবাদত
উল্লেখ কৰাৰ দৰে বাহ্য বস্তুৰ জ্ঞান মনৰ পৰা সম্পূর্ণ স্বতন্ত্র বোলা ধাৰণাতো
শুদ্ধ নহয় । কাৰণ, বাহ্য বস্তুৰ জ্ঞানে ধাৰণা বা প্রত্যয় সৃষ্টি কৰে আরু একেদৰে ধাৰণা
বা প্রত্যয়েও বাহ্য বস্তু সম্পর্কে জ্ঞান দিয়ে ।
সেয়েহে দেখা যায় সৰল বাস্তৱবাদক সাধাৰণ মানুহৰ বাহ্য বস্তু সম্পর্কে ধাৰণা বুলি কোৱা হয় যদিও এই মতবাদ যথাযথ নহয়। দার্শনিক আরু তাত্ত্বিক অর্থত সৰল বাস্তৱবাদ এক দুর্বল মতবাদ ।