বিশ্বখনিকৰ, কবি-মফিজুদ্দিন আহমদ হাজৰিকা,

মূলভাৱঃ

কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে ‘বিশ্বখনিকৰ’ কবিতাটিৰ মাধ্যমেৰে বিশ্ব সৃষ্টি কৰ্তা ত্রিজগতৰ পতি ভগৱানৰ উপস্থিতি আরু তেওঁ বিভিন্ন লীলা কথা সুৱৰি ব্যাপক হাৰত কবিতাটিত উপস্থাপন কৰিছে ।

    কবিয়ে উল্লেখ কৰিছে যে যদিও কোনেও তেওঁক দেখা নাই তথাপি স্বৰ্গ, মত্য আরু পাতালৰ সৃষ্টি কৰ্তা এজন বিশ্বখনিকৰ নিশ্চিয়কৈ বিৰাজমান অথবা স্থিত বা আছে । তেওঁৰ বাবেই আজি গ্রহ, তৰা, বেলি, জোন আদি বিৰাজমান হৈ আছে আরু মরু জগত অৰ্থাৎ জীৱ জগতত আমি ল’ৰা-তিৰী(তিৰোতা), আই, ভাই আদি বৰ্তি আছো আরু সকলোৰে দেহত সেই বিশ্বখনিকৰ জনৰ স্থিতিয়ে আমাক জীয়াই ৰাখিছে । তেওঁ এখিলা সাধাৰণ গছৰ পাততো স্থিত আরু যিমান গছ-গছনি আছে সকলোতে তেওঁ বিৰাজমান হৈ আছে । কবিয়ে কৈছে যে সকলো ঠাইতে ভগৱান আছে কিন্ত ওৰণিৰে মুখ ঢাকিলে যেনেকৈ দেখা পোৱা নাযায় তেনেদৰে তেওঁ সকলোতে লুকাই আছে বা স্থিত যদিও আমি নৰ মনুষ্যই দেখা নাপাওঁ ।

    কবিৰ মতে, সত্ত্বঃ (সুখদায়ক আরু জ্ঞানাত্মক), ৰজঃ (ৰাগাত্মক) আরু তমঃ(অজ্ঞান বা আন্ধাৰ), এই তিনিওঁ গুণ তেওঁতে বিৰাজমান হৈ আছে যদিও তেওঁ নিৰ্গুণ । তেৱেঁ বাৰিষাৰ বৰষুণ হৈ পমা, চিচু, পাৰলী আদি গছৰ কুঁহিপাত-গজালি মেলি পাছত একোজোপা ভয়ংকৰ বা বৃহৎ আকাৰৰ গছৰ সৃষ্টি কৰে । তেৱেঁ সেই সরু কেঁচুৱা লৰাটিক ডেকা কাললৈ পৰিৱৰ্তন কৰাই মাক-বাপেকৰ অহংকাৰ আরু যশ্যসা বঢ়োৱাত অৰিহণা যোগায় ।

    কবিৰ মতে ভগবান মানী, মান, দানী, দান, কাম, কৰ্মী, খেতি খেতিয়ক, জ্ঞানী, জ্ঞান, তীখা, শান, ধৰ্ম, ধৰ্মী, বুধি-বুধিয়ক আদি সকলো তেৱেঁ স্থিত আরু সৃষ্ট । লগতে, তেৱেঁ পানী, মাছ, এক, পাঁচ, যোগী, তপস্বী, বাজীকৰ, ধনী, ধন, গোমোস্তা, মহাজন, কাম, কৰ্মী, কাৰিকৰ আদি সকলো সৃষ্টিকাৰী আরু চলনাকাৰী ভগৱান বিশ্বখনিকৰ ।

    শেষত, আকৌ কবিগৰাকী কৈছে যে যদি কোনেও তেওঁক দেখা নাই, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞান-জ্ঞানী, বিশ্ব-আত্মা প্রাণ, সৰ্ব-ব্যাপী, সৰ্ব শক্তিমান যি সৃষ্টি, স্থিতি আরু প্রলয়ৰ গৰাকী, তেৱেঁ ‘বিশ্বখনিকৰ’ ।