ENGLISH GRAMMAR LEARNING
WITH ASSAMESE LANGUAGE by P.B.
(1)কাল বা সময়(Tense)
আমি দৈনন্দিন জীৱনত বহু কথা বতৰা কওঁ। এই কথাবোৰ বিভিন্ন সময়ৰ লগত জড়িত হৈ থাকে। তাৰে ভিতৰত বিশেষকৈ বৰ্তমান, অতীত আৰ ভৱিষ্যতৰ কথা সামৰি জড়িত হৈ থাকে৷ ইয়াৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমান সময়ৰ কথাবোৰক Present
Tense, অতিতৰ সময়ৰ কথাবোৰক Past
Tense আৰ ভৱিষ্যতৰ লগত জড়িত থকা কথাবোৰক
Future Tense ৰ ভাগত ভগোৱা হয়৷
চমুকৈ অৰ্থাৎ সহজভাৱে
Tense:-
সাধাৰণতে
Tense ৰ ভাগ তিনিটা৷ বৰ্তমান সময়ৰ কথাবোৰ অৰ্থাৎ Present Tense,অতীতৰ সময়ৰ কথাবোৰ অৰ্থাৎ Past
Tense আৰ৹ ভৱিষ্যৰ সময়ৰ কথাবোৰ অৰ্থাৎ Future Tense৷
এই তিনিটা ভাগৰে প্ৰতিটোৰে চাৰিটাকৈ ভাগ আছে৷ Indefinite, Continuous,
Perfect আৰ
Perfect Continuous৷ Indefinite শব্দৰ অৰ্থ হৈছে ‘not define or precise’ অৰ্থাৎ অনিশ্চিত বা অস্পষ্ট বা অনিৰ্দিষ্ট৷ সেয়েহে যদি এটা বাক্যত Continuous, Perfect আৰ৹ Perfect Continuous ৰ কোনো সম্ভাৱনা বা Sense নাথাকে তেনেহ’লে সেইবোৰ বাক্যক Indefinite বাক্যত ধৰা হয়৷
দ্বিতীয়তে, Continuous শব্দৰ অৰ্থ হ’ল ‘to go on’ বা অব্যাহত থকা বা চলি থকা৷ সেয়েহে যদি কিবা এটা কাম চলি থকা বুজায় য’ত কোনো সময়ৰ উল্লেখ নাথাকে অৰ্থাৎ কেতিয়াৰ পৰা কামটো চলি আছে তাত উল্লেখ নাথাকে তেন্তে তাক Continuous Tense ত লিখা হয়৷
তৃতীয়তে, Perfect শব্দৰ অৰ্থ হ’ল Complete
whole, without fault, excelled, accurate অৰ্থাৎ সম্পূৰ্ণ, নিখুত আৰ সঠিক৷সেয়ে যদি কোনো এটা কাম সম্পূৰ্ণ বা সমাপ্ত হোৱা বুজায় তেন্তে তাক ‘Perfect’ ত ব্যৱহাৰ কৰিব লাগে৷
চতুৰ্থতে, ‘Perfect Continuous’ য়ে কোনো এটা কাম এটা নিদ্দিস্ট সময়ৰ পৰা আৰম্ভ হৈ চলি থকা বুজায়৷ অৰ্থাৎ Perfect হ’বলৈ বা সম্পূৰ্ণ হ’বলৈ কোনো এটা কাম চলি থাকে৷
এইদৰে যদি আমি Indefinite,
Continuous, Perfect আৰ Perfect
Continuous ৰ আগত Present(বৰ্তমান), Past(অতীত),
Future(ভৱিষ্যত) যোগ কৰো তেন্তে বৰ্তমান, অতীত আৰ ভবিষৎতৰ কামৰ ভিত্তিত সেইবোৰে ওপৰত উল্লেখ কৰা ধৰণে ব্যৱহিত হ’ব৷
ওপৰৰ বিষয়বোৰৰ পৰা ক’ব পৰা যায় যে, বৰ্তমানত চলি থকা কাম এটাক Present
Continuous, অতীতত চলি আছিল ধৰণৰ বাক্যক Past
Continuous আৰ ভৱিষৎতে চলি থাকিব বুজালে Future
Continuous ব্যৱহিত হয়৷
Ex:-
Present Continuous:-
আমি এতিয়া পঢ়ি আছো
We are reading now
Past Continuous:-
ছোৱালীহ’তে তেতিয়া গাণ গাই আছিল৷
The girl were then singing.
Future continius Tense:-
তেওঁ তুমালৈ অপেক্ষা কৰি থাকিব৷
He will be waiting for you.
বৰ্তমানে কোনো এটা কাম সমাপ্ত হ’লে Present
Perfect, অতীতত কোনো এটা কাম সমাপ্ত হ’লে Past
Perfect, আৰ ভৱিষ্যতত কামটো এক নিদ্দিষ্ট সময়ত কামটো হ’বগৈ বুজালে Future
Perfect Tense ব্যৱহাৰ কৰা হয়৷
Example each sentences:-
Present Perfect:-
মই আহাৰ কৰিলো৷
I have had my meals.
Past Perfect:-
আমি আহি পোৱাৰ আগতে তেওঁলোক গৈছিল৷
They had gone before we arrived.
Future Perfect:-
সূৰ্য অস্ত যোৱাৰ আগতে মই যাম৷
I shall have gone before the sun sets.
অতীতৰ কোনো এক নিদ্দিষ্ট সময়ৰ পৰা এটা কাম আৰম্ভ হৈ বৰ্তমানতো চলি থাকিলে Present
Perfect Continuous, অতীতৰে নিদ্দিষ্ট সময়ৰ পৰা এটা কাম আৰম্ভ হৈ অতীততে চলি আছিলে এনে বাক্যত Past
Perfect Continuous Tense, ভৱিষ্যতে কোনো এটা কাম আন এটা কামৰ আগলৈকে চলি থকা বুজালে Future
Perfect Continuous Tense ব্যৱহাৰ কৰা হয়৷
Example-
Present Perfect Continuous:-
দুঘন্টা ধৰি আমি একেৰাহে পঢ়ি আছো৷
We have been reading for two hours .
Past Perfect continuous:-
তিনিদিন ধৰি একেৰাহে বৰষুণ দি আছিল৷
It had been raining for three days.
Future Perfect Continuous:-
সি উভতি নহালৈকে তুমি এই কামটো কৰিবলৈ যত্ন কৰি থাকা৷
You will have been trying to complete the
work before he comes back.
বাকী অনিদ্দিষ্ট আৰ অস্পষ্ট বাক্যবোৰ যিবোৰ বৰ্তমানৰ সময়ৰ লগত সংগতি থাকে সেইবোৰক Present
Indefinite, যিবোৰ অতীতৰৰ সময়ৰ লগত সংগতি থাকে সেইবোৰক Past
Indefinite আৰ যিবোৰ ভৱিষ্যতৰ সময়ৰ লগত সংগতি থাকে সেইবোৰক Future
Indefinite ব্যৱহাৰ কৰা হয়৷ যদিওঁ Present
Indefinite, Past Indefinite আৰ Future
Indefinite ৰ ক্ষেত্রত বিভিন্ন নিয়ম আছে তথাপি ওপৰৰ নিয়মৰ যোগেৰে সহজে আমি এই ধৰণৰ বাক্যক চিনাক্ত কৰিব পাৰিম৷ অৰ্থাৎ যদি বাক্য এটা Continous,
Perfect আৰ Perfect
Continuous ভাগত পেলাব নোৱাৰি৷ তেতিয়াই Indefinite
Tense ৰ ব্যৱহাৰ আহি পৰে৷
Example-
Present Indefinite:-
তাই সুন্দৰ ছবি আকে৷
She draws nice pictures.
Past Indefinite:-
তেওঁ নিতৌ ইয়াত তাছ খেলিছিল৷
He used to play cards here everyday.
মই যোৱাকালি গুৱাহাটীলৈ গৈছিলো৷
I went to Guwahati yesterday.
Future Indefinite:-
সিহঁতে বাছেৰে তালৈ যাব৷
They will go there by bus.
Tense Structure:-
Present Indefinite:-
Subject+Verbৰ প্রথম ৰপ+
verb ৰ লগত s/es যোগ যদি subject টো Third
Person Singular Number হয়+ Extension
Present Continuous:-
Sub+am/is/are+verb+ing+Extension
Present Perfect:-
Subject+have/has+verb ৰ past
participle form+Extension
Present Perfect Continuous:-
Sub+have/has been+verb+ing+extension
Past Indefinite:-
Sub+Verb ৰ Past
Form+Extension
Past Continuous:-
Sub+was/were+verb+ing+Extension
Past Perfect:-
Sub+had+Verbৰ Past
Participle Form
Past Perfect Continuous:-
Sub+had been+verb+ing+extension
Future Indefinite:-
Sub+shall/will+Verb ৰ প্রথম ৰ০প+Extension
Future Continuous:-
Sub+shall/will be+verb+ing+extension
Future Perfect:-
Sub+shall/will have+Verbৰ Past
Participle Form+extension
Future Perfect Continuous:-
Sub+shall/will have
been+verb+ing+extension
Updating.............