ভাৰতৰ সেনাসেৱকসকল, (কবিতা)


"দেশপ্রেমী জোৱানসকল"
      -পদ্মেশ্বৰ বৰা

যুগমীয়া শান্তিৰে দেশ গঢ়িব খুজি
    অন্যায় ভেদ কৰি, অপ্রাণ চেষ্টা কৰি,
ভাগ্যক আপোন কৰি, সাহসৰ বন্ধুতাৰে
    সোণৰ দেশ, সৰগৰ দেশ গঢ়িম আমি ।

আন্ধাৰ জোনাক হয়, জোনাক আন্ধাৰ হয়
    দিন-ৰাতি নাইযে পণ,
কলিজাৰ সাগৰ ঢৌ, বুকুৰ ধুমুহাৰে
    পাৰ কৰিম আমাৰ জীৱন ।

কিয় জানো সঘনাই, বুকু কপে বাৰে বাৰে
    মৰণলৈ ভয় আমাৰ নাই,
সন্ত্ৰাসবিৰুদ্ধেৰে, সমাজৰ বাবে
    মৰিম আমি সকলো ভাই ।

আই তুমি নাকান্দিবা, মই তোমাৰ কাষত নাই
    নথবা মোলৈ মৰম সাঁছি,
দেশৰ বাবে গুণ গাই, হিংসাৰ বিপক্ষেৰে
    যামগৈ সৰগলৈ গুছি ।