Bihu, Traditional song of Assam

 

ফুল ফুলিছে বসন্তৰ

(ফুল ফুলিছে বসন্তৰ

তুমি জানমনী বহাগৰ প্রতিটো বহাগতে

মৰম যাছো তোমাক অন্তৰৰ)

থুপা-থোপে নাগৰ-তগৰ

ডাল ভৰি ফুলিছে,

জানমনী তুমিয়ে মোৰ কামনা-বাসনা,

তুমিয়ে মোৰ জীনৰ ভৰসা,

তুমিয়ে মোৰ বুকুৰে কলি ।।

Music……………..

 

জুৰ মলয়া ফাগুণৰ

তুমি জানমনী মৰমৰ

প্রতিটো বসন্ততে,

মৰম যাছো তোমাক হৃদয়ৰ....

ৰঙা নীলা পখিলা জাকে জাকে উৰিছে

কু কু কৈ কুলিটিয়ে, পাতৰ আৰত মাতিছে,

অ’ জানমনী তুমিয়ে মোৰ প্রাণৰে পুতলা,

তুমিয়ে মোৰ আশাৰে নিজৰা,

তুমিয়ে মোৰ মৰমৰ মণী ।

Music………..

 

(ন কুঁহিপাত আঁহতৰ

ন ঢল নামে লুইতৰ

সদায়ে সোণ থাকিবা

তৰা হৈ মোৰ মনৰ আকাশত ।)

ঢোল পেপাই গৰজিলে

অসমৰ চুকে-কোণে...

তুমি কাষত নাথাকিলে

মনে কিবা কৰে,

 

জানমনী তুমিয়ে মৰমৰ গহণা,

তুমিয়ে মোৰ সাগৰৰ মুকুতা,

তুমিয়ে মোৰ জীন লগৰী ....

Music……………

 

(শোলী ফুটিল শৰতৰ....

বহাগ মাহৰ দুপৰৰ

প্রতিটো ঢুলৰ চাপৰে...

মনত পেলাই কথা অতীতৰ)

মৌ বৰষা মৰম দিম..

মোৰ কোমল হিয়াৰে..

সপোনে ঐ দিঠকতে,

থাকিবা মোৰ কাষতে...

অ’ জানমনী তুমিয়ে মোৰ আকাশৰ চন্দ্রমা..

তুমিয়ে মোৰ জোনাকী পৰুৱা

(তুমিয়ে মোৰ নদীৰে সুঁতি)

 

চেংদাং বিহু গীত

কথাঃ বগলী পৰিছে.....এ পিঠিত সমনীয়া....

অ’ শালিকী পৰিলে চাঙত.....

এ পখিলা পৰিছে....ফুল বুলি ভাবি.....

আমাৰে নাচনী গালত....

Starting:

Pi nai ti poi Seng keng…..

O seng now Ka ja ta oi……

asak ko pail au ka ………

 

১। (অ’ চেংদাং গছে-বনে সলালে পাত,

অ’ চেংদাং গৰু চালে লগালে মাত,

অ’ চেংদাং আমি অসমীয়া বিহুতেযে বলিয়া,

বিহু বিহু লাগিলে গাত)

২। অ’ চেংদাং কুলিটিয়েও লগালে মাত,

অ’ চেংদাং ফুলে ফুলে পখিলাৰ জাক,

অ’ চেংদাং কুলিটিয়েও লগালে মাত,

অ’ চেংদাং নাহৰু ফুলিল তগৰু ফুলিল

কপৌ ফুলিল তুৰে খোপাত ।

“Lai Seng si…rang hai eat

tang khit tang…..(Lai Kong Si)2

rong lai eat tang khit tao…

 

৩। অ’ চেংদাং জেতুকা বুলালি দুহাত,

অ’ তাতে...ৰঙা চুলা পিন্ধিলি গাত,

অ’ চেংদাং তুক নেদেখিলে, তই নানাচিলে,

বিহু বিহু নালাগে গাত ।

৪। (অ’ চেংদাং ৰংঘৰৰ ৰংচৰা বাট,

অ’ চেংদাং ৰংপুৰত ৰংশিঙাৰ মাত,

অ’ চেংদাং তই নাচনী বৰদৈচিলা..

ত’তে নাইকীয়া গাত...)

অ’ চেংদাং মই ঢুলীয়া ৰংপুৰীয়া,

চেও চাই বুলাবি পাক,

অ’ চেংদাং আমি বিহুা, ৰংপুৰৰ ঢুলিয়া

চেও চাই বুলাবি পাক ।।