আৰম্ভণিঃ
ঐ কপৌৰ কুমলীয়া পাহি, অ’
তোমাৰ মৰমলগা ঐ হাঁহি,
তুমি বিহু নাচিলে, ৰমকে-জমকে....ঐ...
মইও বজাম কৃষ্ণৰে বাঁহি ।
ল’ৰাঃ
(অ’ নাচনী ঐ মৰমী, এপাক
ঘূৰি নাচাচোন,
অ’ নাচনী ঐ চেনেহী, এবাৰ
মুলৈ চোৱাচোন ।)২
তুমি ককাল ভাঙিলে, মৰম
লাগে সঁচাকৈ
চেনেহ জাগে হিয়াতে, তুমি
চালে বেকাকৈ
অ’ নাচনী ঐ... এইবাৰ
বিহুত তোমাক পলুৱাই নিম ।
ছোৱালীঃ
(অ’ চেনাই মোৰ ঢুলীয়া,
ঢোল ভালকৈ বজোৱা,
অ’ চেনাই মোৰ মৰমৰ,
রূপে-গুণে সজোৱা)২,
তুমি ঢোলটি বজালে, নাচো
নাচো লাগে,
চকুত চকু থলে, হিয়াৰ মৰম জাগে,
অ’ চেনাই...., এইবাৰ
বিহুত পলুৱাই নিয়া ।
যোজনাঃ
ল’ৰা
১। অ’ তগৰ কুমলীয়া কলি মোৰ
মৰমী,
তগৰ কুমলীয়া কলি,
ঘৰতে মায়ে সদায় গালি
দিয়ে,
কয়, কিহৰে ডেকাটি হলি....
বিহুঃ মোৰে নাচনী,
সমনীয়াও জোকাই মোক,
বৰলা বুলি নাচনী,
(কেতিয়ানো)২ হবা লগৰী ।
ছোৱালীঃ
যোজনাঃ
১। অ’ গোলাপ কুমলীয়া ,
পাহিত মৰমসনা
অ’ গোলাপ কুমলীয়া পাহি,
ঘৰতে দেউতাই, ল’ৰা চাই
আছে,
কেতিয়ানো খুজিবাহি আহি...
বিহুঃ মোৰে চেনাইটি,
সমনীয়াও জোকাইছে
মোকে মোৰে চেনাইধন,
ঐ...বয়স বাহি বুঢ়ী হমগৈ
বুলি ।
যোজনা-২
ল’ৰা
অ’ কুলিৰ মিঠা মাত
মুহনীয়া, কুলিৰ মুহিনীয়া মাত,
তুমাক বিয়া পাতি, আৰম্ভ কৰিম
যুগ্ম জীৱনৰ বাট..
বিহুঃ মোৰে মৰমী, হবা
জীৱন লগৰী,
(এই বিহুৰ পৰা পলুৱাই)২
নিম ।
ছোৱালীঃ
অ’ মইনা চৰাইৰ মাত সুৱগা
অ’ মইনা চৰাইৰ মাত...
তোমাৰ লগত বিয়া হৈ, দুয়ু
আৰম্ভ কৰিমে,
যুটীয়া জীৱনৰ বাট..
বিহুঃ মোৰে চেনাই ঐ,
তুমি হ’বা স্বামী ঐ...
(এই বিহুৰ পৰা দুয়ু)২
পলাই যাম ।
সমাপ্তঃ
ধন্যবাদেৰে
পদ্মেশ্বৰ বৰা
।