Bia Nam Lyrics , Assamese , Custom of Assam for the marriage , collected & written by Junuka Namoti Dol, Edited by Podmeswar

 বিয়া নামঃ

জোৰণ আদৰাৰ নামঃ

ৰুলী.........

ধূপ-ধূণা জ্বলোৱা ২

জোৰণ আহি ৰৈ আছে

আদৰোগৈ ওলোৱা

 

কন্যা সমাজলৈ আহোতেঃ

ৰুলী.........

হৰি মোৰ চাউল চাটি মাৰি

হৰি মোৰ ফুলাম পাটি পাৰি

হৰি মোৰ জানকীক আনাগৈ মাতিহে

 

অলংকাৰ পিন্ধাওতেঃ

মাৰৰ অলংকাৰ থোৱা কাটি কৰি

ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱাহে

ৰামে দি পঠাইছে সুবৰ্ণৰ অলংকাৰ

ঐ ৰাম হাতে মোৰ কৰি লোৱা হে ।

 

পানী তুলিবলৈ যাওঁতেঃ

ৰামকৃষ্ণ পানী তুলিবলৈ

ৰামকৃষ্ণ ওলালে দৈৱকী

হৰি মোৰ পানী তুলি আহি

হৰি মোৰ চালত পানী দিবা

হৰি মোৰ মৰল চাই টেকেলী থবা হে ।

 

গাঁ ধোৱাওতেঃ

প্রথমতে মুঠা দিবা মাহে মুৰত

হালধীতে তেল দিবা ঘহিবা গা-ৱত

গা ধুই উঠি ৰুক্মিণীয়ে মাথাত দিছে হাত

স্বৰ্গৰ পৰা দেৱগণে কৰে আৰ্শীবাদ ।

গা ধুই উঠিয়ে মাকক সুধিলে অ আই

কি সাজ সলাব পাৰিহে

পাণবটা শৰাইতে যি সাজ থৈছো মই

অ আই সেই সাঁজ সলাব পাৰিহে ।

ৰুলী-----

আগত দিয়া পাছত দিয়া ২

পঞ্চ আয়তীয়ে

দুৰ্বাঘাটৰ পানী আনি ২

আইদেউৰ মুৰত দিয়া কি ৰাম ২

 

ৰুলী-------

অধিবাস কৰিবলৈ ভাল

আইদেউৱে আনি থৈছে গধূলো গোপাল

কলা কলা তুলসীহে কলা কলা পাত

যজ্ঞত বহি জানকীয়ে জলত দিছে হাত

 

দৈয়নঃ

দৈয়ন দিয়া দৈয়ন দিয়া

আপোনাৰে আই

আঠুকাঢ়ি দৈয়ন দিয়া

হৃদয় জুৰায় ।

 

সুৱাগ তোলাঃ

সুৱাগ তুলিবলৈ ওলালে দৈৱকী

ঐ ৰাম কাষতে কলচী লৈয়ে হে

আয়তী সকলে কৰা সুমস্থলে

ঐ ৰাম সুৱাগেৰে কুলা লৈ হে

 

দৰা দরাঃ

দম্বৰো বাজিছে শিৱ গোসাই আহিছে

শহুৰৰ পদূলিত কন্যা ভিক্ষা মাগিছে ।

দৰাটি আহিছে ৰৈছে গেটত

জেঠেৰী ওলাইছে মালা লৈ হাতত ।

বৰযাত্রী আহিছে বেনপাটি বজাইছে

শহুৰৰ পদূলিত কন্যা ভিক্ষা মাগিছে ।

 

কন্যা সমাজলৈ ওলাওতেঃ

ওলাই আহা আইদেউৱে

দুৱাৰ দলি বাজ ২

লাহে কৰি ওলাই আহা

নকৰিবা লাজ ঐ ৰাম

বাওঁহাতৰ মালাধাৰী সোঁ হাতেৰে ধৰা

চন্দ্র সূৰ্যক সাক্ষী কৰি

স্বামী বৰণ কৰা

 

সকলোঃ

আখৈ দিয়া ২ মৰমৰে ভাই

আজিৰ পৰা তোমাৰ বাইদেউৰ

গোত্র চিঙি যায় ।

 

জোৰা নামঃ

অ’ ৰঘুপতি জোৰা নাম দিবলৈ

দিয়া অনুমতি

 

লাই হালে জালে ফটো তোলা কেমেৰা

দৰাঘৰৰ ল’ৰা কেইটাৰ কিনো চাবা চেহেৰা ।

অ’ বিয়া ঘৰীয়া ২ চাহ তামোল নিদিলে

উঠি যামগৈ এতিয়া ।

 

বুজনীঃ

ঔ গছৰ কোমল কুহি, ভাটো পৰি খায়

মা দেউতাৰ চকুৰ মণি লোকে লৈয়া যায় ।

নীলাকৈ আকাশত ৰঙাকৈ বেলি

চলাব লাগিব লোকৰ ঘৰ খনি

আনিব লাগিব দুৰণীৰ পানী

লব যে লাগিব উৰণী টানি ।

 

বিদায়ঃ

হাতত পান বটা লৈ

মা-দেউতাৰ মাতাগৈ

মৰমৰ মা-দেউতা যাবলৈ

যাবৰ সময়ত সেৱাহে জনালো ।

স্বৰ্গৰে পাৰিজাত

ইন্দ্রই ৰুলে দ্বাৰকাত

তোমালোকৰ বিয়ালৈ আমি কৰো আৰ্শীবাদ ।



*** জোৰা নামঃ

Page-1

নকৰিবা প্রতিবাদ নকৰিবা প্রতিবাদ, আজি কালি বিয়া বোৰত যোৰা নামে আৰ্শীবাদ । ২

*আগৰ পৰা গুৰিলৈ লাগিছে অই ৰাম গা জুৰুণৰে গঢ় হে, এখন তামোলেৰে বিয়া খন পাতিছে অই ৰাম

*সৰু সৰু চৰাইবোৰে (ফরিং ধৰি খাই) ২, কোমল কন্যা বিচাৰিটো ডাড়ী পকী যায়,

আহু ধানৰ (মাজে মাজে) ২, সৰল কাঠৰ মুঢ়া, আইদেউয়ে দৰা পাইছে (বাপেকতকৈ বুঢ়া)২,

বুঢ়া দৰা কোমল কন্যা কথাৰ নাপাওঁ আগ,

পকা ডাড়ীত লাগি আছে, এশ মিছা মাত,

লফা-শাকে মিছা মাছে, (আইদেউয়ে ৰান্ধে) ২,

বুঢ়া দৰাই খাব নাপাই, (দুৰাৰ চুকত কান্দে)২,

*দিখৌ লৈকে যাবানে, টুলুঙা নাওঁ বাবানে, ২ সচাকৈয়ে বাইদেউয়ে তুমি ভিন্দুক পছন্দ কৰানে,

*মই পছন্দ কৰা নাই, দেউতাই পছন্দ কৰা নাই, যাছি অহা বোপাদেউ নকৰিলে উপায় নাই 

*খবৰত শুনিলো, দৰাৰ ঘৰ বৰ ধনী,

অই ৰাম সাজেৰো মাছে খাই অ’

* এতিয়া শুনিলো দৰাৰ ঘৰ দুখীয়া, অই ৰাম নদীতে জুলুকি বায় হে 

*বাৰীৰ পিছৰ শিলিখা, বোপা তুমি টিলিকা, আমাৰ আইদেউ ওখ-পাখৰ সমাজতে জিলিকা ।

*(মৃদ্যু মৃদ্যু বাজিছে) ২, ডাঙৰ কন্যা দেখি দৰাই মিছিকীয়াই হাহিছে ।

*কেঁচা তামোল পনীয়া, আইদেউ নহয় ধুনীয়া, কি চাই বোপা তুমি আইদেউক পছন্দ কৰিলা

*বোপা ভাবি চাইছানে ২,  লগোৱা নহ’লে ভাত খাবলৈ পাবানে,

Page-2

*লাই হালে জালে, ৰভাৰ খুটা হালিছে ২,

আবেলি বতাহে ৰভাৰ খুটা হালিছে ২,

লফা হালে-জালে পাতে হে, ৰভাৰ খুটা হালিছে ২,  

দৰাৰে ককায়েকে হাত দাঙি নাছিছে ।

*অলপ পানীতে ফটু তোলা কেমেৰা ২,

অলপ হেলেছি, ফটু তোলা কেমেৰা ২,

অলপ মেলিছে পাহিহে

ফটু তোলা কেমেৰা, চাহাবৰে বঙলা

কইনাৰ দাদায়েকৰ ভীম যেন ছেহেৰা ।

*লাই হালে জালে, আমি খেলো লুডু ২,  

আবেলি বতাহে, আমি খেলো লুডু ২,

লফা হালে-জালে পাতে হে,

আমি খেলো লুডু ২, দৰা ঘৰৰ নামতি দালত পৰা হুদু ।

*অলপ পানীতে অ’ বাৰ’ মছলা ২,

অলপ হেলেছি অ’ বাৰ’ মছলা,

অলপ মেলিছে পাহীহে,

অ’ বাৰ’ মছলা ২,

কন্যা ঘৰৰ মানুহবোৰ, অতি ধুদৰ পছলা ।

 

*অতি বাৰে মচলা, অ’ বাৰে মচলা কন্যা ঘৰৰ মানুহবোৰ অতি ধুদৰ পছলা ২

*দুদিনৰ আগতে, অ’ বাৰে মচলা

খবৰ পঠাইছিলো, অ’ বাৰে মচলা

জুয়াই যে আহিব, বুলি বাৰে মচলা

 

তেতিয়াহে শাহুয়ে,

আটা গুৰি সানে,

জুয়াই কলৰ তলত দেখি

কন্যা ঘৰৰ