ভাৰতীয় সংস্কৃতি, হেম বরুৱা
নোট- দুলুমনি বৰা, সম্পাদন- পদ্মেশ্বৰ
পাঠৰ অনুশীলনীঃ
ভাব বিষয়কঃ
১। ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
উত্তৰঃ ক্রমবৰ্দ্ধমান শক্তি হৈছে ভাৰতীয়
সংস্কৃতিৰ প্রাণ । এই কাৰণেই ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি ।
২। ‘ফ্রম ভল্গা টু গংগা’ কাৰ ৰচনা?
উত্তৰঃ ‘ফ্রম ভল্গা টু গংগা’ পণ্ডিত ৰাহুল
সংস্কৃতায়ন ৰচনা ।
৩। সর্বপল্লী ৰাধাকৃষ্ণনে ‘কালিয়াদমনখন’ৰ কি
আখ্যা দিছে ?
উত্তৰঃ সর্বপল্লী ৰাধাকৃষ্ণনে ‘কালিয়াদমনখন’ক
আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীক ধর্মী নৃত্যু ।
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ ‘বিস্তাৰ যুগ’
বুলিব পাৰি ?
উত্তৰঃ প্রকৃতপক্ষে বৌদ্ধ ধর্মৰ প্রচাৰ যুগকহে
ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি । কোনো কোনো পণ্ডিতৰ মতে আনকি খ্রীষ্ট্রীয় ‘ছাৰমান
অন্ ডি মাউন্ট’ৰ গুৰিতো বৌদ্ধ সাহিত্যৰ প্রভাৱ বিয়পি আছে ।
৫। শিৱ আরু শক্তিপূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছে?
উত্তৰঃ শিৱ আরু শক্তিমূল বিচাৰি প্রত্নতাত্ত্বিক
পণ্ডিতসকলে মহেঞ্জোদাৰো সভ্যতাৰ কাষ চাপিছিল আরু ইয়াতেই তেওঁলোকে মূল আৱিষ্কাৰো কৰিছিল
। ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ । সেই সভ্যতাৰ মোহৰত ই আজিও
অঙ্কিত হৈ আছে । মহেঞ্জোদাৰো আরু হৰপ্পাৰ সংস্কৃতি আৰ্যপূৰ্ব যুগৰ আরু ইয়াৰ ওপৰত
ভিত্তি কৰিয়েই পৰৱৰ্তী কালৰ সংস্কৃতি গঢ় লৈ উঠিছে ।
৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰঃ গঠনৰ সৰলতা আরু সূক্ষ্মতা হৈছে ইছলামীয়
ভাস্কৰ্যৰ মূল সম্পদ । ৰেখাৰ লগত ৰেখাৰ সমন্বয় – ইয়াতকৈ আরু আৱশ্যকীয় আরু একো
নাথাকে । জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল । ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক
কারুকাৰ্য প্রদান কৰিছে আরু হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে
।
৭। অজন্তা ছবিবোৰত প্রকাশ পোৱা ভাববস্তু দুই কি
কি? (২০১৭)
উত্তৰঃ অজন্তা ছবিবোৰত দুটা ভাববস্তু প্রকাশ
পাইছে । এটা হৈছে- সন্নাসী জীৱন আরু আনটো হৈছে সমূহীয়া জীৱন । দুয়োবিধ ছবি একেলগে
অঙ্কিত হৈছে ।
দ্বিতীয়
পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্র । এইবোৰত ফুটি উঠিছে শক্তি,
ব্যক্তি, প্রেম, প্রেম আরু যৌৱন । প্রথম শাৰীত আছে দয়া, ধ্যান আরু যৌনতা । ভাববস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি একে ধৰণৰ নহয় । দুয়োবিধতে দুখন সুকীয়া জগত প্রতিফলিত হৈছে ।
৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি
কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে ?
উত্তৰঃ নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু
হ’ব লাগে বুলি গান্ধীজীয়ে মত প্রকাশ কৰিছিল । লগে লগে অতীজৰ মিলিত সৎ আরু সত্য
বুলি সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃত হৈছে । লগতে, বর্তমানৰ সংস্কৃতিৰ ভেটি
বান্ধিবলৈ চেষ্টা কৰাটো উচিত হ’ব । ইয়াকে কাৰ্যত পৰিণত কৰিবলৈ হ’লে ভাস্কৰ্য কলাৰ
দৰেই নতুন সংস্কৃতিহে সমূহীয়া জীৱনৰ সম্পদ হ’ব লাগিব – সেই বিষয়ে অকনো সন্দেহ নাই
। ই হ’ব সমন্বয়ৰ বস্তু, জনসাধাৰণৰ বাছকবনীয়া সম্পত্তি, স্থান আরু কালজয়ী শিক্ষা
প্রচেষ্টা জীউলাও ।
৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী
বোলা হৈছে?
উত্তৰঃ সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্রশিল্পই
বেছি স্থায়ী । কীট্ছে ‘গেছিয়ান আৰ্ন’ ("Ode on a Grecian
Urn", May 1819) কবিতাত ইয়াৰেই জয় গাণ গাইছে ।
১০। হেম বরুৱাৰ সাহিত্যচৰ্চা সম্পর্কে
পঁচিশটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া ।
উত্তৰঃ ১৯১৫ খ্রীষ্টাব্দত তেজপুৰত জন্ম গ্রহণ কৰি
হেম বরুৱাই গুৱাহাটীৰ কটন কলেজৰ পৰা বি.এ আরু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী
সাহিত্যত এম.এ. পাছ কৰি প্রথমে যোৰহাটৰ জগন্নাথ বরুৱা মহাবিদ্যালয়ত শিক্ষকতা কৰে
আরু পিছত বি বরুৱা মহাবিদ্যালয়ত যোগদান কৰি অধ্যক্ষ পদ অলংকৃত কৰে । পিছত তেওঁ ৰাজনীতিত যোগদান কৰি লোকসভাৰ সদস্যরূপে কাৰ্যনিৰ্বাহ কৰে ।
হেমবরুৱা
আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া । তেওঁ কবি, সাংবাদিক, সমালোচক, ভ্রমণ কাহিনী ৰচক,
অনুবাদক, ঔপন্যাসিক আরু ৰাজনৈতিক । তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহৰ ভিতৰত
‘কালীয়দমন’, ‘মনময়ূৰী’ আদি; কবিতা পুথি, ‘সাগৰ দেখিছা’, ‘ৰঙা কৰবীৰ ফুল’, ‘ইজৰাইল’,
‘মেকং নৈ দেখিলো’, আদি; ভ্রমণ কাহিনীৰ বিশেষ উল্লেখযোগ্য কেইবাখনো ইংৰাজী গ্রন্থ
হেম বরুৱাদেৱে অসমীয়ালৈ অনুবাদ কৰিছিল । সেইসমূহৰ ভিতৰত, ‘The Red River and the Blue Hill’, ‘August
Revolution in Assam’, ‘Assamese Literature’ আদি বিশেষভাৱে
উল্লেখযোগ্য ।
১১। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’ ।
- এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ । ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা ।
উত্তৰঃ ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আরু গভীৰ । নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, তেনেদৰে ভাৰতীয় সংস্কৃতিকো
বিভিন্ন জাতি-উপজাতিৰ ভাষা-সংস্কৃতিয়ে বিশালতা দান কৰিছে ।
আৰ্য,
অনাৰ্য্য, মংগোলীয়, দ্রাবিড়, গ্রীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ এটা সময়ত ভাৰতলৈ
প্রবজন ঘটিছিল । ইয়াৰ উপৰি আফগান, পাঠান, মোগল, ব্রিটিছ আদি বিদেশী জাতিৰ সংস্কৃতিৰ
প্রভাৱত ভাৰতীয় সংস্কৃতিয়ে এক বিশাল রূপ লাভ কৰিছে । ইয়াৰ মূল কাৰণ হ’ল ভাৰতৰ পাহাৰ-পর্বত,
নদীসমূহ, মরুভূমি, মৌচুমী বায়ু আদি বৈচিত্রময় প্রভাৱ ।
বিভিন্ন
দেৱ-দেৱীৰ পূজা সম্পর্কে যি প্রচলিত নিয়ম আছে, তাৰে বেছি ভাগেই দ্রাবিড়সকলৰ প্রভাৱ
বুলি ক’ব পাৰি । তেনেদৰে মৃতকক সৎকাৰ কৰা, লিংগ পূজা আদিত অনাৰ্য্য যুগৰ অৱদান ।
তদুপৰি, কামাখ্যা দেৱীও আগতে অনাৰ্য্য দেৱী আছিল । চুফীবাদ আরু উপনিষদৰ মাজত যি
মিল দেখা যায়, তাৰ মূলতে হ’ল- ইছলাম আরু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্রভাৱ । পণ্ডিত
ৰাহুল সংস্কৃতায়নৰ ‘ফ্রম ভল্গা টু গংগা’ নামৰ গ্রন্থত এই সম্পর্কে বিশেষ তথ্য পোৱা
যায় । হিন্দুস্থানী সংগীতত যি উচ্চাংগ দেখা যায় তাত ইছলামীয় সংস্কৃতিৰ প্রভাৱ পৰা
দেখা যায় । ভাৰতীয় ভাস্কৰ্য্য কলাৰ কারু কাৰ্য্যত ইণ্ডো-ছাৰাছেনিক ৰীতি মন কৰিবলগীয়া
। তাজমহল, ফটেহপুৰ ছিক্রি আদিৰ শিল্প কলাত ইয়াৰ উদাহৰণ পোৱা যায় । উল্লেখযোগ্য যে-
ছাহজাহানৰ সমাধিৰ পদুম ফুল আরু কলহৰ চিত্র আদিয়ে সমন্বয়ৰ কথাকে সোঁৱৰাই দিয়ে ।
তেনেদৰে
অজন্তা, ইলোৰাৰ ছবিবোৰে বৌদ্ধ সংস্কৃতিৰ কিছু নিদর্শন দাঙি ধৰে । ভাৰতীয় বৈষ্ণৱ ভক্তিবাদৰ আড়ম্বৰহীনতা সুদূৰ পাৰস্যৰ পৰা অহা ইছলাম ধৰ্মাৱলম্বী
আউলীয়া সকলৰ ভক্তিধর্মৰ প্রভাৱ পৰা বুলি ক’ব পাৰি ।
ওপৰৰ
আলোচনাৰ পৰা দেখা গ’ল যে ভাৰতীয় সংস্কৃতি হ’ল এক সংমিশ্রিত সংস্কৃতি ।
১২। সভ্যতা আরু সংস্কৃতি শব্দ দুটাৰ মাজত কি
পার্থক্য আছে যুক্তিযুক্তভাৱে বিচাৰ কৰা ।
উত্তৰঃ
সংস্কৃতি আরু সভ্যতা একে নহয় । সভ্যতাৰ বুকুৰ
আচোৰ পাৰি সংস্কৃতি আৰোহন কৰে । বিখ্যাত পাশ্চাত্য পণ্ডিত ই.বি. টেইলৰে
সংস্কৃতি সম্বন্ধে দিয়া- “Culture – is
that complex whole which includes knowledge, belief, art, morals, low, customs
and any other capabilities and habits acquired by man as a member of society” –
এই সংজ্ঞাটোৰ পৰা সভ্যতা আরু সংস্কৃতিৰ পার্থক্যটো স্পষ্ট
হৈ পৰে । বিশেষকৈঃ-
(ক) সভ্যতাৰ জন্ম আরু বিকাশ মানুহৰ দৃষ্টি গোচৰ
নহয় । কাৰণ সভ্যতাৰ বিকাশ অতি লেহেম গতিত হয় । কিন্তু সংস্কৃতি সভ্যতাতকৈ কিছু
দ্রুত গতিত পৰিৱৰ্তিত রূপত দেখা দিয়ে ।
(খ) সংস্কৃতি শব্দটো আহিছে ইংৰাজীৰ ‘Culture’ অর্থাৎ ‘কৰ্ষনৰ পৰা’ । কিন্তু সভ্যতা
শব্দটোৰ উৎপত্তি হৈছে ‘Civilisation’ অর্থাৎ লেটিন শব্দ ‘Civis’ ৰ পৰা । ইয়াৰ লেটিন অর্থ নাগৰিক ।
গতিকে, সংস্কৃতিৰ লগত জড়িত হৈ থাকে কোনো জাতিৰ আচাৰ-ব্যৱহাৰ, কর্ম পদ্ধতি,
সাজ-পোছাক, ৰীতি-নীতি, ভাষা সাহিত্য আদি ।
আনহাতে,
সভ্যতাৰ লগত জড়িত হৈ আছে নগৰীয়া জীৱনধাৰা । অর্থাৎ সভ্যতাই বহন কৰে বস্তুগত
প্রাচুৰ্য্য, দক্ষতা, সুখ-সন্তোষ, সম্পদৰ ব্যৱহাৰ, বৌদ্ধিক চিন্তা-চৰ্চা, আচাৰ-ব্যৱহাৰৰ
সচেতন, শালীনতা আদি ।
(গ) সভ্যতাৰ লগত প্রযুক্তিবিদ্যা যিমান
ঘনিষ্ঠভাৱে জড়িত, সংস্কৃতিৰ লগত সিমান নহয় । কিন্তু সভ্যতা আরু মহেঞ্জোদাৰোৰ
সভ্যতাৰ নগৰ নিৰ্মাণৰ কারু-কাৰ্য্যবোৰে প্রযুক্তিবিদ্যাৰ নিদৰ্শন দাঙি ধৰে ।
আনহাতে,
সংস্কৃতিয়ে ইয়াৰ সংস্কাৰহে সাধন কৰিব পাৰে ।
(ঘ) সভ্যতাই কোনো জাতি বা গোষ্ঠীৰ উত্থান পতনৰ
সৈতে জড়িত হৈ থাকে । কিন্তু সংস্কৃতি সেই জাতি বা সমাজৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত
হৈ থাকে । যেনে- অসমীয়া সংস্কৃতি, উৰিয়া সংস্কৃতি, ইউৰোপীয় সংস্কৃতি আদি সেই জাতিৰ
শিল্পকলা, আচাৰ ব্যৱহাৰ, খাদ্য, সাজ-পোছাক আদিয়ে সংমিশ্রিত সংস্কৃতিৰ কথাকে বুজায়
।
(ঙ) সভ্যতাৰ সংমিশ্রণ নঘটে । কিন্তু সংস্কৃতিৰ
সংমিশ্রন ঘটে । যেনেঃ সিন্ধু সভ্যতা বুলি কওঁতে আমি অকল সিন্ধু নদীক কেন্দ্র কৰি
গঢ়ি উঠা সভ্যতাকহে বুজোঁ ।
কিন্তু
ভাৰতীয় সংস্কৃতি বুলি কওঁতে আৰ্য, অনাৰ্য্য, মোগল আদিৰ সংমিশ্রিত সংস্কৃতিৰ কথাকে
বুজা যায় ।
সভ্যতা
আরু সংস্কৃতিৰ পার্থক্য থাকিলেও এটাক বাদ দি আনটো ব্যাখ্যা কৰাৰ সম্ভৱ নহয় । এই
সন্দৰ্ভত নৃতত্ত্ববিদ ক্লদ অভিষ্ট্রচৰ এটি
উক্তি উল্লেখ কৰিব পারোঁ- “What makes
one is better made than the Second. They are equally well made, but still is
quite different from store” অর্থাৎ সভ্যতাৰ বিকাশৰ
মূলতে সংস্কৃতিৰ পৰিৱৰ্তন ।
১৩। উত্তৰ ভাৰত, দক্ষিণাত্য আরু ইছলামীয়
ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা ।
উত্তৰঃ
ভাৰতীয় সংস্কৃতি যে প্রভাৱশালী সমন্বয়ৰ সম্পদ
সেই কথা যুগ যুগ ধৰি ক্রমবৰ্দ্ধমান রূপত হোৱা আদান-প্রদান আরু বিনিময়ৰ পৰাই
উপলব্ধি কৰিব পাৰি । সেইবাবেই আমি ভাৰতীয় ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প আরু সাহিত্য সকলোতেই সমন্বয়ৰ নিদর্শন
দেখিবলৈ পাওঁ ।
উত্তৰ
ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্রভাৱ পোনপটীয়াভাৱে পৰা নাছিল ।
গতিকেই ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায় । ই ভাৰতীয় সংস্কৃতিৰ
বৈচিত্রকে ৰঙীন কৰি তুলিছে । দাক্ষিণাত্যৰ ভাস্কর্য্যত কোন আরু সৰলৰেখাৰ
প্রাদুৰ্ভাৱ সৰহ । গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য । প্রত্যেক ভঙ্গিমাই
সুকীয়া । ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই । উদাহৰণস্বরূপে- কাঞ্জিভৰামৰ মন্দিৰলৈ
আঙুলিয়াব পাৰি । এই মন্দিৰটোত অন্ততঃ এহেজাৰটা স্তম্ভ আছে । ইয়াৰে এটা
আৰ্হি আনটোৰ লগত নিমিলে । এইবোৰৰ সাজসজ্জাৰ জাকজমকতাই আরু প্রতিকৃতিৰ বিশালতেই
সাধাৰণতে অন্তৰ অভিভূত কৰে ।
আনহাতে,
উত্তৰ ভাৰতৰ ভাস্কর্য্য দাক্ষিণাত্যৰ ভাস্কর্য্যৰ লগত নিমিলে । উত্তৰ ভাৰতীয় ভাস্কর্য্যত
বৃত্ত আরু বক্রৰেখাৰ প্রাদুৰ্ভাৱ সৰহ । ই আচলতে সংহতিৰ ভাস্কর্য্য । ইয়াৰ শোভা সমন্বয়
আরু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্রকাশ পাইছে । দাক্ষিণাত্যৰ দৰে কারুকার্যৰ বিশালতাৰ
সহায়ত নহয় ।
গঠনৰ
সৰলতা আরু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কর্য্যৰ মূল সম্পদ । ৰেখাৰ লগত ৰেখাৰ সমন্বয়
ইয়াতকৈ অনাৱশ্যকীয় আরু একো নাথাকে । জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল । আচলতে উত্তৰ
ভাৰতীয় ভাস্কর্য্য সমন্বয় বস্তু । ইয়াক কোনো প্রকাৰেই সম্পূর্ণরূপে ইছলামীয় বুলিব
নোৱাৰি । এইবোৰৰ জৰিয়তে প্রচলিত হিন্দু আরু বাহিৰৰ ইছলামীয় আদর্শ সন্নিবিষ্ট হৈ নতুবা এক ভাৰতীয়
পদ্ধতিৰ সৃষ্টি হৈছে । হিন্দু ভাস্কর্য্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে ।
ইছলামীয় ভাস্কর্য্যই হিন্দু ভাস্কর্য্যক আরু কাৰ্য প্রদান কৰিছে । এইদৰেই এক নতুন
ধাৰাৰ উৎপত্তি হৈছে । এই সমন্বয়ৰ আদর্শ য’তেই সফল হৈছে, তাতেই আমি তাজমহলৰ নিচিনা
অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ । য’তেই হোৱা নাই, তাতেই সমন্বয়ৰ আদর্শ অসার্থক হৈছে
।
১৪। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত
পেলায় বুলিছে?
উত্তৰঃ ভাৰতীয় উচ্চাঙ্গ সংগীত দাক্ষিণাত্যৰ ভাস্কর্য্য
কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আরু বিচত্র । উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ
চকুত পেলায় । গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে আমি এক উৰনীয়া ভাবৰ সংযোগ দেখিবলৈ পাওঁ ।
ইয়াকেই দূৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্রভাৱ বুলিব পাৰি ।
১৫। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ লিখা ।
উত্তৰঃ অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা
সঞ্জীৱিত হৈ আছে । ইয়াৰ জৰিয়তে ভালেমান জাতি প্রজাতিৰ সমন্বয় উজ্জ্বল হৈ আছে ।
অজন্তাৰ ছবিবোৰত দুটা ভাব-বস্তু প্রকাশ পাইছে । এটা হৈছে- সন্যাস জীৱন আরু আনটো
হৈছে- সমূহীয়া জীৱন । দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে ।
দ্বিতীয়
পৰ্যায়ৰ ছবিবোৰ হৈছে- জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্র । এইবোৰত ফুটি উঠিছে শান্তি,
গতি, প্রেম আরু যৌৱন । প্রথম শাৰীত আছে দয়া, ধ্যান আরু যৌনতা । ভাববস্তুৰ পিনৰ পৰা
দুয়োবিধ ছবি একে ধৰণৰ নহয় । দুয়োবিধতে সুকীয়া সুকীয়া জগত প্রতিফলিত হৈছে । তথাপি
পৃথক যদিও এই জগত দুখন পৃথকভাৱে অঙ্কিত হোৱা নাই । জীৱনৰ অসামঞ্জস্যক একেলগে গ্রহণ
কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে । প্রাক্-মুছলিম যুগৰ জীৱন প্রাচুৰ্যৰ
কথাও অজন্তাৰ চিত্রসমূহত আছে । পুরুষ, মহিলা, শিশু, বিবিধ ভঙ্গিমাত সকলোবোৰ একে
ঠাইতে অঙ্কিত হৈছে । জীৱনৰ প্রাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে । এই জীৱনৰ
প্রাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্বাউল হৈছে । ছবিবোৰৰ ভাববস্তুৰ
অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই । শিল্পীৰ শিল্পজাত আরু
বাস্তৱ জীৱনৰ মাজত এক সুন্দ্র সমন্বয় সাধিত হৈছে । ইয়েই অজন্তাৰ চিত্রশিল্পৰ গৌৰৱ
।
১৬। মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্রৱেশ কৰা
চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা ।
উত্তৰঃ মোগল সম্রাট বাবৰৰ আমোলত চিত্রশিল্পৰ
নতুন ধাৰা পোন প্রথমে ভাৰতত প্রবেশ কৰে । এই চিত্রশিল্পৰ মূলতে আছিল প্রচুৰ
ব্যক্তিবোধ । এনেতৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল
। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ । ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আরু ছেংগীৰ
খাঁৰ ৰাজ দৰবাৰত, গতিকেও যুগৰ প্রকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আরু কঠোৰহ’বলৈ
বাধ্য হৈছিল । ইয়াত ভাব প্রৱণতা নাই । আছে বিপুল উৎসাহ উদ্দীপনা আরু প্রেৰণা ।
এইখিনিতে উদাহৰণস্বরূপে আমি উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পারোঁ ।
বিদ্যাপতিৰ ‘লাখ লাখ যুগ হিয়ঁ হিয়ঁ ৰাখুন’ ইত্যাদিৰ তুলনাত এনে কাৰ্য সাহিত্যৰ
ভাৱ-প্রৱনতাৰ পৰিমাণ তাকৰ ।
ব্যক্তিবাদে
সাময়িকভাৱে হ’লেও চিত্রশিল্পৰ ইংগিত বা সংকেতৰ স্থান নোহোৱা কৰিলে । এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয় । বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী
চিত্রকলাৰ লগত প্রচলিত চিত্র ধাৰাৰ মিলন ঘটিছিল । এই দুয়োটাৰ সংমিশ্রনত এটা নতুন
পদ্ধতিৰ উদ্ভৱ হৈছিল । এই ফালৰ পৰা চাবলৈ গ’লে ইনুভূতিৰ প্রসাৰ মোগল আরু ৰাজপুট
আৰ্টৰ প্রধান লক্ষণ । এবিধ মূলতে আনন্দাস্ফুত,
ৰস-চঞ্চল আরু আনবিধ ধীৰ, মন্থৰ প্রাণ । এইবোৰৰ স্থবিৰতাৰ
মাজতো হওঁতে লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ আছে ।
১৭। ভাৰতীয় সংস্কৃতি ইছলামৰ অৰিহণাৰ এটি টোকা
যুগুত কৰা ।
উত্তৰঃ ভাৰতীয় সংস্কৃতি পাঠটোৰ প্রথম বাক্যতে
কোৱা হৈছে- “ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি” অর্থাৎ ভাৰতীয় সংস্কৃতি
হ’ল এক বিশাল সংমিশ্রিত সংস্কৃতি । আৰ্য, অনাৰ্য্য আদিৰ উপৰিও ইয়াক ইছলামিক
সংস্কৃতিৰ প্রভাৱো মন কৰিবলগীয়া । বিশেষকৈঃ
(ক) ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দর্শনৰ লগত
ইছলামৰ চুফীবাদৰ যথেষ্ট মিল আছে । এক ঈশ্বৰবাদ, অদ্বৈতবাদ, মানৱ প্রেম, উদাৰতা,
সংযম আদি কথাবোৰেই হৈছে ভক্তিবাদ আরু চুফীবাদৰ মূল কথা ।
(খ) ভাস্কর্য্য কলাৰ ক্ষেত্রতো ভাৰতীয় সংস্কৃতিত
ইছলামিক প্রভাৱ যথেষ্ট পৰিমাণে পৰিছে । উত্তৰ ভাৰতৰ মঠ-মন্দিৰত যি বক্র আরু বৃত্ত ৰেখা
অঙ্কিত কৰা হৈছে ইয়াৰ মূলতে হৈছে ইছলামীয় প্রভাৱ । আচলতে, গোটেই উত্তৰ-পূব ভাৰতৰ
ভাস্কর্য্য শৈলী এক সমন্বয়ৰ বস্তু । ইছলামীয় ভাস্কর্য্য কলাই হিন্দু ভাস্কর্য্য
কলাক এক অতুলনীয় কারু-কাৰ্য প্রদান কৰিছে । তাজমহল, ফটেহপুৰ চিক্রি, ইছমৎদৌলাৰ
অসম্পূর্ণ ভাস্কর্য্য ইয়াৰ সুন্দৰ নিদর্শন । উত্তৰ ভাৰতীয় অঞ্চলসমূহৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্য্যৰ
ভালেমান প্রভাৱ পৰা দেখা যায় । ঠিক তেনেদৰে ইছলামীয় ভাস্কর্য্য শৈলীত যি জটিলতা
আছিলে সেয়া হিন্দু সংস্কৃতিৰ প্রভাৱত পৰি কিছু সৰল হোৱা দেখা যায় । বাদছাহৰ
সমাধিবোৰত হিন্দু শিল্পকলাৰ প্রভাৱৰ মূলতে আছিল সংস্কৃতিৰ ক্ষেত্রত
দুয়োটা সম্প্রদায়ৰ মাজত থকা মলনৰ মনোভাৱ । ছাহজাহানৰ সমাধিৰ পদুম ফুলৰ চিত্র
হিন্দু ভাস্কর্য্য সংস্কৃতিৰ এক উল্লেখযোগ্য প্রভাৱ ।
(গ) ভাৰতীয় চিত্র কলাতো ইছলামিক চিত্র শৈলীৰ
প্রভাৱ উল্লেখযোগ্য । প্রাক্ মুছলিম যুগৰ জীৱনৰ প্রাচুৰ্য্যতাৰ কথাও অজন্তাৰ
চিত্রসমূহত পৰিলক্ষিত হয় । পুরুষ-মহিলা, শিশু আদিক সকলোকে বিবিধ ভংগীমাত অঙ্কিত কৰা
পাৰস্য শিল্পকলাৰ প্রভাৱ বুলিব পাৰি । মোগল সম্রাট বাবৰৰ দিনতে চিত্র শিল্পৰ নতুন
ৰীতি ভাৰতত প্রৱেশ কৰে । এই নতুন ৰীতিৰ এটা বৈশিষ্ট্য হ’ল- ব্যক্তিবাদ । চেংগীজ
খাঁ, টাইমূৰ খাঁৰ ৰাজদৰবাৰত যি চিত্র অংকিত কৰা হৈছে তাত ব্যক্তিৰ জীৱনী প্রকাশ
সুন্দৰকৈ ফুটি উঠিছে । অজন্তাৰ চিত্রশিল্পত এই নতুন ৰীতি আরু ভাৰতীয় চিত্রৰ সৰলতাৰ
মাজৰ সংযোগ স্থাপন হোৱা দেখা যায় । এইটোৱেই হ’ল- ইণ্ডোছাৰাচেনিক
ৰীতি ।
(ঘ) আধ্যাত্মিক জীৱনতো ভাৰতীয় হিন্দুসকলৰ ওপৰত
ইছলামীয় প্রভাৱ দেখা যায় ।
ভাৰতীয় দর্শনত অতীন্দ্রিয়বাদৰ যি আত্মীয়তা দেখা যায় তাৰ মাজতো ইছলামিক প্রভাৱ পৰা
বুলি ক’ব পাৰি । ইছলামীয় সংঘাতে ভাৰতীয় আধ্যাত্মিকতা কঁপাই তুলিছিল ।
হিন্দু-মুছলুমৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যৰ (নিৰাশা)
ভাব সৃষ্টি কৰে । ই হিন্দুৰ মনত উদাসীনতাৰ সৃষ্টি কৰে । ফলত, বাস্তৱ জগতৰ কথা পাহৰি হিন্দুৰ মনে আত্মাৰ জগতলৈ গমন কৰিছিল ।
(ঙ) ভাৰতীয় সাহিত্যতো ইছলামীয় সাহিত্যৰ ভাবধাৰাই
একীভূত হৈছিল । ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দাৱলী প্রবেশ কৰিছিল ।
ওপৰৰ
আলোচনাৰ পৰা দেখা যায় যে- ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পর্ক এৰাব নোৱাৰা
বিধৰ ।
১৮। প্রাক্-মুছলিম যুগ আরু মুছলিম যুগৰ ভাৰতীয়
ভাস্কর্য্য আরু শিল্পকলাৰ বিষয়ে এটি টোকা প্রস্তুত কৰা ।
উত্তৰঃ ভাৰতবৰ্ষলৈ মুছলমানসকল বা ইছলামসকলৰ আগমনৰ
পূর্বৰ সময়ছোৱাক প্রাক্ মুছলিম যুগ বুলি কোৱা হয় । ভাৰতৰ দক্ষিণ ভাৰপ্তপ্র
অঞ্চলসমূহত ব্যাপকভাৱে প্রাক্ মুছলিম যুগৰ ভাস্কর্য্য আরু শিল্পকলাৰ নিদর্শন
হিচাপে অজন্তাৰ শিল্প কলাক দেখুৱাব পাৰি । অজন্তাৰ গুহাত অনন্তকালৰ বাবে
শিল্পকলা জীৱিত হৈ আছে । ইয়াৰ জৰিয়তে ভালেমান গতি-প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে ।
অজন্তাৰ ছবিবোৰত দুই ধৰণৰ ভাব-বস্তুৰ প্রকাশ ফুটি উঠা দেখা যায় । এটা হৈছে-সন্যাস
জীৱন আরু আনতো হৈছে- সমূহীয়া জীৱন । দুয়োবিধ ছবি একত্রিতভাৱে অংকন কৰা হৈছে ।
কিন্তু এই জগত দুখন পৃথকভাৱে অংকন কৰা হোৱা নাই ।
এই ছবিবোৰত জীৱনৰ অসামঞ্জস্যতাক একেলগে গ্রহণ কৰিব পৰা শক্তিৰ সম্ভেদ পোৱা
যায় । অজন্তাৰ চিত্রসমূহত প্রাক্-মুছলিম যুগৰ জীৱনৰ প্রাচুৰ্য্যতাৰ কথাও উল্লেখ
আছে । পুরুষ, মহিলা, শিশুসকলক বিভিন্ন ভংগিমাত একে ঠাইতে অংকিত কৰা হৈছে । জীৱনৰ
প্রাচুৰ্য্যই যেন শিল্পীক মতলীয়া কৰিছে, এনে ভাব চিত্রসমূহৰ পৰা
প্রকাশ হৈছে । ছবিবোৰৰ ভাৱ-ভংগিৰ অসামঞ্জস্যতাৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা
যেন কোনো ক্ষেত্রতে ম্লান হোৱা নাই । অজন্তাৰ এনে চিত্র শিল্পকলাৰ জৰিয়তে শিল্পজগত
আরু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰা সম্ভৱ হৈছে । গঠনৰ সৰলতা আরু সুৰক্ষা
হৈছে ইছলামীয় ভাস্কর্য্যৰ মূল সম্পদ । ৰেখাৰ লগত ৰেখাৰ সমন্বয় সাধন সেই
ভাস্কর্য্যৰ মুখ্য বৈশিষ্ট্য আছিল । জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল । দৰাচলতে,
উত্তৰ ভাৰতৰ ভাস্কর্য্য এক সমন্বয়ৰ বস্তু । হিন্দু ভাস্কর্য্যই ইছলামীয় পদ্ধতিৰ
জইলতাৰ হ্রাস কৰিছে আকৌ ইছলামীয় ভাস্কর্য্যই হিন্দু ভাস্কর্য্যক আরু কাৰ্য্য
প্রদান কৰিছে । এইদৰেই, এক নতুন ঠাৰাৰ উৎপত্তি হৈছে । এই সমন্বয়ৰ আদর্শ য’তেই সফল
হৈছে, তাতেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ ।
মোগল
সম্রাট বাবৰৰ ৰাজত্বকালত চিত্রশিল্পৰ নতুন্ত ধাৰা পোন প্রথমে ভাৰতত প্রৱেশ কৰে । এনে ধৰণৰ শিল্প কলাৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ আরু ইয়াত জন জীৱন বা সমষ্টি জীৱনৰ
কোনো সংবাদ নাছিল । এই চিত্র শিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন ইয়াত ভাব
প্রকাশ প্রৱণতাৰ কোনো স্থান নাই, আছে মাথো বিপুল উৎসাহ-উদ্দীপনা আরু প্রেৰণা ।
উদাহৰণস্বরূপে- উৰ্দুৰ ৰোমান্টিক কাব্য – সাহিত্যৰ কথা ক’ব পারোঁ ।
দক্ষিণাত্যৰ
ভাস্কর্য্যসমূহৰ ওপৰত উত্তৰ ভাৰতৰ দৰে বহিৰাগতৰ প্রভাৱ পোনপটীয়াকৈ পৰা নাছিল ।
গতিকে, দাক্ষিণাত্যৰ ভাস্কর্য্যই শিল্পকলাৰ এক ৰঙীন ছবি দাঙি ধৰে । ই ভাৰতীয় সংস্কৃতিক বৈচিত্র্যময় কৰি তুলিছে । দাক্ষিণাত্যৰ ভাস্কর্য্যত কোণ আরু সৰল ৰেখাৰ
প্রভাৱ অধিক । গঠনৰ বিশালতা ইয়াৰ আন এক বৈশিষ্ট্য । ইয়াৰ প্রতিটো ভাব-ভংগীৰ এক
সুকীয়া রূপ আছে । ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তি নহয় । উদাহৰণস্বরূপে কাঞ্জিভৰামৰ মন্দিৰলৈ
আঙুলিয়াব পাৰি । এই মন্দিৰত কমেও এহেজাৰটা স্তম্ভ আছে । ইয়াৰ এটাও স্তম্ভ আনটোৰ লগত নিমিলে । এইবোৰৰ সাজ-সজ্জাৰ জাক-জমকতাই আরু প্রতিকৃতিৰ
বিশালতাই অন্তৰ অভিভূত কৰে ।
১৯। ব্যাখ্যা করাঃ
(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয়
জীৱনৰ মূল সম্পদ ।
উত্তৰঃ প্রশ্নোদ্ধৃত কথাষাৰ আমাৰ পাঠ্যপুথিৰ
‘সাহিত্য সুবাস’ৰ সন্নিবিষ্ট হেম বরুৱাদেৱৰ দ্বাৰা ৰচিত ‘ভাৰতীয় সংস্কৃতি’ নামৰ
প্রবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে ।
ভাৰতীয়
সংস্কৃতিৰ মূল সম্পদসমহৰ বিহশয়ে আলোচনা কৰিবলৈ গৈ লেখকে এই কথাষাৰ উল্লেখ কৰিছে ।
ভাৰতীয়
সংস্কৃতি এক বিশাল সংমিশ্রিত সংস্কৃতি । ভাৰতৰ ভৌগোলিক গঠন সকলো ঠাইতে একে নহয় । সেয়ে
ইয়াৰ সংস্কৃতিও ভিন ভিন । মূল নদী এখনৰ সোঁতক যিদৰে উপনৈসমূহে পৰিপুষ্টি দান কৰে,
তেনেদৰে মূল ভাৰতীয় সংস্কৃতিৰ ধাৰাকো বিভিন্ন বহিৰাগতৰ প্রবজন ঘটি আছে । উদাহৰণস্বরূপে
ক’ব পাৰি যে এঘাৰশ শতিকাৰ আগেয়ে এছিয়া, ইউৰোপ, আফগানিস্তান, ব্রহ্মদেশ, কম্বোদিয়া,
ইণ্ডোনেছিয়া আদি ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছিল । এওঁলোকৰ সাংস্কৃতিক বিনিময়ৰ
যোগেদি ভাৰতীয় আৰ্য আরু অনাৰ্য্য সংস্কৃতিৰ সংমিশ্রণত ভাৰতীয় সংস্কৃতিয়ে বিশালতা
লাভ কৰে । ইয়াৰ অবিচ্ছিন্ন ধাৰা ভাৰতীয় জীৱনৰ মূল সম্পদ । আৰ্যসকলৰ প্রচেষ্টাত একালত ভাৰতীয়
সংস্কৃতি সমগ্র দক্ষিণ-পূৰ্ব এছিয়ালৈকে স্পৰ্শ কৰিছিল । ভাৰতৰ শুকান মরুভূমি,
মৌচুমী বায়ুৰ প্রভাৱ তথা হিমালয়ৰ বৈচিত্র্যময় প্রাকৃতিক শোভাই ভাৰতীয় জীৱনৰ
সংস্কৃতিৰ এই অবিচ্ছিন্ন প্রবাহক যুগে যুগে আহ্বান জনাই আছে ।
(খ) “ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন,
ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী ।”
উত্তৰঃ
উদ্ধিত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ
অন্তর্গত হেম বরুৱা দেৱৰ দ্বাৰা ৰচিত ‘ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটিৰ পৰা তুলি অনা
হৈছে ।
বিভিন্ন
উত্থান-পতন সত্ত্বেও ভাৰতীয় সংস্কৃতি নিৰবিচ্ছিন্নভাৱে বৈ থকা প্রসংগত লেখকে উক্ত
কথাষাৰ উল্লেখ কৰিছে ।
ভাৰত
হ’ল সিন্ধুৰ দেশ । ইয়াৰ সারুৱা ভূমিলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি-গোষ্ঠীৰ লোক
চামে চামে আহি ইয়াত বসবাস কৰিছিল । যেনে- আফগান, পাঠান, মোগল, ইংৰাজ আদি । ইয়াৰে কিছুমান জনগোষ্ঠী ৰাজনৈতিক কাৰণত আক্রমণকাৰী হিচাপে আহি ভাৰতভূমিত ৰাজত্ব কৰিছিল
। আকৌ, কিছুমানে ব্যৱসায়-সংক্রান্তত আহি কালক্রমত ভাৰতীয় জনজীৱনৰ লগত এক হৈ পৰিছিল
। ভাৰত বুৰঞ্জী আৰ্য, অনাৰ্য্য, মংগোলীয়, দ্রাবিড়,শক, হুন, গ্রীক আদি মানৱ গোষ্ঠীৰ
আক্রমণ, ইটোৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্রহণ আদি ঘটনাৰে সমৃদ্ধ । মাৰাঠা,
চালুৰ্ক্য, ৰাষ্ট্রকূট, চৌহান আদি সরু সরু ৰাজনৈতিক শক্তিয়ে ভাৰতৰ বিভিন্ন ক্ষুদ্র
ক্ষুদ্র ৰাজ্যসমূহত গা কৰি উঠিছিল । ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয়-পৰাজয়,
ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়া আদি বিভিন্ন কাহিনী ৰচিত হৈছে । এওঁলোকে ভাৰত বুৰঞ্জীৰ
ইতিহাস ভঙা-পতা কৰিছিল যদিও ভাৰতীয় বৈচিত্রপূর্ণ সংস্কৃতিৰ মূল সুঁতিটো স্থবিৰ হৈ
যোৱা নাছিল । ইয়ে হ’ল ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য ।
(গ) “সকলো আৰ্টৰ বিপৰীতে দুটা বিপৰীত পন্থাই কাম
কৰা দেখা যায় ।”
উত্তৰঃ
উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ
সন্নিবিষ্ট হেম বরুৱা দেৱৰ দ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি
অনা হৈছে ।
শিল্প
সাধনাৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে । ইয়াৰ প্রকাশ কিদৰে ঘটে তাকেই ক’বলৈ
কথাষাৰ উল্লেখ কৰা হৈছে ।
সংস্কৃতিয়ে
মানুহৰ জৈৱিক প্রয়োজনৰ পৰা আৰম্ভ কৰি নান্দনিক আরু আধ্যাত্মিক তাড়নাৰ লগত জড়িত
সৃষ্টি কর্মকেই সামৰি লয় । শিল্প-কর্মৰ যিকোনো সৃষ্টিয়ে দুটা দিশৰ উন্মোচন কৰে । এটা আভ্যন্তৰীণ আরু আনটো বাহ্যিক । আভ্যন্তৰীণ দিশটোৱে মানুহৰ আন্তৰৰ অনুভূতিক ভগাই তোলে
। বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে । ইয়াৰ আভ্যন্তৰীণ উদ্দেশ্যটোৱে প্রকাশ কৰিব বিচাৰে সংযম আরু আড়ম্বৰহীনতাৰ আরু
বাহ্যিক উদ্দেশ্যটোৱে কারুকাৰ্য্য আরু জাকজমকতাৰ সৃষ্টি কৰে । প্রথম উদ্দেশ্যটোৱে সূক্ষ্মমননশীল দৰ্শনৰ বিকাশ ঘটায় । দ্বিতীয়টোৱে এটা বিৰাট পটভূমিৰ অৱতাৰণা কৰি বৰ্হিজাগতিক বিস্তৃতি লাভ কৰে । প্রথমটোৰ এই শক্তি নাই ।
(ঘ) সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ
জীৱন প্রতিভা ।
উত্তৰঃ প্রশ্নোক্ত
কথাষাৰ আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ সন্নিবিষ্ট হেম বরুৱাদেৱৰ দ্বাৰা ৰচিত ‘ভাৰতীয়
সংস্কৃতি’ নামৰ পাঠটিৰ পৰা উদ্ধিত কৰা হৈছে ।
একোটা
জাতিৰ সংস্কৃতিৰ মাজত প্রতিফলিত হয়, সেই জাতিৰ জীৱন-প্রক্রিয়া, ইয়াৰ বিকাশ আরু
প্রতিফলন কেনেদৰে হ’ব পাৰে, তাকেই কথাষাৰৰ জৰিয়তে ক’বলৈ লোৱা হৈছে ।
সভ্যতাৰ
বুকুত আচোৰ মাৰি সংস্কৃতিয়ে আৰোহণ কৰে । সংস্কৃতিয়ে বহন কৰে একোটা জাতিৰ আচাৰ-ব্যৱহাৰ,
চলন-ফুৰন, সাজ-পোছাক, আহাৰ-বাসস্থান, ভাষা-সাহিত্য আদি উপাদানসমূহ । সংস্কৃতি হ’ল
জাতিৰ দাপোন স্বরূপ । সংস্কৃতিয়ে এটা জাতিৰ সকলো উপাদানৰ প্রতিফলন ঘটায় । কোনো
জাতি বা সমাজৰ বিষয়ে জানিবলৈ হ’লে তাৰ সংস্কৃতিৰ বিষয়ে জানিব লাগিব । উদাহৰণস্বরূপে-
আৰ্য জাতিৰ বিষয়ে জানিবলৈ হ’লে আমি বৈদিক সংস্কৃতিৰ বিষয়ে জানিব লাগিব । সেয়ে,
কোৱা হয় সংস্কৃতিয়ে কোনো জাতি বা সমাজ এখনৰ জাতীয় জীৱনৰ প্রতিফলন ঘটায় ।
(ঙ) “সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি
বিশেষভাৱে চহকী” ।
উত্তৰঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি ‘সাহিত্য
সুবাস’ৰ অন্তর্গত হেম বরুৱা দেৱৰ দ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা
তুলি অনা হৈছে ।
ভাৰতীয়
সংস্কৃতি যে সকলো সংস্কৃতি মিলি চহকী হৈছে তাকে কবিয়ে ইয়াৰ দ্বাৰা ক’ব বিচাৰিছে ।
সাধাৰণতে
পুৰণি সাহিত্য সমূহ ভক্তিমূলক আছিল । ই আধ্যাত্মিক চিন্তাধাৰাৰ পিনৰ পৰা সমৃদ্ধিশালী
। ইও সমাজৰ বিশেষ এটা স্তৰৰ কথা কয় । পাঠান আরু মোগল সাম্রাজ্যৰ অধীনত বংগদেশীয়
কাব্য-সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল । সেইদৰে মহাৰাষ্ট্রৰ ভক্তি মূলক
কাব্য-সাহিত্যৰ সৌৰভ বিশ্বজনীয় । কবিৰ আরু সেই সময়ৰ বৈষ্ণৱ সাহিত্যিকসকলৰ দৃষ্টিৰ
সমকক্ষ সাহিত্য আজিও বিৰল । তুলসী দাসৰ ‘ৰামায়ণ’, শংকৰদেৱৰ ‘কীৰ্তন’, মাধৱদেৱৰ
‘নামঘোষা’ ইত্যাদি জাতিৰ আপুরুগীয়া সম্পদ । ব্রিটিছৰ আমোলত ভাৰতীয় সাহিত্যৰ
বৈচিত্র বাঢ়িছিল । নতুন প্রকাশঙ্গী, সামাজিক শক্তিকেন্দ্রীক সাহিত্য ইত্যাদিৰ
আৰ্ৱিভাৱ হৈছিল । সাহিত্য বিশ্বাত্মিকাৰ পৰশত পূৰঠ আরু সৌষ্ঠৱপূর্ণ হৈছিল । মাটিৰ
পৰা উঘাল খাই নপৰাকৈ বিশ্বৰ ৰ’দৰ ৰেঙনি গ্রহণ কৰিব পৰাটোৱেই হৈছে ভাৰতীয় সাহিত্য
জীৱনৰ বৈশিষ্ট্য ।
এইবোৰ
বাবেই ভাৰতবর্ষ সংস্কৃতি সকলো সংস্কৃতিতকৈ চহকী বুলি লেখকে উল্লেখ কৰিছে ।
(চ) “ভাৰতী সংস্কৃতিৰ সমৃদ্ধ কৰা কলাসমূহৰ
বিশেষত্বসমূহ বর্ণনা কৰা ।”
উত্তৰঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি ‘সাহিত্য
সুবাস’ৰ সন্নিবিষ্ট হেম বরুৱা দেৱৰ ‘ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটিৰ পৰা তুলি অনা
হৈছে ।
কলাসমূহৰ
কারু কাৰ্য্যই কিদৰে কোনো এটা জাতিৰ চানেকী বহন কৰে, এই কথাকে ক’বলৈ বিচৰা হৈছে ।
চিত্র
শিল্প হ’ল বিশ্বজনীন কলা । তথাপি, ইয়াৰ শৈলীয়ে কোনো এটা জাতিৰ পৰিচয় দিব পাৰে । প্রত্যেক জাতিৰে শিল্প কলাৰ নিজস্ব কিছুমান বৈশিষ্ট্য থাকে । এই বৈশিষ্ট্য কলাই চীনদেশৰ পৰিচয়
দিয়ে । তেনেদৰে, পাৰ্চীয়ান চিত্রকলাৰ মননশীলতাই তেওঁলোকৰ জাতিৰ পৰিচয় দাঙি ধৰে । আকৌ, অজন্তাৰ চিত্র শিল্পবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ মাৰ্গ দৰ্শনৰ কথাবোৰ
সোঁৱৰাই দিয়ে । তাজমহল, ছাহজাহানৰ সমাধি আদিৰ চিত্র কলাই মোগল যুগৰ ইণ্ডো ছাৰাছেনিক
ৰীতিৰ নিদৰ্শন দাঙি ধৰে । তেনেদৰে অসমীয়া সত্রসমূহৰ চিত্র-কলাই আমাক মধ্যযুগীয়া অসমীয়া
সমাজখনৰ স্বাক্ষৰ বহন কৰে । মুঠতে একোখন সমাজ, একোটা জাতি, একোটা যুগৰ
এই কলাসমূহে মানৱ জীৱনৰ ক্রিয়া কলাপকে প্রকাশ কৰে ।
ভাব বিষয়কঃ
২০। সন্ধি ভাঙাঃ
সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্রান্ত, সন্মত
উত্তৰঃ সংস্কৃতি = সম + কৃতি ।
সমন্বয় = সম + অন্বয় ।
সম্বন্ধ = সম + বন্ধ ।
ভাৰাক্রান্ত = ভাৰ + আক্রান্ত ।
সন্মত = সম + মত ।
২১। বিশেষণৰ পৰা বিশেষ্যলৈ নিয়াঃ
বৈচিত্র, বিস্তৃতি, ভৌগোলিক, নৈৰাশ, ভৌগোলিক ।
উত্তৰঃ বৈচিত্র – বিচিত্রতা ।
বিস্তৃতি – বিস্তৃত ।
বিপ্লৱিক – বিপ্লৱ ।
ভৌগোলিক – ভূগোল ।
নৈৰাশ – নিৰাশ ।
ভৌগোলিক – ভূগোল ।
R.G. Question Bank:
HSLC Question Paper:
A.অতি চমু প্রশ্নাৱলীঃ
(মূল্যাংকঃ ১ নম্বৰকৈ)
১। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ
কথা সোঁৱৰাই দিছে?
উত্তৰঃ অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ
যুগৰ কথা সোঁৱৰাই দিছে ।
২। “কোন গৰাকী মোগল সম্রাটৰ আমোলত চিত্র-শিল্পৰ
নতুন ধাৰা পোন প্রথমে ভাৰতত প্রবেশ কৰে?
উত্তৰঃ মোগল সম্রাট বাবৰৰ আমোলত চিত্র-শিল্পৰ
নতুন ধাৰা পোন প্রথমে ভাৰতত প্রবেশ কৰে ।
৩। ‘মধ্য এচিয়াকা ইতিহাস’ কোনে লিখিছিল ?
উত্তৰঃ ‘মধ্য এচিয়াকা ইতিহাস’খন পণ্ডিত ৰাহুল
সংস্কৃতায়নে লিখিছিল ।
B. চমু প্রশ্নাৱলীঃ
(মূল্যাংকন ২/৩/৪ নম্বৰকৈ)
১। সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই
কাম কৰা দেখা যায় ।
উত্তৰঃ সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম
কৰা দেখা যায় । সেয়া হৈছে-
(ক) এটাৰ উদ্দেশ্য কারু-কাৰ্য আরু জাক-জমকতাৰ
সৃষ্টি,
(খ) আনটো উদ্দেশ্য সংযম আরু আড়ম্বৰহীনতা ।
২। দাক্ষিণাত্যৰ ভাস্কর্য্যৰ বৈশিষ্ট্য কেনে ধৰণৰ,
চমুকৈ লিখা ।
উত্তৰঃ দাক্ষিণাত্যৰ ভাস্কর্য্যৰ ওপৰত বহিৰাগত
প্রভাৱ পোনপটীয়াকৈ পৰা নাছিল । গতিকেই ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা
যায় । ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্রকে ৰঙীণ কৰি তুলিছে । দাক্ষিণাত্যৰ ভাস্কর্য্যত
কোন আরু সৰল ৰেখাৰ প্রাদুৰ্ভাৱ সৰহ গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য ।
প্রত্যেকটো ভংগীমাই সুকীয়া । ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই । উদাহৰণস্বরূপে-
কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি । এই মন্দিৰটোত অন্ততঃ এহেজাৰটা
স্তম্ভ আছে । ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে । এইবোৰৰ সাজ-সজ্জাৰ
জাক-জমকতাই আরু প্রতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অতিভূত কৰে ।
C.ৰচনাধর্মী
প্রশ্নাৱলীঃ (মূল্যাংক ৫/৬/৭/৮ নম্বৰকৈ)
১। “স্থানীয় সংস্কৃতিৰ লগত বাহিৰাগত সংস্কৃতিৰ
যুগে যুগে মিলন ঘটি অহাৰ বাবে ভাৰতীয় সংস্কৃতিয়ে এক মহীয়ান রূপ লৈছে ।” – কথাষাৰ
তোমাৰ পাঠ্যপুথিৰ আধাৰত বুজাই লিখা ।
উত্তৰঃ উক্ত কথাষাৰৰ সত্যতা বিচাৰ কৰিবলৈ ‘ভাৰতীয়
সংস্কৃতি’ পাঠটিত কেইবাটাও প্রমাণ দেখিবলৈ পোৱা যায় । ভাৰতৰ স্থানীয় আরু বহিৰাগত
সংস্কৃতিৰ বিভিন্ন সময়ত মিলন ঘটাৰ কথা বুৰঞ্জীসমূহত উল্লেখ আছে । যুগে যুগে অভিযান
বা আক্রমণ আদি সূত্রে বিভিন্ন বাহিৰা সংস্কৃতিৰ জাতি-জনজাতিৰ লোক ভাৰতলৈ আহি ইয়াত
থাকিবলৈ লোৱাত এওঁলোকে ভাৰতীয় স্থানীয় লোকৰ সংস্কৃতিৰ লগত মিলি উমৈহতীয়া সংস্কৃতিৰ সৃষ্টি কৰিছে ।
ভাৰতীয়
সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি, আৰ্য, অনাৰ্য্য, মংগোলীয়, দ্রাবিড়ী আদি
বিভিন্ন গোষ্ঠীৰ সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে । অতীজতে গ্রীক,
হুন, শক আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতত বসবাস কৰিছিল । তেওঁলোকৰ ভাষাতত্ব,
সামাজিক, ৰাজনৈতিক আদর্শ, সাহিত্য, শিল্পকলা, দর্শন আদি ক্ষেত্রত দেখা দিয়া
সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বরূপ প্রকাশ কৰে । ভাৰতীয় সংস্কৃতি সমন্বয়ৰ
আদর্শৰে জীয়াই আছে ।
ক্রমবৰ্দ্ধমান
শক্তি ভাৰতীয় সংস্কৃতিৰ প্রাণ স্বরূপ । সেইবাবে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি । বুৰঞ্জীৰ
বিভিন্ন স্তৰে এই সংস্কৃতিৰ ওপৰত প্রভাৱ পেলাই থৈ গৈছে । সভ্যতাই বিশেষ এটা
সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় । ই এটা সমাজ পদ্ধতি যাৰ জৰিয়তে সাংস্কৃতিক জীৱন
সম্ভৱপৰ নহয় । সভ্য সমাজ অবিহনে সৃষ্টিমূলক কাম হাতত লোৱাটো ব্যক্তিৰ সাপেক্ষে
সম্ভৱপৰ নহয় । আনহাতে, সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা ।
ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্রত প্রকাশ পোৱা প্রতিভাই হৈছে
জাতি বিশেষক সংস্কৃতিৰ মাপকাঠী । সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আরু
রূপ দিয়াত সহায় কৰে ।
সংস্কৃতিৰ
অবিচ্ছিন্ন ধাৰাই হোইছে ভাৰতীয় জীৱনৰ মূল সম্পদ । ভাৰতীয় ভৌগোলিক জীৱনো বৈচিত্রময়
। প্রাকৃতিক দৃশ্যাৱলীৰে পার্থক্য, জলবায়ুৰ পার্থক্যই ভাৰতী জীৱনৰ গতিধাৰাৰ
বৈচিত্রতা আনি দিছে । ভাৰতীয় সংস্কৃতি একালত সমগ্র দক্ষিণ-পূব অঞ্চলতে বিয়পি পৰিছিল
। ভাৰতীয় সংস্কৃতিৰ প্রবল সোঁতে মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ-পূব এছিয়ালৈকে
স্পর্শ কৰিছিল ।
ভাৰত
বুৰঞ্জী ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী হ’লেও ভাৰতীয় সংস্কৃতিৰ মূল
সূঁতি ক্রমবর্ধমান সোঁতেৰে বৈ আছিল । এয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ আরু ঐতিহ্যৰ
বৈশিষ্ট্য । ভাৰতৰ মহেঞ্জোদাৰো আরু হৰপ্পা সংস্কৃতিয়ে এটা আৰ্য-পূৰ্ব যুগৰ কথা কয়
। ভাৰতীয় সংস্কৃতিৰ মর্মস্থলী সু-সংগঠিত আরু টনকিয়াল বিধৰ আছিল । ভাৰতৰ অতি পুৰণি
অধিবাসী ৰাজপুতসকলে ভাৰতীয় সংস্কৃতিলৈ এক বিশেষ অৱদান আগবঢ়াইছিল । ৰাজপুত চিত্র
শিল্পই ইয়াৰ উপযুক্ত প্রমাণ ।
আৰ্যৰ
বেদিত দেৱী পূজাৰ কোনো উল্লেখ নাই । আনহাতে, অনাৰ্য্য সমাজত দেৱী পূজাৰ উল্লেখ
পোৱা যায় । আৰ্যত জীয়ৰী পাৰ্বতী আরু অনাৰ্য্য দেৱতা শিৱৰ মিলনে ভাৰতত আৰ্য আরু
অনাৰ্য্য সংস্কৃতিৰ সমন্বয়ৰ কথা সূচায় । সাংস্কৃতিক ক্ষেত্রত অনাৰ্য্যৰ
কৃষ্টি-সমলে আৰ্যসকলৰ ভঁড়াল চহকী কৰা কথাটো বুৰঞ্জীসন্মত সত্য কথা । প্রকৃতপক্ষে
বৌদ্ধ ধর্মৰ প্রচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ বুলিব পাৰি । চুফীবাদ আরু
উপনিষদৰ দর্শনৰ মাজত এক অভূতপূর্ব সাদৃশ্য দেখা যায় । এইবোৰৰ পৰা
আমি ভাস্কর্য্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এই সকলোতে ভাৰতীয় জীৱনৰ প্রাণ স্বরূপ
সমন্বয়ৰ ইংগিত পাওঁ । উত্তৰ ভাৰতীয় ভাস্কর্য্য সমন্বয়ৰ বস্তু । ইয়াক কোনো প্রকাৰে
সম্পূর্ণরূপে ইছলামীয় আদর্শ বুলিব নোৱাৰি । হিন্দু ভাস্কর্য্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে
। আকৌ, ইছলামীয় ভাস্কর্য্যই হিন্দু ভাস্কর্য্যক কারু-কাৰ্য্য প্রদান কৰিছে ।
আনহাতে, হিন্দু ভাস্কৰ্য্যৰ কলা নিদর্শন কেতবোৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰো
উদাহৰণ আছে । সাংস্কৃতিক ক্ষেত্রত দুয়োটা সম্প্রদায়ৰ মন উদাৰ আছিল । এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্রত এক নতুন
নিদর্শনৰ জন্ম দিছিল ।
গতিকে,
ওপৰৰ আলোচনাৰ পৰা আমি ঠাৱৰ কৰিব পারোঁ যে ভাৰতত বিভিন্ন সময়ত বহিৰাগত মানৱগোষ্ঠী
(জাতি-জনজাতি)ৰ প্রভাৱ আরু সমন্বয়ে ইয়াৰ সংস্কৃতিক চহকী কৰি তুলিছিল ।
২। “ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্রময়” – কথাষাৰ
মুকলিকৈ বুজাই লিখা ।
উত্তৰঃ ‘ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্র্যময়’ ।
প্রাকৃতিক দৃশ্যাৱলীৰ পার্থক্য, জলবায়ুৰ পার্থক্যই ভাৰতীয় জীৱনৰ গতিধাৰাৰ
বৈচিত্রতা আনি দিছে, ইয়ে ভাৰতীয় জীৱন ।
ভাৰতৰ
এফালে শুকান মরুভূমি, আনহাতে মৌচুমিৰ তাণ্ডৱ নৃত্য । এফালে পর্বতমালাৰ উচ্চ শিখৰ,
আনফালে যোজন ব্যপ্ত সমতল ভূমি । ভাৰতীয় মতে, প্রাকৃতিক অসামঞ্জস্যক স্বীকাৰ কৰি
লৈছে । এনে ধৰণৰ মনস্তাত্ত্বিক প্রস্তুতিয়ে জীৱনৰ অসামঞ্জস্যকো স্বীকাৰ কৰি ল’বলৈ
বাধ্য কৰিছে । ভাৰতীয় বিশাল ভূমিখনণ্ডই একালত বাহিৰৰ ন ন মানৱপুঞ্জক আহ্বান
জনাইছিল । এচিয়াৰ চৌদিশৰ পৰা অহা মানৱপুঞ্জৰ সোঁতে দেশ প্লাৱিত কৰিছিল ।
প্রত্যেকেই
ব্যক্তিগত প্রতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল । পণ্ডিত ৰাহুল
সংস্কৃতায়নৰ ‘ফ্রম ভল্গা টু গংগা’ নামৰ কিতাপত ভাৰতীয় সংস্কৃতি সম্বন্ধে বহুল
বর্ণনা কৰিছে । প্রাকৃতিক ব্যৱধানৰ কাৰণেও হওঁক বা আন কিবা কাৰণেই হওঁক যিসকল
আৰ্যই প্রবজন কৰি আহি ভাৰত ভূমিত নিগাজীকৈ থাকিবলৈ ল’লে, সেইসকলৰ আদিম বাসভূমি মধ্য
এচিয়াৰ লগত স্বাভাৱিকভাৱে সম্বন্ধ টুটি আহিবলৈ ধৰিলে । আনকি, ভাৰতবর্ষ আরু
আফগানিস্তানক একগোট কৰি থোৱাৰ চেষ্টাত ফলৱৰ্তী নহ’ল । একালত, এই দুই অঞ্চলৰ মাজত
যে সংযোগ আছিল, সেইষাৰ কথাৰ সাক্ষী স্বরূপে আজিও কান্দাহাৰ চহৰ আছে । কান্দাহাৰ ভাৰতীয়
নাম । গ্রীকসকলে পঞ্জাৱ আরু আফগানিস্তান একগোট কৰি থ’বলৈ চেষ্টা কৰিছিল । তেওঁলোকৰ
এই চেষ্টা ব্যর্থ হৈছিল । সেইদৰে মৌৰ্যসকলৰ বিস্তাৰ যুগত ভাৰত আরু কান্দাহাৰ এক
গোট কৰি থোৱাৰ প্রচেষ্টা চলিছিল । এই প্রচেষ্টাও গ্রীকসকলৰ চেষ্টা ব্যর্থ হোৱাৰ দৰে
ব্যর্থ হৈছিল । ভাৰতীয় সংস্কৃতি একালত সমগ্র দক্ষিণ-পূব অঞ্চলতে বিয়পি পৰিছিল ।
ইয়াৰ প্রমাণ ব্রহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেচিয়া আদি ঠায়ে ঠায়ে আজিও যোগায় । এই
অঞ্চলসমূহত বাৰশ বছৰ জুৰি জীয়াই থকা হিন্দু ৰাষ্ট্রবোৰেও ইয়াৰ প্রমাণ দিয়ে । প্রবল
সোঁতে মধ্য এচিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ-পূব এছিয়ালৈকে স্পর্শ কৰিছিল । এই অতিযান জলপথ আরু স্থলপথ দুয়ো দিশৰ পৰাই
সাধিত হৈছিল ।
ওপৰত উল্লেখ কৰা কথাবোৰ কাৰণেই
ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্রময় বুলি কোৱা হয় ।
অতিৰিক্ত প্রয়োজনীয় প্রশ্নাৱলীঃ
A.
অতি চমু প্রশ্নাৱলী
(মূল্যাংকন – ১ নম্বৰকৈ)
১। ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
উত্তৰঃ ক্রমবৰ্দ্ধমান শক্তিয়েই হৈছে ভাৰতীয়
সংস্কৃতিৰ প্রাণ ।
২। ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
উত্তৰঃ ভাৰতীয় জীৱনৰ মূল সম্পদ হ’ল সংস্কৃতিৰ
অবিচ্ছিন্ন ধাৰা ।
৩। আৰ্যসকলৰ আদিম বাসভূমি ক’ত আছিল ?
উত্তৰঃ আৰ্যসকলৰ আদিম বাসভূমি হ’ল মধ্য এছিয়াত ।
৪। এসময়ত আফগানিস্তান যে ভাৰতবর্ষ লগত সংলগ্ন
আছিল তাৰ প্রমাণ কিহৰ পৰা পোৱা যায় ?
উত্তৰঃ এসময়ত আফগানিস্তান যে ভাৰতবর্ষৰ লগত
সংলগ্ন আছিল তাৰ প্রমাণ হিচাপে কান্দাহাৰ চহৰক পোৱা যায় ।
৫। কান্দাহাৰ আরু ভাৰতক এক কৰাৰ চেষ্টা কোনে
চলাইছিল?
উত্তৰঃ কান্দাহাৰ আরু ভাৰতক এক কৰাৰ চেষ্টা
মৌৰ্যসকলে চলাইছিল ।
৬। আৰ্যসকলৰ নতুন সংস্কৃতিৰ ভেটি কি?
উত্তৰঃ আৰ্যসকলৰ নতুন সংস্কৃতিৰ ভেটি হ’ল
মহেঞ্জোদাৰৰ সংস্কৃতি ।
৭। কালিয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজন কোন?
উত্তৰঃ কালিয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজন হৈছে-
সর্বপল্লী ৰাধাকৃষ্ণন ।
৮। হিন্দুৰ শ্রাদ্ধবিধি কোন গোষ্ঠীৰ অৱদান?
উত্তৰঃ হিন্দুৰ শ্রাদ্ধবিধি অনাৰ্য গোষ্ঠীৰ
অৱদান ।
৯। শিৱ আৰ্য নে অনাৰ্য দেৱতা?
উত্তৰঃ শিৱ অনাৰ্য দেৱতা ।
১০। কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল?
উত্তৰঃ কামাখ্যা দেৱী আগতে অনাৰ্য গোষ্ঠীৰ দেৱী
আছিল ।
১১। মহেঞ্জোদাৰো আরু হৰপ্পাৰ সংস্কৃতিয়ে কোন
যুগত নিদর্শন দাঙি ধৰে?
উত্তৰঃ মহেঞ্জোদাৰো আরু হৰপ্পাৰ সংস্কৃতিয়ে
আৰ্য-পূৰ্ব যুগৰ নিদর্শন দাঙি ধৰে ।
১২। মোগল ৰাজত্ব ভাৰতৰ কোন অঞ্চলত
কাব্য-সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল ?
উত্তৰঃ মোগল ৰাজত্বত ভাৰতৰ উৰ্দুৰ অঞ্চলত ৰোমান্টিক
কাব্য-সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল ।
১৩। ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগক লেখকে
কোনছোৱা সময় বুলি কৈছে?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগক লেখকে
বৌদ্ধ ধর্মকালীন প্রচাৰ যুগবৈক বুলি
কৈছে ।
১৪। কালি বা দুর্গাক কোন অনার্য দেৱীৰ রূপান্তৰ
হিচাপে আৰ্যসকলে গ্রহণ কৰিছে?
উত্তৰঃ কালি বা দুর্গাক, কামাখ্যা অনার্য দেৱীৰ
রূপান্তৰ হিচাপে আৰ্যসকলে গ্রহণ কৰিছে ।
১৫। উত্তৰ ভাৰতৰ ভাস্কর্যত কি ৰেখাৰ প্রাদুৰ্ভাব
সৰহ?
উত্তৰঃ উত্তৰ ভাৰতৰ ভাস্কর্যত বৃত্ত আরু বক্র ৰেখাৰ
প্রাদুৰ্ভাব সৰহ ।
১৬। নামঘোষা কোনে ৰচনা কৰিছিল ?
উত্তৰঃ নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল ।
১৭। কীৰ্তন পুথিখনৰ কবিজনাৰ নাম কি?
উত্তৰঃ কীৰ্তন পুথিখনৰ কবিজনাৰ নাম হ’ল-
মহাপুরুষ শ্রী শ্রী শংকৰদেৱ ।
১৮। কামাখ্যা মন্দিৰত ব্রাহ্মণ পুৰোহিতৰ আগতে
কোন পূজাৰী আছিল?
উত্তৰঃ কামাখ্যা মন্দিৰত ব্রাহ্মণ পুৰোহিতৰ আগতে
গাৰো সমাজৰ মানুহৰ পূজাৰী আছিল ।
১৯। ধ্যানৰত শিৱৰ কল্পনা কোন সংস্কৃতিৰ অৱদান ?
উত্তৰঃ ধ্যানৰত শিৱৰ কল্পনা মহেঞ্জোদাৰ সংস্কৃতিৰ
অৱদান ।
২০। গ্রীকসকলৰ সৈতে যুঁজত পৰাজিত হোৱা জাতিটোৰ
নাম কি আছিল?
উত্তৰঃ গ্রীকসকলৰ সৈতে যুঁজত পৰাজিত হোৱা জাতিটোৰ
নাম আছিল- মাইকেনিয়ান ।
২১। চুফীবাদৰ মূল কি?
উত্তৰঃ চুফীবাদৰ মূল হৈছে কোৰাণ শাস্ত্র ।
২২। দাক্ষিণাত্যৰ কোনটো মন্দিৰত কমেও এহেজাৰটা
স্তম্ভ আছে ?
উত্তৰঃ দাক্ষিণাত্যৰ কাঞ্জিভৰাম মন্দিৰত কমেও
এহেজাৰটা স্তম্ভ আছে ।
২৩। উত্তৰ ভাৰতৰ মন্দিৰত কোন ভাস্কর্যৰ প্রভাৱ পৰিছে?
উত্তৰঃ উত্তৰ ভাৰতৰ মন্দিৰত ইছলামীয় ভাস্কর্যৰ
প্রভাৱ পৰিছে ।
২৪। ‘লাখ লাখ যুগ হিয়ঁ হিয়ঁ ৰাখুন” –কবিতাফাঁকিৰ
ৰচক কোন?
উত্তৰঃ ‘লাখ লাখ যুগ হিয়ঁ হিয়ঁ ৰাখুন” –কবিতাফাঁকিৰ
ৰচক হৈছে বিদ্যাপতি ।
২৫। পুৰণি ভাৰতীয় সাহিত্য কিহেৰে সমৃদ্ধশালী?
উত্তৰঃ পুৰণি ভাৰতীয় সাহিত্য আধ্যাত্মিক
চিন্তাধাৰাৰ পিনৰ পৰা সমৃদ্ধশালী ।
২৬। নতুন যুগৰ ভাৰতীয় সংস্কৃতিক কোনে সমন্বয়ৰ
বস্তু হ’ব লাগে বুলি কৈছে?
উত্তৰঃ নতুন যুগৰ ভাৰতীয় সংস্কৃতিক জাতিৰ পিতা
মহাত্মা গান্ধীয়ে সমন্বয়ৰ বস্তু হ’ব লাগে বুলি কৈছে ।
২৭। ব্যক্তিৰ মুক্তি বাণীয়ে কোন ধর্মৰ প্রচাৰ
দ্রুত কৰি তুলিছিল ?
উত্তৰঃ ব্যক্তিৰ মুক্তি বাণীয়ে ইছলাম ধর্মৰ
প্রচাৰ দ্রুত কৰি তুলিছিল ।
২৮।হিন্দু আরু মুছলমানৰ সমন্বয়ৰ অপূর্ব সৃষতি
বুলি কোন ভাস্কর্যক ক’ব পাৰি?
উত্তৰঃ হিন্দু আরু মুছলমানৰ সমন্বয়ৰ অপূর্ব
সৃষ্টি বুলি ‘তাজমহল ভাস্কর্য’ক ক’ব পাৰি ।
২৯। অজন্তাৰ চিত্র কলাই কোন যুগৰ কথা সোঁৱৰায় ?
উত্তৰঃ অজন্তাৰ চিত্র কলাই প্রাক্ মুছলিম যুগৰ
কথা সোঁৱৰায় ।
৩০। হিন্দুসকলৰ মনত পোনতে কি কাৰণত বিপ্লৱৰ
সৃষ্টি হৈছিল ?
উত্তৰঃ মুছলিম আরু হিন্দুৰ প্রথম সংঘর্ষই
হিন্দুসকলৰ মনত পোনতে বিপ্লৱৰ সৃষ্টি হৈছিল ।
৩১। লিংগ পূজাৰ প্রচলন হিন্দু ধর্মত কোন গোষ্ঠীৰ
পৰা সোমায় ?
উত্তৰঃ লিংগ পূজাৰ প্রচলন হিন্দু ধর্মত অনার্য
গোষ্ঠীৰ পৰা সোমায় ।
৩২। তুলসীদাসে ৰচনা কৰা পুথিখনৰ নাম কি?
উত্তৰঃ তুলসীদাসে ৰচনা কৰা পুথিখনৰ নাম হৈছে- ‘ৰামায়ণ’
।
৩৩। ভাৰতবর্ষৰ কোন অঞ্চলৰ ভাস্কর্যত বহিৰাগতৰ
পোনপটীয়া প্রভাৱ পৰা নাছিল ?
উত্তৰঃ ভাৰতবর্ষৰ দাক্ষিণাত্যৰ অঞ্চলৰ ভাস্কর্যত
বহিৰাগতৰ পোনপটীয়া প্রভাৱ পৰা নাছিল ।
৩৪। ইছলামীয় ভাস্কর্যৰ মূল সম্পদ কি?
উত্তৰঃ গঠনৰ ফালৰ পৰা সূক্ষ্মতা হৈছে ইছলামীয়
ভাস্কর্যৰ মূল সম্পদ । ৰেখাৰ লগত ৰেখাৰ সমন্বয়- ইয়াতকৈ অনাৱশ্যকীয় আরু একো নাথাকে
। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল ।
৩৫। মোগল আরু ৰাজপুত আৰ্টৰ প্রধান লক্ষণ কি?
উত্তৰঃ মোগল আরু ৰাজপুত আৰ্টৰ প্রধান লক্ষণ
হৈছে- অনুভূতিৰ প্রসাৰ ।
৩৬। নতুন সংস্কৃতি কেনে জীৱনৰ সম্পদ হ’ব লাগে
বুলি ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ লেখকে মত প্রকাশ কৰিছে ?
উত্তৰঃ নতুন সংস্কৃতি সমূহীয়া জীৱনৰ সম্পদ হ’ব
লাগে বুলি ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ লেখকে মত প্রকাশ কৰিছে ।
B.
চমু প্রশ্নাৱলীঃ মূল্যাংকন
২/৩/৪ নম্বৰকৈ
১। আৰ্যসকল কিদৰে ক্রমে ক্রমে নিভাঁজ ভাৰতীয়ৰ পৰিণত
হ’ল ?
উত্তৰঃ আৰ্য সকলৰ আদিম ৰাম-ভূমি মধ্য এছিয়াত
আছিল । তেওঁলোকৰ কোনো পূজা-অৰ্চনাৰ কথা নাছিল । তেওঁলোকে দ্রাবিড় আরু অনাৰ্য সকলৰ
পৰা কৃষ্টি সংস্কৃতি গ্রহণ কৰি তেওঁলোকৰ ভঁৰাল চহকী কৰিছিল । তেওঁলোকৰ পৰাই
আৰ্যসকলে ভাৰতীয় সংস্কৃতিৰ লগত মিলি গৈ ক্রমে ক্রমে নিভাঁজ ভাৰতীয়ত পৰিণত হ’ল ।
২। ভাৰতীয় সংস্কৃতি প্রাচীন কালত কোন কোন
অঞ্চললৈ বিয়পি আছিল ? ভাৰতীয় সংস্কৃতি যে বিস্তৃত আছিল তাৰ প্রমাণ কিবা আছেনে?
উত্তৰঃ ভাৰতীয় সংস্কৃতি প্রাচীন কালত দক্ষিণ-পূব
অঞ্চলতে বিয়পি পৰিছিল । ইয়াৰ প্রমাণ ব্রহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেচিয়া আদি ঠায়ে
ঠায়ে আজিও যোগায় । এই অঞ্চলসমূহত বাৰশ বছৰ জুৰি জীয়াই থকা হিন্দু ৰাষ্ট্রবোৰেও ইয়াৰ
প্রমাণ দিয়ে । প্রৱল সোঁতে মধ্য এচিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ-পূৰ্ব এছিয়ালৈকে
স্পৰ্শ কৰিছিল । এই অভিযান জলপথ আরু স্থল পথ দুয়ো দিশৰপৰাই সাধিত হৈছিল ।
৩। অজন্তাৰ চিত্রসমূহৰ বৈশিষ্ট্য কি?
উত্তৰঃ অজন্তাৰ চিত্রসমূহৰ বৈশিষ্ট্য হ’ল-
(ক) অজন্তাৰ চিত্রশিল্পত দুটা ভাব-বস্তু প্রকাশ
পাইছে । সেয়া হৈছে- সন্যাস জীৱন আরু সমূহীয়া জীৱন ।
(খ) অজন্তাৰ চিত্রসমূহত পুরুষ, মহিলা, শিশু আদি
সকলোবোৰকে বিবিধ ভংগীমাত একে ঠাইতে অংকিত কৰা হৈছে ।
(গ) অজন্তাৰ চিত্রসমূহত দেখা যায় যে- শিল্পীৰ
শিল্পজগত আরু বাস্তৱ জগতৰ মাজত সুন্দৰ সমন্বয় স্থাপিত হৈছে ।
৪। আৰ্যসকলে অনাৰ্যসকলৰ পৰা উপাসনাৰ কি কি
উপাদান আহৰণ কৰিছিল ?
উত্তৰঃ আৰ্যসকলে প্রথমে দেৱী পূজা কৰাৰ কোনো
উল্লেখ নাই । শক্তিৰ প্রতিকৃতিৰো উল্লেখ নাই । সেই অনুপাতে বিষ্ণু আরু শিৱৰ
উল্লেখো বৰ কমেইহে পোৱা যায় । বর্তমান হিন্দু ধর্মত প্রচলিত লিংগ পূজাও যে অনাৰ্য
যুগৰ বস্তু সেই কথা কোনো পণ্ডিতে কয় । হিন্দুৰ শ্রদ্ধাবিধিও অনার্য যুগৰ অৱদান ।
শিৱ পূজা, কাম্যাখ্যা পূজা, মৃতকৰ উপাসনা, মৰিশালীত খাদ্য দ্রব্যৰে আদি কৰি ব্যৱহাৰ
কৰা বস্তুসম্ভাৰ আদি অনার্যসকলৰ পৰাই আহৰণ কৰা উপাদান বুলি ক’ব পাৰি । কামাখ্যাক
আৰ্যসকলে কালি বা দুর্গালৈ রূপান্তৰ কৰি লৈছিল ।
৫। মোগল চিত্র শিল্পৰ বিশেষত্বসমূহ কি কি ?
উত্তৰঃ মোগল চিত্র শিল্পৰ বিশেষত্বসমূহ হ’ল এনেধৰণৰ-
মোগল চিত্র শিল্পসমূহ আছিল প্রচুৰ ব্যক্তিবোধ । এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন
বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল । ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ । ইয়াৰ
ভাব প্রৱনতা নাই, আছে বিপুল উৎসাহ উদ্দীপনা আরু প্রেৰণা । সেই গতিকে, যুগৰ প্রকৃতি
অনুসৰি এই আৰ্ট ব্যক্তিবাদী আরু কঠোৰ হবলৈ বাধ্য হৈছিল ।
মোগল
চিত্রশিল্পৰ অনুভূতিৰ প্রসাৰ আছিল প্রধান লক্ষণ । এবিধ মূলতে আনন্দাপ্লুত, ৰস
চঞ্চল । আনবিধ ধীৰ, মন্থৰ-প্রাণ, এইবোৰৰ স্থবিৰতাৰ মাজতো হওঁতে লুপ্ত আনন্দধাৰা
উজ্জ্বল হৈ আছে ।
৬। পোন প্রথমে হিন্দুৰ সৈতে মুছলমানৰ সংঘর্ষৰ
পাছত হিন্দুসকলৰ মনস্তত্বত কি প্রভাৱ পৰিছিল ?
উত্তৰঃ মুছলিম আরু হিন্দুৰ প্রথম সংঘর্ষই হিন্দুৰ
মনত পোনতে বিপ্লৱৰ সৃষ্টি কৰিছিল । অৱশেষত বিপ্লৱৰ পতনে তেওঁলোকৰ মনত নৈৰাশ্যৰ
জন্ম দিছিল । এই নৈৰাশ্যই ক্রমাৎ জীৱনৰ প্রতি উদাসীনতাৰ সৃষ্টি কৰিছিল । এই কাৰণেই
স্বাভাৱিকতেই হিন্দুৰ মনে বাস্তৱ জগতৰ কথা পাহৰি আত্মাৰ জগতলৈ গমন কৰিছিল । গতিকেই
এনে এক পটভূমিত আধ্যাত্মিকতাৰ সমাদৰ বাঢ়িছিল । ইয়াৰ পৰিণতি ইমান সংকীৰ্ণ স্তৰলৈ
অধোগামী হৈছিল যে আনকি হিন্দুৰ অভিযান, ৰাজ্যবিস্তাৰ, যুদ্ধ জয়, ইত্যাদি কাহিনীও
সাধু কথালৈ রূপান্তৰ হৈছিল ।
৭। “জীৱনৰ ওপৰত যাৰ আস্থা নাই বিপ্লৱৰ ওপৰতো তাৰ
আস্থা নাই”- কি প্রসঙ্গত উল্লেখিত কথাখিনি কোৱা হৈছে ?
উত্তৰঃ আধ্যাত্মিকতাবাদে প্রাক্-মুছলিম যুগৰ
হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্রভাৱ বিস্তাৰ কৰিছিল । পৰম পুরুষৰ ধ্যানে মানুহক
সামাজিক অসামঞ্জস্য কথাৰ পৰা আঁতৰাই ৰাখিছিল । পদদলিত সর্বসাধাৰণে অদৃষ্টৰ ওপৰত
আস্থা ৰাখি জীৱনৰ সকলো গ্লানি স্বীকাৰ কৰি লৈছিল । এনেদৰে মনে পঢ়া জনসাধাৰণৰ ওপৰত
পুৰোহিত আরু সামন্ত শ্রেণীৰ প্রভাৱ কম নাছিল । সমাজৰ অত্যাচাৰ উৎপীড়নৰ বিপক্ষে
জনসাধাৰণে কিয় মূৰ দাঙি উঠা নাছিল, ইয়াৰ উহঁ বিচাৰি সৰহ দূৰ যাব নালাগে । প্রত্যেক
জীৱ পৰম ব্রহ্মৰ সৃষ্টি । পৰম ব্রহ্ম অসীম, অনন্ত স্থান কাল সকলোৰে অতীত । জগতখন
মায়া মৰীচিকা । জীৱনটো মাথোন এটা মুহূৰ্তৰ অভিযান । অভিযান শেষ হ’লে মায়াৰ শেষ
হ’ব, আদি এনে ধৰণৰ চিন্তা ধাৰাই বৈপ্লৱিক শক্তি নিস্তেজ কৰিছিল । এই প্রসংগতে লেখক
হেম বরুৱাই জীৱনৰ ওপৰত যাৰ আস্থা নাই বিপ্লৱৰ ওপৰতো তাৰ আস্থা নাই বুলি উল্লেখ কৰিছিল
।
৮। পুৰণি ভাৰতীয় সাহিত্যৰ বিশেষত্ব কি আছিল ?
উত্তৰঃ সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি
বিশেষভাৱে চহকী । পুৰণি ভাৰতীয় সাহিত্য বিশেষত্ব আছিল সাধাৰণতে ভক্তিমূলক । ই
আধ্যাত্মিক চিন্তাধাৰাৰ পিনৰ সমৃদ্ধিশালী । ইও সমাজৰ বিশেষ এটা স্তৰৰ কথা কয় ।
মোগল আরু পাঠান সাম্রাজ্যৰ অধীনত বংগদেশীয় কাব্য-সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল
। সেইদৰেই মহাৰাষ্ট্রৰ ভক্তিমূলক কাব্য-সাহিত্যৰো সৌৰভ বিশ্বজনীন । কবিৰ আরু সেই
সময়ৰ বৈষ্ণৱ সাহিত্যিক সকলৰ দৃষ্টিৰ সমকক্ষ সাহিত্য আজিও বিৰল । তুলসী দাসৰ ‘ৰামায়ণ’,
শংকৰদেৱৰ ‘কীৰ্তন’, মাধৱদেৱৰ ‘নামঘোষা’, ইত্যাদি জাতিৰ আপুরুগীয়া সম্পদ । ব্রিটিছৰ
আমোলত ভাৰতীয় সাহিত্যৰ বৈচিত্র্য বাঢ়িছিল । নতুন প্রকাশভঙ্গী, সামাজিক শক্তিকেন্দ্রিক
সাহিত্য ইত্যাদিৰ আৰ্ৱিভাৱ হৈছিল । সাহিত্য বিশ্বাত্মিকাৰ পৰশত পূৰঠ আরু সৌষ্ঠৱপূৰ্ণ
হৈছিল । নিজৰ মাটিৰ পৰা উঘাল খাই নপৰাকৈ বিশ্বৰ ৰ’দৰ ৰেঙনি গ্রহণ কৰিব পৰাটোৱেই
হৈছে ভাৰতীয় সাহিত্য জীৱনৰ বৈশিষ্ট্য ।
৯। সকলো আৰ্টৰ ভিতৰত ভাস্কর্য কলা কিয় অধিক গুরুত্বপূৰ্ণ
?
উত্তৰঃ সকলো আৰ্টৰ ভিতৰত ভাস্কর্য কলা অধিক
গুরুত্বপূর্ণ কাৰণ ভাস্কর্য কলাই সমাজৰ সৌন্দর্যবোধৰ ওপৰত বেছি নির্ভৰশীল । কবিয়ে
ব্যক্তিগত ভাব-তরংগত উটি বুৰি ফুৰিব পাৰে । চিত্রকৰে নিৰলত সপোন ৰচি
সম্পূর্ণতা লভিব পাৰে । ভাস্কর্য শিল্পীয়েহে কেৱল সমূহীয়া প্রচেষ্টা আরু সামাজিক
ভাব-ধাৰাৰ ওপৰত বিশেষভাৱে নির্ভৰ কৰিব লাগে । বহুতৰ সংযোগতহে ভাস্কর্য-কলা গঢ়ি উঠা
সম্ভৱ । গতিকে, প্রত্যেকজন সহযোগীৰ বেছি পৰিমাণে শিল্পবোধ থকা উচিত । ইউৰোপৰ গ’থিক
গীর্জাসমূহ, দাক্ষিণাত্যৰ শিলৰ মন্দিৰবোৰ, ছাৰাছেনসকলৰ মছজিদবোৰ, এই সকলোখিনি এক
সংঘবদ্ধ শান্তিপূর্ণ সমাজৰ দল । শিল্প-সৃষ্টিৰ ক্ষেত্রত সময়-জীৱনৰ দায়িত্ব কম নহয়
। ইয়াৰ লগতে, সামাজিক পৰিবেশৰ দায়িত্বও আছে ।
C.ৰচনাধর্মী
প্রশ্নাৱলীঃ মূল্যাংকন ৫/৬/৭/৮ নম্বৰকৈ
১। “ভাৰতীয় সংস্কৃতি পাঠটো পঢ়ি তুমি কি কি
উল্লেখযোগ্য কথা শিকিলা তোমাৰ নিজৰ ভাষাৰে বর্ণনা কৰা ।
উত্তৰঃ
হেম বরুৱাদেৱে ‘ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটিৰ জৰিয়তে
ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশ সম্বন্ধে আমাক জ্ঞান প্রদান কৰিছে ।
ভাৰতীয়
সংস্কৃতিয়ে অতীজৰে পৰা আজিলৈ ক্রমবৰ্ধমান গতিৰে বাহিত হৈ আহিছে । এই পাঠটিৰ পৰা
আমি শিকিবলগীয়া প্রধান কথাতো হ’ল ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি ।
আৰ্য, অনাৰ্য, মংগোলীয়, দ্রাবিড়ী আদি বিভিন্ন গোষ্ঠীৰ সংস্কৃতি লগ হৈ ভাৰতীয়
সংস্কৃতিৰ সাগৰ ৰচিত হৈছে । অতীজতে গ্রীক, হুন, শক, আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতত
বসবাস কৰিছিল । তেওঁলোকৰ ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক, আদর্শ, সাহিত্য,
শিল্পকলা, দর্শন আদিৰ ক্ষেত্রত দেখা দিয়া সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বরূপ প্রকাশ
কৰে । ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদর্শৰে জীয়াই আছে ।
ক্রমবৰ্ধমান
শক্তি ভাৰতীয় সংস্কৃতিৰ প্রাণ স্বরূপ । সেইবাবে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি । বুৰঞ্জীৰ
বিভিন্ন স্তৰে এই সংস্কৃতিৰ ওপৰত প্রভাৱ পেলাই থৈ গৈছে । সভ্যতাই বিশেষ এটা
সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় । ই এটা সমাজ পদ্ধতি যাৰ জৰিয়তে সাংস্কৃতিক জীৱন
সম্ভৱপৰ নহয় । সভ্য সমাজ অবিহনে সৃষ্টিমূলক কাম হাতত লোৱাটো ব্যক্তিৰ সাপেক্ষে
সম্ভৱপৰ নহয় । আনহাতে, সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা ।
ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্রত প্রকাশ পোৱা প্রতিভাই হৈছে
জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী । সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আরু
রূপ দিয়াত সহায় কৰে । সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ
। ভাৰতীয় ভৌগোলিক জীৱনো বৈচিত্রময় । প্রাকৃতিক দৃশ্যাৱলীৰ পার্থক্য, জলবায়ুৰ
পার্থক্যই ভাৰতীয় জীৱনৰ গতিধাৰাৰ বৈচিত্রতা আনি দিছে । ভাৰতীয় সংস্কৃতি একালত
সমগ্র দক্ষিণ-পূব অঞ্চলতে বিয়পি পৰিছিল । ভাৰতীয় সংস্কৃতিৰ প্রৱল সোঁতে মধ্য এছিয়াৰ
পৰা আৰম্ভ কৰি দক্ষিণ-পূব এছিয়ালৈকে স্পর্শ কৰিছিল ।
ভাৰত
বুৰঞ্জী ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী হ’লেও ভাৰতীয় সংস্কৃতিৰ মূল
সূঁতি ক্রমবৰ্ধমান সোঁতেৰে বৈ আছিল । এয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ বৈশিষ্ট্য
। ভাৰতৰ মহেঞ্জোদাৰো আরু হৰপ্পা সংস্কৃতিয়ে এটা আৰ্য-পূবৰ যুগৰ কথা কয় । ভাৰতীয়
সংস্কৃতিৰ মর্মস্থলী সু-সংগঠিত আরু টনকিয়াল বিধৰ আছিল । ভাৰতৰ অতি পুৰণি অধিবাসী ৰাজপুতসকলে
ভাৰতীয় সংস্কৃতিলৈ এক বিশেষ অৱদান যোগাইছিল । ৰাজপুত চিত্র শিল্পই ইয়াৰ উপযুক্ত
প্রমাণ ।
আৰ্যৰ
বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই । আনহাতে, অনাৰ্য সমাজত দেৱী পূজাৰ উল্লেখ পোৱা
যায় । আৰ্যৰ জীয়ৰী পাৰ্বতী আরু অনাৰ্য দেৱতা শিৱৰ মিলনে ভাৰতত আৰ্য আরু অনাৰ্যৰ
সংস্কৃতিৰ সমন্বয়ৰ কথা সূচায় ।
সাংস্কৃতিক
ক্ষেত্রত অনাৰ্যৰ কৃষ্টি-সমলে আৰ্যসকলৰ ভঁড়াল চহকী কৰা কথাটো বুৰঞ্জীসন্মত সত্য
কথা । প্রকৃতপক্ষে বৌদ্ধ ধর্মৰ প্রচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ বুলিব
পাৰি । চুফীবাদ আরু
উপনিষদৰ দর্শনৰ মাজত এক অভূতপূর্ব সাদৃশ্য দেখা যায় । এইবোৰৰ পৰা
আমি ভাস্কর্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এই সকলোতে ভাৰতীয় জীৱনৰ প্রাণ স্বরূপ
সমন্বয়ৰ ইংগিত পাওঁ ।
উত্তৰ
ভাৰতীয় ভাস্কর্য সমন্বয়ৰ বস্তু । ইয়াক কোনো প্রকাৰে সম্পূর্ণ রূপে ইছলামীয় আদর্শ
বুলিব নোৱাৰি । হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে । আকৌ
ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কারু-কাৰ্য্য প্রদান কৰিছে । আনহাতে, হিন্দু
ভাস্কর্যৰ কলা নিদৰ্শন কেতবোৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰো উদাহৰণ আছে ।
সাংস্কৃতিক ক্ষেত্রত দুয়োটা সম্প্রদায়ৰ মন উদাৰ আছিল । এই উদাৰতাই সুকুমাৰ কলাৰ
ক্ষেত্রত এক নতুন নিদর্শনৰ জন্ম দিছিল ।
মোগল
সম্রাট বাবৰৰ দিনত ভাৰতত প্রৱেশ কৰা চিত্র শিল্পৰ নতুন ধাৰাৰ মূলতে আছিল প্রচুৰ
ব্যক্তিবোধ । এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল ।
ভাৰতীয়
উচ্চংগ সংগীত দাক্ষিণাত্যৰ ভাস্কর্য কলাৰ দৰেই গাম্ভীৰ্য্য পূর্ণ আরু বিচিত্র ।
উত্তৰ ভাৰতৰ সংগীতত গাম্ভীৰ্য্যতাৰ লগতে আমি এক উৰনীয়া ভাবৰ সংযোগ দেখিবলৈ পাওঁ ।
সকলো
কলাৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় । এটাৰ উদ্দেশ্য কারু-কাৰ্য্য আরু
জাক-জমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য- সংযম আরু আড়ম্বৰহীনতা । আধ্যাত্মিকতাবাদে
প্রাক্-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্রভাৱ বিস্তাৰ কৰিছিল । ইছলামৰ
সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল । সামাজিক জীৱন ধাৰাত ব্যক্তিৰ
মুক্তি বাণীয়ে ইছলাম ধর্মৰ প্রচাৰ দ্রুত কৰি তুলিছিল ।
সাহিত্য
সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতি উল্লেখনীয় চহকী । ভাৰতৰ প্রাচীন সাহিত্য
ভক্তিমূলক আছিল । পাঠান আরু মোগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উৎকর্ষ
লাভ কৰিছিল । সেইদৰে মহাৰাষ্ট্রৰ ভক্তিমূলক কাব্য-সাহিত্যৰো সৌৰভ বিশ্বজনীন । কবিৰ
আরু সেই সময়ৰ বৈষ্ণৱ সাহিত্যিকসকলৰ সমকক্ষ সাহিত্য আজিও বিৰল । তুলসী দাসৰ ‘ৰামায়ণ’,
শংকৰদেৱৰ ‘কীৰ্তন’, মাধৱদেৱৰ ‘নামঘোষা’, আদি জাতিৰ আপুরুগীয়া সম্পদ । ব্রিটিছৰ ৰাজত্বকালত
ভাৰতত সাহিত্য-চৰ্চাৰ বৈচিত্রতা বাঢ়িছিল । নতুন প্রকাশভংগী, সামাজিক শক্তিকেন্দ্রী
সাহিত্য আদিও সেই সময়ত সৃষ্টি হৈছিল ।
গতিকে,
নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি হ’ব লাগে । তাৰ বাবে বর্তমানৰ
সংস্কৃতিৰ ভেঁটি বান্ধিবলৈ চেষ্টা কৰা উচিত ।
ওপৰৰ
আলোচনাৰ পৰা দেখা যায় যে ‘ভাৰতীয় সংস্কৃতি’ নামৰ হেম বরুৱা দেৱৰ এই পাঠটিৰ মাজত
আমি শিকিবলগীয়া বহু তত্ত্বগধূৰ কথা লুকাই আছে । এই সকলোবোৰ কথা আমি সকলোৱে জনাটো
অতিকৈ বাঞ্জনীয় ।
Marking
Questions & Answers:
A.অতি চমু প্রশ্ন
১। হেম বরুৱাৰ এখন উল্লেখযোগ্য গ্রন্থৰ নাম লিখা
।
উত্তৰঃ হেম বরুৱাৰ এখন উল্লেখযোগ্য গ্রন্থ হ’ল- ‘The Red River and the Blue Hill’
২। ‘ফ্রম ভল্গা টু গংগা’ নামৰ গ্রন্থখনৰ লেখক
কোন?
উত্তৰঃ ‘ফ্রম ভল্গা টু গংগা’ নামৰ গ্রন্থখনৰ
লেখক পণ্ডিত ৰাহুল সংস্কৃতায়ন ।
৩। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘কালিয়া
দমন’ৰ কি ব্যাখ্যা আগবঢ়াইছে ?
উত্তৰঃ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে
‘কালিয়া দমন’ আৰ্য্যই অনাৰ্য্যক সংস্কৃত কৰা প্রতীক ধর্মী নৃত্য বুলি ব্যাখ্যা
আগবঢ়াইছে ।
৪। আৰ্য্যসকলৰ আদিম বাসভূমি ক’ত ?
উত্তৰঃ আৰ্য্যসকলৰ আদিম বাসভূমি হ’ল মধ্য এচিয়া
।
৫। মহেঞ্জোদাৰোৰ সংস্কৃতিৰ সম্পদ কি?
উত্তৰঃ মহেঞ্জোদাৰোৰ সংস্কৃতিৰ সম্পদ হ’ল-
ধ্যানস্থ শিৱৰ কল্পনা ।
৬। সংস্কৃতিৰ অর্থ কি?
উত্তৰঃ সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ
এখনৰ জীৱন প্রতিভা ।
৭। ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
উত্তৰঃ ভাৰতীয় জীৱনৰ মূল সম্পদ হ’ল- সংস্কৃতিৰ
অবিচ্ছিন্ন ধাৰা ।
৮। কোনে পঞ্জাৱ আরু আফগান্সতানক এক কৰি থ’ব বিচাৰিছিল
?
উত্তৰঃ গ্রীকসকলে পঞ্জাৱ আরু আফগান্সতানক এক কৰি
থ’ব বিচাৰিছিল ।
৯। সংস্কৃতিৰ মাপ-কাঠি কি?
উত্তৰঃ ভাষা, সাহিত্য, দর্শন, সুকুমাৰ কলা আদিৰ
ক্ষেত্রত প্রকাশিত প্রতিভাই হৈছে সংস্কৃতিৰ মাপ কাঠি ।
১০। চুফীবাদৰ মূল আধাৰ কি?
উত্তৰঃ চুফীবাদৰ মূল আধাৰ হ’ল কোৰাণ ।
১১। ব্যক্তিবাদী আৰ্টৰ লক্ষ্য কি?
উত্তৰঃ ব্যক্তিৰ জীৱন প্রকাশ কৰা ব্যক্তিবাদী
আৰ্টৰ লক্ষ্য ।
১২। কাৰ আমোলত ভাৰতীয় সাহিত্যৰ বৈচিত্র বাঢ়িছিল
?
উত্তৰঃ ব্রিটিছৰ আমোলত ভাৰতীয় সাহিত্যৰ বৈচিত্র
বাঢ়িছিল ।
১৩। বিপ্লৱৰ পতনে হিন্দুৰ মনত কি ভাবৰ জন্ম
দিছিল ?
উত্তৰঃ বিপ্লৱৰ পতনে হিন্দুৰ মনত নৈৰাশ্যৰ ভাবৰ
জন্ম দিছিল ।
১৪।কাঞ্জিভৰামৰ মন্দিৰত কিমানটা স্তম্ভ আছে ?
উত্তৰঃ কাঞ্জিভৰামৰ মন্দিৰত কমেও এহেজাৰটা
স্তম্ভ আছে ।
১৫। ভাৰতীয় ভৌগোলিক জীৱন কেনেকুৱা ?
উত্তৰঃ ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্রময় ।
১৬। মোগল আরু ৰাজপুট আৰ্টৰ প্রধান লক্ষ্য কি?
উত্তৰঃ মোগল আরু ৰাজপুট আৰ্টৰ প্রধান লক্ষ্য
হ’ল- অনুভূতিৰ প্রসাৰতা ।
১৭। ভাৰতীয় সংস্কৃতিৰ সাগৰ কেনেদৰে ৰচিত হৈছে?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ সাগৰ আৰ্য, অনাৰ্য,
মঙ্গোলীয়, দ্রাবিড়ী প্রভূতি বিভিন্ন তৰহৰ সোঁত উপসোঁত লগ লাগি ৰচিত হৈছে ।
১৮। ভাৰতীয় সংস্কৃতিৰ স্বরূপ কেনেদৰে প্রকাশ
পাইছে?
উত্তৰঃ পুৰণি ভাৰতৰ বুৰঞ্জী যেনেদৰে অভিযানৰ বুৰঞ্জী,
তেনেকৈয়ে সমন্বয়ো বুৰঞ্জী । এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বরূপ প্রকাশ কৰে ।
১৯। বাহিৰৰ অভিযানসমূহৰ ব্যর্থতাৰ কাৰণ কি আছিল?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মর্মস্থলী সুসংগঠিত আরু
টনকিয়াল বিধৰ আছিল । বাহিৰৰ পৰা অহা অভিযানসমূহ ইয়াৰ আগত প্রায়েই ব্যর্থ হৈছিল ।
২০। চুফিবাদৰ সৈতে উপনিষদীয় দর্শনৰ মিল আছেনে?
উত্তৰঃ চুফিবাদৰ মূল কোৰাণশাস্ত্র বুলি কোৱা হয়
যদিও চুফিবাদ আরু উপনিষদীয় দর্শনৰ মাজত যথেষ্ট মিল পৰিলক্ষিত হয় ।
২১। সুকুমাৰ কলাৰ নতুন নিদর্শনৰ জন্ম কেনেদৰে
হৈছিল ?
উত্তৰঃ সাংস্কৃতিক ক্ষেত্রত হিন্দু আরু মুছলমান
উভয় সম্প্রদায়ৰ মন উদাৰ আছিল আরু এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্রত নতুন নিদর্শনৰ
জন্ম দিছিল ।
২২। এটা জাতি কিহৰ ভিত্তিৰ জীয়াই থাকে?
উত্তৰঃ একোটা জাতি বিশেষ সুকুমাৰ কলা সংস্কৃতিৰ
জৰিয়তে জীয়াই থাকে ।
২৩। সুকুমাৰ কলাৰ ভিতৰত স্থায়ী বস্তু কি?
উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত সম্ভৱতঃ চিত্র শিল্পই
অধিক স্থায়ী ।
২৪। ভাষাৰ গতিবিধি কিহৰ সৈতে জড়িত ?
উত্তৰঃ ভাষা মানুহৰ সামাজিক আদান-প্রদানৰ বাহক
আরু সমাজ পৰিবর্তনৰ লগত ইয়াৰ গতি বিধি জড়িত ।
২৫। বাবৰৰ আমোলত কোনবিধ চিত্রশিল্পই বিকাশ লাভ কৰিছিল?
উত্তৰঃ মোগল সম্রাট বাবৰৰ আমোলত চিত্রশিল্পই
নতুন ধাৰা পোন প্রথমে ভাৰতত প্রৱেশ কৰে । এই চিত্রশিল্পৰ মূলতে আছিল প্রচুৰ
ব্যক্তিবোধ ।
চমু উত্তৰ লিখাঃ
১। জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী কি?
উত্তৰঃ এটা জাতি সুসভ্য হ’ব পাৰে, কিন্তু তেনে
কোনো এটা লেখত ল’বলগীয়া সংস্কৃতি নাথাকিব পাৰে । ভাষা, সাহিত্য, সুকুমাৰ কলা,
দর্শন ইত্যাদি ক্ষেত্রত প্রকাশ পোৱা প্রতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠি ।
২। ‘From
Volga to Ganga’ নামৰ গ্রন্থত কিহৰ বৰ্ণনা পোৱা যায় ?
উত্তৰঃ ভাৰতীয় বিশাল ভূমিখণ্ডই একালত বাহিৰৰ ন ন
মানৱপুঞ্জৰ সোঁতে দেশ প্লাৱিত কৰিছিল । প্রত্যেকৰে ব্যক্তিগত প্রতিভা অনুসৰি
সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল । পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ‘From Volga to Gonga’ গ্রন্থত এই বিষয়ে
বৰ্ণনা কৰা হৈছে ।
৩। ভাৰতীয় সংস্কৃতি একালৰ ক’লৈকে প্রবাহিত হৈ
আছিল?
উত্তৰঃ ভাৰতীয় সংস্কৃতি একালত সমগ্র দক্ষিণ পূব
অঞ্চলত বিয়পি আছিল । ইয়াৰ প্রমাণস্বরূপে ব্রহ্মদে্শ, কম্বোদিয়া, ইণ্ডোনেছিয়া আদি
ঠায়ে ঠায়ে আজিও যোগায় । এই অঞ্চলসমূহত বাৰশ বছৰ ধৰি জীয়াই থকা হিন্দু ৰাষ্ট্রবোৰেও
ইয়াৰ প্রমাণ দিয়ে ।
৪। বিজিত আরু পৰাজিতৰ সংস্কৃতিৰ সংঘর্ষৰ মাজতো
আৰ্যৰ অভিযান কেনেদৰে সফল হৈছিল ?
উত্তৰঃ পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ীৰ জীৱন জয়
কৰা দেখা যায় । ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আৰ্য সমাজৰ ওচৰত পৰাজিত হৈছিল ।
এনেদৰেই আৰ্যৰ বিজয় অভিযান সার্থক হৈছিল ।
৫। হিন্দু আরু মুছলমানৰ ভাস্কৰ্যৰ সমন্বয় কেনেদৰে
সাধিত হৈছিল ?
উত্তৰঃ হিন্দু ভাস্কৰ্যৰ কলা-নিদৰ্শন কেতবোৰ
ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰো উদাহৰণ পোৱা যায় । আনকি হিন্দু ভাস্কৰ্যৰ কলহ
আরু পদুমফুল মুছলমান বাদছাহ সকলৰ সমাধি স্থলত ব্যৱহৃত হোৱাৰো প্রমাণ পোৱা যায় ।
৬। সঙ্গীতৰ স্থিতিকাল কিমান সময় বৰ্তি থাকে?
উত্তৰঃ একোটা গীত বা সঙ্গীতৰ ৰীতি কম সময়ৰ কাৰণেহে
জীয়াই থাকে । সঙ্গীতৰ আকাৰ শূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে । অন্তৰত
হিল্লোল-তোলাৰ সময়খিনিৰ বাহিৰে ই সৰহ সময় তিষ্ঠি থাকিব নোৱাৰে ।