১ নম্বৰৰ প্রশ্নোত্তৰঃ
১। তান্ত্রিক ধৰ্ম মানে
কি?
উত্তৰঃ তান্ত্রিক ধৰ্ম
মানে দেৱী আৰাধনা কৰা পদ্ধতিটোক বুজা যায় ।
২। যোগীসকল কোন আছিল ?
উত্তৰঃ যোগীসকল আছিল-
গোড়া ব্রাহ্মণ্য ধৰ্মৰ বাহিৰত থকা ধৰ্মীয় নেতাবৃন্দসকল ।
৩। নয়নাৰপন্থীসকলে কিয়
জৈন আরু বৌদ্ধসকলৰ বিৰোধিতা কৰিছিল ?
উত্তৰঃ নয়নাৰপন্থীসকলে
জৈন আরু বৌদ্ধসকলৰ বিৰোধিতা কৰিছিল, কাৰণ তেওঁলোকে তেওঁলোকৰ ইষ্ট দেৱতা শিৱক
আটাইতকৈ শ্রেষ্ঠ আরু সৰ্বোচ্চ হিচাপে জ্ঞান কৰিছিল ।
৪। জ্জিম্মি মানে কি বুজা
?
উত্তৰঃ জ্জিম্মি মানে সুৰক্ষিত
প্রজাক বুজা যায় ।
৫। জিয়াৰ পৰম্পৰাক কিয়
উচ্চ বুলি কোৱা হয় ?
উত্তৰঃ জিয়াৰ পৰম্পৰাক
উচ্চ বুলি কোৱা হয়, কাৰণ পীৰসকলৰ দৰগাহলৈ ভক্তসকলে তীৰ্থযাত্রা কৰিছিল । লগতে, তেওঁলোকৰ
মৃত্যু বাৰ্ষিকীত শ্রদ্ধা জনাবৰ বাবে যোৱাটো এক নীতিত পৰিণত হৈছিলগৈ ।
৬। দুগৰাকী বিখ্যাত চুফী
সন্তৰ নাম লিখা ।
উত্তৰঃ দুগৰাকী বিখ্যাত
চুফী সন্তৰ নাম হ’ল-
(ক) আব্দুল কাদিৰী জিলানী
আরু (খ) চিষ্টি খানকাহ ।
৭। মচনবী মানে কি?
উত্তৰঃ মচনবী মানে হ’ল
পদমৰ্যদা ।
৮। কবীৰৰ উল্টাবাঁসী ৰচনাসমূহ
কি আছিল ?
উত্তৰঃ কবীৰৰ উল্টাবাঁসী ৰচনাসমূহ
আছিল- দোহা ।
৯। মীৰাবাঈ কোন আছিল?
উত্তৰঃ মীৰাবাঈ আছিল-
ভক্তি পৰম্পৰাৰ সবাতোকৈ প্রসিদ্ধ কবি আছিল ।
১০। ভক্তি আন্দোলন প্রথমে
ক’ত আরু কোনে আৰম্ভ কৰিছিল ?
উত্তৰঃ ভক্তি আন্দোলন
প্রথমে তামিলনাডুত আলৱাৰ (বিষ্ণুভক্ত)ত, নয়নাৰ (শিৱভক্ত)সকলে খৃষ্টীয় ষষ্ঠ শতিকাত
আৰম্ভ কৰিছিল ।
১১। কৰ্ণাটকৰ বীৰ শৈৱ পৰম্পৰা
কোনে আৰম্ভ কৰিছিল ?
উত্তৰঃ কৰ্ণাটকৰ বীৰ শৈৱ
পৰম্পৰা খৃঃ বাৰশ শতিকাত বাসৱনাই আৰম্ভ কৰিছিল ।
১২। কবীৰ বীজ কি?
উত্তৰঃ কবীৰ বীজ আছিল-
কবীৰৰ সংকলিত বাণীসমূহ যাক ‘কবীৰ বীজ’ নামেৰে জনাজাত আছিল ।
১৩। মাতৃগৃহ বাসস্থান
বুলিলে কি বুজা ?
উত্তৰঃ মাতৃগৃহ বাসস্থান
বুলিলে বিবাহৰ পিছত কোনোবা মহিলাই নিজৰ স্বামী আরু তেওঁৰ সন্তানৰ লগত নিজৰ মাতৃৰ
গৃহত বসবাস কৰা কাৰ্যক বুজা যায় ।
১৪। নাথপন্থীসকল কোন আছিল
?
উত্তৰঃ নাথপন্থীসকল আছিল-
ব্রাহ্মণসৱে সমাজৰ লাভ কৰা ক্ষমতাৰাজি আরু সমাজত প্রচলিত শ্রেণী বিভাজনৰ বিপক্ষে
আন্দোলন কৰা লোকসকলক বুজা যায় ।
১৫। ৰবিদাস কোন আছিল ?
উত্তৰঃ ৰবিদাস আছিল কবীৰৰ সমসাময়িক ভক্তি আন্দোলনৰ প্রচাৰক । তেখেতে পুনৰ জন্ম আরু ভগৱানৰ নিৰাকাৰ অস্তিত্বৰ ওপৰত বিশ্বাস কৰিছিল । শুদ্ধ অন্তৰৰ মাধ্যমেৰে ভগৱানক আৰাধনা কৰিলে মুক্তি বা মোক্ষ লাভ কৰিব পৰা যায়, এই আদৰ্শ তেখেতে প্রচাৰ কৰিছিল ।
updating.......