চতুর্থ গোট, কম্পিউটাৰ আরু অসমীয়া ভাষাঃ অসমীয়া মুদ্রণ, অসমীয়া ভাষাৰ ছফট্‌ৱেৰৰ ব্যৱহাৰ , BA First Semester , CBCS Course, by Podmeswar


# মুদ্রণ বা অসমীয়া মুদ্রণৰ চমু ইতিহাস আগবঢ়োৱা ।

উত্তৰঃ আগতে, অসমীয়া মুদ্রনৰ বাবে কোনো ধৰণৰ ছফট্‌ৱেৰৰ ব্যৱস্থা নাছিল । বিশেষকৈ, ছপাশালতহে কেৱল মুদ্রণ বা অসমীয়া ভাষাৰ মুদ্রণ কৰিব পৰা হৈছিল । তেতিয়া, টাইপ ৰাইটাৰৰ মাধ্যমেৰে অসমীয়া মুদ্রণ কৰিব লগা হৈছিল । এই প্রক্রিয়াটো, অত্যন্ত কষ্ট আরু সময়ৰো প্রয়োজন হৈছিল । বিজ্ঞান আরু প্রযুক্তিৰ নতুন নতুন আৱিষ্কাৰে ছফট্‌ৱেৰৰ  মাধ্যমত অতি সহজে যিকোনো মুদ্রণ আরু অসমীয়া ভাষাৰ মুদ্রণো সহজ হৈ পৰিছে ।

অপেৰেটিং ছিছটেম ‘ৱিন্‌ডৱছ ২০০৭’ (Windows 7)  সংস্কৃৰণত অসমীয়া ভাষাৰ মুদ্রণ লিখাৰ নতুন প্রযুক্তি সংযোজন কৰা হৈছিল । ইয়াৰ বাবে কম্পিউটাৰত বিশেষ এক ব্যৱস্থা বা ছেটিং কৰিব লগা হয় । ইয়াৰ সমসাময়িকভাৱে, আন কিছুমান ছফট্‌ৱেৰ বিশেষকৈ ‘লিপ অ’ফিছ’ (Leap Office), ‘ৰামধেনু’, ‘ইউনিকোড’, আদি ছফট্‌ৱেৰৰ মাধ্যমত অতি সহজে অসমীয়া মুদ্রণ কৰিব পৰা হৈছে । লগতে, কিছুমান কী ব’ৰ্ড ছফট্‌ৱেৰ বিশেষকৈ ‘এভ্রু কী ব’ৰ্ড’ (Avro Key-board), ‘লিপিকাৰ’, ‘আচামিছ কীব’ৰ্ড’, ‘অসমীয়া’ আদিৰ সহায়তো অসমীয়া ভাষা লিখিব পৰা যায় ।  

 

# কম্পিউটাৰত অসমীয়া ভাষাৰ কেনেদৰে ব্যৱস্থা বা ছেটিং কৰিব লাগে ?

উত্তৰঃ  অপেৰেটিং ছিছটেম ‘ৱিন্‌ডৱছ ২০০৭’ (Windows 7) সংস্কৃৰণত অসমীয়া ভাষাৰ মুদ্রণ লিখাৰ নতুন প্রযুক্তি সংযোজন কৰা হৈছিল । ইয়াৰ বাবে কম্পিউটাৰত বিশেষ এক ব্যৱস্থা বা ছেটিং কৰিব লগা হয় । ইয়াৰ বাবে তলৰ পদক্ষেপসমূহ বা ষ্টেপবোৰ গ্রহণ কৰিব লাগে ।

(ক) প্রথমে, ষ্টাৰ্ট (Start) বুটনত ‘ক্লিক’ (Click) কৰিব লাগিব ।

(খ) তাৰ পিছত, কন্ট্রল পেনেল (Control Panel) শিতানলৈ যাব লাগিব ।

(গ) তাৰ পিছত, ‘ক্লক, লেংগুৱেজ এণ্ড ৰিজন’ শিতানত যাব লাগিব ।

(ঘ) তাৰ পিছত, ‘কী ব’ৰ্ড আরু লেংগুৱেজ’ শিতানৰ ‘চেঞ্জ কী ব’ৰ্ড’ শিতানত যাব লাগিব ।

(ঙ) তাৰ পিছত, ‘এড্‌ লেংগুৱেজ’ শিতানত ‘ক্লিক’ কৰিব লাগিব ।

(চ) ইয়াৰ পিছত, ড্রপ ডাউন তালিকাত ‘ক্লিক’ কৰি অসমীয়া {Assamese (India)} বাছনি কৰিব লাগিব আরু ‘অ’কে’ ডবাব লাগিব ।

(ছ) এই প্রক্রিয়া সম্পূর্ণ কৰাৰ পিছত, ‘অসমীয়া মুদ্রণৰ বাবে কী ব’ৰ্ড’ৰ ব্যৱস্থা উপলব্ধি হ’ব ।

(জ) তাৰ পিছত, ‘মনিটৰ’ৰ বাওঁফালে ‘টাক্স বাৰ’ (Task Bar) ত EN (ইংৰাজী) আরু AS (অসমীয়া) উপলব্ধ হ’ব য’ৰ পৰা ‘AS (অসমীয়া)’ এই বাচনিটো ল’ব লাগিব ।

(ঝ) শেষত, ‘মাইক্রোসফ্‌ট অফিস’ৰ ওয়াৰ্ড’ (Microsoft Word) বা আন ছফট্‌ৱেৰত অসমীয়া লিখিব পৰা যায় ।

    ইয়াৰ সমসাময়িকভাৱে, আন কিছুমান ছফট্‌ৱেৰ বিশেষকৈ ‘লিপ অ’ফিছ’ (Leap Office), ‘ৰামধেনু’, ‘ইউনিকোড’, আদি ছফট্‌ৱেৰৰ মাধ্যমত অতি সহজে অসমীয়া মুদ্রণ কৰিব পৰা হৈছে । লগতে, কিছুমান কী ব’ৰ্ড ছফট্‌ৱেৰ বিশেষকৈ ‘এভ্রু কী ব’ৰ্ড’ (Avro Key-board), ‘লিপিকাৰ’, ‘আচামিছ কীব’ৰ্ড’, ‘অসমীয়া’ আদিৰ সহায়তো অসমীয়া ভাষা লিখিব পৰা যায় । 

 

# কম্পিউটাৰত ‘অসমীয়া মুদ্রণ’ কেনেদৰে কৰা হয়? আলোচনা কৰা

# কম্পিউটাৰত অসমীয়া মুদ্রণ কৰাৰ ব্যৱস্থাকেইটা ছাবি বা কোড সহ ব্যাখ্যা কৰা

উত্তৰঃ অপেৰেটিং ছিছটেম ‘ৱিন্‌ডৱছ ২০০৭’ (Windows 7)  সংস্কৃৰণত অসমীয়া ভাষাৰ মুদ্রণ লিখাৰ নতুন প্রযুক্তি সংযোজন কৰা হৈছিল । ইয়াৰ বাবে কম্পিউটাৰত বিশেষ এক ব্যৱস্থা বা ছেটিং কৰিব লগা হয় । ইয়াৰ সমসাময়িকভাৱে, আন কিছুমান ছফট্‌ৱেৰ বিশেষকৈ ‘লিপ অ’ফিছ’ (Leap Office), ‘ৰামধেনু’, ‘ইউনিকোড’, আদি ছফট্‌ৱেৰৰ মাধ্যমত অতি সহজে অসমীয়া মুদ্রণ কৰিব পৰা হৈছে । লগতে, কিছুমান কী ব’ৰ্ড ছফট্‌ৱেৰ বিশেষকৈ ‘এভ্রু কী ব’ৰ্ড’ (Avro Key-board), ‘লিপিকাৰ’, ‘আচামিছ কীব’ৰ্ড’, ‘অসমীয়া’ আদিৰ সহায়তো অসমীয়া ভাষা লিখিব পৰা যায় ।

    কম্পিউটাৰত অসমীয়া মুদ্রণ কৰাৰ দুটা মুখ্য ব্যৱস্থা আছে । সেয়া হৈছে- প্রকৃত শ্রেণী (Phonetic or Easy Phonetic) আরু ‘সমাৰ্থ’ শ্রেণী (Inscript)  

(ক)প্রকৃত শ্রেণী (Phonetic or Easy Phonetic):

                সুবিধাঃ

এই প্রক্রিয়াৰে অসমীয়া লিখাটো অতি সহজ । আমি অসমীয়া কথাবোৰ ইংৰাজীত যেনেদৰে লিখো সেইদৰেই লিখিব লাগে । যেনেকৈ- ‘ক’ ৰ বাবে ‘K’ or ‘Ka’, ‘খ’ ৰ বাবে ‘Kh’, আদি । যদি আমি লিখিব লাগে- ‘আমি এজন ছাত্র বা ছাত্রী’ তেনেহ’লে লিখিব লাগিব ‘Ami ejon chatra ba chatri’ এনেদৰে

সমস্যাঃ কিন্তূ, কিছুমান যুক্তাক্ষৰ আরু বৰ্ণৰ লিখাৰ ক্ষেত্রত এই ব্যৱস্থাটোত কিছু সমস্যাই দেখা দিয়ে । এই প্রক্রিয়াৰে, ‘রু’, ‘রূ’, ‘ন্তু’,  আদিবোৰ শুদ্ধকৈ লিখাৰ ক্ষেত্রত অসুবিধাৰ সৃষ্টি হয় । 

 

(খ)‘সমাৰ্থ’ শ্রেণী (Inscript) :

                সুবিধাঃ

এই প্রক্রিয়াটো অধিক সুবিধাজনক হয় । নতুনকৈ শিকা সকলোৱে এই ব্যৱস্থাটো গ্রহণ কৰা উচিত । এই ব্যৱস্থাৰে মুদ্রণ কৰিবৰ বাবে যথেষ্ট সুবিধা আছে । ইয়াৰ মাধ্যমেৰে, অসমীয়া ভাষাৰ লগতে আন ভাষা সমূহো লিখিব পৰা যায় । ইয়াৰ সমসাময়িকভাৱে, এই ব্যৱস্থাত যুক্তাক্ষৰ লিখাৰ বাবেও অধিক সুবিধাজনক হয় । লগতে, এই নিয়মত বহুতো ‘ফণ্ট’ৰ সুবিধা আছে । ইয়াৰ বাবে আমি কিছুমান ইংৰাজীৰ ‘কোড’ মনত ৰাখিব লাগিব । এইবোৰ হৈছে-

 

ব্যঞ্জণ বৰ্ণঃ

 

অসমীয়া ব্যঞ্জন

কী ব’ৰ্ডৰ ছাবি

K

Shift + K

I

Shift + I

Shift + U

;

Shift + ;

P

Shift + P

Shift + ]

Shift + ‘

[

Shift + [

Shift + C

L

Shift + L

O

Shift + O

V

H

Shift + H

Y

Shift + Y

C

Shift + /

J

N

B

Shift + M

Shift + ,

M

U

ক্ষ

Shift + 7

[  +  ]

Shift + [ + ] 

/

LD

X

Shift + -

Shift + X

 

 

স্বৰ বৰ্ণঃ

 

অসমীয়া স্বৰ

কী ব’ৰ্ডৰ ছাবি

Shift + D

Shift + E

Shift + F

Shift + R

Shift + G

Shift + T

Shift + +

Shift + S

Shift + W

Shift + A

Shift + Q

 

 

 

অসমীয়া স্বৰ বৰ্ণৰ মাত্রাঃ

 

অসমীয়া মাত্রা

কী ব’ৰ্ডৰ ছাবি

E

ি

F

R

G

T

+

S

W

A

Q

 

 

যুক্তাক্ষৰঃ

     অসমীয়াত যুক্তাক্ষৰ শব্দবোৰ লিখিবৰ বাবে ‘D’ ছাবীটোৰ সৈতে হসন্তৰ প্রয়োগ কৰি লিখা হয় । উদাহৰণস্বরূপে- ‘পদ্মেশ্বৰ’ শব্দটোৰ ‘দ্ম’ লিখিবৰ বাবেO (দ) + D (্‌) + C (ম)লিখিব লাগিব ।

 

 

সমার্থ (Inscript) শ্রেনীৰ ব্যৱস্থাৰ অসুবিধাঃ

     এই ব্যৱস্থাৰে অসমীয়া লিখিবৰ বাবে প্রথমে, সকলো ছাবি বা Code বোৰ জানিব আরু মনত ৰাখিব লগা হয় ।  

 

 

 

# অসমীয়া ভাষাৰ বিভিন্ন ছফট্‌ৱেৰসমূহৰ ব্যৱহাৰ আরু প্রয়োগ সম্পর্কে আলোচনা কৰা

উত্তৰঃ অপেৰেটিং ছিছটেম ‘ৱিন্‌ডৱছ ২০০৭’ (Windows 7) সংস্কৃৰণত অসমীয়া ভাষাৰ মুদ্রণ লিখাৰ নতুন প্রযুক্তি সংযোজন কৰা হৈছিল । ইয়াৰ বাবে কম্পিউটাৰত বিশেষ এক ব্যৱস্থা বা ছেটিং কৰিব লগা হয় । ইয়াৰ সমসাময়িকভাৱে, আন কিছুমান ছফট্‌ৱেৰ বিশেষকৈ ‘লিপ অ’ফিছ’ (Leap Office), ‘ৰামধেনু’, ‘ইউনিকোড’, আদি ছফট্‌ৱেৰৰ মাধ্যমত অতি সহজে অসমীয়া মুদ্রণ কৰিব পৰা হৈছে । লগতে, কিছুমান কী ব’ৰ্ড ছফট্‌ৱেৰ বিশেষকৈ ‘এভ্রু কী ব’ৰ্ড’ (Avro Key-board), ‘লিপিকাৰ’, ‘আচামিছ কীব’ৰ্ড’, ‘অসমীয়া’ আদিৰ সহায়তো অসমীয়া ভাষা লিখিব পৰা যায় ।

অসমীয়া লিখাৰ বিশেষ কেইটামান ছফট্‌ৱেৰ হৈছে-

(ক) ইউনিকোডঃ

    ১৯৮৭ চনত সকলো ভাষাৰ আখৰৰ সংকেত সৃষ্টি কৰাৰ নিমিত্তে ‘ইউনিকোড কনছ’ৰ্টিয়াম’ নামৰ সংগঠনটোৰ গঠন কৰিছিল । কিছুমান গৱেষণা আরু পৰীক্ষাৰ অন্তত ১৯৯১ চনত ইউনিকোডে প্রথমে সংকেত পদ্ধতিৰ আৱিষ্কাৰ কৰে‘ইউনিকোড কনছ’ৰ্টিয়াম’ৰ নেতৃত্বত ‘মাইক্রচফট্‌’ (Microsoft), ‘এপ্পল’ (Apple), ‘এইছ্‌ পি’ (HP), ‘অৰেকল’ (Oracle), আদি কম্পিউটাৰ তৈয়াৰ কৰোতা সংস্থাবোৰ জড়িত হৈ আছে ।

ইউনিকোডৰ মুখ্য উদ্দেশ্য আছিল- যাতে সকলো কম্পিউটাৰ, ইন্টাৰনেট ব্রাউজাৰ, আরু আন এপ্লিকেশ্বনসমূহত এই সংকেতবোৰ একেদৰে কোনো অসুবিধা নোহোৱাকৈ ব্যৱহাৰ কৰিব পৰা যায় । তথ্য অনুসৰি, ইউনিকোডে ১৫০ টা ভাষাৰ প্রায় ১,৩৭,৯৯৪ টা মান আখৰৰ সংকেত সৃষ্টি কৰিছে । ইউনিকোডে আখৰৰ সংকেত প্রদান কৰে, যাৰ সহায়েৰে অসমীয়া, হিন্দী, বাংলা, আদি প্রায় ১৫০ টা ভাষাৰ আখৰ লিখিব পৰা যায় ।

 

(খ) লিপ অ’ফিছ (Leap Office):

                লিপ অ’ফিছ (Leap Office 2000) হৈছে মিঠি ডট কম প্রাইভেট লিমিটেড (Mithi.com Pvt. Ltd.) নামৰ সংগঠনটোৱে সৃষ্টি কৰা এক ছফট্‌ৱেৰ । ইয়াৰ মাধ্যমেৰে, ভাৰতৰ কেইবাটাও ভাষা বিশেষকৈ অসমীয়া, হিন্দী, বাংলা, গুজৰাটী, মাৰাঠী, পাঞ্জাৱী আদি লিখিব পৰা যায় । লিপ অ’ফিছ ছফট্‌ৱেৰটোত প্রকৃত (Easy Phonetic) আরু সমাৰ্থ (Inscript) দুয়ুটা ব্যৱস্থাৰে লিখিব পৰা যায় । এই ছফট্‌ৱেৰটোত, নতুনকৈ অসমীয়া ভাষা লিখিব শিকাসকলৰ বাবে এখন পৃথক কি ব’ৰ্ডৰো ব্যৱস্থা যত ‘ক্লিক’ কৰি মাউচৰ সহায়েৰে কোনো ছাবি বা কোডৰ অবিহনেই অসমীয়া আরু আন ভাষা লিখিব পাৰিইয়াত, বহুতো ফণ্টৰ সুবিধা আছে যাৰ মাধ্যমত প্রয়োজন অনুসৰি নানান ফন্টৰ ব্যৱহাৰ কৰিব পাৰিএই ছফট্‌ৱেৰত লিখা তথ্য ৰাজি সকলো ইন্টাৰনেট ব্রাউজাৰ আরু আন এপ্লিকেশ্বন সমূহত (Ex- Page Maker) ব্যৱহাৰ কৰিব পাৰিইয়াৰ উপৰিও, বানানসমূহ শুদ্ধৰণিৰ বাবে এই ছফট্‌ৱেৰত এখন অসমীয়া অভিধানো আছে । লগতে, এই ছফট্‌ৱেৰটোতে কেইবাটাও ভাষা একেলগে লিখাৰো সুবিধা আছে ।

 

(গ) ৰামধেনুঃ

    ৰামধেনু হৈছে অনিল বরুৱা নামৰ অসমৰ খ্যাতমান লোকজনৰ দ্বাৰা অসমতে সৃষ্ট এক ছফট্‌ৱেৰ । ৰামধেনুৰ সহায়ত অসমীয়া, ইংৰাজী আরু বাংলা ভাষা অতি সহজে লিখিব পৰা যায় । কম্পিউটাৰত ৰামধেনু ছফট্‌ৱেৰটো সংযুক্ত বা স্থাপন (Install) কৰি ল’লে প্রায়বোৰ অন্য ছফট্‌ৱেৰত বিশেষকৈ মাইক্রছফ্‌ট ৱৰ্ড (Microsoft Word), পেজ মেকাৰ (Page Maker) আদিত সহজে অসমীয়া, ইংৰাজী আরু বাংলা ভাষা লিখিব পৰা যায় । এই ছফট্‌ৱেৰত বহুতো লিপি বা Font ৰ সুবিধা আছে । ইয়াত, বহুতো অসমীয়া শব্দ সংযুক্ত অসমীয়া অভিধান আছে যাৰ মাধ্যমেৰে বানানসমূহ শুদ্ধৰণি কৰিব পৰা যায় । এই ছফট্‌ৱেৰটোৰ লগত ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেই সম্পর্কে নীতি আরু নিৰ্দেশনাও উপলব্ধ হৈ আছে । ইয়াত, সহজে অসমীয়াৰ পৰা বাংলা বা ইংৰাজী ভাষা সলনি কৰি একেলগে লিখিব পাৰি

 

(ঘ) ৰ’দালিঃ

    ৰ’দালি হৈছে এক ‘ভাৰ্চুৱেল কী ব’ৰ্ড’ । ৰ’দালি ছফট্‌ৱেৰটো কম্পিউটাৰত সংস্থাপন বা সংযোগ কৰিলে (Install) এখন অসমীয়া কী ব’ৰ্ড পাব পাৰিএই কী ব’ৰ্ডখনৰ মাধ্যমেৰে সহজে অসমীয়া ভাষা বা অসমীয়া মুদ্রণ লিখিব পৰা যায় । ৰ’দালি নামৰ এই কী ব’ৰ্ডখনত প্রকৃত (Easy Phonetic) আরু সমাৰ্থ (Inscript) দুয়ুটা ব্যৱস্থাৰ মাধ্যমেৰে লিখিব পৰা যায় । এই কী ব’ৰ্ডখনৰ যোগেদি বিভিন্ন ধৰণৰ মোবাইলত বিশেষকৈ এনড্রইদ (Android),  টেবলেট (Tablet) আদিতো বিভিন্ন সামাজিক মাধ্যমৰ বাবে আরু কথা-বাৰ্তাবোৰ অসমীয়া ভাষাত লিখিব পাৰি ৰ’দালি কীব’ৰ্ড গোগোল প্লে ষ্টৰটো (Google Play Store) উপলব্ধ আছে যাৰ পৰা সহজে মোবাইলত সংস্থাপন (Install) কৰি অসমীয়া ভাষাৰ ব্যৱহাৰ বা লিখিব পাৰি   

 

# অসমীয়া আখৰ আরু ইউনিকোডৰ সৈতে জড়িত কেতবোৰ বিতৰ্কৰ বিষয়ে আলোচনা কৰা

উত্তৰঃ অসমীয়া আখৰ আরু ইউনিকোডৰ সৈতে জড়িত কেতবোৰ বিতৰ্কৰ সৃষ্টি হৈছে । সেইবোৰ হৈছে-

(ক) অসমীয়া আখৰবোৰৰ নামক লৈ কিছুসমালোচকে ইউনিকোডক সমালোচনা কৰিছে ।

(খ) কিছু সমালোচকৰ মতে, ইউনিকোডে আখৰৰ সংকেত সৃষ্টি কৰোতে কি ভাষাৰ আখৰ তাৰ ওপৰত গুরুত্ব আৰোপ নকৰে

(গ) অসমীয়া, মণিপুৰী আরু বাংলা ভাষাৰ আখৰসমূহ প্রায় একে হোৱা বাবে আখৰবোৰৰ কাৰণে একে সংকতকেই ব্যৱহাৰ কৰে

(ঘ) অসমীয়া আখৰবোৰৰ বাবেও ইউনিকোডে ‘বেংগালী স্ক্রিপ্ট্‌’ (Bengali Script) নাম প্রদান কৰিছে । সেয়েহে, অসমীয়া লোকসকলে ইয়াৰ আপত্তি দৰ্শাইছে ।

(ঙ) আই আই টি গুৱাহাটীৰ এক ভাষিক প্রকল্পই ইউনিকোডক কিছুমান অনুৰোধ কৰিছে । সেয়া হৈছে-

(অ) অসমীয়া ক্ষ আখৰটো ইউনিকোডে যুক্তাক্ষৰৰ শ্রেণীত সংলগ্ন কৰিছে, সেয়েহে এইটোৰ বাবে পৃথককৈ সংকেত তৈয়াৰ কৰিব লাগে ।

(আ) লিপিৰ নামটো সলনি কৰাৰ বাবেও এই সংস্থাটোৱে ইউনিকোডক আপত্তি দৰ্শাইছে ।

(ই) ইউনিকোড ছফট্‌ৱেৰত অসমীয়া ভাষাৰ ‘ৰ’ আরু ‘ৱ’ টো শেষৰ ফালে ৰাখিছে, সেয়েহে সঠিক স্থানত অনাৰ বাবে আপত্তি জনাইছে ।

 

# কম্পিউটাৰৰ ব্যৱহাৰ আরু অংশসমূহৰ সন্দৰ্ভত এটা টোকা লিখা ।

উত্তৰঃ আজিৰ বিশ্বৰ অতি মূল্যবান আরু লাগতিয়াল সম্পদ হৈছে কম্পিউটাৰইয়াৰ মাধ্যমেৰে মানুহে নতুন নতুন প্রযুক্তিৰ আৱিষ্কাৰ কৰিছে আরু মানৱ জীৱনৰ সমস্যাৱলীৰ সমাধান কৰাত সুবিধা হৈছে । ইয়াৰ মাধ্যমেৰে, যিবোৰ কাম হাতেৰে কৰোতে যথেষ্ট সময়ৰ প্রয়োজন হৈছিল, সেইবোৰ কামক কম্পিউটাৰৰ মাধ্যমেৰে অতি কম সময়ৰ ভিতৰত কৰিব পৰা হ’ল । কম্পিউটাৰ হৈছে জ্ঞানৰ ভাণ্ডাৰ, যাৰ সহায়ত বিভিন্ন তথ্যৰাজিৰ সংৰক্ষণ আরু ইন্টাৰনেটৰ সহযোগৰ মাধ্যমেৰে সকলো জ্ঞান প্রাপ্তি কৰিব পাৰিকম্পিউটাৰৰ ‘স্ব-প্রয়োগ’ৰ গুণে মানুহ অনুপস্থিত থকা অৱস্থাতো বহুতো কাৰ্য সমাধা হৈছে বিশেষকৈ এ.টি.এম (ATM) , ৰবট (ROBOT), আদি ।

                সাধাৰণতে কম্পিউটাৰৰ মূল খণ্ড চাৰিটা, সেয়া হৈছে- মাউচ (Mouse), কী ব’ৰ্ড (Key-Board), মনিটৰ (Monitor) আরু চি.পি.ইউ. (C.P.U.)

(ক) মাউচ (Mouse):

                মাউচৰ তিনিটা ভাগ থাকে । লেফ্ট ক্লিক (Left Click), যাৰ সহায়ত প্রায়বোৰ কর্মৰাজি সাধন হয়; ৰাইট ক্লিক (Right Click), যাৰ মাধ্যমেৰে কর্ম বা আদেশৰাজিৰ বাচনি কৰিব পাৰি আরু আনটো হৈছে স্ক্রুল হোইল (Scroll Wheel), যাৰ সহায়ত যিকোনো ছফট্‌ৱেৰত বিষয়ৰাজিৰ ওপৰ-তলৰ বিভিন্ন অংশসমূহক চাব পৰা যায় ।

 

(খ) কী ব’ৰ্ডঃ

    এখন কী ব’ৰ্ড সাধাৰণতে ১০৪ টা ছাবি (Keys) থাকে । ইয়াৰ সহায়েৰে, এলফাবেট বা Alphabet  (A to Z ), নিউমাৰিক বা Numeric (0 to 9), চিহ্ন বা Symbol (ex-. , /, -, =, +,) আদি লিখিব পৰা যায় । লগতে, কী ব’ৰ্ডত থকা ‘Function Keys’ (F1 to F12) আরু ‘Special Keys’ (Ex- Enter, Shift, Backspace, Tab, Caps Lock etc) আদিয়ে লিখাৰ ক্ষেত্রত আন কর্ম ৰাজিত সহায় কৰে

 

(গ) মনিটৰ (Monitor):

                মনিটৰ সাধাৰণতে, দুই প্রকাৰৰ- কেথড ৰে টিউব (Cathode Ray Tube), এইবোৰৰ পাছটো দীঘল থাকে যিবোৰ আগতে অধিক ব্যৱহৃত হৈছিল কিন্তূ এতিয়া প্রায়  ব্যৱহাৰ নোহোৱা হৈছে আনটো হৈছে- এল. চি. ডি. বা LCD (Liquid Crystal Display), এই মনিটোৰবোৰ অধিক পৰিমাণে আজ-কালি ব্যৱহাৰ হয় আরু অধিক উপযোগী ।

 

(ঘ) চি.পি.ইউ. (CPU):

                চি.পি.ইউ. (C.P.U. or Central Processing Unit), হৈছে কম্পিউটাৰৰ মগজু আরু হৃদযন্ত্রস্বরূপ । ইয়েই কম্পিউটাৰৰ সকলো কাম পৰিচালিত হৈ থাকে । ইয়াৰ সৈতে, মাডাৰ বৰ্ড (Mother Board), ৰেম (Ram), হাৰ্ডিক্স (Hardisk), ৰোম (ROOM), পৰ্টচ্‌ (Ports) আদি সংলগ্ন থাকে যিবোৰে কম্পিউটাৰৰ সংৰক্ষণ, পৰিচালনা, সংযোগ আদিৰ কাম কৰে

    এনেদৰে, বিভিন্ন অংশৰ জৰিয়তে কম্পিউটাৰৰ গঠন হৈ আজিৰ মানৱ সমাজক অতি ক্ষিপ্র গতিত আগুৱাই নিয়াত সহায় কৰিছে । লগতে, কম্পিউটাৰৰ ন ন আৱিষ্কাৰে মানুহৰ প্রায় সকলো কর্মৰাজিৰ সমাধান কৰাত মুখ্য ভূমিকা গ্রহণ কৰিছে ।