দ্বিতীয় গোট- কর্মক্ষেত্রৰ অসমীয়া, B.A. 1st Semester, by Podmeswar

#  নিবিদা মানে কি? নিবিদা বা নিবিদা লেখন বুলিলে কি বুজা ?

# নিবিদা লিখনৰ প্রধান বৈশিষ্ট্যবোৰ লিখা ।

# নিবিদা লিখন আরু বিজ্ঞাপনৰ মাজত থকা পার্থক্যসমূহ লিখা ।

# নিবিদা লেখন সম্পর্কে আরু ইয়াৰ প্রয়োজনীয়তা বা গুরুত্ব সম্পর্কে লিখা ।


উত্তৰঃ নিবিদা মানে হৈছে- মূল্যৱেদন পত্র । নিবিদা লেখন হৈছে এক মূল্যজ্ঞাপক পত্র যিটো কোনো ঠিকা কামৰ বাবে বিভিন্ন জনক আহ্বান কৰি বিজ্ঞাপন প্রকাশ কৰা হয় ।

    নিবিদা লেখন একধৰণৰ বিজ্ঞাপন যদিও সাধাৰণ বিজ্ঞাপনৰ লগত ইয়াৰ কিছু পার্থক্য পৰিলক্ষিত হয় । ইয়াৰ মূল পার্থক্যসমূহ হ’লঃ-/ ইয়াৰ মূল প্রয়োজনীয়তা বা গুরুত্বসমূহ হ’লঃ- / ইয়াৰ মূল বৈশিষ্ট্যসমূহ হৈছেঃ-

(নোট- পার্থক্যৰ বাহিৰে শেষৰ দুটাৰ কাৰণে বিজ্ঞাপনৰ বিষয়ে আরু ‘আনহাতে’ শব্দটো লিখিব নালাগে)

(ক) বিজ্ঞাপন সকলো শ্রেণীৰ পাঠকৰ বাবে প্রযোজ্য হয় ।

    আনহাতে, নিবিদা লেখন সকলো শ্রেণীৰ পাঠকৰ বাবে প্রযোজ্য নহয় । ইয়াক কোনো নির্দিষ্ট বাণিজ্যিক গোষ্ঠীৰ বাবে কোনো সামগ্রীৰ প্রয়োজনীয়তা সাপেক্ষে ব্যৱহাৰ কৰা হয় ।

 

(খ) বিজ্ঞাপন বিভিন্ন শিতানৰ হ’ব পাৰে

    আনহাতে, নিবিদা লেখন সাধাৰণতে বাণিজ্যিক কর্মৰাজিৰ ক্ষেত্রত জড়িত আরু ব্যৱহাৰ কৰা হয় ।

 

(গ) চাকৰি আরু আন বিভিন্ন কর্মৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হয় ।

    আনহাতে, নিবিদা লেখন বিশেষকৈ ঠিকা কর্মৰ বাবে ব্যৱহাৰ কৰা হয় ।

 

(ঘ) সকলো বিজ্ঞাপন আইনসংগত নহ’বও পাৰে

    আনহাতে, নিবিদা লেখন সাধাৰণতে আইনসংগত । নিবিদাৰ অর্থ, অংগৰাজি, বক্তব্য আদিবোৰ আইনৰ দ্বাৰা বিচাৰযোগ্য হয়, সেয়ে ইয়াৰ ব্যৱহাৰ অতি গুরুত্বপূর্ণ ।

 

(ঙ) বিজ্ঞাপনৰ ভাষা হৈছে সৰল ।

    আনহাতে, নিবিদা লেখনৰ ভাষা হৈছে- স্পষ্ট, পূৰ্ণাঙ্গ আরু যথাযথ । যাৰ বাবে, ইয়াৰ অর্থ সহজে বোধগম্য হয় ।

 

(চ) বিজ্ঞাপন সকলো লোকৰ বাবে প্রযোজ্য ।

    আনহাতে, নিবিদা লেখন নিবিদা প্রদানকৰোতা আরু গ্রহণ কৰোতাৰ মাজৰ ইয়াৰ ভাষাৰ্থ আরু বিষয়বস্তু সীমাবদ্ধ হয় । ইয়াৰ ফলত, উচিত ব্যক্তিসকলৰ বাচনিৰে কর্মৰাজিৰ সম্পাদন কৰাত সফল হোৱা দেখা যায় ।

 

(ছ) বিজ্ঞাপন ভাষা অতি সহজ-সৰল আরু সাধাৰণ প্রকৃতিৰ হয় । লগতে, কিছুমান বিজ্ঞাপনত অতিৰঞ্জিত আরু অলংকাৰৰ প্রয়োগ কৰা হয় ।

    আনহাতে, নিবিদা লিখনত অতিৰঞ্জিত আরু অলংকাৰৰ প্রয়োগ কৰা নহয় । ইয়াৰ ফলস্বরূপে, মূল কথা বা বার্তাবোৰ সহজে বোধগম্য হয় ।     

 

 

# ভাষা বুলিলে কি বুজা ? ভাষাৰ প্রকাশ্য রূপ কেইটা আরু কি কি? ভাষাৰ প্রকাশ্য রূপ কেইটাৰ প্রয়োজন, গুরুত্ব, বৈশিষ্ট্য আরু পার্থক্য লিখা ।

উত্তৰঃ মানুহৰ মনৰ ভাৱ মুখেৰে প্রকাশ কৰা আরু মানৱ সভ্যতাৰ বিকাশৰ প্রধান আহিলাটোৱেই হৈছে ভাষা ।

    ভাষাৰ প্রকাশ্য রূপ দুটা । এয়া হৈছে- কথিত ভাষা আরু লিখিত ভাষা । কথিত ভাষা আরু লিখিত ভাষা প্রয়োজন, গুরুত্ব, বৈশিষ্ট্য আরু পার্থক্যসমূহ তলত আলোচনা কৰা হ’ল ।

(ক) ভাষাৰ কথিত রূপ হৈছে জ্ঞান আহৰণ আরু যোগাযোগৰ বাবে সৰ্বোত্তম আহিলাস্বরূপ ।

    ভাষাৰ লিখিত রূপ হৈছে জ্ঞান সঞ্চয় আরু বিতৰণৰ বাবে উপযুক্ত আহিলাসদৃশ ।

 

(খ) ভাষাৰ লিখিত রূপ হৈছে- বিভিন্ন আখৰ আরু চিহ্নৰ মাজেৰে প্রকাশ কৰা এক চাক্ষুষ রূপ

ভাষাৰ রূপসমূহক কাণৰ মাধ্যমেৰে শুনাৰ ক্ষেত্রত ব্যৱহৃত ভাষা হৈছে কথিত ভাষা ।

 

(গ) ভাষাৰ লিখিত রূপত, লিখোতা মানুহজনে লিখনিৰ মাধ্যমেৰে তেওঁৰ ভাষা প্রকাশ কৰে আরু স্থান-কাল সাপেক্ষে, সকলোৱে পঢ়িব পাৰে । কিন্তূ এই প্রক্রিয়াত লিখোতা মানুহজনেই অনিবাৰ্য ।

ভাষাৰ কথিত রূপত দুজন মানুহৰ প্রয়োজন হয় । তাৰে এজন কওতা আরু আনজন শুনোতা ।

 

(ঘ) পৃথিৱীত বৰ্তি থকা সকলো ভাষাৰে লিখিত রূপ নাই । প্রাচীন কালত, অতি কম সংখ্যক ভাষাৰ লিখিত রূপ প্রচলিত হৈছিল । আমাৰ অসমীয়া ভাষাৰ লিখিত রূপ আছে যিটো সংস্কৃতৰ পৰা আহৰণ কৰা হৈছে ।

    ভাষাৰ কথিত রূপৰ সংখ্যা অধিক । কাৰণ, এতিয়াও বহু জাতিৰ মাজত আরু অঞ্চলত উপভাষা ব্যৱহাৰ কৰা হয়, যিবোৰৰ লিখিত রূপ নাই ।

 

(ঙ) ভাষাৰ লিখিত রূপবোৰৰ ব্যাকৰণৰ আৱশ্যকতা আছে । যাৰ সহায়ত শুদ্ধ, স্পষ্ট আরু সুচারুকৈ ভাষা লিখনিৰ ক্ষেত্রত সুবিধাজনক হয় ।

    ভাষাৰ কথিত রূপৰ কোনো ব্যাকৰণৰ প্রয়োজন নহয় । ভাষাৰ কথিত রূপ কেৱল শুনোতাই বুজাৰ বা বোধগম্য হোৱাৰ ওপৰতে নিৰ্ভৰ কৰে ।

 

(চ) আমাৰ অসমীয়া ভাষাৰ লিখিত রূপটো, সংস্কৃত ব্যাকৰণৰ কিয়দাংশ আরু অসমীয়া ব্যাকৰণৰ সংযোগ কৰি প্রস্তুত কৰা হৈছে ।

    অসমীয়া ভাষাৰ কথিত রূপটো, সাধাৰণতে উজনি আরু নামনিত কিছু পার্থক্য পৰিলক্ষিত হয় ।  কিন্তূ ইয়াৰ বাবে, বিশেষ কোনো নিৰ্দিষ্ট ব্যাকৰণৰ প্রয়োজন নহয় ।

 

(ছ) ভাষাৰ বা অসমীয়া ভাষাৰ লিখিত রূপত ক্ষেত্রত কিছুমান নীতি-নিয়ম পালন কৰিব লাগে ।

    কথিৰ রূপৰ কোনো নির্দিষ্ট নিয়ম-নীতি নাই ।

 

(জ) ভাষাৰ লিখন রূপটোৰ বাবে, লিখণ দক্ষতা আরু ভাষাৰ রূপৰ অভ্যাস কৰাটো প্রয়োজনীয় ।

    কথিত ভাষাৰ উচ্চাৰণৰ স্পষ্টতাৰ বাবে, অভ্যাস কৰিব লাগে ।

 

(ঝ) ভাষাৰ লিখন দক্ষতাৰ বাবে, প্রথাগত আরু আধুনিক বাক্যতাত্ত্বিক জ্ঞানৰ প্রয়োজন ।

    কথিত রূপৰ বাবে, সুৰ-লহৰৰ প্রয়োজন হয় । সুৰ-লহৰৰ মাধ্যমেৰে, একেটা কথাকে বৰ্ণনাসূচক, প্রশ্নবোধক, বিস্ময়সূচক, ভাৱাৰ্থক আদি অর্থ প্রকাশ হয় ।   

 

(ঞ)  ভাষাৰ লিখন প্রক্রিয়া উন্নত হোৱাৰ নিমিত্তে অলংকাৰ, যুক্তাক্ষৰ, জতুৱা-ঠাচ আদি ব্যৱহাৰ কৰা হয় ।

    ভাষাৰ কথিত রূপটোৰ উন্নত হোৱাৰ বাবে, ধ্বনি আরু উচ্চাৰণৰ স্পষ্টতাৰ প্রয়োজন হয় ।  

 

# অসমীয়া ভাষাৰ লিখিত রূপটো কেনেদৰে আরু কাৰ সহায়ত লিখা হয় ? অসমীয়া ভাষাৰ লিখিত রূপৰ বিৱৰণ দিয়া ।

অথবাঃ # অসমীয়া ভাষাৰ উচ্চাৰণবোৰ বিভিন্ন আখৰেৰে কেনেদৰে লিখিত রূপ দিয়া হয়, আলোচনা কৰা ।

 

উত্তৰঃ অসমীয়া ভাষা লিখিবৰ বাবে সংস্কৃতৰ প্রতীক আরু বৰ্ণমালাৰ আখৰবোৰ ব্যৱহৃত হয় । অসমীয়া ভাষা লিখিবৰ বাবে দুখন বৰ্ণমালা আছে, স্বৰ বৰ্ণমালা আরু ব্যঞ্জন বৰ্ণমালা ।

অসমীয়া স্বৰ বৰ্ণমালাঃ

অসমীয়া ভাষাৰ স্বৰবৰ্ণমালাখনত সাধাৰণতে ১১ টা স্বৰধ্বনি আছে, সেয়া হৈছে- অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ

    কিন্তূ, অসমীয়া ভাষাত মুঠতে আঠ(৮)টা বিশিষ্ট স্বৰধ্বনি ব্যৱহৃত হয় । ইয়াৰে ছয় (৬)টা স্বৰবৰ্ণমালাখনত আছে, সেয়া হৈছে- অ, আ, ই, উ, এ আরু ও । লগতে, দুটা স্বৰ স্বৰবৰ্ণমালাখনত উপস্থিত নাই কিন্তূ অসমীয়া ভাষাত উচ্চাৰিত হয়, সেয়া হৈছে- অ’ আরু এ’ । লগতে, উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰি, মুখ্য আরু গৌণ আখৰ হিচাপে, দুই ভাগত ভগোৱা হৈছে । সেয়া হৈছে-

 

উচ্চাৰণ

মুখ্য আখৰ 

গৌণ আখৰ

ই, ঈ

ি , ী

এ’

এ’

ে-’

 

অ’

অ’

-’

উ, ঊ

ু , ূ , (রু), (রূ)

 

 

অসমীয়া ব্যঞ্জন বৰ্ণমালাঃ

অসমীয়া ভাষাত ব্যঞ্জন ধ্বনি সাধাৰণতে ২১ টা । সেয়া হৈছে-

ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, ৰ, ল, ৱ, শ, ষ, স, হ, ক্ষ, ড়, ঢ়, য়, ৎ, ং, ঃ, ঁ

    এই ২১ টা ব্যঞ্জন ধ্বনি উচ্চাৰণৰ বাবে আরু লিখিত রূপ দিবৰ বাবে ৪১ টা আখৰ বা চিন ব্যৱহাৰ কৰা হয় । সেয়া হৈছে-

উচ্চাৰণ

প্রতিনিধিত্বকাৰী আখৰ

ঙ, ং

চ, ছ, স, শ

ত, ট, ৎ

থ, ঠ

দ, ড

ধ, ঢ

ন, ণ

ব, ৱ

ৰ, ঢ়

স, ষ, শ

হ, ঃ

(অনুনাসিকতাৰ প্রয়োগ)

 

 

# আবেদন মানে কি ? আবেদন বুলিলে কি বুজা? আবেদন শব্দটো কেনেদৰে সৃষ্টি হৈছে ? আবেদনৰ আন নামবোৰ কি? আবেদন পত্র লিখাৰ কেতবোৰ বিধানৰ বিষয়ে লিখা । বা আবেদন লিখাৰ বিভিন্ন নিয়মসমূহ লিখা ।

উত্তৰঃ  আবেদন হৈছে- প্রাৰ্থনা ।

কোনো অনুমতি, সহায়, সুবিধা, বিষয়, বস্তু, তথ্য জনা আদি প্রাপ্তিৰ অর্থে কোনো বিশেষ ব্যক্তিলৈ প্রেৰণ কৰা উপযুক্ত বৈশিষ্ট্যযুক্ত পত্রক আবেদন বোলা হয় । 

    আবেদন শব্দটো- আ – বেদি – অন রূপকেইটা লগ-লাগি সৃষ্টি হৈছে । আবেদনৰ আন নামবোৰ হৈছে- প্রার্থনা পত্র, নিবেদন, দৰখাস্ত, আদি ।  

আবেদন পত্র লিখাৰ কেতবোৰ বিধান বা নিয়মবোৰ হৈছে-

(ক) আবেদনৰ আৰম্ভণিত ‘প্রতি’ বুলি বাওঁহাতে ব্যক্ত কৰি আবেদনখনৰ আৰম্ভণি কৰা হয় ।  

(খ)  তাৰ ঠিক তলতে, আবেদন কৰা জনৰ নাম বা বিষয়াৰ পদবি আরু ঠিকনা লিখিব লাগে ।

(গ) ইয়াৰ ঠিক তলতে, আবেদনৰ বিষয় লিখিব লাগে ।

(ঘ) আবেদনৰ বিষয়ৰ ঠিক তলতে তাৰিখটো দিব পৰা যায় । কিন্তূ, আজি-কালি প্রায়েই, ‘প্রতি’ ৰ সোঁফালে তাৰিখটো ব্যক্ত কৰা হয় ।

(ঙ) আবেদনৰ বিষয়ৰ পাছত, ‘মহাশয় / মহাশয়া’, ‘মাননীয় মহোদয়’, ‘সন্মানীয় মহাশয় বা মহোদয়’ আদি সন্মানসূচক শব্দৰ ব্যৱহাৰ কৰি সম্বোধন জনাব লাগে ।

(চ) ইয়াৰ ঠিক পাছতে, এক নতুন দফাত আবেদনৰ মূল বিষয়বস্তুৰ বিৱৰণ দিব লাগে ।

(ছ) আবেদনৰ মূল বিষয়বস্তুৰ বিৱৰণ দিয়াৰ পিছত, আন এক অতি চমু বাক্য বা দফাৰ মাধ্যমেৰে আবেদন মঞ্জুৰ কৰাৰ বাবে প্রাৰ্থনাসূচক বাক্য লিখিব লাগে ।

(জ) আবেদনৰ মূল বিষয়ৰ দফা আরু আবেদন মঞ্জুৰ কৰা দফা দুটাৰ পাছত, ‘ধন্যবাদেৰে’, ‘ধন্যবাদ সহ’, ‘আপোনাৰ বিশ্বাসী’, আদি উল্লেখ কৰি নিজৰ নাম আরু ঠিকনা ব্যক্ত কৰিব লাগে ।

(ঝ) যদি আবেদনৰ সৈতে কোনো নথি গাঁঠি দিয়া হয়, তেনেহ’লে ‘সংযুক্ত নথি’ বুলি লিখি- নথিসমূহৰ নাম লিখিব লাগে ।

 

# পৰম্পৰাগত আবেদন পত্রসমূহত কেনেদৰে ইংৰাজী ভাষা আরু ইংৰাজ/বৃটিছ লোকৰ প্রভাৱ পৰিলক্ষিত হয় ? আলোচনা কৰে ।

উত্তৰঃ ইংৰাজসকল বা বৃটিছ সকলক ১৮২৬ চনত ইণ্ডাবু সন্ধিৰ পাছত ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ৰ মাধ্যমেৰে ১৯৪৭ চনলৈকে অসমত শাসন প্রায় ১২১ বছৰ শাসন কৰিছিল । তেওঁলোকে, অসমৰ মানুহক একেবাৰে হোজা, বেঙা, দুৰ্বল, একো নজনা, অবজ্ঞ, আদি বুলি ভাবিছিল । লগতে, তেওঁলোকে অসমৰ মানুহক ‘চাকৰ’ বা ‘গোলাম’ তুল্য বুলি জ্ঞান আরু ব্যৱহাৰ কৰিছিল । যিহেতু, ব্রিটিছসকলৰ আবেদনৰ আদৰ্শত অসমীয়া আবেদনবোৰ লিখা হৈছিল আরু লিখা হয়, সেয়েহে ‘গোলাম সদৃশ জনতাৰ আবেদন’ৰ ভাষা আমাৰ অসমীয়া আবেদনবোৰত আজিও প্রচলিত হৈ আছে ।   

বিশেষকৈ, ‘আপোনাৰ একান্ত বিশ্বাসী’, ‘অতি সৰল প্রার্থনা’, ‘অনুগ্রহ কৰি’, ‘বিনীত নিবেদন’, ‘অধীনৰ বিনীত নিবেদন’ (beg to state that), আদি ‘গোলামৰ’ ভাৱধাৰাৰ অনুনয়-বিনয় আরু একান্ত সমপৰ্ণৰ ভাৱধাৰা প্রচলিত আছে । আজি কালিও এই পৰম্পৰাগত আবেদনসমূহত, এইটো প্রকাশ পাই যে ‘স্বাধীন ভাৰত’ৰ প্রতিজন চৰকাৰী বিষয়া বা বেচৰকাৰী বিষয়াই একো-একোজন ‘ইংৰাজী চাহাব’ আরু সাধাৰণ নাগৰিক বা জনতা তেওঁলোকৰ ‘গোলাম’ ।    

 

# একবিংশ শতিকাৰ দ্রুত গতিৰ বিকাশৰ লগতে বিজ্ঞান-প্রযুক্তি বিদ্যাৰ লগে লগে কেনেদৰে আবেদনৰ রূপৰ সাল-সলনি ঘটিছে ? ইয়াৰ বৈশিষ্ট্যৰাজি উদাহৰণসহ বুজাই লিখা ।

# আধুনিক আবেদনৰ লেখনিৰ বৈশিষ্ট্যৰে তোমাৰ বেংক একাউন্টৰ স্থানান্তকৰণৰ বাবে বেংকৰ শাখা মহাপ্রৱন্ধকলৈ এখন আবেদন লিখা ।

উত্তৰঃ একবিংশ শতিকাৰ দ্রুত গতিৰ বিকাশৰ লগতে বিজ্ঞান-প্রযুক্তি বিদ্যাৰ লগে লগে আবেদনৰ রূপৰ সাল-সলনি ঘটিছে । ইয়াৰ প্রধান বৈশিষ্ট্যবোৰ উদাহৰণৰে  সৈতে তলত আলোচনা কৰা হ’ল । 

 

প্রতি

শাখা মহাপ্রৱন্ধক / মৰমৰ বৰাদেউ,

ষ্টেট বেংক অৱ ইণ্ডিয়া বেংক,

মেইন ৰোড, তিনিচুকীয়া, 

 

বিষয়ঃ বেংক একাউন্ট স্থানান্তকৰণৰ আবেদন

তাৰিখঃ ০৩-০২-২০২১

 

মহাশয়,

    নিম্নস্বাক্ষৰকাৰীয়ে আপোনাক জনাওঁ যে মোৰ এক বিশেষ কাৰণত আপোনাৰ বেংকত থকা মোৰ একাউন্ট নম্বৰ- ৩৫১৩৫৯৯৫২৫৪, নামঃ ৰাম কলিতা, এই একাউন্টো ‘ডুমডুমা’ শাখালৈ স্থানান্তকৰাৰ এক প্রয়োজন হৈছে । সেয়েহে, অতি কম সময়ৰ ব্যৱধানত আপোনি মোৰ একাউন্টো উল্লেখিত শাখালৈ স্থানান্ত কৰি ‘গ্রাহক সেৱা’ আগবঢ়োৱাৰ বাবে আশা কৰিলো । 

                                                       ইতি

                                              আপোনাৰ প্রিয় গ্রাহক,

                                                          ৰাম কলিতা,

                                    ডুমডুমা, ৩ নং পালং লাইন, তিনিচুকীয়া,

 

ওপৰৰ আবেদনখনলৈ লক্ষ্য কৰিলে আমি কিছুমান বৈশিষ্ট্য আরু পৰম্পৰাগত আবেদনৰ মাজত পার্থক্য পৰিলক্ষিত হওঁ । সেয়া হৈছে-

(ক) আধুনিক আবেদনত, আবেদন কাৰীয়ে সাধাৰণতে নিজৰ অধিকাৰ আরু প্রাপ্য বিচাৰে ।

(খ) আবেদনকাৰীয়ে, ‘পৰম্পৰাগত’ আবেদনত কৰাৰ দৰে ‘অনুনয়’ বা ‘বিনয়’ নজনায় ।

(গ) আজি-কালি বা আধুনিক এই আবেদনবোৰত, সমকক্ষ বিষয়া হ’লে ‘প্রতি মাননীয়’ৰ সলনি ‘মৰমৰ’ বুলি সম্বোধন কৰে আরু ‘তেওঁৰ নাম বা উপাধি’ লিখে । 

(ঘ) পৰম্পৰাগত আবেদন লিখাৰ দৰে, এনে আবেদনবোৰত এজন ‘গোলাম’ হিচাপে চিঠিখন নিলিখে বা প্রকাশ নকৰে । 

(ঙ) এই আবেদনবোৰত, আবেদনকাৰী হৈছে এজন ‘অধিকাৰ প্রাপ্য ব্যক্তি’ বা ‘সেই সুবিধাৰ যোগ্য ব্যক্তি’ । 

(চ) এনে আবেদনবোৰত, মূল দফাৰ পিছত আকৌ নতুন দফাৰ ব্যৱহাৰ কৰি আবেদনৰ মঞ্জুৰ কৰি পুনৰ বিশেষ প্রার্থনা জনোৱা নহয় । 

 

    এনেদৰে, পৰম্পৰাগত আবেদনৰ সলনি কৰি নতুন আবেদনৰ এক পদ্ধতি আজি-কালি ব্যৱহৃত হ’ব ধৰিছে । কিন্তূ পৰম্পৰাগত পদ্ধতিৰ ব্যৱহাৰো নুই কৰিব নোৱাৰি । 

 

 

# তথ্যৰ জনাৰ অধিকাৰ আইনৰ অধীনত ‘আয়ৰ প্রমাণ পত্র’ৰ তথ্য বিচাৰি  এখন আবেদন লিখা ।

উত্তৰঃ

প্রতি,

জন তথ্য বিষয়া,

উপায়ুক্তৰ কাৰ্যালয়,

ডিব্রুগড় জিলা, অসম

তাৰিখঃ সোমবাৰ, ০১ ফেব্রুৱাৰী, ২০২১

 

বিষয়ঃ তথ্য জনা অধিকাৰ আইনৰ অধীনত ২০২০ বৰ্ষটোত প্রদান কৰা ‘আয়ৰ প্রমাণ পত্র’ সমূহৰ তথ্য বিচাৰি আবেদন

 

শ্রদ্ধাৰ জন তথ্য বিষয়া,

    তথ্য জনাৰ আইনৰ অধীনত তলত উল্লেখিত তথ্য প্রাপ্তিৰ বাবে এই আবেদন জনালোঁ ।

 

তথ্যৰ কালঃ ২০২০

তথ্যৰ সবিশেষঃ

(ক) ২০২০ বৰ্ষত আয়ৰ প্রমাণ পত্র প্রদান কৰা ব্যক্তিৰ সংখ্যা ।

(খ) ২০২০ বৰ্ষত ১ লাখ বা ১ লাখতকৈ কম, হিচাপে আয়ৰ প্রমাণ পত্র প্রদান কৰা লোকৰ সংখ্যা ।

 

আবেদনকাৰীৰ ঠিকনাঃ

সীতা দেৱী,

গৃহ সংখ্যা ১৪১,

আদৰ্শ বজাৰ, ডিব্রুগড়, অসম

 

সংযোজনঃ

এই আবেদনৰ সৈতে ১০ টকাৰ পি.পি.অ’ গাঁঠি দিয়া হ’ল ।

 

# পৰম্পৰাগত আবেদন লিখা পদ্ধতিৰ মাধ্যমেৰে মাটিৰ নামজাৰীৰ বাবে তোমাৰ এলেকাৰ চক্র বিষয়ালৈ এখন আবেদন লিখা ।

উত্তৰঃ

 

প্রতি,

মাননীয় চক্র বিষয়া,

ফুলনি ৰাজহ চক্র,

কাৰ্বি আংলং, অসম

 

বিষয়ঃ মাটিৰ নামজাৰী কৰাৰ বাবে আবেদন

তাৰিখঃ ০২-০২-২০২১

 

মহাশয়,

    অতি সাদৰেৰে বিনীত নিবেদন এইয়ে যে, মই ফুলনি ৰাজহ চক্রৰ দিফু থানাৰ অন্তৰ্গত পান কুমাৰ ডিমাচা গাওঁৰ এজন স্থায়ী বাসিন্দা হওঁ । উক্ত অঞ্চলৰ ৫ নং পাট্টাৰ ১৫৭ নং দাগত মোৰ পিতা লক্ষ্মণ কেম্পৰাইৰ নামত ৪ কঠা ২ লেচা মাটি নথিভুক্ত হৈ আছে । কিন্তূ, আপোনাক জনাব পাই দুখিত যে যোৱা মাহৰ ২৫-০১-২০২১ তাৰিখে মোৰ পিতৃ দেহৱসান হয় । সেয়েহে, উত্তৰাধিকাৰীসূত্রে মোৰ পিতাৰ নামত থকা উক্ত জমী মোৰ নামত নথিভুক্ত কৰিবলৈ সবিনয় আবেদন জনালোঁ ।

    দয়ালো মহোদয়ে মোৰ এই আবেদনৰ সন্মতি প্রকাশ কৰিব আরু উল্লেখিত জমি মোৰ নামত নামজাৰী কৰিব বুলি আশা কৰিলো ।  

                                                              ধন্যবাদেৰে

                                                             আপোনাৰ বিশ্বাসী

                                                           বিভীষণ কেম্পৰাই,

                                                         পিতা- লক্ষ্মণ কেম্পৰাই

                                                        গাওঁ- পান কুমাৰ ডিমাচা গাওঁ,

                                                        ডাকঘৰ আরু থানা- হাউৰাঘাট,

                                                       জিলা- কাৰ্বি আংলং, অসম, ৭৮২৪৮১

 

 

 # বিজ্ঞাপন কি? বিজ্ঞাপন বুলিলে বুজা? বিজ্ঞাপন প্রচাৰৰ মাধ্যমসমূহ লিখা । বিজ্ঞাপন কেইপ্রকাৰৰ আরু কি কি? বিজ্ঞাপনৰ ক্রমবিকাশ সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ বিজ্ঞাপন হৈছে- কোনো সামগ্রী বা সেৱাৰ অব্যক্তিগতভাৱে কৰা এক প্রচাৰ । বিজ্ঞাপন বুলিলে এক সামাজিক প্রচাৰক বুজা যায় যি কোনো বিশেষ সামগ্রী বা ধাৰণাৰ বা সেৱাৰ বাবে সকলো ব্যক্তিলৈ বাৰ্তা প্রেৰণ কৰে আরু প্রচাৰ কৰে ।

বিজ্ঞাপনৰ মাধ্যম সমূহ হৈছে- বাতৰি কাকত, দূৰদৰ্শন, ইউটিউব, ফেচবুক, কথা, পোষ্টাৰ, ইন্টাৰনেট, আলোচনী, আরু আন সামাজিক মাধ্যমবোৰ ।  

বিজ্ঞাপন দুই প্রকাৰৰ, বাণিজ্যিক আরু অবাণিজ্যিক বিজ্ঞাপন ।

বিজ্ঞাপনৰ ক্রমবিকাশঃ

(ক) চীন দেশৰ ইনান নগৰত খৃষ্টপূৰ্ব সাতশ বছৰৰ আগত, বিজ্ঞাপনৰ প্রাৰম্ভ হৈছিল বুলি কোৱা হয় । সৰ্বপ্রথম বিজ্ঞাপন হিচাপে চীনৰ লিউচ ফাইন্‌ নিড্‌ল শ্বপে ব্রঞ্জৰ ফলিত প্রচাৰ কৰিছিল । চীনা ভাষাত ফলিখনত লিখা আছিল এনেদৰে-

‘তাৎক্ষণিকভাৱে ঘৰত ব্যৱহাৰ কৰিব পৰাকৈ আমি উচ্চ মানসম্পন্ন সীহৰ কামি ক্রয় করোঁ আরু উচ্চ গুণবিশিষ্ট বেজী নিৰ্মাণ করোঁ, ।’  

 

(খ) চৈধ্যশ খৃষ্টাব্দত ছপাশালৰ আৱিস্কাৰ কৰা হৈছিল আরু কাগজৰ যোগেদি বিজ্ঞাপন বোৰৰ প্রচাৰ কৰা হৈছিল । প্রায়, ১৪৭৬-১৪৭৭ চনত লণ্ডনৰ কেক্‌চটন প্রেছে বহীৰ বিজ্ঞাপন কাগজত (পোষ্টাৰ) ছপা কৰাৰ মাধ্যমেৰে গিৰ্জাঘৰৰ প্রাচীৰসমূহত আঁৰি দিছিল যিটো ইংৰাজী ভাষাৰ সৰ্বপ্রথম ছপা বিজ্ঞাপন হিচাপে পৰিচিত হৈছিল ।

 

(গ) ইউৰোপত, ১৭ শতিকাত আলোচনীৰ জনপ্রিয়তা বৃদ্ধি হৈছিল আরু আলোচনীৰ জৰিয়তে বিজ্ঞাপনসমূহ প্রচাৰ কৰা হৈছিল । ইউৰোপত, বফ্‌তন নিউজ লেটাৰ পত্রিকাত মাটি বিক্রি কৰাৰ বাবে প্রকাশ কৰা বিজ্ঞাপনটোকে প্রথম আলোচনীত প্রকাশিত বিজ্ঞাপন হিচাপে ধৰা হৈছিল ।

 

(ঘ) আমেৰিকাত ১৮৩০ খ্রীষ্টাব্দত, বিলব’ৰ্ড বা ডাঙৰ আকৃতিৰ সমতলীয় ব’ৰ্ডৰ বিজ্ঞাপনৰ প্রচলন হৈছিল । জাৰেড বেল নামৰ এজন চিত্রকৰে এখন ৫০ বৰ্গফিটৰ ডাঙৰ ব’ৰ্ডত চাৰ্কাছৰ বিজ্ঞাপন কৰিছিল আরু প্রথমটো বিলব’ৰ্ড বিজ্ঞাপনৰ প্রচাৰ কৰিছিল ।  

 

(ঙ) অসমীয়া ভাষাত, অরুণোদয় আলোচনীত প্রথমটো অসমীয়া ভাষাত বিজ্ঞাপন প্রকাশ হৈছিল ।

 

(চ) পৰৱৰ্তী সময়ত, বাতৰি কাকত, দূৰদৰ্শন, ইন্টাৰনেট, ফেচবুক, টুইটাৰ, ইউটিউব আদিত বহুলভাৱে বিজ্ঞাপনবোৰ প্রচলন হৈছিল আরু হৈ আছে ।

 

#  বিজ্ঞাপনৰ ব্যৱহাৰ বা গুরুত্ব বা প্রয়োজনীয়তা সম্পর্কে লিখা ।

উত্তৰঃ  বিজ্ঞাপন হৈছে- কোনো সামগ্রী বা সেৱাৰ অব্যক্তিগতভাৱে কৰা এক প্রচাৰ । বিজ্ঞাপন বুলিলে এক সামাজিক প্রচাৰক বুজা যায় যি কোনো বিশেষ সামগ্রী বা ধাৰণাৰ বা সেৱাৰ বাবে সকলো ব্যক্তিলৈ বাৰ্তা প্রেৰণ কৰে আরু প্রচাৰ কৰে ।

বিজ্ঞাপনৰ মাধ্যম সমূহ হৈছে- বাতৰি কাকত, দূৰদৰ্শন, ইউটিউব, ফেচবুক, কথা, পোষ্টাৰ, ইন্টাৰনেট, আলোচনী, আরু আন সামাজিক মাধ্যমবোৰ ।  

বিজ্ঞাপন দুই প্রকাৰৰ, বাণিজ্যিক আরু অবাণিজ্যিক বিজ্ঞাপন ।

বিজ্ঞাপনৰ বিভিন্ন ব্যৱহাৰ বা গুরুত্ব বা প্রয়োজনীয়তা আছে । ইয়াৰে উল্লেখযোগ্য দিশসমূহ হৈছে-

(ক) বিজ্ঞাপনৰ মাধ্যমেৰে, সাধাৰণ জনগণক সহজে আকৰ্ষিত কৰিব পাৰে । বিজ্ঞাপনবোৰ দেখিলে, সাধাৰণ জনসাধাৰণে সহজে বিশ্বাস কৰে আরু সেই দ্রব্য বা সেৱাক অতি সহজে আদৰি লয় ।

(খ) বিজ্ঞাপনৰ জৰিয়তে, নতুন চাকৰি বা বিভাগৰ সেৱাৰ সন্দৰ্ভত সহজে যোগ্য পাৰ্থীসকলক অবগত কৰিব পাৰে । বিজ্ঞাপনৰ মাধ্যমেৰে, অতি সৰলভাৱে যোগ্যতা, দৰমহা, বয়স, অৰ্হতা, আদিসমূহৰ বিষয়ে জনাব পাৰি ।

(গ) বিজ্ঞাপনৰ জৰিয়তে, ব্যৱসায়ৰ আয় বৃদ্ধি কৰিব পাৰি । বাতৰি কাকত, দূৰদৰ্শন, ইউটিউব, ফেচবুক, কথা, পোষ্টাৰ, ইন্টাৰনেট, আলোচনী, আরু আন সামাজিক মাধ্যমবোৰৰ সহযোগত ব্যৱসায়ৰ উত্থান কৰিব পৰা যায় ।

(ঘ) প্রায়বোৰ কোম্পানীত নতুন নতুন দ্রব্যৰ আৱিস্কাৰ হৈ থাকে । সেই নতুন দ্রব্যসমূহৰ প্রভাৱ আরু কাৰ্যৰ বিষয়ে বিজ্ঞাপনৰ মাধ্যমেৰে সহজে মানুহক জনাব পাৰি ।

(ঙ) বৰ্তমান যুগ হৈছে গোলকীকৰণৰ যুগ । সেয়েহে, সমগ্র পৃথিৱীতে ব্যৱসায়-বাণিজ্যৰ প্রসাৰ কৰাৰ নিমিত্তে বিজ্ঞাপন হৈছে এক উত্তম আহিলা ।

(চ) বিজ্ঞাপনৰ মাধ্যমেৰে চমকপ্রদ্‌ সৃষ্টি কৰি ব্যৱসায়-বাণিজ্যৰ সমৃদ্ধি বৃদ্ধি কৰিব পাৰি । লগতে, কম-সময়ৰ ভিতৰতে জনপ্রিয়তা লাভ কৰিব পাৰি ।

    এনেদৰে, বিজ্ঞাপনে যোগাযোগৰ মাধ্যম আরু সেৱাসমূহৰ বহুল প্রসাৰ আরু প্রচাৰত সহায়ক হয় ।

 

# বিজ্ঞাপনৰ কেতবোৰ বৈশিষ্ট্য বা চৰ্তসমূহ আলোচনা কৰা ।

# বিজ্ঞাপনৰ প্রধান বৈশিষ্ট্যসমূহ লিখা ।

 

উত্তৰঃ বিজ্ঞাপনৰ কেতবোৰ বৈশিষ্ট্য বা চৰ্তৰ প্রয়োজন । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হৈছে-

(ক) আকৰ্ষণঃ

    বিজ্ঞাপন সাধাৰণতে আকৰ্ষণীয় হয় । বিজ্ঞাপন আকৰ্ষণীয় হ’লেহে সহজে মানুহৰ মন জয় কৰিব পাৰে ।

 

(খ) চুটি আরু সৰল প্রকৃতিৰঃ

    সাধাৰণতে বিজ্ঞাপনবোৰ চুটি আরু সৰল প্রকৃতিৰ হয় । বিজ্ঞাপন চুটি আরু সৰল প্রকৃতিৰ হ’লে উপভোক্তাই কম সময়ত আরু সহজে ইয়াৰ বিষয়বস্তু বুজাত সহায়ক হ’ব ।

 

(গ) বহুমুখী ভাষাঃ

    বিজ্ঞাপনৰ ভাষা বহুমুখী হয় । বিজ্ঞাপনৰ ভাষাৰৰ বহুমুখীতা গুণ থাকিলেহে বিজ্ঞাপনটোত থকা বক্তব্য ভিন্নভাৱে ভিন্নজনে ব্যাখ্যা কৰিবলৈ সক্ষম হয় ।

 

(ঘ) ধনাত্মকতাঃ

    প্রায়বোৰ বিজ্ঞাপনেই ধনাত্মকতা প্রকাশ কৰে । বিজ্ঞাপনৰ ধনাত্মকতা গুণ থাকিলেহে সকলো গ্রাহক তাৰ প্রতি আকৃষ্ট হয় ।

 

(ঙ) বর্তমান কাল বা সময়ৰ প্রসংগঃ

    বিজ্ঞাপন সাধাৰণতে বর্তমান সময়ৰ বা প্রসংগৰ হয় । কাৰণ, বিজ্ঞাপনৰ প্রাসংগিকতাইহে মানুহৰ মন সহজে আকৰ্ষিত কৰিব পাৰে ।

 

(চ) প্রভাৱশালী ভাষাঃ

    বিজ্ঞাপনৰ ভাষা সদায় অতি আকৰ্ষিত, মধুৰ আরু প্রভাৱশালী হয় । প্রভাৱশালী ভাষাই বিজ্ঞাপনক আকৰ্ষিত আরু মূল বিষয়ৰ প্রতি আকৃষ্ট কৰায় ।

    এনেদৰে বিভিন্ন গুণ আরু বৈশিষ্ট্যৰে বিজ্ঞাপনসমূহ প্রস্তুত কৰা হয় আরু এই নীতিসমূহ বিজ্ঞাপন প্রস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰিব লাগে ।  

 

# অসমীয়া ভাষাৰ বিজ্ঞাপনসমহৰ আসোৱাহসমূহৰ এক চমু আভাস দিয়া ।

উত্তৰঃ সচৰাচৰ আমি দেখি থকা অসমীয়া বিজ্ঞাপনসমূহৰ ভালেমান আসোৱাহ পৰিলক্ষিত হয় । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হৈছে-  

(ক) অসমীয়া বিজ্ঞাপনবোৰত বানানৰ বিসংগতিয়ে দেখা দিয়ে ।

(খ) প্রায়বোৰ অসমীয়া বিজ্ঞাপনত, ব্যাকৰণৰ শুদ্ধতাৰ কম পৰিমাণে পৰিলক্ষিত হয় ।

(গ) অসমীয়া বিজ্ঞাপনবোৰত, কিছুমান শব্দসমূহৰ অপপ্রয়োগ হোৱা যেন লাগে ।

(ঘ) দূৰদৰ্শনসমূহত প্রচলিত বাহিৰৰ বিজ্ঞাপনসমূহৰ অসমীয়া ভাঙনিত ভুল উচ্চাৰণ আরু অশুদ্ধ রূপসমূহ ফুটি উঠে ।  

(ঙ) অসমীয়া ভাষাৰ বহুতো বিজ্ঞাপন, অভিজ্ঞ আরু জ্ঞান নথকা লোকৰ দ্বাৰা প্রস্তুত কৰা হয় । যাৰ বাবে, বহুতো ভুল-ক্রুটি ৰৈ যায় ।

(চ) বিজ্ঞাপনবোৰত ব্যৱহাৰ হৈ থকা অসমীয়া ভাষাৰ অপ-প্রয়োগে ভাষাটোৰ প্রতি এক সংকট আনি দিছে ।

    সেয়েহে, এই ভুল-ক্রুটিসমূহ নিঃশেষ কৰি অসমীয়া ভাষাৰ বিজ্ঞাপনবোৰ প্রচলন হ’লেহে সাধাৰণ জনসাধাৰণে সহজে আরু শুদ্ধকৈ বিষয়সমূহক বুজিব পাৰিব আরু অসমীয়া ভাষাৰ সঠিক প্রয়োগ কৰা হ’ব ।  

 


updating...........