# বহলাই লিখা (Write elaborately):
(ক) দৰ্শনৰ প্রকৃতি (Nature of Philosophy)
(খ) দৰ্শনৰ পৰিসৰ (Scope of Philosophy)
উত্তৰঃ (ক) দৰ্শনৰ প্রকৃতি (Nature of Philosophy):
দৰ্শন হৈছে- জীৱ-জগতক বিশ্লেষণ কৰি তাৰ মূল্য নিরূপণ কৰা আরু পৰমসত্ত্বাক উপলব্ধি কৰাৰ এক প্রয়াস । দৰ্শনৰ আন আন উল্লেখনীয় প্রকৃতি হৈছে এনেধৰণৰঃ
(ক) সু-সংবদ্ধ চিন্তা-চৰ্চাঃ
সকলো মানুহে চিন্তা কৰে । কিন্তূ দৰ্শনৰ চিন্তা হৈছে সু-সংবদ্ধ অৰ্থাৎ দৰ্শনৰ চিন্তাৰ প্রকৃতি হৈছে সু-সংবদ্ধ ।
(খ) ধাৰণাৰ যুক্তিযুক্ততাঃ
সাধাৰণ মানুহৰ ধাৰণা সৰ্বজনগৃহীত নহ’ব পাৰে । কিন্তূ দৰ্শনৰ ধাৰণাৰ যুক্তিযুক্ততা আছে অথবা দৰ্শনত উল্লেখিত ধাৰণাসমূহৰ বাস্তৱতা বিৰাজমান ।
(গ) দাৰ্শনিক চিন্তা জটিল আরু পথ দুৰ্গমঃ
চক্রেটিছ, কান্ট, প্লেটো, ডেকাৰ্ট আদি দাৰ্শনিকসকলৰ চিন্তা কাৰ্য অতি জটিল প্রকৃতিৰ যিসকলে আমাৰ বাস্তৱিক জীৱনৰ সমস্যাৰাজিৰ সমাধানৰ পথ আগবঢ়াইছিল । সেয়েহে, দৰ্শনৰ চিন্তাৰ পথ সুগম নহয় ।
(ঘ) দৰ্শনত ভাৱপ্রৱণতাৰ স্থান নাইঃ
দৰ্শনত সাধাৰণতে ভাৱপ্রৱণতাৰ স্থান নাই অর্থাৎ ভাৱনাৰে জড়িত সকলো সিদ্ধান্ত ইয়াত গ্রহণযোগ্য নহয় । দৰ্শনত সত্য আরু বাস্তৱৰহে স্থান আছে ।
(ঙ) দাৰ্শনিক পদ্ধতি যুক্তিসংগতঃ
দৰ্শন যুক্তিৰ ওপৰত প্রতিষ্ঠিত । প্রতিটো সিদ্ধান্তৰ প্রামাণযোগ্য যুক্তিৰ মাধ্যমেৰেহে দৰ্শনত গ্রহণযোগ্য হয় ।
(চ) দৰ্শনৰ দৃষ্টিভংগী জগতজোৰাঃ
বিজ্ঞানীসকলে সাধাৰণতে কোনো এক জগতৰ বিষয়হে (জীৱবিজ্ঞান, ৰাসায়নবিজ্ঞান, পৰিৱেশ বিজ্ঞান আদি) আলোচনা কৰে । কিন্তূ দৰ্শনে সমগ্র জগতৰ বিষয়ে আলোচনা কৰে ।
(ছ) দৰ্শন মানৱ জীৱনৰ এক যুক্তিপূৰ্ণ অনুচিন্তনঃ
দৰ্শনে আত্মা, ঈশ্বৰ আরু পৃথিৱীৰ সকলো বিষয়ক লৈ আলোচনা কৰে । সেয়েহে, মানৱ জীৱনৰ এক যুক্তিপূৰ্ণ অনুচিন্তন হিচাপে দৰ্শন প্রতিষ্ঠিত হয় ।
(জ) মানৱৰ চিন্তাধাৰাৰ প্রকৃতি হ’ন দৰ্শনঃ
সাধাৰণতে, মানুহ চিন্তাশীল প্রাণী । মানুহৰ চিন্তা কৰাৰ এই মানসিকতাৰ পৰাই দৰ্শনৰ উদ্ভাৱণ বুলি ক’ব পৰা যায় ।
(খ) দৰ্শনৰ পৰিসৰ (Scope of
Philosophy) :
দৰ্শনৰ পৰিসৰ অতি ব্যাপক । দৰ্শনে বিশ্বব্রহ্মাণ্ডৰ প্রায় সকলো দিশকে সামৰি লৈছে । দৰ্শনৰ আন উল্লেখনীয় পৰিসৰ সমূহ হ’লঃ
(ক) জীৱ-জগতৰ ৰহস্যপূৰ্ণ বিষয়ৰাজিৰ ব্যাখ্যাঃ
জীৱ-জগতৰ ৰহস্যপূৰ্ণ বিষয়ৰাজিৰ ব্যাখ্যা দৰ্শনৰ পৰিসৰৰ অন্তৰ্গত । দৰ্শনে আমি বাস্তৱত নেদেখা প্রায় সকলো ৰহস্যজনক বিষয়ৰ ধাৰণা আরু ব্যাখ্যা আগবঢ়ায় ।
(খ) জ্ঞান-বুদ্ধিৰ বিচাৰঃ
দৰ্শনৰ মূল উদ্দেশ্য হৈছে জ্ঞান-বুদ্ধিৰ বিচাৰ কৰা । দেহ-আত্মা, ভাল-বেয়া, উচিত-অনুচিত, আদি বিষয়ৰ জ্ঞান-বুদ্ধিৰ সন্দৰ্ভত দৰ্শনে আলোচনা কৰে ।
(গ) ঈশ্বৰ, আত্মা আরু জগতৰ স্বরূপঃ
ঈশ্বৰ, আত্মা আরু জগতৰ স্বরূপৰ আলোচনাও দৰ্শনৰ পৰিসৰৰ অন্তৰ্গত । দৰ্শনে ঈশ্বৰ, আত্মা আরু জগতৰ স্বরূপ সম্বন্ধে বিভিন্ন যুক্তি আরু ব্যাখ্যা আগবঢ়াইছে ।
(ঘ) জ্ঞানৰ আলোচনা বা জ্ঞান-বিজ্ঞানঃ
দৰ্শনৰ পৰিসৰৰ অন্তৰ্ভুক্ত আন এক আলোচ্য বিষয় হৈছে- জ্ঞান-বিজ্ঞান । দৰ্শনে এই শিতানত জ্ঞানৰ পৰিধি আরু জ্ঞানৰ সীমাৰ সম্পর্কে আলোচনা কৰে ।
(ঙ) প্রকাশ বিজ্ঞানঃ
দৰ্শনৰ ‘প্রকাশ বিজ্ঞান’ শাখাত দৃশ্যমান প্রকৃতি আরু জগতৰ বিষয়ৰাজিক লৈ আলোচনা কৰে । এই সম্পর্কে দৰ্শনে বিভিন্ন যুক্তি আরু বিচাৰ-বিবেচনা আগবঢ়াইছে ।
(চ) পৰাবিজ্ঞান বা অধ্যাত্ম বিজ্ঞানঃ
পৰাবিজ্ঞান বা অধ্যাত্ম বিজ্ঞানো দৰ্শনৰ পৰিসৰৰ ভিতৰত পৰে । এই শিতানত, আত্মাৰ অমৰত্ব, ঈশ্বৰৰ সৈতে জগতৰ সম্পর্ক, আদি আধ্যাত্ম বিষয়ৰাজিক আলোচনা কৰা হয় ।
(ছ) মূল্যবিজ্ঞানঃ
মূল্যবিজ্ঞান হৈছে দৰ্শনৰ আন এক উল্লেখনীয় পৰিসৰ । দৰ্শনে, এই ভাগৰ মাধ্যমেৰে জীৱনৰ মূল্যৰ আধাৰ হিচাপে ‘সত্যম (সত্য), শিৱম (ভগৱান), সুন্দৰম (সুন্দৰ)’ক পৰম মূল্য হিচাপে আরু আদৰ্শৰ স্বরূপ হিচাপে ব্যাখ্যা কৰে ।
এইদৰে জড়জগত, জীৱজগত আরু বিশ্ব-ব্রহ্মাণ্ডৰ প্রায় সকলো বিষয়ৰাজিৰ আলোচনা দৰ্শনৰ পৰিসৰৰ অন্তৰ্গত ।
# দৰ্শন কাক বোলে ? শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্রম, পাঠ্যপুথি, শিক্ষণ প্রণালী, অনুশাসন আরু শিক্ষকক দৰ্শনে কেনেদৰে প্রভাৱান্বিত কৰে, আলোচনা কৰা ।(What is Philosophy? How Philosophy influence in the determination of aims of education, Curriculum, Text Book, Methods of Teaching, Discipline and Teacher? )
অথবাঃ চমুটোকা লিখাঃ শিক্ষাৰ দৰ্শনভিত্তিক দিশসমূহ ।
অথবাঃ শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত দৰ্শনৰ প্রভাৱ কেনেদৰে পৰিছে? বৰ্ণনা
কৰা ।
উত্তৰঃ প্রকৃতিৰ ব্যাপক
অৰ্থৰ অনুসন্ধানৰ লগতে প্রকৃতি প্রতিটো বিষয়ৰ বিশ্বজনীন ব্যাখ্যা দাঙি ধৰাৰ কৰা
প্রচেষ্টাক দৰ্শন বোলে । (হেন্দেৰসন, Henderson)
ৰেমন্ট (Raymont) ৰ মতে, “দৰ্শন হ’ল কোনো কোনো বিশেষ কাৰ্যৰ লগত নিহিত থকা সাধাৰণ সত্য আরু কোনো এক দৃশ্যমান বিষয়ৰ লগত নিহিত হৈ থকা বাস্তৱতাক বাহিৰ কৰি আনিবৰ বাবে কৰা এক অন্তহীন প্রচেষ্টা ।”
শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্রম, পাঠ্যপুথি, শিক্ষণ প্রণালী, অনুশাসন আরু শিক্ষকক দৰ্শনে বহুলভাৱে প্রভাৱান্বিত কৰে । শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্রত দৰ্শনে কিছুমান চূড়ান্ত মূল্য নিরূপণ কৰিছে । ইয়াৰ মাধ্যমেৰে, শিক্ষাৰ সুপৰিকল্পিত লক্ষ্য নিৰ্ধাৰণত সহজসাধ্য হৈছে । দৰ্শনে মানুহৰ জীৱনৰ কিছুমান ‘জীৱন মূল্যবোধ’ৰ নিৰ্ণয় কৰিছে । যাৰ মাধ্যমেৰে, শিক্ষাৰ পাঠ্যক্রম প্রস্তুতি আরু পাঠ্যপুথি প্রণয়নত সহায়ক হৈছে । দৰ্শনৰ প্রণালী হৈছে জ্ঞানৰ সত্যাতাৰ বিচাৰ আরু উদ্ঘাটন কৰা । ইয়াৰ মাধ্যমেৰে, শিক্ষণৰ প্রণালী প্রস্তুতিত দৰ্শনে সহায় কৰিছে । লগতে, শিক্ষাৰ নিৰ্দেশনা, উদ্দেশ্য আরু ফলাফলৰ বিষদভাৱে দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে । যাৰ মাধ্যমেৰে অনুশাসনৰ দিশতো নীতি গ্রহণ কৰাত সহায়ক হয় । প্লেট’, এৰিষ্ট’টল, ডেকাৰ্ট আদি মহান দাৰ্শনিকসকলৰ আদৰ্শ শিক্ষকসকলৰ জীৱনত প্রতিফলিত হয় । ইয়াৰ মাধ্যমেৰে, শিক্ষকসকলে, শিক্ষাৰ্থীসকলক জ্ঞান প্রদান কৰাত সফল হয় ।
এনেদৰে, দৰ্শনে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্রম, পাঠ্যপুথি, শিক্ষণ প্রণালী, অনুশাসন আরু শিক্ষকৰ ওপৰত প্রভাৱ পেলায় ।
# শিক্ষা দৰ্শন কি? শিক্ষাৰ লগত দৰ্শনৰ সম্পর্কৰ
বিষয়ে লিখা ।
(What is Educational Philosophy? Write about the relation
between Education and Philosophy.)
অথবাঃ ‘দৰ্শনে লক্ষ্য নিৰ্ধাৰণ কৰে আরু শিক্ষাই লক্ষ্যত উপনীত হোৱাত
সহায় কৰে ।’ , উক্তিটো বিচাৰ কৰা ।
অথবাঃ চমুটোকা লিখাঃ
দৰ্শনৰ লগত শিক্ষাৰ সম্পর্ক
অথবাঃ শিক্ষাৰ সৈতে দৰ্শনৰ সম্পর্ক কেনেধৰণৰ আলোচনা কৰা ।
উত্তৰঃ শিক্ষা দৰ্শন হৈছে দৰ্শনৰ কাৰ্যকৰী আরু ব্যৱহাৰিক দিশ । শিক্ষা দৰ্শন হৈছে ব্যক্তি জীৱনৰ ভেটীৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰে ।
শিক্ষাৰ লগত দৰ্শনৰ ওতঃপোতঃ সম্পর্ক আছে । ইয়াৰ মূল দিশবোৰ হৈছে-
(ক)দাৰ্শনিক ফিতছে (Fitche)ৰ মতে ‘শিক্ষা কলাই দৰ্শনৰ অবিহনে পূৰ্ণতা লাভ কৰিব নোৱাৰে । গতিকে, দুয়ুটাৰ মাজত ক্রিয়া-প্রতিক্রিয়া বিদ্যমান । ইয়াৰ এটাৰ অবিহনে আনটো অসম্পূৰ্ণ আরু অকৰ্মন্য হৈ পৰিব’ ।
(খ) জন দেউই (John Dewey) ৰ মতে, ‘দৰ্শনেই হৈছে শিক্ষাৰ সাধাৰণ ক্রমবিৱৰ্তন স্তৰৰ মূল তত্ত্ব ।’
(গ) জেম্স ৰস (James Ross) ৰ মতে, ‘শিক্ষাই হৈছে দৰ্শনৰ গতিশীল দিশ’ । অর্থাৎ দৰ্শনৰ গতিশীল দিশসমূহৰ ক্ষেত্রত শিক্ষাই মুখ্য ভূমিকা গ্রহণ কৰে ।
(ঘ) জেন্তিলে (Gentile) ৰ মতে, ‘দৰ্শনৰ অবিহনে শিক্ষাৰ প্রকৃত স্বরূপ উপলব্ধি কেতিয়াও হ’ব নোৱাৰে ।’ অর্থাৎ দৰ্শনে শিক্ষাৰ প্রকৃত স্বরূপ উপলব্ধি কৰাত সহায় কৰে ।
(ঙ) দৰ্শন হৈছে মূলতত্ব আরু শিক্ষা হৈছে কাৰ্যকৰী দিশ । দৰ্শনে জীৱনৰ প্রয়োজন আরু লক্ষ্যৰ বিষয়ে জ্ঞান প্রদান কৰে আরু শিক্ষাই সেই জীৱনৰ প্রয়োজনৰ সাধনৰ বাবে উপযুক্ত উপায় দাঙি ধৰে ।
(চ) সাধাৰণতে, ‘দৰ্শন চিন্তামুখী আরু শিক্ষা কর্মমুখী’ । কাৰণ, শিক্ষাই হৈছে দৰ্শনৰ প্রায়োগিক দিশক প্রয়োগ কৰে ।
(ছ) দৰ্শন আরু শিক্ষা, দুয়ুটা বিষয় একেলগে আৰম্ভ আরু গতি কৰে । কাৰণ, যিবোৰ সত্য, নীতি, আদৰ্শ আরু তত্ত্ব দৰ্শনৰ দ্বাৰা প্রতিষ্ঠিত হয়, সেইবোৰ শিক্ষণ প্রণালীত প্রয়োগ হয় ।
(জ) শিক্ষাৰ সৈতে জড়িত বিভিন্ন প্রশ্নৰাজিৰ উত্তৰ দৰ্শনৰ মাধ্যমেৰে প্রদান কৰিব পাৰি । লগতে, শিক্ষাৰ সৈতে জৰ্জৰিত সমস্যাৰাজিৰ সমাধান দৰ্শনৰ মাধ্যমেৰে সমাধান কৰিব পৰা যায় ।
(ঝ) শিক্ষাৰ যুক্তিযুক্ততা, শিক্ষাৰ নিদৰ্শন, শিক্ষাৰ উদ্দেশ্য, শিক্ষাৰ ফলাফল আদিও দৰ্শনৰ মাধ্যমেৰে আলোকপাত কৰা হয় । লগতে, শিক্ষাৰ আঁচনি আরু পৰিকল্পনাৰ ক্ষেত্রতো দৰ্শনে সহায় কৰে ।
(ঞ) দৰ্শনে শিক্ষাৰ লগত জড়িত বিভিন্ন কর্ম, অভিজ্ঞতা আরু আন উপাদানসমূহৰ প্রয়োগ স্পষ্ট আরু সুদৃঢ় কৰি তুলে । যাৰ মাধ্যমেৰে শিক্ষাৰ কারু-কাৰ্য সুচারুরূপে সাধন কৰা হয় ।
এইদৰে দেখা যায় , শিক্ষা আরু দৰ্শনৰ মাজত ওতঃপোতঃ সম্পর্ক আছে । সেয়েহে ইয়াৰ জৰিয়তে বিচাৰ কৰিব পাৰি যে, ‘দৰ্শনে লক্ষ্য নিৰ্ধাৰণ কৰে আরু শিক্ষাই লক্ষ্যত উপনীত হোৱাত সহায় কৰে ।’