তৃতীয় গোট- সামাজিক মাধ্যম আরু অসমীয়া ভাষাঃ ইন্টাৰনেট, ফেচবুক আরু টুইটাৰ , B.A. 1st Semester, Assamese, by Podmeswar

# সামাজিক মাধ্যম কি? কেইটামান সামাজিক মাধ্যমৰ উদাহৰণ দিয়া । সামাজিক মাধ্যমৰ কেতবোৰ বৈশিষ্ট্য লিখা ।

উত্তৰঃ সামাজিক মাধ্যম হৈছে ইন্টাৰনেট সেৱাৰ মাধ্যমেৰে, কম্পিউটাৰ আরু আন ইলেক্ট্রনিক মাধ্যম (মোবাইল, লেপটপ আদি)ৰ সহযোগত যোগাযোগ ব্যৱস্থাৰ সম্প্রসাৰণ কৰা এক প্রযুক্তি যি কিছুমান বিষয়, তথ্য, ধাৰণা আদিৰ প্রস্তুত, প্রসাৰ আরু প্রচাৰ কৰাত সহায় কৰে ।

    কিছুমান সামাজিক মাধ্যম হৈছে- ৱাটছ্‌এপ, ফেচবুক, টুইটাৰ, টিক্‌টক্‌, অৰ্কুট আদি ।

    সামাজিক মাধ্যমৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয় । ইয়াৰ ভিতৰত উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হৈছে-

 

(ক) প্রয়োগঃ

    সামাজিক মাধ্যমবোৰৰ প্রয়োগ কিছুমান একাউণ্টৰ মাধ্যমেৰে সাধন হয় । ইয়াৰ বাবে, ব্যৱহাৰ কৰাৰ আগমুহূৰ্তত ব্যৱহাৰকৰোতাসকলে নিজা একাউন্ট বনাব লগা হয় (Sign Up)

 

(খ) সামাজিক মাধ্যমৰ ব্যয়ঃ

সামাজিক মাধ্যমবোৰৰ ব্যৱহাৰ কৰাৰ বাবে কোনো মাননি খৰচ বা ফিচ্‌ জমা দিব নালাগে । কিন্তূ এইবোৰ ব্যৱহাৰ কৰাৰ বাবে ‘ইন্টাৰনেট’ৰ প্রয়োজন হয় আরু ‘ইন্টাৰনেট পেক’ ভৰাব লগা হয় ।

 

(গ) নির্ভৰ ব্যৱস্থাঃ

সামাজিক মাধ্যমসমূহ সাধাৰণতে পাৰস্পৰিকভাৱে সক্রিয় ৱেব ২.০ (Web 2.0 Internet) ইন্টাৰনেটৰ নির্ভৰ ব্যৱস্থা হিচাপে প্রতিষ্ঠিত হয় ।

 

(ঘ) সামাজিক মাধ্যমৰ সামগ্রীঃ

    ব্যৱহাৰকৰোতা সকলৰ ছবি, কথা, গীত, ভিডিঅ’, চিহ্ন, বক্তব্য, আদিবোৰ হৈছে সামাজিক মাধ্যমৰ সামগ্রী যিবোৰ সামাজিক মাধ্যমবোৰৰ জৰিয়তে প্রচাৰ কৰা হয়

 

(ঙ) সামাজিক মাধ্যমৰ সক্রিয় ব্যৱস্থাঃ

সামাজিক মাধ্যমবোৰৰ সক্রিয় কৰিবৰ বাবে স্মাৰ্টফোন, কম্পিউটাৰ, লেপটপ, আদি ব্যৱহাৰ কৰিব পাৰে ।

 

(চ) সামাজিক মাধ্যমৰ প্রয়োগকৰ্তাঃ

    সামাজিক মাধ্যমবোৰৰ প্রয়োগকৰ্তা যিকোনো ব্যক্তি বা দল হ’ব পাৰে । কিন্তূ কিছুমান সামাজিক মাধ্যমত বয়স, ১৮ বছৰৰ বাঞ্চনিয় হয় । 

 

(ছ) সংযোগ আরু যোগাযোগঃ

    সামাজিক মাধ্যমসমূহত, প্রয়োগকাৰীসকলে নিজৰ বক্তব্য, ছবি, ভিডিঅ’, কথা, গীত আদিৰ মাধ্যমেৰে আন সেই মাধ্যমত থকা ব্যক্তিসকলৰ সৈতে সংযোগ আরু যোগাযোগ কৰিব পাৰে ।

 

# সামাজিক মাধ্যমৰ ব্যৱহাৰ আরু প্রয়োগৰ বিষয়ে আলোচনা কৰা ।

# সামাজিক মাধ্যমসমূহৰ ইতিবাচক দিশসমূহ উল্লেখ কৰা ।

(এই উত্তৰৰ মাধ্যমেৰে সকলো সামাজিক মাধ্যমৰ ব্যৱহাৰ, ইতিবাচক দিশ আরু প্রয়োগ সম্পর্কে আলোচনা কৰিব পাৰি ।)  

উত্তৰঃ  সামাজিক মাধ্যম হৈছে ইন্টাৰনেট সেৱাৰ মাধ্যমেৰে, কম্পিউটাৰ আরু আন ইলেক্ট্রনিক মাধ্যম (মোবাইল, লেপটপ আদি)ৰ সহযোগত যোগাযোগ ব্যৱস্থাৰ সম্প্রসাৰণ কৰা এক প্রযুক্তি যি কিছুমান বিষয়, তথ্য, ধাৰণা আদিৰ প্রস্তুত, প্রসাৰ আরু প্রচাৰ কৰাত সহায় কৰে ।

সামাজিক মাধ্যমৰ বিভিন্ন ব্যৱহাৰ আরু প্রয়োগ পৰিলক্ষিত হয় । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হ’ল-

(ক) সংযোগ আরু যোগাযোগঃ

    সামাজিক মাধ্যমবোৰৰ মাধ্যমেৰে আমি বিভিন্ন জন লোকৰ সৈতে সংযোগ আরু সহজে যোগাযোগ ৰক্ষা কৰিব পাৰো । সামাজিক মাধ্যমবোৰৰ সহযোগত আমি নিজৰ আত্মীয় স্বজন আরু মিতিৰ-কুটুমৰ সৈতেও পলকতে সংযোগ আরু যোগাযোগ সাধন কৰিব পাৰো ।

 

(খ) তথ্যৰ প্রেৰণঃ

    সামাজিক মাধ্যমবোৰৰ জৰিয়তে, আমি বিভিন্ন তথ্যৰ প্রেৰণ কৰিব পাৰো । লগতে, সেই তথ্য ৰাজি অন্যৰ সৈতে ‘শ্বেয়াৰ’ বা ভাগ-বতৰা কৰিব পাৰো ।

 

(গ) ধাৰণাৰ প্রসাৰ আরু প্রচাৰঃ

    সামাজিক মাধ্যমবোৰৰ জৰিয়তে আমাৰ নতুন ধাৰণাবোৰৰ প্রসাৰ ঘটে । সমসাময়িকভাৱে, অভিজ্ঞতাৰ আরু চিন্তা-চৰ্চাৰ মাধ্যমেৰে আমাৰ মনলৈ অহা নতুন ধাৰণাসমূহৰ প্রচাৰ কৰিব পাৰো ।

 

(ঘ) ডকুপেন্ট প্রেৰণঃ

    সামাজিক মাধ্যমবোৰৰ সহযোগত পলকতে আমাৰ লাগতিয়াল ‘ডকুপেন্ট’ অন্য এজনলৈ প্রেৰণ কৰিব পাৰো । অতি কম সময়ত, ‘ডিজিটেলি’ আমি আমাৰ কাগজ, নথি-পত্র আদি প্রেৰণ কৰিব পাৰো ।

 

(ঙ) সামাজিক কু-সংস্কাৰ আরু অপসংস্কৃতিৰ বিপক্ষে বিশ্লেষণঃ

    সামাজিক মাধ্যমবোৰৰ মাধ্যমেৰে সমাজত চলি থকা কু-সংস্কাৰ আরু অপসংস্কৃতিৰ বিপক্ষে নিজৰ মতা-মত প্রকাশ কৰিব পাৰো । ইয়াৰ উপৰিও, সমাজত চলি থকা অনুচিত কাম-কাজৰ বিপক্ষে মাত মাতিব পাৰো ।

 

(চ) সহায়ক বা সাৰথি হিচাপে প্রয়োগঃ

    সামাজিক মাধ্যমবোৰৰ সৈতে বহুতো গুণী আরু জ্ঞানীলোক জড়িত হৈ থাকে । তেওঁলোকৰ পৰা আমাৰ বাস্তৱিক জীৱনত ঘটা সমস্যাৰাজিৰ সমাধানৰ সূত্র বিচাৰি পাব পাৰো ।

 

(ছ) আনৰ সহায়ক আরু সাৰথিঃ

    বিপদত পৰা জনক সহায় কৰাতো মানুহৰ পৰম উত্তম কাৰ্য । সেয়েহে, কোনোবা বিপদত পৰা জনক সাধ্য অনুসাৰে, সামাজিক মাধ্যমসমূহৰ জৰিয়তে আমি সহায় কৰিব পাৰো ।

 

(জ) বিনোদনমূলকঃ

    সামাজিক মাধ্যমবোৰ আমাৰ বাস্তৱিক জীৱনৰ অৱসাদ দূৰ কৰে । লগতে, আজৰি সময়ৰ বিনোদনমূলক মাধ্যম হিচাপে সামাজিক মাধ্যমসমূহক ব্যৱহাৰ কৰিব পৰা যায় 

    এনেদৰে, আজি-কালি সামাজিক মাধ্যমবোৰে এক অতি বিশেষ স্থান দখল কৰি আছে আরু এই বিজ্ঞান-প্রযুক্তি যোগত সকলোকে সমভাৱে আগুৱাই নিয়াত সহায় কৰে ।  

 

# ইন্টাৰনেটৰ পৃথিৱীত কিমান চনত আরু কোনটো ‘এপ্লিকেচন’ বা ‘ৱেব পৰটল’ আৰ্ৱিভাৱ ঘটিছিল ? তাৰ পৰৱৰ্তী সময়ত আৱিস্কাৰ হোৱা কিছুমান সামাজিক মাধ্যমৰ নাম লিখা ।

উত্তৰঃ ১৯৯৭ চনত ইন্টাৰনেটৰ পৃথিৱীত প্রথমটো ‘এপ্লিকেচন’ বা ‘ৱেব পৰটল’ হিচাপে ‘ছিক্স ডিগ্রীছ’ (Six Degrees)ৰ আৰ্ৱিভাৱ ঘটিছিল । এই সামাজিক মাধ্যমটোৰ জৰিয়তে ব্যৱহাৰ কৰোতাসকলে বন্ধুৰ তালিকা, শিক্ষা সংস্থানসমূহৰ নাম আরু নিজৰ প্রফাইল ৰখাৰ সুবিধা পাইছিল । এই সামাজিক মাধ্যমটো ব্যৱহাৰ কৰাৰ অর্থে প্রথম প্রয়োগকাৰীসকলে পঞ্জীয়ন কৰিব লগা হৈছিল ।

     তাৰ পৰৱৰ্তী সময়ত বিভিন্ন কিছুমান সামাজিক মাধ্যমৰ আৱিস্কাৰ হৈছিল । (ক) ১৯৯৮ চনত ‘Open Diary’ নামৰ সামাজিক মাধ্যমটোৰ সৃষ্টি হৈছিল যত বিভিন্ন নোট আরু তথ্যসমূহৰ প্রস্তুত আরু সংৰক্ষণৰ ব্যৱস্থা আছিল ।

 

(খ) ১৯৯৯ চনত ‘Live Journal’ নামৰ সামাজিক মাধ্যমটোৰ সৃষ্টি হৈছিল যাৰ মাধ্যমেৰে খবৰসমূহৰ প্রসাৰ আরু সহজে প্রচাৰ কৰিব পাৰিছিল ।

 

(গ) ২০০১ চনত ‘Ryze’ আরু ২০০২ চনত ‘Friendster’ ৰ সৃষ্টি হৈছিল যাৰ সহযোগত সহজে নিজৰ বন্ধুৰ সংখ্যা বঢ়াই তেওঁলোকৰ সৈতে সহযোগ কৰিব পাৰিছিল ।

 

(ঘ) ২০০৩ চনত ‘Linkedin’ নামৰ সামাজিক মাধ্যমটোৰ সৃষ্টি হৈছিল যাৰ জৰিয়তে নিজৰ ব্যৱসায় আরু ধাৰণাৰ ‘নেটৱৰ্ক’ সৃষ্টি কৰাত সহায় হৈছিল ।

 

(ঙ) ২০০৩ চনোট ‘Hi5’ আরু ‘My Space’ এই দুই সামাজিক মাধ্যমৰ সৃষ্টি হৈছিল যিয়ে সহজে আন মানুহৰ সৈতে সহযোগিতা আরু সংযোগ হ’ব পাৰিছিল ।

 

(চ) ২০০৪ চনত ‘Orkut’ আরু ‘Facebook’ ৰ সৃষ্টি হৈছিল যি বন্ধু সমূহৰ তালিকা, ব্যৱসায়-বাণিজ্যৰ প্রসাৰ আরু সমস্যাৰ সমাধান কেন্দ্র স্বরূপে সহায়ক হৈছে ।

 

(ছ)২০০৬ চনত ‘Twitter’ , সামাজিক মাধ্যমটোৰ সৃষ্টি হৈছিল যাৰ সহায়েৰে ‘নায়ক’ বা ‘মন্ত্রী’সকলক ‘Follow’ আরু তেওঁলোকৰ মূল্যবান কারু-কাৰ্যৰ লগতে বাৰ্তাসমূহ সহজে জানিব পাৰা হৈছিল ।

 

(জ) ২০১১ চনত ‘Google+’ সামাজিক মাধ্যমটোৰ জৰিয়তে নিজৰ পৰিচয়, ছবি আরু আন তথ্যসমূহৰ ‘Google’ ৰ মাধ্যমেৰে আন লোকসকললৈ সহজে প্রেৰণ আরু প্রসাৰ কৰিব পৰাত সুবিধা হৈছিল ।

 

# Orkutনামৰ সামাজিক মাধ্যমটোৰ কেতিয়া সৃষ্টি কৰা হৈছিল ? এই মাধ্যমটোৱে কেনেদৰে সহায় কৰে ?

উত্তৰঃ  ‘Orkut’ নামৰ সামাজিক মাধ্যমটোৰ ২০০৪ চনত সৃষ্টি কৰা হৈছিল । এই মাধ্যমটোৱে নিজৰ প্রফাইল তৈয়াৰ কৰাৰ লগতে নিজৰ বন্ধুসমূহক আকত্রিত কৰাত সহায় কৰে । এই মাধ্যমটোৰ জৰিয়তে, নতুন বন্ধ বিচাৰিব পৰাৰ সুবিধা আছে , ইয়াৰ, নিজৰ মন্তব্য আদান-প্রদানৰ সুবিধা আছে । লগতে, আন তথ্য আরু বার্তাসমূহৰ প্রসাৰ আরু প্রচাৰত সহায় হয় ।

 

# ফেচবুক কেতিয়া আৱিষ্কাৰ কৰা হৈছিল ? ভাৰতত কিমান চনত ফেচবুক মুকলি কৰা হয় ? ফেচবুকৰ মুখ্য কাৰ্যালয় ক’ত আছে? ফেচবুকৰ প্রয়োগ আরু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা ।

# ফেচবুকৰ ইতিবাচক দিশসমূহ উল্লেখ কৰা ।

উত্তৰঃ অতি জনপ্রিয় সামাজিক মাধ্যম ফেচবুকৰ সৃষ্টি কৰা হৈছিল- ২০০৪ চনত ।

 ভাৰতত ২০০৬ চনৰ ২৬ ছেপ্তেম্বৰ তাৰিখে ফেচবুক মুকলি কৰা হয়ফেচবুকৰ মুখ্য কাৰ্যালয় হৈছে- মেনল’ পার্ক (Menlo Park), কেলিফৰ্নিয়া (California), আমেৰিকা (United States) 

ফেচবুকৰ ব্যৱহাৰ-প্রয়োগ আরু ইতিবাচক দিশ সম্পর্কে তলত উল্লেখ কৰা হ’ল ।

(ক) প্রথমে, ফেচবুক ১৩ বছৰ পুৰণি বৈধ ই-মেইল থকা ব্যক্তিসকলে পঞ্জীয়ন কৰাৰ সুবিধা আছিল ।

(খ) তাৰ পিছত, মোবাইলৰ নম্বৰৰ মাধ্যমেৰেও ফেচবুকৰ একাউন্ট খুলিব আরু ব্যৱহাৰ কৰিব পৰা হ’ল ।

(গ) বর্তমান, ভাৰতৰ প্রায় ২৮ কোটিতকৈও অধিক লোকে ফেচবুকৰ ব্যৱহাৰ কৰে ।

(ঘ) ফেচবুকত মুঠ ১০১ টা ভাষাৰ বিকল্প আছে । ব্যৱহাৰকাৰীসকলে, বিকল্প ভাষা হিচাপে ১০১ টা ভাষাৰ ব্যৱহাৰ কৰিব পাৰে ।

(ঙ) ভাৰতৰ মুঠ ৮ টা ভাষাত ফেচবুক ব্যৱহাৰ কৰিব পাৰি ।

(চ) ফেচবুকৰ মূল ভাষা ইংৰাজী । তথাপি, বিভিন্ন ভাষাৰ বক্তব্য বা কথাবোৰক ‘অসমীয়া ভাষা’লৈ অনুবাদ কৰাৰ সুবিধা আছে । কিন্তূ, এই ভাঙণিবোৰত ব্যাকৰণ আরু শব্দৰ কিছু ভূল লক্ষ্য কৰিব পাৰি ।

(ছ) ‘Avro Key-board’, ‘Unicode-Typing Tool’ আদিৰ মাধ্যমত ফেচবুকত অসমীয়া ভাষাৰ লিখাৰ সুবিধা আছে ।

(জ) ফেচবুক হৈছে অতি জনপ্রিয় আরু প্রয়োজনীয় সামাজিক মাধ্যম ।

(ঝ) ইয়াৰ জৰিয়তে, আমি আমাৰ বন্ধু-বৰ্গৰ সংখ্যা বৃদ্ধি কৰিব পাৰো ।

(ঞ) আমাৰ ধাৰণা আরু চিন্তা-ধাৰাবোৰৰ, ফেচবুকৰ মাধ্যমেৰে সম্প্রসাৰিত কৰিব পাৰি ।

(ট) ফেচবুকৰ জৰিয়তে, আমাৰ বিভিন্ন তথ্য-পাতিৰ আদান-প্রদান কৰিব পাৰি ।

(ঠ) বাস্তৱিক জীৱনত ঘটি থকা বিভিন্ন সমস্যাৰাজিৰ সমাধান ফেচবুকত থকা বন্ধুসকল আরু অভিজ্ঞ-জ্ঞানী লোকৰ মাধ্যমেৰে কৰিব পৰা যায় ।

(ড) ফেচবুক হৈছে আমাৰ বাস্তৱিক জীৱনৰ বিনোদনৰ এক উত্তম মাধ্যম আরু আজৰি সময় কটোৱাৰ এক অন্যতম কেন্দ্র ।

(ঢ) ফেচবুকৰ মাধ্যমেৰে, আমি আমাৰ বন্ধুসকলে এৰা ছবি, ভিডিঅ’, বাৰ্তা আদি সহজে পাব পাৰো । 

    এনেদৰে, সামাজিক মাধ্যম হিচাপে ফেচবুকে অন্যতম স্থান দখল কৰি আছে ।

 

# ‘সামাজিক মাধ্যম আরু অসমীয়া ভাষা’ৰ ওপৰত এটা টোকা লিখা ।

# সামাজিক মাধ্যমবোৰত অসমীয়া ভাষাৰ কেনেদৰে প্রয়োগ কৰা হয় ।

# সামাজিক মাধ্যমবোৰত অসমীয়া ভাষা প্রয়োগৰ ক্ষেত্রত দেখা দিয়া সমস্যা আরু সীমাবদ্ধতাসমূহ আলোচনা কৰা ।

উত্তৰঃ সাধাৰণতে প্রায়বোৰ সামাজিক মাধ্যমৰ মূল ভাষা হৈছে- ইংৰাজীইংৰাজীৰ মাধ্যমেৰে যেন অতি সহজে সকলোৱে সামাজিক মাধ্যমবোৰৰ পৰিচালনা আরু ব্যৱহাৰ কৰিব পাৰি । অসমীয়া ভাষাত সামাজিক মাধ্যমবোৰ নাথাকে যদিও অসমীয়া ভাষাৰ উপলব্ধ আরু ব্যৱহাৰ কৰিব পাৰি । কিছুমান প্রযুক্তিৰ মাধ্যমেৰে ‘অসমীয়া লিপি’ৰ সহায়ত অসমীয়াত লিখা-মেলা কৰিব পৰা যায় । ফেচবুকৰ মূল ভাষা ইংৰাজী । তথাপি, বিভিন্ন ভাষাৰ বক্তব্য বা কথাবোৰক ‘অসমীয়া ভাষা’লৈ অনুবাদ কৰাৰ সুবিধা আছে । কিন্তূ, এই ভাঙণিবোৰত ব্যাকৰণ আরু শব্দৰ কিছু ভূল লক্ষ্য কৰিব পাৰি । ‘Avro Key-board’, ‘Unicode-Typing Tool’ আদিৰ মাধ্যমত ফেচবুক আরু আন সামাজিক মাধ্যমত অসমীয়া ভাষা লিখাৰ সুবিধা আছে । আজি-কালি, কম্পিউটাৰ আরু মুবাইলবোৰত সহজে উপলব্ধ, অসমীয়া বা বাংলা কি-বৰ্ডৰ মাধ্যমেৰে অসমীয়া ভাষাৰ প্রয়োগ কৰাত সহায়ক হৈছে ।

    সামাজিক মাধ্যমবোৰত অসমীয়া ভাষা প্রয়োগৰ ক্ষেত্রত কিছুমান সমস্যা আরু সীমাবদ্ধতাই দেখা দিয়ে । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হৈছে-

(ক) অসমীয়া ভাষা লিখিবৰ বাবে এতিয়াও, উন্নত প্রযুক্তিৰ আৱিষ্কাৰ হোৱা নাই ।

(খ) অসমীয়া ভাষাৰ লিখাৰ বাবে যিসমূহ প্রযুক্তিৰ আৱিষ্কাৰ কৰা হৈছে, সেইবোৰ কোনোটোৱে স্বয়ংসম্পূর্ণ নহয় ।

(গ) কিছুমান যুক্তাক্ষৰ, অসমীয়া লিখা প্রযুক্তিবোৰত উপলব্ধ নাথাকে ।

(ঘ) সামাজিক মাধ্যমবোৰত লিখাৰ ক্ষেত্রত ‘অসমীয়া ফন্ট’ৰ সমস্যাই দেখা দিয়ে ।

(ঙ) সামাজিক মাধ্যমবোৰত, অসমীয়া ভাষা লিখিলে প্রায়ক্ষেত্রতে যুক্তাক্ষৰ সমূহৰ ভুলকৈ প্রয়োগ বা প্রয়োগ কৰিব লগা হয় ।

(চ) অজ্ঞতা হৈছে- সামাজিক মাধ্যমসমূহত অসমীয়া লিখাৰ আন এক সীমাবদ্ধতা । কাৰণ, বহুলোকে অসমীয়া লিখাৰ লিপিসমূহৰ প্রয়োগ ভালদৰে নাজানে ।

(ছ) বহুক্ষেত্রত, সামাজিক মাধ্যমত অসমীয়া ভাষা লিখাৰ বাবে বাংলাৰ আখৰ ব্যৱহাৰ কৰিব লগা হয় । বিশেষকৈ, ‘র’, ‘রু’, ‘রূ’, ‘ন্তু’,  আদিৰ প্রয়োগ সাধাৰণতে পৰিলক্ষিত হয় ।

    তথাপি, আজিৰ প্রযুক্তিৰ ন ন আৱিষ্কাৰে সামাজিক মাধ্যমত অসমীয়া ভাষাতো লিখিব পৰাকৈ বহু উপায় আরু সমলৰ সৃষ্টি কৰিছে । যাৰ সহায়ৰ, আমাৰ অসমীয়া ভাষাৰ মাধ্যমেৰেও সামাজিক মাধ্যমসমূহৰ প্রয়োগ সম্ভৱ হৈ উঠিছে ।    

 

# সামাজিক মাধ্যমবোৰৰ নেতিবাচক দিশসমূহ আলোচনা কৰা ।

# ফেচবুক বা টুইটাৰ আরু আন সামাজিক মাধ্যমবোৰৰ নেতিবাচক দিশসমূহ লিখা ।  

উত্তৰঃ সামাজিক মাধ্যমবোৰ যেনেদৰে সুবিধ জনক তেনেদৰে এইবোৰ বিপদজনকো হৈ পৰিছে । ইয়াৰ মূল নেতিবাদক দিশসমূহ হৈছে-

(ক) সময়ৰ নষ্টঃ

    ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰৰ অতিৰিক্ত ব্যৱহাৰ আজি-কালি নৱ প্রজন্মৰ অন্যতম লক্ষ্য । ইয়াৰ ফলস্বরূপে, তেওঁলোকৰ নিজৰ জীৱনৰ মূল্যবান সময় নষ্ট কৰি জীৱনটো নষ্ট কৰা যেন পৰিলক্ষিত হৈছে ।

 

(খ) নতুন-প্রজন্মক ভুল পথে পৰিচালিতঃ

    ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰে নতুন-প্রজন্মক ভুল পথে পৰিচালিত কৰিছে । অকণমাণ শান্তি আরু আনন্দৰ বাবে, নতুন-প্রজন্মই নিজৰ নিৰ্দিষ্ট পথ বিচলিত হয় ।

 

(গ) অপপ্রচাৰঃ

    ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰত সঘনাই অপপ্রচাৰ চলি থাকে । যাৰ ফলত, আজিৰ প্রজন্মই ভুল বিষয়বোৰকে শুদ্ধ বুলি মানি লৈ সমাজত অশান্তিৰ সৃষ্টি কৰে ।

 

(ঘ) কু-সংস্কাৰঃ

    ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰৰ মাধ্যমেৰে অসৎ বন্ধু আরু সংগৰ পৰা বহুতো কু-সংস্কাৰৰ প্রসাৰ ঘটে । ইয়াৰ ফলত, আমাৰ ভাৰতৰ নিজ সংস্কৃতি আরু সংস্কাৰ পাহৰি বা অতৰাই বাৰে ৰহনীয়া পশ্চিমীয়া কু-সংস্কাৰ গ্রহণ কৰিছে ।  

 

(ঙ) ঠগ-প্রবঞ্চকৰ দু-প্রভাৱঃ

    চাকৰিৰ নামত আজি-কালি ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰত ঠগ-প্রবঞ্চকৰ দু-প্রভাৱ পৰা দেখা যায় । ‘অনলাইন চাকৰি’ বা ‘অইনলাইন ইনকাম’ৰ নামত ঠগ-প্রবঞ্চকে আজিৰ প্রজন্মক ভুলাই আরু সময়-অৰ্থৰ অপচয় কৰায় ।

 

(চ) হানি-ট্রেপিং:

    ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰত সহজে বেয়া ছবি আরু ভিডিঅ’ প্রচাৰ কৰি ডেকা-গাভরু ছোৱালীবোৰত আকৰ্ষণ কৰে । লগতে, ব্লেক মেইল কৰি পাছত অর্থ আরু মানসিক চিন্তাৰ উৎপন্ন দিয়ে । সেয়েহে, যতে-ত’তে ক্লিক, পঞ্জীয়ণ আরু নিজৰ তথ্য প্রদান কৰিব নালাগে ।

 

(ছ) স্বাস্থ্যৰ অৱনতিঃ

ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰত অধিক সময় প্রয়োগৰ ফলত স্বাস্থ্যৰ বহু অৱনতি ঘটে । বহুতে, সঠিক সময়ত আহাৰ গ্রহণ নকৰে আরু অত্যাধিক চোৱাৰ ফলত চকুৰ ৰেটিনাই যথেষ্ট কষ্ট পায় ।  

 

(জ) অন্য মূল কামৰ ক্ষেত্রত বাধাঃ

    ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰত অধিক সময় নষ্ট হয় । সেয়েহে, বহুতে নিজৰ অধ্যয়ণ আরু অন্য মূল কামত মনোনিবেশ কৰাত বাধা প্রাপ্ত হয় ।

 

(ঝ) অর্থৰ অপচয়ঃ

    ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰত বহুতে এনেয়েই টকা খৰচ কৰে । বিশেষকৈ, এই মাধ্যমবোৰ চলাবৰ বাবে ‘অধিক খৰচী ইন্টাৰনেট পেক’ৰ ব্যৱহাৰ কৰে ।

 

(ঞ) বদ-অভ্যাস আরু বদ-মানসিকতা গঢ়ি তুলাঃ 

    ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰৰ অত্যাধিক ব্যৱহাৰ আজিৰ ল’ৰা-ছোৱালীৰ বদ-অভ্যাস গঠন কৰিছে । লগতে, নিজৰ সুস্থ-মানসিকতাৰ অৱনতি ঘটাৰ ফলত, সঘনেই কিছুমান দু-চিন্তা আরু ভাৱনাৰ ৰেহ-রূপ দেখা পোৱা যায় ।

    এনেদৰে ফেচবুক, টুইটাৰ, হোৱাটছ্‌ এপ্‌ আদি সামাজিক মাধ্যমবোৰে সমাজত এফালে সংযোগ আরু সুবিধা কৰি দিছে । আনহাতে, নতুন প্রজন্মক মূল্যৱান মানৱ জীৱন আরু ভৱিষ্যত ধ্বংসৰ পথত গমন কৰাইছে ।  

 

# # টুইটাৰ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল ? টুইটাৰৰ মুখ্য কাৰ্যালয় ক’ত আছে?  সামাজিক মাধ্যম হিচাপে টুইটাৰৰ প্রয়োগ আরু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা ।  

# টুইটাৰ ইতিবাচক দিশসমূহ উল্লেখ কৰা ।

উত্তৰঃ

টুইটাৰ ২০০৬ চনৰ মাৰ্চৰ ২১ তাৰিখে আৱিষ্কাৰ কৰা হৈছিল । টুইটাৰৰ মুখ্য কাৰ্যালয় আছে- চান ফ্রাঞ্চিস্কো (San Francisco), কেলিফৰ্নিয়া (California), আমেৰিকা (United States) 

সামাজিক মাধ্যমহিচাপে টুইটাৰৰ বহু প্রয়োগ অব্যাহত আছে । ইয়াৰ ভিতৰত উল্লেখ ইতিবাচক বা প্রয়োগসমূহ হৈছে-

(ক) টুইটাৰত মন্তব্য লিখাৰ সুবিধা আছে ।

(খ) টুইটাৰত ছবি আরু চলমান ছবিসমূহৰ প্রচাৰ আরু অন্তৰ্ভুক্ত কৰিব পাৰি ।

(গ) টুইটাৰৰ মাধ্যমেৰে নিজৰ ধাৰণা আরু কৰ্মৰাজিৰ তথ্য প্রচাৰ কৰিব পাৰি ।
(ঘ) ফেচবুকত বন্ধু গোটৰ একত্রিত কৰিব পৰাকৈ টুইটাৰত নোৱাৰি ।
কিন্তূ টুইটাৰত একোজন ব্যৱহাৰকাৰীৰ অনুকৰণকাৰী (Followers) হিচাপে অন্তৰ্ভুক্ত হ’ব পাৰি ।

(ঙ) মহান নেতা আরু অভিনেতাসকলৰ মন্তব্য আরু কারু-কাৰ্যসমূহক প্রদৰ্শন কৰিব পাৰি ।

(চ) টুইটাৰৰ মাধ্যমেৰে, নিজৰ ধাৰণা আরু নতুন চিন্তা-আদৰ্শসমূহক সমাজৰ আন লোকসকললৈ প্রচাৰ কৰিব পাৰি ।  

    এনেদৰে টুইটাৰৰ মাজেৰে সামাজিকভাৱে মানুহবোৰে সংযোগ আরু সহযোগ কৰাত সুবিধা লাভ কৰে ।

 


# ইন্টাৰনেটৰ ব্যৱহাৰ সম্পর্কে এটা টোকা লিখা ।

# ইন্টাৰনেটৰ ইতিবাচক আরু নেতিবাচক প্রভাৱসমূহৰ বিষয়ে লিখা ।

# ইন্টাৰনেটৰ প্রয়োগ, গুরুত্ব আরু প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা ।

# ইন্টাৰনেটৰ চমু ইতিহাস আগবঢ়োৱা

 

উত্তৰঃ

ইন্টাৰনেটৰ প্রথম ব্যৱহাৰ আরু আৱিস্কাৰ কৰা হৈছিল- ১৯৬০ চনত । আমেৰিকাৰ ‘ডিফেন্স বিভাগে’ (U.S. Department of Defense) প্রথমে ইন্টাৰনেটৰ ব্যৱহাৰ কৰিছিল । প্রথম ইণ্টাৰনেট হিচাপে আমি ‘ARPANET’ or ‘Advanced Research Projects Agency Network’ ৰ বিষয়ে জনাজাত । এই ‘ARPANET’ৰ মাধ্যমেৰে, ‘Single Network’ বা ‘Packet Switching’ ৰ জৰিয়তে বহুতো কম্পিউটাৰৰ সংযোগ আরু যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।

     ইণ্টাৰনেটৰ ব্যৱহাৰ আরু বহুল প্রয়োগে আজিৰ মানৱ সমাজক এখন গোলকীয় গাওঁত পৰিণত কৰিছে । লগতে, বিভিন্ন সুবিধা আরু সেৱাৰ জৰিয়তে এহাতে সুবিধা আরু আনদিশে নানান বেমেজালিৰ সৃষ্টি কৰিছে । তলত ইয়াৰ মূল দিশসমূহ আলোচনা কৰা হ’ল ।  

    

 

ইণ্টাৰনেটৰ মিঠা / সুবিধা / সুফল / সুযোগ / ইতিবাচক দিশসমূহ লঃ

 

(ক)ইণ্টাৰনেটৰ সহায়ত বিজ্ঞান, কলা আরু আন সকলো ক্ষেত্রৰ বিষয়সমূহ ইণ্টাৰনেটৰ মাধ্যমেৰে জানিব পাৰি

 

(খ)ইণ্টাৰনেটৰ মাধ্যমেৰে শব্দবোৰৰ পৃষ্ঠাজুৰি বিৱৰণ পাব পাৰি

 

(গ)সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ আছে ।

 

(ঘ) দেশ ভ্রমণৰ চাক্ষুস অভিজ্ঞতা আরু নিজস্ব দৃষ্টিভংগীৰ ৰোমাঞ্চকৰ সোৱাদ ইমেইলৰ মাধ্যমেদি প্রেৰণ বা গ্রহণ কৰি চাব পাৰি

 

(ঙ) ইমেইলৰ জৰিয়তে ভিডিঅকলিং ব্যৱহাৰ কৰি মুখা-মুখিকৈ বহি কথা পাতিব পাৰি

 

(চ) ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ নানান পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকিব পৰা যায় ।

 

(ছ) নীতিশিক্ষা থকা পুৰণি চিনেমাসুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা গীতসমূহ আরু খেলা-ধূলা উপভোগ কৰি মন প্রফুল্লিত কৰিব পাৰি

 

(জ)টিকট কটা, হোটেলৰ বন্দৱস্ত কৰা, হোটেলৰ কোঠালি আরু চৌপাশৰ ফটো পৰিদৰ্শন কৰা লগতে ই-বেংকিঙৰ সহায়ত ভাৰাসমূহ জমা দিয়া আদি কামসমূহ কৰিব পাৰি

 

(ঝ) নেট আরু ই-কমাৰ্চৰ মাধ্যমেৰে ভ্রমণৰ সাজ-পোছাক আরু অন্যান্য লাগতিয়াল সা-সামগ্রীসমূহ ঘৰতে বহি ক্রয় কৰি সময় আরু কষ্ট লাঘৱ কৰিব পাৰি

 

 

ইণ্টাৰনেটৰ তিতা / অসুবিধাসমূহ / কুফলসমহ / নেতিবাচকদিশ / প্রতিবন্ধকতাসমূহঃ 

 

(ক) ফেচবুক, ৱাটচএপ আদি চচিয়েল মিডিয়াৰ বাবে নতুন প্রজন্মই কিতাপ আরু খেলা-ধূলাৰ পৰা আতৰি গৈছে ।

 

(খ) ফেচবুক, ৱাটছএপ, টুইতাৰ, ইউ টিউব আদিত বহুতো মিছা আরু ভুৱা বাতৰি সমাজত প্রচলিত হৈ ভয়ানক সমস্যাৰ সৃষ্টি হয় ।

 

(গ) কিছুমান বিশ্বাসযোগ্যতাৰ প্রমাণ নোহোৱা বাতৰিও চচিয়াল মিডিয়াৰ মাধ্যমেদি প্রচাৰ হয় ।

 

(ঘ) ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে সমনীয়া আর‍্য বয়োজ্যেষ্ঠসকলৰ প্রতি থকা বন্ধুত্ববোধ আরু দায়িত্ববোধ ক্রমান্বয়ে হ্রাস কৰিছে ।

 

(ঙ) ইণ্টাৰনেটৰ ব্যৱহাৰত কৰা সময়ৰ অপচয়ে পঢ়া আরু সমাজৰ প্রতি থকা দায়বদ্ধতা অক্ষুণ্ণ ৰখাত সমস্যাৰ সৃষ্টি হৈছে ।

 

(চ)ফেচবুক, ৱাটছএপ, টুইতাৰ, ইউ টিউব আদিৰ মেচেজবোৰতে স্কুল, কলেজ, অনুষ্ঠান, গাড়ীত যাত্রা কৰোতে আদি সকলোতে প্রায় সকলো নতুন প্রজন্ম ব্যস্ত থাকে ।   

 

(ছ) শেহতীয়াকৈ, ইণ্টাৰনেটৰ মাধ্যমত উপলব্ধ গেম বা খেলবোৰে নতুন প্রজন্মৰ সময়, পঢ়া আরু আন আন সু চিন্তা আরু কারু-কাৰ্যসমূহত বাধাৰ সৃষ্টি কৰিছে ।

 

(জ) ইণ্টাৰনেটে বাহিৰা কিতাপ, বাতৰি কাকত, আলোচনী আদিৰ লগত শিক্ষার্থীসকলৰ সম্পর্ক হ্রাস কৰিছে ।

 

 

 updating.......