Assamese Report Writing, অসমীয়া প্রতিবেদন লিখন , Class 10, Prepared by Podmeswar , Podmeswar Help Sector

প্রতিবেদন লিখনঃ

 

2021 Special Examination, Previous Year,

 

(খ) তুমি দেখি থকা সমাজৰ যি কোনো এটা কু-সংস্কাৰৰ বিৰয়ে স্থানীয় বাতৰিকাকতত প্রকাশৰ বাবে এখন প্রতিবেদন যুগুত কৰা ।

উত্তৰঃ                                            ‘জুৱা / তাচপাত খেল’

(এক সমাজঘাতক কু-সংস্কাৰ)

স্থানঃ নগাওঁ,

তাৰিখঃ ১৫-০১-২০২১

 

কু-সংস্কাৰ সমাজৰ এক আটাইতকৈ ডাঙৰ বুজা । ইয়াৰে ভিতৰত এক বৰ্তমান আমাৰ সমাজত চুকে-কোণে সকলোতে বিৰ বাষ্প বিয়পাই ফুৰা এক কু-সংস্কাৰ হৈছে- ‘জুৱা / তাচপাত খেল’। এই খেলবিধে সমাজৰ প্রায় সরুৰে পৰা ডাঙৰ বয়ো-বৃদ্ধ পৰ্যন্তলৈকে বেয়াকৈ প্রভাৱিত কৰিছে । আমাৰ নগাওঁ অঞ্চলৰ বহুলোকে এই খেলৰ মাধ্যমেৰে ধ্বংসৰ গৰাহত পৰিছে । বহুলোকে এইখেলৰ বাবে ধাৰ-ঋণ লৈ সেইবোৰ মাৰিব নোৱাৰি বিপাঙত পৰিছে । তাচপাত খেলাৰ বাবে আনকি বহুতে পত্নী / ঘৈনিয়েকৰ আ-অলংকাৰো বেচিছে । আনকি, মাটি-বাৰীয়ো বন্ধক বা বিক্রী কৰি এই খেলৰ বাবে টকা যোগাৰ কৰিছে । আমাৰ অঞ্চলৰ উঠি অহা বহুতো নৱ-প্রজন্মই এই বেয়া অভ্যাসটোত হাত দিছে । সেয়েহে, আইন-প্রশাসনে অতি শীঘ্রে এই তাচপাত খেল বন্ধ কৰিব লাগে আরু বিহিত ব্যৱস্থা ল’ব লাগে লগতে নৱ-প্রজন্ম আরু বয়ো-বৃদ্ধ সকলোকে এই নিছাৰ পৰা মুক্ত কৰিব লাগে । অন্যথা, ই সমাজত এক এৰাব নোৱৰা সমস্যাত অব্যাহত থাকিব । 

 

 

 

2020

১৬(গ)বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বাট-পথ, দলং দি নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা ।

 

২০১৭

তোমাৰ অঞ্চলৰ বাট-পথ, দলং আদি নষ্ট হোৱাত মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্রতিবেদন লিখা ।

উত্তৰঃ   

 

“বানপানীৰ ফলত নলবাৰীত বিধ্বংসী পৰিস্থিতি”

স্থানঃ নলবাৰী,

তাৰিখঃ ১৬ ফেব্ৰুৱাৰী, ২০২০

 

এসপ্তাহ ধৰি নেৰানেপেৰা/অবিৰাম/নিৰন্তৰ বৰষুণ পৰাৰ বাবে সমগ্ৰ/সমগ্ৰ নলবাৰী অঞ্চল ভয়ংকৰ বানপানীৰ সৃষ্টি হয় । পাছত,  বান পৰিস্থিতি সংকটজনক হৈ পৰিছিল আৰু পাগ্লাডিয়া নদীয়ে বেষ্টনী ভাঙিছিল । যাৰ বাবে, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন ৰাস্তাবোৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আরু ঠায়ে ঠায়ে গাত হৈ পৰিছে । বহুতো ঘৰ/জুপুৰি উটি গৈছে আৰু গোটেই অঞ্চলটোত বানপানীৰ ফলত পুহনীয়া জীৱ-জন্তুসমুহৰ সংৰক্ষণৰ দিশতো সমস্যাৰ সন্মুখিন হ’ব লগা হৈছে । চাৰিওদিশে পানী থকাৰ হেতুকে আরু যাতায়ত ব্যৱস্থা সূচনীয় হোৱাৰ বাবে খোৱা পানী আরু খাদ্যৰ বৃহৎ নাটনি হৈছে । অপৰিষ্কাৰ পানী সেৱন আরু ব্যৱহাৰ কৰাৰ ফলত  ডায়েৰিয়া, জণ্ডিছ আদি বেমাৰে দেখা দিছে । কিন্তু, এতিয়ালৈকে স্থানীয় প্রশাসনে উচিত ব্যৱস্থা লোৱা নাই আরু সুস্থিৰ এক পৰিৱেশৰ প্রদান কৰাত ব্যৰ্থ হৈছে । অঞ্চলটোৰ বাট-পথ ছিন্ন-বিচ্ছিন্ন হৈছে । লগতে, অঞ্চলটোৰ সংযোগী প্রায়বোৰ দলং ভাঙি-চিঙি গৈছে । যাৰ ফলত, অঞ্চলটোৰ যাতায়ত ব্যৱস্থা প্রায় অচল অৱস্থা হৈ পৰিছে ।  সেয়েহে, অঞ্চলটোৰ নষ্ট হৈ যোৱা বাট-পথ, দলং আদি তৎকালীন মেৰামতিৰ বাবে অতি শীঘ্রে চৰকাৰ, জিলা প্ৰশাসক আরু স্থানীয় চৰকাৰী কৰ্তৃত্ব বৃন্দই সু-ব্যৱস্থা কৰিব লাগে, অন্যথা স্থানীয় জনসাধাৰণৰ পানীত হাহ নচৰা অৱস্থা হৈছে ।   

 

 

২০১৯

বৰ্তমান অসমৰ বিদ্যালয়বোৰত শিক্ষাৰ পৰিৱেশ কেনেধৰণৰ উল্লেখ কৰি, সেই পৰিৱেশক শীঘ্রে অধিক উন্নত কৰিবৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি-কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা ।

উত্তৰঃ

অসমৰ বিদ্যালয়বোৰৰ অপ্রীতিকৰ সূচনীয় পৰিৱেশ-পৰিস্থিতি

তাৰিখঃ ১৬-০২-২০১৯

 

 

বৰ্তমান অসমৰ বহু চৰকাৰী বিদ্যালয়ত শিক্ষাৰ পৰিৱেশৰ সূচনীয় অৱস্থাই দেখা দিছে । ছাত্র-ছাত্রী সংখ্যাৰ অনুপাতে বহুতো বিদ্যালয়ত ডেক্স-বেঞ্চ আরু বহাৰ ঠাইৰ নাটনিয়ে দেখা দিছে । কিছুমান বিদ্যালয়ত, শিক্ষাৰ লাগতিয়াল সমলসমূহৰ অভাৱে দেখা গৈছে । আন কিছু বিদ্যালয়ত কম সংখ্যক শিক্ষকৰ জৰিয়তে বিদ্যালয়ত পাঠদান হৈ আছে । বহুতো বিদ্যালয়ত খোৱা পানী আরু ‘শৌচাগাৰ বা লেটিন-বাথৰোম’ৰ সু-ব্যৱস্থা নাই । আন কিছুমান বিদ্যালয়ত খেলাৰ সামগ্রী আরু খেলপথাৰৰ বিশেষকৈ অভাৱ আছে । কিছু কিছু বিদ্যালয়ৰ চাৰিওকাষৰ বেৰ-বৰ্তনী নাই আরু যিবোৰ বিদ্যালয়ত আছে সেইবোৰৰো বহু বেৰ ভাঙি গৈছে । অসমৰ বহুসংখ্যক বিদ্যালয়ত এতিয়ালৈকে পুথিভঁৰালৰ অভাৱ পৰিলক্ষিত হৈছে । কিছুমান বিদ্যালয়ৰ পুথিভঁৰাল আছে যদিও তাত পৰ্যাপ্ত পৰিমাণে কিতাপ আরু পঢ়াৰ সু-ব্যৱস্থা নাই । সেয়েহে, চৰকাৰে অসমৰ বিদ্যালয় সমূহৰ পৰি‍ৱেশ উন্নত কৰি এক শিক্ষাৰ সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব লাগে । অন্যথা, আনবোৰ ৰাজ্যৰ তুলনাত অসমৰ বিদ্যালয়বোৰ তেনেই পিছ পৰি ৰ’ব ।  

 

 

২০১৮

বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ, আচবাব আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা ।

উত্তৰঃ

‘বানপানীৰ ফলত বিদ্যালয়ৰ বিস্তৰ ক্ষতিসাধন’

স্থানঃ বৰপেটা,

তাৰিখঃ ১৬-০২-২০১৮ 

 

এসপ্তাহ ধৰি নেৰানেপেৰা/অবিৰাম/নিৰন্তৰ বৰষুণ পৰাৰ বাবে সমগ্ৰ বৰপেটা অঞ্চলত ভয়ংকৰ বানপানীৰ সৃষ্টি হয় । ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন ৰাস্তাবোৰ সম্পূৰ্ণরূপে ক্ষতিগ্ৰস্ত হৈছে আরু ঠায়ে ঠায়ে গাত হৈ পৰিছে । ইয়াৰ সমসাময়িক ভাৱে, অঞ্চলটোৰ বিদ্যালয়সমূহৰ বিস্তৰ ক্ষতিসাধন হয় । কেইবাদিনো বানপানীৰ তলত থকা ডেক্স-বেঞ্চবোৰ পচি যায় আরু বহাৰ ঠাইসমূহ ঠায়ে ঠায়ে গাত হৈ যায় । কিছুমান বিদ্যালয়ত, শিক্ষাৰ লাগতিয়াল সমলসমূহ উটি যায় । বহুতো বিদ্যালয়ত ‘শৌচাগাৰ বা লেটিন-বাথৰোম’সমূহ ভাঙি পৰে । আন কিছুমান বিদ্যালয়ত শ্রেণীকোঠাৰ বেৰসমূহ এৰাই যায় । কিছুমান বিদ্যালয়ৰ পুথিভঁৰালত পানী সোমাই আরু বহু মূল্যবান কিতাপ-পত্র নষ্ট কৰে ৷ সেয়েহে, বানপানীৰ ফলত ক্ষতিগ্রস্ত হোৱা এই বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ, আচবাব আদি নষ্ট হোৱা সা-সামগ্রীৰাজিৰ পুনৰ মেৰামতিৰ কাৰণে চৰকাৰে শীঘ্রে ব্যৱস্থাপনা কৰিব লাগে । লগতে, এই বিদ্যালয় সমূহৰ পৰি‍ৱেশ উন্নত কৰি এক শিক্ষাৰ সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব লাগে । অন্যথা, এই বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে শিক্ষা গ্রহণ কৰাত নানান অসুবিধাৰ সন্মুখিন হ’ব আরু পাঠদানৰ পৰা ব্যাহত হ’ব । 

 

 

২০১৬

তোমাৰ অঞ্চলৰ খোৱা পানীৰ অভাৱৰ কথা জনাই স্থানীয় বাতৰি কাকতৰ বাবে এখন প্রতিবেদন প্রস্তুত কৰা ।

উত্তৰঃ

“বিশুদ্ধ খোৱা পানীৰ নাটনি আরু J.J.M ৰ ব্যৰ্থতা”

স্থানঃ হোজাই,

তাৰিখঃ ১৬-০২-২০১৬

 

হোজাই অঞ্চলৰ প্রায়বোৰ ঠাইৰ পানী বিশুদ্ধ নহয় । অঞ্চলটোৰ পানী স্তৰ বহু তলত পোৱা যায় আরু যি পানী পোৱা যায় সেয়া খোৱাৰ উপযোগী নহয় লগতে ৰাসায়নিক পদাৰ্থ বা আইৰণ যুক্ত ।  এই অঞ্চলত কিছুমান পানী যোগান আঁচনিৰ ব্যৱস্থা আছে যদিও সেইবোৰ প্রায় অচল অৱস্থাত পৰিণত হৈছে । অঞ্চলটোত কোনো বিশেষ ধৰণৰ টিপকলৰো ব্যৱস্থা নাই । জল-জীৱন মিছন আঁচনি (J.J.M.)ৰ মাধ্যমেৰে এতিয়াও অঞ্চলটোত সু-পৰিকল্পিতভাৱে বিশুদ্ধ খোৱা-পানীৰ ব্যৱস্থা হৈ উঠা নাই । যাৰ বাবে, অঞ্চলটোৰ মানুহে আইৰণযুক্ত পানীকে খাব লগা পৰিস্থিতি হৈ আছে । সেয়েহে, চৰকাৰে এই অঞ্চলটোৰ ক্ষেত্রত শীঘ্রেই জল-জীৱন মিছন আঁচনি (J.J.M.)ৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিব লাগে ।