Assamese Report Writing, অসমীয়া প্রতিবেদন লিখন , Class 10, Prepared by Podmeswar , Podmeswar Help Sector

প্রতিবেদন লিখনঃ

 

2021 Special Examination, Previous Year,

 

() তুমি দেখি থকা সমাজৰ যি কোনো এটা কু-সংস্কাৰৰ বিৰয়ে স্থানীয় বাতৰিকাকতত প্রকাশৰ বাবে এখন প্রতিবেদন যুগুত কৰা ।

উত্তৰঃ                                            জুৱা / তাচপাত খেল

(এক সমাজঘাতক কু-সংস্কাৰ)

স্থানঃ নগাওঁ,

তাৰিখঃ ১৫-০১-২০২১

 

কু-সংস্কাৰ সমাজৰ এক আটাইতকৈ ডাঙৰ বুজা । ইয়াৰে ভিতৰত এক বৰ্তমান আমাৰ সমাজত চুকে-কোণে সকলোতে বিৰ বাষ্প বিয়পাই ফুৰা এক কু-সংস্কাৰ হৈছে- জুৱা / তাচপাত খেলএই খেলবিধে সমাজৰ প্রায় সরুৰে পৰা ডাঙৰ বয়ো-বৃদ্ধ পৰ্যন্তলৈকে বেয়াকৈ প্রভাৱিত কৰিছেআমাৰ নগাওঁ অঞ্চলৰ বহুলোকে এই খেলৰ মাধ্যমেৰে ধ্বংসৰ গৰাহত পৰিছে । বহুলোকে এইখেলৰ বাবে ধাৰ-ঋণ লৈ সেইবোৰ মাৰিব নোৱাৰি বিপাঙত পৰিছে । তাচপাত খেলাৰ বাবে আনকি বহুতে পত্নী / ঘৈনিয়েকৰ আ-অলংকাৰো বেচিছে । আনকি, মাটি-বাৰীয়ো বন্ধক বা বিক্রী কৰি এই খেলৰ বাবে টকা যোগাৰ কৰিছেআমাৰ অঞ্চলৰ উঠি অহা বহুতো নৱ-প্রজন্মই এই বেয়া অভ্যাসটোত হাত দিছে । সেয়েহে, আইন-প্রশাসনে অতি শীঘ্রে এই তাচপাত খেল বন্ধ কৰিব লাগে আরু বিহিত ব্যৱস্থা লব লাগে লগতে নৱ-প্রজন্ম আরু বয়ো-বৃদ্ধ সকলোকে এই নিছাৰ পৰা মুক্ত কৰিব লাগে । অন্যথা, ই সমাজত এক এৰাব নোৱৰা সমস্যাত অব্যাহত থাকিব । 

 

 

 

2020

১৬(গ)বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বাট-পথ, দলং দি নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা ।

 

২০১৭

তোমাৰ অঞ্চলৰ বাট-পথ, দলং আদি নষ্ট হোৱাত মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্রতিবেদন লিখা ।

উত্তৰঃ   

 

“বানপানীৰ ফলত নলবাৰীত বিধ্বংসী পৰিস্থিতি”

স্থানঃ নলবাৰী,

তাৰিখঃ ১৬ ফেব্ৰুৱাৰী, ২০২০

 

এসপ্তাহ ধৰি নেৰানেপেৰা/অবিৰাম/নিৰন্তৰ বৰষুণ পৰাৰ বাবে সমগ্ৰ/সমগ্ৰ নলবাৰী অঞ্চল ভয়ংকৰ বানপানীৰ সৃষ্টি হয় পাছত,  বান পৰিস্থিতি সংকটজনক হৈ পৰিছিল আৰু পাগ্লাডিয়া নদীয়ে বেষ্টনী ভাঙিছিল যাৰ বাবে, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন ৰাস্তাবোৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আরু ঠায়ে ঠায়ে গাত হৈ পৰিছে বহুতো ঘৰ/জুপুৰি উটি গৈছে আৰু গোটেই অঞ্চলটোত বানপানীৰ ফলত পুহনীয়া জীৱ-জন্তুসমুহৰ সংৰক্ষণৰ দিশতো সমস্যাৰ সন্মুখিন হ’ব লগা হৈছে চাৰিওদিশে পানী থকাৰ হেতুকে আরু যাতায়ত ব্যৱস্থা সূচনীয় হোৱাৰ বাবে খোৱা পানী আরু খাদ্যৰ বৃহৎ নাটনি হৈছে । অপৰিষ্কাৰ পানী সেৱন আরু ব্যৱহাৰ কৰাৰ ফলত  ডায়েৰিয়া, জণ্ডিছ আদি বেমাৰে দেখা দিছে । কিন্তু, এতিয়ালৈকে স্থানীয় প্রশাসনে উচিত ব্যৱস্থা লোৱা নাই আরু সুস্থিৰ এক পৰিৱেশৰ প্রদান কৰাত ব্যৰ্থ হৈছে । অঞ্চলটোৰ বাট-পথ ছিন্ন-বিচ্ছিন্ন হৈছে । লগতে, অঞ্চলটোৰ সংযোগী প্রায়বোৰ দলং ভাঙি-চিঙি গৈছে । যাৰ ফলত, অঞ্চলটোৰ যাতায়ত ব্যৱস্থা প্রায় অচল অৱস্থা হৈ পৰিছে ।  সেয়েহে, অঞ্চলটোৰ নষ্ট হৈ যোৱা বাট-পথ, দলং আদি তৎকালীন মেৰামতিৰ বাবে অতি শীঘ্রে চৰকাৰ, জিলা প্ৰশাসক আরু স্থানীয় চৰকাৰী কৰ্তৃত্ব বৃন্দই সু-ব্যৱস্থা কৰিব লাগে, অন্যথা স্থানীয় জনসাধাৰণৰ পানীত হাহ নচৰা অৱস্থা হৈছে ।   

 

 

২০১৯

বৰ্তমান অসমৰ বিদ্যালয়বোৰত শিক্ষাৰ পৰিৱেশ কেনেধৰণৰ উল্লেখ কৰি, সেই পৰিৱেশক শীঘ্রে অধিক উন্নত কৰিবৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি-কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা ।

উত্তৰঃ

অসমৰ বিদ্যালয়বোৰৰ অপ্রীতিকৰ সূচনীয় পৰিৱেশ-পৰিস্থিতি

তাৰিখঃ ১৬-০২-২০১৯

 

 

বৰ্তমান অসমৰ বহু চৰকাৰী বিদ্যালয়ত শিক্ষাৰ পৰিৱেশৰ সূচনীয় অৱস্থাই দেখা দিছে । ছাত্র-ছাত্রী সংখ্যাৰ অনুপাতে বহুতো বিদ্যালয়ত ডেক্স-বেঞ্চ আরু বহাৰ ঠাইৰ নাটনিয়ে দেখা দিছে । কিছুমান বিদ্যালয়ত, শিক্ষাৰ লাগতিয়াল সমলসমূহৰ অভাৱে দেখা গৈছে । আন কিছু বিদ্যালয়ত কম সংখ্যক শিক্ষকৰ জৰিয়তে বিদ্যালয়ত পাঠদান হৈ আছেবহুতো বিদ্যালয়ত খোৱা পানী আরু ‘শৌচাগাৰ বা লেটিন-বাথৰোম’ৰ সু-ব্যৱস্থা নাই । আন কিছুমান বিদ্যালয়ত খেলাৰ সামগ্রী আরু খেলপথাৰৰ বিশেষকৈ অভাৱ আছে । কিছু কিছু বিদ্যালয়ৰ চাৰিওকাষৰ বেৰ-বৰ্তনী নাই আরু যিবোৰ বিদ্যালয়ত আছে সেইবোৰৰো বহু বেৰ ভাঙি গৈছে । অসমৰ বহুসংখ্যক বিদ্যালয়ত এতিয়ালৈকে পুথিভঁৰালৰ অভাৱ পৰিলক্ষিত হৈছে । কিছুমান বিদ্যালয়ৰ পুথিভঁৰাল আছে যদিও তাত পৰ্যাপ্ত পৰিমাণে কিতাপ আরু পঢ়াৰ সু-ব্যৱস্থা নাই । সেয়েহে, চৰকাৰে অসমৰ বিদ্যালয় সমূহৰ পৰি‍ৱেশ উন্নত কৰি এক শিক্ষাৰ সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব লাগে । অন্যথা, আনবোৰ ৰাজ্যৰ তুলনাত অসমৰ বিদ্যালয়বোৰ তেনেই পিছ পৰি ৰ’ব ।  

 

 

২০১৮

বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ, আচবাব আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা ।

উত্তৰঃ

‘বানপানীৰ ফলত বিদ্যালয়ৰ বিস্তৰ ক্ষতিসাধন’

স্থানঃ বৰপেটা,

তাৰিখঃ ১৬-০২-২০১৮ 

 

এসপ্তাহ ধৰি নেৰানেপেৰা/অবিৰাম/নিৰন্তৰ বৰষুণ পৰাৰ বাবে সমগ্ৰ বৰপেটা অঞ্চলত ভয়ংকৰ বানপানীৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন ৰাস্তাবোৰ সম্পূৰ্ণরূপে ক্ষতিগ্ৰস্ত হৈছে আরু ঠায়ে ঠায়ে গাত হৈ পৰিছে ইয়াৰ সমসাময়িক ভাৱে, অঞ্চলটোৰ বিদ্যালয়সমূহৰ বিস্তৰ ক্ষতিসাধন হয় । কেইবাদিনো বানপানীৰ তলত থকা ডেক্স-বেঞ্চবোৰ পচি যায় আরু বহাৰ ঠাইসমূহ ঠায়ে ঠায়ে গাত হৈ যায় । কিছুমান বিদ্যালয়ত, শিক্ষাৰ লাগতিয়াল সমলসমূহ উটি যায় বহুতো বিদ্যালয়ত ‘শৌচাগাৰ বা লেটিন-বাথৰোম’সমূহ ভাঙি পৰেআন কিছুমান বিদ্যালয়ত শ্রেণীকোঠাৰ বেৰসমূহ এৰাই যায় । কিছুমান বিদ্যালয়ৰ পুথিভঁৰালত পানী সোমাই আরু বহু মূল্যবান কিতাপ-পত্র নষ্ট কৰে ৷ সেয়েহে, বানপানীৰ ফলত ক্ষতিগ্রস্ত হোৱা এই বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ, আচবাব আদি নষ্ট হোৱা সা-সামগ্রীৰাজিৰ পুনৰ মেৰামতিৰ কাৰণে চৰকাৰে শীঘ্রে ব্যৱস্থাপনা কৰিব লাগে । লগতে, এই বিদ্যালয় সমূহৰ পৰি‍ৱেশ উন্নত কৰি এক শিক্ষাৰ সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব লাগে । অন্যথা, এই বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে শিক্ষা গ্রহণ কৰাত নানান অসুবিধাৰ সন্মুখিন হ’ব আরু পাঠদানৰ পৰা ব্যাহত হ’ব । 

 

 

২০১৬

তোমাৰ অঞ্চলৰ খোৱা পানীৰ অভাৱৰ কথা জনাই স্থানীয় বাতৰি কাকতৰ বাবে এখন প্রতিবেদন প্রস্তুত কৰা

উত্তৰঃ

“বিশুদ্ধ খোৱা পানীৰ নাটনি আরু J.J.M ৰ ব্যৰ্থতা”

স্থানঃ হোজাই,

তাৰিখঃ ১৬-০২-২০১৬

 

হোজাই অঞ্চলৰ প্রায়বোৰ ঠাইৰ পানী বিশুদ্ধ নহয় । অঞ্চলটোৰ পানী স্তৰ বহু তলত পোৱা যায় আরু যি পানী পোৱা যায় সেয়া খোৱাৰ উপযোগী নহয় লগতে ৰাসায়নিক পদাৰ্থ বা আইৰণ যুক্ত ।  এই অঞ্চলত কিছুমান পানী যোগান আঁচনিৰ ব্যৱস্থা আছে যদিও সেইবোৰ প্রায় অচল অৱস্থাত পৰিণত হৈছে । অঞ্চলটোত কোনো বিশেষ ধৰণৰ টিপকলৰো ব্যৱস্থা নাই । জল-জীৱন মিছন আঁচনি (J.J.M.)ৰ মাধ্যমেৰে এতিয়াও অঞ্চলটোত সু-পৰিকল্পিতভাৱে বিশুদ্ধ খোৱা-পানীৰ ব্যৱস্থা হৈ উঠা নাই । যাৰ বাবে, অঞ্চলটোৰ মানুহে আইৰণযুক্ত পানীকে খাব লগা পৰিস্থিতি হৈ আছে । সেয়েহে, চৰকাৰে এই অঞ্চলটোৰ ক্ষেত্রত শীঘ্রেই জল-জীৱন মিছন আঁচনি (J.J.M.)ৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিব লাগে ।