ASSAMESE APPLICATION WRITING, অসমীয়া আবেদন, Class 10, prepared by Podmeswar , Podmeswar Help Sector

2021 SPECIAL EXAMINATION, PREVIOUS YEAR

 ২৭ () তোমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি বিদ্যালয়ত চাৰিদিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটী মঞ্জুৰিৰ বাবে এখন আবেদন পত্র লিখা । (আবেদন পত্রত তোমাৰ, নাম ঠিকনা উল্লেখ নকৰিব)

উত্তৰঃ

প্রতি                         তাৰিখঃ ১৩-০২-২০২১

মাননীয় প্রধান অধ্যক্ষ/প্রধান অধ্যাপক মহোদয়,

ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,

 

বিৰয়ঃ  ছুটী মঞ্জুৰিৰ বাবে আবেদন

 

মহাশয়,

সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে ৯-০২-২০২১  ৰ পৰা ১২-০২-২০২১ তাৰিখলৈকে অত্যন্ত জ্বৰ আরু কলেৰা বেমাৰ হোৱাৰ বাবে মই বিদ্যালয়ত অনুপস্থিত আছিলো । প্রথমে মোৰ অতিপাত জ্বৰ হৈছিল আরু পাছলৈ ডক্তৰে কলেৰা বেমাৰো হোৱা বুলি অবগত কৰেআশা কৰিছিলো সেই বেমাৰ অতি সোনকালে শেৰ হব । কিন্তু, চাৰিদিন পৰ্যন্ত মই হাস্পতালত কটাব লগীয়া হল ।

        সেয়েহে, দয়ালু মহোদয়ে এই চাৰিদিন মোক ছুটি দি মঞ্জুৰ কৰেযেন ।                  

                                    ইতি

আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী

   

শ্রেণীঃ দশম,

ৰোল নং -

শাখা ,

 

 

2020:

(খ) তোমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ খেল ধেমালিৰ অধিক সা-সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি ছাত্র-ছাত্রী একতাত সভাৰ সম্পাদক/সম্পাদিকা হিচাপে এখন আবেদন লিখা ।

অথবাঃ

২০১৯

তোমাৰ বিদ্যালয়ৰ বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আরু প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি খেল বিভাগৰ সম্পাদক বা সম্পাদিকা হিচাপে এখনি আবেদন লিখা । (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা) 

 

উত্তৰঃ

প্রতি                         তাৰিখঃ ১৩-০২-২০২১

মাননীয় প্রধান অধ্যক্ষ/প্রধান অধ্যাপক মহোদয়,

ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,

 

বিৰয়ঃ  খেল ধেমালিৰ অধিক সা-সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে আবেদন (২০২০) / বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আরু প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি আবেদন(২০১৯)

 

মহাশয়,

সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ বাবে এক নিম্ন মানদণ্ডৰ খেল ধেমালিৰ ব্যৱস্থা আছে । বহিঃবিভাগৰ খেলসমূহৰ বাবে আমাৰ বিদ্যালয়ত যিখন খেল পথাৰ আছে সেইখন বৰ্তমান ঠায়ে ঠায়ে গাত হৈ পৰিছে আরু মেৰামতিৰ প্রয়োজনীয়তা আহি পৰিছে । খেলাৰ সামগ্রীসমূহো পৰ্যাপ্ত নহয়, বিশেৰকৈ ফুটবল, ভলিবল, বেডমিন্টন, টেবুল টেনিছ, আদি বহিঃবিভাগৰ খেলসমূহৰ সামগ্রীৰ বহু অভাৱ আছে ।  লগতে, খেলবোৰ নিয়াৰিকৈ খেলাৰ বাবে ঠাই সমূহৰ সঠিক নিৰ্ধাৰণৰো প্রয়োজন । তাৰোপৰি, এই সকলো খেলাৰ সা-সামগ্রী আরু সু-ব্যৱস্থাপনা কৰি ‘বছৰেকীয়া খেল-ধেমালী’ প্রতিযোগিতা অনুষ্ঠিত কৰাব লাগে ।  

সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ খেল ধেমালিৰ অধিক সা-সুবিধা কৰি দিয়ে যেন আরু অতি সোনকালে এখন খেলৰ প্রতিযোগিতা অনুষ্ঠিত কৰিবলৈ সন্মতি প্রদান কৰেযেন ।                                 

                                       ইতি

আপোনাৰ একান্ত বিশ্বাসী

       

 সম্পাদক/সম্পাদিকা,

ছাত্র-ছাত্রী একতা সভা / খেল বিভাগ

 

 

২০১৮

তোমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ পুথিভঁৰালৰ অভাবৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি ছাত্র-ছাত্রী একতা সভাৰ সম্পাদক / সম্পাদিকা হিচাপে এখনি আবেদন লিখা । (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা)

উত্তৰঃ

প্রতি                তাৰিখঃ ১৩-০২-২০২১

মাননীয় প্রধান অধ্যক্ষ/প্রধান অধ্যাপক মহোদয়,

ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,

 

বিৰয়ঃ  পুথিভঁৰালৰ অভাবসমূহ দূৰ কৰি অধিক সা-সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে আবেদন

মহাশয়,

সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ বাবে এক নিম্ন মানদণ্ডৰ পুথিভঁৰালৰ ব্যৱস্থা আছে । পুথিভঁৰালটোৰ লাগতিয়াল আরু সকলো ছাত্র-ছাত্রীয়ে পঢ়িব পৰাকৈ পৰ্যাপ্ত কিতাপৰ ব্যৱস্থা নাই । যিবোৰ কিতাপ উপলব্ধ আছে, সেইবোৰৰ বহুতৰে কম সংখ্যক উপলব্ধ আছে আরু বহুতো কিতাপ পুৰণি হৈ জহি-খহি গৈছে । পুথিভঁৰালটোত বহাৰ সা-সুবিধাও তেনেই ঠেক । লগতে, লাইট আরু ফেনসমূহো অচল অৱস্থাত আছে ।  

 

সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ বাবে পুথিভঁৰালটো পুনৰ মেৰামতি কৰি, পুথিভঁৰালৰ সা-সৰঞ্জামৰ সু-ব্যৱস্থা কৰি আরু পৰ্যাপ্ত কিতাপৰ যোগান মজুত কৰি এক সুস্থ আরু সবল পুথিভৰাল গঢ়ি তুলেযেন । ।                                   

                                       ইতি

আপোনাৰ একান্ত বিশ্বাসী

       

 সম্পাদক/সম্পাদিকা,

ছাত্র-ছাত্রী একতা সভা

 

 

 

 

 

 

 

২০১৭

তোমাৰ শিক্ষানুষ্ঠানৰ কাৰতে থকা স্থানীয় সংঘই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সেই অঞ্চলৰ কিছুসংখ্যক অৱসৰপ্রাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনাব । সেই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ ঘণ্টাৰ পিছত ছুটী বিচাৰি, বিদ্যালয়ৰ অধ্যক্ষ/প্রধান শিক্ষককৈ এখনি আবেদন লিখা । (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা)

উত্তৰঃ

 

প্রতি                             তাৰিখঃ ১৩-০২-২০২১

মাননীয় প্রধান অধ্যক্ষ / প্রধান অধ্যাপক মহোদয়,

ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,

 

বিৰয়ঃ  চতুৰ্থ ঘণ্টাৰ পিছত ছুটী বিচাৰি আবেদন / অৰ্ধ ছুটীৰ বাবে আবেদন

 

মহাশয়,

সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ কাৰতে থকা স্থানীয় সংঘ, ‘কল্যাণ সমাজে’ আজি বিয়লি ১২.৪৫ মান বজাত আমাৰ অঞ্চলৰ কিছুসংখ্যক অৱসৰপ্রাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনাবৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে । আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলকো এই সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে । এই সভাত অৱসৰপ্রাপ্ত কৃতী শিক্ষকসকলে তেওঁলোকৰ জীৱনত কেনেকৈ কৃতকাৰ্য লাভ কৰিছে আরু কেনেকৈ আমাৰ জীৱন জ্ঞানৰ মাধ্যমেৰে সফল হ’ব পাৰি সেই সম্পর্কে ব্যক্ত আরু আলোচনা কৰিব ।

সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে সেই সভাত উপস্থিত থাকিবলৈ আজি চতুৰ্থ ঘণ্টাৰ পিছত ছুটী দি মঞ্জুৰ কৰেযেন ।                                   

                                     ইতি

আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী

     

শ্রেণীঃ দশম ।

 

 

 

২০১৬

তুমি পঢ়ি অহা প্রাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা । এই সভাত উপস্থিত থাকিবলৈ ৪ৰ্থ পিৰিয়ডৰ পিছত ছুটী বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ/প্রধান শিক্ষকলৈ এখনি আবেদন লিখা । (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা)

 

উত্তৰঃ

 

প্রতি                            তাৰিখঃ ১৩-০২-২০২১

মাননীয় প্রধান অধ্যক্ষ / প্রধান অধ্যাপক মহোদয়,

ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,

 

বিৰয়ঃ  চতুৰ্থ ঘণ্টাৰ পিছত ছুটী বিচাৰি আবেদন / অৰ্ধ ছুটীৰ বাবে আবেদন

 

মহাশয়,

সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে আজি বিয়লি ১২.৪৫ মান বজাত আমি পঢ়ি অহা প্রাথমিক বিদ্যালয়, জ্ঞানজ্যোতি এল. পি. স্কুল’ ৰ আজি সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা অনুষ্ঠিত কৰিছে । সেই বিদ্যালয়ত পঢ়ি অহা পুৰণি ছাত্র-ছাত্রী সকলকো এই সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে ।

সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে সেই সভাত উপস্থিত থাকিবলৈ আজি চতুৰ্থ ঘণ্টাৰ পিছত ছুটী দি মঞ্জুৰ কৰেযেন ।                                   

                                     ইতি

আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী

     

শ্রেণীঃ দশম ।

 

২০১৫

অসমীয়া বিৰয়ৰ দুই-এটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই । ইয়াৰ বাবে প্রয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্রধান শিক্ষকলৈ এখন আবেদন পত্র লিখা । (আবেদনত তোমাৰ নাম-ঠিকনা নিলিখিবা )

উত্তৰঃ

প্রতি                          তাৰিখঃ ১৩-০২-২০২১

মাননীয় প্রধান অধ্যক্ষ / প্রধান অধ্যাপক মহোদয়,

ABC উচ্চতৰ মাধ্যমিক বিদ্যালয়,

 

বিৰয়ঃ  অতিৰিক্ত পাঠদানৰ ব্যৱস্থাৰ বাবে আবেদন

 

মহাশয়,

সন্মান পূৰ্বক সহকাৰে আপোনাক জনাওঁ যে অসমীয়া বিৰয়ৰ হৈ যোৱা দুই-এটা পাঠ মই ভালদৰে বুজি পোৱা নাই । সেই পাঠবোৰৰ পুনৰ এবাৰ আলোচনা নকৰিলে বুজাত আধরুৱা হৈ ৰ’ব । লগতে, পাঠসমূহৰ সারাংশ, শব্দ-অৰ্থ, ভাৰা বিৰয়ক আদি বহুতো বেমেজালি হৈ আছে । ইয়াৰ বাবে প্রয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰিলে মই আরু মোৰ দৰে আন ভালদৰে বুজি নোপোৱা ছাত্র-ছাত্রীসকলৰ বাবে পুনৰ ভালদৰে বুজি পোৱাত সুবিধা হ’ব ।

সেয়েহে, দয়ালু মহোদয়ৰ ওচৰত বিনম্র অনুৰোধ এই যে প্রয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি ভালদৰে বুজি নোপোৱা পাঠবোৰ সুস্থিৰ ভাৱে বুজাত আরু জ্ঞান অৰ্জন কৰাত সুবিধা প্রদান কৰি দিয়েযেন ।                              

                                     ইতি

আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী

     

শ্রেণীঃ দশম ।




2014

১২(খ) শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুৎ কৰ্তনৰ বাবে পঢ়াৰ অসুবিধাৰ কথা জনাই, বৰ্তমান সময়ত বিদ্যুৎ কৰ্তন নকৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক এখন আবেদন লিখা ।

উত্তৰঃ

প্রতি                    তাৰিখঃ ১২-০১-২০১৫

মাননীয়,

বিদ্যুৎ যোগানৰ উপ-সংমণ্ডল বিষয়া মহোদয়ৰ সমীপেষু,

........(জিলা), অসম, ...... (পিন)

 

বিষয়ঃ সঘনাই বিদ্যুৎ কৰ্তন নকৰাৰ বাবে আবেদন

 

মহাশয়,

সন্মান সহকাৰে আপোনাক জনাওঁ যে বৰ্তমান আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি আছে । শিক্ষান্ত পৰীক্ষাৰ আগত মই বাস কৰা এলেকাত সঘনাই বিদ্যুৎ কৰ্তন হৈছিল যাৰ বাবে পঢ়াৰ বহুত অসুবিধাৰ সন্মুখিন হ’ব লগা হৈছিল । বিদ্যুৎ নাথাকিলে পঢ়াৰ ক্ষেত্রত আমাৰ বহুত অসুবিধাৰ সন্মুখিন হওঁ । চাকিৰ পোহৰত পহিলে অতি সোনকালে আমাৰ টোপনি ধৰে । লগতে, চাকি বা মমবাতিৰ সহায়ত পঢ়িলে ভালদৰে মনিব নোৱৰাৰ বাবে ৰাতি আমাৰ চকুৱে জলক-টপক দেখা যায় ।

  সেয়েহে, মহোদয়ক বিনম্রভাৱে অনুৰোধ জনাওঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকা এই সময়ছোৱাত যাতে সঘনাই বিদ্যুৎ কৰ্তন নকৰে, যাতে আমি সকলো শিক্ষাৰ্থী সুচারুরূপে পঢ়া-শুনা কৰিব পাৰো ।   

                             ইতি

আপোনাৰ বিশ্বাসী

     ক

শ্রেণীঃ দশম,

ৰোল নং-১

শাখা – ‘এ’