Any mistakes, please inform us immediately by the contact us option.
ক) ১ নম্বৰৰ প্রশ্নসমূহ
ক) খালী ঠাই পূৰণ কৰা
১। কেন্দ্রীয় চৰকাৰে প্রতিষ্ঠা কৰা ভাৰতৰ প্রথম
মুক্ত বিশ্ববিদ্যালয়খন হৈছে______ ।
উত্তরঃ কেন্দ্রীয় চৰকাৰে প্রতিষ্ঠা কৰা ভাৰতৰ প্রথম
মুক্ত বিশ্ববিদ্যালয়খন হৈছে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় ।
২। ভাৰতৰ প্রথমখন মুক্ত বিশ্ববিদ্যালয়খনৰ নাম
হৈছে_____ ।
উত্তরঃ ভাৰতৰ প্রথমখন মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয় ।
৩। অগতানুগতিক শিক্ষাৰ নিম্নসীমা_____ নহয় ।
উত্তরঃ অগতানুগতিক শিক্ষাৰ নিম্নসীমা নির্ধাৰিত নহয় ।
৪। আনুষ্ঠানিক শিক্ষাঃবিদ্যালয়, অগতানুগতক
শিক্ষাঃ_____ ।
উত্তরঃ আনুষ্ঠানিক শিক্ষাঃবিদ্যালয়, অগতানুগতক শিক্ষাঃ যোগাযোগ পাঠ্যক্রম ।
৫। ছাত্র আরু শিক্ষকৰ মাজত পার্থক্য ____ শিক্ষাৰ
গুরুত্বপূর্ণ বৈশিষ্ট্য ।
উত্তরঃ ছাত্র আরু শিক্ষকৰ মাজত পার্থক্য দূৰ
শিক্ষাৰ গুরুত্বপূর্ণ বৈশিষ্ট্য ।
৬। অগতানুগতিক শিক্ষাই_____ বিষয়বোৰৰ ওপৰত
গুরুত্ব দিয়ে ।
উত্তরঃ অগতানুগতিক শিক্ষাই ব্যক্তিগত প্রয়োজনভিত্তিক বিষয়বোৰৰ ওপৰত
গুরুত্ব দিয়ে ।
৭। অগতানুগতিক শিক্ষা______ শিক্ষাৰ পৰিপূৰক আরু
সহায়কাৰী ।
উত্তরঃ অগতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক আরু সহায়কাৰী ।
৮। অগতানুগতিক শিক্ষা_____ আরু ইচ্ছাকৃত ।
উত্তরঃ অগতানুগতিক শিক্ষা স্বতঃস্ফুৰ্ত আরু ইচ্ছাকৃত ।
৯।_____চনত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়
প্রতিষ্ঠা হৈছিল ।
উত্তরঃ ১৯৮৫ (২০ ছেপ্তেম্বৰ) চনত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় প্রতিষ্ঠা হৈছিল ।
১০।_____সর্বপ্রথমে ডাকযোগে শিক্ষাৰ প্রবর্তন কৰিছিল
।
উত্তরঃ ১৮৪০ চনত আইজাক পিটমেনে সর্বপ্রথমে ডাকযোগে
শিক্ষাৰ প্রবর্তন কৰিছিল ।
১১। ডাকযোগে শিক্ষাত যোগাযোগৰ মাধ্যম হৈছে______
।
উত্তরঃ ডাকযোগে
শিক্ষাত যোগাযোগৰ মাধ্যম হৈছে ডাকঘৰ আরু ডাকযোগে প্রেৰণ কৰা ছপা শিকন সামগ্রী ।
১২। ভাৰতত সর্বপ্রথম মুক্ত স্কুল_____ চনত প্রতিষ্ঠা
হৈছিল ।
উত্তরঃ ভাৰতত সর্বপ্রথম মুক্ত স্কুল(‘Open School’) জুলাইত, ১৯৭৯ চনত প্রতিষ্ঠা
হৈছিল ।
১৩। ১৯৮৯ চনত Book Keeping ৰ ওপৰত ____ ডাকযোগে শিক্ষাৰ পাঠ্যক্রম প্রয়াস কৰিছিল ।
উত্তরঃ ১৯৮৯ চনত Book
Keeping ৰ ওপৰত চাৰ আইজাক পিটমেনে(Sir Isaac Pitman) সর্বপ্রথমে ডাকযোগে শিক্ষাৰ পাঠ্যক্রম প্রয়াস কৰিছিল ।
১৪।____ চনত ভাৰত চৰকাৰে ডাকযোগে শিক্ষা আরু
আবেলি মহাবিদ্যালয় প্রতিষ্ঠা কৰিছিল ।
উত্তরঃ ১৯৬২ চনত
ভাৰত চৰকাৰে ডাকযোগে শিক্ষা আরু আবেলি মহাবিদ্যালয় প্রতিষ্ঠা কৰিছিল ।
১৫। ডাকযোগে শিক্ষা আরু ‘আবেলি কলেজ, কমিটি’ৰ
অধ্যক্ষ আছিল_____ ।
উত্তরঃ ডাকযোগে শিক্ষা আরু ‘আবেলি কলেজ, কমিটি’ৰ অধ্যক্ষ
আছিল আইজাক পিটমেন ।
১৬। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়_____ত
অবস্থিত ।
উত্তরঃ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় দিল্লীত
অৱস্থিত ।
১৭। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত
বিশ্ববিদ্যালয়____ চনত প্রতিষ্ঠা কৰা হৈছিল ।
উত্তরঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ২০০৭
চনত প্রতিষ্ঠা কৰা হৈছিল ।
১৮। ‘দূৰ শিক্ষা’ শব্দটো প্রথমে____ব্যবহাৰ কৰিছিল
।
উত্তরঃ ‘দূৰ শিক্ষা’ শব্দটো প্রথমে কিগান (Keegan) ব্যবহাৰ কৰিছিল ।
১৯। অগতানুগতিক শিক্ষাৰ লগত জড়িত থকা এটা সংস্থা
হৈছে_____ ।
উত্তরঃ অগতানুগতিক শিক্ষাৰ লগত জড়িত থকা এটা সংস্থা হৈছে দিল্লী
বিশ্ববিদ্যালয় ।
২০। ভাৰতত প্রথম মুক্ত শিক্ষা_____ চনত আৰম্ভ
হৈছিল ।
উত্তরঃ ভাৰতত প্রথম মুক্ত শিক্ষা ১৯৭৯ চনত আৰম্ভ
হৈছিল ।
২১। ভাৰতত প্রথমখন মুক্ত বিশ্ববিদ্যালয় _____ চনত
প্রতিষ্ঠা হৈছিল ।
উত্তরঃ ভাৰতত প্রথমখন মুক্ত বিশ্ববিদ্যালয় ১৮৮২(অন্ধ্রপ্রদেশ
মুক্ত বিশ্ববিদ্যালয়) চনত প্রতিষ্ঠা হৈছিল ।
খ) শুদ্ধ নে অশুদ্ধ লিখা
২২। অগতানুগতিক শিক্ষা জীবনব্যাপী ।
উত্তরঃ শুদ্ধ ।
২৩। অগতানুগতিক শিক্ষাৰ কোনো নির্ধাৰিত পাঠ্যক্রম
নাথাকে ।
উত্তরঃ অশুদ্ধ ।
২৪। দূৰ শিক্ষা এক মিতব্যয়ী শিক্ষাব্যবস্থা ।
উত্তরঃ শুদ্ধ ।
২৫। অগতানুগতিক শিক্ষাৰ সুযোগ কেবল মাত্র
বিদ্যালয় বৰ্হিভূত শিক্ষার্থীৰ ক্ষেত্রত সীমাবদ্ধ ।
উত্তরঃ অশুদ্ধ ।
২৬। অগতানুগতিক শিক্ষাই শিক্ষার্থীৰ সাৰ্বিক
বিকাশত সহায় কৰিব নোৱাৰে ।
উত্তরঃ অশুদ্ধ ।
২৭। দূৰ শিক্ষা শিক্ষার্থীকেন্দ্রিক ।
উত্তরঃ শুদ্ধ ।
২৮। অগতানুগতিক শিক্ষা সকলো ধৰণৰ দৃঢ় বান্ধোনৰ পৰা
মুক্ত ।
উত্তরঃ শুদ্ধ ।
২৯। অগতানুগতিক শিক্ষা শিক্ষার্থীৰ চাহিদা
ভিত্তিক নহয় ।
উত্তরঃ অশুদ্ধ ।
৩০। দূৰ শিক্ষা সদায় মুক্ত শিক্ষা ।
উত্তরঃ শুদ্ধ ।
৩১। নমনীয়তাই অগতানুগতিক শিক্ষাক গতানুগতিক
শিক্ষাৰ পৰা পৃথক কৰে ।
উত্তরঃ শুদ্ধ ।
৩২। অগতানুগতিক শিক্ষা ইচ্ছাকৃত নহয় ।
উত্তরঃ অশুদ্ধ ।
৩৩। দূৰ শিক্ষা হৈছে এক প্রকাৰ
অনানুষ্ঠানকেন্দ্রিক ।
উত্তরঃ শুদ্ধ ।
৩৪। মুক্ত শিক্ষাত মাত্র এবাৰেই প্রবেশৰ সুবিধা
আছে ।
উত্তরঃ অশুদ্ধ ।
৩৫। সকলো দূৰ শিক্ষা সদায় মুক্ত নহয় ।
উত্তরঃ শুদ্ধ ।
৩৬। দূৰ শিক্ষা মুক্ততা অবিহনেও সম্ভৱ হয় ।
উত্তরঃ শুদ্ধ ।
৩৭। অগতানুগতিক শিক্ষা উদ্দেশ্যপূৰ্ণ আরু পৰিকল্পিত
।
উত্তরঃ শুদ্ধ ।
৩৮। অবিৰত শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ
সীমাবদ্ধতাসমূহ দূৰ কৰে ।
উত্তরঃ শুদ্ধ ।
৩৯। অগতানুগতিক শিক্ষাৰ আনুষ্ঠানিক শিক্ষাৰ লগত
কোনো সম্পর্ক নাই
উত্তরঃ অশুদ্ধ ।
৪০। অগতানুগতিক শিক্ষা কেবল মাত্র বিদ্যালয়
বহিৰ্ভুত শিক্ষার্থীৰ বাবেহে ।
উত্তরঃ অশুদ্ধ ।
৪১। ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে
শিক্ষা ব্যৱস্থাৰ প্রৱৰ্তন কৰে ।
উত্তরঃ শুদ্ধ ।
৪২। ডাকযোগে শিক্ষাৰ যোগেদি Book Keeping ৰ ওপৰত
চাৰ আইজাক পিটমেনে সর্বপ্রথমবাৰৰ বাবে পাঠ্যক্রমৰ প্রৱৰ্তন কৰে ।
উত্তরঃ শুদ্ধ ।
৪৩। ডাকযোগে শিক্ষা গতানুগতিক শিক্ষাৰ এক নমনীয়
বর্ধিত অংশ ।
উত্তরঃ শুদ্ধ ।
৪৪। দূৰ শিক্ষা আরু মুক্ত শিক্ষাৰ মাজত কোনো
পার্থক্য নাই ।
উত্তরঃ অশুদ্ধ ।
৪৫। মুক্ত শিক্ষাত মূল্যায়নৰ ব্যৱস্থা নাই ।
উত্তরঃ অশুদ্ধ ।
৪৬। দূৰ শিক্ষাৰ কিছুমান কাৰ্যসূচী অনমনীয় ।
উত্তরঃ অশুদ্ধ ।
৪৭। মুক্ত শিক্ষা আরু আনুষ্ঠানিক শিক্ষাৰ
পাঠ্যক্রম তুলনা নহয় ।
উত্তরঃ অশুদ্ধ ।
৪৮। ১৯৭১ চনত আমেৰিকাত সর্বপ্রথম
মুক্তবিশ্ববিদ্যালয় প্রতিষ্ঠা হৈছিল ।
উত্তরঃ অশুদ্ধ ।
৪৯। ১৯৮৬ চনত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়
প্রতিষ্ঠা কৰা হৈছিল ।
উত্তরঃ অশুদ্ধ ।
৫০। IGNOU হৈছে বিশ্বৰ ভিতৰতে বৃহৎ বিশ্ববিদ্যালয় ।
উত্তরঃ অশুদ্ধ ।
৫১। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় হৈছে ভাৰতৰ
সর্বপ্রথম মুক্ত বিশ্ববিদ্যালয় ।
উত্তরঃ অশুদ্ধ ।
৫২। দূৰ শিক্ষা ব্যৱস্থাত শিকন-শিক্ষণ প্রক্রিয়া
ব্যক্তিকেন্দ্রিক ।
উত্তরঃ শুদ্ধ ।
গ) চমু উত্তৰ দিয়া (পৰাপক্ষত এটা বাক্যতে)
৫৩। IGNOU ৰ সম্পূর্ণ রূপটো কি?
উত্তরঃ IGNOU
ৰ সম্পূর্ণ রূপটো হ’ল- Indira Gandhi National Open University .
৫৬। ভাৰতৰ প্রথম মুক্তবিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তরঃ ভাৰতৰ প্রথম মুক্তবিশ্ববিদ্যালয়খনৰ হ’ল- অন্ধ্রপ্রদেশ
মুক্ত বিশ্ববিদ্যালয় (১৮৮২) ।
৫৭। অসমৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খনত নাম কি?
উত্তরঃ অসমৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খনত নাম
হ’ল- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ।
৫৮। অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক নে? যুক্তি
দিয়া ।
উত্তরঃ অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক হয় । কাৰণ,
শিক্ষাৰ আচনি তৈয়াৰ কৰা, শিক্ষাৰ সামগ্রী বা সমলসমুহৰ যোগান ধৰা, প্রমানপত্র আদিবোৰ
প্রতিষ্ঠানৰ মাধ্যমেৰেই কৰা হয় ।
৫৯। দূৰ শিক্ষাব্যৱস্থাত শিক্ষক-শিক্ষার্থীৰ
প্রত্যক্ষ সংযোগ স্থাপনৰ মাধ্যমটো কি?
উত্তরঃ দূৰ শিক্ষাব্যৱস্থাত শিক্ষক-শিক্ষার্থীৰ প্রত্যক্ষ
সংযোগ স্থাপনৰ মাধ্যমটো হ’ল- পৰোক্ষ ভাৱে । এই শিকাত শিকারুসকলে শিক্ষকৰ
মুখামুখি হব নোৱাৰে ।
৬০। বিশ্বৰ বৃহৎ মুক্ত বিশ্ববিদ্যালয় খনৰ নাম কি?
উত্তরঃ বিশ্বৰ বৃহৎ মুক্ত বিশ্ববিদ্যালয় খনৰ নাম
হ’ল- চীন দেশৰ টেলিভিছন মুক্ত বিশ্ববিদ্যালয় ।
৬১। বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ
নাম কি?
উত্তরঃ বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ
নাম ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় ।
৬২। তুমি জনা দুখন মুক্ত বিদ্যালয়ৰ নাম
লিখা ।
উত্তরঃ দুখন মুক্ত বিদ্যালয়ৰ নাম হ’ল- দিল্লী মুক্ত বিদ্যালয় আরু NIOS (National Institute
of Open Schooling)
৬৩। দিল্লী বিশ্ববিদ্যালয়ে কোন চনত ডাকযোগে
শিক্ষাৰ পাঠ্যক্রম আৰম্ভ কৰিছিল?
উত্তরঃ দিল্লী বিশ্ববিদ্যালয়ে ১৯৬২ চনত ডাকযোগে
শিক্ষাৰ পাঠ্যক্রম আৰম্ভ কৰিছিল ।
৬৪। SLM ৰ অর্থ কি?
উত্তরঃ SLM ৰ অর্থ হ’ল- Self
Learning Material অর্থাৎ আত্ম শিক্ষণ সঁজুলি ।
৬৫।কোনে দূৰ শিক্ষাক ‘টেলিগ্রামিক শিক্ষা’ বুলি
কৈছিল ?
উত্তরঃ ম’ৰে দূৰ শিক্ষাক ‘টেলিগ্রামিক শিক্ষা’
বুলি কৈছিল ।
৬৬। ডাকযোগে শিক্ষাৰ যোগাযোগৰ মাধ্যমটো কি?
উত্তরঃ ডাকযোগে শিক্ষাৰ যোগাযোগৰ মাধ্যমটো হ’ল-
ডাকঘৰ ।
৬৭। অগতানুগতিক শিক্ষাক কিয় চাহিদাভিত্তিক শিক্ষা
বুলি কোৱা হয়?
উত্তরঃ অগতানুগতিক শিক্ষাত নামভৰ্তিৰ মাচুল তেনেই
কম । ছাত্র-ছাত্রী সকলে সদায় শ্রেণিকোঠাত উপস্থিত থাকিব নালাগে যাৰ বাবে যাতায়ত খৰচ
বহু পৰিমাণে কম হয় । ইয়াৰ উপৰিও আন সকলো শিতানত অত্যন্ত কম খৰচতে এই শিক্ষাৰ সুযোগ
লাভ কৰিব পাৰি । সেয়েহে,
অগতানুগতিক শিক্ষাক চাহিদাভিত্তিক শিক্ষা বুলি কোৱা হয় ।
খ) ২ নম্বৰৰ প্রশ্ন
৬৮। অগতানুগতিক শিক্ষা মানে কি বুজা?
উত্তরঃ যি শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে আনুষ্ঠানিক শিক্ষাৰ প্রতিবন্ধক আরু ক্রটীসমূহ
দুৰীকৰণৰ উদ্দেশ্যে সকলো ল’ৰা-ছোৱালী আরু নাগৰিকৰ বাবে শিক্ষা প্রক্রিয়া তৈয়াৰ কৰা
হৈছে, সেই শিক্ষাব্যৱস্থাক অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয় ।
৬৯। অগতানুগতিক শিক্ষাৰ সংজ্ঞা লিখা ।
উত্তরঃ অগতানুগতিক শিক্ষা হৈছে বৰ্তমান সমাজৰ
লোকৰ এক প্ৰয়োজন-ভিত্তিক শিক্ষা।
ইয়াৰ সংজ্ঞা দি ক'ব পাৰি যে-
“স্কুল-কলেজৰ আনুষ্ঠানিক শিক্ষাৰ বাহিৰত
সু-সংগঠিত আরু প্ৰণালীবদ্ধভাৱে কেতবোৰ নিৰ্বাচিত বিষয়ত অধিক স্বাধীনতা, মিতব্যয়িতা আরু
গতিশীলতাৰ নীতি ৰক্ষা কৰি দিয়া শিক্ষাই হৈছে অগতানুগতিক শিক্ষা ।”
৭০। অগতানুগতিক শিক্ষাত শিক্ষকৰ ভূমিকা কি?
উত্তরঃ অগতানুগতিক শিক্ষাত শিক্ষকসকল
ছাত্র-ছাত্রীক প্রত্যক্ষ ভাবে লগ কৰাৰ সুযোগ অতি কম । সেয়েহে, পৰোক্ষভাবে তেওঁলোকে
শিক্ষাৰ সমল, মূল্যায়ণৰ পাঠ্যসূচী, চিঠি-পত্রৰ জৰীয়তে উপদেশ আদি প্রদান কৰিব লাগে
। লগতে, শিক্ষার্থীসকলৰ সমস্যাসমূহ পৰোক্ষ ভাবে সমাধান কৰিব লাগে ।
৭১। মুক্ত শিক্ষাত ‘মুক্ত’ মানে কি বুজা?
উত্তরঃ মুক্ত শিক্ষাত ‘মুক্ত’ মানে হ’ল কোনো
বান্ধ বা বাধ্যতামূলক নথকা । লগতে, মুক্ত শব্দটোয়ে শিক্ষা গ্রহণ, সময়সীমা,
নীতিসমূহ, পৰীক্ষাৰ ক্ষেত্রত আদি সকলো ক্ষেত্রতে শিক্ষার্থী সকলক মুক্ত ভাবে জ্ঞান
অর্জন কৰাৰ ব্যবস্থা প্রদান কৰাকে সূচায় ।
৭২। মুক্ত শিক্ষা কি?
উত্তরঃ মুক্ত শিক্ষা হ’ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক
নব্য সংযোজন যি শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ বাধ্যবাধকতা নীতি আরু সীমাবদ্ধতাসমূহ
দূৰ কৰি সমাজৰ সকলো ব্যক্তিৰ বা নাগৰিক বা শিক্ষার্থীৰ বাবে শিক্ষাৰ প্রয়োজনসমূহক
পূৰণ কৰে আরু শিক্ষা গ্রহণৰ সুবিধা প্রদান কৰে ।
৭৩। দূৰ শিক্ষা কি?
উত্তরঃ দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থা হ’ল- আধুনিক শিক্ষাজগতৰ এক অভিনৱ
সংযোজন, যি অনানুষ্ঠানিক শিক্ষা মাধ্যমেৰে সকলো নাগৰিক বা মানুহ বা শিক্ষার্থীৰ
বাবে দৈনিক শিক্ষানুষ্ঠানত উপস্থিত নথকায়ৈ নিজ বাসগৃহতে থাকি বা ঘৰৰে পৰাই বিভিন্ন
শিক্ষাগ্রহণৰ সুবিধা গ্রহণ কৰিব পাৰে ।
দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ মূল
ধাৰা বা দিশ তিনিটা । সেইকেইটা হ’ল-
(ক)শিক্ষাৰ্থীকেন্দ্রিক
শিক্ষা
(খ)পৰোক্ষ শিক্ষা
(গ)প্রকৃত জীৱনবোধৰ শিক্ষা
৭৪। দূৰ শিক্ষাৰ এটা সংজ্ঞা লিখা ।
উত্তরঃ টেক ফকচ অর্থাৎ Tack Fokes ৰ মতে, “দূৰ শিক্ষা
হৈছে এবিধ শিক্ষা আহৰণৰ প্রক্রিয়া বা পদ্ধতি, যি বিদ্যালয় চৌহদৰ শিক্ষা ব্যৱস্থাত
থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক ।”
৭৫। ডাকযোগে শিক্ষাক কিয় ডাক শিক্ষা বুলি জনা
যায়?
উত্তরঃ ডাকযোগে শিক্ষাক ডাক শিক্ষা বুলি জনা যায়
কাৰণ এই শিক্ষাত ডাক সেৱাৰ জৰীয়তে শিক্ষণ সমল, শিক্ষণ সম্পর্কীয় চিঠি-পত্র আদি
প্রেৰণ কৰি শিক্ষার্থীসকলক শিক্ষা গ্রহণত সুবিধা প্রদান কৰে । লগতে, শিক্ষক আরু শিক্ষার্থী বার্তা-লাপ আরু শিক্ষা
সম্বন্ধীয় আলাপ-আলোচনা ডাকযোগে সম্পন্ন কৰা হয় ।
৭৬। ডাকযোগে শিক্ষাৰ উৎপত্তিৰ বিষয়ে লিখা ।
উত্তরঃ ডাকযোগে বা পত্রযোগে শিক্ষাৰ ধাৰণাটো পোন
প্রথমে আইজাক পিটমেনে (Issac Pitman) ১৮৪০ চনত ‘চৰ্টজেণ্ড কোৰ্চ’ শিক্ষাৰ কাৰণে ব্যৱহাৰ কৰিছিল । তথাপি,
শিক্ষাৰ ক্ষেত্রত ১৮৫৬ চনতহে এই ধাৰণাটো জার্মানত আৰম্ভ হৈছিল । ডাকযোগে ভাষা
শিক্ষাৰ বাবে Charles Toussaint নামৰ ফৰাচী লোকজনে জার্মানিত ১৮৫৬ চনত প্রথম স্কুলখন স্থাপন কৰিছিল
।পৰৱৰ্তী পৰ্যায়ত, বহু পাছত ১৯৬২ চনত ভাৰত বর্ষত দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে
শিক্ষা আরু অবিৰত শিক্ষাৰ বাবে সঞ্চালকালয় খুলি এনে পাঠ্যক্রম আৰম্ভ কৰিছিল আরু
পাছলৈ বিভিন্ন বিশ্ববিদ্যালয়ে গ্রহণ কৰিছিল ।
৭৮। দূৰ শিক্ষা শিক্ষাৰ এক নমনীয় পদ্ধতি-
ব্যাখ্যা কৰা ।
উত্তরঃ আনুষ্ঠানিক শিক্ষাত বহুতো নীতি-নিয়ম মানি
চলিব লগা হয় আরু অতি খৰচী । সেয়ে বহুতো শিক্ষার্থীয়ে এনে শিক্ষা গ্রহণ কৰিব নোৱাৰে
। এই ক্ষেত্রত দূৰ শিক্ষাই নীতি-নিয়মৰ শিথিলতাৰে আরু কম খৰচেৰে শিক্ষাৰ সুবিধা
প্রদান কৰে । সেয়েহে, দূৰ
শিক্ষা শিক্ষাৰ এক নমনীয় পদ্ধতি বুলি কোৱা হয় ।
৭৯। ‘দ্বিমুখী যোগাযোগ দূৰ শিক্ষাৰ এক
গুরুত্বপূর্ণ দিশ”- আলোচনা কৰা।
উত্তরঃ ‘দ্বিমুখী যোগাযোগ দূৰ শিক্ষাৰ এক
গুরুত্বপূর্ণ দিশ” । দূৰ শিক্ষা এনে এক শৈক্ষিক পদ্ধতি যত দ্বৈত পথ যোগাযোগেৰে
সম্পন্ন হয় । শিক্ষার্থীসকলে ‘প্রতিক্রিয়া তালিকা’ৰ মাধ্যমেৰে নিজৰ নিজৰ
প্রতিক্রিয়াসমূহ প্রকাশ কৰিব পাৰে । লগতে, আন আহিলা সমূহৰ মাধ্যমেৰে আহৰণ কৰা জ্ঞানসমূহ পুনৰ উৎপাদন
অৱগত কৰাব পাৰে । এই পদ্ধতিটোক Feedback বোলা হয় । অনুষ্ঠানৰ সৈতে শিক্ষার্থীসকলে যোগসূত্র স্থাপন কৰি সোমাই পৰিব
পাৰে । সেয়ে দ্বিমুখী বোলা হয় ।
৮০। অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ কিয় পৰিপূৰক
বুলি কোৱা হয়?
উত্তরঃ আনুষ্ঠানিক শিক্ষাত বহুতো নীতি-নিয়ম মানি
চলিব লগা হয় আরু অতি খৰচী । সেয়ে বহুতো শিক্ষার্থীয়ে এনে শিক্ষা গ্রহণ কৰিব নোৱাৰে
। এই ক্ষেত্রত অগতনুগতিক শিক্ষাই নীতি-নিয়মৰ শিথিলতাৰে আরু কম খৰচেৰে শিক্ষাৰ
সুবিধা প্রদান কৰে । সেয়েহে, অগতানুগতিক
শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ কিয় পৰিপূৰক বুলি কোৱা হয় ।
৮১। অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দুই
শ্রেণীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰা ।
উত্তরঃ অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দুই
শ্রেণীৰ ব্যক্তি হ’লঃ
(ক)আধাতে শিক্ষা সাং কৰা ছাত্র-ছাত্রীসকল ।
(খ) প্রাপ্ত বয়স্ক লোক সকল ।
Any Mistakes please inform us by the contact form.