বিশ্ব খনিকৰ, কবি-মফিজুদ্দিন আহমদ হাজৰিকা, নোট- পদ্মেশ্বৰ বৰা, class 12,

অতি চমু প্ৰশ্ন (VSA) –             মূল্যাংকঃ ১

 

(ক) বিশ্বখনিকৰ কবিতাটিৰ কাৰ ৰচনা?

উত্তৰঃ বিশ্বখনিকৰ কবিতাটি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচনা

 

(খ) মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত কি কবি রূপে জনা যায় ?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনীৰ কবি’ রূপে জনা যায়

 

(গ) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্রকাশিত কাব্যগ্রন্থখনিৰ নাম কি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্রকাশিত কাব্যগ্রন্থখনিৰ নাম- ‘তত্ত্ব-পাৰিজাত’ ।

 

(ঘ) অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল?

Ans:- ১৯৩০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল

 

(ঙ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্ৰকাশ কৰিছে বা ঘটিছে ?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰকাশ কৰিছে বা ঘটিছে

 

(চ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কোন চনত জন্ম হৈছিল?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ ১৮৭০ চনত জন্ম হৈছিল

 

(ছ) অৰ্থ লিখা- খনিকৰ, গোমস্তা, যদিস্যাতো, এমাডিমা

উত্তৰঃ

মূলশব্দ - অৰ্থ

    খনিকৰ - শিল-কাঠ-মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা

গোমোস্তা - দোকানৰ হিচাপ-পত্ৰ ৰখা কৰ্মচাৰী

যদিস্যাতো - যদিও

এমাডিমা - কেঁচুৱা অৱস্থা, নিচেই ৰালি কাল

 

(ঝ) বিশ্ব খনিকৰে এমা-ডিমা ৰাক কিহলৈ পৰিৱৰ্তন কৰে?

উত্তৰঃ বিশ্ব খনিকৰে এমাডিমা ৰাক ডেকা তেজ ধৰা যুৱকলৈ পৰিৱৰ্তন কৰে

 

(ঞ) বিশ্বখনিকৰক সকলোতে থকাৰ পিছতো কিয় দেখা পোৱা নাযায়?

Ans:- বিশ্বখনিকৰক সকলোতে থকাৰ পিছতো ‘ওৰণিৰে মুখ ঢাকি থকা’ৰ নিচিনাকৈ নিৰ্গুণ আরু নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায়

 

(ট) অসমীয়া সাহিত্যতজ্ঞানমালিনীৰ কবিহিচাপে কোনগৰাকী কবি জনাজাত?

উত্তৰঃ অসমীয়া সাহিত্যতজ্ঞানমালিনীৰ কবিহিচাপে মফিজুদ্দিন আহমদ হাজৰিকাদেৱ জনাজাত

 

(ঠ) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম- ‘তত্ত্ব-পাৰিজাত’

 

(ড) ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ‘বিশ্বখনিকৰ’ বা ‘বিশ্ব গঢ়োতা’ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কোৱা হৈছে

 

(ঢ) ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা

 

(ণ) মফিজুদ্দিন আহমদ হাজৰিকা কোন শ্ৰেণীৰ কবি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী যুগ’ৰ কবি

 


চমু প্রশ্ন (আৰ্হি নং ১) (SA Type-I) –      মূল্যাংকঃ ২

 

(ক) মরু জগতত জীৱই কাৰ কৃপাজৰী লৈ জীয়াই আছে ?

উত্তৰঃ মরু জগতত জীৱই বিশ্বখনিকৰৰ দ্বাৰা সৃষ্ট ল’ৰা-ছোৱালী, পতি-পত্নী, আই-বোপাই আদি সম্বন্ধৰৰ কৃপাজৰী লৈ জীয়াই আছে বা বান্ধ খাই আছে যাক কোনেও দেখা নাপায়, যাৰ কৃপাতেই গ্ৰহ, তৰা, বেলি, জোন আদি আকাশত নিতৌ স্থিতি হৈ আছে আনকি জড় জগত আরু মরু জগততো সকলোৱে জীৱন পাই আছে সেইজনাৰ কৃপাজৰী লৈয়ে সকলো জীয়াই আছে ।

 

(খ) বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায়?

Ans:- বিশ্বখনিকৰ অসীম গুণৰ অধিকাৰী নিৰ্গুণ নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায় ওৰণিৰে মুখ ঢাকি থকা পৰম ঈশ্বৰক ভক্তি অঞ্জলিৰ দ্বাৰাই অনুভব কৰাৰ বাদে অন্য উপায়ে সম্ভৱ নহয় তেওঁক পাবলৈ কিছুমান মানুহে চেষ্টা কৰে কিন্ত এই ভক্তিৰ পথটো ল অতি সূক্ষ্ম সেইবাবে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতে বিচাৰি থাকে, কিন্ত সফল নোৱাৰে  

 

(গ) তিনিটা গুণ কি কি?

উত্তৰঃ তিনিটা গুণ হৈছে- সত্ত্বঃ ৰজঃ আরু তমো গুণ যি শক্তিতে জগতৰ স্থিতি আরু লয় বিৰাজমান হয় ।

সত্ত্বঃ গুণ সুখদায়ক আরু জ্ঞানাত্মক হয় যিয়ে জীৱক সুখত আসক্তি কৰে আরু মুগ্ধ কৰেএই গুণৰ অধিকাৰী হ’লে জ্ঞান আরু সুখ পোৱা যায় ।

 ৰজঃ গুণ ৰাগাত্মক যি মানুহক বিষয়ত আসক্ত কৰে ৰজঃ গুণে দুখ নমাই আনে ।

 তমঃ গুণ অজ্ঞানৰ পৰা হয় আরু এই গুণে জীৱৰ মোহৰ সৃষ্টি কৰে যিয়ে প্রমাদ, আলস্য আরু নিদ্রাৰ জৰিয়তে সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰেতমঃ গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে ।

 

(ঘ) ত্ৰিলোক বুলিলে কি বুজা যায়?

উত্তৰঃ বিশ্বখনিকৰে সৃষ্টি কৰা তিনিখন জগত অৰ্থাৎ স্বৰ্গ, মৰ্ত্য আরু পাতাল-এই তিনিখন জগতকে ত্ৰিলোক বুলি কোৱা হয়

 

(ঙ)‘বিশ্ব খনিকৰ’ কবিতাটোত উল্লেখ কৰা বিশ্বখনিকৰৰ দুটি বিশেষণ রূপ লিখা ।

উত্তৰঃ ‘বিশ্ব খনিকৰ’ কবিতাটোত উল্লেখ কৰা বিশ্বখনিকৰৰ দুটি বিশেষণ রূপ হ’ল- ‘বিশ্ব’ আরু ‘খনিকৰ’ । 

 

(চ) কুঁহি-গজালিৰ ক্ষেত্ৰত কি কি তিনিবিধ গছৰ কথা কোৱা হৈছে?

Ans:- কুঁহি-গজালিৰ ক্ষেত্ৰত পমা, চিচু আরু পাৰলী, এই তিনিবিধ গছৰ কথা কোৱা হৈছে

 

(ছ) মরু জগততো কাক পাই মানুহে জীৱ ধৰি আছে ?

উত্তৰঃ মরু জগততো বিশ্বখনিকৰক পাই মানুহে জীৱ ধৰি আছে । মরু জগতত জীৱই বিশ্বখনিকৰৰ দ্বাৰা সৃষ্ট ল’ৰা-ছোৱালী, পতি-পত্নী, আই-বোপাই আদি সম্বন্ধৰৰ কৃপাজৰী লৈ জীয়াই আছে বা বান্ধ খাই আছে যাক কোনেও দেখা নাপায়, যাৰ কৃপাতেই গ্ৰহ, তৰা, বেলি, জোন আদি আকাশত নিতৌ স্থিতি হৈ আছে সেইজনাৰ কৃপাজৰী লৈয়ে সকলো জীয়াই আছে ।

 

(জ) গছ-গছনিয়ে কাৰ নাম লৈ কেনেদৰে যশস্যাৰ বীণ বাই আছে ?

Ans:- গছ-গছনিয়ে বিশ্বখনিকৰ নাম লৈ, যথা-ঠৰ হৈ যশস্যাৰ বীণ বাই আছে কাৰণ, তেওঁ একো খিলা পাততো বিৰাজমান হৈ আছে যত তেওঁৰ চিন পোৱা যায় ।

 

(ঝ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা

Ans:- মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্ব প্ৰকাশিত হৈছে

(খ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফীবাদী দৰ্শনৰ প্ৰকাশ দেখা যায়

 

(ঞ) কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি কৈছে?

Ans:- কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে কাৰণ, এই বিশ্বব্ৰক্ষাণ্ডৰ সকলো বস্তু, সকলো প্ৰাণীক একাত্মক কৰি তেৱেঁই ৰাখিছে তেওঁৰ কৃপাৰ বলতে পৃথিবী আছে, জোন-বেলি-তৰা শূণ্যত ওপঙি আছে খহি নপৰাকৈ তেওঁৰেই যশ-গান গায় ত্রিজগত অতিবাহিত হৈ আছে জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে

 

() স্বত্ব: ৰজ: তমো গুণ কি বুজাই লিখা

Ans:- সত্ব: ৰজ: তমো হৈছে তিনিটা বিশেষ গুন বা শক্তি, ইয়াতে জগতৰ স্থিতি আরু লয় সত্ব: হৈছে শান্ত আরু নম্ৰ সুখদায়ক আরু জ্ঞানাত্মক ৰজঃ হৈছে ৰাজসিক গুণ যি অহংকাৰৰ সৃষ্টি কৰে অৰ্থাৎ এই গুণৰ বাবে মানুহ বাসনাত আসক্ত হয় তমো গুণ অজ্ঞানৰ পৰা হয় জীৱক মোহগ্ৰন্থ কৰে আরু প্ৰমাদ, আলস্য, নিদ্ৰাৰ আদি দ্বাৰা সকলো জ্ঞান ঢাকি ৰাখে

     মুঠতে সত্ত্বঃ গুণে প্ৰদান কৰে জ্ঞান, ৰজঃ গুণে দুখ বিয়পাই দিয়ে আরু তমো গুণে জীৱনলৈ অজ্ঞানতা কঢ়িয়াই আনে

 

(ঠ) মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা

Ans:- মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথি হ’ল-

(ক) জ্ঞানমালিনী আরু (খ) তত্ত্ব পাৰিজাত

 

(ড) কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে?

Ans:- কবি মফিজুদ্দিন আহমদ হাজৰিকাই ‘বিশ্বখনিকৰ’ক সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে  কাৰণ, ‘বিশ্বখনিকৰ’ নিৰ্গুন আরু নিৰাকাৰ স্বরূপ সেইজনা পৰম ব্ৰহ্ম বা ঈশ্বৰক চকুৰ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতি আরু লয়ৰ মূলতে এক পৰম অস্তিত্বক সদায় অনুভৱ কৰিব পাৰি তেৱেই খনিকরূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞান-জ্ঞানী, বিশ্বব্ৰক্ষাণ্ডৰ প্ৰাণ আত্ম-স্বরূপ আরু সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান

 

(ঢ) মফিজুদ্দিন আহমদ হাজৰিকাই লিখা দুখন কবিতাপুথিৰ নাম লিখা?

Ans:- মফিজুদ্দিন আহমদ হাজৰিকাই লিখা দুখন কবিতাপুথিৰ নাম - জ্ঞানমালিনী আরু তত্ত্ব-পাৰিজাত

 

(ণ) মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম আরু কেতিয়া হৈছিল?

Ans:- মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম ১৮৭০ চনত ডি্ব্রুগড়ত হৈছিল

 

চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) –        মূল্যাংকঃ

 

(ক) সকলোতে আছে তেওঁ

  কিন্ত নেদেখে কেও,

  ওৰনিৰে মূখ ঢাকি থাকে ওচৰত’-এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে চমুকৈ লিখা

Ans:- ৰ্নিগুণ নিৰাকাৰ বিশ্বখনিকৰৰ বিস্তূত রূ বৰ্ণনা কৰিবলৈ গৈ কবি মফিজুদ্দিন আহমদ হাজৰিকাই কৈছে যে সমস্ত জীৱাত্মাৰ তেওঁতেই সৃষ্টি তেওঁতেই লয়

          চাক্ষুষ দৃষ্টিৰে তেওঁক দেখা নাযায় কাৰণ, তেওঁ নিৰাকাৰ কিন্তু সৰ্বত্ৰ ব্যপ্ত হৈ থাকে বিচাৰিব জানিলে তেওঁক সকলোতে পোৱা যায় ওৰণিৰে মুখ ঢাকি ঈশ্বৰক ভক্তি অঞ্জলিৰেহে একমাত্ৰ অনুভৱ কৰিব পাৰি অন্যথা সম্ভৱ নহয় ভক্তিৰ পথ অতিশয় সূক্ষ্ম বাবে বহুজনে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতেই বা ওপৰে ওপৰে বিচাৰি থাকে, কিন্ত সফল নোৱাৰে চলনাময়ী নাৰীৰ দৰে তেঁৱো ধৰা দি পিছলি যায় মায়াই পৰমেশ্বৰ আরু পাৰ্থিব জগতখনৰ মাজত এখন আৱৰনৰ সৃষ্টি কৰিছে এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয় জীৱৰ সেই জ্ঞান বা বোধ জন্ম হলেই এই ওৰণি আঁতৰি যায় আরু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়

কবিয়ে উল্লেখিত চৰণটোত এই কথাখিনিকে প্ৰকাশ কৰিছে

 

 

(খ) ‘তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ

 – তাৎপৰ্য বুজাই লিখা ।  (৩ বা ৪ বা ৫ নম্বৰৰ)

Ans:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে

           এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখেয় কবিতাফাকিৰ অৱতাৰনা কৰিছে  

           সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি নিৰ্ধাৰনৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আরু জড় পদাৰ্থ সকলো ক্ৰিয়া-কৰ্মৰ আঁৰত বিশ্ব খনিকৰৰে কৃপা বৰ্তমান কাৰ্য তেওঁ, কাৰণো তেওঁয়েই তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে জীৱ দিছে তেৱেঁই আরু তেৱেঁই  মরুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰনৰ উপায় দিছে সাধাৰন এটি বীজ বা ভ্রূণৰ পৰা এজোপা প্ৰকাণ্ড মহীরূহ বা পূৰ্ণ মানৱৰ গঠন তেৱেই সম্ভৱ কৰি তোলে প্ৰকৃতি বিচিত্ৰ রূপৰ মাজতে তেওঁৰেই মহিমা লুকাই আছে এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰি যি তিল তিলকৈ পৃথিৱীখন গঢ়ি তুলিছে সেয়েহে কবিয়ে তেওঁকবিশ্বখনিকৰবুলি কৈছে

 

(গ)নিশ্চয় নিশ্চয় তেৱেঁ

    (দেখা নায়ো যদি কেৱে)

   অন্তৰ্যামী-সৰ্বজ্ঞান, বিশ্ব-আত্মা প্ৰাণ

   সৰ্ব-ব্যপী, সৰ্ব শক্তিমান -কবিতাফাকিৰ তাৎপৰ্য ব্যাখা কৰা

Ans:- বিশ্বখনিকৰ শীৰ্ষক কবিতাত বৰ্ণিত উক্ত কবিতাফাকি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে দাৰ্শনিক অৰ্থত প্ৰয়োগ কৰিছে কবিজনাৰ মতে যদিও কোনেও বিশ্বখনিকৰ অৰ্থাৎ ভগৱানক দেখা পোৱা নাই, তথাপি এই বিষয়ত নিশ্চিত যে এই ত্রিজগত সৃষ্টিকাৰী কোনো এজন আছে । তেওঁয়েই হৈছে ভগৱান অৰ্থাৎ বিশ্বখনিকৰতেওঁ অন্তৰ্যামী আরু সৰ্বজ্ঞানী । তেওঁ বিশ্বত জীয়াই থকা সকলো আত্মাৰে প্রাণস্বরূপ । তেওঁ সৰ্বব্যাপী আরু সৰ্বশক্তিমান যিজন সৃষ্টি, স্থিতি আরু প্রলয়ৰ গৰাকী । জীৱজগত আরু জড়জগত তেওঁৰেই সৃষ্ট আরু পৰিচালনা হৈ আছে । সেয়ে কবিয়ে নানান গুণৰে উপমা দি তেওঁ সকলোতে বিৰাজমান হৈ থকা বিষয়ত কবিতাফাঁকিত নিশ্চয়তা প্রকাশ কৰিছে ।

 

(ঘ) ভগৱন্তক কিয় বিশ্বখনিকৰ বোলা হয়?

Ans:- কবিৰ মতে বিশ্বব্ৰহ্মাণ্ডখনৰ অণু-পৰমাণু, গছ-গছনি, তরু-তৃণ, জীৱ-জড় সকলোবোৰেই ভগৱন্তৰ সৃষ্টি সকলোতে তেওঁ বিৰাজমান হৈ আছে সত্ত্বঃ, ৰজঃ, তম:-এই গুণৰ অধিকাৰী হৈও তেওঁ শক্তিৰ ওপৰত নিৰ্লিপ্ত আরু নিৰাকাৰ তেওঁ বিশ্বৰ আত্মস্বরূপ আরু জড় জগতৰ শৰীৰ স্বরূপে অদৃশ্যরূপে সৰ্বব্যাপ্ত সেয়ে কবিয়ে তেওঁক বিশ্বখনিকৰ বুলি কৈছে

 

(ঙ)তেৱেঁ যোগী তপস্বী ও তেৱেঁ বাজীকৰ

    তেৱেঁ ধনী, তেৱেঁ ধন

    গোমোস্তা মহাজন

ইয়াতআখৰটো কি অৰ্থত ব্যৱহাৰ হৈছে ? এই চৰণটোক দাৰ্শনিক পদ বুলিব পাৰিনে বুজাই লিখা

Ans:- এই স্তৱকটিতআখৰটো যোজক অব্যয় ‘আরু’ অৰ্থত ব্যৱহাৰ হৈছে অসমীয়া ভাষাত গল্প বা গদ্য আদিত ব্যৱহাৰ নহয় যদিও সংক্ষিপ্ততাৰ বাবে কোনো কোনো কবিতাত ব্যৱহাৰ কৰা হয়

        উক্ত স্তৱকটিৰ প্ৰথম শাৰীত দাৰ্শনিক ভাৱ প্ৰকাশ পালেও তাৰ পাছৰ শাৰী দুটিত দাৰ্শনিক ভাৱ ফুটি উঠা নাই বুলি পাৰি



দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I)-  মূল্যাংকঃ

 

প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা করাঃ

 

(ক) সত্ত্বঃ ৰজঃ তমো গুণ

সকলোতে নিৰগুণ

বোলে হুনু বিশ্ব গিৰি সেই মহাজন ।

 

উত্তৰঃ উক্ত কবিতাফাকিৰ আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

    এই কবিতাংশৰ মাধ্যমেৰে ভগৱানৰ তিনি মহৎ গুণ আরু সকলোতে তেওঁৰ সৃষ্টি আরু স্থিতিৰ প্রকাশ কৰিবলৈ ব্যক্ত কৰিছে ।

    কবিজনাৰ মতে এই ত্রিজগত (স্বৰ্গ, মত্য আরু পাতাল) ভগৱানে সৃষ্টি কৰিছে । তেওঁ সকলো গুণৰ অধিকাৰীবিশেষকৈ সত্ত্বঃ ৰজঃ আরু তমো গুণৰ সৃষ্টি আরু পালনকাৰীও তেৱেঁ । তেওঁ সকলোতে নিৰগুণ স্বরূপে বিৰাজমান হৈ থাকে । কবিয়ে সেয়েহে, তেওঁক বিশ্বগিৰি আরু বিশ্বখনৰ মহাজন বুলি অভিহিত কৰিছে । ইয়াৰ মাধ্যমেৰে, কবিয়ে সকলো বস্তু (জীৱ আরু জড়)ৰ সৃষ্টি, স্থিতি আরু প্রলয়ৰ গৰাকী হিচাপে বিশ্বখনিকৰ অৰ্থাৎ ভগৱানৰ কথা ব্যক্ত কৰিছে ।

 

(খ)প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা

‘তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ

অথবাঃ – তাৎপৰ্য বুজাই লিখা ।  (৩ বা ৪ বা ৫ নম্বৰৰ)

Ans:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে

           এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখেয় কবিতাফাকিৰ অৱতাৰনা কৰিছে  

           সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি নিৰ্ধাৰনৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আরু জড় পদাৰ্থ সকলো ক্ৰিয়া-কৰ্মৰ আঁৰত বিশ্ব খনিকৰৰে কৃপা বৰ্তমান কাৰ্য তেওঁ, কাৰণো তেওঁয়েই তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে জীৱ দিছে তেৱেঁই আরু তেৱেঁই  মরুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰনৰ উপায় দিছে সাধাৰন এটি বীজ বা ভ্রূণৰ পৰা এজোপা প্ৰকাণ্ড মহীরূহ বা পূৰ্ণ মানৱৰ গঠন তেৱেই সম্ভৱ কৰি তোলে প্ৰকৃতি বিচিত্ৰ রূপৰ মাজতে তেওঁৰেই মহিমা লুকাই আছে এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰি যি তিল তিলকৈ পৃথিৱীখন গঢ়ি তুলিছে সেয়েহে কবিয়ে তেওঁকবিশ্বখনিকৰবুলি কৈছে

 

 

()“নিশ্চয় নিশ্চয় তেৱেঁ

    (দেখা নায়ো যদি কেৱে)

   অন্তৰ্যামী-সৰ্বজ্ঞান, বিশ্ব-আত্মা প্ৰাণ

   সৰ্ব-ব্যপী, সৰ্ব শক্তিমান

উত্তৰঃ উক্ত কবিতাফাকিৰ আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

    এই কবিতাংশৰ মাধ্যমেৰে ভগৱানৰ অন্তৰ্যামী, সৰ্বজ্ঞানী আরু সৰ্ব শক্তিমান গুণৰাজিৰ মাধ্যমেৰে তেওঁ সকলো বিষয়তে থকা সন্দৰ্ভত নিশ্চয়তা প্রকাশ কৰিবলৈ বিচৰা হৈছে

    কবিজনাৰ মতে যদিও কোনেও বিশ্বখনিকৰ অৰ্থাৎ ভগৱানক দেখা পোৱা নাই, তথাপি এই বিষয়ত নিশ্চিত যে এই ত্রিজগত সৃষ্টিকাৰী কোনো এজন আছে । তেওঁয়েই হৈছে ভগৱান অৰ্থাৎ বিশ্বখনিকৰতেওঁ অন্তৰ্যামী আরু সৰ্বজ্ঞানী । তেওঁ বিশ্বত জীয়াই থকা সকলো আত্মাৰে প্রাণস্বরূপ । তেওঁ সৰ্বব্যাপী আরু সৰ্বশক্তিমান যিজন সৃষ্টি, স্থিতি আরু প্রলয়ৰ গৰাকী । জীৱজগত আরু জড়জগত তেওঁৰেই সৃষ্ট আরু পৰিচালনা হৈ আছে । সেয়ে কবিয়ে নানান গুণৰে উপমা দি তেওঁ সকলোতে বিৰাজমান হৈ থকা বিষয়ত কবিতাফাঁকিত নিশ্চয়তা প্রকাশ কৰিছে ।

 

 

দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA Type-II) –  মূল্যাংকঃ ৫

 

(ক)বিশ্বখনিকৰকবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আরু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?

Ans:- ‘বিশ্বখনিকৰকবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰকৃততে বিশ্ব খনিকরূপী এক পৰম সত্তাৰ কথা বিচাৰিছে

          অসমীয়া ৰোমান্টিক কাব্যধাৰাৰ আধাত্মবাদী, জীৱন দৃষ্টিসম্পন্ন, নিষ্ঠাবান, চিন্তাশীল সাধক কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ এটি উল্লেখযোগ্য কবিতা ৰোমান্টিক যুগৰ নতুন চিন্তাধাৰাৰ পোহৰত ভাৰতীয় দৰ্শনক আবগাহন কৰি কবি আহমদ হাজৰিকাই ব্ৰহ্মাৰ অখণ্ড, অনন্ত, সৰ্বশক্তিমান রূপৰ কথা কবিতাটিত বৰ্ণনা কৰিছে ব্ৰহ্মসত্য জগত মিথ্যা’ – এই তত্ত্বক সাৰোগত কৰি বেদান্ত দৰ্শনৰ বুকুত ব্ৰহ্মৰ নিৰ্গুণ রূপত উপস্থাপন কৰা হৈছে । এই নিগুৰ্ণ ব্রহ্মই হৈছে জগতৰ স্রষ্টাস্বরূপে অতীতৰো অতীত একমাত্ৰ পৰম সত্য জগতৰ সৃষ্টি-স্থিতি আরু লয়ৰ মূল কাৰণ নিৰাকাৰ বিশ্বখনিকৰ পৰম ব্ৰহ্ম তেওঁৰ দ্বাৰাই যে পশু-পক্ষী, মানৱ, গছ-লতিকা পৰিপূৰ্ণ সুন্দৰ-সুখময় জগতখন সৃষ্টি হৈছে সেইকথা কবিতাটিৰ মাজেদি প্ৰকাশ কৰিছে

ব্ৰহ্মই সৃষ্টি কৰা বিশ্বজগতখনৰ মহিমা অপাৰ জীৱজগত তথা জড় জগতত তেওঁৱেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায় তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিকৰ স্বরূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তযামী, সৰ্বব্যাপী বিশ্বপ্ৰাণ, বিশ্বআত্মা স্বরূপ এই ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ মাজত পাৰস্পৰিক ভাৰসাম্য ৰাখিছে দয়া, স্নেহ, করুণা, আদিৰে তেওঁ সকলোকে সাৱটি ৰাখিছে সত্ত্বঃ ৰজঃ তমো এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেৱেঁই ধৰি ৰাখিছে সৃষ্টিকৰ্তাত তেৱেঁই, বিনাশক তেৱেঁই এই সকলোবিলাক গুণৰ উৰ্দ্ধত থাকি তেওঁ সকলো কাল আরু অৱস্থাতে নিৰ্যিপ্ত হৈ থাকে ভাৰতীয় দৰ্শনৰ এনে সূক্ষ্ম ভাব কবিতাটোত প্ৰকাশ পাইছে

 

(খ)সত্ত্বঃ ৰজঃ তমো গুণ সম্পৰ্কে বুজাই লিখা ।

উত্তৰঃ তিনিটা গুণ হৈছে- সত্ত্বঃ ৰজঃ আরু তমো গুণ যি শক্তিতে জগতৰ স্থিতি আরু লয় বিৰাজমান হয় ।

সত্ত্বঃ গুণ সুখদায়ক আরু জ্ঞানাত্মক হয় যিয়ে জীৱক সুখত আসক্তি কৰে আরু মুগ্ধ কৰেএই গুণৰ অধিকাৰী হ’লে জ্ঞান আরু সুখ পোৱা যায় ।

 ৰজঃ গুণ ৰাগাত্মক যি মানুহক বিষয়ত আসক্ত কৰেৰজঃ গুণে দুখ নমাই আনে ।

 তমঃ গুণ অজ্ঞানৰ পৰা হয় আরু এই গুণে জীৱৰ মোহৰ সৃষ্টি কৰে যিয়ে প্রমাদ, আলস্য আরু নিদ্রাৰ জৰিয়তে সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰেতমঃ গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে ।

 

(গ)বিশ্বখনিকৰকবিতাটিৰ মূলভাৱ বা মূলভাৱটি লিখা

Ans:- জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰবিশ্বখনিকৰএটি দাৰ্শনিক ভাবাপন্ন কবিতা যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি সেই পৰম সত্তায়েহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি তেওঁৰ কথাতেই গ্ৰহ, তৰা, বেলি, জোন এই আটাইবোৰ ইটোৰ সিটোৰ লগত টনা-টনি কৰি বা সংস্পৰ্শত বৰ্তি আছে

ৰা-তিৰোতা, আই-ভাই এই সকলোকে লৈ এই জগতত মানুহে একো একোখন সংসাৰ ৰচিছে এখিলা পাততো কিমান চিন, কিমান যশস্যাৰ কথা আছে ওৰনিৰে তেওঁ মুখ ঢাকি ওচৰতে থাকে সেয়ে খেপিয়াই তেওঁক পাব নোৱাৰি সত্ত্বঃ, ৰজঃ, আরু তমোঃ তিনিও গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ যেনিয়েই চোৱা যায় সকলোতে তেওঁৰ দয়াৰ পৰশ আনাৰ অনুভৱ হয় তেৱেঁই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে

সেয়ে কবিয়ে কৈছে যে তেৱেঁই মানী, তেৱেঁই দানী, তেৱেঁই দান, তেৱেঁই কৰ্মী, তেৱেঁই কাম, খেতি-খেতিয়ক, জ্ঞান, তীখা, শান, ধৰ্ম, ধৰ্মী, বুধি-বুধিয়ক, পানী, মাছ, যোগী, তপস্বী, ধনী, ধন তেৱেঁই সকলো, তেওঁ বিশ্বখনিকৰ, তেৱেঁই অন্তযাৰ্মী সৰ্বজ্ঞান, বিশ্ব-আত্ম প্ৰাণ, তেওঁ সৰ্বব্যাপি সৰ্বশক্তিমান এয়াই কবিতাটিৰ মূলভাৱ

 

(ঘ)বিশ্বখনিকৰকবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া

Ans:-‘বিশ্বখনিকৰকবিতাটি জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দাৰ্শনিক তথা আধ্যাত্মিক ভাবাপন্ন কবিতা এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথাব্ৰহ্ম সত্য জগৎ মিথ্যাএই তত্ত্বটোকে কবিতাটিত প্ৰতিফলিত কৰিছে ৷ এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই তেৱেই সত্ত্বঃ, ৰজঃ, তমো এই ত্ৰিগুণৰ মাজেৰে পৃথিৱীৰ সকলো বস্তুতে স্থিতি লৈ আছে সকলো গুণৰ মাজত থাকিও তেওঁ তাৰ উৰ্দ্ধত কবিয়ে ওৰণিৰে মুখ ঢাকিথকা কথাটোৰ মাজেৰে বেদান্তমায়া বিষয়ে উল্লেখ কৰিছে আচলতে মায়াও তেওঁৰেই সৃষ্টি কিন্ত মায়াৰ আৱৰণৰ বাবেই এই পাৰ্থিব পৃথিৱীৰ দৃশ্যমান বস্তুবোৰক সঁচা বুলি ভাবো আরু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ কিন্ত মায়াৰ আৱৰন ভেদ কৰি চালে দেখা যাব যে এই পৃথিৱীৰ সকলোতে তেওঁৰেই রূপ, তেওঁ সৰ্বব্যাপী, সৰ্বশক্তিমান আৰউ একমাত্ৰ সত্য, ‘বিশ্বখনিকৰ’

    এইদৰে বিশ্বখনিকৰকবিতাটিত আধ্যাত্মিক দৰ্শনৰ এক চমু আভাস প্ৰকাশিত হৈছে ।

 

(ঙ)বিশ্বখনিকৰকবিতাটিৰ কবিৰ চমু পৰিচয়দাঙি ধৰা

Ans:- ‘বিশ্বখনিকৰ’ কবিতাটিৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হৈছিল ১৮৭০ চনত ডিব্রুগড়ত ১৮৯৬ চনত তেওঁৰ কবিতা পুথিজ্ঞানমালিনীপ্ৰকাশ পাইছিল আরু প্ৰকাশ পোৱাৰ লগে লগে কবিতাসমূহে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰে জ্ঞানমালিনীকবিতাপুথিখনৰ বাবেই  মফিজুদ্দিন আহমদ হাজৰিকাই অসমীয়া সাহিত্যজগতত ‘জ্ঞনমালিনীৰ কবি’ রূপে জনাজাত তেওঁৰ মৃত্যুৰ পিছত অপ্ৰকাশিত কবিতাসমূহ গোটাইতত্ত্ব পাৰিজাতনাম দি কাব্যপুথি এখন প্ৰকাশ কৰা হৈছে

      ১৯৩০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল ১৯৫৮ চনত তেওঁৰ মৃত্যু হয় অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম তেওঁৰ কবিতাতে প্ৰকাশ পায়

 

 

ভগবানে সকলোকে পঢ়াৰ দিশত আরু সুপথে আগুৱাই লৈ যাওঁক...........