বিশ্ব খনিকৰ, কবি-মফিজুদ্দিন আহমদ হাজৰিকা, নোট- পদ্মেশ্বৰ বৰা, class 12,

অতি চমু প্ৰশ্ন (VSA) –             মূল্যাংকঃ ১

 

(ক) বিশ্বখনিকৰ কবিতাটিৰ কাৰ ৰচনা?

উত্তৰঃ বিশ্বখনিকৰ কবিতাটি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচনা ।

 

(খ) মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত কি কবি রূপে জনা যায় ?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনীৰ কবি’ রূপে জনা যায় ।

 

(গ) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্রকাশিত কাব্যগ্রন্থখনিৰ নাম কি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্রকাশিত কাব্যগ্রন্থখনিৰ নাম- ‘তত্ত্ব-পাৰিজাত’ ।

 

(ঘ) অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল?

Ans:- ১৯৩০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল ।

 

(ঙ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্ৰকাশ কৰিছে বা ঘটিছে ?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰকাশ কৰিছে বা ঘটিছে ।

 

(চ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কোন চনত জন্ম হৈছিল?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ ১৮৭০ চনত জন্ম হৈছিল।

 

(ছ) অৰ্থ লিখা- খনিকৰ, গোমস্তা, যদিস্যাতো, এমাডিমা ।

উত্তৰঃ

মূলশব্দ - অৰ্থ

    খনিকৰ - শিল-কাঠ-মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা ।

গোমোস্তা - দোকানৰ হিচাপ-পত্ৰ ৰখা কৰ্মচাৰী ।

যদিস্যাতো - যদিও ।

এমাডিমা - কেঁচুৱা অৱস্থা, নিচেই ল’ৰালি কাল ।

 

(ঝ) বিশ্ব খনিকৰে এমা-ডিমা ল’ৰাক কিহলৈ পৰিৱৰ্তন কৰে?

উত্তৰঃ বিশ্ব খনিকৰে এমাডিমা ল’ৰাক ডেকা তেজ ধৰা যুৱকলৈ পৰিৱৰ্তন কৰে ।

 

(ঞ) বিশ্বখনিকৰক সকলোতে থকাৰ পিছতো কিয় দেখা পোৱা নাযায়?

Ans:- বিশ্বখনিকৰক সকলোতে থকাৰ পিছতো ‘ওৰণিৰে মুখ ঢাকি থকা’ৰ নিচিনাকৈ নিৰ্গুণ আরু নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায় ।

 

(ট) অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?

উত্তৰঃ অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে মফিজুদ্দিন আহমদ হাজৰিকাদেৱ জনাজাত ।

 

(ঠ) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম- ‘তত্ত্ব-পাৰিজাত’ ।

 

(ড) ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ‘বিশ্বখনিকৰ’ বা ‘বিশ্ব গঢ়োতা’ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কোৱা হৈছে ।

 

(ঢ) ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা ।

 

(ণ) মফিজুদ্দিন আহমদ হাজৰিকা কোন শ্ৰেণীৰ কবি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী যুগ’ৰ কবি ।

 


চমু প্রশ্ন (আৰ্হি নং ১) (SA Type-I) –      মূল্যাংকঃ ২

 

(ক) মরু জগতত জীৱই কাৰ কৃপাজৰী লৈ জীয়াই আছে ?

উত্তৰঃ মরু জগতত জীৱই বিশ্বখনিকৰৰ দ্বাৰা সৃষ্ট ল’ৰা-ছোৱালী, পতি-পত্নী, আই-বোপাই আদি সম্বন্ধৰৰ কৃপাজৰী লৈ জীয়াই আছে বা বান্ধ খাই আছে । যাক কোনেও দেখা নাপায়, যাৰ কৃপাতেই গ্ৰহ, তৰা, বেলি, জোন আদি আকাশত নিতৌ স্থিতি হৈ আছে । আনকি জড় জগত আরু মরু জগততো সকলোৱে জীৱন পাই আছে । সেইজনাৰ কৃপাজৰী লৈয়ে সকলো জীয়াই আছে ।

 

(খ) বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায়?

Ans:- বিশ্বখনিকৰ অসীম গুণৰ অধিকাৰী । নিৰ্গুণ নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায় । ওৰণিৰে মুখ ঢাকি থকা পৰম ঈশ্বৰক ভক্তি অঞ্জলিৰ দ্বাৰাই অনুভব কৰাৰ বাদে অন্য উপায়ে সম্ভৱ নহয় । তেওঁক পাবলৈ কিছুমান মানুহে চেষ্টা কৰে কিন্ত এই ভক্তিৰ পথটো হ’ল অতি সূক্ষ্ম । সেইবাবে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতে বিচাৰি থাকে, কিন্ত সফল হ’ব নোৱাৰে ।  

 

(গ) তিনিটা গুণ কি কি?

উত্তৰঃ তিনিটা গুণ হৈছে- সত্ত্বঃ ৰজঃ আরু তমো গুণ যি শক্তিতে জগতৰ স্থিতি আরু লয় বিৰাজমান হয় ।

সত্ত্বঃ গুণ সুখদায়ক আরু জ্ঞানাত্মক হয় যিয়ে জীৱক সুখত আসক্তি কৰে আরু মুগ্ধ কৰে । এই গুণৰ অধিকাৰী হ’লে জ্ঞান আরু সুখ পোৱা যায় ।

 ৰজঃ গুণ ৰাগাত্মক যি মানুহক বিষয়ত আসক্ত কৰে । ৰজঃ গুণে দুখ নমাই আনে ।

 তমঃ গুণ অজ্ঞানৰ পৰা হয় আরু এই গুণে জীৱৰ মোহৰ সৃষ্টি কৰে যিয়ে প্রমাদ, আলস্য আরু নিদ্রাৰ জৰিয়তে সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে । তমঃ গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে ।

 

(ঘ) ত্ৰিলোক বুলিলে কি বুজা যায়?

উত্তৰঃ বিশ্বখনিকৰে সৃষ্টি কৰা তিনিখন জগত অৰ্থাৎ স্বৰ্গ, মৰ্ত্য আরু পাতাল-এই তিনিখন জগতকে ত্ৰিলোক বুলি কোৱা হয় ।

 

(ঙ)‘বিশ্ব খনিকৰ’ কবিতাটোত উল্লেখ কৰা বিশ্বখনিকৰৰ দুটি বিশেষণ রূপ লিখা ।

উত্তৰঃ ‘বিশ্ব খনিকৰ’ কবিতাটোত উল্লেখ কৰা বিশ্বখনিকৰৰ দুটি বিশেষণ রূপ হ’ল- ‘বিশ্ব’ আরু ‘খনিকৰ’ । 

 

(চ) কুঁহি-গজালিৰ ক্ষেত্ৰত কি কি তিনিবিধ গছৰ কথা কোৱা হৈছে?

Ans:- কুঁহি-গজালিৰ ক্ষেত্ৰত পমা, চিচু আরু পাৰলী, এই তিনিবিধ গছৰ কথা কোৱা হৈছে ।

 

(ছ) মরু জগততো কাক পাই মানুহে জীৱ ধৰি আছে ?

উত্তৰঃ মরু জগততো বিশ্বখনিকৰক পাই মানুহে জীৱ ধৰি আছে । মরু জগতত জীৱই বিশ্বখনিকৰৰ দ্বাৰা সৃষ্ট ল’ৰা-ছোৱালী, পতি-পত্নী, আই-বোপাই আদি সম্বন্ধৰৰ কৃপাজৰী লৈ জীয়াই আছে বা বান্ধ খাই আছে । যাক কোনেও দেখা নাপায়, যাৰ কৃপাতেই গ্ৰহ, তৰা, বেলি, জোন আদি আকাশত নিতৌ স্থিতি হৈ আছে । সেইজনাৰ কৃপাজৰী লৈয়ে সকলো জীয়াই আছে ।

 

(জ) গছ-গছনিয়ে কাৰ নাম লৈ কেনেদৰে যশস্যাৰ বীণ বাই আছে ?

Ans:- গছ-গছনিয়ে বিশ্বখনিকৰ নাম লৈ, যথা-ঠৰ হৈ যশস্যাৰ বীণ বাই আছে । কাৰণ, তেওঁ একো খিলা পাততো বিৰাজমান হৈ আছে যত তেওঁৰ চিন পোৱা যায় ।

 

(ঝ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

Ans:- মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্ব প্ৰকাশিত হৈছে।

(খ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফীবাদী দৰ্শনৰ প্ৰকাশ দেখা যায় ।

 

(ঞ) কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি কৈছে?

Ans:- কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে কাৰণ, এই বিশ্বব্ৰক্ষাণ্ডৰ সকলো বস্তু, সকলো প্ৰাণীক একাত্মক কৰি তেৱেঁই ৰাখিছে । তেওঁৰ কৃপাৰ বলতে পৃথিবী আছে, জোন-বেলি-তৰা শূণ্যত ওপঙি আছে খহি নপৰাকৈ । তেওঁৰেই যশ-গান গায় ত্রিজগত অতিবাহিত হৈ আছে । জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে ।

 

(ট) স্বত্ব: ৰজ: তমো গুণ কি বুজাই লিখা ।

Ans:- সত্ব: ৰজ: তমো হৈছে তিনিটা বিশেষ গুন বা শক্তি, ইয়াতে জগতৰ স্থিতি আরু লয় । সত্ব: হৈছে শান্ত আরু নম্ৰ । ই সুখদায়ক আরু জ্ঞানাত্মক । ৰজঃ হৈছে ৰাজসিক গুণ যি অহংকাৰৰ সৃষ্টি কৰে অৰ্থাৎ এই গুণৰ বাবে মানুহ বাসনাত আসক্ত হয় । তমো গুণ অজ্ঞানৰ পৰা হয় । ই জীৱক মোহগ্ৰন্থ কৰে আরু প্ৰমাদ, আলস্য, নিদ্ৰাৰ আদি দ্বাৰা সকলো জ্ঞান ঢাকি ৰাখে ।

     মুঠতে সত্ত্বঃ গুণে প্ৰদান কৰে জ্ঞান, ৰজঃ গুণে দুখ বিয়পাই দিয়ে আরু তমো গুণে জীৱনলৈ অজ্ঞানতা কঢ়িয়াই আনে ।

 

(ঠ) মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।

Ans:- মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথি হ’ল-

(ক) জ্ঞানমালিনী আরু (খ) তত্ত্ব পাৰিজাত ।

 

(ড) কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে?

Ans:- কবি মফিজুদ্দিন আহমদ হাজৰিকাই ‘বিশ্বখনিকৰ’ক সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে  কাৰণ, ‘বিশ্বখনিকৰ’ নিৰ্গুন আরু নিৰাকাৰ স্বরূপ । সেইজনা পৰম ব্ৰহ্ম বা ঈশ্বৰক চকুৰ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই । তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতি আরু লয়ৰ মূলতে এক পৰম অস্তিত্বক সদায় অনুভৱ কৰিব পাৰি । তেৱেই খনিকরূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে । যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞান-জ্ঞানী, বিশ্বব্ৰক্ষাণ্ডৰ প্ৰাণ আত্ম-স্বরূপ আরু সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান ।

 

(ঢ) মফিজুদ্দিন আহমদ হাজৰিকাই লিখা দুখন কবিতাপুথিৰ নাম লিখা?

Ans:- মফিজুদ্দিন আহমদ হাজৰিকাই লিখা দুখন কবিতাপুথিৰ নাম - জ্ঞানমালিনী আরু তত্ত্ব-পাৰিজাত ।

 

(ণ) মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম ক’ত আরু কেতিয়া হৈছিল?

Ans:- মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম ১৮৭০ চনত ডি্ব্রুগড়ত হৈছিল ।

 

চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) –        মূল্যাংকঃ ৩

 

(ক) সকলোতে আছে তেওঁ

  কিন্ত নেদেখে কেও,

  ওৰনিৰে মূখ ঢাকি থাকে ওচৰত ।’-এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে চমুকৈ লিখা ।

Ans:- ৰ্নিগুণ নিৰাকাৰ বিশ্বখনিকৰৰ বিস্তূত রূপ বৰ্ণনা কৰিবলৈ গৈ কবি মফিজুদ্দিন আহমদ হাজৰিকাই কৈছে যে সমস্ত জীৱাত্মাৰ তেওঁতেই সৃষ্টি তেওঁতেই লয় ।

          চাক্ষুষ দৃষ্টিৰে তেওঁক দেখা নাযায় কাৰণ, তেওঁ নিৰাকাৰ কিন্তু সৰ্বত্ৰ ব্যপ্ত হৈ থাকে । বিচাৰিব জানিলে তেওঁক সকলোতে পোৱা যায় । ওৰণিৰে মুখ ঢাকি ঈশ্বৰক ভক্তি অঞ্জলিৰেহে একমাত্ৰ অনুভৱ কৰিব পাৰি । অন্যথা সম্ভৱ নহয় । ভক্তিৰ পথ অতিশয় সূক্ষ্ম বাবে বহুজনে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতেই বা ওপৰে ওপৰে বিচাৰি থাকে, কিন্ত সফল হ’ব নোৱাৰে । চলনাময়ী নাৰীৰ দৰে তেঁৱো ধৰা দি পিছলি যায় । মায়াই পৰমেশ্বৰ আরু পাৰ্থিব জগতখনৰ মাজত এখন আৱৰনৰ সৃষ্টি কৰিছে । এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয় । জীৱৰ সেই জ্ঞান বা বোধ জন্ম হলেই এই ওৰণি আঁতৰি যায় আরু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয় ।

কবিয়ে উল্লেখিত চৰণটোত এই কথাখিনিকে প্ৰকাশ কৰিছে।

 

 

(খ) ‘তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।’

 – তাৎপৰ্য বুজাই লিখা ।  (৩ বা ৪ বা ৫ নম্বৰৰ)

Ans:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ।

           এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখেয় কবিতাফাকিৰ অৱতাৰনা কৰিছে ।  

           সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান । সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি নিৰ্ধাৰনৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আরু জড় পদাৰ্থ সকলো ক্ৰিয়া-কৰ্মৰ আঁৰত বিশ্ব খনিকৰৰে কৃপা বৰ্তমান । কাৰ্য তেওঁ, কাৰণো তেওঁয়েই । তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে । জীৱ দিছে তেৱেঁই আরু তেৱেঁই  মরুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰনৰ উপায় দিছে । সাধাৰন এটি বীজ বা ভ্রূণৰ পৰা এজোপা প্ৰকাণ্ড মহীরূহ বা পূৰ্ণ মানৱৰ গঠন তেৱেই সম্ভৱ কৰি তোলে । প্ৰকৃতি বিচিত্ৰ রূপৰ মাজতে তেওঁৰেই মহিমা লুকাই আছে । এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰি যি তিল তিলকৈ পৃথিৱীখন গঢ়ি তুলিছে। সেয়েহে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ বুলি কৈছে ।

 

(গ) “নিশ্চয় নিশ্চয় তেৱেঁ

    (দেখা নায়ো যদি কেৱে)

   অন্তৰ্যামী-সৰ্বজ্ঞান, বিশ্ব-আত্মা প্ৰাণ

   সৰ্ব-ব্যপী, সৰ্ব শক্তিমান । -কবিতাফাকিৰ তাৎপৰ্য ব্যাখা কৰা ।

Ans:- বিশ্বখনিকৰ শীৰ্ষক কবিতাত বৰ্ণিত উক্ত কবিতাফাকি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে দাৰ্শনিক অৰ্থত প্ৰয়োগ কৰিছে । কবিজনাৰ মতে যদিও কোনেও বিশ্বখনিকৰ অৰ্থাৎ ভগৱানক দেখা পোৱা নাই, তথাপি এই বিষয়ত নিশ্চিত যে এই ত্রিজগত সৃষ্টিকাৰী কোনো এজন আছে । তেওঁয়েই হৈছে ভগৱান অৰ্থাৎ বিশ্বখনিকৰ । তেওঁ অন্তৰ্যামী আরু সৰ্বজ্ঞানী । তেওঁ বিশ্বত জীয়াই থকা সকলো আত্মাৰে প্রাণস্বরূপ । তেওঁ সৰ্বব্যাপী আরু সৰ্বশক্তিমান যিজন সৃষ্টি, স্থিতি আরু প্রলয়ৰ গৰাকী । জীৱজগত আরু জড়জগত তেওঁৰেই সৃষ্ট আরু পৰিচালনা হৈ আছে । সেয়ে কবিয়ে নানান গুণৰে উপমা দি তেওঁ সকলোতে বিৰাজমান হৈ থকা বিষয়ত কবিতাফাঁকিত নিশ্চয়তা প্রকাশ কৰিছে ।

 

(ঘ) ভগৱন্তক কিয় বিশ্বখনিকৰ বোলা হয়?

Ans:- কবিৰ মতে বিশ্বব্ৰহ্মাণ্ডখনৰ অণু-পৰমাণু, গছ-গছনি, তরু-তৃণ, জীৱ-জড় সকলোবোৰেই ভগৱন্তৰ সৃষ্টি । সকলোতে তেওঁ বিৰাজমান হৈ আছে । সত্ত্বঃ, ৰজঃ, তম:-এই গুণৰ অধিকাৰী হৈও তেওঁ শক্তিৰ ওপৰত নিৰ্লিপ্ত আরু নিৰাকাৰ । তেওঁ বিশ্বৰ আত্মস্বরূপ আরু জড় জগতৰ শৰীৰ স্বরূপে অদৃশ্যরূপে সৰ্বব্যাপ্ত । সেয়ে কবিয়ে তেওঁক বিশ্বখনিকৰ বুলি কৈছে ।

 

(ঙ) “তেৱেঁ যোগী তপস্বী ও তেৱেঁ বাজীকৰ

    তেৱেঁ ধনী, তেৱেঁ ধন

    গোমোস্তা ও মহাজন ।”

ইয়াত ‘ও’ আখৰটো কি অৰ্থত ব্যৱহাৰ হৈছে ? এই চৰণটোক দাৰ্শনিক পদ বুলিব পাৰিনে বুজাই লিখা ।

Ans:- এই স্তৱকটিত ‘ও’ আখৰটো যোজক অব্যয় ‘আরু’ অৰ্থত ব্যৱহাৰ হৈছে। অসমীয়া ভাষাত গল্প বা গদ্য আদিত ব্যৱহাৰ নহয় যদিও সংক্ষিপ্ততাৰ বাবে কোনো কোনো কবিতাত ব্যৱহাৰ কৰা হয় ।

        উক্ত স্তৱকটিৰ প্ৰথম শাৰীত দাৰ্শনিক ভাৱ প্ৰকাশ পালেও তাৰ পাছৰ শাৰী দুটিত দাৰ্শনিক ভাৱ ফুটি উঠা নাই বুলি ক’ব পাৰি ।



দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I)-  মূল্যাংকঃ ৪

 

প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা করাঃ

 

(ক) সত্ত্বঃ ৰজঃ তমো গুণ

সকলোতে নিৰগুণ

বোলে হুনু বিশ্ব গিৰি সেই মহাজন ।

 

উত্তৰঃ উক্ত কবিতাফাকিৰ আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

    এই কবিতাংশৰ মাধ্যমেৰে ভগৱানৰ তিনি মহৎ গুণ আরু সকলোতে তেওঁৰ সৃষ্টি আরু স্থিতিৰ প্রকাশ কৰিবলৈ ব্যক্ত কৰিছে ।

    কবিজনাৰ মতে এই ত্রিজগত (স্বৰ্গ, মত্য আরু পাতাল) ভগৱানে সৃষ্টি কৰিছে । তেওঁ সকলো গুণৰ অধিকাৰী । বিশেষকৈ সত্ত্বঃ ৰজঃ আরু তমো গুণৰ সৃষ্টি আরু পালনকাৰীও তেৱেঁ । তেওঁ সকলোতে নিৰগুণ স্বরূপে বিৰাজমান হৈ থাকে । কবিয়ে সেয়েহে, তেওঁক বিশ্বগিৰি আরু বিশ্বখনৰ মহাজন বুলি অভিহিত কৰিছে । ইয়াৰ মাধ্যমেৰে, কবিয়ে সকলো বস্তু (জীৱ আরু জড়)ৰ সৃষ্টি, স্থিতি আরু প্রলয়ৰ গৰাকী হিচাপে বিশ্বখনিকৰ অৰ্থাৎ ভগৱানৰ কথা ব্যক্ত কৰিছে ।

 

(খ)প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

‘তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।’

অথবাঃ – তাৎপৰ্য বুজাই লিখা ।  (৩ বা ৪ বা ৫ নম্বৰৰ)

Ans:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ।

           এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখেয় কবিতাফাকিৰ অৱতাৰনা কৰিছে ।  

           সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান । সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি নিৰ্ধাৰনৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আরু জড় পদাৰ্থ সকলো ক্ৰিয়া-কৰ্মৰ আঁৰত বিশ্ব খনিকৰৰে কৃপা বৰ্তমান । কাৰ্য তেওঁ, কাৰণো তেওঁয়েই । তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে । জীৱ দিছে তেৱেঁই আরু তেৱেঁই  মরুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰনৰ উপায় দিছে । সাধাৰন এটি বীজ বা ভ্রূণৰ পৰা এজোপা প্ৰকাণ্ড মহীরূহ বা পূৰ্ণ মানৱৰ গঠন তেৱেই সম্ভৱ কৰি তোলে । প্ৰকৃতি বিচিত্ৰ রূপৰ মাজতে তেওঁৰেই মহিমা লুকাই আছে । এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰি যি তিল তিলকৈ পৃথিৱীখন গঢ়ি তুলিছে। সেয়েহে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ বুলি কৈছে ।

 

 

(গ)“নিশ্চয় নিশ্চয় তেৱেঁ

    (দেখা নায়ো যদি কেৱে)

   অন্তৰ্যামী-সৰ্বজ্ঞান, বিশ্ব-আত্মা প্ৰাণ

   সৰ্ব-ব্যপী, সৰ্ব শক্তিমান ।

উত্তৰঃ উক্ত কবিতাফাকিৰ আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

    এই কবিতাংশৰ মাধ্যমেৰে ভগৱানৰ অন্তৰ্যামী, সৰ্বজ্ঞানী আরু সৰ্ব শক্তিমান গুণৰাজিৰ মাধ্যমেৰে তেওঁ সকলো বিষয়তে থকা সন্দৰ্ভত নিশ্চয়তা প্রকাশ কৰিবলৈ বিচৰা হৈছে ।

    কবিজনাৰ মতে যদিও কোনেও বিশ্বখনিকৰ অৰ্থাৎ ভগৱানক দেখা পোৱা নাই, তথাপি এই বিষয়ত নিশ্চিত যে এই ত্রিজগত সৃষ্টিকাৰী কোনো এজন আছে । তেওঁয়েই হৈছে ভগৱান অৰ্থাৎ বিশ্বখনিকৰ । তেওঁ অন্তৰ্যামী আরু সৰ্বজ্ঞানী । তেওঁ বিশ্বত জীয়াই থকা সকলো আত্মাৰে প্রাণস্বরূপ । তেওঁ সৰ্বব্যাপী আরু সৰ্বশক্তিমান যিজন সৃষ্টি, স্থিতি আরু প্রলয়ৰ গৰাকী । জীৱজগত আরু জড়জগত তেওঁৰেই সৃষ্ট আরু পৰিচালনা হৈ আছে । সেয়ে কবিয়ে নানান গুণৰে উপমা দি তেওঁ সকলোতে বিৰাজমান হৈ থকা বিষয়ত কবিতাফাঁকিত নিশ্চয়তা প্রকাশ কৰিছে ।

 

 

দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA Type-II) –  মূল্যাংকঃ ৫

 

(ক) ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আরু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?

Ans:- ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰকৃততে বিশ্ব খনিকরূপী এক পৰম সত্তাৰ কথা ক’ব বিচাৰিছে ।

          অসমীয়া ৰোমান্টিক কাব্যধাৰাৰ আধাত্মবাদী, জীৱন দৃষ্টিসম্পন্ন, নিষ্ঠাবান, চিন্তাশীল সাধক কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ এটি উল্লেখযোগ্য কবিতা । ৰোমান্টিক যুগৰ নতুন চিন্তাধাৰাৰ পোহৰত ভাৰতীয় দৰ্শনক আবগাহন কৰি কবি আহমদ হাজৰিকাই ব্ৰহ্মাৰ অখণ্ড, অনন্ত, সৰ্বশক্তিমান রূপৰ কথা কবিতাটিত বৰ্ণনা কৰিছে । ‘ব্ৰহ্মসত্য জগত মিথ্যা’ – এই তত্ত্বক সাৰোগত কৰি বেদান্ত দৰ্শনৰ বুকুত ব্ৰহ্মৰ নিৰ্গুণ রূপত উপস্থাপন কৰা হৈছে । এই নিগুৰ্ণ ব্রহ্মই হৈছে জগতৰ স্রষ্টাস্বরূপে অতীতৰো অতীত একমাত্ৰ পৰম সত্য । জগতৰ সৃষ্টি-স্থিতি আরু লয়ৰ মূল কাৰণ নিৰাকাৰ বিশ্বখনিকৰ পৰম ব্ৰহ্ম । তেওঁৰ দ্বাৰাই যে পশু-পক্ষী, মানৱ, গছ-লতিকা পৰিপূৰ্ণ সুন্দৰ-সুখময় জগতখন সৃষ্টি হৈছে সেইকথা কবিতাটিৰ মাজেদি প্ৰকাশ কৰিছে ।

ব্ৰহ্মই সৃষ্টি কৰা বিশ্বজগতখনৰ মহিমা অপাৰ । জীৱজগত তথা জড় জগতত তেওঁৱেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায় । তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিকৰ স্বরূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তযামী, সৰ্বব্যাপী বিশ্বপ্ৰাণ, বিশ্বআত্মা স্বরূপ । এই ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ মাজত পাৰস্পৰিক ভাৰসাম্য ৰাখিছে দয়া, স্নেহ, করুণা, আদিৰে তেওঁ সকলোকে সাৱটি ৰাখিছে । সত্ত্বঃ ৰজঃ তমো এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেৱেঁই ধৰি ৰাখিছে । সৃষ্টিকৰ্তাত তেৱেঁই, বিনাশক তেৱেঁই । এই সকলোবিলাক গুণৰ উৰ্দ্ধত থাকি তেওঁ সকলো কাল আরু অৱস্থাতে নিৰ্যিপ্ত হৈ থাকে । ভাৰতীয় দৰ্শনৰ এনে সূক্ষ্ম ভাব কবিতাটোত প্ৰকাশ পাইছে ।

 

(খ)সত্ত্বঃ ৰজঃ তমো গুণ সম্পৰ্কে বুজাই লিখা ।

উত্তৰঃ তিনিটা গুণ হৈছে- সত্ত্বঃ ৰজঃ আরু তমো গুণ যি শক্তিতে জগতৰ স্থিতি আরু লয় বিৰাজমান হয় ।

সত্ত্বঃ গুণ সুখদায়ক আরু জ্ঞানাত্মক হয় যিয়ে জীৱক সুখত আসক্তি কৰে আরু মুগ্ধ কৰে । এই গুণৰ অধিকাৰী হ’লে জ্ঞান আরু সুখ পোৱা যায় ।

 ৰজঃ গুণ ৰাগাত্মক যি মানুহক বিষয়ত আসক্ত কৰে । ৰজঃ গুণে দুখ নমাই আনে ।

 তমঃ গুণ অজ্ঞানৰ পৰা হয় আরু এই গুণে জীৱৰ মোহৰ সৃষ্টি কৰে যিয়ে প্রমাদ, আলস্য আরু নিদ্রাৰ জৰিয়তে সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে । তমঃ গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে ।

 

(গ) ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাৱ বা মূলভাৱটি লিখা ।

Ans:- জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ এটি দাৰ্শনিক ভাবাপন্ন কবিতা । যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি । সেই পৰম সত্তায়েহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে । তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি । তেওঁৰ কথাতেই গ্ৰহ, তৰা, বেলি, জোন এই আটাইবোৰ ইটোৰ সিটোৰ লগত টনা-টনি কৰি বা সংস্পৰ্শত বৰ্তি আছে ।

ল’ৰা-তিৰোতা, আই-ভাই এই সকলোকে লৈ এই জগতত মানুহে একো একোখন সংসাৰ ৰচিছে । এখিলা পাততো কিমান চিন, কিমান যশস্যাৰ কথা আছে । ওৰনিৰে তেওঁ মুখ ঢাকি ওচৰতে থাকে সেয়ে খেপিয়াই তেওঁক পাব নোৱাৰি । সত্ত্বঃ, ৰজঃ, আরু তমোঃ তিনিও গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ । যেনিয়েই চোৱা যায় সকলোতে তেওঁৰ দয়াৰ পৰশ আনাৰ অনুভৱ হয় । তেৱেঁই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে । তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে ।

সেয়ে কবিয়ে কৈছে যে তেৱেঁই মানী, তেৱেঁই দানী, তেৱেঁই দান, তেৱেঁই কৰ্মী, তেৱেঁই কাম, খেতি-খেতিয়ক, জ্ঞান, তীখা, শান, ধৰ্ম, ধৰ্মী, বুধি-বুধিয়ক, পানী, মাছ, যোগী, তপস্বী, ধনী, ধন তেৱেঁই সকলো, তেওঁ বিশ্বখনিকৰ, তেৱেঁই অন্তযাৰ্মী সৰ্বজ্ঞান, বিশ্ব-আত্ম প্ৰাণ, তেওঁ সৰ্বব্যাপি সৰ্বশক্তিমান । এয়াই কবিতাটিৰ মূলভাৱ ।

 

(ঘ) ‘বিশ্বখনিকৰ’ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।

Ans:-‘বিশ্বখনিকৰ’ কবিতাটি জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দাৰ্শনিক তথা আধ্যাত্মিক ভাবাপন্ন কবিতা । এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথা ‘ব্ৰহ্ম সত্য জগৎ মিথ্যা’ এই তত্ত্বটোকে কবিতাটিত প্ৰতিফলিত কৰিছে ৷ এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই । তেৱেই সত্ত্বঃ, ৰজঃ, তমো এই ত্ৰিগুণৰ মাজেৰে পৃথিৱীৰ সকলো বস্তুতে স্থিতি লৈ আছে । সকলো গুণৰ মাজত থাকিও তেওঁ তাৰ উৰ্দ্ধত । কবিয়ে ওৰণিৰে মুখ ঢাকি’ থকা কথাটোৰ মাজেৰে বেদান্ত ‘মায়া’ৰ বিষয়ে উল্লেখ কৰিছে । আচলতে মায়াও তেওঁৰেই সৃষ্টি কিন্ত মায়াৰ আৱৰণৰ বাবেই এই পাৰ্থিব পৃথিৱীৰ দৃশ্যমান বস্তুবোৰক সঁচা বুলি ভাবো আরু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ । কিন্ত মায়াৰ আৱৰন ভেদ কৰি চালে দেখা যাব যে এই পৃথিৱীৰ সকলোতে তেওঁৰেই রূপ, তেওঁ সৰ্বব্যাপী, সৰ্বশক্তিমান আৰউ একমাত্ৰ সত্য, ‘বিশ্বখনিকৰ’ ।

    এইদৰে ‘বিশ্বখনিকৰ’ কবিতাটিত আধ্যাত্মিক দৰ্শনৰ এক চমু আভাস প্ৰকাশিত হৈছে ।

 

(ঙ) ‘বিশ্বখনিকৰ’ কবিতাটিৰ কবিৰ চমু পৰিচয়দাঙি ধৰা ।

Ans:- ‘বিশ্বখনিকৰ’ কবিতাটিৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হৈছিল ১৮৭০ চনত ডিব্রুগড়ত । ১৮৯৬ চনত তেওঁৰ কবিতা পুথি ‘জ্ঞানমালিনী’ প্ৰকাশ পাইছিল আরু প্ৰকাশ পোৱাৰ লগে লগে কবিতাসমূহে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰে । ‘জ্ঞানমালিনী’ কবিতাপুথিখনৰ বাবেই  মফিজুদ্দিন আহমদ হাজৰিকাই অসমীয়া সাহিত্যজগতত ‘জ্ঞনমালিনীৰ কবি’ রূপে জনাজাত । তেওঁৰ মৃত্যুৰ পিছত অপ্ৰকাশিত কবিতাসমূহ গোটাই ‘তত্ত্ব পাৰিজাত’ নাম দি কাব্যপুথি এখন প্ৰকাশ কৰা হৈছে ।

      ১৯৩০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল । ১৯৫৮ চনত তেওঁৰ মৃত্যু হয় । অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম তেওঁৰ কবিতাতে প্ৰকাশ পায় ।

 

 

ভগবানে সকলোকে পঢ়াৰ দিশত আরু সুপথে আগুৱাই লৈ যাওঁক...........