Ai Nam , Lyrics, Assamese, Custom of Assam , Prepared by Junuka Namoti Dol, Edited by Podmeswar Bora

 ১। উজাই আহিলে, আইৰে সাতেভনী এ

শীতলি পায়ে চলাই,

টেমাতে আনিছে ফুলে চন্দনে

সবাকো যাব বিলাই ।

 

২। বাটো সাৰিলো, পদূলিও সাৰিলো

নঙলা মুখলৈ চায়,

আহে আহে বুলি বাট চায় আছিলো

পালেহি ৰূহী আই ।        

 

৩। মুত ফুল চৰু লৈ

ভৱানীক আদৰোগৈ,

আহিছে ভৱানী জগত জননী

চায়া দি ৰাখিবলৈ ।

 

৪। আইৰে পাৱে মচা কপাহী গামোছা এ

আইৰে জালিকতা পীৰা,

 আই পাচিছে সৰু আই আহিছে

ফুলবাৰী দেওঘৰৰ পৰা ।

 

৫। আই মো আসন আগতে

আই মো গুৱা কাটি থৈছো

আই মো লাওঁতে সোমাওঁতে খাবা

আই মো চৰু পাৱে ধূবা

আই মো আসনত বহিবা

আই মো দাসক য়া কৰি যাবা ।

 


৬। আসনতে বহি আয়ে এ নমাই থৈছে ৰি,

গুপীনীয়ে স্তুতি কৰে, কৃতাঞ্জলী কৰি ।

আসনৰে চৌপাশে এ ঘট শাৰী শাৰী,

আসনতে বঢ়ি আছে জীৱৰ অধিকাৰী ।

চহৰ ফুৰি আই আহে এ জাই মালতী ফুল

আমপাতৰ চাতি মাৰি হৃদয় কৰে জুৰ ।

 

৭। আইৰে মাননী শুকান পিঠাগুৰি এ

গোপীনীৰ মাননী গুৱা

মহাদেৱৰ মাননী দোৰুণ ফুলৰ মালা

নমাইছে বিমানৰ পৰা ।

 

৮। দুখীয়াৰ ঘৰলৈ আইলোক আহিছে এ

দিবলৈ নাইকীয়া একো

মুৰৰ কেশ ছিঙি পাৱ মচি দিমে

দেহৰ পাৰি দিমে সাঁকো ।

 

৯। লুইতৰে বালি তিয়াব নোৱাৰি এ

ৰুণে নিদিয়ে মানে

মনুষ্য পোৱালী তুলিব নোৱাৰি এ

আয়ে পাৱ নুফুৰাই মানে ।

 

১০। দুখীয়াৰ পুতলাক আইয়ে দাঙি ধৰে এ

আইৰ মান মৰমী নাই,

কি চৰাই নাছিছে আইয়ে ফুল বাছিছে

দুখীয়াৰ ঘৰে সোমাই ।

 

১১।আই মাতৃ ভগৱতী এ

    নামে সন্তোষ হোৱা

নামেৰে পূজিম মাতৃ

গধূলি যে পুৱা 

আৰৈ চাউল মুঠি মুঠি এ

তুলসী চন্দন,

সেৱা কৰি বিদায় মাগো

দুখানি চৰণ ।