কিছুমান ১ বা ২ বা ৩ নম্বৰৰ লাগতিয়াল চমু প্রশ্নোত্তৰ , Advance Assamese, Question and Answer , Class 12, by Podmeswar

বর্ষা বৰ্ণন

১। বর্ষা বৰ্ণন কবিতাটোৰ ৰচক কোন?

উত্তৰঃ বর্ষা বৰ্ণন কবিতাটোৰ ৰচক হ’ল- শী মন্ত শংকৰদেৱ ।

২। বর্ষা বৰ্ণন কবিতাটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ বর্ষা বৰ্ণন কবিতাটি শ্রী মন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত ভাগৱতৰ দশম স্কন্ধৰ পৰা লোৱা হৈছে 

৩।শ্রী মন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত দুখন শ্রেষ্ঠ আরু দুখন কাব্যগ্রন্থৰ নাম লিখা ।

উত্তৰঃ শ্রী মন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত দুখন শ্রেষ্ঠ গন্থৰ নাম হ’ল- দশম আরু কীৰ্তন ।

শ্রী মন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত দুখন কাব্যগ্রন্থৰ নাম হ’ল- হৰিচন্দ্র উপাখ্যান আরু রুক্মিণী হৰণ কাব্য ।

৪।শংকৰদেৱে প্রচাৰ কৰা ধৰ্মটোৰ নাম কি?

উত্তৰঃ শংকৰদেৱে প্রচাৰ কৰা ধৰ্মটোৰ নাম হ’ল- একশৰণ নামধৰ্ম ।

৫।ইন্দ্রধনু কি?

উত্তৰঃ ইন্দ্রধনু মানে হ’ল- ৰামধেনু । অর্থাৎ ৰামধেনুক ইন্দ্রধনু বুলি কোৱা হয় ।

৬। “পৰ্বতৰ নিৰ্ঝাৰৰ নাদ শুনি অতি”- ইয়াত নিৰ্ঝাৰ মানে কি?

উত্তৰঃ  ইয়াত নিৰ্ঝাৰ মানে নিজৰা ।

৭। “আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব ।

দুনাই সূৰ্যে এৰি দেন্ত বাৰিষা কালত ।।”

-এই কবিতাটিৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা? কবিতাটোৰ নাম কি?

উত্তৰঃ এই কবিতাটিৰ স্তৱকটো শ্রী মন্ত শংকৰদেৱৰ ৰচনা । কবিতাটোৰ নাম হ’ল- বর্ষা বৰ্ণন ।

৮। শ্রী মন্ত শংকৰদেৱ কোন যুগৰ কবি?

উত্তৰঃ শ্রী মন্ত শংকৰদেৱ বৈষ্ণৱ যুগৰ কবি ।

৯। “কৰিলা গুৱালি পলুৰঙ্গা থানে থান ।”

-ইয়াত ‘পলুৰঙ্গা’ শব্দই কি অর্থ প্রকাশ কৰিছে?

উত্তৰঃ ইয়াত ‘পলুৰঙ্গা’ শব্দই কেঁচুমতা বা কেঁচুৱে গেলা মাটি, এনে অর্থ প্রকাশ কৰিছে ।

 

পাঠ-২, মানৱ বন্দনা

১। চন্দ্রকুমাৰ আগৰৱালাদেৱৰ তিনিখন কাব্য সংকলনৰ নাম লিখা ।

উত্তৰঃ চন্দ্রকুমাৰ আগৰৱালাদেৱৰ তিনিখন কাব্য সংকলন হ’ল- প্রতিমা, বীণবৰাগী আরু চন্দ্রামৃত ।

২। প্রতিমাৰ খনিকৰ বুলি কোনজন কবিক জনা যায়?

উত্তৰঃ প্রতিমাৰ খনিকৰ বুলি চন্দ্রকুমাৰ আগৰৱালাদেৱক জনা যায় ।

৩। প্রথম অসমীয়া ৰোমান্টিক কবিতাটো কি? এই কবিতাটোৰ কবিজনাৰ নাম কি?

উত্তৰঃ প্রথম অসমীয়া ৰোমান্টিক কবিতাটো হ’ল- ‘বনকুঁৱৰী’ । এই কবিতাটোৰ কবিজনাৰ নাম হ’ল-চন্দ্রকুমাৰ আগৰৱালাদেৱ ।

৪। জোনাকী যুগৰ ত্রিমূৰ্তিৰ অন্যতম বুলি কাক কোৱা হয়?

উত্ত্রঃ চন্দ্রকুমাৰ আগৰৱালাদেৱক জোনাকী যুগৰ ত্রিমূৰ্তিৰ অন্যতম বুলি কোৱা হয় ।  

৫। অসমীয়া সাহিত্যৰ বুৰঞ্জীত ৰোমান্টিক ভাৱধাৰাৰ মুকলি কোনজনা কবিয়ে কৰিছিল ?

উত্তৰঃ অসমীয়া সাহিত্যৰ বুৰঞ্জীত ৰোমান্টিক ভাৱধাৰাৰ মুকলি চন্দ্রকুমাৰ আগৰৱালাদেৱে কৰিছিল ।

 


পাঠ-৩, ই যেন অগ্নি-বীণাৰ তান


১। ‘ই যেন অগ্নিবীণাৰ তান’ কবিতাটোৰ কবিজনাৰ নাম কি?

উত্তৰঃ ‘ই যেন অগ্নিবীণাৰ তান’ কবিতাটোৰ কবিজনাৰ নাম হ’ল- অম্বিকাগিৰী ৰায়চৌধুৰী ।

২। জাতীয় মহাসভাৰ পূর্বৰ নাম কি আছিল?

উত্তৰঃ জাতীয় মহাসভাৰ পূর্বৰ নাম আছিল- অসম সংৰক্ষণী সভা ।

৩। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘বেদনাৰ উল্কা’ কবিতাপুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ।

৪। অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ পুথিখনৰ নাম কি?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ পুথিখনৰ নাম হ’ল- চেতনাৰ কন্ঠ ।

৫। অম্বিকাগিৰী ৰায়চৌধুৰী আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী আত্মজীৱনীখনৰ নাম হ’ল- মোৰ জীৱনৰ ধুমুহাৰ এছাটি ।

৬। কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল?

উত্তৰঃ ১৮৮৫ চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল ।

৭। কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯৬৭ চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ মৃত্যু হৈছিল ।

৮। ‘অসম কেশৰী’ হিচাপে কাক জনা যায়?

উত্তৰঃ ‘অসম কেশৰী’ হিচাপে অম্বিকাগিৰী ৰায়চৌধুৰীক জনা যায় ।

৯। অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা আরু গীতত দুটা সুৰ প্রকাশ হোৱা দেখা যায় ।  সেই সুৰ দুটা কি কি ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা আরু গীতত দুটা সুৰ প্রকাশ হোৱা দেখা যায় ।  সেই সুৰ দুটা হ’ল- স্বদেশপ্রেম আরু ৰহস্যবাদী ।

১০। অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্রকাশিত দুখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্রকাশিত দুখন কবিতা পুথিৰ নাম হ’ল- অনুভূতি আরু বেদনাৰ উল্কা ।

 

পাঠ-৪, মোৰ গাওঁ

১। ‘মোৰ গাওঁ’ কবিতাটোৰ কবিজনাৰ নাম কি?

উত্তৰঃ ‘মোৰ গাওঁ’ কবিতাটোৰ কবিজনাৰ নাম হ’ল- ডিম্বেশ্বৰ নেওগ ।

২। কোন চনত ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল?

উত্তৰঃ ১৯০০ চনত ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ।

৩। কোন চনত ডিম্বেশ্বৰ নেওগৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯৬৬ চনত চনত ডিম্বেশ্বৰ নেওগৰ মৃত্যু হৈছিল ।

৪। ‘ইন্দ্রধনুৰ কবি’ বুলি কাক কোৱা হয়?

উত্তৰঃ ‘ইন্দ্রধনুৰ কবি’ বুলি ডিম্বেশ্বৰ নেওগক কোৱা হয় ।

৫। ডিম্বেশ্বৰ নেওগৰ দুখন কবিতাপুথিৰ নাম লিখা ।

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ দুখন কবিতাপুথি হ’ল- ইন্দ্রধনু আরু মালতী ।

৬। কোন চনত ডিম্বেশ্বৰ নেওগ অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

উত্তৰঃ ১৯৬৬ চনত ডিম্বেশ্বৰ নেওগ অসম সাহিত্য সভাৰ সভাপতি হৈছিল ।

৭। ডিম্বেশ্বৰ নেওগে ৰচনা কৰা তিনিখন সাহিত্যৰ বুৰঞ্জীৰ নাম লিখা ।

উত্তৰঃ ডিম্বেশ্বৰ নেওগে ৰচনা কৰা তিনিখন সাহিত্যৰ বুৰঞ্জীৰ নাম হ’ল- অসমীয়া সাহিত্যৰ বুৰঞ্জী, আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী আরু অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি ।

৮। ডিম্বেশ্বৰ নেওগে ৰচনা কৰা তিনিখন সংস্কৃতিমূলক গ্রন্থৰ নাম লিখা ।

উত্তৰঃ ডিম্বেশ্বৰ নেওগে ৰচনা কৰা তিনিখন সংস্কৃতিমূলক গ্রন্থৰ নাম হ’ল- প্রাগ্ ঐতিহাসিক অসম, বৈষ্ণৱ ধৰ্মৰ ক্রমবিকাশ আরু বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি ।

৯। কবিয়ে নিজৰ গাওঁখনক কিয় ‘ব্রহ্মাণ্ডৰ ক্ষুদ্র তাঙৰণ’ বুলি কৈছে?

উত্তৰঃ কবিয়ে নিজৰ গাওঁখনক ‘ব্রহ্মাণ্ডৰ ক্ষুদ্র তাঙৰণ’ বুলি কৈছে, কাৰণ ব্রহ্মাণ্ডৰ সকলো সম্পদ কবিৰ মৰমৰ গাওঁখনত উপলব্ধ আছে ।

১০। দুটি চকু মেলিয়াই      ইয়াত পোনতে দেখোঁ

              বিনন্দীয়া সৃষ্টিৰ পোহৰ

-কবিয়ে ক’ত বিনন্দীয়া সৃষ্টিৰ পোহৰ দেখাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে নিজৰ মৰমৰ গাওঁখনত বিনন্দীয়া সৃষ্টিৰ পোহৰ দেখাৰ কথা কৈছে ।

 

পাথ-৫, কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী

১। জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ কোন চনত জন্ম হৈছিল?

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ ১৯০৩ চনত জন্ম হৈছিল ।

২। জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ কবিতাসমূহ একত্রিত কৰি প্রকাশ কৰা কাব্য-সংকলখনিৰ নাম কি?

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ কবিতাসমূহ একত্রিত কৰি প্রকাশ কৰা কাব্য-সংকলখনিৰ নাম হ’ল- লুইতৰ পাৰৰ অগ্নিসুৰ ।

৩।নাট্যকাৰ হিচাপে জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ কোনখন নাটকৰ জৰিয়তে আত্মপ্রকাশ কৰে?

উত্তৰঃ নাট্যকাৰ হিচাপে জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ ‘শণিত কুঁৱৰী’ নাটকৰ জৰিয়তে আত্মপ্রকাশ কৰে ।

৪। প্রথম অসমীয়া বোলছবি ‘জয়মতী’ কোন চনত নির্মাণ কৰা হৈছিল?

উত্তৰঃ প্রথম অসমীয়া বোলছবি ‘জয়মতী’ ১৯৩৫ চনত নির্মাণ কৰা হৈছিল ।

৫। জ্যোতিপ্রসাদে নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি?

উত্তৰঃ জ্যোতিপ্রসাদে নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম হ’ল- ‘ইন্দ্রমালতী’ ।

৬। অসমীয়া সাহিত্য সংস্কৃতিৰ জগতত জ্যোতিপ্রসাদক কি নামেৰে জনাজাত?

উত্তৰঃ অসমীয়া সাহিত্য সংস্কৃতিৰ জগতত জ্যোতিপ্রসাদক রূপকোঁৱৰ নামেৰে জনাজাত ।

 

পাঠ-৬, ‘অণ্বেষণ’

১।সীতানাথ ব্রহ্মচৌধুৰীৰ জন্ম কেতিয়া আরু ক’ত হৈছিল?

উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰীৰ জন্ম ১৯০৮ চনৰ ৮ ছেপ্তেম্বৰত গোৱালপাৰা জিলাৰ ভালুকমাৰীত হৈছিল ।

২। সীতানাথ ব্রহ্মচৌধুৰীয়ে কলেজীয়া শিক্ষা ক’ত গ্রহণ কৰিছিল?

উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰীয়ে কলেজীয়া শিক্ষা গুৱাহাটীৰ কটন কলেজত গ্রহণ কৰিছিল ।

৩। সীতানাথ ব্রহ্মচৌধুৰী কিমান চনত লোকসভালৈ নির্বাচিত হৈছিল?

উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰী ১৯৫২ চনত সাংসদ হিচাপে লোকসভালৈ নির্বাচিত হৈছিল ।

৪। সীতানাথ ব্রহ্মচৌধুৰী কেইবাৰ আরু কিমান চনত ‘অসম সাহিত্য সভা’ৰ সভাপতি হৈছিল?

উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰী দুবাৰ, ১৯৮১ আরু ১৯৮২ চনত ‘অসম সাহিত্য সভা’ৰ সভাপতি হৈছিল । 

৫। সীতানাথ ব্রহ্মচৌধুৰীয়ে ৰচনা কৰা তিনিখন কবিতাপুথিৰ নাম লিখা ।

উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰীয়ে ৰচনা কৰা তিনিখন কবিতাপুথি হ’ল- চকলো, আৱেগ আরু কমলকলি ।

৬। সীতানাথ ব্রহ্মচৌধুৰীৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰীৰ ১৯৮২ চনৰ ২৩ নৱেম্বৰত মৃত্যু হৈছিল ।

৭। ‘অণ্বেষণ’ কবিতাটোৰ কবিগৰাকীৰ নাম কি?

উত্তৰঃ ‘অণ্বেষণ’ কবিতাটোৰ কবিগৰাকীৰ নাম হ’ল- সীতানাথ ব্রহ্মচৌধুৰী ।

 

গোট-২, গদ্যাংশ


পাঠ-১, বুৰঞ্জীৰ দৌৰাত্ম্য

১। লক্ষ্মীনাথ বেজবরুৱাই কোন স্থানত জন্ম লাভ কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবরুৱাই নগাঁও জিলাৰ আঁহতগুৰিত জন্মলাভ কৰিছিল ।

২। কোন চনত লক্ষ্মীনাথ বেজবরুৱাই এন্ট্রেস পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰঃ ১৮৮৬ চনত লক্ষ্মীনাথ বেজবরুৱাই এন্ট্রেস পৰীক্ষাত উত্তীর্ণ হৈছিল ।

৩। কাৰ সৈতে লক্ষ্মীনাথ বেজবরুৱাৰ বিবাহ সম্পন্ন হৈছিল?

উত্তৰঃ প্রজ্ঞাসুন্দৰী দেৱীৰ সৈতে লক্ষ্মীনাথ বেজবরুৱাৰ বিবাহ সম্পন্ন হৈছিল ।

৪। লক্ষ্মীনাথ বেজবরুৱাৰ ধেমেলীয়া নাট এখনৰ নাম লিখা ।

উত্তৰঃ লিতিকাই ।

৫। লক্ষ্মীনাথ বেজবরুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবরুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম হ’ল- বাঁহী ।

৬। লক্ষ্মীনাথ বেজবরুৱাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবরুৱাই অসম সাহিত্য সভাৰ ১৯২৪ চনত গুৱাহাটীত হোৱা অসম সাহিত্য সভাৰ অধীৱেশনত সভাপতিত্ব কৰিছিল ।

৭। “আজি মোৰ ভাৱৰ বুৰবুৰণিৰ নাম বুৰঞ্জীৰ দৌৰাত্ম্যৰ বুৰবুৰণি ।”- এই কথাফাকি কোনটো গদ্যৰ পৰা লোৱা হৈছে? লেখকৰ নামটো উল্লেখ কৰা ।

উত্তৰঃ “আজি মোৰ ভাৱৰ বুৰবুৰণিৰ নাম বুৰঞ্জীৰ দৌৰাত্ম্যৰ বুৰবুৰণি ।”- এই কথাফাকি ‘বুৰঞ্জীৰ দৌৰাত্ম’ নামৰ গদ্যৰ পৰা লোৱা হৈছে । এই গদ্যটিৰ লেখক- ৰসৰাজ লক্ষ্মীনাথ বেজবরুৱা ।

 

পাঠ-২, মাধৱদেৱ

১। মাধৱদেৱ নামৰ প্রবন্ধটোৰ লেখক কোন?

উত্তৰঃ মাধৱদেৱ নামৰ প্রবন্ধটোৰ লেখক হ’ল- লক্ষ্মীধৰ শৰ্মা ।

২। লক্ষ্মীধৰ শৰ্মাই কি বৃত্তি গ্রহণ কৰিছিল?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাই শিক্ষা সাং কৰি উকালতি কৰিছিল ।

৩। লক্ষ্মীধৰ শৰ্মাই কোন কোন ব্যক্তিৰ প্রভাৱান্বিত হৈছিল?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাই ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী, ঈশ্বৰচন্দ্র বিদ্যাসাগৰ, কাৰ্লমাৰ্ক্স আদি মহান ব্যক্তিসকলৰ প্রভাৱান্বিত হৈছিল ।

৪। কি কি কাকত আলোচনীত লক্ষ্মীধৰ শর্মাৰ লেখা প্রকাশ পাইছিল?

উত্তৰঃ অসম হিতৈষী আরু আৱাহন নামৰ এই দুই আলোচনীত লক্ষ্মীধৰ শর্মাৰ লেখা প্রকাশ পাইছিল ।

৫। লক্ষ্মীধৰ শর্মাই লিখা দুখন গল্পপুথিৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীধৰ শর্মাই লিখা দুখন গল্পপুথি হ’ল- অনাগতৰ অভিশাপ আরু ব্যর্থতাৰ দান ।

৬। লক্ষ্মীধৰ শর্মাৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীধৰ শর্মাৰ আত্মজীৱনীমূলক গ্রন্থখন হ’ল- জীৱন স্মৃতি ।

৭। মানৱ মনৰ ক্রমবিকাশ ক’ৰ পৰা ক’লৈ হয়?

উত্তৰঃ মানৱ মনৰ ক্রমবিকাশ ক্ষুদ্রৰ পৰা বৃহত্তৰলৈ আরু অজ্ঞানৰ পৰা জ্ঞানলৈ হয় ।

৮। মহাপুরুষৰ জীৱনী আরু কাৰ্যকলাপ কৰিলে কি লাভ হয়?

উত্তৰঃ মহাপুরুষৰ জীৱনী আরু কাৰ্যকলাপ কৰিলে নতুবা আলোচনা কৰিলে নিজৰ আত্মাৰ গভীৰতম প্রদেশৰ পৰা মহৎ কাৰ্য সাধিবলৈ প্রেৰণা পোৱা যায় ।

৯। ‘ধী-শক্তি’ শব্দৰ অর্থ কি?

উত্তৰঃ ‘ধী-শক্তি’ শব্দৰ অর্থ হ’ল- বুদ্ধি বা মেধাৰ ক্ষমতা ।

১০। কোন চনত লহ্মীধৰ শর্মাৰ জন্ম হৈছিল?

উত্তৰঃ ১৮৯৭ চনত লক্ষ্মীধৰ শর্মাৰ জন্ম হৈছিল ।

১১। কোন চনত লক্ষ্মীধৰ শর্মাৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯৩৪ চনত লক্ষ্মীধৰ শর্মাৰ মৃত্যু হৈছিল ।

১২। ‘ধর্মগ্লানি’ মানে কি?

উত্তৰঃ ‘ধর্মগ্লানি’ মানে এনে এক অৱস্থা বা পৰিস্থিতিক সূচায় যত এজন মানুহে নিজে উন্নতিৰ কাৰণে প্রস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজকে বান্ধি উন্নতিৰ পথত আগুৱাবৰ বাবে ইচ্ছা প্রকাশ নকৰে ।

 


গোট-৩, উপন্যাস


কপিলীপৰীয়া সাধু

১। রূপাইৰ পাঠশালা স্কুলত পঢ়োৱা পণ্ডিতজনৰ নাম কি?

উত্তৰঃ রূপাইৰ পাঠশালা স্কুলত পঢ়োৱা পণ্ডিতজনৰ নাম হ’ল- বেথাৰাম পণ্ডিত ।

২। তিলক গোঁসাইৰ ঘৰ কোন গাঁৱত আছিল?

উত্তৰঃ তিলক গোঁসাইৰ ঘৰ পোতনি গাঁৱত ।

৩। সুধাংশু বাবু কোন?

উত্তৰঃ সুধাংশু বাবু এজন সত্যাগ্রহী ।

৪। রূপাইয়ে নিজৰ গাঁৱৰ স্কুলখনলৈ কাক শিক্ষকতা কৰিবলৈ মাতি আনিছিল?

উত্তৰঃ রূপাইয়ে নিজৰ গাঁৱৰ স্কুলখনলৈ তিলক গোসাঁইৰ ভতিজাক বসু গোসাঁইক শিক্ষকতা কৰিবলৈ মাতি আনিছিল ।

৫। ‘কপিনীপৰীয়া সাধু’ উপন্যাসত কোন সময়ৰ কাহিনী বৰ্ণনা কৰা হৈছে?

উত্তৰঃ ‘কপিনীপৰীয়া সাধু’ উপন্যাসত স্বাধীনতা আন্দোলনৰ সময়ৰ কাহিনী বৰ্ণনা কৰা হৈছে ।

৬। “মই শিচ ভজাবলৈ এৰিলো নহয়, এজনৰ শিচহে ।”

-কথাষাৰ কোনে, কাক কৈছিল?

উত্তৰঃ কথাষাৰ তিলক গোসাঁইয়ে রূপাইক কৈছিল ।

৭।রূপাইয়ে বৃত্তি পৰীক্ষা দিবলৈ আহি ক’ত আছিল?

উত্তৰঃ রূপাইয়ে বৃত্তি পৰীক্ষা দিবলৈ আহি নগাঁৱৰ বঙালী উকীল এজনৰ ঘৰত আছিল ।

৮। বেথাৰাম পণ্ডিতৰ আচল ঘৰ ক’ত?

উত্তৰঃ বেথাৰাম পণ্ডিতৰ আচল ঘৰ হ’ল- জাগীত ।

৯। নৱকান্ত বরুৱাই কোন চনত জন্মগ্রহণ কৰিছিল?

উত্তৰঃ নৱকান্ত বরুৱাই ১৯২৬ চনত জন্মগ্রহণ কৰিছিল ।

১০। নৱকান্ত বরুৱাই স্কুলীয়া শিক্ষা ক’ত সমাপণ কৰিছিল?

উত্তৰঃ নৱকান্ত বরুৱাই স্কুলীয়া শিক্ষা নগাঁৱত সমাপণ কৰিছিল ।

 


গোট-৪, চুটি গল্প


পাঠ-১, আমাৰ ছাৰ

১। যোগেশ দাস ক’ত আরু কেতিয়া জন্ম গ্রহণ কৰিছিল?

উত্তৰঃ যোগেশ দাস ডুমডুমাৰ হাঁহচৰা বাগিচাত ১৯২৮ চনত জন্ম গ্রহণ কৰিছিল ।

২। যোগেশ দাস কোন দুখন বাতৰি কাকতৰ সম্পাদনৰ লগত জড়িত?

উত্তৰঃ যোগেশ দাস ‘দৈনিক অসম’ আরু ‘নতুন অসমীয়া’, এই দুখন বাতৰি কাকতৰ সম্পাদনৰ লগত জড়িত ।

৩। যোগেশ দাসে কি কি আলোচনী সম্পাদনা কৰিছিল?

উত্তৰঃ যোগেশ দাসে অধিনায়ক আরু প্রহৰী নামৰ এই দুইখন আলোচনীৰ সম্পাদনা কৰিছিল ।

৪। যোগেশ দাসে ৰচনা কৰা তিনিখন উপন্যাসৰ নাম লিখা?

উত্তৰঃ যোগেশ দাসে ৰচনা কৰা তিনিখন উপন্যাসৰ নাম হ’ল- ‘অবৈধ’, ‘ডাৱৰ আরু নাই’, আরু ‘ছাঁ জুই খেদি’ ।

৫। যোগেশ দাসে ৰচনা কৰা দুখন গল্পপুথিৰ নাম লিখা ।

উত্তৰঃ যোগেশ দাসে ৰচনা কৰা দুখন গল্পপুথিৰ নাম হ’ল- গল্পৰ কুঁকি আরু পৃথিৱীৰ অসুখ ।

৬। যোগেশ দাসে কোনখন গল্পপুথিৰ বাবে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল?

উত্তৰঃ যোগেশ দাসে ‘পৃথিৱীৰ অসুখ’ নামৰ গল্পপুথিৰ বাবে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ।

৭। ‘আমাৰ ছাৰ’ গল্পৰ ‘আমাৰ ছাৰ’জনৰ প্রকৃত নাম কি?

অথবাঃ আমাৰ ছাৰৰ প্রকৃত নাম কি?

উত্তৰঃ আমাৰ ছাৰ’ গল্পৰ ‘আমাৰ ছাৰ’জনৰ প্রকৃত নাম হ’ল- ধৰণীধৰ বরুৱা ।

৮। মনোৰঞ্জন হাজৰাক লগৰীয়াসকলে কি নামেৰে গালি পাৰিছিল?

উত্তৰঃ মনোৰঞ্জন হাজৰাক লগৰীয়াসকলে ‘নোমটেঙৰ বঙালী’ নামেৰে গালি পাৰিছিল ।

৯। স্কুলত ছাৰজনক দিগদাৰী কৰা ছাত্রসকলৰ নেতা কোন আছিল?

উত্তৰঃ স্কুলত ছাৰজনক দিগদাৰী কৰা ছাত্রসকলৰ নেতা আছিল- পদ্মেশ্বৰ ৷

১০। ‘আমাৰ ছাৰ’ৰ স্কুলৰ চকীদাৰজনৰ নাম কি আছিল?

উত্তৰঃ ‘আমাৰ ছাৰ’ৰ স্কুলৰ চকীদাৰজনৰ নাম হ’ল- ধনীৰাম ।

১১। মনোৰঞ্জন হাজৰাই কিহৰ ব্যৱসায় কৰিছিল?

উত্তৰঃ মনোৰঞ্জন হাজৰাই ঘড়ীৰ অর্থাৎ ঘড়ীৰ দোকান দি ব্যৱসায় কৰিছিল ।

১২। ছাৰ কাৰ বিয়ালৈ আহিছিল?

উত্তৰঃ ছাৰ (ধৰণীধৰ বরুৱা)পদ্মেশ্বৰৰ ডাঙৰ ছোৱালী মিনুৰ বিয়ালৈ আহিছিল ৷

পাঠ-২, হাতী

১। হোমেন বৰগোহাঞি কেতিয়া আরু ক’ত জন্ম গ্রহণ কৰিছিল?

উত্তৰঃ হোমেন বৰগোহাঞি ১৯৩২ চনৰ ৭ ডিচেম্বৰত, ঢকুৱাখানাত জন্ম গ্রহণ কৰিছিল ।

২। হোমেন বৰগোহাঞিদেৱে সম্পাদন কৰা দুখন বাতৰি কাকতৰ নাম লিখা ।

উত্তৰঃ হোমেন বৰগোহাঞিদেৱে সম্পাদন কৰা দুখন বাতৰি কাকতৰ নাম হ’ল- (ক) ‘আমাৰ অসম’ আরু (খ)‘অসম বাণী’ ।

৩। হোমেন বৰগোহাঞি ৰচিত দুখন উপন্যাসৰ নাম লিখা ।

উত্তৰঃ হোমেন বৰগোহাঞি ৰচিত দুখন উপন্যাসৰ নাম হ’ল- (ক) অস্তৰাগ আরু (খ) পিতা-পুত্র ।

৪। হোমেন বৰগোহাঞিৰ দুখন গল্পপুথিৰ নাম লিখা ।

উত্তৰঃ হোমেন বৰগোহাঞিৰ দুখন গল্পপুথিৰ নাম হ’ল- (ক) প্রেম আরু মৃত্যুৰ কাৰণে আরু (খ) বিভিন্ন কোৰাচ ।

৫। হোমেন বৰগোহাঞিৰ কবিতাপুথিখনৰ নাম লিখা ।

উত্তৰঃ হোমেন বৰগোহাঞিৰ কবিতাপুথিখনৰ নাম হ’ল- হৈমন্তী ।

৬। হোমেন বৰগোহাঞীয়ে সম্পাদন কৰা দুখন গ্রন্থৰ নাম লিখা ।

উত্তৰঃ হোমেন বৰগোহাঞীয়ে সম্পাদন কৰা দুখন গ্রন্থৰ নাম হ’ল- (ক) অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড) আরু (খ) বিংশ শতিকাৰ অসমীয়া সাহিত্য ।

৭। হোমেন বৰগোহাঞিৰ কোনখন গ্রন্থৰ বাবে দুটাকৈ বঁটা লাভ কৰিছিল আরু বঁটা দুটা কি কি?

উত্তৰঃ হোমেন বৰগোহাঞিৰ ‘পিতাপুত্র’(উপন্যাস) গ্রন্থৰ বাবে দুটাকৈ বঁটা লাভ কৰিছিল । এই দুই বঁটা হ’ল- (ক) অসম প্রকাশন পৰিষদ বঁটা (১৯৭৬ চনত) আরু (খ) সাহিত্য অকাডেমী বঁটা (১৯৭৮ চনত) 

৮। ‘হাতী’ গল্পৰ হাতীটোৰ নাম কি?

উত্তৰঃ ‘হাতী’ গল্পৰ হাতীটোৰ নাম হ’ল- বাপধন ।

৯। বলোৰাম মেধিয়ে বাপধনক কাক গতাই দিছিল?

উত্তৰঃ বলোৰাম মেধিয়ে বাপধনক ৰাতিয়াক গতাই দিছিল ৷

১০। কনমইনাই বিয়াৰ দৰা হৈ কইনা-ঘৰলৈ কিহত গৈছিল?

উত্তৰঃ কনমইনাই বিয়াৰ দৰা হৈ কইনা-ঘৰলৈ বৰমইনাৰ এম্বেছেদৰ গাড়ীখনত  গৈছিল ।

১১। বৰমইনাই বাপধনক কি কৰিব বিচাৰিছিল আরু কিয়?

উত্তৰঃ বৰমইনাই বাপধনক কাঠৰ ঠিকাদাৰজনক ভাড়ালৈ আরু বিক্রী কৰিব বিচাৰিছিল । কাৰণ, বৰমইনাই ভাবিছিল যে বাপধনৰ দৰে প্রকাণ্ড হাতী এটাক মিছাতে ঘৰত পুহি ৰখাতকৈ ভাড়ালৈ বা বিক্রী কৰিলে কিছু টকা-পইচা উপাৰ্জন কৰিব পাৰিব ।

১২। বলোৰাম মেধিৰ পুত্র-কইনাৰ সংখ্যা কিমান আছিল?

উত্তৰঃ বলোৰাম মেধিৰ সাতজন পুত্র আরু তিনিগৰাকী কন্যা আছিল ।

১৩। বৰমইনাৰ মটৰ গাড়ীখনৰ ড্রাইভাৰজনৰ নাম কি আছিল?

উত্তৰঃ বৰমইনাৰ মটৰ গাড়ীখনৰ ড্রাইভাৰজনৰ নাম হৰিচৰণ আছিল ।

১৪। কিমান চনত হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব লৈছিল?

উত্তৰঃ ২০০১ চনত হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্বভাৰ গ্রহণ কৰিছিল ।

১৫। “নতুনত শোভাযাত্রাত ঠাই নোপোৱা, প্রাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্রতিনিধি ।”- এই বাক্যটো ক’ৰ পৰা উদ্ধৃত? ইয়াত উল্লেখ কৰা অথৰ্ব প্রতিনিধি দুটা কোন কোন?

উত্তৰঃ বাক্যটো ‘হাতী’ গল্পৰ পৰা উদ্ধৃত । ইয়াত উল্লেখ কৰা অথৰ্ব প্রতিনিধি দুটা হ’ল- (ক) বলোৰাম মেধি আরু (খ) তেখেতৰ ‘বাপধন’ নামৰ হাতীটো ।

১৬। “কি ক’লি? বাপধনক বেচি মটৰ গাড়ী কিনিব খোজ? এনেকৈ কোনে , কাক, কিয় প্রশ্ন কৰিছিল?

উত্তৰঃ এনেকৈ বলোৰাম মেধিয়ে তেখেতৰ বৰপুত্র ‘বৰমইনা’ক কৈছিল ।

 বৰমইনাই বাপধন নামৰ হাতীটো বেছি বা কাঠৰ ঠিকাদাৰজনক ভাড়ালৈ দি এখন গাড়ী কিনিব বিচাৰিছিল । যাৰ বাবে উক্ত কথাষাৰি বলোৰাম মেধিয়ে বৰমইনাক ব্যক্ত কৰিছিল ।

১৭। “নতুনৰ শোভাযাত্রাত ঠাই নোপোৱা, প্রাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্রতিনিধি ”- ইয়াত কি নতুনৰ শোভাযাত্রাৰ কথা কোৱা হৈছে? ইয়াত ঠাই নোপোৱা প্রতিনিধি দুটা কোন কোন?

উত্তৰঃ ইয়াত প্রাচীন অথবা পুৰণিকলীয়া মূল্যবোধৰ বিপৰীতে বৰমইনাহঁতৰ নিচিনা নতুন চিন্তা, নতুন রুচি, হাতীৰ বিপৰীতে গাড়ীৰ প্রতি মোহ থকা আরু আন আন নতুনৰ শোভাযাত্রাৰ কথা কোৱা হৈছে ।

       ইয়াত ঠাই নোপোৱা প্রতিনিধি দুটা হ’ল-(ক) বলোৰাম মেধি আরু (খ) তেখেতৰ ‘বাপধন’ নামৰ হাতীটো । 

১৮। বলোৰাম মেধিয়ে শেষত হাতীটো কাক দান কৰিছিল?

উত্তৰঃ বলোৰাম মেধিয়ে শেষত হাতীটো মাউত ৰাতিয়াক দান কৰিছিল ।

১৯। ‘বাপধন’ আরু ‘ৰাতিয়া’ কোন?

উত্তৰঃ বাপধন হ’ল বলোৰাম মেধিৰ হাতীটোৰ নাম আরু ৰাতিয়া হ’ল হাতীটোৰ ৰখীয়া বা মাউত ।

২০। ‘তাৰ পিছত, তাৰ পিছত কি হ’ব?নকৱ কিয় তাৰ পিছত কি হ’ব?”- কোনে এনেদৰে কৈছিল?

উত্তৰঃ এনেদৰে বলোৰাম মেধিয়ে তেওঁৰ পুত্র বৰমইনাক কৈছিল । 

 

আগত অহা কিছু লাগতিয়াল প্রশ্ন আরু উত্তৰ

২০১৪

১। প্রথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ ৰচক কোন?

উত্তৰঃ প্রথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ’ল- বনকুৱৰী । ইয়াৰ ৰচক হ’ল- চন্দ্রকুমাৰ আগৰৱালা ৷

২। ‘ইন্দ্রধনু’ কবি বুলি কাক কোৱা হয়?

উত্তৰঃ ‘ইন্দ্রধনু’ কবি বুলি ডিম্বেশ্বৰ নেওগক কোৱা হয়ো ।

৩। শ্রী মন্ত শংকৰদেৱৰ নাম প্রসংগমূলক গ্রন্থ এখনৰ নাম লিখা ।

উত্তৰঃ কীৰ্তন ঘোষা ।

৪। সাহিত্য অকাডেমী বঁটা লাভ কৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা পুথিখনৰ নাম লিখা ।

উত্তৰঃ সাহিত্য অকাডেমী বঁটা লাভ কৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা পুথিখন হ’ল- বেদনাৰ উল্কা ।

৫। বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম কি?

উত্তৰঃ বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম হ’ল- বেদান্ত বা উপনিষদ ।

৬। লক্ষ্মীধৰ শৰ্মাৰ এখন গল্পপুথিৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাৰ এখন গল্পপুথি হ’ল- ব্যৰ্থতাৰ দান ।

৭। ড প্রফুল্লদত্ত গোস্বামীৰ জন্মস্থানৰ নাম লিখা ।

উত্তৰঃ ড প্রফুল্লদত্ত গোস্বামীৰ জন্মস্থান হ’ল- দক্ষিণ কামরূপৰ নহিৰা সত্র ।

৮। বসু কোন? তেওঁৰ শিক্ষাগত অৰ্হতা কি?

উত্তৰঃ বসু তিলক গোসাইৰ ভতিজা ল’ৰা । তেওঁৰ শিক্ষাগত অৰ্হতা হ’ল- মেট্রিক পাছ ।

৯। ‘সেইগ-লান কি হা?’ এনেকৈ কোনে, কাক কৈছিল?

উত্তৰঃ এনেকৈ হাৰিয়াই রূপাইক কৈছিল ।

১০। ‘কপিলীপৰীয়া সাধু’ৰ লেখক কোন?

উত্তৰঃ ‘কপিলীপৰীয়া সাধু’ৰ লেখক হ’ল- নৱকান্ত বরুৱা ।

১১। বলোৰাম মেধি কোন? তেওঁ কিয় হাতী কিনিছিল? হাতীটো পিছত কি হ’ল?

উত্তৰঃ বলোৰাম মেধি হ’ল- হোমেন বৰগোহাঞিদেৱৰ ‘হাতী’ নামৰ গল্পটিৰ মুখ্য চৰিত্র ।

       তেওঁ আভিজাত্যৰ গৰিমাৰে উপচি পৰাৰ অর্থে আরু অভিজাত বাহন হিচাপে হাতী কিনিছিল ।

       হাতীটো পিছত বলৰাম মেধীয়ে মাউত ৰাতিয়াক দি দিছিল ।

১২। ‘কি কলি’ বাপধনক বেছি মটৰ কিনিব খোজ?, এনেকৈ কোনে, কাক, কিয় প্রশ্ন কৰিছিল?

উত্তৰঃ এই কথাষাৰ বলোৰাম মেধিয়ে পুতেকহঁতক কৈছিল । বাপধন নামৰ হাতীটো বিক্রী কৰিব খোজাৰ প্রসংগত বলোৰাম মেধিয়ে পুতেকহঁতক এনেদৰে প্রশ্ন কৰিছিল ।

১৩। যোগেশ দাসে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ যোগেশ দাসে ‘পৃথিৱীৰ অসুখ’ নামৰ গল্পপুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ।

১৪। হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনীমূলক গ্রন্থৰ নাম লিখা ।

উত্তৰঃ হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনীমূলক গ্রন্থ হ’ল- আত্মানুসন্ধান ।

১৫। লক্ষ্মীনাথ বেজবরুৱাৰ উপন্যাসখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবরুৱাৰ উপন্যাসখনৰ নাম হ’ল- পদুমকুঁৱৰী ।

১৬। অসমীয়া সাহিত্যত প্রথম উপন্যাসখনৰ নাম কি?

উত্তৰঃ অসমীয়া সাহিত্যত প্রথম উপন্যাসখনৰ নাম হ’ল- ভানুমতী ।

১৭। ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি?

উত্তৰঃ ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাসখনৰ নাম- ‘মিৰিজীয়ৰী’ ।

১৮। শৰৎচন্দ্র গোস্বামীৰ এখন চুটিগল্প পুথিৰ নাম লিখা ।

উত্তৰঃ শৰৎচন্দ্র গোস্বামীৰ এখন চুটিগল্প পুথিৰ নাম- বাজীকৰ ।


২০১৫

১৯। ডিম্বেশ্বৰ নেওগৰ পিতৃৰ আরু জন্মলাভ কৰা গাঁওখনৰ নাম লিখা ।

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম ‘মাণিকচন্দ্র নেওগ’ আরু জন্মলাভ কৰা গাঁওখনৰ নাম হ’ল- কমাৰফদীয়া ।

২০। তোমাৰ পাঠ্যপুথিত থকা শ্রী মন্ত শংকৰদেৱৰ ‘বৰ্ষা বৰ্ণন’ কবিতাটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ শ্রী মন্ত শংকৰদেৱৰ ‘বৰ্ষা বৰ্ণন’ কবিতাটি ভাগৱতৰ দশম স্কুন্ধৰ পৰা লোৱা হৈছে ।

২১। চন্দ্রকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত প্রথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ চন্দ্রকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত প্রথম কবিতা পুথিখনৰ নাম- প্রতিমা ।

২২। অসমৰ সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক কি বিশেষণেৰে জনা যায়?

উত্তৰঃ অসমৰ সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ বিশেষণেৰে জনা যায় । 

২৩। ‘বুৰঞ্জী’ কি ভাষাৰ শব্দ?

অথবাঃ বুৰঞ্জী শব্দটো কোন ভাষাৰ?

উত্তৰঃ ‘বুৰঞ্জী’ টাই ভাষাৰ শব্দ ।

২৪। ‘ধী-শক্তি’ মানে কি?

উত্তৰঃ ‘ধী-শক্তি’ মানে বুদ্ধি বা মেধা ক্ষমতা ।

২৫। ‘অসমৰ স্কট’ রূপে কাক কোৱা হয়?

উত্তৰঃ ‘অসমৰ স্কট’ রূপে ৰজনীকান্ত বৰদলৈক কোৱা হয় ।

২৬। “কোন? সেই ‘কৈদী’ গোঁসাই?”

-কোনে কাক ‘কৈদী’ গোঁসাই বুলি কৈছে?

উত্তৰঃ হাৰিয়াই তিলক গোঁসাইক ‘কৈদী’ গোঁসাই বুলি কৈছে ।

২৭। আমাৰ ছাৰ’ৰ প্রকৃত নাম কি?

উত্তৰঃ আমাৰ ছাৰ’ৰ প্রকৃত নাম ধৰণীধৰ বরুৱা ।

২৮। “নতুনৰ শোভাযাত্রাত ঠাই নোপোৱা, প্রাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্রতিনিধি ।”

-এই বাক্যটি ক’ৰ পৰা উদ্ধৃত? ইয়াত উল্লেখ কৰা অথৰ্ব প্রতিনিধি দুটা কোন কোন?

উত্তৰঃ এই বাক্যটো ‘হাতী’ নামৰ গল্পটোৰ পৰা উদ্ধৃত । ইয়াত উল্লেখ কৰা অথৰ্ব প্রতিনিধি দুটা হ’ল- বলোৰাম মেধি আরু তেওঁৰ বাপধন নামৰ হাতীটো ।

২৯। হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা একমাত্র কাব্য-সংকলখনৰ নাম কি?

অথবাঃ হোমেন বৰগোহাঞি বিৰচিত একমাত্র কাব্য সংকলখনৰ নাম কি?

উত্তৰঃ হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা একমাত্র কাব্য-সংকলখনৰ নাম- ‘হৈমন্তী’ ।

৩০। যোগেশ দাসে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা ।

উত্তৰঃ যোগেশ দাসে ৰচনা কৰা এখন উপন্যাসৰ নাম হ’ল- ডাৱৰ আরু নাই ।

৩১। ৰজনীকান্ত বৰদলৈয়ে জনজাতীয় জীৱনক পটভূমি হিচাপে লৈ লিখা উপন্যাসৰ নাম কি?

উত্তৰঃ ৰজনীকান্ত বৰদলৈয়ে জনজাতীয় জীৱনক পটভূমি হিচাপে লৈ লিখা উপন্যাসৰ নাম- মিৰি জীয়ৰী ।

৩২। ‘লাহৰী’ উপন্যাসৰ ৰচক কোন?

উত্তৰঃ ‘লাহৰী’ উপন্যাসৰ ৰচক হ’ল- পদ্মনাথ গোহাঞিবরুৱা ৷

৩৩। দৈৱচন্দ্র তালুকদাৰে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা ।

উত্তৰঃ দৈৱচন্দ্র তালুকদাৰে ৰচনা কৰা এখন উপন্যাসৰ নাম হ’ল-‘অপূৰ্ণ’ ।

৩৪। ‘বাজীকৰ’ নামৰ গল্পপুথিখনৰ ৰচক কোন?

উত্তৰঃ ‘বাজীকৰ’ নামৰ গল্পপুথিখনৰ ৰচক হ’ল- শৰৎচন্দ্র গোস্বামী ।

৩৫। দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ?

উত্তৰঃ দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক ।

 

২০১৬

৩৬। প্রথম অসমীয়া কথাছবিখনৰ নাম কি? এইখন কোনে নির্মাণ কৰিছিল?

উত্তৰঃ প্রথম অসমীয়া কথাছবিখনৰ নাম জয়মতী । এইখন রূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰিছিল ।

৩৭। শ্রী মন্ত শংকৰদেৱৰ এখন কাব্যৰ নাম লিখা ।

উত্তৰঃ শ্রী মন্ত শংকৰদেৱৰ এখন কাব্য হ’ল- হৰিচন্দ্র উপাখ্যান ।

৩৮। চন্দ্রকুমাৰ আগৰৱালাৰ এখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰঃ চন্দ্রকুমাৰ আগৰৱালাৰ এখন কবিতা পুথিৰ নাম- প্রতিমা ।

৩৯। ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি?

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম মাণিক চন্দ্র নেওগ ।

৪০। বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা যায়নে? আলোচনা কৰা ।

উত্তৰঃ বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান হিচাপে দক্ষিণ ভাৰতৰ নায়াৰসকলে পালন কৰা নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বোলে । সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো ‘বিষু’ উৎসৱ বা মেলা আছে । মধ্যপ্রদেশৰ ওৰাওঁসকলে গ্রীষ্মকালত ‘বিষু’ চিকাৰ’ৰ ব্যৱস্থা কৰে । কিছুমান অঞ্চলত ‘বিষু’ নুবুলি ‘বৈশাখী’ বোলে ।

৪১। ‘লেমটো’ কি?

উত্তৰঃ ‘লেমটো’ হ’ল বিহুবাৰ আশাত আনৰ পিছে পিছে ঘূৰি ফুৰা লোক ।

৪২। ‘বুৰঞ্জী’ শব্দৰ অর্থ কি?

উত্তৰঃ  ‘বুৰঞ্জী’ শব্দৰ অর্থ হ’ল- নজনা কথা জনাৰ ভঁৰাল ।

৪৩। ‘হুচঁৰি’ কি?

উত্তৰঃ ‘হুঁচৰি’ হ’ল- ব’হাগৰ বিহুত ঢোল, পেঁপা, গগণা, নেগেৰা, খোল আদি বাদ্য যন্ত্র লৈ ডেকা-গাভরু আরু বুঢ়া-মখাই জুম বান্ধি কৰা নৃত্য, গীত, নাম, বিহু আদি ।  

৪৪। ‘তিলক গোসাঁই’ কোন?

উত্তৰঃ ‘তিলক গোসাঁই’ নৱকান্ত বরুৱাৰ ‘কপিলীপৰীয়া সাধু’ উপন্যাসৰ অন্যতম প্রধান চৰিত্র ।

৪৫। ‘ঘটনাটো ঘটিল বুঢ়াৰ সরু পুতেকৰ বিয়া উপলক্ষে ।’- ইয়াত কি ঘটনাৰ কথা কোৱা হৈছে? বুঢ়া আরু তেওঁৰ সরু পুতেকৰ নাম কি?

উত্তৰঃ ইয়াত বলোৰাম মেধিৰ সরু পুতেকৰ বিয়াত যেতিয়া বুঢ়া আরু বাপধন নামৰ হাতীটোয়ে বৰযাত্রী হ’বলৈ নাপায় পদূলিৰ মূৰতে স্তব্ধ হৈ ৰ’ব লগা হয় । তেতিয়াই ঘটনাটো ঘটিল বুলি কোৱা হৈছে ।

       ইয়াত বুঢ়াৰ নাম হ’ল- বলোৰাম মেধি আরু সরু পুতেকৰ নাম-কণমইনা ।

৪৬। কোনখন গল্পপুথিৰ বাবে যোগেশ দাসে সাহিত্য অকাডেমি বঁটা লাভ কৰে?

উত্তৰঃ ‘পৃথিৱীৰ অসুখ’ গল্পপুথিৰ বাবে যোগেশ দাসে সাহিত্য অকাডেমি বঁটা লাভ কৰে ।

৪৭। ‘পদুম কুঁৱৰী’ উপন্যাসৰ ৰচক কোন?

উত্তৰঃ ‘পদুম কুঁৱৰী’ উপন্যাসৰ ৰচক লক্ষ্মীনাথ বেজবরুৱা ।

৪৮। শৰৎ চন্দ্র গোস্বামীৰ এখন চুটিগল্প পুথিৰ নাম লিখা ।

উত্তৰঃ শৰৎ চন্দ্র গোস্বামীৰ এখন চুটিগল্প পুথিৰ নাম- বাজীকৰ ।

৪৯। অপূর্ণ চুটিগল্প নে উপন্যাসৰ পুথি?

উত্তৰঃ অপূর্ণ উপন্যাস ।

৫০। ‘দন্দুৱা দ্রোহ’ উপন্যাসৰ ৰচক কোন?

উত্তৰঃ ‘দন্দুৱা দ্রোহ’ উপন্যাসৰ ৰচক হ’ল- ৰজনীকান্ত বৰদলৈ ।

 

২০১৭

৫১। প্রথম আধুনিক অসমীয়া কবিতাটোৰ নাম কি? ইয়াৰ ৰচকৰ নাম লিখা ।

উত্তৰঃ প্রথম আধুনিক অসমীয়া কবিতাটোৰ নাম বনকুঁৱৰী । ইয়াৰ ৰচকৰ নাম হ’ল- চন্দ্রকুমাৰ আগৰৱালা 

৫২। মহাপুরুষ শ্রী মন্ত শংকৰদেৱে ৰচনা কৰা শ্রেষ্ঠ গ্রন্থখনৰ নাম কি?

উত্তৰঃ মহাপুরুষ শ্রী মন্ত শংকৰদেৱে ৰচনা কৰা শ্রেষ্ঠ গ্রন্থখনৰ নাম- কীৰ্তন ঘোষা ।

৫৩। ‘জোনাকী’ কাকত কিমান খ্রীষ্টাব্দত প্রথম প্রকাশ পায়?

উত্তৰঃ ‘জোনাকী’ কাকত ১৮৮৯ চনত প্রথম প্রকাশ পায় ।

৫৪। জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম হোৱা ঠাইখনৰ নাম কি?

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম হোৱা ঠাইখনৰ নাম হ’ল- ডিব্রুগড় জিলাৰ তামোলবাৰী বাগিচা ।

৫৫। ন্যায় দৰ্শনৰ প্রণেতা কোন?

উত্তৰঃ ন্যায় দৰ্শনৰ প্রণেতা হ’ল- মহৰ্ষি গৌতম ।

৫৬। বিহু নাচ আরু গীত সম্পর্কে কোনখন অসমীয়া উপন্যাসত বৰ্ণনা আছে?

উত্তৰঃ বিহু নাচ আরু গীত সম্পর্কে ৰজনীকান্ত বৰদলৈৰ ‘মিৰিজীয়ৰী’ নামৰ অসমীয়া উপন্যাসত বৰ্ণনা আছে ।

৫৭।লক্ষ্মীনাথ বেজবরুৱাই ৰচনা কৰা উপন্যাসখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবরুৱাই ৰচনা কৰা উপন্যাসখনৰ নাম- পদুমকুঁৱৰী ।

৫৮। রূপাই কোন?

উত্তৰঃ রূপাই হ’ল- কপিলীপৰীয়া সাধু উপন্যাসৰ মূল নায়ক আরু সাধুটোত ধীৰ সিঙৰ পুতেক ।

৫৯। ‘মোৰ কথাবোৰ বারু বেঁকা- তই চিধা বাট ল ।’

-কোনে, কাক এনেকৈ কৈছিল?

উত্তৰঃ এই কথাষাৰ সুলভ দোকানীয়ে রূপাইক এনেকৈ কৈছিল ।

৬০। ‘কপিলীপৰীয়া সাধু’ কোন শ্রেনীৰ সাহিত্য? ইয়াৰ লেখক কোন?

উত্তৰঃ ‘কপিলীপৰীয়া সাধু’ উপন্যাস শ্রেনীৰ সাহিত্য । ইয়াৰ লেখক নৱকান্ত বরুৱা ।

৬১। ‘আমাৰ ছাৰ’ গল্পটোৰ লেখক কোন?

উত্তৰঃ ‘আমাৰ ছাৰ’ গল্পটোৰ লেখক হ’ল- যোগেশ দাস ।

৬২। হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা দুটি গল্প সংকলনৰ নাম লিখা ।

উত্তৰঃ হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা দুটি গল্প সংকলন হ’ল- ‘প্রেম আরু মৃত্যুৰ কাৰণে’ আরু ‘বিভিন্ন কোৰাচ’ ।

৬৩। দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা যোগেশ দাসৰ উপন্যাসখনৰ নাম লিখা ।

উত্তৰঃ দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা যোগেশ দাসৰ উপন্যাসখনৰ নাম হ’ল- ‘ডাৱৰ আরু নাই’ ।

৬৪। শৰৎচন্দ্র গোস্বামীৰ এখন গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ শৰৎচন্দ্র গোস্বামীৰ এখন গল্প পুথিৰ নাম হ’ল- পৰিদৰ্শন ।

৬৫। নির্মল ভকত উপন্যাসখন কোনে লিখিছিল?

উত্তৰঃ নির্মল ভকত উপন্যাসখন ৰজনী কান্ত বৰদলৈয়ে লিখিছিল ।

৬৬। ‘অপূর্ণ’ শীর্ষক উপন্যাসখনৰ ৰচক কোন?

উত্তৰঃ ‘অপূর্ণ’ শীর্ষক উপন্যাসখনৰ ৰচক হ’ল- দৈৱচন্দ্র তালুকদাৰ ।

৬৭। অসমীয়া সাহিত্যত প্রথম উপন্যাস কোনে ৰচনা কৰে?

উত্তৰঃ অসমীয়া সাহিত্যত প্রথম উপন্যাস পদ্মনাথ গোহাঞিবরুৱাই ৰচনা কৰে ।

 

২০১৮

৬৮। শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ ভাঙনি কৰিছিল?

উত্তৰঃ শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড ৰামায়ণৰ পদ ভাঙনি কৰিছিল ।

৬৯। ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’- নামৰ গ্রন্থখনৰ লেখক কোন?

উত্তৰঃ ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’- নামৰ গ্রন্থখনৰ লেখক ডিম্বেশ্বৰ নেওগ ।

৭০। জ্যোতিপ্রসাদৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ জ্যোতিপ্রসাদৰ জন্ম ১৯৩০ চনত হৈছিল ।

৭১। ‘অসমীয়া জন সাহিত্য’- নামৰ গ্রন্থখনৰ ৰচক কোন?

উত্তৰঃ ‘অসমীয়া জন সাহিত্য’- নামৰ গ্রন্থখনৰ ৰচক হ’ল- ড০ প্রফুল্লদত্ত গোস্বামী ।

৭২। লক্ষ্মীধৰ শৰ্মাৰ এখন গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাৰ এখন গল্প পুথি হ’ল- ব্যৰ্থতাৰ দান ।

৭৩। বসু কোন?

উত্তৰঃ বসু হ’ল- তিলক গোসাইৰ ভতিজা ল’ৰা ।

৭৪। ‘পৃথিৱীৰ অসুখ’- কোন শ্রেণিৰ গ্রন্থ?

উত্তৰঃ ‘পৃথিৱীৰ অসুখ’- গল্প বিষয়ক শ্রেণিৰ গ্রন্থ ।

৭৫। পদ্মনাথ গোহাঞিবরুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা ।

উত্তৰঃ পদ্মনাথ গোহাঞিবরুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম হ’ল-ভানুমতী ।

৭৬। ‘অপূর্ণ’ নামৰ উপন্যাসখনৰ ৰচক কোন?

উত্তৰঃ ‘অপূর্ণ’ নামৰ উপন্যাসখনৰ ৰচক দৈৱচন্দ্র তালুকদাৰ ।

৭৭। ‘বাজীকৰ’- এই গল্প পুথিখনৰ গল্পকাৰজনৰ নাম কি?

উত্তৰঃ ‘বাজীকৰ’- এই গল্প পুথিখনৰ গল্পকাৰজনৰ নাম হ’ল- শৰৎ্চন্দ্র গোস্বামী ।

৭৮। ত্রৈলোকনাথ গোস্বামীৰ এখন গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ ত্রৈলোকনাথ গোস্বামীৰ এখন গল্প পুথিৰ নাম- অরুণা ।

৭৯। ড০ প্রফুল্লদত্ত গোস্বামীদেৱৰ তিনিখন ইংৰাজী গ্রন্থৰ নাম লিখা ।

উত্তৰঃ ড০ প্রফুল্লদত্ত গোস্বামীদেৱৰ তিনিখন ইংৰাজী গ্রন্থৰ নাম হ’ল-

(ক) “Assamese Drama” (1960)

(খ) “The Teaching in English” (1962)

(গ) “Folk Literature of Assam” (1954)

 

৮০। ১৯১৭ খ্রীষ্টাব্দৰ ‘বাঁহী’ত বিহুৰ বিষয়ে লক্ষ্মীনাথ বেজবরুৱাই কি লিখিছিল?

উত্তৰঃ ১৯১৭ খ্রীষ্টাব্দৰ ‘বাঁহী’ত বিহুৰ বিষয়ে লক্ষ্মীনাথ বেজবরুৱাই লিখিছিল, “বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেইদেখি বিহুক লোকে হাঁহে, বেয়া পায় ।”