অধ্যায়-২, এছিড, ক্ষাৰক আরু লৱণ (Acids, Bases and Salts), by Podmeswar


১। এছিডবোৰৰ সোৱাদ কি? এছিডবোৰৰ ক্ষেত্রত কেনে লিটমাছৰ সহায়ত পৰীক্ষণ কৰা হয়?
উত্তরঃ এছিডবোৰৰ সোৱাদ টেঙা । এছিডবোৰে নীলা লিটমাছক ৰঙা কৰে ।

২। ক্ষাৰকবোৰৰ সোৱাদ কি? ক্ষাৰবোৰৰ ক্ষেত্রত কেনে লিটমাছৰ সহায়ত পৰীক্ষণ কৰা হয়?
উত্তরঃ ক্ষাৰকবোৰৰ সোৱাদ তিতা । ক্ষাৰকবোৰে ৰঙা লিটমাছক নীলা কৰে ।

৩। লিটমাছ এবিধ কেনে প্রকৃতিৰ সূচক?
উত্তরঃ লিটমাছ এবিধ প্রাকৃতিক সূচক ।

৪। বগা কাপোৰৰ ওপৰত ভাজি আদিৰ দাগ পৰিলে তাত চাবোন ঘঁহিলে দাগৰ বৰণ কেনে হয়? ইয়াৰ কাৰণ কি?
উত্তরঃ বগা কাপোৰৰ ওপৰত ভাজি আদিৰ দাগ পৰিলে তাত চাবোন ঘঁহিলে দাগৰ বৰণ ৰঙচুৱা মুগা হয় । চাবোন ক্ষাৰক প্রকৃতিৰ হোৱাৰ বাবে এনে হয় ।

৫। চাবোন কেনে প্রকৃতিৰ, অম্ল নে ক্ষাৰ?
উত্তরঃ চাবোন ক্ষাৰক প্রকৃতিৰ ।

৬। দুবিধ সাংশ্লেষিক বা কৃত্রিম সূচকৰ নাম লিখা ।
উত্তরঃ দুবিধ সাংশ্লেষিক বা কৃত্রিক সূচকৰ নাম হ’ল- মিথাইল অৰেঞ্জ আরু ফিন’লফথেলিন ।

৭। লিটমাছ দ্রৱ কি? ই কোনবিধ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয়?
উত্তরঃ লিটমাছ দ্রৱ হ’ল- বেঙুনীয়া ৰঙৰ এবিধ প্রাকৃতিক এছিড-ক্ষাৰক  সূচক । ইয়াক থেল’ফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয় ।

৮। কেইবিধমান ৰঞ্জক পদাৰ্থৰ নাম লিখা ।
অথবাঃ কেইবিধমান এছিড-ক্ষাৰক বা কেৱল সূচক বা প্রাকৃতিক সূচক কেইবিধৰ নাম লিখা ।
উত্তরঃ কেইবিধমান ৰঞ্জক পদাৰ্থ বা এছিড-ক্ষাৰক বা কেৱল সূচক বা প্রাকৃতিক সূচক নাম হ’লঃ
লিটমাছ, ৰঙা বন্ধাকবিৰ পাত, হালধী, কিছুমান ফুল যেনে হাইড্রেনজিয়া, পিটুনিয়া, জিৰেনিয়াম আদিৰ ৰঙীন পাহি ।

৯। ঘ্রানেন্দ্রিক সূচক বুলিলে কি বুজা? উদাহৰণ দিয়া ।
উত্তরঃ যিবোৰ পদাৰ্থ আম্লিক আরু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে । সেই পদাৰ্থবোৰক ঘ্রানেন্দ্রিক সূচক (Olfactory indicators) বোলা হয় । উদাহৰণ- পিঁয়াজ, ভেনিলা, লবঙ্গ তেল আদি ।

১০। এছিড আরু ধাতুৰ বিক্রিয়াৰ ক্ষেত্রত কিহৰ উৎপন্ন হয়? ইয়াৰ সমীকৰণটো লিখা ।
উত্তরঃ এছিড আরু ধাতুৰ বিক্রিয়াবোৰত ধাতুৱে এছিডৰ পৰা হাইড্র’জেন অপসাৰিত কৰে । লগতে, এছিডৰ অৱশিষ্ট অংশৰ সৈতে ধাতু লগ হৈ লৱণ যৌগৰ গঠন কৰে ।
এছিড + ধাতু লৱণ + হাইড্র’জেন গেছ ।

১১। যিংক ধাতুৰ লগত ছ’ডিয়াম হাইড্র’ক্সাইড দ্রৱ যোগ কৰিলে পোৱা সমীকৰণটো লিখা ।
উত্তরঃ যিংক ধাতুৰ লগত ছ’ডিয়াম হাইড্র’ক্সাইড দ্রৱ যোগ কৰিলে পোৱা সমীকৰণটো হ’ল- 2NaOH + Zn → Na2ZnO2 (ছ’ডিয়াম যিংকেট) + H2

১২। ছডিয়াম কাৰ্বনেটৰ (Na2CO3) লগত লঘু HCL যোগ কৰিলে কি হয়, ইয়াৰ সমীকৰণটো লিখা ।
উত্তরঃ ছডিয়াম কাৰ্বনেটৰ (Na2CO3) লগত লঘু HCL যোগ কৰিলে লৱণ, পানী আরু কাৰ্বনডাই অক্সাইডৰ উৎপন্ন হয় ।
সমীকৰণ-
Na2CO3(s) + 2HCL (aq) → 2NaCl(aq) + H2O(l) + CO2(g)

১৩। ছ’ডিয়াম হাইড্র’জেন কাৰ্বনেট (NaHCO3) ৰ লগত লঘু HCL যোগ কৰিলে কি উৎপন্ন হয়? ইয়াৰ সমীকৰণটো উল্লেখ কৰা ।
উত্তরঃ ছ’ডিয়াম হাইড্র’জেন কাৰ্বনেট (NaHCO3) ৰ লগত লঘু HCL যোগ কৰিলে লৱণ, পানী আরু কাৰ্বনডাই অক্সাইডৰ উৎপন্ন হয় ।
সমীকৰণ-
NaHCO3(s) + HCl(aq) → NaCl(aq) + H2O(l) + CO2(g)


১৪। কাৰ্বন ডাই অক্সাইড গেছক চূণৰ পানীৰ মাজেদি পঠালে কি উৎপন্ন হয়? সমীকৰণটো লিখা ।
উত্তরঃ কাৰ্বন ডাই অক্সাইড গেছক চূণৰ পানীৰ মাজেদি পঠালে বগা অধঃক্ষেপ কেলছিয়াম কাৰ্বনেট আরু পানীৰ উৎপন্ন হয় ।
সমীকৰণ-
Ca(OH)2(aq) (চূণপানী) + CO2(g) → CaCO3(s) (বগা অধঃক্ষেপ) + H2O(l)

১৫। কেলছিয়াম কাৰ্বনেটৰ তিনিটা ভিন্ন রূপ লিখা ।
উত্তরঃ কেলছিয়াম কাৰ্বনেটৰ তিনিটা রূপ হ’ল- চূণশীল, চক আরু মাৰ্বল ।

১৬। সকলোবোৰ ধাতৱ কাৰ্বনেট আরু হাইড্র’জেন কাৰ্বনেট এছিডৰ সৈতে বিক্রিয়া কৰি কি কি উৎপন্ন কৰে? ইয়াৰ বিক্রিয়াটো লিখা ।
উত্তরঃ সকলোবোৰ ধাতৱ কাৰ্বনেট আরু হাইড্র’জেন কাৰ্বনেট এছিডৰ সৈতে বিক্রিয়া কৰি ল‍ৱন, কাৰ্বন ডাই অক্সাইড আরু পানী উৎপন্ন কৰে । বিক্রিয়াটো হ’ল-

ধাতৱ কাৰ্বনেট/ধাতৱ হাইড্র’জেনকাৰ্বনেট + এছিড  লৱন + কাৰ্বন ডাই অক্সাইড + পানী

১৭। প্রশমন বিক্রিয়া বুলিলে কি বুজা? বিক্রিয়াটো লিখা ।
অথবাঃ ক্ষাৰক আরু এছিডৰ বিক্রিয়াৰ ফলত কি হয়? বিক্রিয়াটো উল্লেখ কৰা ।
উত্তরঃ এছিড আরু ক্ষাৰকৰ বিক্রিয়াত লৱণ আরু পানী উৎপন্ন হয় । এই বিক্রিয়াক প্রশমন বিক্রিয়া (Neutralisation Reaction) বোলে । বিক্রিয়াটো হ’ল-
ক্ষাৰক + এছিড লৱণ + পানী

১৮। এছিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্রিয়া হ’লে কি হয়? উদাহৰণসহ বুজাই লিখা ।
উত্তরঃ এছিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্রিয়া হ’লে দ্রৱটোৰ বৰণ সলনি হয় আরু লগতে লৱণ আরু পানী উৎপন্ন কৰে । এটা ধাতৱ অক্সাইড আরু এটা এছিডৰ মাজত ঘটা বিক্রিয়াক এনেদৰে লিখিব পৰা যায়-
ধাতৱ অক্সাইড + এছিড লৱণ + পানী
    উদাহৰণস্বরূপে- ক’পাৰ অক্সাইড্রৰ লগত লঘু হাইড্র’ক্ল’ৰিক এছিড যোগ কৰিলে দ্রৱটোৰ বৰণ নীলা-সেউজীয়া হৈ পৰে আরু ক’পাৰ অক্সাইডখিনি দ্রৱীভূত হয় লগতে লৱণ আরু পানীৰ উৎপন্ন হয় । দ্রৱটোৰ নীলা-সেউজীয়া ৰঙ বিক্রিয়াত ক’পাৰ ক্ল’ৰাইড গঠন হোৱাৰ বাবে হয় ।

১৯। কিয় ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বোলা হয়?
উত্তরঃ ক্ষাৰক এটাই এছিড এটাৰ সৈতে কৰা বিক্রিয়াটোৰ নিচিনাকৈ ধাতৱ অক্সাইডসমূহে এছিডৰে সৈতে বিক্রিয়া কৰি লৱণ আরু পানী উৎপন্ন কৰে । সেইবাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড (Basic Oxides) বোলা হয় ।

২০। অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্রিয়া হ’লে কি উৎপন্ন হয়? উদাহৰণসহ বুজাই লিখা ।
উত্তরঃ অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্রিয়া হ’লে লৱণ আরু পানী উৎপন্ন কৰে । উদাহৰণস্বরূপে- কাৰ্বন ডাই অক্সাইড (অধাতৱীয় অক্সাইড) আরু কেলছিয়াম হাইড্র’অক্সাইড (চূণ পানী) (ক্ষাৰক) মাজত বিক্রিয়া হ’লে লৱণ আরু পানী উৎপন্ন কৰে । বিক্রিয়াটো এটা ক্ষাৰক আরু এটা এছিডৰ মাজত ঘটা বিক্রিয়াৰ দৰে একে হয় । সেয়ে অধাতৱীয় অক্সাইডবোৰ এছিড ধৰ্মী বোলা হয় । 

২১। অধাতৱীয় অক্সাইডবোৰ কি ধৰ্মী?
উত্তরঃ অধাতৱীয় অক্সাইডবোৰ এছিড ধৰ্মী ।

২২। সকলো এছিড আরু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি?
উত্তরঃ সকলো এছিড আরু ক্ষাৰকৰ সাৰ্বজনীন গুণ এইয়ে যে সকলো এছিডে ধাতুৰে সৈতে বিক্রিয়া কৰি হাইড্র’জেন গেছ উৎপন্ন কৰে । গতিকে সকলো এছিডতে সাধাৰণভাৱে হাইড্র’জেন থাকে । ছ’ডিয়াম হাইড্র’অক্সাইড, কেলছিয়াম হাইড্র’ক্সাইড আদিৰ দৰে ক্ষাৰকৰ দ্রৱই একেধৰণৰ নিয়মেই পালন কৰে ।

২৩। কোনো এক দ্রব্যত কিহৰ সহায়েৰে বিদ্যুৎ প্রবাহিত হয়?
উত্তরঃ দ্রৱৰ মাজেদি দ্রৱত থকা আয়নৰ জৰিয়তে বিদ্যুৎ প্রবাহিত হয় ।

২৪। এছিডত থকা কেটায়নটো কি? দ্রৱত এছিডে কি উৎপন্ন কৰে?
উত্তরঃ এছিডত থকা কেটায়ণটো হ’ল- H+  
দ্রৱত এছিডে হাইড্র’জেন আয়ন H+ (aq) উৎপন্ন কৰে ।

২৫। পানীৰ উপস্থিতিত HCL য়ে কি উৎপন্ন কৰে? বিক্রিয়াটোৰ সমীকৰণটো উল্লেখ কৰা ।
উত্তরঃ পানীৰ উপস্থিতিত HCL য়ে হাইড্র’জেন আয়ন উৎপন্ন কৰে । পানীৰ অনুপস্থিতিত HCL অণুৰ পৰা H+ আয়নৰ পৃথকীকৰণ ঘটিব নোৱাৰে ।
বিক্রিয়াটোৰ সমীকৰণটো-   HCL + H2O → H3O+ + Cl-

২৬। কিয় হাইড্র’জন আয়নক H+(aq) বা হাইড্র’নিয়াম আয়ন (H3O+) বা H2O হিচাপে দেখুৱায়?
উত্তরঃ হাইড্র’জেন আয়ন অকলে বৰ্তি থাকিব নোৱাৰে । পানী অণুৰে সৈতে লগ হৈ থাকে । সেয়েহে হাইড্র’জন আয়নক H+(aq) বা হাইড্র’নিয়াম আয়ন (H3O+) বা H2O হিচাপে দেখুৱায় ।

২৭। পানীত ক্ষাৰক এটা দ্রৱীভূত কৰিলে কি ঘটে?
উত্তরঃ পানীত ক্ষাৰক এটা দ্রৱীভূত কৰিলে ক্ষাৰকবোৰে পানীত হাইড্র’ক্সাইড ( OH- ) আয়ন উৎপন্ন কৰে ।
NaOH(s)       Na+ (aq) + OH-(aq)  

২৮। ক্ষাৰকবোৰে পানীত কি আয়ন উৎপন্ন কৰে?
উত্তরঃ ক্ষাৰকবোৰে পানীত হাইড্র’ক্সাইড ( OH- ) আয়ন উৎপন্ন কৰে ।

২৯। ক্ষাৰ (alkali) কাক বোলে?
উত্তরঃ ক্ষাৰকবোৰে পানীত হাইড্র’ক্সাইড ( OH- ) আয়ন উৎপন্ন কৰে । যিবোৰ ক্ষাৰক পানীত দ্রৱীভূত হয় । সেইবোৰক ক্ষাৰ (alkali) বোলা হয় ।

৩০। সকলোবোৰ ক্ষাৰক পানীত দ্রৱীভূত হয়নে? পানীত দ্রৱীভূত হোৱা এবিধ ক্ষাৰকৰ নাম লিখা ।
উত্তরঃ সকলোবোৰ ক্ষাৰক পানীত দ্রৱীভূত নহয় । পানীত দ্রৱীভূত হোৱা এবিধ ক্ষাৰক  (Base) হ’ল- ক্ষাৰ (Alkali) ।

৩১। ক্ষাৰৰ তিনিটা গুণ লিখা ।
উত্তরঃ ক্ষাৰবোৰ চাবোনৰ দৰে পিছল, তিতা আরু ক্ষয়কাৰী ।

৩২। পানীত এছিড বা ক্ষাৰক দ্রৱীভূত কৰা প্রক্রিয়াটো কি ৰাসায়নিক বিক্রিয়াৰ ভিতৰত পৰে?
উত্তরঃ পানীত এছিড বা ক্ষাৰক দ্রৱীভূত কৰা প্রক্রিয়াটো তাপবৰ্জী প্রক্রিয়াৰ ভিতৰত পৰে ।

৩৩। কিয় এছিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আরু দ্রৱটো একেলেথাৰিয়ে লৰাই থাকিব লাগে?
উত্তরঃ এছিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আরু দ্রৱটো একেলেথাৰিয়ে লৰাই থাকিব লাগে । অন্যথা যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্রটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আরু জুই লগাব পাৰে । লগতে, অত্যাধিক স্থানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্র হ’লে ভাগিব পাৰে ।

৩৪। লঘুকৰণ বা লঘু হোৱা বুলিলে কি বুজা?
উত্তরঃ এছিড আরু ক্ষাৰক পানীৰ সৈতে মিহলালে প্রতি একক আয়তনত আয়ন ( H3O+/OH- ) ৰ গাঢ়তা হ্রাস পায় । এনে প্রক্রিয়াক লঘুকৰণ (Dilute) বোলা হয় আরু এছিড বা ক্ষাৰকটো লঘু হোৱা বোলা হয় ।

৩৫। দ্রৱত হাইড্র’জেন আয়নর গাঢ়তা পরিমাণর বাবে ব্যৱহার স্কেলবিধর নাম কি ?
উত্তরঃ দ্রৱত হাইড্র’জেন আয়নর গাঢ়তা পরিমাণর বাবে ব্যৱহার স্কেলবিধর নাম pH স্কেল (PH Scale) বোলে ।

৩৬। pH স্কেলর P শব্দটো কি ভাষা আরু কোনটো শব্দর পরা আহিছে ? ইয়ার অৰ্থ কি ?
উত্তরঃ pH স্কেলর P শব্দটো  জাৰ্মান ভাষার ‘Potenx’ পরা আহিছে । ইয়ার অৰ্থ হ’ল- ক্ষমতা (Power)

৩৭। pH স্কেলত এছিড বা ক্ষারকর তীব্রতা কেনেদরে জোখা হয় ?
উত্তরঃ pH স্কেলত সচরাচর 0 (খুব বেছি আম্লিক) র পরা 14 (খুব বেছি ক্ষারকীয়) লৈ pH জুখিব পরা যায় । pH স্কেলত মান 7 তকৈ কম হোৱাটোৱে দ্রৱটো আম্লিক আরু 7 র পরা 14 লৈকে বৃদ্ধি ঘটাটোৱে OH- আয়নর গাঢ়তা বৃদ্ধি অৰ্থাৎ ক্ষারর তীব্রতা বৃদ্ধি হোৱাটো বুজায় ।

৩৮। এটা প্রশম দ্রৱ্যৰ pH র মান কিমান ?
উত্তরঃ এটা প্রশম দ্রৱ্যৰ pH র মান 7

৩৯। pH স্কেলত 7 তকৈ কম হোৱাটোয়ে আরু 7 বা 7 তকৈ অধিক/বেছি হোৱাটোয়ে কি বুজায় ?
উত্তরঃ pH স্কেলত মান 7 তকৈ কম হোৱাটোৱে দ্রৱটো আম্লিক আরু 7 র পরা 14 লৈকে বৃদ্ধি ঘটাটোৱে OH- আয়নর গাঢ়তা বৃদ্ধি অৰ্থাৎ ক্ষারর তীব্রতা বৃদ্ধি হোৱাটো বুজায় ।

৪০। pH র মান 7 র পরা 14 লৈ বৃদ্ধি ঘটাটোয়ে কি আয়নর গাঢ়তা বৃদ্ধিক বুজায় ?
উত্তরঃ pH র মান 7 র পরা 14 লৈ বৃদ্ধি ঘটাটোয়ে OH- আয়নর গাঢ়তা বৃদ্ধিক বুজায় অৰ্থাৎ ক্ষারর বৃদ্ধি হোৱাটো বুজায় ।

৪১। তীব্র এছিড আরু মৃদ্যু এছিড বুলিলে কি বুজা ?
উত্তরঃ বেছি H+ আয়ন উৎপন্ন করা এছিডবোরক তীব্র এছিড আরু কমকৈ H+ আয়ন উৎপন্ন করা এছিডবোরক মৃদ্যু এছিড বোলে ।

৪২। আমার শরীর বা প্রাণীর লগত pH র সম্পৰ্ক কি ? pH  কেনে অৱস্থাত জীৱ বৰ্তি থাকিব পারে ?
উত্তরঃ আমার শরীরে 7.0 র পরা 7.8 লৈ পরিসরর ভিতরত কাৰ্য করে । ঠেক পরিসরত pH পরিৱৰ্তন ঘটিলেহে জীৱ বৰ্তি থাকিব পারে ।

৪৩। এছিড বরষুণ কাক বোলে ? এছিড বরষুণ পানী বা নদীলৈ বৈ গ’লে কি হয় ? এছিডে জলজ জীৱৰ ওপরত কেনে প্রভাৱ পেলায় ?
উত্তরঃ বরষুণর পানীর pH র মান 5.6 র কম হ’লে তাক এছিড বরষুণ বোলে । এছিড বরষুণর পানী নদীলৈ বৈ গ’লে বা কোনো পানীর উৎসলৈ বৈ গ’লে পানীখিনির pH হ্রাস পায় । এনেকুৱা এছিড বরষুণ সন্নিবিষ্ট পানী বা নদীত জলজ জীৱ (aquatic life) বৰ্তি থকাটো টান হৈ পরে ।

৪৪। উদ্ভিদর বাবে pH গুরুত্বপূৰ্ণনে বা উদ্ভিদর বাবে pH র কাম কি?
উত্তরঃ গছ-গছনির সুস্থ-সবল বৃদ্ধির বাবে মাটির pH নিৰ্দিষ্ট পরিসরর ভিতরত থাকিব লাগে ।

৪৫। আমার পেটত উৎপন্ন হোৱা এছিডবিধর নাম কি? আমার দেহত এছিডর কাম কি ?
উত্তরঃ আমার পেটত উৎপন্ন হোৱা এছিডবিধর নাম- হাইড্র’ক্ল’রিক এছিড । পেটর কোনো অপকার নকরাকৈ এছিডে বা হাইড্র’ক্ল’রিক এছিডে আমার খাদ্য-বস্তু হজম হোৱাত সহায় করে ।

৪৬। পেট অজীৰ্ণ/খালী হ’লে বা আহার গ্রহণ নকরিলে বা লঘুণে থাকিলে আমার দেহত এছিডর ক্রিয়া কেনেদরে হয় ?
উত্তরঃ পেট অজীৰ্ণ/খালী হ’লে বা আহার গ্রহণ নকরিলে বা লঘুণে থাকিলে  আমার দেহত পেটে অত্যাধিক এছিড উৎপন্ন করে । ইয়ার ফলত পেটত জ্বলাপোরা আরু বিষ হয় ।  

৪৭। অত্যাধিক এছিড উৎপন্নর ফলত পেটত পেটত জ্বলাপোরা আরু বিষ হ’লে ইয়ার প্রতিকার কি ?
উত্তরঃ  অত্যাধিক এছিড উৎপন্নর ফলত পেটত পেটত জ্বলাপোরা আরু বিষ হ’লে ইয়ার প্রতিকার/পরিত্রাণ পাবলৈ মানুহে অম্লনাশক (Antacids) হিচাপে ক্ষারক ব্যৱহার করিব লাগে ।

৪৮। এছিড প্রশমিত করিবলৈ ব্যৱহার করা অম্লনাশক বা ক্ষারকবিধর নাম কি?/আমি খোৱা/সেৱন করা এবিধ ক্ষারকর নাম লিখা । ই কেনে প্রকৃতির ?
উত্তরঃ এছিড প্রশমিত করিবলৈ ব্যৱহার করা অম্লনাশক বা ক্ষারকবিধর নাম- মেগনেছিয়াম হাইড্র’ক্সাইড (মেগনেছিয়ামর দুগ্ধ)। ই এটা মৃদু ক্ষারক ।

৪৯। মুখর ভিতরত pH র মান কিমান হ’লে দন্তক্ষয় হয় ?
উত্তরঃ মুখর ভিতরত pH র মান 5.5 তকৈ কম হ’লে দন্তক্ষয় হয় ।

৫০। দাঁতর এনামেল(Tooth enamel) অংশটো কিহেরে তৈয়ারী? দন্তক্ষয় বা দাঁতর ক্ষয় বুলিলে কি বুজা/কাক বোলে ? কেতিয়া আমার দন্তক্ষয় বা দাঁতর ক্ষয় হয়? ইয়ার দুটা প্রতিকার লিখা ।
উত্তরঃ কেলছিয়াম ফছফেটেরে দাঁতর এনামেল অংশটো তৈয়ারী । দাঁতর এনামেল অংশটো শরীরর কঠিনতম পদাৰ্থ । ই পানীত দ্রৱীভূত নহয় । কিন্তু মুখর ভিতরর pH র মান 5.5 তকৈ কমিলে ই ক্ষয় হয় অৰ্থাৎ দন্তক্ষয় বা দাঁতর ক্ষয় । আহার গ্রহণ করার পিছত মুখর ভিতরত লাগি থকা শৰ্কৰা আরু খাদ্য কণিকাবোর মুখ্র ভিতরত থকা বেক্টেরিয়াই জীৰ্ণ করি এছিড উৎপন্ন করে । যার ফলত আমার দাঁত ক্ষয় বা দন্তক্ষয় হয় ।
ইয়ার দুটা প্রতিকার হ’ল-
(ক) আহার খোৱাৰ পিছত মুখখন ভালদরে পরিষ্কার করিব লাগে ।
(খ) দাঁত পরিষ্কার করার বাবে টুথপেষ্ট(ক্ষারকীয়) ব্যৱহার করি এই ক্ষতিকারক এছিড প্রশমিত করি দন্তক্ষয় বা দাঁত ক্ষয় হোৱা রোধ করিব পারি ।

৫১। আমার দাঁত কিয় টুথপেষ্টেরে ঘঁহা হয় ? টুথপেষ্ট কি প্রকৃতির, আম্লিক নে ক্ষারকীয় ?
উত্তরঃ আহার গ্রহণ করার পিছত মুখর ভিতরত লাগি থকা শৰ্কৰা আরু খাদ্য কণিকাবোর মুখ্র ভিতরত থকা বেক্টেরিয়াই জীৰ্ণ করি এছিড উৎপন্ন করে । যার ফলত আমার দাঁত ক্ষয় বা দন্তক্ষয় হয় । সেয়েহ, দাঁত পরিষ্কার করার বাবে টুথপেষ্ট(ক্ষারকীয়) ব্যৱহার করি এই ক্ষতিকারক এছিড আরু বেক্টেরীয়া প্রশমিত করি দন্তক্ষয় বা দাঁত ক্ষয় হোৱা রোধ করিব পরা যায় । টুথপেষ্ট সাধারণতে ক্ষারকীয় ।

৫২। মৌ-মাখিয়ে কামুরিলে বিন্ধিলে কিয় বিষ বা পোরণি সৃষ্টি হয় ? ইয়ার পরা কেনেদরে সকাহ বা আরাম পাব পারি ?
উত্তরঃ মৌ-মাখি কামুরিলে এবিধ ফৰ্মিক এছিড বা মিথানইক এছিড (Formic Acid or Methanoic Acid) এছিড নিঃসরণ হয় । ইয়ার বাবেই বিষ আরু পোরনি সৃষ্টি হয় । বিন্ধা বা কামুরার স্থানত বেকিং চ’ডার দরে মৃদ্যু ক্ষারক ব্যৱহার করিলে সকাহ বা আরাম পাব পারি ।

৫৩। চোরাত পাতে বিন্ধিলে আমার কিয় কষ্টকর বিষ-বেদনা হয়? ইয়ার প্রতিকার কি ?
উত্তরঃ চোরাত পাতত এবিধ শুং থাকে আরু এই শুংবোরর পরা মিথানইক এছিড নিঃসৃত হয় । সেয়েহে এই শুংবোরে বিন্ধিলে আমার কষ্টকর বিষ-বেদনা হয় । ইয়ার প্রতিকার হ’ল- ঠাইদুখরত পাহারী পালেং (Dock Plant) র পাত ঘঁহি দিলে এনে যাতনার পরা পরিত্রাণ বা উপশম পাব পারি ।
৫৪। “প্রকৃতিয়েই প্রশমন বিকল্প যোগান ধরে ।” উদাহরণসহ বুজাই লিখা ।
উত্তরঃ “প্রকৃতিয়েই প্রশমন বিকল্প যোগান ধরে ।” উদাহরণস্বরূপে-চোরাত পাতত এবিধ শুং থাকে আরু এই শুংবোরর পরা মিথানইক এছিড নিঃসৃত হয় । সেয়েহে এই শুংবোরে বিন্ধিলে আমার কষ্টকর বিষ-বেদনা হয় । ইয়ার প্রতিকার হ’ল- ঠাইদুখরত পাহারী পালেং (Dock Plant) র পাত ঘঁহি দিলে এনে যাতনার পরা পরিত্রাণ বা উপশম পাব পারি । এই গছজোপা চোরাত গছর আশে-পাশেই গজে ।

৫৫। প্রাকৃতিকভাৱে পোৱা কেইবিধমান এছিডর নাম লিখা ।
উত্তরঃ
ক্রমিক নং
প্রাকৃতিক উৎস
এছিড
1
ভিনেগাৰ
এছেটিক এছিড
2
কমলা টেঙা
চাইট্রিক এছিড
3
তেতেলি
টাৰটাৰিক এছিড
4
বিলাহী
অকজেলিক এছিড
5
টেঙা গাখীৰ বা দৈত
লেকটিক এছিড
6
নেমু টেঙা
চাইট্রিক এছিড
7
পরুৱাৰ/মৌ মাখিৰ শুং
মিথানইক এছিড
8
চোৰাতৰ শুং
মিথানইক এছিড


৫৬। ছ’ডিয়াম লৱণ শ্রেণীর অন্তৰ্গত দুবিধ লৱণৰ নাম লিখা ।
উত্তরঃ ছ’ডিয়াম লৱণ শ্রেণীর অন্তৰ্গত দুবিধ লৱণৰ নাম হ’ল- NaCl অৰ্থাৎ ছ’ডিয়াম ক্লরাইড (Sodium Chloride) অৰ্থাৎ নিমখ আরু Na2SO4  অৰ্থাৎ  ছ’ডিয়াম ছালফেট (Sodium Sulfate)

৫৭। ক্ল’রাইড শ্রেণীর অন্তৰ্গত দুবিধ লৱণর নাম লিখা ।
উত্তরঃ ক্ল’রাইড শ্রেণীর অন্তৰ্গত দুবিধ লৱণর নাম- NaCl অৰ্থাৎ ছ’ডিয়াম ক্লরাইড (Sodium Chloride) অৰ্থাৎ নিমখ আরু KCL অৰ্থাৎ পটেছিয়াম ক্ল’রাইড(Potassium Chloride)        

৫৮। লৱণৰ pH সম্পৰ্কে লিখা ।
উত্তরঃ তীব্র এছিড আরু তীব্র ক্ষারকর বিক্রিয়াজাত লৱণবোর প্রশম আরু এইবিলাক লৱণর বা জলীয় দ্রৱ্যৰ pH র মান 7 । আনহাতে, তীব্র এছিড আরু মৃদ্যু ক্ষারকর বিক্রিয়াজাত লৱণবোর আম্লিক, এইবোর লৱণর জলীয় দ্রৱৰ মান 7 তকৈ কম । লগতে, তীব্র ক্ষারক আরু মৃদ্যু এছিডর বিক্রিয়াজাত লৱণবোর ক্ষারকীয়, এইবোরর জলীয় দ্রৱৰ pH র মান 7 তকৈ বেছি ।

৫৯। আমি খোৱা লৱণবিধর নাম আরু সাংকেতিক চিহ্ন কি? কি কি পদাৰ্থ লগ লাগি এই লৱণবিধর উৎপন্ন হয় ?
উত্তরঃ আমি খোৱা লৱণবিধর নাম ছ’ডিয়াম ক্লরাইড আরু ইয়ার সাংকেতিক চিহ্ন হ’ল- NACL । হাইড্র’ক্ল’রিক এছিড আরু ছ’ডিয়াম হাইড্র’ক্সাইড লগ লাগি এই লৱণবিধর (ছ’ডিয়াম ক্লরাইড) উৎপন্ন হয় ।
Hcl + NaoH = Nacl

৬০। খনিজ লৱণ বুলিলে কি বুজা ? খনিজ লৱণবোর ক’ত পোৱা যায় ?ইয়াক কেনেদরে আহরণ করা হয় ? ইয়ার পরা কি পোৱা যায় বা আমি খোৱা লৱণবিধর ক’র পরা তৈয়ার করা হয়?
উত্তরঃ পৃথিৱীৰ অনেক প্রান্তত আরু গোটা লৱণর ভাণ্ডার পোৱা যায় । অশুদ্ধির বাবে এই বৃহৎ স্ফটিকবোর সচরাচর মুগা বরণর হয় । ইয়াক খনিজ লৱণ (Rock Salt) বোলা হয় । খনিজ লৱণ কয়লার দরে খান্দি আহরণ করা হয় । এই গোটা লৱণবোরর পরা আরু সাগর পানীত দ্রৱীভূত হৈ থকা লৱণবোরর পরা ছ’ডিয়াম ক্ল’রাইড পৃথক করি আমি খোৱা লৱণবিধর তৈয়ার করা হয় ।  

৬১। খোৱা লৱনটো কি কি সামগ্রী উৎপাদনর কেচা সামগ্রী হিচাপে ব্যৱহার করা হয় ?
উত্তরঃ খোৱা লৱনটো ছ’ডিয়াম হাইড্র’ক্সাইড, বেকিং ছ’ডা, কাপোর ধোৱা ছ’ডা, ব্লিচিং পাউডার আরু বহু নিত্য ব্যৱহৃত সামগ্রী উৎপাদনর বাবে কেচা সামগ্রী হিচাপে ব্যৱহার করা হয় । 
   
৬২। ছ’ডিয়াম হাইড্র’ক্সাইডৰ গঠন আরু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে লিখা ।
অথবাঃ ছ’ডিয়াম হাইড’ক্সাইড উৎপন্ন হোৱা পদ্ধতিটোৰ নাম কি?
অথবাঃ ক্ল’ৰ-এলকালি পদ্ধতি কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ এক জলীয় দ্রৱ (ব্রাইন) ৰ মাজেদি বিদ্যুত প্রবাহ কৰাৰ ফলত ছ’ডিয়াম ক্ল’ৰাইড বিয়োজিত হয় । ইয়াৰ ফলত ছ’ডিয়াম হাইড্র’ক্সাইডৰ সৃষ্টি হয় । এই পদ্ধতিটোক ক্ল’ৰ-এলকালি পদ্ধতি বোলে । এই পদ্ধতিৰ নামটো, ক্ল’ৰিনৰ বাবে ক্ল’ৰ আরু ছ’ডিয়াম হাইড্র’ক্সাইডৰ বাবে এলকালি হৈছে ।

2Nacl(aq) + 2H2O(1)  2NaOH(aq) + Cl2(g) + H2(g)

ক্ল’ৰিন গেছবিধ এন’ডত আরু হাইড্র’জেন গেছ সাধাৰণতে কেথ’ডত মুক্ত হোৱা দেখা যায় । লগতে এই পদ্ধতিত ছ’ডিয়াম হাইড্র’ক্সাইড দ্রৱটো কেথ’ডৰ সমীপতেই উৎপন্ন হয় ।

৬৪। ব্লিচিং পাউদাৰ কিহেৰে/কেনেদৰে প্রস্তুত কৰা হয় ? ব্লিচিং পাউদাৰৰ সংকেত কি? ইয়াৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ এক জলীয় দ্রৱ (ব্রাইন) ৰ মাজেদি বিদ্যুত বিশ্লেষণ কৰাৰ ফলত ক্লৰিনৰ সৃষ্টি হয় । শুকান শিথিলিত চূণ [Ca (OH)2 ] ৰ সৈতে ক্ল’ৰিনৰ ক্রিয়াৰ জৰিয়তে ব্লিচিং পাউদাৰ উৎপন্ন কৰা হয় ।

Ca(OH)2 + Cl2   CaOCl2 + H2O

ব্লিচিং পাউদাৰৰ সংকেত হ’ল- CaOCl2

ব্লিচিং পাউদাৰৰ তিনিটা ব্যৱহাৰ হ’ল-
(ক) খোৱা পানী বীজাণুমুক্ত কৰাৰ বাবে ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয় ।
(খ) ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয় ।
(গ) বস্ত্র উদ্যোগসমূহত কপাহী কাপোৰ আরু লিনেন কাপোৰবোৰ বিৰঞ্জিত কৰাৰ বাবে ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয় ।

৬৫। বেকিং ছ’ডা প্রস্তুত কৰা প্রক্রিয়াটো লিখা । বেকিং ছ’ডাৰ ৰাসায়নিক নাম আরু সংকেতটো কি? বেকিং ছ’ডাৰ দুটা ব্যৱহাৰ লিখা ।
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডক কেঁচা সামগ্রী হিচাপে ব্যৱহাৰ কৰি বেকিং ছ’ডা প্রস্তুত কৰা হয় ।
NaCl + H2O + CO2 + NH3  NH4Cl (এ’মনিয়াম ক্ল’ৰাইড) + NaHCO3 (ছ’ডিয়াম হাইড্র’-কাৰ্বনেট)

বেকিং ছ’ডাৰ ৰাসায়নিক নাম হ’ল- ছ’ডিয়াম হাইড্র’জেন কাৰ্বনেট আরু সংকেতটো হ’ল- NaHCO3

বেকিং ছ’ডাৰ দুটা ব্যৱহাৰ হ’ল-
(ক) পকৰি দৰে মুৰমুৰিয়া খাদ্যসামগ্রী বনাবলৈ বেকিং ছ’ডা ব্যৱহাৰ কৰা হয় ।
(খ) খোৱা বস্তু অতি সোনকালে সিজিবৰ বাবে বেকিং ছ’ডা যোগ কৰা হয় ।

৬৬। ছ’ডিয়াম কাৰ্বনেট কেনেদৰে সৃষ্টি হয় ? ছ’ডিয়াম হাইড্র’জেনকাৰ্বনেট তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ ছ’ডিয়াম হাইড্র’জেনকাৰ্বনেটক তাপ দিলে ছ’ডিয়াম কাৰ্বনেটৰ সৃষ্টি হয় ।
ছ’ডিয়াম হাইড্র’জেনকাৰ্বনেটৰ তিনিটা ব্যৱহাৰ হ’ল-
(ক)বেকিং পাউদাৰ প্রস্তুত কৰিবলৈ ছ’ডিয়াম হাইড্র’জেনকাৰ্বনেট ব্যৱহাৰ কৰা হয় ।
(খ) এবিধ অম্লনাশক হিচাপে পেটৰ অতিৰিক্ত এছিড প্রশমিত কৰাৰ বাবে ছ’ডিয়াম হাইড্র’জেনকাৰ্বনেট ব্যৱহাৰ কৰা হয় ।
(গ) ছ’ডা এছিডক অগ্নি নিৰ্বাপন যন্ত্রত প্রয়োগ কৰা হয় ।

৬৭। কাপোৰ ধোৱা চ’ডা (Washing Soda) কেনেদৰে প্রস্তুত কৰা হয়? কাপোৰ ধোৱা চ’ডাৰ ৰাসায়নিক নাম কি? ইয়াৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ বেকিং ছ’ডা উত্তপ্ত কৰিলে ছ’ডিয়াম কাৰ্বনেট পোৱা যায় । এই ছ’ডিয়াম কাৰ্বনেটৰ পুনঃৰ্স্ফটিকী্কৰণ (Recrystallisation) ঘটায় কাপোৰ ধোৱা চ’ডা (Washing Soda) প্রস্তুত কৰা হয় ।

কাপোৰ ধোৱা চ’ডাৰ ৰাসায়নিক নাম হ’ল- Na2CO3.10H2

ইয়াৰ তিনিটা ব্যৱহাৰ হ’ল-
(ক)কাপোৰ ধোৱা চ’ডাক পানীৰ স্থায়ী কঠিনতা দূৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ।
(খ) ইয়াক ঘরুৱা চাফাই কৰা কাৰ্যত ব্যৱহাৰ কৰা হয় ।
(গ) ব’ৰাক্সৰৰ নিচিনা ছ’ডিয়াম যৌগৰ পণ্য উৎপাদন কামত ব্যৱহৃত হয় ।
(ঘ) কাঁচ, কাগজ আরু চাবোন উদ্যোগসমূহত বারুকৈয়ে ইয়াক ব্যৱহাৰ কৰে ।

৬৭। লৱণৰ স্ফটিকবোৰ প্রকৃততে শুকাননে ?
উত্তৰঃ লৱণ বিশেষকৈ কপাৰ ছালফেটৰ আদিৰ দৰে লৱণবোৰৰ স্ফটিকবোৰ শুকান যেন দেখাত লাগে যদিও স্ফটিকাবদ্ধ জল থকা পৰিলক্ষিত হয়এই লৱণবোৰক তাপ প্রয়োগ কৰিলে পানী আঁতৰি যায় । লগতে, লৱণটো বৰণহীন হৈ পৰা দেখা যায় ।

৬৮। স্ফটিকাবদ্ধ জল (Water of Crystallisation) কি? এবিধ স্ফটিকাবদ্ধ জল থকা লৱণৰ নাম লিখা ।
উত্তৰঃ স্ফটিকাবদ্ধ জল (Water of Crystallisation) হ’ল- লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু । এবিধ স্ফটিকাবদ্ধ জল থকা লৱণৰ নাম হ’ল- জিপছাম ।

৬৯। কপাৰ ছালফেটৰ এটা সংকেত এককত কেইটা পানীৰ অণু থাকে ? জলযুক্ত কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত কি?
উত্তৰঃ কপাৰ ছালফেটৰ এটা সংকেত এককত পাঁচটা পানীৰ অণু থাকে । জলযুক্ত কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত হ’ল- CuSO4.5H2O

৭০। জিপছাম কি? জিপছামত স্ফটিকাবদ্ধ জল হিচাপে কেইটা পানীৰ অণু থাকে ? জিপছামৰ সংকেত কি?
উত্তৰঃ জিপছাম হ’ল- স্ফটিকাবদ্ধ জল থকা এবিধ লৱণ । জিপছামত স্ফটিকাবদ্ধ জল হিচাপে দুটা পানীৰ অণু থাকে । জিপছামৰ সংকেত হ’ল- CaSO4.2H2O

৭১। প্লাষ্টাৰ অব পেৰিছ কি বা বুলিলে কি বুজা ? ইয়াৰ ৰাসায়নিক সমীকৰণটো লিখা । প্লাষ্টাৰ অব পেৰিছৰ ৰাসায়নিক সংকেত কি?
উত্তৰঃ জিপছামক 373k উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেরুৱাই কেলছিয়াম ছালফেট হেমিহাইড্রেট (CaSO4.  H2O) ত পৰিণত হয় । ইয়াকে প্লাষ্টাৰ অব পেৰিছ বোলা হয় । প্লাষ্টাৰ অব পেৰিছ এবিধ বগা পাউদাৰপানী মিহলালে এই প্লাষ্টাৰ অব পেৰিছ পুনৰ জিমছামলৈ পৰিৱৰ্তিত হয় আরু টান গোটা পদাৰ্থলৈ সলনি হয় ।

CaSO4. H2O (প্লাষ্টাৰ অব পেৰিছ) + 1 H2   CaSO4. 2H2O (জিপছাম)

প্লাষ্টাৰ অব পেৰিছৰ ৰাসায়নিক সংকেত হ’ল- CaSO4. H2O

৭২। প্লাষ্টাৰ অব পেৰিছৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ প্লাষ্টাৰ অব পেৰিছৰ তিনিটা ব্যৱহাৰ হ’ল-
(ক) ডাক্তৰ সকলে ভগা হাঁড় জোৰা দিবলৈ আরু হাড় সঠিক স্থানত ধৰি ৰাখিবৰ নিমিত্তে প্লাষ্টাৰ অব পেৰিছ ব্যৱহাৰ কৰে ।
(খ)প্লাষ্টাৰ অব পেৰিছক পুতলা সজা কামত ব্যৱহাৰ কৰা হয়
(গ) ঘৰ সজোৱাৰ বিভিন্ন সামগ্রি আরু মসৃন তল সাজিবৰ নিমিত্তে প্লাষ্টাৰ অব পেৰিছ ব্যৱহৃত হয় ।


   



 আমাৰ সম্পাদন চলি আছে.................................কিবা ভূল পালে জনাব...