পঢ়া (অ-আ)
পৰম্পৰাগত ও
Some
Extended by Podmeswar
অঞ্জলীয়ে পাৰে অমিতা,
আইজনীয়ে পাৰে আম,
সকলো মিলি-জুলি
আজি অমিতা-আম খাম ।
ইমৰানেও ইটা টুকুৰাৰে
আম এটা পাৰিলে,
ঈগল এটা ওপৰত দেখি
উর্মিলাই ওপৰলৈ চালে ।
ঊষাই ঊণ সূতা গুঠি গুঠি
বসন্ত ঋতুৰ কথা ভাবে,
এনিশাই ঐনিতম অভ্যাস কৰে
বিহু মঞ্চৰ বাবে ।
সীমান্তই ওলকবি
বৰ ভাল পায়,
ঔটেঙা হ’লেহে পিছে
শেৱালীয়ে ভাত খায় ।