2023 General Science Class 10 / HSLC , SEBA Board, Solution or Solved , Assamese Medium, by Podmeswar

 

2023

GENERAL SCIENCE

Full Marks: 90

Pass Marks: 27

Time: 3 Hours

Assamese Medium


 Answer’s References:

1.       Headmasters’ Suggestion

2.       Main Book

3.       দাপোন

y   YOUTUBE


The figures in the margin indicate full marks for the questions.

SECTION –A

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা -  1x10=10

(i) তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ নহয়?

(a) Si      (b) Ge

(c) B       (d) Al

উত্তৰঃ (d) Al

 

(ii) তলৰ কোনতো যৌগক ছ’ডা এছিড অগ্নি নির্বাপন যন্ত্রত ব্যৱহাৰ কৰা হয় –

(a) NaCl                               (b) Na2CO3

(c) NaHCO3         (d) NH4Cl

উত্তৰঃ (c) NaHCO3

 

(iii) বনস্পতিজাত দ্রৱ্যৰ পচন সাৰলৈ পৰিবৰ্তন হোৱাটো তলৰ কোনটো শ্রেণীৰ বিক্রিয়াৰ উদাহৰণ?

(a) তাপগ্রাহী বিক্রিয়া    (b) তাপবৰ্জী বিক্রিয়া

(c) দুয়োটা            (d) ওপৰ এটাও নহয়

উত্তৰঃ (b) তাপবৰ্জী বিক্রিয়া

 

(iv) চ’লেনইডৰ কুণ্ডলীত বৈদ্যুতিক প্রবাহ প্রবাহীত হ’লে, চৌম্বক ক্ষেত্র - 

(a) প্রবাহীত প্রবাহৰ দিশত বাঢ়িব

(b) প্রবাহীত প্রবাহৰ দিশত কমিব

(c) সকলো সময়ত একেই থাকিব

(d) শূন্য হব

উত্তৰঃ  (c) সকলো সময়ত একেই থাকিব

 

 

(v) তলৰ কোনটোয়ে বৰ্তনীৰ বিভৱ ভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয় –

(a) এমিটাৰ (b) ভল্টমিটাৰ

(c) গেলভেন’মিটাৰ (d) মাল্টিমিটাৰ

উত্তৰঃ  (b) ভল্টমিটাৰ

 

(vi) তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস?

(a) বায়ু শক্তি     (b) নিউক্লীয় শক্তি

(c) ভূ-তাপীয় শক্তি (d) তরংগ শক্তি

উত্তৰঃ  (a) বায়ু শক্তি

 

(vii) তলত উল্লেখিত কোনে অজ’ন স্তৰ অবক্ষয় কৰিব পাৰে –

(a) ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন     (b) নাইট্র’জেন

(c) হাইড্র’জেন         (d) অক্সিজেন

উত্তৰঃ (a) ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন

 

(viii) তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?

(a) ঘাঁহ, ঘেহুঁ আরু আম

(b) ঘাঁহ, ছাগলী আরু মানুহ

(c) ছাগলী, গরু আরু হাতী

(d) ঘাঁহ, মাছ আরু ছাগলী

উত্তৰঃ  (b) ঘাঁহ, ছাগলী আরু মানুহ

 

(ix) তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্‌ছৰ বক্রতা পৰিবৰ্তন হয় ?

(a) অক্ষিপট (Retina) (b) চকুৰ পতা (Iris)

(c) চিলিয়াৰী পেশী (Ciliary muscles)                                (d) নেত্র স্নায়ু (Optic nerve)

উত্তৰঃ  (c) চিলিয়াৰী পেশী (Ciliary muscles)               

 

(x) লেন্‌ছ এখনৰ ফ’কাছ দৈৰ্ঘ 1 মিটাৰ, ক্ষমতা হব - 

(a) 0.5 D               (b) 1 D

(c) 1.5 D                (d) 2 D

উত্তৰঃ (b) 1 D

 

2. তলত দিয়া শুদ্ধ-উত্তৰটো বাছি উলিওৱাঃ 1x10=10

(i) অৱতল দাপোনে গঠিত প্রতিবিম্ব

(a) সৎ আরু সংকুচিত (real and diminished)

(b) সৎ আরু বিবর্ধিত (real and enlarged)

(c) অসৎ আরু বিবর্ধিত (virtual and enlarged)

(d) অসৎ আরু সংকুচিত (virtual and diminished)

উত্তৰঃ (c) অসৎ আরু বিবর্ধিত (virtual and enlarged)

 

(ii) কাঁচৰ প্রতিসৰণাংক 1.5 হ’লে কাঁচত পোহৰৰ দ্রুতি হ’ব –

(a) 2 x 108 m/s   (b) 2 x 105 m/s

(c) 2.25 x 108 m/s              (d) 3 x 108 m/s

উত্তৰঃ (a) 2 x 108 m/s

 

(iii) গ্লুকজৰ ভংগন ঘটি পাইরুভেটলৈ পৰিবৰ্তিত হয় –

(a) কোষৰ কোষপ্রৰসত (Cell cytoplasm)      (b) মাইট্রকন্ড্রিয়াত (Mitochondria)

(c) কোষাৱৰণত (Cell membrane)       (d) গল্‌গি বডিত (Golgi body)

উত্তৰঃ (a) কোষৰ কোষপ্রৰসত (Cell cytoplasm)

 

(iv) বেছিভাগ কোষীয় প্রক্রিয়াৰ কোষীয় মুদ্রা হৈছে

(a) ADP                                 (b) AMP

(c) ATP                  (d) CO2

উত্তৰঃ (c) ATP

 

(v) দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনিক বোলা হয় –

(a) ডেনড্রাইট (dendrite)   (b) ছাইনেপ্‌ছ (synapse)

(c) এক্সন (axon)                             (d) স্নায়ুপ্রান্ত (nerve ending)

উত্তৰঃ  (b) ছাইনেপ্‌ছ (synapse)

 

(vi) তলৰ কোনটো এবিধ উদ্ভিদ হৰম’ন ?

(a) ইনচুলিন (Insulin)                 (b) থাইৰক্সিন (Thyroxin)

(c) ইষ্ট্র’জেন (Oestrogen)          (d) চাইট’কাইনিন (Cytokinin)

উত্তৰঃ (d) চাইট’কাইনিন (Cytokinin)

 

(vii) ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্রজন্মৰ জীৱ উৎপত্তি কৰি ল’ব পৰা প্রক্রিয়াটোক বোলা হয় –

(a) পুনৰ জীৱন (Regeneration)          (b) মুকুলোদ্‌গম (Budding)

(c) বিভংগন (Fragmentation)                 (d) দ্বিখণ্ডন বা বিভাজন (Fission)

উত্তৰঃ  (a) পুনৰ জীৱন (Regeneration)

 

(viii) দ্বি-বিভাজন প্রক্রিয়া সংঘটিত হয় –

(a) এমিবাত (Amoeba)              (b) পেৰামেচিয়ামত (Paramoecium)

(c) প্লেনেৰিয়া (Planaria)            (d) এই আটাইবোৰ (All of these)

উত্তৰঃ (a) এমিবাত (Amoeba)

 

(ix) সমসংস্থ অংগৰ এটা উদাহৰণ হৈছে –

(a) চৰাইৰ ডেউকা আরু বাদুলিৰ ডেউকা  (wings of a bird and a bat)

(b) পখিলাৰ পাখি আরু বাদুলিৰ ডেউকা (wings of a butterfly and a bat)

(c) পাৰৰ পাখি আরু মানুহৰ হাত (wings of a pigeon and hands of man)

(d) ভাটো চৰাইৰ পাখি আরু মৌমাখিৰ পাখি (wings of a parrot and a honey bee)

উত্তৰঃ  (c) পাৰৰ পাখি আরু মানুহৰ হাত (wings of a pigeon and hands of man)

 

(x) তলৰ কোনযোৰ ক্রম’জ’মে মানুহৰ সন্তানৰ ক্ষেত্রত পুরুষ লিংগ নিৰ্দ্ধাৰণ কৰিব?

(a) XX    (b) XY

(c) XO    (d) YO

উত্তৰঃ (b) XY

 

3. খালী ঠাই পূৰণ করাঃ 1x10=10

(i) চাপ সংকুচিত প্রাকৃতিক গেছৰ প্রধান উপাদান হাইড্র’কাৰ্বন বিধ হ’ল _______ ।

উত্তৰঃ (i) চাপ সংকুচিত প্রাকৃতিক গেছৰ প্রধান উপাদান হাইড্র’কাৰ্বন বিধ হ’ল মিথেন

 

(ii) তলৰ বিক্রিয়াটোৰ বিক্রিয়াজাত পদার্থ ‘X’ হ’ল –

3Fe(s) + 4H2O(g) X + 4H2(g)

উত্তৰঃ 3Fe(s) + 4H2O(g) Fe3O4 + 4H2(g)

 

(iii) লোৰ লগত নিকেল আরু ক্রমিয়াম মিহলালে আমি এটা সংকৰ ধাতু পাওঁ, যাৰ নাম ______ ।

উত্তৰঃ লোৰ লগত নিকেল আরু ক্রমিয়াম মিহলালে আমি এটা সংকৰ ধাতু পাওঁ, যাৰ নাম ষ্টেইনলচ ষ্টিল (Stainless Steel)

 

 

 (iv) ____ হৈছে এটা প্রক্রিয়া যাৰ দ্বাৰা কিছুমান জীৱই সিহঁতৰ কার্বন আরু শক্তিৰ চাহিদা পূৰণ কৰে আরু সিহঁতৰ সঞ্চিত রূপত থকা শক্তি উৎপাদন কৰে ।

উত্তৰঃ সালোক সংশ্লেষণ হৈছে এটা প্রক্রিয়া যাৰ দ্বাৰা কিছুমান জীৱই সিহঁতৰ কার্বন আরু শক্তিৰ চাহিদা পূৰণ কৰে আরু সিহঁতৰ সঞ্চিত রূপত থকা শক্তি উৎপাদন কৰে ।

 

(v) ______ আরু ______ হ’ল এপাহ ফুলৰ প্রজনন অংগ য’ত জনন কোষ বিলাক থাকে ।

উত্তৰঃ পুংকেশৰ আরু স্ত্রীকেশৰেই হ’ল এপাহ ফুলৰ প্রজনন অংগ য’ত জনন কোষ বিলাক থাকে ।

 

(vi) ফিড্‌বেক পদ্ধতিৰ দ্বাৰা _______ৰ ক্রিয়া নিয়ন্ত্রণ হয় ।

উত্তৰঃ ফিড্‌বেক পদ্ধতিৰ দ্বাৰা হৰমনৰ ক্রিয়া নিয়ন্ত্রণ হয় ।

 

(vii) গাড়ীৰ পিছলৈ চোৱাত ______ দাপোন ব্যৱহৃত হয় ।

উত্তৰঃ গাড়ীৰ পিছলৈ চোৱাত  উত্তল দাপোন ব্যৱহৃত হয় ।

 

 

(viii) বৈদ্যুতিক জেনেৰেটত ______ শক্তিৰ পৰা ______ শক্তিলৈ রূপান্তৰ হয় ।

উত্তৰঃ বৈদ্যুতিক জেনেৰেটত যান্ত্রিক শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ রূপান্তৰ হয় ।

 

(ix) খাদ্য শৃংখলৰ তৃতীয় স্তৰটো হ’ল _______

উত্তৰঃ খাদ্য শৃংখলৰ তৃতীয় স্তৰটো হ’ল দ্বিতীয়ক উপভোক্তা ।

 

(x) কম অক্সিজেনৰ উপস্থিতিত পদার্থ দহন কৰিলে ______ গেছৰ উৎপন্ন হয় ।

উত্তৰঃ কম অক্সিজেনৰ উপস্থিতিত পদার্থ দহন কৰিলে কার্বন মন’ক্সাইড (Carbon Monoxide/CO) গেছৰ উৎপন্ন হয় ।

 

4. অতি চমুকৈ উত্তৰ দিয়াঃ 1x10=10

(i) K, Na, Ca আরু Mg ৰ ভিতৰত কোনটোৰ সক্রিয়তা আটাইতকৈ কম?

উত্তৰঃ Mg

 

(ii) জিপছামক 373 K উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেরুওই এবিধ বগা পাউদাৰৰ উৎপন্ন হয় । বগা পাউদাৰ বিধৰ ৰাসায়নিক সংকেত লিখা ।

উত্তৰঃ বগা পাউদাৰ বিধৰ ৰাসায়নিক সংকেত- CaSO4 . ½ H2O (প্লাষ্টাৰ অব পেৰিছ) ।

 

(iii) থাৰ্মিট বিক্রিয়াটো লিখা ।

উত্তৰঃ থাৰ্মিট বিক্রিয়াটো-

Fe2O3(s) + 2Al(s) 2Fe(l) + Al2O3(s) + Heat

 

(iv) ছ’ডিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্রবল বেগে বিক্রিয়া কৰাৰ ফলত এক বিশেষ ধৰনৰ গেছৰ উৎপন্ন হয় যাৰ ফল স্বরূপে নিমিষতে জুই জ্বলি উঠে । সেই বিশেষ ধৰনৰ গেছৰ উৎপন্ন হয় যাৰ ফলস্বরূপে নিমিষতে জুই জ্বলি উঠে । সেই বিশেষ গেছ বিধ চিনাক্ত কৰা ।

উত্তৰঃ সেই বিশেষ গেছ বিধ হৈছে- হাইড্র’জেন ।

 

(v) মানুহৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নূন্যতম দূৰত্ব কিমান?

উত্তৰঃ 25 চেন্টিমিটাৰ (25 cm)

 

(vi) বৈদ্যুতিক আধানৰ S.I.  একক লিখা ।

উত্তৰঃ বৈদ্যুতিক আধানৰ S.I. একক- কুলম্ব (C)

 

(vii) চলমান চুম্বকৰ দ্বাৰা বর্তনীত বৈদ্যুতিক প্রবাহ সৃষ্টি হোৱাটো কোনে প্রথমে আৱিষ্কাৰ কৰিছিল ? (Who first discovered that moving magnet can generate electric current in a coil?)

উত্তৰঃ মাইকেল ফেৰাডে ( Michael Faraday)

 

(viii) জীৱ ভৰত মিথেনৰ আণুমানিক শতাংশ কিমান ?

উত্তৰঃ জীৱ ভৰত মিথেনৰ আণুমানিক শতাংশ- ৭৫ শতাংশ ।

 

(ix) কোনো এজন ব্যক্তিয়ে যদি আয়ডিনৰ অভাৱগ্রস্ত খাদ্য গ্রহণ কৰে তেতিয়া কি হ’ব পাৰে?

উত্তৰঃ কোনো এজন ব্যক্তিয়ে যদি আয়ডিনৰ অভাৱগ্রস্ত খাদ্য গ্রহণ কৰে তেতিয়া গৰল ৰোগ (Goitre) হ’ব পাৰে ।

 

(x) ‘জিন’ এটাৰ সংজ্ঞা তুমি কেনেদৰে দিবা?

উত্তৰঃ ‘জিন’ মানে হৈছে মানুহৰ চাৰিত্রিক বাহক ।

অথবাঃ  যি পদার্থৰ দ্বাৰা এটা প্রজন্মৰ পৰা আন এটা প্রজন্মলৈ চাৰিত্রিক বৈশিষ্ট্যৰ সঞ্চাৰন হয়, তাকে জিন বোলে ।

 

5. সত্য বা অসত্য নির্ণয় কৰাঃ 1x5=5

(i) আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰক 18টা থিয় স্তম্ভত আরু 7টা অনুভূমিক শাৰীত সজোৱা হৈছে ।

উত্তৰঃ সত্য ।

 

(ii) অধঃক্ষেপন বিক্রিয়াত অদ্রাৱ্য লৱণ উৎপন্ন হয় ।

উত্তৰঃ সত্য ।

 

(iii) লঘূ এছিডৰ পৰা অধাতুৱে হাইড্র’জেন প্রতিস্থাপিত কৰিব পাৰে ।

উত্তৰঃ অসত্য ।

 

(iv) কলিফৰ্ম নামৰ বেক্টেৰিয়াৰ সমষ্টি বিধ মানুহৰ মগজুত পোৱা যায় ।

উত্তৰঃ অসত্য ।

 

(v) কিছুমান উদ্ভিদৰ শিপা, কাণ্ড আরু পাতৰ পৰা আংগিক বিস্তাৰণৰ যোগেদি নতুন উদ্ভিদৰ সৃষ্টি হয়

উত্তৰঃ সত্য ।

 

 

SECTION – B

6. ব্লিচিং পাউদাৰ প্রস্তুতকৰণৰ এটা পদ্ধতি লিখা । ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা । 1+1=2

উত্তৰঃ ব্লিচিং পাউদাৰ প্রস্তুতকৰণৰ এটা পদ্ধতি হৈছে- ক্ল’ৰ এলকালি পদ্ধতি । শুকান শিথিলিত চূণ {Ca(OH)2} ৰ লগত ক্ল’ৰিনৰ ক্রিয়াৰ দ্বাৰা ব্লিচিং পাউদাৰ প্রস্তুত কৰা হয় । সমীকৰণঃ

Ca(OH)2 + Cl2 CaOCl2 + H2O

ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ হৈছে-

(ক) ৰাসায়নিক উদ্যোগত জাৰক পদার্থ হিচাপে ব্লিচিং পাউদাৰৰ ব্যৱহাৰ কৰা হয় ।

(খ) খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা হয় ।

 

7. তলৰ ৰাসায়নিক বিক্রিয়াটোৰ উৎপাদিত দ্রৱ্য লিখা ।

(a) CaCO3(s) + H2O(l) + CO2(g)

উত্তৰঃ CaCO3(s) + H2O(l) + CO2(g) Ca (HCO­3)2 (aq)

 

(b) Na2CO3 + 10H2O

উত্তৰঃ Na2CO3 + 10H2O → Na2CO3 .10H2O

 

8. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় আরু বর্গবোৰত ধাতৱীয় ধর্ম কেনেদৰে পৰিবর্তন হয় ব্যাখ্যা কৰা2

উত্তৰঃ পৰ্যাবৃত্ত তালিকাৰ ধাতৱীয় ধর্ম এইয়ে যে ইয়াত পৰ্যায়বোৰত ওপৰৰ পৰা তললৈ বাঢ়ে । লগতে, পৰ্যাবৃত্ত তালিকাৰ বর্গবোৰত বাওঁফালৰ পৰা সোঁ-ফাললৈ ধাতুবীয় ধর্ম ক্রমে কমি যায় ।

 

9. (a) ইথানয়িক এচিড আরু ছ’ডিয়াম কার্বনেটৰ বিক্রিয়াৰ ফলত এটি লৱণ, CO2 আরু পানীৰ সৃষ্টি হয় । লৱণ বিধৰ নাম কি?  1

উত্তৰঃ লৱণ বিধৰ নাম- ছ’ডিয়াম এছিটেট (Sodium Acetate)

 

(b) ‘X’ কি হয় ?



 

 






10. উত্তল লেন্‌ছ এখনৰ ভাঁজ ব্যাসার্ধত লক্ষ্যবস্তু ৰাখি ইয়াৰ প্রতিবিম্ব গঠনৰ ৰশ্মিচিত্র অংকন কৰা2

উত্তৰঃ উত্তল লেন্‌ছ এখনৰ ভাঁজ ব্যাসার্ধত লক্ষ্যবস্তু ৰাখি ইয়াৰ প্রতিবিম্ব গঠনৰ ৰশ্মিচিত্রঃ



 

 





11. তাপ দিলে 2g ফেৰাছ ছালফেট স্ফটিকৰ বিযোজন ঘটি 1g গোটা অক্সাইড আরু দুই ধৰণৰ গেছৰ উৎপন্ন হয় । প্রয়োজনীয় ৰাসায়নিক বিক্রিয়া লিখি গোটা অক্সাইড বিধক আরু দুই ধৰণৰ গেছক চিনাক্ত কৰা ।  2

উত্তৰঃ

সমীকৰণঃ



 

গোটা অক্সাইড বিধ হৈছে- ফেৰিক অক্সাইড (Fe2O3) আরু দুই ধৰণৰ গেছ হৈছে- ছালফাৰ ডাই অক্সাইড (SO2) আরু ছালফাৰ ট্রাইঅক্সাইড (SO3)

 

12. ক্ষয়ীভৱন আরু ৰেনচিডিটি বুলিলে কি বুজা? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা1+1=2

উত্তৰঃ

ক্ষয়ীভৱনঃ যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদার্থবোৰ বিশেষকৈ- জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্রান্ত হয় বা সেমেকা বায়ুৰ পৰিৱেশত দীর্ঘসময় ধৰি ৰাখি থোৱা হয়, তেতিয়া ইয়াৰ ক্ষয় হয় । ইয়াকে ক্ষয়ীভৱন (Corrosion) বোলা হয় ।

উদাহৰণ- ছিলভাৰৰ ওপৰত পৰা ক’লা চামনি ।

 

দুৰ্গন্ধিতা বা ৰেনচিডিটি (Rancidity): যেতিয়া তেল বা চর্বি যুক্ত পুৰণি খাদ্যবস্তুবোৰৰ চর্বি আরু তেল জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধী হয় লগতে এইবোৰৰ গোন্ধ আরু স্বাদ সলনি হয়, ইয়াকে দুৰ্গন্ধিতা বা ৰেনচিডিটি (Rancidity) বোলা হয় ।

উদাহৰণ- পুৰণি তেলজাতীয় বস্তুবোৰৰ গোন্ধ ।

 

13. চৌম্বক বলৰেখাৰ চাৰিটা ধর্ম লিখা । 2

উত্তৰঃ চৌম্বক বলৰেখাৰ চাৰিটা ধর্ম হৈছে-

(ক) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে ।

(খ) চুম্বকৰ অন্তৰ্ভাগত চুম্বক বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেরুৰ পৰা উত্তৰ মেরুলৈ হয় ।

(গ) চৌম্বক বলৰেখাবোৰ চুম্বকৰ অন্তৰ্ভাগত বন্ধ বক্রৰ দৰে হয় ।

(ঘ) প্রচলিত পৰম্পৰাগত চৌম্বক বলৰেখাবিলাক উত্তৰ মেরুৰ পৰা ওলায় আরু দক্ষিণ মেরুত সোমায় বুলি ধৰি লোৱা হয় ।

 

14. জীৱাশ্মজাত ইন্ধনৰ দুটা অসুবিধা লিখা । 2

উত্তৰঃ জীৱাশ্মজাত ইন্ধনৰ দুটা অসুবিধা হৈছে-

(ক)জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য (Non-Renewable) শক্তিৰ উৎস ।

(খ)জীৱাশ্মজাত ইন্ধনৰ ফলত বায়ু প্রদূষণ হয় ।

 

15. পেলনীয়া আবৰ্জনাৰ সমস্যা দুৰিকৰণৰ দুটা পদ্ধতি উল্লেখ কৰা2

উত্তৰঃ পেলনীয়া আবৰ্জনাৰ সমস্যা দুৰিকৰণৰ দুটা পদ্ধতি হৈছে-

(ক) আৱৰ্জনাৰ নিৰ্মূলকৰণ পদ্ধতিঃ এই পদ্ধতিৰ জৰিয়তে আৱৰ্জনাবোৰ জীৱ নিম্নিকৰণ পদার্থ (Biodegradable Substances) আরু জীৱ অনিম্নিকৰণ পদার্থ (Non Biodegradable Substances) হিচাপে ভাগ কৰি পৃথক পৃথকভাৱে প্রয়োগ কৰা হয় ।  

(খ) পচন সাৰৰ সৃষ্টিঃ পচন হ’ব পৰা পেলনীয়া আবৰ্জনাবোৰ গাঁত খান্দি পুতি থৈ পচন সাৰ উৎপাদন কৰা হয় ।

 

16. বণ আরু বন্য প্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? 2

উত্তৰঃ বণ বা বনাঞ্চলসমূহ হৈছে জৈৱ বৈচিত্রৰ অঞ্চল । এই অঞ্চলসমূহত বিভিন্ন প্রজাতিৰ জীৱসমষ্টিয়ে বাস কৰে । বণ আরু বন্য প্রাণীসমূহৰ লগতে জৈৱবৈচিত্রসমূহ সংৰক্ষণৰ মুখ্য লক্ষ্য হৈছে ইহঁতবোৰক বিলুপ্ত বা বিনাশ নোহোৱাকৈ ৰক্ষা কৰা । কাৰণ, জৈৱবৈচিত্র বিনাশৰ ফলত প্রাকৃতিক ভাৰসাম্য বিনষ্ট হয় ।

 

17. চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা? 2

উত্তৰঃ চকুৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি দূৰত অথবা ওচৰত থকা বস্তু ফ’কাছ কৰিব পৰা সামর্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে । অর্থাৎ চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামর্থ্যক উপযোজন ক্ষমতা (Accommodation) বোলা হয় ।

 

18. পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা দুটা কাৰক লিখা । 2

উত্তৰঃ পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা দুটা কাৰক হৈছে-

(ক) পৰিবাহীৰ দৈর্ঘ্য ।

(খ)পৰিবাহীৰ প্রস্থচ্ছেদৰ কালি । 

 

 19. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5A প্রবাহ লয় । মটৰটোৰ ক্ষমতা আরু 2 ঘন্টাত ই ব্যয় কৰা শক্তি উলিওৱা । 2

উত্তৰঃ

প্রশ্ন অনুসৰি,

প্রবাহ (Current) / I = 5 A

ভল্টেজ (Voltage) / V = 220 V

সময় (Time) / t = 2 ঘণ্টা = 2x60x60 = 7200 ছেকেণ্ড (Second)

এতেকে, মটৰটোৰ ক্ষমতা (Power) = VI = 220 x 5 = 1100 W (Watt)

লগতে, মটৰটোৰ 2 ঘন্টাত ই ব্যয় কৰা শক্তি, E = P x t = 1100 x 7200 জুল = 7920000 জুল = 7.92 x 106 জুল

 

20. ৰক্তচাপ কি? চিষ্ট’লিক আরু ডায়েষ্ট’লিক চাপ কি? এজন মানুহৰ সাধাৰণ চিষ্ট’লিক চাপ আরু ভায়েষ্ট’লিক চাপৰ মাত্রা কিমান হোৱা উচিত? ½ + 1 + ½ = 2

উত্তৰঃ

ৰক্তচাপ হৈছে- তেজে ৰক্ত নলীকাৰ বেৰৰ বিপৰীত দিশত প্রয়োগ কৰা শক্তি ।

চিষ্ট’লিক চাপ হৈছে- নিলয় সংকুচনৰ সময়ত ধমনীৰ ভিতৰত প্রয়োগ হোৱা চাপ আরু ডায়েষ্ট’লিক চাপ হৈছে- নিলয়ৰ শিথিল অৱস্থাত ধমনীত প্রয়োগ হোৱা চাপ ।

এজন মানুহৰ সাধাৰণ চিষ্ট’লিক চাপ 120mm আরু ভায়েষ্ট’লিক চাপৰ মাত্রা 80mm হোৱা উচিত

OR/নাইবা/অথবা

লসিকা কি? প্লাজমাত কৈ ই কেনেদৰে পৃথক ? এইবোৰৰ কাৰ্য্যসমূহ কি কি? ½ + 1 + ½ = 2

উত্তৰঃ লসিকা হৈছে ৰক্তকেশিকাৰ পৰা ওলাই আহা তেজত থকা প্লাজমাৰ অংশবিশেষ অর্থাৎ তেজৰ দৰে অন্য এবিধ তৰল পদার্থ হৈছে লসিকা (Lymph)

অথবাঃ ৰক্ত কেশিকাৰ বেৰত থকা ছিদ্রৰ মাজেদি কিছুমান প্লাজমা প্র’টিন আরু ৰক্তকোষ ওলাই আহি কলাৰ আন্তঃকোষীয় স্থানত তৰল পদার্থ গঠন কৰে । এই তৰল পদার্থবোৰক লসিকা বোলে ।

    প্লাজমাত কৈ ই কিছু দিশত পৃথক, কিয়নো লসিকাবোৰ তেজৰ প্লাজমাৰ দৰে প্রায় একে যদিও ই বৰণহীন আরু ইয়াত প্র’টিনৰ পৰিমাণ কম থাকে ।

এইবোৰৰ কাৰ্য্যসমূহ হৈছে-

(ক) লসিকা কেশিকাবোৰৰ পৰা লসিকা নলীকা গঠন হয় আরু ইয়াৰ পৰা ডাঙৰ ডাঙৰ সিৰা গঠিত হয় ।

(খ) লসিকাবোৰ অন্ত্রৰ পৰা পাচিত আরু শোষণ হোৱা চৰ্বী কঢ়িয়াই নিয়ে ।

(গ) লসিকাবোৰে অতিৰিক্ত তৰল পদার্থভাগ অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে । 

 

 21. স্নায়ুপেশীৰ সংযোজন কি? শৰীৰৰ এটা অংশৰ পৰা আন অংশলৈ স্নায়ুপ্রেৰণা কেনেদৰে প্রবাহিত হয় ? ½ +1½ = 2

উত্তৰঃ  স্নায়ুকোষবোৰ কোষদেহ আরু স্নায়ু প্রবৰ্ধ(এক্সন আরু ডেনড্রাইট)ৰে গঠিত । ইয়াৰ মাধ্যমেৰে পেশীসমূহৰ মাজত সাধন কৰা সংযোগেই হৈছে- স্নায়ুপেশীৰ সংযোজন ।

শৰীৰৰ এটা অংশৰ পৰা আন অংশলৈ স্নায়ুপ্রেৰণা এক্সন, ডেনড্রাইট আরু কিছুমান ৰাসায়নিক পদার্থৰ জৰিয়তে প্রবাহিত হয় । প্রথমে, ডেনড্রাইটবোৰে নিকটবৰ্তী কোষৰ পৰা স্নায়ু বার্তা বা উদ্দীপনা সংগ্রহ কৰে আরু স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাঁকেৰে এক ৰাসায়নিক পদার্থৰ মাধ্যমেৰে বৈদ্যুতিক প্রেৰণাৰ সৃষ্টি কৰে । এই বৈদ্যুতিক প্রেৰণা ডেনড্রাইটৰ পৰা দেহকোষলৈ আরু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত আন এটা স্নায়ু কোষলৈ প্রেৰণ কৰে । এক্সনৰ প্রান্তীয় শাখাত বৈদ্যুতিক প্রেৰণাৰ মুক্ত হোৱা কিছুমান ৰাসায়নিক পদার্থই এটা স্নায়ুকোষৰ এক্সন আরু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্রাইটৰ মাজৰ সংযোগী পথ ছাইনেপছৰ মাজেৰে পাৰ হৈ আনটো স্নায়ু কোষলৈ প্রেৰিত হয় । এনেকৈয়ে আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয় ।

 

OR/নাইবা/অথবা

স্নায়ুকোষৰ এটাৰ এখন পৰিষ্কাৰ চিহ্নিত চিত্র আঁকা আরু তাৰ কাৰ্য ব্যক্ত কৰা1½ + ½ = 2

উত্তৰঃ



 

 








স্নায়ুকোষবোৰ কোষদেহ আরু স্নায়ু প্রবৰ্ধ(এক্সন আরু ডেনড্রাইট)ৰে গঠিত । ইয়াৰ কাৰ্য হ’ল শৰীৰৰ এটা অংশৰ পৰা আন অংশলৈ স্নায়ুপ্রেৰণা প্রবাহিত কৰা ।

 

22. দ্বি-বিভাজন আরু বহুবিভাজনৰ মাজৰ পাৰ্থক্য দৰ্শোৱা । 2

উত্তৰঃ

দ্বি-বিভাজন আরু বহুবিভাজনৰ মাজৰ মূল উল্লেখনীয় পাৰ্থক্যসমূহ হৈছে-

(ক)দ্বি-বিভাজনত মাতৃদেহটো বিভাজিত হৈ একে আকৃতিৰ দুটা অপত্য জীৱৰ সৃষ্টি হয়, আনহাতে বহুবিভাজনত মাতৃ দেহটো বিভাজিত হৈ সরু সরু অনেক আকৃতিৰ অপত্য জীৱৰ সৃষ্টি হওঁ ।

(খ)দ্বি-বিভাজনত সাধাৰণতে অনুকূল পাৰিপাৰ্শ্বিক পৰিস্থিতিত সাধন হয়, আনহাতে বহুবিভাজনত প্রতিকূল পাৰি পাৰ্শ্বিক অৱস্থাত সম্ভৱ হয় ।

 

OR/নাইবা/অথবা

আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা উৎপাদন কৰা উদ্ভিদ সমূহৰ ক্ষেত্রত কি কি সুবিধা পোৱা যায় ব্যক্ত কৰা2

উত্তৰঃ আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা উৎপাদন কৰা উদ্ভিদ সমূহৰ ক্ষেত্রত পোৱা বিশেষ/উল্লেখযোগ্য সুবিধাসমূহ হৈছে-

(ক) বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদবোৰতকৈ আংগিক বিস্তাৰণৰ জৰিয়তে উৎপন্ন হোৱা উদ্ভিদবোৰৰ আগতীয়াকৈ ফুল-ফল ধৰে ।

(খ)আন এক সুবিধা হৈছে- আংগিক বিস্তাৰণ পদ্ধতিৰে উৎপত্তি হোৱা উদ্ভিদসমূহ আনুবংশিকভাৱে একে হয় আরু লগতে চৰিত্রগত বৈশিষ্ট্যবোৰ পৈতৃক পুরুষৰ লগত একে হোৱা দেখা যায় ।

 

23. এটা নতুন প্রজাতিৰ উৎপত্তিৰ বাবে কি কি কাৰকে অৰিহণা যোগায় ? 2

উত্তৰঃ এটা নতুন প্রজাতিৰ উৎপত্তিৰ বাবে অৰিহণা যোগোৱা কাৰকসমূহ হৈছে- জিনীয় পথচ্যুত, প্রাকৃতিক নির্বাচন, দুটা বেলেগ জাক বা দলৰ মাজত জিনৰ প্রবাহ, ডি.এন.এৰ যথেষ্ট পৰিমাণে সাল-সলনি হোৱা, এটা প্রজাতিৰ ক্র’ম’জ’মৰ সংখ্যাৰ পৰিৱৰ্তন, দুটা বেলেগ দলৰ পৰা অহা দুটা জনন কোষৰ মিলন ঘটা আদি ।  

 

OR/নাইবা/অথবা

যদি পিতৃ-মাতৃ দুয়োজনকে লৈ তেওঁলোকৰ সন্তান সকলেওঁ চকুৰ পাতল বৰণ বহন কৰে তেনেহ’লে চকুৰ পাতল বৰণৰ চাৰিত্রিক বৈশিষ্ট্যটো তোমাৰ মতে প্রভাৱী নে অ-প্রভাৱী স্বভাৱৰ হ’ব ? কিয় হয় বা নহয় ব্যাখ্যা কৰা

উত্তৰঃ যিহেতু সন্তানৰ চকুৰ বৰণ পাতল বৰণৰ সেয়েহে পিতৃ-মাতৃ পাতল বৰণৰ চকুৰ হমজাইগাছ অর্থাৎ সমযুগ্মজাত । সমযুগ্মজাত জীৱৰ বংশানুক্রমিক একে চৰিত্রবিশিষ্ট অপত্য জীৱৰ সৃষ্টি হয় । সেয়েহে, চকুৰ পাতল বৰণ চাৰিত্রিক বৈশিষ্ট্যটো  প্রভাৱী নে অপ্রভাৱী স্বভাৱৰ লক্ষণ এই ক্ষেত্রত কোনো সিদ্ধান্ত ল’ব পৰা নাযায় ।

 

24. (a) আয়নীয় যৌগৰ কঠিন অৱস্থা আরু বিগলিত অৱস্থাত বিদ্যুত পৰিবাহিতাৰ বিষয়ত আলোচনা কৰা1+1=2

উত্তৰঃ আয়নীয় যৌগই কঠিন অৱস্থাত (Solid State) বিদ্যুত পৰিবহন নকৰে কাৰণ ইহঁতৰ দৃঢ় গঠনৰ বাবে আয়নৰ লৰচৰ সম্ভৱ নহয় ।

আনহাতে, বিগলিত অৱস্থাত (Molten State) আয়নীয় যৌগৰ মাজেদি বিদ্যুত পৰিবহন সম্ভৱ, কিয়নো বিগলিত অৱস্থাত বিপৰীত ধৰ্মী আয়নবোৰৰ মাজৰ আকর্ষণী শক্তিৰ তুলনাত প্রয়োগ হোৱা তাপশক্তিৰ মান অধিক হয় । ইয়াৰ ফলত, আয়নবোৰ চলাচল কৰাৰ বাবে মুক্ত হয় আরু এই আয়নবোৰেই বিদ্যুত পৰিবহন কৰে ।

 

(b) ধাতু নিষ্কাশনত কেনেকৈ বিদ্যুৎ বিজাৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় ? 1

উত্তৰঃ  ধাতু নিষ্কাশনত কেথ’ডত ধাতুটো জমা হয় আরু এন’ডত ক্লৰিন গেছ মুক্ত কৰি বিদ্যুৎ বিজাৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় । ছ’ডিয়াম, মেগনেছিয়াম, কেলছিয়াম আদি অক্সিজেনৰ প্রতি কার্বনতকৈ অধিক আসক্তি থকা ধাতুবোৰ বিগলতি ক্ল’ৰাইডৰ (Molten Chloride)ৰ বিদ্যুত বিশ্লেষণৰ দ্বাৰা পোৱা যায় ।

কেথ’ডতঃ Na+ + e- Na

এন’ডতঃ 2Cl- Cl2 + 2e-

 

25. 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে । দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্রতিবিম্ব এটা পোৱা যাব । প্রতিবিম্বৰ আকাৰ আরু প্রকৃতি নিৰ্ণয় কৰা3

উত্তৰঃ

প্রশ্ন অনুসৰি,

u = - 27 cm

f = - 18 cm

h  = 7 cm

v=?

h/ = ?














∴ প্রতিবিম্বৰ আকাৰ 14 cm আরু ইয়াৰ প্রকৃতি সৎ ।

 


OR/নাইবা/অথবা

2 cm উচ্চতাৰ বস্তু এটা 10 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ’ল ।  লেন্‌ছৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 cm প্রতিবিম্বৰ প্রকৃতি, অৱস্থান আরু আকাৰ নিৰ্ণয় কৰা3

উত্তৰঃ                        



 

















26. ‘ATP’ ৰ সম্পূৰ্ণরূপটো কি? বেছিভাগ কোষীয় প্রক্রিয়াৰ ক্ষেত্রত ইয়াক কোষীয় বা শক্তি মুদ্রা বুলি কোৱা হয় কিয়? ‘ATP’ – ৰ অনুবোৰ কেনেদৰে উৎপাদিত হয় ? তাপগ্রাহী প্রক্রিয়া কি? ‘ATP’ অনুবোৰক এনেবোৰ প্রক্রিয়া অগ্রসৰ কৰাৰ ক্ষেত্রত কেনেদৰে ব্যৱহাৰ কৰা হয় ? ½ + ½ + 1 + ½ + ½ = 3

উত্তৰঃ ‘ATP’ ৰ সম্পূৰ্ণরূপটো হৈছে- Adenosine Triphosphate.

বেছিভাগ কোষীয় প্রক্রিয়াৰ ক্ষেত্রত ইয়াক কোষীয় বা শক্তি মুদ্রা বুলি কোৱা হয়, কাৰণ, কোষীয় শ্বসনত মুকলি হোৱা এ.টি.পি. (ATP) অণুৰ সংশ্লেষণত প্রয়োগ হয় । এই ATP কোষৰ বিভিন্ন কাৰ্যত প্রয়োগ হয় । এ.টি.পি.ৰ অণু ভাঙি উৎপন্ন হোৱা শক্তি কোষত সংঘটিত বিভিন্ন কাৰ্যত ব্যৱহৃত হয় । বিশেষকৈ, এ.টি.পি.ৰ পৰা উৎপন্ন হোৱা শক্তি কোষৰ এণ্ড’থাৰ্মিক (Endothermic) বিক্রিয়া ঘটাবৰ বাবেও ব্যৱহাৰ কৰা হয় । সেয়েহে, ই কোষীয় বা শক্তি মুদ্রা ।

 

শ্বসন প্রক্রিয়াত মুক্ত হোৱা শক্তিক ADP আরু অজৈৱিক ফছ্‌ফেট্‌ৰ পৰা ATP উৎপন্ন কৰা হয় ।





যিবোৰ বিক্রিয়াত শক্তি শোষিত হয়, তেনেবোৰ বিক্রিয়াই হৈছে তাপগ্রাহী (Endothermic) প্রক্রিয়া ।

কোষৰ এণ্ড’থাৰ্মিক বিক্রিয়া সংঘটিত কৰাৰ বাবে এ.টি.পি. অণুৰ প্রয়োগ হয় । পানীৰ সহায়ত এ.টি.পি. অণুত থকা ফছ্‌ফেট অণু ওলাই গলে যি পৰিমাণৰ শক্তি উৎপন্ন হয়, তাৰ পৰিমাণ হৈছে 30.5 K. J/Mol । বেটাৰীয়ে শক্তি যোগান ধৰাৰ একেধৰণে কোষে পেশীসংকোচন, প্র’টিন সংশ্লেষণ, স্নায়ু প্রেৰনা পৰিবহন আদি বিভিন্ন কাৰ্যৰ বাবে ATP ব্যৱহাৰ কৰে ।

 

 

OR/নাইবা/অথবা

উপজাত পদাৰ্থবোৰৰ পৰা ৰক্ষা পাবলৈ উদ্ভিকে কি কি নিষ্কাশন প্রক্রিয়াৰ উপয়োগ কৰে? এই প্রক্রিয়াত প্রয়োগ কৰা কৌশল সমূহ প্রাণীয়ে প্রয়োগ কৰা কৌশলতকৈ কেনেদৰে বেলেগ? 2+1=3

উত্তৰঃ

উপজাত পদাৰ্থবোৰৰ পৰা ৰক্ষা পাবলৈ উদ্ভিকে বা উদ্ভিদে বৰ্জিত পদার্থ নিষ্কাশন কৰিবৰ বাবে বিভিন্ন নিষ্কাশন প্রক্রিয়াৰ উপয়োগ কৰে, ইয়াৰ ভিতৰত বিশেষকৈ বৰ্জিত পদার্থ কোষৰ ৰসধানীত সঞ্চয়, আঠা, বা ৰেজিন হিচাপে সঞ্চয়, সৰি পৰা পাতৰ সহায়েৰে বৰ্জন, চাৰিওপাশৰ মাটিত ৰেচন ইত্যাদি ।

    এই প্রক্রিয়াত প্রয়োগ কৰা কৌশল সমূহ প্রাণীয়ে প্রয়োগ কৰা কৌশলতকৈ বেলেগ কাৰণ মানুহকে ধৰি আন প্রাণীবোৰে বৃক্ক, ছাল, হাওঁফাওঁ, যকৃত, অন্ত্র আদিৰ সহায়ত উপজাত দ্রৱীভূত নাইট্র’জেন জাতীয় ৰেচন পদার্থ আরু অলাগতিয়াল বৰ্জ্যদ্রৱ্যসমূহৰ নিষ্কাশন কৰে ।

 

 

 

 

 

Thank You All, & God Blessing you entire.