2021 GENERAL SCIENCE , SPECIAL EXAMINATION , PREVIOUS YEAR, CLASS 10, SEBA BOARD, PREPARED BY PODMESWAR

2021

GENERAL SCIENCE

[SPECIAL EXAMINATION]

Previous Year, Exam Date was: 06-10-2021, Wednesday

for the students who had applied to appear special examination after cancellation of the regular examination.

FULL MARKS: 90

PASS MARKS: 27

TIME: 3 HOURS




SECTION-A / ক-ভাগ

1.তলৰ প্রতিটো প্রশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছেচাৰিটাৰ ভিতৰত মাত্র এটাহে শুদ্ধ উত্তশুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(a) এটা দ্রৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰেগেছটোৱে চূণপানী ঘোলা কৰেদ্রৱটোত থাকে-

(i)Nacl    (ii)HCl

(iii) LiCl    (iv) KCl

উত্তৰঃ  (ii) HCl

 

(b) খাদ্যবস্তু ভৰাই ৰখা পাত্রবোৰত টিনৰ প্রলেপ দিয়া হয়, যিংকৰ নহয় । কিয়নো-

(i) টিনতকৈ যিংক দামী

(ii) যিংকৰ গলনাংক টিনতকৈ বেছি

(iii) যিংক টিনতকৈ অধিক সক্রিয়

(iv) যিংক টিনতকৈ কম সক্রিয়

উত্তৰঃ (iii) যিংক টিনতকৈ অধিক সক্রিয়

 

(c) মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘Al’ মৌলৰ অক্সাইডটোৰ সংকেত হ’ল

(i) Al2O3

(ii) Al2O2

(iii) AlO2

(iv) Al3O2

উত্তৰঃ (i) Al2O3

 

(d) পাকস্থলীৰ বেৰত থকা পাকগ্রন্থিয়ে ক্ষৰণ কৰা হাইড্র’ক্লৰিক এচিডে

(i) পেপ্‌চিন নামৰ উৎসেচকৰ ক্রিয়া তীব্রতৰ কৰাত সহায় কৰে

(ii) ট্রিপ্‌চিন নামৰ উৎসেচকৰ ক্রিয়া তীব্রতৰ কৰাত সহায় কৰে

(iii) এমাইলেজ নামৰ উৎসেচকৰ ক্রিয়া তীব্রতৰ কৰাত সহায় কৰে

(iv) লাইপেজ নামৰ উৎসেচকৰ ক্রিয়া তীব্রতৰ কৰাত সহায় কৰে

উত্তৰঃ

(i) পেপ্‌চিন নামৰ উৎসেচকৰ ক্রিয়া তীব্রতৰ কৰাত সহায় কৰে

 

(e) তলৰ কোনটো হৰম’নক থাইৰয়ড গ্রন্থিৰ দ্বাৰা প্রস্তুত কৰিবৰ বাবে আয়’ডিনৰ প্রয়োজন হয়?

(i) ইনচুলিন

(ii) এড্রিনেলিন

(iii) থাইৰ’ক্সিন

(iii) ইষ্ট’জেন

উত্তৰঃ

(iii) থাইৰ’ক্সিন

 

(f) প্রাকৃতিক নিৰ্বাচনৰ দ্বাৰা প্রজাতিৰ উৎপত্তিৰ ধাৰণা দাঙি ধৰিছিল

(i) চাৰ্লচ্‌ ৰবাৰ্ট ডাৰউইন

(ii) গ্রেগৰ জোহান মেণ্ডেলে

(iii) জে. বি. এচ্‌. হেলডানে

(iv) ষ্টেন্‌লি এল্‌. মিলাৰ আরু হেৰল্ড চি. ইউৰিয়ে

উত্তৰঃ

(i) চাৰ্লচ্‌ ৰবাৰ্ট ডাৰউইন

 

(g) অৱতল দাপোণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ, থিয় আরু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল । লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব ?

(i) মুখ্য ফ’কাছ আরু ভাঁজকেন্দ্রৰ মাজত

(ii) দাপোণৰ মুখ্য ফ’কাছ আরু মেরুৰ মাজত

(iii) ভাঁজকেন্দ্রত

(iv) ভাঁজকেন্দ্রৰ বাহিৰত

উত্তৰঃ

(ii) দাপোণৰ মুখ্য ফ’কাছ আরু মেরুৰ মাজত

 

(h) মানুহৰ চকুৱে লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰেইয়াৰ কাৰণ হ’ল

(i) প্রেছবায়’পিয়া

(ii) উপযোজন ক্ষমতা

(iii) নিকট-দৃষ্টিগ্রস্ততা

(iv) দূৰ-দৃষ্টিগ্রস্ততা

উত্তৰঃ

(ii) উপযোজন ক্ষমতা

 

(i) বিভৱ ভেদৰ এছ. আই. একক হ’ল

(i) জুল

(ii) কুলম্ব

(iii) ৱাট

(iv)ভল্ট

উত্তৰঃ

(iv)ভল্ট

 

(j) তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উদাহৰণ নহয়?

(i) খৰি

(ii) বায়ুশক্তি

(iii) গোবৰ গেছ

(iv) কয়লা

উত্তৰঃ

(ii) বায়ুশক্তি

 

 

SECTION – B / খ- ভাগ

 

2. তলৰ বিক্রিয়াটোৰ বাবে অৱস্থা চিহ্ন (State Symbols) – সহ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখাঃ

বেৰিয়াম ক্ল’ৰাইড আরু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাৱ্য বেৰিয়াম ছালফেট আরু ছডিয়াম ক্ল’ৰাইডৰ দ্রৱ প্রস্তুত হয় ।

উত্তৰঃ

BaCl2(aq) (বেৰিয়াম ক্ল’ৰাইড) + Na2SO4(aq) (ছ’ডিয়াম ছালফেট)

  BaSO4(s) (বেৰিয়াম ছালফেট) + 2NaCl(aq) (ছ’ডিয়াম ক্ল’ৰাইড)

 

3. ধাতু এটাৰ উদাহৰণ দিয়া যিটো সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া ।

উত্তৰঃ পাৰা (mercury)

 

4. ইথানয়িক এছিডৰ গঠন আঁকা ।

উত্তৰঃ ইথানয়িক এছিডৰ (CH3COOH) গঠন চিত্রঃ


ইথানয়িক এছিড




 



 


5. প্রজাতি কি?

উত্তৰঃ প্রজাতি হৈছে দীৰ্ঘ সময় ধৰি প্রকাৰণৰ সঞ্চয়ৰ ফলত কোনো এক জীৱ প্রজাতিৰ পৰা আন এক নতুন প্রজাতিৰ সৃষ্টি হোৱা প্রক্রিয়া ।

 

নাইবাঃ

বিৱৰ্তন কি?

উত্তৰঃ

বিৱৰ্তন হৈছে ধীৰগতিত আরু নিৰৱচ্ছিন্ন পৰিৱৰ্তনৰ ফলস্বরূপে পৃথিৱীত এক নতুন জীৱৰ বিকাশ আরু উৎপত্তি হোৱা প্রক্রিয়া ।

 

6. চকুৰ উপযোজন ক্ষমতা মানে কি?

উত্তৰঃ

দূৰৰ বস্তু এটা লক্ষ্য কৰিলে চকুৰ লেন্সখনৰ ফ’কাছ দৈৰ্ঘ্য বৃদ্ধি হয় আরু আমি দুৰৰ বস্তু এটা দেখা পাও । সেইদৰে ওচৰৰ বস্তু এটালৈ লক্ষ্য কৰিলে চকুৰ লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য কমে আরু ওচৰত থকা বস্তুটো দেখা পাওঁ । এইদৰে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যই হৈছে চকুৰ উপযোজন ক্ষমতা (Accommodation) । 

 

7. কি ঘটে যেতিয়া লঘু হাইড্র’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা ।

উত্তৰঃ

যেতিয়া লঘু হাইড্র’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়, তেতিয়া ফেৰিক বা আইৰণ ক্ল’ৰাইড আরু হাইড্র’জেন গেছৰ উৎপন্ন হয় ।

 

সন্তুলিত ৰাসায়নিক সমীকৰণটোঃ

2Fe(s) + 6HCl (aq)  →  2Fe.Cl3 (aq) + 3H2 (g)

 

 

8. pH-ৰ সংজ্ঞা লিখা । দ্রৱ এটাৰ প্রকৃতিৰ ওপৰত H+ (aq) আয়নৰ গাঢ়তাৰ কি প্রভাৱ থাকে?

উত্তৰঃ

কোনো এক দ্রৱত হাইড্র’জেন আয়নৰ গাঢ়তা বা ঘনত্ব আরু এচিডিটি বা ক্ষাৰকীয়তাৰ পৰিমাপনৰ বাবে যি জোখ ব্যৱহাৰ কৰা হয়, তাকে pH বোলে ।

অর্থাৎ pH হৈছে কোনো এক দ্রৱত হাইড্র’জেন আয়নৰ ঘনত্ব বা গাঢ়তা আরু আম্লিক বা ক্ষাৰকীয় পৰিমাপণৰ এক জোখ ।

 

দ্ৰৱ এটাৰ প্ৰকৃতি হাইড্ৰজেন আয়ন বা H+ (aq) ৰ গাঢ়তা বা ঘনত্বৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় । যদি দ্ৰৱণ এটাত হাইড্ৰজেন আয়ন বা H+ (aq) ৰ গাঢ়তা বা ঘনত্ব বৃদ্ধি হয়, দ্ৰৱণটো এচিডিক হৈ পৰে; ইয়াৰ বিপৰীতে, যদি দ্ৰৱণ এটাত হাইড্ৰজেন আয়ন বা H+ (aq) ৰ গাঢ়তা বা ঘনত্ব হ্ৰাস হয়, দ্ৰৱণটো ক্ষাৰকীয় হৈ পৰে ।

 

 

9. যি অংগৰ দ্বাৰা উদ্ভিদে শ্বাস-প্রশ্বাস গেচৰ সলনা-সলনি কৰে তাৰ নাম লিখা । উদ্ভিদৰ ক্ষেত্রত CO2 আরু O2 গেচৰ সলনা-সলনি ঘটাত প্রয়োগ হোৱা প্রক্রিয়াটোৰ নাম লিখা ।

উত্তৰঃ

যি অংগৰ দ্বাৰা উদ্ভিদে শ্বাস-প্রশ্বাস গেচৰ সলনা-সলনি কৰে তাৰ নাম হৈছে- পত্রৰন্ধ্র ।

উদ্ভিদৰ ক্ষেত্রত CO2 আরু O2 গেচৰ সলনা-সলনি ঘটাত প্রয়োগ হোৱা প্রক্রিয়াটোৰ নাম হৈছে- সালোক সংশ্লেষণ (Photosynthesis)  ।

 

10. এক্সন আরু ডেন্‌ড্রাইটৰ মাজৰ পার্থক্যসমূহ দৰ্শোৱা ।

উত্তৰঃ

এক্সন আরু ডেন্‌ড্রাইটৰ মাজৰ পার্থক্যসমূহ হৈছে-

() কোনো এক স্নায়ুকোষত মাত্র এডালেই এক্সন থাকে, আনহাতে ডেনড্রাইটৰ পৰিমাণ অসংখ্য থকা পৰিলক্ষিত হয়          

() এক্সন স্নায়ুকোষত উপলব্ধ থকা আটাইতকৈ দীৰ্ঘ স্নায়ুপ্রবৰ্ধ, আনহাতে ডেনড্রাইট হৈছে স্নায়ুকোষত উপলব্ধ থকা সরু সরু স্নায়ুপ্রবৰ্ধক

(গ) এক্সন হৈছে নিউৰণৰ দেহকোষৰ পৰা ওলোৱা শাখাবিহীন স্নায়ু প্রৱৰ্ধ,

আনহাতে ডেন্‌ড্রাইট হৈছে নিউৰণৰ দেহকোষৰ পৰা ওলোৱা প্রশাখাযুক্ত স্নায়ু প্রৱৰ্ধ ।

(ঘ) এক্সনৰ চাৰিওকাষে মায়েলিন আৱৰণ থাকে,

আনহাতে ডেন্‌ড্রাইটৰ চাৰিওকাষে মায়েলিন আৱৰণ নাথাকে ।

 

 

11.  অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি?

উত্তৰঃ

অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ হৈছে-

()যৌন প্রজননে জৈৱ বিৱৰ্তনত সহায় কৰে

() যৌন প্রজননত সৃষ্টি হোৱা অপত্য জীৱসমূহ পৰিবৰ্তিত পৰিৱেশত বৰ্তি থাকিব পাৰে

() যৌন প্রজননত ক্রমজমৰ সংমিশ্রণ ঘটি নতুন প্রজন্মত প্রকাৰণৰ সৃষ্টি কৰে

()যৌন প্রজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱসমূহে প্রতিকূল পৰিৱেশতো প্রজাতিটোৰ কিছুমান জীৱ জীয়াই থকাৰ সামৰ্থ থাকে

 

 

12. স্বপোষীয় আরু পৰপোষিত পৰিপুষ্টিৰ মাজৰ পার্থক্যসমূহ লিখা ।

উত্তৰঃ

স্বপোষীয় আরু পৰপোষিত পৰিপুষ্টিৰ মাজৰ পার্থক্যসমূহ হৈছে-

 

(ক)স্বপোষীয় পৰিপুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্রস্তুত কৰি লয় ।

আনহাতে, স্বপোষীয় পৰিপুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্রস্তুত কৰিব নোৱাৰে

 

(খ)স্বপোষীয় পৰিপুষ্টিৰ এটাই মাত্র প্রকাৰ আছে ।

আনহাতে, পৰপোষিত পৰিপুষ্টিত খাদ্যৰ প্রকাৰ আরু আহৰণৰ প্রক্রিয়া জীৱভেদে বেলেগ বেলেগ হয় ।

 

(গ)স্বপোষীয় পৰিপুষ্টিত জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে

আনহাতে, পৰপোষিত পৰিপুষ্টিত জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে

 

(ঘ)স্বপোষীয় পৰিপুষ্টিত বহিঃ পৰিৱেশৰ পৰা অজৈৱ পদাৰ্থ গ্রহণ কৰি সূৰ্যৰ শক্তি ব্যৱহাৰ কৰি জটিল জৈৱ পদাৰ্থৰ উৎপাদন হয় ।

আনহাতে, পৰপোষিত পৰিপুষ্টিত বেলেগ জীৱৰ দেহত উৎপন্ন জটিল পদাৰ্থবোৰ ভাঙি সৰল কৰি গ্রহণযোগ্য কৰে

 

নাইবাঃ

বায়ুকূপ বা বায়ুকোষ (Alveoli) কি? এইবোৰৰ বৈশিষ্ট্য/গুরুত্ব কি?

উত্তৰঃ

হাওঁফাওঁৰ ভিতৰত বায়ুনলীডাল বহুতো ক্ষুদ্র ক্ষুদ্র নলীকাত বিভক্ত হৈ আছে আরু এইবোৰ কিছুমান বেলুনৰ দৰে গঠনত গৈ অন্ত পৰে, এই বেলুন সদৃশ গঠনবোৰেই হৈছে- বায়ুকূপ বা বায়ুকোষ


এইবোৰৰ বা বায়ুকূপ বা বায়ুকোষবোৰৰ বৈশিষ্ট্য/গুরুত্ব হৈছে এনেধৰণৰ-

নাকেৰে উশাহ গ্রহণ কৰাৰ সময়ত আমাৰ কামি হাড়বোৰ ওপৰলৈ উঠি যায় । তেতিয়া, মধ্যচ্ছদাখন নিম্নগামী হৈ গতি কৰে আরু বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰেসেই মূহূৰ্তত, বায়ুকূপবোৰে হাওঁফাওঁৰ পৰা বায়ু গ্রহণ কৰে আরু পৰিপূৰ্ণ হৈ পৰেএই বায়ুকূপবোৰৰ পৰাই পাছত, তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ু কোষবোৰত এৰি দিয়ে আরু অক্সিজেন ৰক্তজালিকাই শোষণ কৰি দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে । (Long)

 

OR:

বায়ুকূপবোৰে হাওঁফাওঁৰ পৰা বায়ু গ্রহণ কৰে আরু তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ু কোষবোৰত এৰি দিয়ে আরু অক্সিজেন ৰক্তজালিকাই শোষণ কৰি দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে । (Short)  

 

 

13. গোলাকাৰ দাপোণ এখনৰ ফ’কাছ দৈর্ঘ্য 10 cm. ইয়াৰ ভাঁজ ব্যাসার্ধ কিমান?

উত্তৰঃ

গোলাকাৰ দাপোণ খনৰ ফ’কাছ দৈর্ঘ্য, f = 10 cm.

  ∴  ইয়াৰ ভাঁজ ব্যাসার্ধ, R = 2f = 2 x 10 = 20 cm.

 

 

14. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 16 মিনিট সময়ত 0.5 A প্রবাহ লয় । বৰ্তনীটোত চালিত হোৱা বিদ্যুতৰ আধানৰ পৰিমাণ উলিওৱা ।

উত্তৰঃ

প্রশ্ন অনুসৰি,

সময়, t = 16 মিনিট = 16 x 60 = 960 ছেকেণ্ড

প্রবাহ, I = 0.5 A

 

বৰ্তনীটোত চালিত হোৱা বিদ্যুতৰ আধানৰ পৰিমাণ,

Q = I x t = 0.5 A x 960 Sec. = 480 কুলম্ব বা 480 C.

 

 

15. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি?

উত্তৰঃ

 বৈদ্যুতিক মটৰৰ মূল নীতিটো এইয়ে যে সুষম চুম্বক ক্ষেত্রত স্থাপন কৰা বিদ্যুৎ পৰিবাহী এডাল ৰাখিলে ইয়াৰ বিক্ষেপণ ঘটে । অর্থাৎ প্রবাহ চালিত কুণ্ডলী এটা, চৌম্বক ক্ষেত্র এখনত ৰাখিলে কুণ্ডলীটোৰ ওপৰত এক বলে ক্রিয়া কৰে আরু এই বলৰ প্রভাৱত কুণ্ডলীটো ঘূৰিবলৈ ধৰে 

 

 

16. পৰিস্থিতি তন্ত্রত বিয়োজকৰ ভূমিকা কি? চমুকৈ ব্যাখ্যা কৰা ।

উত্তৰঃ

পৰিস্থিতিত তন্ত্রত থকা বিয়োজক বিশেষকৈ কিছুমান অনুজীৱ, বেক্টেৰীয়া, ভেকুঁৰ আদিয়ে জটিল জৈৱ যৌগসমূহ, মৃত জীৱৰ দেহ আরু জীৱৰ মল বা বৰ্জিত পদার্থবোৰক বিয়োজন ঘটাই সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰি মাটিৰ সৈতে মিহলি যোৱাত সহায় কৰে আরু সেইবোৰক উদ্ভিদে পুনৰ খাদ্য হিচাপে গ্রহণ কৰে

 

 

17. কোনো এটা পৌস্তিক স্তৰৰ সকলোবিলাক জীৱক ধ্বংস কৰিলে কি ঘটিব?

উত্তৰঃ

কোনো এটা পৌস্তিক স্তৰৰ সকলোবিলাক জীৱক ধ্বংস কৰিলে, সমগ্র পৰিৱেশতন্ত্রটো প্রায় কুপ্রভাৱ পৰিব । এই দিশত, এই নিৰ্দ্দিষ্ট পৌস্তিক স্তৰৰ জীৱবোৰক যিসমূহ পৰৱৰ্তী পৌস্তিক স্তৰৰ জীৱই ভক্ষণ কৰে, সেইবোৰ জীৱ মৃত্যুমুখত পৰিব । লগতে, এই নিৰ্দ্দিষ্ট পৌস্তিক স্তৰে ভক্ষণ কৰা পূৰ্বৱৰ্তী জীৱসমূহৰ সংখ্যা অস্বাভাৱিকভাৱে বাঢ়ি যাব আরু পৰিৱেশতন্ত্রটোৰ স্বাভাৱিক জীৱন বাধাগ্রস্ত হ’ব ।

 

18. এটা পৰীক্ষানলত 0.5 g মান ছডিয়াম কাৰ্বনেট (Na2CO3) লোৱা । এই পৰীক্ষা নলটোত 2 mL মান লঘু HCl যোগ কৰা আরু তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখাঃ

 

(a) পৰীক্ষানলটোত কি ঘটে?

উত্তৰঃ

পৰীক্ষানলটোত ছডিয়াম কাৰ্বনেটৰ (Na2CO3) লগত লঘু HCL যোগ কৰিলে অনুরূপ লৱণ, পানী আরু কাৰ্বন ডাই অক্সাইড গেছৰ উৎপন্ন হয় ।

সমীকৰণ-

Na2CO3(s) + 2HCL (aq) → 2NaCl(aq) + H2O(l) + CO2(g)

 

(b) (a)ত উৎপন্ন হোৱা গেছটো যদি চূণপানী (কেলছিয়াম হাইড্র’ক্সাইড দ্রৱ)ৰ মাজেৰে পাৰ হ’বলৈ দিয়া, তেন্তে কি পদার্থ উৎপন্ন হ’ব?

উত্তৰঃ

(a)ত উৎপন্ন হোৱা গেছটো বা কাৰ্বন ডাই অক্সাইডক যদি চূণপানী (কেলছিয়াম হাইড্র’ক্সাইড দ্রৱ)ৰ মাজেৰে পাৰ হ’বলৈ দিয়া, তেন্তে বগা অধঃক্ষেপ কেলছিয়াম কাৰ্ব’নেট বা চূণশিল উৎপন্ন হ’ব, লগতে পানী উৎপন্ন হ’ব । 

সমীকৰণ-

Ca(OH)2(aq) (চূণপানী) + CO2(g) → CaCO3(s) (বগা অধঃক্ষেপ কেলছিয়াম কাৰ্ব’নেট বা চূণশিল) + H2O(l)  

 

 

(c) (b)ত উৎপন্ন হোৱা পদার্থবোৰৰ মাজেৰে যদি অতিৰিক্ত কাৰ্বন ডাইঅক্সাইড পঠোৱা হয়, তেন্তে কি ঘটে?

উত্তৰঃ

(b)ত উৎপন্ন হোৱা পদার্থবোৰৰ মাজেৰে যদি অতিৰিক্ত কাৰ্বন ডাইঅক্সাইড পঠোৱা হয়, তেন্তে পানীত দ্রৱণীয় Ca(HCO3)2 (aq) ৰ উৎপন্ন হ’ব ।

সমীকৰণঃ

CaCO3 (s) + H2O (l) → Ca(HCO3)2 (aq) (পানীত দ্রৱণীয়)

 

 

নাইবাঃ

 

তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে । সিহঁতৰ এটাত পাতিত পানী আরু আন দুটাত ক্রমে এটা এছিড দ্রৱ আরু এটা ক্ষাৰকীয় দ্রৱ আছে । যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্রতিটো পৰীক্ষানলত থকা দ্রৱসমূহ কিদৰে চিনাক্ত কৰিবা?

উত্তৰঃ

প্রশ্ন অনুসৰি, তিনিটা পৰীক্ষানলত এটাত পাতিত-পানী আরু আন দুটাত ক্রমে এটা এছিড দ্রৱ আরু এটা ক্ষাৰকীয় দ্রৱ আছে । প্রতিটো পৰীক্ষানলত থকা দ্রৱ্যসমূহ চিনাক্ত কৰিব লাগে ।

প্রথমতে, প্রতিটো পৰীক্ষা নলত ৰঙা লিটমাছ কাগজখন ডুবাই দিয়া হ’ল । তিনিটা নলৰ যিটো নলত ৰঙা লিটমাছ কাগজখন নীলা হ’ব সেইটো হ’ব ক্ষাৰক বা ক্ষাৰকীয় ।

দ্বিতীয়তে, ৰঙাৰ পৰা নীলা হোৱা, নীলা লিটমাছ কাগজখন পৰীক্ষা নলকেইটাত দিয়া হ’ল । এনে কৰাত, নীলা লিটমাছ কাগজখন ৰঙা হ’লে সেই দ্রৱটো আম্লিক হ’ব ।

লগতে, যিটো নলত লিটমাছ কাগজৰ বৰণ কোনো ধৰণৰ সলনি নহ’ব, সেই নলটোত থকা দ্রৱটো পানী হিচাপে বিবেচনা কৰিব লাগিব ।

 

 

19. এটা উতনল নলীত 2g মান লেড নাইট্রেট পাউডাৰ লোৱা আরু ইয়াক শিখাৰ ওপৰত ধৰি গৰম কৰা । তোমাৰ নিৰীক্ষণ সন্তুলিত ৰাসায়নিক সমীকৰণেৰে সৈতে ব্যাখ্যা কৰা । এই বিক্রিয়াটো কি প্রকাৰৰ ৰাসায়নিক বিক্রিয়াৰ অন্তৰ্গত ?

উত্তৰঃ

এটা উতনল নলীত 2g মান লেড নাইট্রেট পাউডাৰ লৈ, ইয়াক শিখাৰ ওপৰত ধৰি গৰম কৰাৰ পিছত, নলীটোৰ পৰা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হ’ব । এই ধোঁৱাবোৰ হৈছে- নাইট্র’জেন ডাই অক্সাইডৰ ।

সংঘটিত বিক্রিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণঃ




 

এই বিক্রিয়াটো ‘তাপীয় বিযোজন বিক্রিয়া’ প্রকাৰৰ ৰাসায়নিক বিক্রিয়াৰ অন্তৰ্গত ।

 

 

নাইবাঃ

 

বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত ৰাখিলে কি ঘটিব? ওপৰৰ পৰিৱৰ্তনটোৰ ৰাসায়নিক সমীকৰণ লিখা । এই ৰাসায়নিক বিক্রিয়াটোৰ প্রকাৰ উল্লেখ কৰা ।

উত্তৰঃ

বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত ৰাখিলে মটীয়া (grey) ৰঙৰ হৈ পৰিব । সূৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আরু ক্ল’ৰিনলৈ বিযোজিত কৰাৰ বাবে এনেদৰে হয় ।

 

ওপৰৰ পৰিৱৰ্তনটোৰ ৰাসায়নিক সমীকৰণ হৈছে-





এই ৰাসায়নিক বিক্রিয়াটোৰ প্রকাৰ হৈছে- বিযোজন বিক্রিয়া ।

 

 

20. (a) মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্রটো কি?

উত্তৰঃ

মেণ্ডলিভৰ পৰ্যাবৃত্ত সূত্রটো হ’ল- “মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্রমে সলনি হয় ।”

 

(b) মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ দুটা সফলতা আরু দুটা সীমাবদ্ধতা উল্লেখ কৰা ।

উত্তৰঃ

মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ দুটা সফলতা হৈছে-

(ক)মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত ঠাইবিশেষে অধিক/বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত স্থান দিছিল । যাৰ বাবে, একে ধৰণৰ ধৰ্ম প্রদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গতে ৰাখিবলৈ সুবিধা হৈছিল । উদাহৰণস্বরূপে- ক’বাল্ট যাৰ পাৰমাণৱিক ভৰ 58.9, এই মৌলটোক নিকেলৰ আগত স্থান দিয়া হৈছিল যাৰ পাৰমাণৱিক ভৰ আছিল- 58.7  

 

(খ) মেণ্ডেলিভে তেখেতৰ পৰ্যাবৃত্ত তালিকাত কিছুমান খালি ঠাই এৰি গৈছিল । এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে তেওঁ ভৱিষ্যতবাণী কৰিছিল । পাছত নতুনকৈ আৱিষ্কৃত হোৱা মৌলবোৰ এই ঘৰ সমূহত সংযোজন কৰিবলৈ সুবিধা হৈছিল ।

 

মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ দুটা সীমাবদ্ধতা হৈছে-

(ক) পৰ্যাবৃত্ত তালিকাত হাইড্র’জেনক নিশ্চিতভাৱে কোনো নিৰ্দ্দিষ্ট স্থান দিব পৰা নাযায় । এইটো মেণ্ডেলিভৰ পৰ্যাবৃ্ত্ত তালিকাৰ মূখ্য সীমাবদ্ধতা আছিল । মেণ্ডেলিভে হাইড্র’জেনৰ বাবে তালিকাখনত এক সঠিক স্থান নিরূপণ কৰিব পৰা নাছিল । 

 

(খ) মেণ্ডেলিভে মৌলৰ পৰ্যাবৃত্ত শ্রেণীবিভাজন কৰাৰ বহু পাছত সমস্থানিক (Isotopes) সমূহ আৱিষ্কাৰ কৰা হৈছিল । মৌল এটাৰ সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্মসমূহ একে হয়, কিন্তু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ আছিল ।

 

নাইবাঃ

 

(a) উদাহৰণেৰে সৈতে ড’বাৰেইনাৰৰ ট্রায়াড ব্যাখ্যা কৰা ।

উত্তৰঃ

১৮১৭ চনত জাৰ্মান ৰসায়নবিদ জ’হান ওলফগেং ড’বাৰেইনাৰে (Johnn Wolfgang Dobereiner) একে ধৰ্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিলতেখেতে তিনিটা তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল । এইসমূহক তেখেতে ট্রায়াড বা ত্রিক বুলিছিল ।

ড’বাৰেইনাৰে প্রমাণ কৰি দেখুৱাইছিল যে ট্রায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্রমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্রায় সমান হয় ।

    উদাহৰণস্বরূপে- লিথিয়াম (Li), ছ’ডিয়াম (Na) আরু পটেছিয়ামেৰে (K) গঠিত ট্রায়াডটোৰ পাৰমাণৱিক ভৰ ক্রমে- ৬.৯, ২৩.০ আরু ৩৯.০ ।

 

(b) নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিল নে?

উত্তৰঃ

হয়, নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিল ।

উদাহৰণ স্বরূপে-  Li (লিথিয়াম), Na (ছডিয়াম), K (পটেছিয়াম)

যদি আমি লিথিয়াম (Li)ক প্ৰথম উপাদান হিচাপে বিবেচনা কৰোঁ, তেন্তে ছডিয়াম (Na) হৈছে অষ্টম উপাদান । যদি আমি ছডিয়ামক প্ৰথম উপাদান হিচাপে  বিবেচনা কৰোঁ, তাৰ পিছত পটাছিয়াম হৈছে অষ্টম উপাদান । 

 

 

21. নিউলেণ্ডছৰ সময়ত কিমান সংখ্যক মৌল থকা বুলি জনা গৈছিল ? নিউলেণ্ডছে মৌলবোৰৰ শ্রেণীবিভাজন আৰম্ভ কৰা প্রথম আরু শেষৰ মৌলদুটাৰ নাম লিখা । কোনটো মৌল পৰ্যন্ত নিউলেণ্ডছৰ অষ্টক সূত্রটো প্রযোজ্য হোৱা পোৱা গৈছিল?

উত্তৰঃ

নিউলেণ্ডছৰ সময়ত 56 টা বা 56 সংখ্যক মৌল থকা বুলি জনা গৈছিল

 

নিউলেণ্ডছে মৌলবোৰৰ শ্রেণীবিভাজন আৰম্ভ কৰা প্রথম মৌলটো হৈছে- হাইড্র’জেন (আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল) আরু শেষৰ মৌলটোৰ নাম হৈছে- থ’ৰিয়াম (56 তম মৌল) ।

 

কেলছিয়াম পৰ্যন্ত নিউলেণ্ডছৰ অষ্টক সূত্রটো প্রযোজ্য হোৱা পোৱা গৈছিল ।

 

 

22. কেন্দ্রীয় স্নায়ুতন্ত্র কিহৰ দ্বাৰা গঠিত? কেন্দ্রীয় স্নায়ুতন্ত্র আরু দেহৰ আন আন অংশৰ সৈতে সংযোগ স্থাপন কৰাৰ অর্থে থকা স্নায়ুতন্ত্রটো কি? এই স্নায়ুতন্ত্রটো গঠিত হোৱা স্নায়ুসমূহৰ নাম লিখা ।

উত্তৰঃ

কেন্দ্রীয় স্নায়ুতন্ত্র মস্তিস্ক (brain) আরু স্নায়ুৰজ্জু (spinal cord)ৰ দ্বাৰা গঠিত ।

 

কেন্দ্রীয় স্নায়ুতন্ত্র আরু দেহৰ আন আন অংশৰ সৈতে সংযোগ স্থাপন কৰাৰ অর্থে থকা স্নায়ুতন্ত্রটো হৈছে- প্রান্তীয় স্নায়ুতন্ত্র (Peripheral Nervous System)

 

এই স্নায়ুতন্ত্র (প্রান্তীয় স্নায়ুতন্ত্র)টো গঠিত হোৱা স্নায়ুসমূহ হৈছে- মস্তিস্কৰ পৰা ওলোৱা কৰোটীয় বা ক্রেনিয়েল স্নায়ু আরু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ু ।

 

নাইবাঃ

 

উদ্ভিদৰ ক্ষেত্রত ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?

উত্তৰঃ

উদ্ভিদৰ ক্ষেত্রত বিভিন্ন প্রকাৰৰ সঞ্জীৱনী পদার্থৰ জৰিয়তে বৃদ্ধি, বিকাশ আরু পৰিৱেশৰ সৈতে ৰাসায়নিক সমন্বয় সংঘটিত হয় । এইবোৰ সংশ্লেষিত হোৱা স্থানৰ পৰা কাৰ্য সমাধাৰ স্থান দূৰত হ’লেও ব্যাপন প্রক্রিয়াৰে সেই ঠাই পায়গৈ । উদ্ভিদৰ অগ্র অংশত থকা অক্সিন (Auxin) নামৰ সঞ্জীৱনী পদার্থই কোষৰ আকাৰ ডাঙৰ আরু দীঘল কৰে । জিবাৰেলিন (Gibberelin) নামৰ সঞ্জীৱনী পদার্থই কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে । চাইট’কাইনিন (Cytokinin) সঞ্জীৱনী পদার্থই কোষ বিভাজনত সহায় কৰে । এবচাইচিচ্‌ এচিড (Abscisis Acid) নামৰ সঞ্জীৱনী পদার্থই উদ্ভিদৰ বৃদ্ধিত বাধা প্রদান কৰে আরু ইয়াৰ প্রভাবতেই গছৰ পৰা পাত সৰে ।

 

 

23. এপাহ ফুলৰ দৈৰ্ঘ্যচ্ছেদৰ এটি পৰিষ্কাৰ চিহ্নিত চিত্র আঁকা । ইয়াৰ প্রজনন অংগসমূহ উল্লেখ কৰা আরু সেইবোৰৰ কাৰ্য ব্যক্ত কৰা ।

উত্তৰঃ  



 

 










ইয়াৰ (দৈৰ্ঘ্যচ্ছেদৰ এপাহ ফুলৰ) প্রজনন অংগসমূহ হৈছে তিনিটা অংশত বিভক্ত-

(ক)গৰ্ভাশয় (Ovary) (তলৰ উখহা শকত অংশ),  

(খ)গৰ্ভদণ্ড (Style) (মাজৰ দীঘলীয়া অংশ), আরু

(গ) গর্ভমুণ্ড (Stigma) (ওপৰৰ উগ্র অংশটো যিটো আঠালতীয়া) ।

    

গৰ্ভাশয় (Ovary)ৰ কামঃ

গৰ্ভাশয়ত ডিম্বক থাকে আরু পুং জনন কোষৰ লগত মিলিত হৈ গৰ্ভাশয়ত এক যোজন কোষৰ সৃষ্টি হয় আরু এক নতুন উদ্ভিদৰ জন্ম হয় ।

 

গৰ্ভদণ্ডৰ (Style) কামঃ

গৰ্ভদণ্ডৰ কাম হৈছে- পৰাগৰেণুবোৰ গৰ্ভাশয়লৈ পৰিবহন কৰা আরু নিষেচন প্রক্রিয়া সম্পন্ন কৰা

 

গর্ভমুণ্ড (Stigma)ৰ কামঃ

গর্ভমুণ্ডৰ কাম হৈছে- এপাহ ফুলৰ পৰাগ ৰেণু গ্রহণ কৰি গর্ভমুণ্ডলৈ স্থানান্তৰ কৰা । 

 

নাইবাঃ

 


পুনৰ জীৱন কি? পুনৰ জীৱন আরু মুকুলোদগমৰ মাজৰ পার্থক্যসমূহ দৰ্শোৱা ।

উত্তৰঃ

পুনৰ জীৱন হৈছে এককোষী জীৱই প্রজনন প্রক্রিয়াত ব্যৱহাৰ কৰা এক পদ্ধতি । এই পদ্ধতি অনুসৰি হাইড্রা, প্লেনেৰিয়া আদি জীৱ যদি কিবা কাৰণত কাটি বা ভাগি যায় তেতিয়া, তাৰ প্রত্যেক টুকুৰাৰ পৰা এক নতুন জীৱৰ সৃষ্টি হয় ।

পুনৰ জীৱন আরু মুকুলোদগমৰ মাজৰ পার্থক্যসমূহ হৈছে-

 

(ক) পুনৰ জীৱন পদ্ধতিত জীৱটো কাটি বা ভাগি যোৱাৰ পিছত সেই টুকুৰাৰ পৰা নতুন জীৱৰ সৃষ্টি হয় ।

আনহাতে,

মুকুলোদ্‌গম পদ্ধতিত জীৱটোৰ মুকুলৰ পৰা নতুন জীৱৰ সৃষ্টি হয় ।  

 

(খ)পুনৰ জীৱন পদ্ধতিত জীৱটোৰ টুকুৰা বা ভাগি যোৱা অংশৰ পৰাই নতুন জীৱৰ সৃষ্টি হ’ব পাৰে । উদাহৰণ- হাইড্রা, প্লেনেৰিয়া আদি ।

কিন্তু, মুকুলোদ্‌গম পদ্ধতিত মুকুলবোৰ পূৰঠ হ’লেহে এক নতুন জীৱৰ সৃষ্টি হয় । পূৰঠ হোৱাৰ আগেয়ে টুকুৰা বা ভাগি গ’লে নতুন জীৱৰ সৃষ্টি হ’ব নোৱাৰে ।   উদাহৰণ- হাইড্রা ।  

 

24. চাৰিত্রিক বৈশিষ্ট্য কি? মেণ্ডেলর যি কোনো এটা পরীক্ষার সহায়ত দেখুওৱা যে চারিত্রিক বৈশিষ্ট্যসমূহ প্রভাবী বা অপ্রভাবী হ’ব পারে?

উত্তরঃ

আনুবংশিকভাৱে নিৰ্ধাৰিত বৈশিষ্ট্য বা স্থিতিক চাৰিত্রিক বৈশিষ্ট্য বা বিশেষত্ব বুলি কোৱা হয় । এইটো সন্তানলৈ বা পিছর প্রজন্মলৈ পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী হিচাপে পোৱা বৈশিষ্ট্য । 

মেণ্ডেলে তেওঁর পরীক্ষাত পৈতিক পুরুষত দুটা বিপরীত ধৰ্ম্মী চরিত্র বিশিষ্ট মটর মাহর গছ লৈছিল আরু প্রথম প্রজন্ম বা F1 (First Fillial Generation) জনুর গছর মাজত স্ব-পরাগযোগ ঘটাইছিল । পৈতৃক জনুর গছবোরর সকলোখিনিয়েই ওখ চরিত্র বিশিষ্ট হৈছিল ।

    কিন্তু, দ্বিতীয় প্রজন্ম বা F2 (Second Fillial Generation)ত অর্থাৎ F1 জনুর সকলোবোর ওখ চরিত্রবিশিষ্ট গছ এই প্রজন্মত নাপাইছিল, পরিৱৰ্তে 1:4 চাপর চরিত্রর গছ পাইছিল ।

    মেণ্ডেলর এই পরীক্ষাত, F1 জনুত প্রকাশিত হোৱা লক্ষণটোক প্রভাৱী চরিত্র আরু   F1 জনুত প্রকাশিত নোহোৱা লক্ষণটোক অপ্রভাৱী চরিত্র বা পরাহত লক্ষণ বোলা হয় ।

    মেণ্ডেলে এইদরে পরীক্ষা করি দেখুওৱাইছিল যে চারিত্রিক বৈশিষ্ট্যসমূহ প্রভাবী বা অপ্রভাবী হ’ব পারে ।

 

 

25.  4Ω, 8Ω, 12Ω আরু 24Ω রোধর চারিটা কুণ্ডলী লগলগাই পাব পরা

(a) সৰ্বোচ্চ আরু

(b) সৰ্বনিম্ন মুঠ রোধর মান কিমান হ’ব?

উত্তরঃ

4Ω, 8Ω, 12Ω আরু 24Ω রোধর চারিটা কুণ্ডলী লগলগাই পাব পরা

(a) সৰ্বোচ্চ মুঠ রোধর মান হ’ব-

Rs = R1 + R2 + R3 + R4 = 4Ω + 8Ω + 12Ω + 24Ω = 48 Ω

কারণ, শ্রেণীবদ্ধ সজ্জাত রোধর মান সমান্তরাল সজ্জাতকৈ সৰ্বোচ্চ হয় ।














26. বৃত্তাকাৰ কুণ্ডলী এডালর প্রৱাহর বাবে সৃষ্টি হোৱা চুম্বকক্ষেত্রর বিষয়ে ব্যাখ্যা করা ।

উত্তরঃ চুঙা আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক চ’লেনইড বোলা হয় । চ’লেনইডৰ মাজেদি বিদ্যুৎ প্রবাহিত কৰিলে চ’লেনইডে চুম্বকৰ নিচিনাকৈ আচৰণ কৰেযেতিয়া চ’লেনইডৰ মাজেদি বিদ্যুৎ প্রবাহ চালিত কৰা হয়, তেতিয়া ইয়াৰ এটা মূৰে চুম্বকৰ উত্তৰ মেরুৰ দৰে আরু আনটো মূৰে চুম্বকৰ দক্ষিণ মেরুৰ দৰে আচৰণ কৰে’লেনইডৰ অন্তৰ্ভাগৰ সকলো বিন্দুতে চৌম্বক ক্ষেত্র থাকে আরু চৌম্বক ক্ষেত্রৰ প্রকৃতি সুষম হয় ।

 

নাইবাঃ

 

 

বিদ্যুৎ চুম্বকীয় আৱেশ কি? ব্যাখ্যা করা ।

/ পৰীক্ষা এটাৰ সহায়ত বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা বুজাই লিখা ।         

 

উত্তরঃ

এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্রৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্রবাহ আৱিষ্ট কৰা প্রক্রিয়াক, বিদ্যুৎচুম্বকীয় আৱেশ (Electromagnetic Induction)

 বোলা হয় ।

 

কাৰ্যকলাপঃ

 




(i)বহু সংখ্যক পাক থকা এটা তাঁৰৰ কুণ্ডলী চিত্রত দেখুওৱা ধৰণে AB লোৱা হ’ল ।

(ii) কুণ্ডলীটোৰ মূৰ দুটা এটা গেলভেন’মিটাৰৰ সৈতে সংযোগ কৰা হৈছে ।

(iii) এডাল শক্তিশালী দণ্ড চুম্বক লৈ, ইয়াৰ উত্তৰ মেরুটো কুণ্ডলীৰ B মূৰৰ ফালে নিলে গেলভিনমিটাৰৰ কাঁটাডালৰ বিক্ষেপন ঘটে ।

(iv) তাৰ পিছত, চুম্বকডালৰ উত্তৰমেরুটো কুণ্ডলীৰ পৰা আঁতৰাই নিলে, গেলভিন’মিটাৰটো বাওঁফাললৈ বিক্ষেপিত হ’ব ।

(v) যদি কুণ্ডলীৰ কাষৰ কোনো এক বিন্দুত, চুম্বকডাল স্থিতিশীল অৱস্থাত চুম্বকৰ উত্তৰ মেরু কুণ্ডলীৰ B মূৰৰ ফালে ৰখা হয়, তেতিয়া কুণ্ডলীটোক চুম্বকডালৰ উত্তৰ মেরুৰ ফালে গতি প্রদান কৰিলে গেলভেন’মিটাৰৰ কাঁটাডাল সোঁফাললৈ বিক্ষেপিত হ’ব আরু যদি কুণ্ডলীটো চুম্বকডালৰ পৰা আঁতৰাই নিলে কাঁটাডাল বাওঁফাললৈ ঘূৰিব ।

(vi) আকৌ, যদি চুম্বকডালৰ সাপেক্ষে কুণ্ডলীটো স্থিৰ অৱস্থাত থাকে, তেতিয়া গেলভেন’মিটাৰৰ বিক্ষেপন শূন্য হ’ব ।

     ইয়াৰ পৰা চুম্বকীয় আৱেশ সম্পর্কে সিদ্ধান্ত গ্রহণ কৰিব পাৰি যে- কুণ্ডলী সাপেক্ষে চুম্বক এডালৰ গতিৰ ফলশ্রুতিত এক আৱিষ্ট বিভৱভেদ উৎপন্ন হয়, যাৰ বাবে বৰ্তনীত আৱিষ্ট বৈদ্যুতিক প্রবাহ চালিত হয় ।


27. ছাত্রী এগরাকী শেষর বেঞ্চত বহিলে ব্লেকব’ৰ্ডখন চোৱাত অসুবিধা পায় । ছাত্রীগরাকীয়ে ভোগা বিকাৰটো কি হ’ব পারে? ইয়ার সংশোধন দেখুৱাই রশ্মিচিত্র অংকন করা ।

উত্তরঃ

ছাত্রী এগরাকী শেষর বেঞ্চত বহিলে ব্লেকব’ৰ্ডখন চোৱাত অসুবিধা পায় । ছাত্রীগরাকীয়ে ভোগা বিকাৰটো হৈছে- মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia)

 

উপযুক্ত ক্ষমতা আরু উপযুক্ত ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছর ব্যৱহারে প্রতিবিম্বটো পুনর রেটিনালৈ ঘূরাই আনিব আরু এই বিকারর প্রতিকার হ’ব ।

 
















নাইবাঃ

 

সাধারণ চকুৱে 25 cm তকৈ ওচরত রখা বস্তু স্পষ্টকৈ দেখা নাপায় কিয়?

উত্তরঃ

কোনো এক বস্তু অনায়াসে আরু স্পষ্টকৈ দেখা পাবর বাবে বস্তুটোর পরা চকুর দূরত্ব প্রায় 25 cm দূরত্বত রাখিব লাগিব । সুস্থ চকুৱে চকুর পরা 25 cm দূরত্বৰ পরা অসীমলৈ বস্তুবোর স্পষ্টকৈ দেখা পায় । চকুর লেন্‌ছর ফ’কাছ দৈর্ঘ্য এই ন্যূনতম মানতকৈ (25 cm দূরত্বতকৈ) কমাব নোৱারি । 25 cm তকৈ ওচরত রখা বস্তু এটা চালে অস্পষ্ট প্রতিবিম্ব দেখা যাব । লগতে, 25 cm তকৈ কম হ’লএ চকুত ক্লেশ অনুভৱ হ’ব । সেয়েহে, সাধারণ চকুৱে 25 cm তকৈ ওচরত রখা বস্তু স্পষ্টকৈ দেখা নাপায় ।

 

 28. জীৱাশ্মজাত ইন্ধনর অসুবিধাসমূহ কি কি?

উত্তরঃ

জীৱাশ্মজাত ইন্ধনর অসুবিধাসমূহ হৈছে-

 

(ক) জীৱাশ্মজাত ইন্ধন দহনৰ ফলত কাৰ্বন, নাইট্র’জেন, চালফাৰ অক্সাইড আদি আম্লিক অক্সাইডবোৰ নিৰ্গত আরু এইবোৰে বায়ুমণ্ডল প্রদূষণ কৰে লগতে আম্লিক বৃষ্টি সৃষ্টি কৰে

 

(খ) জীৱাশ্মজাত ইন্ধনবোৰ অনৱীকৰণযোগ্য, সেয়েহে ইয়াক এবাৰ ব্যৱহাৰ কৰিলে পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি ।

 

(গ) দ্রুত হাৰত জীৱাশ্ম ইন্ধনবোৰ ব্যৱহাৰ কৰি থাকিলে এইবোৰৰ শক্তিৰ ভাণ্ডাৰ শেষ/নিঃশেষ হৈ যোৱাৰ সম্ভাৱণা আছে ।


29. (a) ছডিয়াম আরু অক্সিজেনর ইলেক্ট্রন বিন্দুর গঠন লিখা ।

উত্তরঃ

ছডিয়াম আরু অক্সিজেনর ইলেক্ট্রন বিন্দুর গঠন:




 

 













(b) ইলেক্ট্রন স্থানান্তরর জরিয়তে MgO র গঠন লিখা ।

উত্তরঃ





 

 

 

 



(c) তাপজাৰণ কাক বোলে ? যিংকর আকরর তাপজারণ প্রক্রিয়াত সংঘটিত হোৱা রাসায়নিক বিক্রিয়া লিখা ।

উত্তরঃ

ধাতৱ ছালফাইড আরু কাৰ্বনেটৰ আকৰবোৰ বিজাৰণ কৰাৰ আগেয়ে ধাতৱ অক্সাইড লৈ রূপান্তৰ কৰা হয় । উচ্চ তাপত অতিৰিক্ত বায়ুৰ উপস্থিতিত উত্তপ্ত কৰি ছালফাইড আকর্, ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় । ইয়াকে তাপজাৰণ (Roasting) পদ্ধতি বোলে । উদাহৰণস্বরূপে- যিংকৰ আকৰবোৰ তাপজাৰণ পদ্ধতিৰে যিংক অক্সাইডলৈ রূপান্তৰ কৰা হয় ।

 

যিংকর আকরর তাপজারণ প্রক্রিয়াত সংঘটিত হোৱা রাসায়নিক বিক্রিয়াঃ











নাইবাঃ

(a) ছডিয়াম ধাতু কিয় কিৰাচিন তেলত ডুবাই রখা হয় ?

উত্তরঃ

সকলো ধাতুৱে অক্সিজেনৰ লগত সমান বেগত বিক্রিয়া নকৰেছ’ডিয়াম আরু পটেছিয়ামৰ দৰে ধাতুৱে অতি অধিক প্রৱণতাৰে বিক্রিয়া কৰে আরু মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে । সেয়েহে, দুৰ্ঘটনা ৰোধ কৰিবলৈ ছডিয়াম ধাতুক  কেৰাচিন তেলত ডুবাই ৰখা হয় ।

 

 

(b) চিনাবাৰ কি? বতাহর উপস্থিতিত ইয়াক উত্তপ্ত করিলে সংঘটিত হোৱা রাসায়নিক বিক্রিয়াটো লিখা ।

উত্তরঃ

চিনাবাৰ (HgS) মাৰকিউৰিৰ এটা আকৰিক ।

বতাহৰ উপস্থিতিত ইয়াক উত্তপ্ত কৰাৰ ফলত প্রথম অৱস্থাত মাৰকিউৰিক অক্সাইড (HgO) উৎপন্ন হয় আরু পাছত অধিক উত্তপ্ত কৰাৰ ফলত মাৰকিউৰিক অক্সাইড মাৰকিউৰিলৈ বিজাৰিত হয় ।



 





(c) উপযুক্ত উদাহরণেরে সৈতে থাৰ্মিট বিক্রিয়াটো ব্যাখ্যা করা ।

উত্তরঃ

আইৰন অক্সাইডক (Fe2O3) এলুমিনিয়াম গুড়িৰ সৈতে উত্তপ্ত কৰি বিক্রিয়া ঘটোৱা হয় । এই বিক্রিয়াত উৎপন্ন হোৱা ধাতুটো গলিত অৱস্থাত পোৱা যায় । এই বিক্রিয়াটোকে থাৰ্মিট বিক্রিয়া বোলে ।

 

উদাহরণস্বরূপে- আইৰন অক্সাইডর (Fe2O3) সৈতে এলুমিনিয়ামর বিক্রিয়াটোকে ৰেল লাইন জোৰা দিবলৈ বা যন্ত্রপাতিৰ ভগা অংশ জোৰা দিবলৈ ব্যৱহাৰ কৰা হয় ।

সমীকরণঃ

Fe2O3 (s) + 2Al (s) 2Fe (l) + Al2O3 (s) + Heat

 

30.(a) চাইক্ল’পেন্টেনৰ সংকেত আরু ইয়াৰ গঠন লিখা ।

উত্তৰঃ চাইক্লপেন্টেনৰ সংকেত হৈছে- C5H10

চাইক্লপেন্টেনৰ ইলেক্ট্রন বিন্দু গঠন হৈছে-

 


 

                                        

 

 

 











(b) যোগাত্মক বিক্রিয়া কি? ইয়াৰ এটা উদাহৰণ লিখা ।

উত্তৰঃ

যিবোৰ বিক্রিয়াৰ অসংপৃক্ত হাইড্র’কাৰ্বনে এটা বা একাধিক বিক্রিয়াৰ সৈতে যোজিত হৈ এটা মাত্র বিক্রিয়াজাত যৌগ উৎপন্ন কৰে, তেনে বিক্রিয়াক  যোগাত্মক বিক্রিয়া বোলা হয় ।

উদাহৰণঃ




 





(c) ইথানলক ইথানয়িক এচিডলৈ রূপান্তৰ কৰাতো কিয় এটা জাৰণ বিক্রিয়া?

উত্তৰঃ

ইথানলক ইথান’য়িক এচিডলৈ রূপান্তৰ কৰাটো এটা জাৰণ বিক্রিয়া কাৰণ, ইথানলক ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr2O7ৰ উপস্থিতিত উত্তপ্ত কৰি ইথানলে ‘অক্সিজেন’ গ্রহণ কৰি ইথানয়িক এছিড উৎপন্ন হয় । 

 

OR:

 

 ইথানলক ইথানয়িক এচিডলৈ রূপান্তৰ কৰাটো এটা জাৰণ বিক্রিয়া কাৰণ এই বিক্রিয়াত অক্সিজেন লাভ হয় আরু হাইড্রজেন হেরুৱায় । এই বিক্রিয়াত ইথানলৰ পৰা দুটা হাইড্রজেন অপসাৰিত কৰি এটা অক্সিজেন পৰমাণু সোমাই যায় আরু জাৰিত হয়

 

বিক্রিয়াটো হৈছেঃ






 

 




(d) উদাহৰণেৰে সৈতে সমগণীয় শ্রেণী ব্যাখ্যা কৰা

উত্তৰঃ

যি শ্রেণীৰ যৌগত একে কাৰ্য কৰী মূলক উপস্থিত থাকে, সেই শ্রেণীটোক সমগণীয় শ্রেণী বোলে ।

উদাহৰণস্বরূপে-

দুটা সমগণীয় শ্রেণীৰ নাম হৈছে- এলকিন আরু এলকাইন

(ক) এলকিনঃ প্রপিন (C3H6), বিউটিন (C4H8), পেন্টিন (C5H10)  

এই শ্রেণীত, একে কাৰ্য কৰী মূলক দ্বিবন্ধনি (এলকিন) আরু উপসর্গ -ene’ আছে ।

 

(খ) এলকাইনঃ প্রপাইন(C3H4), বিউটাইন(C4H6), পেন্টাইন(C5H8)

এই শ্রেণীত, একে কাৰ্য কৰী মূলক ত্রিবন্ধনি (এলকাইন), উপসর্গ-yne’ আছে । 

 

 

নাইবাঃ

 

(a) কাৰ্বনৰ সংপৃক্ত যৌগবোৰ কি?

উত্তৰঃ কাৰ্বনৰ সংপৃক্ত যৌগবোৰ হৈছে- কাৰ্বন পৰমাণুবোৰে এক বান্ধনিৰ জৰিয়তে সংযুক্ত হৈ উৎপন্ন কৰা যৌগ

অর্থাৎ কাৰ্বন পৰমাণুবোৰে এক বান্ধনিৰ জৰিয়তে সংযুক্ত হৈ উৎপন্ন কৰা যৌগসমূহক সংপৃক্ত যৌগ (Saturated Compound) বোলে ।

 

 

(b) উদাহৰণৰ সৈতে কাৰ্যকৰী মূলকৰ সংজ্ঞা লিখা ।

উত্তৰঃ

বিষম পৰমাণুবোৰ অকলশৰীয়াকৈ নাইবা একো একোটা থূপ বা মূলকৰ উপস্থিতিয়ে যৌগবোৰৰ ধৰ্ম নিৰ্ণয় কৰেএই ধৰ্মবোৰ কাৰ্বন শৃংখলৰ দৈৰ্ঘ্য বা প্রকৃতিৰ ওপৰত বিশেষকৈ নিৰ্ভৰশীল নহয় । সেইকাৰণে, এই মৌলবোৰক কাৰ্যকৰী মূলক (Functional Group) বোলে ।

কেইটামান কাৰ্যকৰীমূলকৰ উদাহৰণ হ’ল- কাৰ্বক্সিলিক এছিড, এলডিহাইড, এলক’হল, কিট’ন আদি ।

 

 

(c) ইথেনৰ ইলেক্ট্রন বিন্দুৰ গঠন আঁকা ।

উত্তৰঃ

ইথেনৰ সংকেত- C2H6









 





(d) তলত দিয়া যৌগবোৰৰ নাম লিখা ।

 




 




উত্তৰঃ

(i)  ফ’মেল ডি হাইড (Formaldehyde)

 

(ii) হেক্সাইন (Hexene)  ।

 

 

31.  উচ্চ খাপৰ উদ্ভিদসমূহৰ পৰিবহন তন্ত্রৰ উপাদানসমূহ কি কি? উদ্ভিদত হোৱা খাদ্য আরু অন্যান্য দ্রৱ্যৰ পৰিবহনৰ বিষয়ে লিখা ।

উত্তৰঃ

উচ্চ খাপৰ বা মাপৰ উদ্ভিদসমূহৰ পৰিবহণ তন্ত্রৰ অংগসমূহ হৈছে- জাইলেম কলা আরু ফ’ৱেম ক’লা

 

উদ্ভিদত হোৱা খাদ্য আরু অন্যান্য দ্রৱ্যৰ পৰিবহনঃ

জাইলেম কলাই পানী, খনিজ লৱণ, নাইট্র’জেন, ফছফৰাছ, আদি কেঁচা সামগ্রী মাটিৰ পৰা পৰিবহন কৰেউদ্ভিদৰ দেহত থকা জাইলেম কলাৰ নলিকাবোৰে উদ্ভিদৰ শিপা, কাণ্ড আরু পাতৰ পৰস্পৰৰ মাজত এক সংযোগ ঘটাই গছৰ গোটেই দেহটোলৈ পানী আরু খনিজ লৱণৰ সৰবৰাহ কৰিবৰ বাবে এক সুতিৰ সৃষ্টি কৰেমাটিৰ লগত সংস্পৰ্শ কৰি থকা শিপাৰ কোষবোৰে শিপা আরু মাটিৰ মাজত এক আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰেসেইকাৰণে, শিপাই এই তাৰতম্য দূৰ কৰিবৰ নিমিত্তে মাটিৰ পৰা পানী আরু খনিজ লৱণ শোষণ কৰে

 

পত্রমোচন বা বাষ্পমোচন প্রক্রিয়াই পানী আরু পানীত দ্রৱীভূত খনিজ লৱণবোৰ শোষণ কৰাত সহায় কৰেলগতে, এই প্রক্রিয়াই শিপাৰ পৰা পাতলৈ ঊৰ্ধমুখী গতি লাভ কৰাত সহায় কৰেপত্রমোচন বা বাষ্পমোচন প্রক্রিয়াই গছৰ/উদ্ভিদৰ তাপমাত্রা নিয়ন্ত্রণ কৰি ৰাখে । দিনৰ ভাগত যেতিয়া পত্রৰন্ধ্রৰ ছিদ্র মুকলৈ হৈ থাকে তেতিয়া এই প্রক্রিয়াই জাইলেম কলাৰ মাজেৰে পানী আরু খনিজ লৱণ পৰিবাহিত হৈ থকাত মুখ্য ভূমিকা গ্রহণ কৰে

 

 

নাইবাঃ

 

পাচন কি? আমাৰ পাচনতন্ত্রৰ বিভিন্ন অংশসমূহ কি কি? তন্ত্রটোৰ বিভিন্ন স্থানত নিঃসৰিত হোৱা পাচক উৎসেচকসমূহৰ কাৰ্য সম্পর্কে লিখা ।

উত্তৰঃ

পাচন বা হজম হৈছে ডাঙৰ অদ্ৰৱণীয় খাদ্য অণুবোৰ সৰু পানীত-পনীয় দ্ৰৱণীয় খাদ্য অণুলৈ ভাঙি যোৱা এক প্রক্রিয়া যাতে সেইবোৰ পানীযুক্ত তেজৰ প্লাজমাত শোষিত কৰিব পাৰি

 

আমাৰ পাচনতন্ত্রৰ বিভিন্ন অংশসমূহ হৈছে- পাকস্থলী, যকৃত, অগ্নাশয়, ক্ষুদ্রান্ত, বৃহদান্ত্র, মধ্যচ্ছদা, পিত্তনলী, পিত্তস্থলী, পায়ু আদি ।

 

 

তন্ত্রটোৰ বিভিন্ন স্থানত নিঃসৰিত হোৱা পাচক উৎসেচকসমূহ আরু কাৰ্যঃ

(ক)এমাইলেজঃ

এমাইলেজ হৈছে জিভাৰ পৰা নিঃসৰিত হোৱা লালটি উৎসেচক, ই খাদ্যভাগ বা খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল অণু বা সৰল চেনীলৈ পৰিৱৰ্তিত কৰাত সহায় কৰে

 

(খ)হাইড্র’ক্লৰিক এছিড (HCl)

হাইড্র’ক্লৰিক এছিড (HCl) পাকস্থলীৰ পাকগ্রন্থিয়ে নিঃসৰিত কৰে, ই অপাচিত খাদ্যভাগক পাচন কৰে

 

(গ) পেপচিন আরু শ্লেষ্মাঃ

পাকস্থলীত পাকগ্রন্থিয়ে নিঃসৰণ কৰা প্র’টিন বিশ্লেষিত উৎসেচক হৈছে- পেপচিন আরু শ্লেষ্মা, এই উৎসেচকবোৰে অপাচিত খাদ্যভাগক পাচন কৰাত সহায় কৰে

 

(ঘ) পিত্তৰস বা পাচক ৰসঃ

পিত্তৰস বা পাচক ৰস যকৃতৰ পৰা নিঃসৰণ হয়, পিত্তৰস বা পাচক ৰসসমূহ পাকস্থলিত আহি পৰেহি, যিয়ে আম্লিকযুক্ত অৰ্দ্ধপাচিত খাদ্য ক্ষাৰকীয় কৰে

 

       

(ঙ)অগ্নাশয় ৰসঃ

অগ্নাশয় গ্রন্থিয়ে অগ্নাশয় নিঃসৰণ কৰে, ইয়াৰ কাম/কাৰ্য হ’ল-

অৰ্ধপাচিত খাদ্যৰ প্র’টিন অংশক সৰল এমিন’এছিডলৈ, শৰ্কৰাবোৰক গ্লুকজ’লৈ, চৰ্বীবোৰক ফেটি এছিড আরু গ্লিচাৰলৈ রূপান্তৰ ঘটোৱা ৷

 

(চ)লাইপেজ (Lipass)

লাইপেজ হৈছে- অগ্নাশয় গ্রন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত থকা প্র’টিন বিশ্লেষী উৎসেচক, ই অৰ্ধপাচিত খাদ্যৰ প্র’টিন অংশক সৰল এমিন’এছিডলৈ, শৰ্কৰাবোৰক গ্লুকজ’লৈ, চৰ্বীবোৰক ফেটি এছিড আরু গ্লিচাৰলৈ রূপান্তৰ ঘটায় ।

 

(ছ)আন্ত্রিক ৰস (Intestinal Juice)

ক্ষুদ্রান্তৰ বেৰত থকা সরু গ্রন্থিবোৰে আন্ত্রিক ৰস (Intestinal Juice) নিঃসৰণ কৰে, ইয়ৰ সহায়ত বা সহযোগত অৰ্ধপাচিত খাদ্যৰ প্র’টিন অংশক সৰল এমিন’এছিডলৈ, শৰ্কৰাবোৰক গ্লুকজ’লৈ, চৰ্বীবোৰক ফেটি এছিড আরু গ্লিচাৰলৈ রূপান্তৰ ঘটায় ।