Remaining 2 Marks from Model Question Bank


নোটঃ

এই প্রশ্নোত্তৰসমূহ কিতাপ আরু আগতে দিয়া নোটসমূহত নথকা 2 নম্বৰ প্রশ্নবোৰ । প্রথমে, কিতাপৰ প্রশ্নবোৰ শিকিবা, দ্বিতীয়তে,আগৰ Model Question Bank ৰ প্রশ্নসমূহ শিকিবা আরু তৃতীয়তে এই প্রশ্নবোৰ শিকিবা । শেষত, কিতাপৰ মূল পাঠবোৰ পঢ়িবা । কাৰণ, অসমীয়াত কিতাপৰ মাজৰ পৰাও আহে । by P.B.

 

আধুনিক ভাৰতীয় ভাষা (অসমীয়া)

সাহিত্য সৌৰভ

 

মোৰ মাতৃমুখ দর্শন

২ নম্বৰৰ প্রশ্নবোৰ

(ক) মোৰ মাতৃমুখ দর্শনশীর্ষক প্রবন্ধটো কি উদ্দেশ্যে পাঠ হিচাপে নির্বাচন কৰা হৈছে?

উত্তৰঃ সাহিত্যৰথীলক্ষ্মীনাথ বেজবরুৱাৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদ স্বরূপ । বেজবরুৱাই আত্মজীৱন-কথা মোৰ জীৱন সোঁৱৰণত প্রকাশ কৰাৰ লগতে আলোচনীৰ পাততো আত্ম-জীৱনীমূলক প্রবন্ধ আরু ভ্রমণ কাহিনী লিখিছিল । তেওঁৰ এই সাহিত্যিক সৌন্দর্যৰ বিচাৰ আরু নিমজ কথাশৈলীৰ বিষয়ৰ লগতে তেখেতৰ তেনে ৰচনাৰ সোৱাদ দিয়াৰ উদ্দেশ্যে মোৰ মাতৃমুখ দর্শনশীর্ষক প্রবন্ধটো পাঠ হিচাপে নির্বাচন কৰা হৈছে ।

 

মগনিয়াৰ

(ক) যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম লিখা ।

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম হল- (১)বনফুল আরু (২) ওমৰ তীৰ্থ ৷

 

(খ) মগনিয়াৰ জনৰ শৰীৰৰ চমু বর্ণনা দিয়া ।

উত্তৰঃ মগনিয়াজন এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা লোক  তেওঁৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা আরু গাত ফটা কাপোৰ । হাতদুখন উখহা আরু অপৰিষ্কাৰ   লগতে, তেওঁৰ শৰীৰ অতিকৈ দুৰ্বল বুলি কবিয়ে উল্লেখ কৰিছে  

 

(গ) কথা-কবিতা প্রথমতে কোন শতিকাত সৃষ্টি হৈছিল? কোন গৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়?

উত্তৰঃ কথা-কবিতা প্রথমতে ঊনৈশ শতিকাত সৃষ্টি হৈছিল ৷ রুছ সাহিত্যিক আইভান টুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা হয় ।

 

(ঘ) সাহিত্য অকাদেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া সাহিত্যিক আরু তেওঁৰ পুৰস্কৃত গ্রন্থখনৰ নাম লিখা ।

উত্তৰঃ সাহিত্য অকাদেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া সাহিত্যিক হল- যতীন্দ্র নাথ দুৱৰা আরু তেওঁৰ পুৰস্কৃত গ্রন্থখনৰ নাম হল- বনফুল (কবিতাপুথি) ।

 

(ঙ) কবি যতীন্দ্র নাথ দুৱৰা প্রভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা ।

উত্তৰঃ কবি যতীন্দ্র নাথ দুৱৰা প্রভাৱিত হোৱা দুগৰাকী বিদেশী কবি হল- (১)ওমৰ খায়াম (ফাৰ্চী ছুফী কবি) আরু (২)আইভান টুৰ্গেনিভ (রুছ সাহিত্যিক) ।

 

আনন্দৰাম বরুৱা

(ক) আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা উপেন্দ্র চন্দ্র লেখারুদেৱৰ গ্রন্থ দুখন কি কি?

উত্তৰঃ আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা উপেন্দ্র চন্দ্র লেখারুদেৱৰ গ্রন্থ দুখন হল- (১)ভক্তি বিবেক আরু (২) কথা সাহিত্য ।

 

(খ) উপেন্দ্র চন্দ্র লেখারুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কোন চনত, কোন স্থানত অনুষ্ঠিত হৈছিল?

উত্তৰঃ উপেন্দ্র চন্দ্র লেখারুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি ১৯৭০ চনত, ধিঙত অনুষ্ঠিত হৈছিল ।   

 

 

 

হস্তিবিদ্যাৰ্ণৱ পুথি

(চ) ড সূর্যকুমাৰ ভূঞাৰ মতে অসমৰ কোন কেইটা জনগোষ্ঠীৰ মানুহৰ হাতীৰ বিষয়ে ভাল জ্ঞান আছে?

উত্তৰঃ ড সূর্যকুমাৰ ভূঞাৰ মতে অসমৰ খামতি, চিংফৌ, নৰা, ফাঁকিয়াল আরু মৰাণ আদি জনগোষ্ঠীৰ মানুহৰ হাতীৰ বিষয়ে ভাল জ্ঞান আছে । তেওঁলোকৰ পৰাই সাধাৰণতে হাতীৰ ফান্দি আরু মাউত বাছি লোৱা হৈছিল বুলি লেখকে অভিহিত কৰিছে ।

 

(ছ) সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তীপুথিৰ নাম লিখা ।

উত্তৰঃ সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তীপুথিৰ নাম হল- (১) গজেন্দ্রচিন্তামণি আরু (২)হস্তি আয়ুৰ্ব্বেদ (পালকাপ্য মুনিৰ বিৰচিত) ।

 

(জ) হস্তীপুথিৰ লগত মান্তৰা ৰজা কিদৰে জড়িত?

উত্তৰঃ হস্তীপুথিৰ সূচনাবোৰ অতি মনোহৰ । এবাৰ মান্তৰা ৰজাৰ হাতী মৰিবলৈ ধৰাত ৰজাৰ বৰ চিন্তা লাগিছিল । এদিন পণ্ডিতে কাকত চাই বিধি দিয়াত হাতী মৰিবলৈ এৰিলে । যি ৰজাৰ হাতত এই কাকত থাকে, সেইমতে কাম কৰি দেউ-দেউতাক মাননি দিলে হাতী নমৰে। এই কাকতেই হৈছে গজশাস্ত্রৰ মূল কথা, গ্রন্থকাৰে ইয়াক শাস্ত্র-জন্ম কথা বুলি কৈছে ।

       এই হাতী মৰা আরু প্রতিকাৰৰ বিষয়ৰে হস্তীপুথিৰ লগত মান্তৰা ৰজা জড়িত হৈ আছে ।   

 

(ঝ) হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যৰ দুটা বৈশিষ্ট্য হলঃ

(১)বিবিধ হাতীৰ দোষ-গুণৰ বৰ্ণনাৰ সূত্রে ছবি দিয়া হৈছে ।

(২)স্বৰ্গদেৱৰ সমৃদ্ধি আরু সৌভাগ্য দেখুৱাবলৈ স্বর্গদেৱক নানান উপহাৰ বস্তু দিয়াৰ ছবি পুথিত অঙ্কিত কৰা হৈছে ।

 

(ঞ) এই শব্দবোৰৰ অর্থ লিখা- স্বন্দ, ৰাতুল, বুলন, বহুনা

উত্তৰঃ শব্দ- অর্থ

স্বন্দ- লালিত্য, সৌন্দৰ্য

ৰাতুল- ৰক্ত, ৰঙা

বুলন- খোজ

বহুনা- হাতীৰ ডিঙিত মাউত বহা ঠাই

 

ভাৰতীয় আদর্শত বৈৰাগ্য

(ক)প্রকৃততে ত্যাগ বা বৈৰাগ্য কি?

উত্তৰঃ প্রকৃততে ত্যাগ হল-থাকিও সংযতভাৱে ভোগ কৰা আরু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱা আরু প্রকৃততে বৈৰাগ্য হল- পালেও নিৰাসক্ত হৈ থকা ।

 

(খ) ভাৰতীয় আদর্শত কিহৰ পিছত বানপ্রস্থ আরু সন্যাসৰ বিধান দিয়া হৈছে?

উত্তৰঃ ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰাৰ পিছত বানপ্রস্থ আরু সন্যাসৰ বিধান দিয়া হৈছে । সমাজৰ আগত দৰিদ্র আরু অভাৱে বেৰি থকা জীৱন আরু নিষ্কৰ্মাৰ কেলেহুৱা জীৱনধাৰাৰ প্রশংসা ভাৰতীয় আদর্শত উল্লেখ কৰা নাই    

 

(ঙ) নিত্য অধ্যয়ণৰ গুরুত্ব কেনেকুৱা?

উত্তৰঃ গুরুৱে সত্য আরু ধৰ্ম, এই দুই মহৎ গুণৰ কথা কৈ প্রতিদিনৰ কৰণীয় কর্ম অধ্যইয়ণৰ কথা সোঁৱৰাই দিছে । এই নিত্য অধ্যয়ণ সভ্য জীৱনৰ আরু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ বুলি অভিহিত কৰিছে । এই নিত্য অধ্যয়ণ খাৱন-শোৱনৰ নিচিনা সদায় এৰিব নোৱৰা আরু এৰিব নলগীয়া কৰণীয় বুলি উল্লেখ কৰিছে ।   

 

(চ) সমাজ আরু ব্যক্তিৰ মংগলৰ অর্থে মানুহে কোন দুটা মহৎ গুণৰ কর্ষণ কৰিব লাগে?

উত্তৰঃ  সমাজ আরু ব্যক্তিৰ মংগলৰ অর্থে মানুহে সত্যআরু ধৰ্ম’, এই দুটা মহৎ গুণৰ কর্ষণ কৰিব লাগে ।

 

চিঠি

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

(ক) ড দীনেশ চন্দ্র গোস্বামী ৰচনা কৰা দুখন গ্রন্থৰ নাম লিখা ।

উত্তৰঃ ড দীনেশ চন্দ্র গোস্বামী ৰচনা কৰা দুখন গ্রন্থৰ নাম হল- (১)বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা আরু (২)শতাধিক মহান বিজ্ঞানী ।

 

(খ) বিজ্ঞান বুলিলে কাক বুজায়?

উত্তৰঃ বিজ্ঞান বুলিলে আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোক বুজায় । বিজ্ঞানত আমি দেখা বস্তু আরু ঘটনাবোৰৰ এক সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয় ।

 

(গ) বিজ্ঞানীৰ কাম কি?

উত্তৰঃ বিজ্ঞানীৰ কাম হল-আমি দেখা বস্তু আরু ঘটনাবোৰৰ পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধর্ম বা চৰিত্র ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদি । লগতে, আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোকো বিজ্ঞানীসকলে চলাই নি নতুন নতুন অভাৱবোৰ পূৰণৰ বাবে নতুন নতুন বস্তু আরু বিষয়ৰ আৱিস্কাৰ কৰা ।

 

(ঘ) বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলতঃ কেনে ধৰণৰ ৰোগ হব পাৰে?

উত্তৰঃ বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলতঃ ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি ৰোগ হব পাৰে । কাৰণ, এই বেমাৰসমূহ পানীৰ পৰাই সৃষ্টি হয় ।

 

(ঙ) আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈকে প্রত্যেকৰে কি অনুসন্ধিৎসা আছে?

উত্তৰঃ মানুহে সদায়ে নজনা কথা জানিব খোজে আরু নুবুজা কথা বুজি লব খোজে । একেবাৰে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈকে প্রত্যেকৰে এই অনুসন্ধিৎসা আছে ।

 

(চ) শিশুৰ ৰোগ প্রতিৰোধৰ বাবে বিজ্ঞানীসকলে কি আৱিস্কাৰ কৰিছে?

উত্তৰঃ শিশুৰ ৰোগ প্রতিৰোধৰ বাবে বিজ্ঞানীসকলে নানা বেজি-ছিটা আদি আৱিস্কাৰ কৰিছে । লগতে, শিশুয়ে জন্মৰ পৰা ডাঙৰ হোৱালৈকে লগা বিভিন্ন ঐষধ আরু প্রতিষেধকবোৰৰ সৃষ্টি কৰিছে । 

 

(ছ) কাৰ্য কাৰণৰ সম্পর্ক নজনাৰ ফলত অতীজত কি হৈছিল?

উত্তৰঃ কাৰ্য কাৰণৰ সম্পর্ক নজনাৰ ফলত অতীজত সেইবোৰ দেৱ-দেৱতা, ভূত-পিশাচৰ কাণ্ড বুলি, কোনো অদৃশ্য শক্তিৰ কাৰ্য বুলি মানি লৈছিল । লগতে, বৰ আই, সরু আই, বসন্ত ৰোগ আদি বিভিন্ন ৰোগসমূহৰ কাৰণ শীতলা দেৱী বা অন্য কোনো দেৱ-দেৱীৰ ৰোষত হোৱা বুলি বিশ্বাস কৰিছিল ।

 

(য) তিৰোতা মানুহে মাহেকীয়া অৱস্থাত কেনে কাম নকৰাকৈ থকা ভাল?

উত্তৰঃ তিৰোতা মানুহে মাহেকীয়া অৱস্থাত দৌৰা, ঢেঁকি দিয়া আদিৰ দৰে টান কাম নকৰাকৈ থকা ভাল । আনহাতে, আচলতে দৈনন্দিন সহজ কাম-কাজ কৰি থাকিব পাৰে ।

 

(ঝ) মাহেকীয়া অৱস্থাত কেনে ধৰণৰ কাৰ্য কৰিবলৈ দি বেমাৰ মাতি আনিবলৈ বাধ্য কৰোৱা হয় বুলি উল্লেখ কৰিছে?

উত্তৰঃ মাহেকীয়া অৱস্থাত গাঁৱে-ভূঞে তিৰোতাজনীক পাগৰ পৰা আঁতৰাই ৰাখি টান কাম কৰিবলৈ দিয়ে । লগতে, সেমেকা মজিয়াত কম কাপোৰৰ বিছনাত শুবলৈ দি বেমাৰ মাতি আনিবলৈ বাধ্য কৰোৱা হয় বুলি লেখকে উল্লেখ কৰিছে ।

 

(ঞ) ডায়েৰিয়া, মেলেৰিয়া আদি ৰোগ যাদুমন্ত্র বা তাবিজ আদিৰে সৃষ্টি বা নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ ডায়েৰিয়া, মেলেৰিয়া আদি ৰোগ যাদুমন্ত্র বা তাবিজ আদিৰে সৃষ্টি বা নিৰাময় কৰিব নোৱাৰি ৷ কিছুমান চতুৰ আরু স্বার্থপৰ মানুহে সাধাৰণ অশিক্ষিত আরু অজলা মানুহক যাদুমন্ত্র বা তাবিজ আদিৰে এই ৰোগসমূহ ভাল হয় বুলি ধন আদায় কৰি আছে আরু কিছুমান পৰিয়াল বা লোকক বিশেষকৈ কিছুমান দুখীয়া  তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ আরু হত্যাও কৰে ।

 

 

নির্বাচিত কবিতা

বৰগীত

(উঠ ৰে উঠ বাপু গোপাল হে)

(ক)মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম লিখা ।

উত্তৰঃ মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম হল- (১)পিম্পৰা গুচোৱা আরু (২)অৰ্জুন ভঞ্জন ৷

 

(ঘ) বৰগীতবোৰ কোনে কি ভাষাত ৰচনা কৰিছিল?

উত্তৰঃ বৰগীতবোৰ মহাপুরুষ শংকৰদেৱ আরু মাধৱদেৱে ব্রজাৱলী ভাষাত ৰচনা কৰিছিল ।

 

(ঙ) উঠ ৰে উঠ বাপুবুলি কোনে কাক টোপনিৰ পৰা জগাইছে?

উত্তৰঃ উঠ ৰে উঠ বাপুবুলি যশোদাই শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে ।

 

বিশ্বখনিকৰ

(ঙ) বিশ্ব খনিকৰকবিতাটোত উল্লেখ কৰা বিশ্বখনিকৰৰ দুটি বিশেষণ রূপ লিখা ।

উত্তৰঃ বিশ্ব খনিকৰকবিতাটোত উল্লেখ কৰা বিশ্বখনিকৰৰ দুটি বিশেষণ রূপ হল- (১)বিশ্ব সৃষ্টিকৰ্তা/নিৰ্মানকৰ্তা আরু (২) ত্রিজগতৰ/বিশ্বৰ পতি 

 

মিলন

(ক) নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম হল- (১)সন্ধিয়াৰ সুৰ(১৯২৮) আরু (২)সপোনৰ সুৰ(১৯৪৮) ।

 

(ঘ) প্রধানতঃ স্বদেশপ্রেমৰ সুৰ প্রকাশ পোৱা নলিনীবালা দেৱীৰ কাব্যগ্রন্থ দুখনৰ নাম লিখা ।

উত্তৰঃ প্রধানতঃ স্বদেশপ্রেমৰ সুৰ প্রকাশ পোৱা নলিনীবালা দেৱীৰ কাব্যগ্রন্থ দুখনৰ নাম হল- (১) যুগ দেৱতা আরু (২) জাগৃতি ।

 

(ঙ) কোনে কয় নেদেখি তোমাক’- ইয়াৰ বক্তা কোন? কাক নেদেখাৰ কথা কোৱা হৈছে?

উত্তৰঃ ইয়াৰ বক্তা হল অতীন্দ্রিয়বাদী কবি নলিনীবালা দেৱী । পৰম আৰাধ্য ভগৱানক নেদেখাৰ কথা কোৱা হৈছে ।

 

কাঠমিস্ত্রিৰ ঘৰ

(ক) কাঠমিস্ত্রীয়ে কি কি কাঠক মনোহৰ রূপ দিয়ে?

উত্তৰঃ কাঠমিস্ত্রীয়ে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠক মনোহৰ রূপ দিয়ে । লগতে, নিৰস কঠিন, বেঁকা-বেঁকি আরু অসংজ্জত রূপত থকা কাঠসমূহো বটালিৰে নতুন রূপত গঢ় দি তুলে ।

 

(খ) কাঠমিস্ত্রীয়ে কেনে ধৰণৰ কাঠৰ সজুঁলি গঢ়ি দিয়ে?

উত্তৰঃ কাঠমিস্ত্রীয়ে টেবুল, চেয়াৰ, আলনা, ড্রয়াৰ, আলমাৰি আদি বিভিন্ন ন ন কাঠৰ সজুঁলিৰ আচবাবসমূহ গঢ়ি দিয়ে । লগতে, বিলাসী মানুহবোৰৰ বাবে আৰাম চকী আরু বৰনেতা সমাজৰ বাবে বৃহৎ প্রাসাদসমূহো কাঠমিস্ত্রীয়ে গঢ়ি দিয়ে বুলি কবিয়ে উল্লেখ কৰিছে ।   

 

(গ) কাঠ মিস্ত্রীয়ে সজা আচবাব কিহৰ দৰে ভৰি থাকে?

উত্তৰঃ কাঠ মিস্ত্রীয়ে সজা আচবাব প্রৱাল দ্বীপৰ শৃঙ্গৰ দৰে ভৰি থাকে । টেবুল, চেয়াৰ, আলনা, ড্রয়াৰ, আলমাৰি আদি বিভিন্ন আচবাবসমূহ থাকে থাকে অর্থাৎ জাকে জাকে ভৰি থাকে বুলি কবিয়ে অভিহিত কৰিছে (জমি থাকে থাক, সাজে জাকে জাকে প্রৱাল দ্বীপৰ শৃঙ্গৰ দৰে আচবাবে ভৰে ঘৰ”)   

 

উভতি নহাৰ কবিতা

(ক) নৱকান্ত বরুৱাই কর্ম জীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম লিখা ।

উত্তৰঃ নৱকান্ত বরুৱাই কর্ম জীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম হল- (১)জগন্নাথ বরুৱা মহাবিদ্যালয় আরু (২) কটন মহাবিদ্যালয় ।

 

(খ) নৱকান্ত বরুৱাৰ দুখন উল্লেখযোগ্য কাব্য গ্রন্থৰ নাম লিখা 

উত্তৰঃ নৱকান্ত বরুৱাৰ দুখন উল্লেখযোগ্য কাব্য গ্রন্থৰ নাম হল- (১)ৰাৱণ আরু (২) ৰত্নাকৰ ।

 

(গ) নৱকান্ত বরুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা ।

উত্তৰঃ নৱকান্ত বরুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম হল- (১)কপিলীপৰীয়া সাধু আরু (২)ককাদেউতাৰ হাড় ।

 

(ঘ) কবিয়ে বকুল তলৰ ফুল কোনে বুটলিব বুলি ভাবিছে?

উত্তৰঃ কবিয়ে বকুল তলৰ ফুল তেওঁৰ দৰে কোনোবাই আহি বুটলিব বুলি ভাবিছে । সেয়া হব নতুন দিন আরু নতুন মানুহ ।

 

(ঙ) জীয়াই থকাটো কবিয়ে কি বুলি ভাবিছে?

উত্তৰঃ জীয়াই থকাটো কবিয়ে ধেমালি বুলি ভাবিছে (জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো”) । তেওঁৰ মতে যন্ত্রণাই জীয়াৰ মন্ত্র যিটো মানুহৰ জীয়াই থকাৰ প্রতি মূহূৰ্ত্ততে প্রতিফলিত হয় (যন্ত্রণা মোৰ জীয়াৰ মন্ত্র সেই মন্ত্রকে গালোঁ”)  

করুণতম

মূল্যবোধ শিক্ষা

(ক) মূল্যবোধে সমাজত প্রচলিত কোনবোৰ দিশক সামৰি লয়?

উত্তৰঃ মূল্যবোধে সমাজত প্রচলিত ধর্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী- এই সকলোবোৰ দিশকে মূল্যবোধে সামৰি লয় । কিয়নো, মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা-নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ হয় আরু সামাজিক পৰিৱেশত এইসমূহ নীতি আরু আদর্শক আয়ত্ব কৰা হয় ।    

 

(খ) প্রয়োগবাদী দার্শনিক সকলৰ মূল্যবোধ সম্পর্কে ধাৰণা কেনেকুৱা?

উত্তৰঃ প্রয়োগবাদী দাৰ্শনিকসকলৰ মতে, মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে । প্রকৃততে মূল্যবোধ সম্পূৰ্ণরূপে সমাজৰ পৰিৱেশ আরু প্রয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয় । সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয় ।

 

(গ) অনৈতিক আচৰণ বুলিলে কি বুজা?

উত্তৰঃ নৈতিক আচৰণ বা নৈতিকতাই সমাজৰ ৰীতি-নীতিসমূহক মানি চলাটোক বুজায় । যদি সমাজৰ গ্রহণযোগ্য নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ আদিৰ বিপৰীতে  চলে বা যায়, তেন্তে তাক অনৈতিক আচৰণ বুলি বুজা যায় ।

 

(ঘ) শিশুৰ নৈতিক বিকাশৰ অর্থ কেনেকুৱা?

উত্তৰঃ শিশুৰ নৈতিক বিকাশৰ অর্থ হৈছে- সমাজৰ প্রচলিত আচৰণবোৰ আয়ত্ব কৰিবলৈ শিকোৱা । মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশ আরু আচৰণৰ বাবে যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আরু নৈতিক স্বতন্ত্রতা, এই চাৰি বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে ।

 

কৈশোৰ কাল আরু ইয়াৰ উপযোগী শিক্ষা

(ক) কৈশোৰ কালত কি কি ক্ষেত্রত জটিল পৰিৱৰ্তন দেখা যায়?

উত্তৰঃ কৈশোৰ কালত সহজ-সৰল গতিৰ পৰিৱৰ্তে শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আরু নৈতিক ক্ষেত্রত নানা জটিল পৰিৱৰ্তনৰ সন্মোখিন হব লগা হয় । জীৱনৰ গতিত এই সময়ছোৱাত নানা খেলি-মেলিৰ সৃষ্টি হয় ।

 

 

(খ) মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে কি কি ক্ষেত্রত পৰিপক্কতাৰ কথাকে সূচায়?

উত্তৰঃ মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে জৈৱিক, মানসিক, আৱেগিক আরু সামাজিক ক্ষেত্রৰ পৰিপক্কতাৰ কথাকে সূচায় । এই দিশত শাৰীৰিক বা জৈৱিক পৰিৱৰ্তনসমূহ স্পষ্টকৈ পৰিলক্ষিত হয় কিন্তু মানসিক বা সামাজিক গুণসমূহ স্পষ্টকৈ ফুটি নুঠে বা প্রকাশ নাপায় ।

 

(গ) কৈশোৰ কালক কোন দুখন জগতৰ সংযোগী কাল বুলিব পাৰি লিখা ।

উত্তৰঃ কৈশোৰ কালক শিশুৰ জগতআরু প্রাপ্তবয়স্কৰ জগত’- এই দুখন জগতৰ সংযোগী কাল বুলিব পাৰি ।

 

(ঘ) কিশোৰ-কিশোৰীৰ মনত কিহৰ বাবে মানসিক দ্বন্দ্বৰ সৃষ্টি হব পাৰে?

অথবাঃ (ঙ) কিহৰ বাবে কৈশোৰ কালছোৱাত মানসিক দ্বন্দ্বৰ সৃষ্টি হব পাৰে?

উত্তৰঃ কৈশোৰ সময়ছোৱাত কিশোৰ-কিশোৰীৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আরু নৈতিক দিশত ইয়াৰ প্রভাৱ পৰে । ধর্মৰ প্রতি, দৰ্শনৰ প্রতি আরু জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্রতি এই কালছোৱাত উৎকণ্ঠা জাগি উঠে । তাৰেই ফলস্বরূপে মানসিক দ্বন্দ্বৰ সৃষ্টি হব পাৰে ।

 

 (চ) কৈশোৰসকলে আদর্শ ব্যক্তি হিচাপে সাধাৰনতে কি দিশত জড়িত ব্যক্তিক গ্রহণ কৰে?

উত্তৰঃ কৈশোৰসকলে আদর্শ ব্যক্তি হিচাপে সাধাৰনতে সচৰাচৰ ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিক গ্রহণ কৰে । বীৰপূজাৰ বা বীৰপূজনৰ এই প্রবৃত্তিক কৈশোৰসকলে চিনেমাৰ অভিনেতা আরু খেলৰ লগত জড়িত খেলুৱৈসকলৰ আদর্শসমূহক অনুকৰণ কৰে ।

 

 

ভগৱানে সকলোকে সু-পথত আগুৱাই লৈ যাওঁক ।