চিঠি, লেখক-শীলভদ্ৰ, নোট-পদ্মেশ্বৰ
অতি
চমু
প্ৰশ্ন (VSA)- মূল্যাংকঃ ১
(ক) ‘চিঠি’ গল্পটো
শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘চিঠি’ গল্পটো
শীলভদ্ৰৰ ১৯৯৪ চনত প্ৰকাশিত ‘চিঠি আরু অনান্য গল্পৰ সংকলন’ৰ পৰা লোৱা হৈছে ।
(খ) শীলভদ্ৰই
কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল?
উত্তৰঃ শীলভদ্ৰই ১৯৯৪
চনত প্ৰকাশিত ‘মধুপুৰ বহুদুৰ’
গ্রন্থৰ বাবে সাহিত্য অকাডেমি বটা লাভ কৰিছিল ।
(গ)কাৰ
চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
উত্তৰঃ অতিকৈ ঘনিষ্ঠ পুৰণা
বন্ধু প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল । লগতে, আন এক প্রসংগত আমি পাওঁ যে ভূদেৱ
চৌধুৰী কিছুদিন বাগানত থকাৰ সময়ত পৰিবাৰৰ চিঠিৰ বাবেও তেওঁ অপেক্ষা
কৰি আছিল ।
(ঘ) প্ৰশান্ত
শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?
উত্তৰঃ প্ৰশান্ত
শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল’ৰা এজনে দিছিল ।
(ঙ) ভূদেৱ
চৌধুৰী টিংখঙলৈ কিয় গৈছিল?
উত্তৰঃ ভূদেৱ
চৌধুৰী বাগানৰ কামৰ খাতিৰত টিংখঙলৈ গৈছিল ।
(চ) শিলভদ্রৰ আচল নাম কি?
উত্তৰঃ শিলভদ্রৰ আচল নাম হ’ল- ৰেৱতীমোহন দত্ত চৌধুৰী ।
(ছ) শীলভদ্রৰ দ্বাৰা ৰচিত চুটিগল্পৰ এটি বৈশিষ্ট্য লিখা ।
উত্তৰঃ শীলভদ্রৰ দ্বাৰা ৰচিত চুটিগল্পৰ এটি বৈশিষ্ট্য হ’ল-
“আৰম্ভণি আকস্মিক” । উদাহৰণস্বরূপে-শীলভদ্রৰ ‘চিঠি’ নামৰ চুটিগল্পটি হঠাতে আৰম্ভণি
হৈছে ।
(জ) ভূদেৱ চৌধুৰী কোন আছিল?
উত্তৰঃ ভূদেৱ চৌধুৰী প্রশান্ত শৰ্মাৰ ঘনিষ্ঠ বন্ধু আছিল ৷
অৱসৰ লোৱাৰ পিছত দুয়ো চহৰৰ ভিন্ন প্রান্তত থাকিছিল ৷
(ঝ) ফাণ্ড কোন আছিল?
উত্তৰঃ ফাণ্ড এজন বনুৱা আছিল যোনে টিংখঙৰ পৰা বাগানৰ ডাক
আনিছিল ৷
(ঞ) ভূদেৱ চৌধুৰীৰ অন্তরংগ বন্ধুজনৰ নাম কি আছিল?
উত্তৰঃ ভূদেৱ চৌধুৰীৰ
অন্তরংগ বন্ধুজনৰ নাম আছিল- প্রশান্ত শর্মা ।
চমু প্রশ্ন (আৰ্হি নং
১) (SA Type-I) – মূল্যাংকঃ ২
(ক) ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে?
উত্তৰঃ ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে শৈশৱৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মা আরু নিজৰ পৰিবাৰৰ পৰা আহিব পৰা চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ।
(খ) শীলভদ্ৰই
লাভ কৰা দুটা বঁটাৰ নাম লিখা।
উত্তৰঃ
শীলভদ্ৰই সাহিত্য কৰ্মৰ স্বীকৃতি হিচাপে কেইবাটাও বঁটা লাভ কৰিছিল । তাৰ ভিতৰত দুটা হল – ১৯৯০ চনত
অনুসন্ধান উপন্যাসৰ বাবে ‘অসম প্ৰকাশন পৰিষদ বঁটা’ আরু সাহিত্য ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনৰ ‘অসম উপত্যকা বঁটা’ ।
(গ) ভূদেৱ
চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল?
উত্তৰঃপ্রশান্ত শৰ্মা
আরু ভূদেৱ চৌধুৰী, দুয়ুজন বন্ধুৰে অৱসৰ লোৱাৰ কেইবা বছৰো পাৰ হ’ল আরু চহৰৰ ভিন্ন
প্রান্তত বাস কৰে । যোগসূত্র
ৰাখিবলৈ বিচাৰিলেও তেওঁলোকৰ দুয়ুৰে গাড়ী আরু ফোন নাই । চিটি বাছত যথেষ্ট ভিৰ হোৱা
বাবে উঠিবলৈ ভয় কৰে । সেয়েহে,
এনে এক পৰিস্থিতিত পুৰণা বন্ধু প্রশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে
যোগসূত্র ৰক্ষাৰ বাবে চেষ্টা কৰিছিল ।
(ঘ) ‘চিঠি’ গল্পটিত কাৰ
চিঠি পুরুষাণুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে ? তেওঁৰ চিঠি কিয়
মূল্যৱান ?
অথবাঃ কাৰ
চিঠি পুরুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যবান?
উত্তৰঃ ‘চিঠি’ নামৰ
গল্পটিত ৰবীন্দনাথ ঠাকুৰৰ
চিঠি পুরুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।
প্ৰকৃত অৰ্থত
চিঠি এখনেই চিঠিৰ মূল্য । সেয়ে ৰবীন্দনাথ ঠাকুৰৰ মৃত্যুৰ পঞ্চাশ বছৰ পিছতো এতিয়াও বঙালী আলোচনীত তেখেতৰ চিঠিবোৰ ছপা হৈ আছে । পৰিচিত অপৰিচিত অজস্র মানুহে ৰবীন্দ্রনাথ ঠাকুৰক চিঠি প্রেৰণ কৰিছিল । কিবা এটা উত্তৰ পালে, সেয়াই তেওঁৰ অমূল্য সম্পদ হিচাপে বিবেচিত হৈছিল । এইবোৰে, পুরুষানুক্ৰমে
সঞ্চয় কৰি থবলগীয়া সম্পত্তি স্বরূপ ।
(ঙ) বৰ্তমান
সময়ত চিঠিৰ প্ৰাসঙ্গিকতা কিয় কমি গʼল?
উত্তৰঃ এসময়ত
চিঠিয়েই আছিল মানুহৰ একমাত্ৰ যোগাযোগৰ মাধ্যম । কিন্ত
বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশে মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি পেলালে । যাৰ ফলত চিঠিৰ প্ৰাসঙ্গিকতা কমি গʼল
আরু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা মানুহৰ মাজত হেৰাই গʼল ।
চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) - মূল্যাংকঃ ৩
(ক) শীলভদ্রৰ গল্পৰ
তিনিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ শীলভদ্রৰ গল্পৰ
তিনিটা বৈশিষ্ট্য হ’ল-
(অ) শীলভদ্রদেৱে বাস্তৱ
জীৱনৰ সৰু সৰু যেন লগে ঘটনা একোটাক বিষয়বস্তু
হিচাপে নিৰ্বাচন কৰে ।
(আ) শীলভদ্রৰ গল্পৰ ভাষা
সৰল আৰু
মেদহীণ বৰ্ণনা প্রকাশ পায় ।
(ই) শীলভদ্রৰ গল্পৰ মাজত
অসাধাৰণত্ব প্রকাশ পায় ।
(খ) শীলভদ্রৰ তিনিখন
চুটিগল্প সংকলনৰ নাম লিখা ।
উত্তৰঃ শীলভদ্রৰ তিনিখন
চুটিগল্প সংকলনৰ নাম হ’ল- ‘বাস্তৱ’ (১৯৭৫), ‘কোনো ক্ষোভ নাই’ আৰু ‘চিঠি আৰু অন্যান্য গল্প’ ।
(গ) চিঠি শীৰ্ষক গল্পটিৰ
তিনিটা চৰিত্রৰ নাম লিখা ।
উত্তৰঃ চিঠি শীৰ্ষক
গল্পটিৰ তিনিটা চৰিত্রৰ নাম হ’ল- ভূদেৱ চৌধুৰী, প্রশান্ত শৰ্মা আৰু ফাগু ।
(ঘ) ‘আপোনাৰ চিঠিখন
পাইছিল । বৰ ভাল পাইছিল ।’ – কোনে কি প্রসংগত এই কথা কৈছিল ?
উত্তৰঃ ভূদেৱ চৌধুৰীয়ে
তেওঁৰ পুৰণা বন্ধু প্রশান্ত শৰ্মালৈ এখন চিঠি লিখিছিল । কিন্তু চিঠিখনৰ উত্তৰ
কেইবাদিনলৈ নোপোৱাৰ বাবে যেতিয়া প্রশান্ত শৰ্মাৰ ঘৰলৈ গৈছিল তেতিয়া প্রশান্ত শৰ্মা
মৃত্যু হোৱাৰ পৰিপেক্ষিতত পৰিবাৰ শোকত অভিভূত হৈ আকুলভাৱে কান্দি আছিল । যেতিয়া
ভূদেৱ চৌধুৰীক দেখিছিল তেতিয়া প্রশান্ত শৰ্মা পৰিবাৰে উক্ত কথাষাৰি কৈছিল ।
(ঙ) এই শব্দবোৰৰ অৰ্থ
লিখাঃ অনুকম্পা, কঙাল, সংগত
উত্তৰঃ শব্দ - অৰ্থ
অনুকম্পা – সহানুভূতি, কৰুণা, দয়া ।
কঙাল – যাৰ একো নাই,
নিঃস্ব, দুখীয়া, খাবলৈ নোপোৱা ।
সংগত – খাপখোৱা, উচিত,
যুক্তিযুক্ত ।
দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I) – মূল্যাংকঃ ৪
(ক) সাধাৰণতে চুটিগল্প
নামকৰণৰ লগত কি কি কথা জড়িত হৈ থাকে ?
উত্তৰঃ শীলভদ্র অথবা
ৰেৱতীমোহন দত্ত চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ‘চিঠি’ নামৰ গল্পটোৰ নামকৰণৰ মাজত কেইবাটাও
কথা জড়িত হৈ থাকে । বিশেষকৈ, (ক) বিষয়বস্তুৰ ইংগিত, (খ) মূল চৰিত্রৰ পৰিচয়, আরু
(গ) কেন্দ্রীয় ভাব আদি ।
‘চিঠি’ গল্পটোৰ নামটোৰ সৈতে বিষয়বস্তুৰ ইংগিত আরু কেন্দ্রীয় ভাব
দুয়োটা কথা জড়িত হৈ আছে । গল্পটোৰ বিষয়বস্তু চিঠিক লৈ গঢ় লৈ উঠিছে । গল্পটোত, এজন
ব্যক্তিয়ে (ভূদেৱ চৌধুৰী) তেওঁৰ বন্ধুলৈ (প্রশান্ত শৰ্মা) চিঠি প্রেৰণ কৰি উত্তৰৰ
বাবে অপেক্ষা কৰিছে । চিঠিৰ প্রসঙ্গত প্রখ্যাত সাহিত্যিক ৰবীন্দ্রনাথ ঠাকুৰলৈ অহা
আরু ৰবীন্দ্র ঠাকুৰে বিভিন্নজনলৈ দিয়া চিঠিবোৰৰ গুরুত্বৰ কথা ব্যক্ত কৰিছে । লগতে,
ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা
কৰাৰ কথা উল্লেখ কৰিছে ।
এখন চিঠিয়েই গল্পটোৰ কেন্দ্রীয় বিষয় হিচাপে পৰিগণিত হৈছে । ভূদেৱ
চৌধুৰীয়ে বন্ধু প্রশান্ত শৰ্মা্লৈ প্রেৰণ কৰা চিঠিখনক কেন্দ্র কৰি দুইখন ঘৰতে
উৎকন্ঠা আরু আনন্দৰ অৱতাৰণা হৈছে । চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্রশান্ত
শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু
ঘটিছে । সমসাময়িকভাৱে, বন্ধুৰ মৃত্যুৰ খবৰ ল’বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ
কথাকৈয়ে উল্লেখ কৰিছে ।
(খ) শীলভদ্রৰ দ্বাৰা
ৰচিত চাৰিখন গ্রন্থৰ নাম লিখা ।
উত্তৰঃ শীলভদ্রৰ দ্বাৰা
ৰচিত চাৰিখন গ্রন্থৰ নাম হ’ল-
(১)কোনো ক্ষোভ নাই, (২)
উত্তৰণ, (৩) আকৌ মধুপুৰ, (৪) তৰ্পণ
(গ) ভূদেৱ চৌধুৰীয়ে
প্রশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল ?
উত্তৰঃ চাকৰি বা
কৰ্মজীৱনৰপৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে । এই সময়ছোৱাত,
পুৰণি মনেমিলা বন্ধুৰ সান্নিধ্যিই আনন্দ প্রদান কৰে । বন্ধুৰপৰা যদি আন্তৰিকতা আরু
আগ্রহপূৰ্ণ সঁহাৰি লাভ কৰা যায় তেতিয়া তেনে আনন্দ দুগুণে বৃদ্ধি প্রায় । নিজৰ
পুৰণা বন্ধু প্রশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে এনে আনন্দকে অনুভৱ
কৰিছে ।
দুয়ুজন বন্ধুৰে অৱসৰ লোৱাৰ কেইবা বছৰো পাৰ হ’ল । দুয়ুজন চহৰৰ ভিন্ন
প্রান্তত বাস কৰে । চহৰৰ আলৈ-আহুকাল নোহোৱাকৈ বাস কৰিবলৈ হ’লে আনুষঙ্গিক যিবোৰ
সা-সুবিধাৰ প্রয়োজন সেয়া দুয়ুজনৰে নাই । তেওঁলোকৰ দুয়ুৰে গাড়ী আরু ফোন নাই ।
সেয়েহে, যোগসূত্র ৰাখিবলৈ বিচাৰিলেও উপায় নাই । চিটি বাছত যথেষ্ট ভিৰ হোৱা বাবে
উঠিবলৈ ভয় কৰে ।
সেয়েহে, এনে এক পৰিস্থিতিত পুৰণা বন্ধু প্রশান্ত শৰ্মালৈ এখন চিঠি
লিখি ভূদেৱ চৌধুৰীয়ে যোগসূত্র ৰক্ষাৰ বাবে চেষ্টা কৰিছে ।
(ঘ) ‘চিঠি’ গল্পটিৰ
কাহিনীটো তোমাৰ ভাষাত চমুকৈ লিখা ।
অথবাঃ ‘চিঠি’ চুটি গল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা ।
উত্তৰঃ
শীলভদ্ৰৰ চিঠি নামৰ চুটিগল্পটি এখন চিঠি আরু সেই চিঠিখনৰ লগত জড়িত মানুহৰ অন্তৰৰ আবেগ অনুভূতিক কেন্দ্ৰ কৰি গড় লৈ উঠিছে । চাকৰিৰ পৰা অৱসৰৰ পিছত অনুভৱ হোৱা একাকীত্বৰ পৰা মুক্তি বিচাৰি আরু মনেমিলা বন্ধুৰ সান্নিধ্য লাভৰ আনন্দ বিচাৰি ভূদেব চৌধুৰীয়ে নিজৰ পুৰনা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি পঠিয়ালে ।
অধীৰ অপেক্ষাৰে
চিঠি উত্তৰলৈ বাট চাই থকাৰ সময়তে তেওঁ জানিব পাৰিলে যে প্ৰশান্ত শৰ্মা মানুহজন ঢোকাল । শৰ্মাৰ ঘৰত খবৰ লবলৈ গৈ ভুদেৱ চৌধুৰীয়ে গম পালে যে মৃত্যুৰ আগতে শৰ্মাৰ ঘৰখনত চিঠিখনে এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰিছিল । আনকি প্ৰশান্ত শৰ্মাই চিঠিৰ উত্তৰ দিবলৈ এটা লেফাফাও যোগাৰ কৰিছিল । কিন্ত সেয়া
হৈ নুঠিল । কথাখিনি গম পাই ভূদেৱ চৌধুৰীৰ হৃদয় শোকত উথলি উঠিছিল । চৌধুৰীয়ে নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল, সেইখিনি আনন্দ বন্ধু প্ৰশান্ত শৰ্মাই লাভ কৰিলে – তাকে উপলব্ধি কৰি তেওঁ আবেগিক হৈ পৰিল ।
এনেদৰে অপ্ৰাপ্তিৰ
মাজতো লুকাই থকা মধুৰতা গল্পটিৰ মাজত সুন্দৰ রূপে ফুটি উঠিছে ।
(ঙ) শীলভদ্ৰৰ
সাহিত্য-কৃতিৰ চমু পৰিচয় দিয়া বা দাঙি ধৰা ।
উত্তৰঃ
শীলভদ্ৰ ৰামধেনু যুগৰ এগৰাকী সুনিপুন চুটিগল্প লেখক । তেওঁৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্তচৌধৰী । সাহিত্য ৰচনাৰ বাবে তেওঁ ‘শীলভদ্ৰ’ নাম
গ্ৰহণ কৰে । শীলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে । ১৯৭১ চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন মধুপুৰ আরু তৰংগিনী প্ৰকাশ পায় । তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপেহে অধিক খ্যাতি অৰ্জন কৰে ।
১৯৭৫ চনত
তেওঁৰ প্ৰথম গল্প সংকলন ‘বাস্তৱʼ প্ৰকাশ পায় । ইয়াৰ পাছত তেওঁ কুৰিখনৰো অধিক গল্প সংকলন প্ৰকাশ পায় । তাৰে কেইখনমান হʼল – কোনো ক্ষোভ নাই, সমুদ্ৰতীৰ, তরুৱা
কদম, উত্তৰণ, দায়িত্ব
আৰু অনান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আরু অনান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি ।
শীলভদ্ৰই
‘ৰিপভান
উইংকল আরু কেইটামান গল্পʼ আরু ‘রূপান্তৰʼ নামৰ দুখন গ্ৰন্থ অনুবাদো কৰিছিল । ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ
বাবে শীলভদ্ৰই ‘অসম প্ৰকাশন পৰিষদ বঁটা’, ১৯৯২ চনত ‘দায়িত্ব
আরু অন্যান্য গল্পʼ সংকলনৰ বাবে
‘ভাৰতীয় ভাষা পৰিষদৰ বঁটা’ আরু ১৯৯৪ চনত ‘মধুপুৰ বহুদূৰʼ গল্প সংকলনৰ
বাবে ‘সাহিত্য অকাদেমি বঁটা’ লাভ কৰে । সাহিত্য
ক্ষেএলৈ আগবাঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেখেতক ‘অসম উপত্যকা সাহিত্য’ বটাৰে সন্মানিত কৰা হয় ।
দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA Type-II)- মূল্যাংকঃ ৫
(ক) ভূদেৱ চৌধুৰীৰ
চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ?
উত্তৰঃ ভূদেৱ
চৌধুৰীৰ মূল্যৱান চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল । পুৰণি বন্ধু চৌধুৰীৰ চিঠিখন পাই প্ৰশান্ত শৰ্মা ইমানেই অভিভুত হৈ পৰিছিল যে তেওঁলোকৰ ঘৰলৈ যিয়েই গৈছিল তাকেই তেওঁ চিঠিখন দেখুৱাইছিল । তদুপৰি মুখতো কেৱল বন্ধুৰ কথাকেই ওলাইছিল –একেলগে কি কৰিছিল, ক’ত গৈছিল, সেইবোৰকে প্ৰশান্ত শৰ্মাই সকলোৰে আগত কৈছিল । আনকি উত্তৰ দিবৰ নিমিত্তে এটা লেফাফাও পুতেকৰ হতুৱাই আনি থৈছিল । প্ৰশান্ত শৰ্মাৰ খবৰ লবলৈ যাওঁতে শৰ্মাৰ পুত্ৰ, কন্যা আরু পত্নীয়ে এই কথাখিনি ভুদেৱ চৌধুৰীক ব্যক্ত কৰিছিল ।
কথাখিনি
গম পাই ভূদেৱ চৌধুৰীৰ হৃদয় শোকত উথলি উঠিছিল । চৌধুৰীয়ে নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল, সেইখিনি আনন্দ বন্ধু প্ৰশান্ত শৰ্মাই লাভ কৰিলে – তাকে উপলব্ধি কৰি তেওঁ আবেগিক হৈ পৰিল । এনেদৰে অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতা গল্পটিৰ মাজত সুন্দৰ রূপে ফুটি উঠিছে ।
(খ) আপোনজনৰ
পৰা চিঠি পোৱা আরু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকা মধুৰতা ‘চিঠি’ গল্পত কেনেদৰে/কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ।
উত্তৰঃ গল্পকাৰ
শীলভদ্ৰ ‘চিঠি’ চুটিগল্পটিত চিঠিক
কেন্দ্ৰ কৰি সৃষ্টি হোৱা মধুৰতাখিনি সুন্দৰ রূপত ফুটি উঠিছে । এসময়ত চিঠিয়েই আছিল মানুহৰ যোগাযোগৰ প্ৰধান মাধ্যম । এখন চিঠিৰ বাবে কৰা অপেক্ষাৰ সময়খিনিও মধুৰতম । চাকৰিৰ পৰা অৱসৰ গ্ৰহনৰ পিছত একাকীত্বৰ পৰা মুক্তি পাবলৈ ভূদেৱ চৌধুৰীয়ে পুৰণি বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিছিল । তাৰ পিছদিনাৰে পৰা তেওঁ চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰিছিল । চৌধুৰীয়ে চিঠি অহাৰ সময়খিনিত বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে । কেতিয়াবা কিবা কাৰণত পিয়নজন অহাৰ সময়খিনিত ঘৰত নাথাকিলে ঘৰলৈ উভতি আহিয়েই চৌধুৰীয়ে পৰিবাৰক চিঠি পত্ৰ কিবা আহিছে নেকিʼ বুলি প্ৰশ্ন
কৰে।
আন এক প্রসংগ অনুসৰি, বিয়াৰ পিছত চৌধুৰীয়ে পৰিবাৰক কিছুদিনৰ বাবে গাঁৱৰ ঘৰত থৈ বাগানত থকা দিনকেইটাত তেওঁ পত্নীৰ পৰা আহিব লগা চিঠিখনৰ বাবে ব্যকুল হৈ অপেক্ষা কৰিছিল । আনকি কেতিয়াবা চাইকেলখন লৈ তেওঁ বাগানৰ পৰা টিংখঙলৈ চাৰি মাইল বাট আগুৱাই গৈছিল । কাৰণ তিনিবজাত ডাকোৱালজন আহি বাগান পোৱালৈ তেওঁ ধৈৰ্য ধৰি ৰৈ থাকিব নোৱাৰিছিল ।
আনফালে আকৌ ভূদেৱ চৌধুৰীৰ পৰা হঠাতে চিঠিখন পাই প্ৰশান্ত শৰ্মা আনন্দত আত্মহাৰা হৈ পৰিছিল । সকলোকে চৌধুৰীৰ কথা কৈ ব্যতিব্যস্ত হৈ পৰিছিল । চৌধুৰীৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত, প্ৰতিটো কথাই শৰ্মাই আনৰ আগত কৈছিল । ঘৰলৈ কোনোৱা আলহী আহিলেও তেওঁ চৌধুৰীৰ চিঠিখন দেখুৱাইছিল।
এনেদৰে ‘চিঠি’ গল্পটিত আপোনজনৰ পৰা পোৱা চিঠিৰ মাধুৰ্যতাখিনি অতি আকৰ্ষণীয় রূপত প্ৰকাশ পাইছে ।
(গ) ‘চিঠি’ গল্পটিৰ নামকৰণৰ
সাৰ্থকতা বিচাৰ কৰা ।
উত্তৰঃ
‘চিঠি’ গল্পটিৰ নামকৰণৰ
সাৰ্থকতা বিভিন্ন দিশত দেখা যায় । বিশেষকৈ বিষয়বস্তুৰ
ইংগিত, মূল চৰিত্ৰৰ পৰিচয়, কেন্দ্রীয় ভাৱ ইত্যাদি ।
গল্পৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে । ভূদেৱ চৌধুৰীয়ে তেওঁৰ শৈশৱৰ বন্ধু প্ৰশান্ত শৰ্মালৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে । প্ৰসঙ্গক্ৰমে ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্ন জনলৈ লিখা চিঠিবোৰৰ গুরুত্বৰ কথা কোৱা হৈছে । লগতে ভূদেৱ চৌধুৰী ঘৰৰ পৰা আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাৰ কথাও উল্লেখ কৰা হৈছে ।
আকৌ এখন
চিঠিয়েই হʼল
ঘটনাৰ কেন্দ্ৰবিন্দু । চৌধুৰীয়ে শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকন্ঠা আরু আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে । চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ লগে লগেই শেষ হৈছে । আনকি বন্ধুৰ মৃত্যুৰ খবৰ লবলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোকে সেই চিঠিখনৰ কথাকে কৈছে ।
এনেদৰে বিশ্লেষন কৰিলে দেখা যায় যে এখন চিঠিক অৱলম্বন কৰিয়েই ঘটনাৰ চকৰি ঘূৰিছে । সেয়েহে ‘চিঠি’ গল্পটিৰ নামকৰণ
সাৰ্থক হৈছে
বুলিব পাৰি ।
(ঘ) ভূদেৱ চৌধুৰী কোন
আছিল ? তেওঁ কিহৰ বাবে অপেক্ষা কৰি আছিল, বুজাই লিখা ।
উত্তৰঃ ভূদেৱ চৌধুৰী
প্রশান্ত শৰ্মাৰ অতি ঘনিষ্ঠ বন্ধু আছিল ।
দুয়ুজন বন্ধুৰে অৱসৰ লোৱাৰ কেইবা বছৰো পাৰ হ’ল আরু চহৰৰ ভিন্ন
প্রান্তত বাস কৰে । যোগসূত্র
ৰাখিবলৈ বিচাৰিলেও তেওঁলোকৰ দুয়ুৰে গাড়ী আরু ফোন নাই । চিটি বাছত যথেষ্ট ভিৰ হোৱা
বাবে উঠিবলৈ ভয় কৰে । সেয়েহে,
এনে এক পৰিস্থিতিত পুৰণা বন্ধু প্রশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে
যোগসূত্র ৰক্ষাৰ বাবে চেষ্টা কৰিছিল ।
ইয়াৰ পৰৱৰ্তী দিনৰ পৰা, ভূদেৱ চৌধুৰীয়ে প্রশান্ত শৰ্মাৰ চিঠিৰ কাৰণে
অপেক্ষা কৰি আছিল । তেওঁলোকৰ ফালে পিয়ঞ্জন একমান বজাত আহে আরু সেয়েহে তেওঁ সদায়
ঘড়ী চাই থাকে । এক বাজিবৰ হ’লে তেওঁ বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবিদ্ধ কৰি
ৰাখে । কেতিয়াবা কিবা কাৰণে পিয়নজন অহা সময়ত ঘৰত নাথাকিলে ঘৰলৈ আহি তেওঁ চিঠিপত্র
কিবা আহিছে নেকি প্রথমেই প্রশ্ন কৰে । চিঠিৰ বাবে অপেক্ষা কৰি চৌধুৰীদেৱ প্রত্যেক দিনেই অধীৰ হৈ
আছিল । কিন্ত শেষত জানিছিল যে প্রশান্ত শৰ্মা
ঢুকাল আরু তেতিয়াই চিঠিৰ অপেক্ষাৰ অন্ত পৰিছিল ।
(ঙ) প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা
‘দেউতাই আপোনাৰ চিঠিখন পাইছে । ইমান যে ভাল পাইছিল কি আরু কম?’
উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰিভ’ৰ অন্তৰ্গত শীলভদ্র অথবা ৰেৱতীমোহন
দত্ত চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ‘চিঠি’ নামৰ গল্পটোৰ পৰা তুলি দিয়া হৈছে ।
উদ্ধিত কথাফাকি প্রশান্ত শৰ্মাৰ
পুত্রই বা ল’ৰাজনে ভূদেৱ চৌধুৰীক তেখেতৰ চিঠিৰ প্রসংগত প্রশান্ত শৰ্মাৰ বা তেওঁৰ
দেউতাকৰ প্রতিক্রিয়াৰ কথা ব্যক্তি কৰি অৱতাৰণা কৰিছে ।
প্রশান্ত শৰ্মা আরু ভূদেৱ চৌধুৰী,
দুয়ুজন বন্ধুৰে অৱসৰ লোৱাৰ কেইবা বছৰো পাৰ হ’ল আরু চহৰৰ ভিন্ন প্রান্তত বাস কৰে । যোগসূত্র ৰাখিবলৈ বিচাৰিলেও
তেওঁলোকৰ দুয়ুৰে গাড়ী আরু ফোন নাই লগতে চিটি বাছত যথেষ্ট ভিৰ । সেয়েহে, এনে এক পৰিস্থিতিত
পুৰণা বন্ধু প্রশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে যোগসূত্র ৰক্ষাৰ বাবে
চেষ্টা কৰিছিল । তেওঁ সদায় চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰি আছিল । কিন্ত কেইবাদানো
অপেক্ষা কৰাৰ অন্তত, যেতিয়া অট’ এখন লৈ প্রশান্ত শৰ্মাৰ ঘৰলৈ গৈছিল । তেতিয়া চৌধুৰীক
দেখি প্রশান্ত শৰ্মাৰ ল’ৰাজন আগবাঢ়ি আহি উক্ত কথাষাৰিৰ অৱতাৰণা কৰিছিল । প্রশান্ত
শৰ্মাৰ ল’ৰাজনে জনাইছিল যে তেওঁৰ দেউতাকে চিঠিখন পাই যথেষ্ট ভাল পাইছিল । তেওঁলোকৰ
ঘৰলৈ যিয়েই আহিছিল তাকেই চিঠিখন দেখুৱাইছিল । সেইকেইদিন কেৱল চৌধুৰীৰ কথা আছিল । লগতে, তেওঁলোকে একেলগে
কি কৰিছিল, ক’ত গৈছিল সেইবোৰকে কৈ আছিল ।
ভগৱানে সকলোকে পঢ়াৰ দিশত
আগুৱাই নিয়েযেন ।