অধ্যায়- 13 বিদ্যুৎ -প্রবাহৰ চুম্বকীয় ক্রিয়া ( Magnetic Effects of Electric Current ) by Podmeswar

১। ধাঁতুৰ তাৰৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিলে দিক্‌ নির্ণায়ক যন্ত্র বিক্ষেপিত হয় । ইয়াৰ অর্থ হৈছে- তামৰ পৰিবাহীডালৰ মাজেৰে যোৱা বৈদ্যুতিক প্রবাহে চুম্বকীয় ক্রিয়া সংঘটিত কৰে

 

২। বিদ্যুৎ আরু চুম্বকৰ মাজৰ যোগসূত্র আছে ।

 

৩। ১৮২০ চনত হান্স্‌ খ্রিষ্টিয়ান অ’ৰষ্টেডে আৱিষ্কাৰ কৰিছিল যে ধাতুৰ পৰিবাহীৰ মাজেৰে প্রবাহ চালিত কৰিলে তাৰ কাষত ৰখা দিগদর্শন যন্ত্রৰ কাঁটাৰ বিক্ষেপণ হয় ।

          তেওঁৰ গৱেষণাৰ পৰা বিদ্যুৎ আরু চুম্বকত্বৰ মাজৰ সম্পর্ক বিৰাজমান হ’ল আরু ৰেডিঅ’, টেলিভিজন আরু ফাইবাৰ অপটিক্স (Fibre Optics) ৰ দৰে প্রযুক্তিৰ জন্ম হ’ল । তেখেতৰ সন্মানত চৌম্বক ক্ষেত্রৰ প্রাৱল্য এককৰ নাম অ’ৰষ্টেড ৰখা হ’ল ।

 

৪। দিগদর্শন যন্ত্র হৈছে এটুকুৰা সরু দণ্ড চুম্বক ।

দিগদর্শন যন্ত্রৰ কাঁটাডালৰ দুইমূৰ প্রায় উত্তৰ-দক্ষিণ মুৱাকৈ থাকে । উত্তৰমুৱাকৈ থকা মুৰটোক ‘উত্তৰ পিপাসী’ বা উত্তৰ মেরু আরু দক্ষিণমুৱাকৈ থকা মূৰক ‘দক্ষিণ পিপাসী’ বা দক্ষিণ মেরু বোলা হয় ।

 

৫। চুম্বকৰ একেধৰণৰ মেরুৰ মাজত বিকর্ষণ আরু বেলেগ ধৰণৰ মেরুৰ মাজত আকর্ষণ হয় ।

 

৬।চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বক এডালৰ বল অনুভূত হয়, সেই অঞ্চলক চৌম্বক ক্ষেত্র বোলা হয় ।

 

৭। যিবোৰ ৰেখাৰে চৌম্বক বলৰ ক্ষেত্রক সূচায় বা বুজায়, সেইবোৰক চৌম্বক বল ৰেখা বোলে ।

 

৮। চৌম্বক ক্ষেত্র হৈছে এটা ৰাশি যিটোৰ মান আরু দিশ দুয়ুটাই আছে ।

 

৯। চৌম্বক ক্ষেত্রত দিগদর্শন যন্ত্রৰ কাঁটাৰ উত্তৰ মূৰটোৱে নির্দেশ কৰা দিশটোৱেই চৌম্বক ক্ষেত্রৰ দিশ বুলি গণ্য কৰা হয় ।

 

১০। চৌম্বক বলৰেখাবোৰ উত্তৰ মেরুৰ পৰা ওলায় আরু দক্ষিণ মেরুত সোমায় ।

 

১১। চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ দক্ষিণ মেরুৰ পৰা উত্তৰ মেরুলৈ হয়

 

১২। চৌম্বক বলৰেখাবোৰ বন্ধ চক্র ।

 

১৩। চৌম্বক ক্ষেত্রৰ আপেক্ষিক প্রাৱল্য বলৰেখাবিলাক ওচৰা ওচৰিকৈ থকাৰ মাত্রাৰ দ্বাৰা প্রদর্শিত হয় ।

 

১৪। য’ত চৌম্বক বলৰেখাবোৰ ঠাঁহ খাই থাকে, তাত চৌম্বক ক্ষেত্রখন অধিক শক্তিশালী অর্থাৎ তাৰ সংস্থাপিত চুম্বক এডালৰ মেরুত প্রযুক্ত বলৰ মান অধিক ডাঙৰ হয় ।

 

১৫। দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰেযদি কৰিলেহেঁতেন, তেন্তে তাৰ অর্থ হ’ব যে কটাকটি কৰা বিন্দুত দিগদর্শন যন্ত্রৰ কাঁটাই দুটা দিশ নির্দেশ কৰিব, যিটো সম্ভৱ নহয় ।

 

১৬। কোনো ধাতুৰ পৰিবাহীৰ মাজেৰে যোৱা বৈদ্যুতিক প্রবাহে ইয়াৰ কেউকাষে এখন চৌম্বক ক্ষেত্রৰ সৃষ্টি কৰে

 

১৭। এটা সৰল বিদ্যুৎবর্তনীত এডাল পোন তামৰ তাঁৰ এটা দিকনিৰ্ণায়ক যন্ত্রৰ ওপৰত সমান্তৰালভাৱে ৰখা হয় । তেন্তে কাটাডালৰ বিক্ষেপণ বিপৰীত হ’ব যদিহে প্রবাহৰ দিশ ওলোটা হয় ।

 

১৮। পোন পৰিবাহীৰ মাজেৰে যোৱা প্রবাহৰ বাবে চৌম্বক ক্ষেত্রঃ

পৰিবাহীৰ মাজেৰে যোৱা প্রবাহে সৃষ্টি কৰা চৌম্বক ক্ষেত্রৰ প্রকৃতি কিহা ঠিরাং কৰে? পৰিবাহীৰ আকৃতিৰ ওপৰত এই আৰ্হিটো নির্ভৰ কৰেনে?

উত্তৰঃ তামৰ তাঁৰ এডালৰ প্রবাহ সলনি কৰিলে এটা প্রদত্ত বিন্দুত প্রতিস্থাপিত দিগদর্শন যন্ত্রৰ কাঁটাৰ বিক্ষেপণ সলনি হ’ব । অর্থাৎ বিখ্যাপন বাঢ়িব । ইয়াৰ অর্থ এইয়ে যে-

তাঁৰৰ মাজেৰে যোৱা প্রবাহ বাঢ়িলে কোনো প্রদত্ত বিন্দুত সৃষ্টি হোৱা চৌম্বক ক্ষেত্রৰ মান বাঢ়ি যায় ।

 

১৯। তামৰ তাঁৰডালত প্রবাহৰ মান একে ৰাখি দিগদর্শন যন্ত্রটো তাঁৰডালৰ পৰা আতৰাই নিলে ইয়াৰ বিক্ষেপণৰ কি ঘটিব ?

উত্তৰঃ পৰিবাহী তাঁৰডালৰ পৰা এটা দূৰৰ বিন্দুত দিগদর্শন যন্ত্রটো স্থাপন কৰিলে আমি দেখা পাওঁ যে কাটাডালৰ বিক্ষেপণ কমি গৈছে ।

          গতিকে, দূৰত্ব বঢ়াৰ লগে লগে কোনো পৰিবাহীৰ প্রদত্ত প্রবাহে সৃষ্টি কৰা চৌম্বকক্ষেত্রৰ মান কমি যায় । লগতে, আমি প্রত্যক্ষ করোঁ যে প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালৰ চৌম্বক ক্ষেত্র নির্দেশ কৰা এককেন্দ্রীক বৃত্তসমূহ দূৰত্ব বৃদ্ধিৰ লগে লগে ক্রমান্বয়ে ডাঙৰ হৈ যায় ।   

 

2015: 15. বৈদ্যুতিক জেনেৰেটৰ আরু বৈদ্যুতিক মটৰৰ মাজৰ পার্থক্য কি আছে?

(i) বৈদ্যুতিক জেনেৰেটৰত ব্রাচ রিং আরু (ii) বৈদ্যুতিক মটৰত ম্লিপ রিংৰ (Slip rings) কাৰ্য্য কি? 1+1+1 =3

 

উত্তৰঃ বৈদ্যুতিক জেনেৰটৰ আরু বৈদ্যুতিক মটৰৰ মাজৰ পার্থক্য হৈছে- বৈদ্যুতিক জেনেৰেটত সাধাৰণতে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ রূপান্তৰ কৰা হয় । আনহাতে, বৈদ্যুতিক মটৰত, বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ রূপান্তৰ কৰা হয় ।

(i) বৈদ্যুতিক জেনেৰেটত ব্রাচ রিংৰ কাৰ্য হ’ল- ই প্রতি আধা পাক ঘূৰ্ণনৰ অন্তত বাহুৰ প্রবাহৰ ধ্রুৱীয়তা সলনি কৰে

(ii) বৈদ্যুতিক মটৰত ম্লিপ রিংৰ (Slip rings) কাৰ্য্য হৈছে- ই প্রতি আধা পাক ঘূৰ্ণনৰ অন্তত বিদ্যুৎ প্রবাহৰ দিশ সলনি কৰে

 

নাইবা/অথবা

পৰীক্ষা এটাৰ সহায়ত বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা বুজাই লিখা ।      3

উত্তৰঃ এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্রৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্রবাহ আৱিষ্ট কৰা প্রক্রিয়াকে, বিদ্যুৎ চুম্বকীয় আৱেশ বোলা হয় । 

কাৰ্যকলাপঃ










(i)বহু সংখ্যক পাক থকা এটা তাঁৰৰ কুণ্ডলী চিত্রত দেখুওৱা ধৰণে AB লোৱা হ’ল ।

(ii) কুণ্ডলীটোৰ মূৰ দুটা এটা গেলভেন’মিটাৰৰ সৈতে সংযোগ কৰা হৈছে ।

(iii) এডাল শক্তিশালী দণ্ড চুম্বক লৈ, ইয়াৰ উত্তৰ মেরুটো কুণ্ডলীৰ B মূৰৰ ফালে নিলে গেলভিনমিটাৰৰ কাঁটাডালৰ বিক্ষেপন ঘটে ।

(iv) তাৰ পিছত, চুম্বকডালৰ উত্তৰমেরুটো কুণ্ডলীৰ পৰা আঁতৰাই নিলে, গেলভিন’মিটাৰটো বাওঁফাললৈ বিক্ষেপিত হ’ব ।

(v) যদি কুণ্ডলীৰ কাষৰ কোনো এক বিন্দুত, চুম্বকডাল স্থিতিশীল অৱস্থাত চুম্বকৰ উত্তৰ মেরু কুণ্ডলীৰ B মূৰৰ ফালে ৰখা হয়, তেতিয়া কুণ্ডলীটোক চুম্বকডালৰ উত্তৰ মেরুৰ ফালে গতি প্রদান কৰিলে গেলভেন’মিটাৰৰ কাঁটাডাল সোঁফাললৈ বিক্ষেপিত হ’ব আরু যদি কুণ্ডলীটো চুম্বকডালৰ পৰা আঁতৰাই নিলে কাঁটাডাল বাওঁফাললৈ ঘূৰিব ।

(vi) আকৌ, যদি চুম্বকডালৰ সাপেক্ষে কুণ্ডলীটো স্থিৰ অৱস্থাত থাকে, তেতিয়া গেলভেন’মিটাৰৰ বিক্ষেপন শূন্য হ’ব ।

      ইয়াৰ পৰা চুম্বকীয় আৱেশ সম্পর্কে সিদ্ধান্ত গ্রহণ কৰিব পাৰি যে- কুণ্ডলী সাপেক্ষে চুম্বক এডালৰ গতিৰ ফলশ্রুতিত এক আৱিষ্ট বিভৱভেদ উৎপন্ন হয়, যাৰ বাবে বৰ্তনীত আৱিষ্ট বৈদ্যুতিক প্রবাহ চালিত হয় ।

 

 

 

2016: 22. এটা চিহ্নিত চিত্রৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰৰ নীতি ব্যাখ্যা কৰা2

উত্তৰঃ

 


 

 

 

 

 

 

 

 

 

 

 


   বৈদ্যুতিক জেনেৰেটত চুম্বকীয় আৱেশ সূত্র প্রয়োগ কৰি নিৰ্মাণ কৰা হয় । বৈদ্যুতিক জেনেৰেটত চুম্বকৰ দুই মূৰৰ মাজত এটা কুণ্ডলী (আৰ্মেচাৰ) ঘূৰাই বিদ্যুৎ প্রবাহৰ সৃষ্টি কৰা হয় । বিদ্যুৎ উৎপাদক যন্ত্র বা জেনেৰেটৰ এটাৰ কাৰ্য চিত্রত দেখুৱাৰ দৰে, কুণ্ডলী (আৰ্মেচাৰ)টো চুম্বকডালৰ দুই মেরুৰ মাজত ঘূৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্রৰেখাবোৰৰ মান সলনি হয় ফলত, ফেৰাডেৰ নীতি অনুসৰি ইয়াৰ দুয়োমূৰে বিভৱভেদ আৱিষ্ট হয় । এটা সম্পূর্ণ ঘূৰ্ণনৰ প্রথম আধা সময়ত আৱিষ্ট বিদ্যুৎ প্রবাহৰ দিশ পৰৱৰ্তী আধা সময়ত আৱিষ্ট প্রবাহৰ দিশৰ সম্পূর্ণ বিপৰীত হয় । এনেদৰেই, প্রতিটো অর্ধ ঘূৰ্ণনৰ মূৰে মূৰে বিদ্যুৎ প্রবাহৰ দিশ বিপৰীতমুখী হৈ পৰেইয়াৰ ফলত, এই উৎপাদকৰ পৰা এক পৰিৱৰ্তী বিদ্যুৎ প্রবাহ পোৱা যায় । এই প্রক্রিয়াত উদ্ভৱ হোৱা বিভৱ ভেদ সংযোগী ব্রাছৰ দুয়ো মূৰত উপলব্ধ হয় । লগতে, সংলগ্ন হৈ থকা আঙুঠি দুটা, ব্রাছ দুডালৰ ওপৰত পিছলি ঘূৰিব পৰা ব্যৱস্থা থাকে । এনেদৰে, বৈদ্যুতিক জেনেৰেটৰৰ এই নীতিৰ জৰিয়তে চালিত হৈ থাকে ।

 

2016: 23. (a) কুণ্ডলী এটাত আৱিষ্ট বিদ্যুৎ প্রবাহৰ দিশ-জানিবলৈ ব্যৱহৃত নিয়মটো উল্লেখ কৰা 1

উত্তৰঃ কুণ্ডলী এটাত আৱিষ্ট বিদ্যুৎ প্রবাহৰ দিশ-জানিবলৈ ব্যৱহৃত নিয়মটো হৈছে-

ফ্লেমিঙৰ সোঁহতীয়া নীতিঃ ফ্লেমিঙৰ সোঁহতীয়া নীতি অনুসৰি সোহাঁতৰ বুঢ়া, তৰ্জনী আরু মধ্যমা আঙুলী পৰস্পৰ লম্ব দিশ মেলি দিলে, যদি তৰ্জনী আঙুলীয়ে চৌম্বকক্ষেত্রৰ দিশ আরু বুঢ়া আঙুলীয়ে পৰিবাহীৰ দিশক সূচায়, তেন্তে মধ্যমা আঙুলীয়ে আৱিষ্ট বিদ্যুৎ প্রবাহৰ দিশক সূচাব ।   

 

(b) বৃত্তাকাৰ কুণ্ডলীৰ মাজেদি প্রবাহ চালিত হ’লে সৃষ্টি হোৱা চুম্বকীয় বলৰেখাবোৰ অংকন কৰা

উত্তৰঃ



 

 

 

 

 

 

 

 

 

 

 


2017: 22. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? চিত্রৰ সহায়ত ব্যাখ্যা কৰা2

উত্তৰঃ

 


 

 

 





চিত্রত দেখুওৱাৰ দৰে, চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক, চলেনইড বোলা হয় । এই চলেনইডৰ মাজেদি বিদ্যুৎ প্রবাহ চালিত কৰিলে, চ’লেনইডে বিদ্যুতৰ দৰে আচৰণ প্রদর্শন কৰেযেতিয়া ইয়াৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰা হয়, তেতিয়া চ’লেনইডৰ এটা মূৰে চুম্বকৰ উত্তৰ মেরু লগতে আনটো মূৰে চুম্বকৰ দক্ষিণ মেরুৰ দৰে আচৰণ প্রতিফলিত কৰে

 

2017:  23. (a) বিদ্যুৎচুম্বকীয় আৱেশ কি?      1

উত্তৰঃ এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্রৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্রবাহ আৱিষ্ট কৰা প্রক্রিয়াক, বিদ্যুৎচুম্বকীয় আৱেশ (Electromagnetic Induction) বোলে ।

 

(b) পৰিৱৰ্তী প্রৱাহ জেনেৰেটৰ আরু প্রত্যক্ষ প্রৱাহ জেনেৰেটৰৰ মাজৰ মূল পার্থক্য লিখা ।        1

উত্তৰঃ পৰিৱৰ্তী প্রৱাহ জেনেৰেটৰ আরু প্রত্যক্ষ প্রৱাহ জেনেৰেটৰৰ মাজৰ মূল পার্থক্য হৈছে- প্রত্যক্ষ প্রৱাহ জেনেৰেটত প্রবাহ সদায় এটা দিশতহে চালিত হয়, আনহাতে পৰিৱৰ্তী প্রৱাহ জেনেৰেটত প্রবাহে ইয়াৰ দিশ পৰ্যাবৃত্তভাৱে সলনি কৰে

 

 

2018: 22. বৈদ্যুতিক মটৰৰ মূল নীতিটো উল্লেখ কৰাবৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি?               1+1=2

উত্তৰঃ বৈদ্যুতিক মটৰৰ মূল নীতিটো এইয়ে যে সুষম চুম্বক ক্ষেত্রত স্থাপন কৰা বিদ্যুৎ পৰিবাহী এডাল ৰাখিলে ইয়াৰ বিক্ষেপণ ঘটে । অর্থাৎ প্রবাহ চালিত কুণ্ডলী এটা, চৌম্বক ক্ষেত্র এখনত ৰাখিলে কুণ্ডলীটোৰ ওপৰত এক বলে ক্রিয়া কৰে আরু এই বলৰ প্রভাৱত কুণ্ডলীটো ঘূৰিবলৈ ধৰে 

বৈদ্যুতিক মটৰত ফলা আঙঠিয়ে দিকপৰিবৰ্তক (Commutator) হিচাপে কাম কৰেফলা আঙুঠিয়ে বৰ্তনীত প্রবাহৰ দিশ বিপৰীতমুখী কৰে লগতে, ফলা আঙুঠিটোৱে দিগ্‌ পৰিৱৰ্তক হিচাপে থাকি বৈদ্যুতিক মটৰৰ অক্ষ দণ্ডডাল একে দিশত ঘূৰি থকাত সহায় কৰে   

 

23.ঘরুৱা বৈদ্যুতিক বৰ্তনীত অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ লোৱা দুটা সাৱধানতা লিখা ।     2

উত্তৰঃ .ঘরুৱা বৈদ্যুতিক বৰ্তনীত অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ লোৱা দুটা সাৱধানতা হ’ল-

(ক) যোগান ধৰা বিভৱৰ আকস্মিক বৃদ্ধি হ্রাস কৰাঅর্থাৎ একেটা খাঁজ (Socket) ৰ পৰা অত্যাধিক বৈদ্যুতিক সঁজুলি সংযোগ কৰাৰ পৰা বিৰত থাকা ।

(খ) ঘরুৱা বৰ্তনীত ফিউজ তাঁৰৰ সংযোগ কৰা

 

 

 

2019: 15. এটা বৈদ্যুতিক মটৰৰ কাৰ্যপ্রণালী ব্যাখ্যা কৰা    2

উত্তৰঃ

 


 








বৈদ্যুতিক মটৰ হ’ল এক বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ সলনি কৰি প্রয়োগ হোৱা আৱৰ্ত (Rotating) সঁজুলি । এটা বৈদ্যুতিক মটৰৰ কাৰ্যপ্রণালী হ’ল এনেধৰণৰঃ

 

(ক) ABCD তাঁমৰ অন্তৰিত আয়তাকাৰ কুণ্ডলীত A  B লৈ আরু C  D লৈ বিদ্যুৎ প্রবাহ চালিত কৰিলে ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ অনুসৰি, AB বাহু তলৰ দিশত আরু CD বাহু ওপৰৰ দিশত ঠেলা খাব । ইয়াৰ ফলস্বরূপে, কুণ্ডলীটো আধা পাক ঘূৰি AB ৰ স্থানত CDয়ে আরু CDৰ স্থান AB বাহুৱে ল’ব । 

 

(খ) এই কাৰ্যত P আরু Q ফলাআঙঠি দুটাই দিকপৰিবৰ্তক হিচাপে লগতে X আরু Y ব্রাচে বৰ্তনীত প্রবাহৰ দিশ বিপৰীতমুখী কৰাত সহায় কৰিব ।

 

(গ)পিছত ABCD কুণ্ডলীত প্রবাহ D  C লৈ আরু B   A লৈ চালিত হ’ব । ইয়াৰ ফলশ্রুতিত, ফ্লেমিঙৰ বাওঁহতীয়া নীতি অনুসৰি, অক্ষদণ্ডডালে DC বাহুক তলৰফালে আরু BA বাহুক ওপৰৰ ফাললৈ বল প্রয়োগ হ’ব । ফলস্বরূপে, কুণ্ডলীটো পুনৰ আধা পাক ঘূৰিব ।

 

এনেদৰে ABCD কুণ্ডলীটোত ঘূৰ্ণন কাৰ্য অবিৰতভাৱে চলি থাকিব আরু ইয়াৰ প্রভাৱস্বরূপে বৈদ্যুতিক শক্তিক ক্রম অনুসাৰে যান্ত্রিক শক্তিলৈ পৰিৱৰ্তন হ’ব আরু মটৰটো চলি থাকিব ।

 

 

2019:  25. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে, বুজাই লিখা । চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রৱাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয় ? 2+1=3

 

উত্তৰঃ চুঙা আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক চ’লেনইড বোলা হয় । চ’লেনইডৰ মাজেদি বিদ্যুৎ প্রবাহিত কৰিলে চ’লেনইডে চুম্বকৰ নিচিনাকৈ আচৰণ কৰেযেতিয়া চ’লেনইডৰ মাজেদি বিদ্যুৎ প্রবাহ চালিত কৰা হয়, তেতিয়া ইয়াৰ এটা মূৰে চুম্বকৰ উত্তৰ মেরুৰ দৰে আরু আনটো মূৰে চুম্বকৰ দক্ষিণ মেরুৰ দৰে আচৰণ কৰে’লেনইডৰ অন্তৰ্ভাগৰ সকলো বিন্দুতে চৌম্বক ক্ষেত্র থাকে আরু চৌম্বক ক্ষেত্রৰ প্রকৃতি সুষম হয় ।

প্রবাহচালিত কোনো চ’লেনইড প্রবাহৰ দিশ চৌম্বক ক্ষেত্রৰ দিশৰ সৈতে লম্বভাৱে প্রতিষ্ঠাপিত হ’লে, চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রৱাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল সৰ্বোচ্চ হয় ।

 

 

2020:

 



 

 

2020:

 



 

















updating later more........