1 | শিক্ষা, পাঠ-১, স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আরু অসমৰ মাধ্যমিক শিক্ষা, দ্বাদশশ্রেণী, by P.B.


1 Mark Question:

১।ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰে ?
উত্তরঃ
ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা লাভ কৰে

২।মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল ?
উত্তরঃ
মাধ্যমিক শিক্ষা আয়োগ ১৯৫২ গঠন কৰা হৈছিল ।

৩।কোঠাৰী আয়োগে স্কুলীয়া শিক্ষা কেইবছৰ হোৱাৰ কথা কৈছে ?
উত্তরঃ
কোঠাৰী আয়োগে স্কুলীয়া শিক্ষা ১২ বছৰ হোৱাৰ কথা কৈছে ।

অসম মাধ্যমিক শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হয় ?
উত্তরঃ
অসম মাধ্যমিক শিক্ষা পৰিষদ ১৯৬২ চনত গঠন কৰা হয় ।

মুডালিয়ৰ আয়োগৰ পৰামর্শৰ ভিত্তিত অসমত কিমান খন বিদ্যালয় বহুমুখী বিদ্যালয়লৈ রূপান্তৰ কৰা হৈছিল ?
উত্তরঃ
মুডালিয়ৰ আয়োগৰ পৰামর্শৰ ভিত্তিত অসমত ৬৭ খন বিদ্যালয়(হাইস্কুল)বহুমুখী বিদ্যালয়লৈ (উচ্চতৰ মাধ্যমিকলৈ) রূপান্তৰ কৰা হৈছিল ?

১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল ?
উত্তরঃ
১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ডলক্ষ্মণস্বামী মুডালিয়াৰ

৮।কোঠারী আয়োগ কোন চনত গঠন কৰা হৈছিল ?
উত্তরঃ
কোঠারী আয়োগ ১৯৬৪ চনত গঠন কৰা হৈছিল
বর্তমানৰ কটন কলেজিয়েট স্কুলৰ মূল নামটো আছিল.........
উত্তরঃ
বর্তমানৰ কটন কলেজিয়েট স্কুলৰ মূল নামটো আছিল গুৱাহাটী চেমিনাৰী

 updating............more......
 Mark Questions:

১০+২+৩ সূত্রটোৱে কি সূচাইছে ?
উত্তরঃ
১৯৫-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগে আগবঢ়োৱা ১১ বছৰীয়া স্কুলীয়া শিক্ষা প্রণালীটো সংশোধন কৰি কোঠাৰী আয়োগে ১০+২+৩ এই সূত্রটোৰ দিশত ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ বাবে মনোনিবেশ কৰেএই নতুন গাথনিটোৱে ১০ বছৰ প্রাথমিক আরু মাধ্যমিক শিক্ষা অর্থাৎ ৫ বছৰ প্রাথমিক শিক্ষা, ৩ বছৰ উচ্চ প্রাথমিক আরু ২ বছৰীয়া মাধ্যমিক শিক্ষা; লগতে ২ বছৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষা আরু ৩ বছৰ উচ্চ শিক্ষাৰ বাবে নীতি গ্রহণ কৰে


  কর্ম অভিজ্ঞতা’ বুলিলে কি বুজা ?
উত্তরঃ
 ‘কর্ম অভিজ্ঞতা’ বুলিলে ঘৰ/গৃহ, বিদ্যালয়, কর্মশালা, ফার্ম, ফেক্টৰী অথবা আন আন উৎপাদনমূলক পৰিস্থিতিত অংশ গ্রহণ কৰা কায্যক বুজায় । লগতে, এই অনুষ্ঠান-প্রতিষ্ঠান সমূহৰ মাধ্যমেৰে বিভিন্ন কর্মত অংশগ্রহণৰ জৰীয়তে উপযুক্ত বৃত্তিমূখী শিক্ষা আরু অভিজ্ঞতা প্রাপ্তক বুজায় ।


কোঠাৰী আয়োগৰ মতে যিকোনো শিক্ষাত কোন চাৰিটা মূল উপাদান থাকিব লাগে ?
উত্তরঃ
কোঠাৰী আয়োগৰ মতে যিকোনো শিক্ষাত সাক্ষৰতা, কর্ম, অভিজ্ঞতা আরু সমাজ সেৱা এই চাৰিটা মূল উপাদান থাকিব লাগে । 

নতুন শিক্ষানীতিটো সংসদত কিমান চনৰ কোন মাহত অনুমোদিত হয় ?
উত্তরঃ
নতুন শিক্ষানীতিটো সংসদত ১৯৮৬ চনৰ মে মাহত ভাৰতবর্ষৰ দুয়োখন সংসদৰ অধিবেশনত অনুমোদিত হয় ।

আগতীয়া বাল্যকালৰ যতন আরু শিক্ষা মানে কি বুজা ?(জাননীঃ নম্বরর বাবে প্রথম দুই/তিনি লাইন আরু ৪ নম্বৰর বাবে গোটেই দফাটো লিখিবা ।)
উত্তরঃ
আগতীয়া বাল্যকালৰ যতন আরু শিক্ষা হ’ল নতুন শিক্ষানীতিয়ে গ্রহণ কৰা এক বিশেষ আচনি । ইয়াৰ জৰীয়তে শিশুসকলক বাল্যকালৰ পূর্বৱতী পর্যায়ত লাগতিয়াল যতন বিশেষকৈ সুষম খাদ্য, স্বাস্থ্য, সামাজিক আরু মানসিক দিশৰ লগতে শাৰীৰিক দিশত উদ্দগনি জগোৱাকাৰ্যসূচী গ্রহণ করিছিলএই ক্ষেত্রত আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আরু শিক্ষা (E.C.C.E.), সুসংহত শিশুবিকাশ সেৱা আঁচনি (I.C.D.E.P.),আদি আচনি অৱলম্বন কৰিছিল । লগতে, ‘দিবাতত্ত্বাৱধান’ কেন্দ্রৰ মাধ্যমেৰে প্রাথমিক শিক্ষাক সার্বজনীন কৰাৰ ব্যৱস্থা কৰিছিল । ইয়াৰ উপৰিও শিশুকেন্দ্রিক আরু ক্রীয়াভিত্তিক শিক্ষাৰ সহযোগত ব্যক্তিমুখী কৰি তোলাৰ আচনি গ্রহণ কৰিছিল । এই স্তৰত ‘3 Rs’  নিয়মঅর্থাৎ লিখা, পঢ়া আরু অংক কৰা, এই নিয়ম পদ্ধতিৰ সহায়েৰে শিশুসকলৰ দৈহিক, মানসিক আরু বৌদ্ধিক দিশৰ বিকাশ সাধনত মনোনিবেশ কৰিছিল ।

৬।‘অপাৰেচন ব্লেকবোর্ড’ কি ?(জাননীঃ নম্বরর বাবে প্রথম দুই/তিনি লাইন আরু ৪ নম্বৰর বাবে গোটেই দফাটো লিখিবা ।)

উত্তরঃ
‘অপাৰেচন ব্লেকবোর্ড’ হ’ল ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে প্রাথমিক শিক্ষাৰ সার্বজনীন উন্নতিৰ হকে গ্রহণ কৰা এক উল্লেখযোগ্য আঁচনি । এই আঁচনিৰ জৰীয়তে প্রাথমিক বিদ্যালয়সমূহৰ প্রয়োজনীয়/লাগতীয়াল সা-সুবিধাখিনিৰ পোৱাৰ ব্যৱস্থা কৰিছিল । ইয়াৰ ভিতৰত, প্রাথমিক শিক্ষাৰ উপযোগী হোৱাকৈ দুটা ডাঙৰ কোঠা, ব্লেক বোর্ড, চার্ট, মানচিত্র, পুতলা, আদিৰ যোগান ধৰিছিল । সমসাময়িক ভাৱে, প্রাথমিক বিদ্যালয়সমূহত দুজনকৈ শিক্ষকৰ নিয়োগৰ ব্যৱস্থা কৰা হৈছিল য’ত এগৰাকী মহিলা থকাটো বাঞ্চনীয় আছিল । লগতে, সম্ভৱ হ’লে শিক্ষকৰ সংখ্যাৰ বৃদ্ধি কৰি প্রত্যেক শ্রেণীৰ কাৰণে এজনকৈ শিক্ষকৰ ব্যৱস্থা করিছিলইয়াৰ উপৰিও, প্রাথমিক শিক্ষাৰ সার্বজনীন বিকাশৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান, স্থানীয় সংস্থাসমূহ আরু স্থানীয় মানুহক সংলগ্ন কৰাহৈছিল  

৭৷কোঠাৰী আয়োগৰ দুটা পৰামৰ্শ লিখা ৷
উত্তরঃ
    কোঠাৰী আয়োগৰ দুটা পৰামৰ্শ হ'ল- 
           (ক) শিক্ষাক বৃত্তিমুখীকৰণ কৰা

           (খ) শিক্ষা ব্যৱস্থাৰ পুনৰ সংগঠন আরু মানদণ্ড উন্নীত কৰা

কোনখন আয়োগৰ পৰামৰ্শমতে আরু কেতিয়া অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হৈছিল ?
উত্তরঃ
কোঠাৰী আয়োগৰ পৰামর্শৰ আধাৰত ১৯৮৪ চনত অসমত ‘উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ গঠন কৰা হৈছিল ।


মাধ্যমিক শিক্ষা কাক বোলে ? এই শিক্ষা মানবজীৱনৰ কোনটো স্তৰৰ লগত জড়িত ? চমু আভাস দিয়া ।
উত্তরঃ  
প্রাথমিক আরু উচ্চশিক্ষাৰ চাবিকাঠী হিচাপে আরু মধ্যম শিক্ষা হিচাপে যি শিক্ষা ছাত্র-ছাত্রীসকলৰ বাবে যুগুত কৰা হৈছ, সেই শিক্ষাৰ স্তৰটোকে মাধ্যমিক শিক্ষা বোলে ।
        এই শিক্ষা সাধাৰণতে, বয়ঃসন্ধিকালৰ বাবে ব্যৱস্থা কৰা হৈছে । লগতে, মাধ্যমিক শিক্ষাই কিশোৰ-কিশোৰীসকলৰ ভৱিষ্যত জীৱনৰ বাবে প্রস্তুতি/প্রস্তুত কৰাৰ নিমিত্তে শিক্ষাক যূগুত কৰিছে ।

১০)মুডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা
উত্তরঃ
মুডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য হ’লঃ
(ক)গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ
(খ)বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ/বৃত্তীয় যোগ্যতাৰ শ্রীবৃদ্ধিকৰণ

১১।বিদ্যালয় প্রকল্প বা স্কুল কমপ্লেক্স বা যৌগিক বিদ্যালয়ঃ(জাননীঃ নম্বরর বাবে প্রথম দুই/তিনি লাইন আরু ৪ নম্বৰর বাবে গোটেই দফাটো লিখিবা ।)
উত্তরঃ
ৰাষ্টীয় শিক্ষা নীতি ১৯৮৬ য়ে জিলা আরু স্থানীয় পর্যায়ত শিক্ষাৰ উন্নতিৰ বাবে জিলা শিক্ষা পৰিষদৰ গঠন কৰিছিল । এই পৰিষদে, শিক্ষাৰ উন্নতিৰ হকে, বিদ্যালয় প্রকল্প বা স্কুল কমপ্লেক্স বা যৌগিক বিদ্যালয়ৰ গঠনত মনোনিবেশ কৰিছিল । যৌগিক বিদ্যালয় প্রকল্প সমূহে শিক্ষাৰ উন্নীতকৰণ কৰিবৰ বাবে কিছুমান আচনি গ্রহণ কৰিছিল । লগতে, যৌগিক বিদ্যালয় গোটসমূহে  আন বিদ্যালয়সমূহর পৰিদর্শনৰ দায়িত্ব লব লাগিছিল । এই ক্ষেত্রত, যৌগিক বিদ্যালয়সমূহৰ উদ্গনিৰ বাবে আরু বিকাশ সাধন কাৰ্যসূচী গ্রহণৰ ক্ষেত্রত স্থানীয় সমাজৰ নিদিষ্ট সমিতিবো্রে প্রধান ভূমিকা গ্রহণ কৰিছিল ।


১২।১৯৮৬ শিক্ষানীতিৰ আধাৰত চাকৰিৰ পৰা ডিগ্রী পৃথকিকৰন নীতিটো লিখা ।(জাননীঃ নম্বরর বাবে প্রথম দুই/তিনি লাইন আরু ৪ নম্বৰর বাবে গোটেই দফাটো লিখিবা ।)
উত্তরঃ
১৯৮৬ চনৰ শিক্ষানীতিয়ে গ্রহণ কৰা এক পদক্ষেপ আছিল উপাধিক নীয়োগৰ পৰা বিচিন্ন কৰাএই নীতিটো অভিযান্ত্রিক শিক্ষা, আইন, শিক্ষকতা, চিকিৎসাবিজ্ঞান আদি বৃত্তিৰ ক্ষেত্রত প্রয়োগ কৰাৰ ব্যৱস্থা গ্রহণ করা নাছিলএই ব্যৱস্থা কিছুমান সেৱাত প্রয়োগ হৈছিল য’ত বিশ্ববিদ্যালয়ৰ উপাধিৰ প্রযোজ্য/প্রয়োজন নাছিলযিবোৰ কর্মক্ষেত্রত উপাধিৰ প্রয়োজন নাই তাত অৰ্হতা সম্পন্ন ব্যক্তি আরু দক্ষ ব্যক্তিক নিযুক্তি/নিয়োগৰ সুবিধা দিয়া হৈছিল এই নীতিৰ কার্যকৰী কৰাৰ ক্ষেত্রত ‘জাতীয় অভীক্ষা সেবা’ নামৰ গোটটোৰ স্থাপন কৰিছিল । এই গোটৰ সহায়ত উক্ত বিষয়ত দক্ষব্যক্তি নির্বাচন আরু নীতিগত পদ্ধতি গঠন কৰাৰ ক্ষেত্রতমনোনিবেশ  করিছিল ।

updating...........more......
৪/৬ নম্বৰৰ উত্তরঃ

মাধ্যমিক শিক্ষা আয়োগে নির্ধাৰণ কৰা শিক্ষাৰ লক্ষ্যবোৰ কি কি আছিল ?
অথবা,
১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে চমুকৈ লিখা ।
অথবা
মাধমিক শিক্ষা আয়োগে(১৯৫২-৫৩) নিরূপণ কৰি দিয়া শিক্ষাৰ লক্ষ্যবোৰ বিষয়ে চমুকৈ লিখা ।
অথবা
১৯৫২-৫৩ চনৰ আয়োগখনৰ সভাপতি কোন আছিল ? এই আয়োগে প্রতিবেদনৰকিমান নং অধ্যায়ত মাধ্যমিক শিক্ষাৰ লক্ষ্যর বিষয়ে ব্যক্ত করিছে ?  আয়োগখনে শিক্ষাৰ লক্ষ্য কি হোৱা উচিত বুলি কৈছে ?
অথবা
১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে মাধ্যমিক পৰ্য্যায় শিক্ষাৰ কোনবোৰ লক্ষ্য আদর্শৰ কথা উল্লেখ কৰিছে ? লিখা ।
অথবা
১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে নিরূপণ কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্য কেইটা উল্লেখ কৰা
অথবাঃ
Add Q.: ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে আগবঢ়োৱা চাৰিওটা লক্ষ্যৰ দুটাকৈ পৰামৰ্শ আগবঢ়োৱা ৷

উত্তরঃ
১৯৫২-৫৩ গঠন কৰা মাধ্যমিক শিক্ষা আয়োগে প্রতিবেদনৰতৃতীয় অধ্যায়ত মাধ্যমিক শিক্ষাৰ লক্ষ্য কেনে হোৱা উচিত সেই বিষয়ে উল্লেখ কৰিছে ।আয়োগখনৰ সভাপতি আছিল ডলক্ষ্মণস্বামী মুডালিয়াৰআয়োগখনে সংবিধানৰ মূল তাত্বিক দিশ আরু দেশীয় দর্শনৰ প্রতি লক্ষ্য ৰাখি গণতান্ত্রিক ভিত্তিত শিক্ষার চাৰিটা লক্ষ্য বা উদ্দেশ্য ব্যক্ত কৰিছে । সেয়া হ’লঃ
(ক)গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ
(খ)বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ/বৃত্তীয় যোগ্যতাৰ শ্রীবৃদ্ধিকৰণ
(গ)ব্যক্তিত্বৰ বিকাশ
(ঘ)নেতৃত্বৰ শিক্ষা        
                                                                                                            তলত ইয়াৰ চমু বিৱৰণ ডাঙি ধৰা হ’ল ।

(ক)গণতান্ত্রিক নাগৰিকত্বৰ বিকাশঃ
              মাধ্যমিক শিক্ষা আয়োগে উল্লেখ কৰিছে যে যিহেতু মাধ্যমিক শিক্ষাই সৰহভাগ নাগৰিকৰ শেষ শিক্ষা হয়, সেয়েহে এই শিক্ষা এনেধৰণৰ হব লাগে যাতে গনতান্ত্রিক ভাৰতবর্ষৰ প্রয়োজন পূৰণ কৰিব পাৰে আরু ছাত্র-ছাত্রীসকলৰ মাজত গণতান্ত্রিক মানসিকতা গঢ় লৈ উঠে । এই দিশত আয়োগে মাধ্যমিক শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকল আরু নাগৰিকৰ মাজত সুস্থ চিন্তাধাৰা, সুস্থ সামাজিক সমাযোজন, সামাজিক ন্যায়, বাক্-পটুতা আরু লিখনিৰ স্পস্টতা, সহনশীলতা, প্রকৃত দেশপ্রেম আদি গুনৰ উন্নতি হোৱাৰ ক্ষেত্রত মনোনিবেশ কৰিছে ।

(খ)বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ/বৃত্তীয় যোগ্যতাৰ শ্রীবৃদ্ধিকৰণঃ
              মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা দ্বিতীয়টো দিশ হ’ল- মাধ্যমিক শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকলৰ মাজত বৃত্তিগত দিশত যোগ্যতা অর্জন কৰাআয়োগৰ মতে মাধ্যমিক শিক্ষাই ছাত্র-ছাত্রীসকলক হাতৰ কাম আরু উৎপাদনমূলক কর্মৰ জৰিয়তে শ্রমৰ প্রতি মানসিকতা গঢ়ি তুলা, কর্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্রয়োজনীয় কৌশল আয়ত্ত কৰা আদি দিশত ছাত্র-ছাত্রীসকলক সুবিধা কৰি দিব লাগে ।

(গ)ব্যক্তিত্বৰ বিকাশঃ
মাধ্যমিক শিক্ষা আয়োগে উল্লেখ কৰা তৃতীয়টো দিশ হ’ল- ছাত্র-ছাত্রীসকলৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰামাধ্যমিক শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকলে যাতে শাৰীৰিক, অনুভূতিক, মানসিক, সামাজিক আরু ব্যৱহাৰিক দিশৰ জ্ঞানসমূহ লাভ কৰিব পাৰে তাৰ ব্যৱস্থাৰ ক্ষেত্রত আয়োগে পৰামর্শ প্রদান কৰিছে ।

(ঘ)নেতৃত্বৰ শিক্ষাঃ
                মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা চতুর্থটো মূল লক্ষ্য বা উদ্দেশ্য হ’ল-ছাত্র-ছাত্রীসকলক নেতৃত্বৰ শিক্ষা প্রদান কৰামাধ্যমিক শিক্ষাৰ জৰীয়তে যাতে ছাত্র-ছাত্রীসকলে যাতে সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ আদি সকলো দিশতে জ্ঞান আরু নেতৃত্বৰ শিক্ষা লাভ কৰিব পাৰে তাৰ পৰামর্শ মাধ্যমিক শিক্ষা আয়োগে প্রদান কৰে

       এনেদৰে মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকলক সুনাগৰিক আরু স্বালম্বী হোৱাৰ দিশত লগতে সার্বিক দিশর উন্নতির লক্ষ্যরে উল্লেখিত লক্ষ্য আরু উদ্দেশ্য সমূআগবঢ়াইছিল ।

২।মুডালিয়াৰ আয়োগে (১৯৫২-৫৩) নিরূপণ কৰা মাধ্যমিক শিক্ষাৰলক্ষ্যবোৰ ভাৰতবর্ষৰ শিক্ষাৰ ক্ষেত্রত কার্যকৰী হৈছে নে ? আলোচনা কৰা
উত্তরঃ
১৯৫২-৫৩ গঠন কৰা মাধ্যমিক শিক্ষা আয়োগে প্রতিবেদনৰ তৃতীয় অধ্যায়ত মাধ্যমিক শিক্ষাৰ লক্ষ্য কেনে হোৱা উচিত সেই বিষয়ে উল্লেখ কৰিছে । আয়োগখনে সংবিধানৰ মূল তাত্বিক দিশ আরু দেশীয় দর্শনৰ প্রতি লক্ষ্য ৰাখি গণতান্ত্রিক ভিত্তিত শিক্ষার চাৰিটা লক্ষ্য বা উদ্দেশ্য ব্যক্ত কৰিছে । সেয়া হ’লঃ
(ক)গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ
(খ)বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ/বৃত্তীয় যোগ্যতাৰ শ্রীবৃদ্ধিকৰণ
(গ)ব্যক্তিত্বৰ বিকাশ
(ঘ)নেতৃত্বৰ শিক্ষা                                                                                                                                                                                                                                        
তলত ইয়াৰ সফল আরু বিফলসমূহ বিৱৰণ ডাঙি ধৰা হ’ল ।
(ক)গণতান্ত্রিক নাগৰিকত্বৰ বিকাশঃ
              সফলঃ
এই দিশত আয়োগে মাধ্যমিক শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকল আরু নাগৰিকৰ মাজত সুস্থ চিন্তাধাৰা, সুস্থ সামাজিক সমাযোজন, সামাজিক ন্যায়, বাক্-পটুতা আরু লিখনিৰ স্পস্টতা, সহনশীলতা, প্রকৃত দেশপ্রেম আদি গুনৰ উন্নতি হোৱাৰ ক্ষেত্রত মনোনিবেশ কৰিছে
              বিফলঃ
                     এই দিশত দেখা যায় যে, অধিকাংশক শিক্ষাৰ্থীৰ শিক্ষা গ্রহণৰ যান্ত্রিকপদ্ধতিৰ বাবে গণতান্ত্রিক নাগৰিকত্বৰ বিকাশৰ গুণসমূহ সম্পূৰ্ণ বিকাশ হোৱা নাই ৷ 

(খ)বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ/বৃত্তীয় যোগ্যতাৰ শ্রীবৃদ্ধিকৰণঃ
              সফলঃ
মাধ্যমিক শিক্ষা আয়োগে ছাত্র-ছাত্রীসকলক হাতৰ কাম আরু উৎপাদনমূলক কর্মৰ জৰিয়তে শ্রমৰ প্রতি মানসিকতা গঢ়ি তুলা, কর্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্রয়োজনীয় কৌশল আয়ত্ত কৰা আদি দিশত ছাত্র-ছাত্রীসকলক সুবিধা কৰি দিছে ।

বিফলঃ
              এই দিশত অতি নিম্নমানৰ সফল হৈছে কাৰণ বৃত্তিমুখী শিক্ষাসমূহত ব্যৱহাৰিক(Practical) কাৰ্যকৰীসমূহতকৈ লিখনিতহে(Theory)অধিক গুরুত্ব আরোপ কৰিছে ।
      
(গ)ব্যক্তিত্বৰ বিকাশঃ 
          সফলঃ
মাধ্যমিক শিক্ষা আয়োগে শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকলে যাতে শাৰীৰিক, অনূভূতিক, মানসিক, সামাজিক আরু ব্যৱহাৰিক দিশৰ জ্ঞানসমূহ লাভ কৰিব পাৰে তাৰ ব্যৱস্থাৰ ক্ষেত্রত আয়োগে সুবিধা প্রদান কৰিছে ।
বিফলঃ
              এই দিশত অধিকাংশ ছাত্র-ছাত্রী সফল হোৱা নাই কাৰণ যান্ত্রিক পৰীক্ষা পদ্ধতি আরু শিকণ পদ্ধতিৰ বাবে আত্মপ্রত্যয়ৰ মনোভাৱবিনষ্ট/নাইকীয়া হৈছে ।

(ঘ)নেতৃত্বৰ শিক্ষাঃ
                    সফলঃ
              মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ জৰীয়তে যাতে ছাত্র-ছাত্রীসকলে সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ আদি সকলো দিশতে জ্ঞান আরু নেতৃত্বৰ শিক্ষা লাভ কৰিব পাৰে তাৰসুযোগ প্রদান কৰিছে
বিফলঃ
এই দিশত মন কৰিলে দেখা যায় যে ছাত্র-ছাত্রীসকল অনুষ্ঠান-প্রতিষ্ঠান, শিক্ষামূলক ভ্রমণ, আদিত স্বধীনতা আরু সহযোগৰ ক্ষেত্রত স্বনিয়োগৰ সুবিধা নোপোৱাৰ দিশটো পরিলক্ষিত হৈছে
      
       এনেদৰে মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকলক সুনাগৰিক আরু স্বাবলম্বী হোৱাৰ দিশত কিছুপৰিমাণে সফল আরু কিছুপৰিমাণে বিফল হোৱা দেখা গৈছে ।


৩। কোঠাৰী আয়োগৰ(১৯৬৪-৬৬) উদ্দেশসমূহ কি কি? এই আয়োগৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঁঠনি কেনেকোৱা ? (গোটেই উত্তৰটো লিখিবা)
অথবা
ভাৰতৰ স্কুলীয়া শিক্ষাৰ নতুন গাঁঠনি প্রক্রিয়া সম্বন্ধে কোঠাৰী আয়োগৰ পৰামর্শাৱলী ব্যক্ত কৰা(উত্তৰৰ কেল আৰম্ভনি আরু খ নম্বতোহে লিখিবা, ক আরু গ নহয়)
অথবা
১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়োগে বিদ্যালয় শিক্ষাৰ কেনেধৰণৰ গাঠনিক প্রক্রিয়াৰ পৰিবর্তনৰ কথা কৈছে ? (উত্তৰৰ কেবল আৰম্ভনি আরু খ নম্বতোহে লিখিবা, ক আরু গ নহয়)
অথবা
কোঠাৰী আয়োগে আগবঢ়োৱা জাতীয় শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা((উত্তৰৰ কেল আৰম্ভনি আরু ক নম্বতোহে লিখিবা, খ আরু গ নহয়)
অথবাঃ
ভাৰতবৰ্ষৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ কোনবোৰ লক্ষ্য বা আদর্শ কোঠাৰী আয়োগে(১৯৬৪-৬৬) দাঙি ধৰিছে ? উল্লেখ কৰা(উত্তৰৰ কেবল আৰম্ভনি আরু ক নম্বতোহে লিখিবা, খ আরু গ নহয়)
অথবাঃ
*কোঠাৰী আয়োগ কিমান চনত আরু কিমান তাৰিখে গঠন কৰা হৈছিল ।ইয়াৰ দুজন সদস্যৰ নাম লিখা । *(কেবল প্রথম আৰম্ভনিৰ দফাটোহে লিখিবা)
অথবাঃ
১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে ভাৰতৰ শিক্ষাৰ গাঠনিক প্রক্রিয়া সম্বন্ধে কি পৰামর্শ দিছে ?( (উত্তৰৰ কেল আৰম্ভনি আরু খ নম্বৰতোহে লিখিবা, ক আরু গ নহয়)
অথবাঃ
কোঠাৰী আয়োগে উদ্ভাৱন কৰা ১০+২+৩ সূত্রটোৱে সূচোৱা কথা খিনি চমুকৈ বর্ণনা কৰা(উত্তৰৰ কেবল আৰম্ভনি আরু খ নম্বৰতোহে লিখিবা, ক আরু গ নহয়)
অথবাঃ
১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে বৃত্তিমুখী শিক্ষা সন্দর্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল ?
(উত্তৰৰ কেল আৰম্ভনি আরু গ নম্বৰটোকে লিখিবা, ক আরু খ নহয়)

(*** নোটঃ তলত কোঠাৰী আয়োগৰ তিনিটা বিভাগ/লক্ষ্য/উদ্দেশ্য একেলগে দিয়া হৈছে, যেতিয়া ইয়াৰ এটাহে পৰীক্ষাত আহিব তেতিয়া ইয়াৰ বাকী দুটাক বাদ দি সেই লিদ্দিষ্ট ভাগটোহে লিখিবউদাহৰণস্বরূপে- যদি কোঠাৰী আয়োগেৰ শিক্ষা আরু জাতীয় লক্ষ্যহে লিখিব আহে তেতিয়া বাকী দুটা নিলিখিব**অন্যহাতে, যদি কোঠাৰী আয়োগেৰ লক্ষ্য আরু উদ্দেশ্য সমূহ লিখিব দিয়ে তেতিয়াহে তিনিওটা ভাগ লিখিব)


উত্তরঃ
আমাৰ দেশ ভাৰতবর্ষৰ শিক্ষাৰ সার্বিক দিশৰ উন্নতিৰ অর্থে সার্বিক দিশ সামৰি পৰামর্শ প্রদান কৰাৰ অর্থে কেন্দ্রীয় চৰকাৰে ১৯৬৪ চনৰ ১৪ জুলাই তাৰিখে সভাপতি ডি.এচ. কোঠাৰী অধ্যক্ষ আরু ১৪ জন বিশেষজ্ঞৰ সদস্যৰে কোঠাৰী আয়োগ গঠন কৰা হৈছিলইয়াৰ দুজন সদস্য হ’ল- পি.এন. কৃপাল আরু টি. সেন ।
       এই আয়োগৰ মুখ্য লক্ষ্য আরু উদ্দেশ্যসমূহ হ’লঃ
(ক)শিক্ষা আরু জাতীয় লক্ষ্য
(খ) শিক্ষা ব্যৱস্থাৰ সংগঠন আরু মানদণ্ড
(গ) শিক্ষাক বৃত্তীমূখীকৰণ
তলত এইসমূহৰ আলোচনা কৰা হ’লঃ

(ক)শিক্ষা আরু জাতীয় লক্ষ্য
১৯৬৪-৬৬ চনত গঠন হোৱা কোঠাৰী আয়োগে শিক্ষা আরু জাতীয় লক্ষ্যৰ দিশত কিছুমান পৰামর্শ আগবঢ়াইছিল । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হ’ল-
অ)শিক্ষা আরু উৎপাদনমুখীতাঃ
            এই দিশত কোঠাৰী আয়োগে শিক্ষা আরু জাতীয় লক্ষ্যৰ উদ্দেশ্যে বিজ্ঞান ভিত্তিক শিক্ষা, কর্ম-অভিজ্ঞতাৰ উন্নীতকৰণ, ছাত্র-ছাত্রীক বৃত্তিমুখী কৰণ, বিজ্ঞান আরু কাৰিকৰী শিক্ষাৰ আদি দিশত উৎপাদনমুখিতা হোৱাৰ ক্ষেত্রত মনোনিবেশ কৰিছিল

আ)শিক্ষা, সামাজিক আরু জাতীয় সংহতিঃ
           এই পক্ষত কোঠাৰী আয়োগে আন্তজাৰ্তিক বুজাপৰাৰ শিক্ষা, ভাষা-নীতি গঢ় দি তোলা, সামাজিক আরু জাতীয় সেৱাৰ দিশত উন্নতি সাধন কৰা, সাধাৰণ বিদ্যালয় স্থাপন কৰা আরু লগতে জাতীয় সচেতনতাৰ বিকাশ সাধনৰ ক্ষেত্রত পৰামর্শ আগবঢ়াইছিল

ই)শিক্ষা আরু আধুনিকৰণঃ
            এই সন্দর্ভত কোঠাৰী আয়োগে দ্রুত সামাজিক পৰিবর্তন হোৱা, আধুনিকীকৰণ আরু শিক্ষাৰ দ্রত আগ্রগতি হোৱা, লগতে জ্ঞানৰ বিস্ফোৰণৰ জৰীয়তে শিক্ষা আরু জাতীয় লক্ষ্যৰ পথত উদ্গনি হোৱাৰ মানসিকতা ব্যক্ত কৰিছিল

ঈ)সামাজিক, নৈতিক আরু আধ্যাত্মিক মুল্যবোধঃ
            এই পৰিপেক্ষিতত কোঠাৰী আয়োগে  ধর্ম আরু ধৰ্ম-নিৰপক্ষতাৰ মাধ্যমৰ যোগেদি শিক্ষা আরু জাতীয় লক্ষ্যত উপনীত হোৱাৰ বাবে পৰামর্শ আগবঢ়াইছিল

(খ) শিক্ষা ব্যৱস্থাৰ সংগঠন আরু মানদণ্ডঃ

মাধ্যমিক শিক্ষা আয়োগৰ ১১ বছৰীয়া স্কুলীয়া শিক্ষা সম্পূর্ণ সফল নোহোৱাত ১৯৬৪-৬৬ চনত কোঠাৰী আয়োগে এক নতুন শিক্ষা গাঠনিৰ- অর্থাৎ ১০+২+৩ গাঁঠনিৰ প্রস্তুত কৰিছিল । এই নতুন গাথনিটোৱে ১০ বছৰ প্রাথমিক আরু মাধ্যমিক শিক্ষা অর্থাৎ ৫ বছৰ প্রাথমিক শিক্ষা, ৩ বছৰ উচ্চ প্রাথমিক আরু ২ বছৰীয়া মাধ্যমিক শিক্ষা; লগতে ২ বছৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষা আরু ৩ বছৰ উচ্চ শিক্ষাৰ বাবে নীতি গ্রহণ কৰিছিল

       কোঠাৰী আয়োগে ভাৰতৰ শিক্ষাৰ গাঠনিক প্রক্রিয়া সম্বন্ধে কিছুমান পৰামর্শ আগবঢ়াইছিল ইয়াৰ ভিতৰত উল্লেখযোগ্য পৰামর্শসমূহ হ’লঃ
(অ)আয়োগৰ মতে, প্রাক-প্রাথমিক পৰ্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ হ’ব লাগে ।

(আ)আয়োগৰ পৰামর্শ অনুযায়ী, প্রাথমিক পর্যায় ৭-৮ বছৰলৈ হোৱাতো বাঞ্চনীয় । ইয়াৰ উপ-পর্যায় দুটা হ’লঃ নিম্ন প্রাথমিক ৪-৫ বছৰ আরু উচ্চ-প্রাথমিক ৩ বছৰ

(ই)লগতে, হাইস্কুলৰ শিক্ষা বা নিম্ন-মাধ্যমিক শিক্ষা ২ বা ৩ বছৰৰ আরু বৃত্তীয় শিক্ষা ১ ৰ পৰা ৩ বছৰৰ বাবে হোৱাতো প্রয়োজন ।

(ঈ)আয়োগৰ মতে, উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ ৰছৰ হব লাগে আরু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ পর্যন্ত হব লাগে ।

(উ) আয়োগে, উচ্চশিক্ষাৰ বাবে ৩ বছৰ নতুবা অধিক হোৱাত মনোনিবেশ কৰিছিল ।

(গ) শিক্ষাক বৃত্তীমূখীকৰণ

কোঠাৰী আয়োগে বৃত্তিমুখী শিক্ষা সন্দর্ভত আগবঢ়োৱা মতামত সমূহ হ’লঃ-
(অ)শিক্ষাত কর্ম অভিজ্ঞতাৰ মানসিকতাৰে বৃত্তিমূলক প্রবনতাৰ শক্তিশালী কৰিব লাগে ।

(আ)বৃত্তিমুখী শিক্ষা্ৰ বাবে বিশ্ববিদ্যালয় পৰ্য্যায়তো কৃষিমূলক আরু কাৰিকৰী বিজ্ঞানমূলক শিক্ষাৰ ক্ষেত্রত মনোনিবেশ কৰিব লাগে।

(ই)কোঠাৰী আয়োগে কয় যে সাধাৰণশিক্ষা আরু বৃত্তিমূলকশিক্ষা, এই দুয়ুটা দিশৰ শিক্ষাক পৃথক কৰাটো অবাঞ্চনীয় আরু অসম্ভব, সেয়েহে এই দুয়ুটা দিশ শিক্ষাত সমভাবেজড়িত কৰিব লাগে ।

(ঈ)আয়োগে মতপোষন কৰে যে বৃত্তিমুখী শিক্ষা প্রয়োগৰ মূল উদ্দেশ্য হ’ল আত্মনিয়োগৰ ব্যৱস্থা কৰা আরু দক্ষমানৱশক্তিৰ বৃদ্ধি কৰা

(উ)যিসকল ছাত্র-ছাত্রীয়ে উদ্দেশ্যবিহীণভাৱে উচ্চ শিক্ষা লাভ কৰি আছে, তেওঁলোকৰ বাবে বৃত্তিমুখীকৰণ ব্যৱস্থাৰ শিক্ষা সক্রিয় কৰাৰ পৰামর্শ আয়োগেআগবঢ়াইছে ।

(ঊ)আয়োগে বৃত্তিমুখী শিক্ষাক এটা নিদিষ্ট শিক্ষাৰ শাখা হিচাপে গ্রহণ কৰা আরু শিক্ষার্থীসকলক পেচাৰ বাবে প্রস্তুত কৰি তোলাৰ ক্ষেত্রত মনোনিবেশ কৰিছিল ।

(ঋ)আয়োগে বৃত্তিমুখী শিক্ষাক অষ্টম শ্রেণীৰ পৰাই দিয়াৰ ব্যৱস্থাৰ কথা কৈছে ।

(এ)স্বাস্থ্যৰ লগত সংগতি থকা বৃত্তিৰ বিষয়সমূহ শিক্ষাত সন্নিবিস্ট কৰি শিক্ষাক বৃত্তীমুখীকৰাৰ ক্ষেত্রত মতপোষণ কৰিছে ।

(ঐ)বৃত্তিমুখী শিক্ষা +২ স্তৰৰ উচ্চতৰ মাধ্যমিক শিক্ষাত সংলগ্ন কৰাৰ বাবে আয়োগে পৰামর্শ প্রদান কৰিছে ।

(ও)শিক্ষাক বৃত্তিমুখীকৰণ আরু বৃত্তিমুখী শিক্ষাৰ অনুস্থান স্থাপনৰ দায়িত্ব চৰকাৰ আরু ব্যক্তি মালিকানা নিয়োগকাৰীসকলৰ ওপৰত থাকিবলাগেবুলিপৰামর্শপ্রদানকৰিছিল

(ঔ)আয়োগে মহিলাসকল, গ্রাম্যঞ্চলৰ শিক্ষাৰ্থীসকল আরু বাধাগ্রস্ত শিশুসকলৰ ক্ষেত্রত বৃত্তিমুখী শিক্ষাৰ বাবে বিশেষ আঁচনী গ্রহণ কৰাৰ পৰামর্শ আগবঢ়াইছে ।


       এইদৰে কোঠাৰী আয়োগে শিক্ষা আরু জাতীয় লক্ষ্যৰ দিশত, শিক্ষা ব্যৱস্থাৰ সংগঠন আরু মানদণ্ডৰক্ষেত্রত আরু শিক্ষাক বৃত্তিমূখীকৰণ কৰাৰ দিশত বিভিন্ন পৰামর্শ আরু আচনি প্রদান কৰিছিল ।  

৪।নতুন শিক্ষানীতিত অর্থাৎ ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ ৰ ‘সমতাৰ বাবে শিক্ষা’ত কি কথা দোহাৰিছে ।
অথবা
সমতাৰ বাবে শিক্ষা বুলিলে কি বুজা ? ৰাষ্ট্রীয় শিক্ষানীতি (১৯৮৬) য়ে ইয়াৰ বাবে কেনেবোৰ ব্যৱস্থা গ্রহণৰ কথা কৈছে ?

(লগতিয়াল জাননীঃ এই প্রশ্নকেইটাৰ উত্তৰৰ বাবে তলত উল্লেখ কৰা পইণ্টবোৰৰএক বা দুই বা তিনিটালাইনহে লিখিবা, কাৰণ গোটেই পইণ্টৰ দফাটো লিখিবলৈ পৰীক্ষাত সময় নহ’ব । ***কিন্তু, মনত ৰাখিবা যে তলৰ প্রতিটো পইণ্ট ৪ নম্বৰৰ প্রশ্ন আহিব পাৰে, সেয়েহে মনত ৰাখিবা যদি ৪ নম্বৰৰ আহে গোটেই দফাটো লিখিবা, উদাহৰণস্বরূপে- ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ য়ে উল্লেখ কৰা মহিলাৰ সমতাৰ শিক্ষাৰ সম্পর্কে চমুকৈ লিখা, তেতিয়া তলৰ (ক) পইন্টোগোটেইটো লিখিবা ।)

উত্তরঃ
নতুন শিক্ষানীতি ১৯৮৬ অর্থাৎ ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ য়ে শিক্ষাৰ সুবিধা সমূহ সমভাৱে পোৱাৰ ব্যৱস্থা গ্রহণ কৰিছে । লগতে, সকলো বঞ্চিত সকলৰ বাবে সমপৰ্যায়ৰ শিক্ষা প্রদানৰ আচনি তৈয়াৰ কৰিছে । বিভিন্ন বিষয়সমূহৰ ভিতৰত অন্যতম উল্লেখনীয় বিষয় সমূহ হ’লঃ

(ক)মহিলাৰ সমতাৰ শিক্ষাঃ
              নতুন শিক্ষানীতিয়ে মহিলাসকলৰ বাবে শিক্ষাৰ দিশত সমঅধিকাৰ প্রদানৰ ব্যৱস্থা গ্রহণ কৰিছে । পাঠ্যপুথি পুনৰ গঠন কৰি মহিলা সকলৰ বাবে নতুন মূল্যবোধৰ সৃষ্টি কৰাৰ ক্ষেত্রত মনোনিবেশ কৰিছে । উচ্চশিক্ষাৰ পাঠ্যক্রমত মহিলা অধ্যয়ণৰ বিষয়বোৰ সংলগ্ন কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে । লগতে মহিলাসকলৰ বাবে বিনামূলীয়া আরু বাধ্যতামূলক প্রাথমিক শিক্ষাৰ জৰীয়তে নিৰক্ষৰতা দূৰ কৰা আন এক উল্লেখনীয় পদক্ষেপ । সমসাময়িকভাৱে মহিলাসকলৰ বৃত্তিমুখী আরু কাৰিকৰী শিক্ষাৰ গুরুত্ব আরোপ কৰিছিল । ইয়াৰপৰিও মহিলাসকলক পেচামুখী শিক্ষা আরু প্রযুক্তিবিদ্যাৰ বৃত্তিসমূহত জড়িত কৰা আরু সুবিধা প্রদান কৰাৰ দিশতো নতুন শিক্ষানীতিয়ে জোৰ দিছিল

(খ)অনুসুচিত জাতিৰ শিক্ষাঃ
              নতুন শিক্ষানীতিয়ে অনুসুচিত জাতিৰ লোকসকলৰ বাবে অনা-অনুসুচিত জাতিৰ লোকৰ সমভাৱে/সমানে শিক্ষালাভ কৰাৰ মতপোষণ কৰিছিল । অনুসুচিত জাতিৰ ল’ৰা-ছোৱালীয়ে যাতে ১৪ বছৰ বয়স পৰ্যন্ত স্কুল গৈ থাকে আরু শিক্ষা গ্রহণ কৰিব পাৰে তাৰবাবে আচনি গ্রহণ কৰিছিল । নতুন শিক্ষানীতিয়ে অনুসুচীত জাতিৰ শিক্ষাৰবাবে পূর্ব প্রবেশিকা জলপানিৰ ব্যৱস্থা কৰিছিল । এই শিক্ষানীতিয়ে অনুসুচিত জাতিৰ ল’ৰা-ছোৱালীৰ নামভর্তি আরু সফলতাৰ ক্ষেত্রত নিৰীক্ষণ আরু বিভিন্ন পৰিকল্পনা কৰিছিল । লগতে, স্কুলঘৰ, বয়স্ক শিক্ষাৰ কেন্দ্র, বালকেন্দ্র, জিলাৰ মুখ্যস্থানত আবাসিক সুবিধা পোৱাৰ বাবে ছাত্রবাস আদি স্থাপনৰ আচনি গ্রহণ কৰিছিল ।


(গ) অনুসূচিত জনজাতিৰ শিক্ষাঃ
               অনুসূচিত জনজাতিৰ শিক্ষাৰ বাবে নতুন শিক্ষানীতিয়ে জনজাতিৰ অঞ্চলত প্রাথমিক বিদ্যালয় স্থাপনৰ ওপৰত গুরুত্ব দিছিলজনজাতীয় কল্যাণ আচনিৰ জৰীয়তে সাহায্য আগবঢ়োৱাৰ ব্যৱস্থাপনা কৰিছিল । জনজাতীয় ভাষাসমূহক প্রাৰম্ভিক স্তৰৰ শিক্ষণীয় বিষয়বস্তুহিচাপে শিক্ষাত সংলগ্ন কৰাৰ মনোনিবেশ কৰিছিল । আবাসিক বিদ্যালয়, আশ্রম বিদ্যালয় আদিৰ সহায়ত শিক্ষাৰ প্রদানৰ পৰিকল্পনা কৰিছিল । উচ্চ শিক্ষাৰ পৰিপেক্ষিতত জলপানিৰ ব্যৱস্থা, কাৰিকৰী আরু ব্যৱসায়িক শিক্ষাৰ জৰীয়তে অনুসূচিত জনজাতিৰ শিক্ষাৰ বাবে বিকাশ সাধনৰ চেষ্টা কৰিছিল । অংগনবাদী, অনানুষ্ঠানিক আরু বয়স্ক শিক্ষাৰ কেন্দ্রৰ জৰীয়তে জনজাতীয় শিক্ষাৰ বিকাশ আরু সাংস্কৃতিক দিশত উন্নতিৰ ব্যৱস্থাপনা কৰিছিল ।

(ঘ)সংখ্যালঘুৰ শিক্ষাঃ
নতুন শিক্ষানীতিয়ে সংখ্যালঘুৰ শিক্ষাৰ পৰিপেক্ষিতত সমতা আরু সামাজিক ন্যায় স্থাপনৰ ওপৰত মনোনিবেশ কৰিছিল । লগতে, সংখ্যালঘুসকলৰ বাবে সাংবিধানিক নিশ্চয়তা আরু অধিকাৰ সমূহ প্রাপ্তৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল । ইয়াৰপৰিও, তেওঁলোকৰ ভাষা আরু সংস্কৃতিৰৰক্ষাৰ বাবে নিজস্ব অনুস্থান ষ্ঠাপন কৰি শিক্ষাৰ দিশসমূহ আগুৱাই নিয়াৰ পৰিচৰ্যা কৰিছিল ।

(ঙ)বাধাগ্রস্তসকলৰ বাবে শিক্ষাঃ
              নতুন শিক্ষানীতিয়ে বাধাগ্রস্তসকলৰ শিক্ষাৰ বাবে প্রতিখন জিলাতে আবাসিক বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিছিল । বাধাগ্রস্তসকলৰ ছাত্র-ছাত্রীসকলৰ বিশেষ অসুবিধা সমূহ বুজিবলৈ আরু লক্ষ্য ৰাখিবলৈ প্রাথমিক পৰ্যায়ৰ শিক্ষক প্রশিক্ষণৰ আচনী গ্রহণ কৰিছিল । বাধাগ্রস্তসকলৰ শিক্ষাৰ ক্ষেত্রত সহায় আগবঢ়োৱা প্রতিষ্ঠান সমূহলৈ সহায় আরু অনুদান আগবঢ়াইছিল ৷

(চ) বয়স্ক শিক্ষাঃ
নতুন শিক্ষানীতিয়ে গ্রহণ কৰা এক লেখত লবলগীয়া পদক্ষেপ হ’ল বয়স্ক শিক্ষা । ১৫ বছৰৰ পৰা ৩৫ বছৰৰ সকলোৱে যাতে স্বাক্ষৰতা লাভ কৰে অথবা নিৰক্ষৰতা দূৰ হয়, তাৰ বাবে আচনী গ্রহণ কৰিছিল । স্বাক্ষৰতা অভিযানৰ জৰীয়তে কর্মক্ষম জ্ঞান, দক্ষতা, আর্থসামাজিক সমতা আরু শৈক্ষিক ধাৰণাৰ বিকাশ সাধনৰ ব্যৱস্থা কৰিছিল । বয়স্ক শিক্ষাৰ বাবে গ্রামাঞ্চলত অবিৰত শিক্ষাৰ কেন্দ্র স্থাপনৰ আচনী গ্রহণ কৰিছিল । দূৰশিক্ষা আরু দূৰ শিক্ষণ আঁচনীসমূহ গ্রহণ কৰি বয়স্ক শিক্ষা আরু বৃত্তিমুখী প্রশিক্ষণ আঁচনিৰ ব্যৱস্থাপনা কৰিছিল ।
      
এনেদৰে নতুন শিক্ষানীতিত অর্থাৎ ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ য়ে সকলো শিক্ষার্থী আরু লোকৰ বাবে শিক্ষাৰ সমভাৱে লাভৱান হ’ব পৰাকৈ বিভিন্ন নীতি আরু আচনি গ্রহণ কৰিছিল ।


১৯৮৬ চনৰৰাষ্ট্রীয় শিক্ষানীতিয়ে সামৰি লোৱা মূল দিশবোৰৰ বিষয়ে চমুকৈ লিখা ।
অথবাঃ
১৯৮৬ চনৰ নতুন শিক্ষানীতিত কি কি দিশক সামৰি লৈছে ।
অথবাঃ
১৯৮৬ চনৰৰাষ্ট্রীয় শিক্ষানীতিৰ মূল দিশবোৰ চমুকৈ লিখা ।
অথবাঃ
১৯৮৬ চনৰৰাষ্ট্রীয় শিক্ষানীতি কিয় প্রস্তুত কৰা হয় ? বর্ণোৱা

(লগতিয়াল জাননীঃ এই প্রশ্নকেইটাৰ উত্তৰৰ বাবে তলত উল্লেখ কৰা পইণ্টবোৰৰ প্রথম এক বা দুই বা তিনিটা লাইনহে লিখিবা, কাৰণ গোটেই পইণ্টৰ দফাটো লিখিবলৈ পৰীক্ষাত সময় নহ’ব । ***কিন্তু, মনত ৰাখিবা যে তলৰ প্রতিটো পইণ্ট ৪ নম্বৰৰ প্রশ্ন আহিব পাৰে, সেয়েহে মনত ৰাখিবা যদি ৪ নম্বৰৰ আহে গোটেই দফাটো লিখিবা, উদাহৰণস্বরূপে- ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ য়ে উল্লেখ কৰা মূল্যবোধৰ শিক্ষাৰ সম্পর্কে চমুকৈ লিখা, তেতিয়া তলৰ (জ) পইন্টৰ গোটেই দফাটো লিখিবা ।)

উত্তরঃ  
শিক্ষাৰ প্রত্যাহ্বানসমূহ দূৰ কৰাৰ মানসেৰে আরু শিক্ষাৰ সামগ্রিক বিকাশৰ অর্থে ১৯৮৬ চনৰ মে মাহত নতুন শিক্ষানীতি অর্থাৎ ‘ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬’ গৃহীত কৰা হয় । এই শিক্ষানীতিৰ মূল দিশসমূহ/লক্ষ্য/উদ্দেশ্যসমূহ হ’লঃ

(ক) শিক্ষাৰ প্রয়োজনীয়তা আরু ভূমিকাঃ
              ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে সকলো ব্যক্তি আরু শিক্ষার্থীবৃন্দৰ সৰ্বাঙ্গীন বিকাশৰ ক্ষেত্রত মনোনিবেশ কৰিছিল । লগতে, শিক্ষাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রীয় ঐক্য গঠন কৰাৰ পৰিচৰ্যা কৰিছিল । সমসাময়িকভাৱে, বৈজ্ঞানিক চিন্তা ধাৰাৰ বিকাশ ঘটোৱা আরু মানৱ সম্পদৰ পূর্ণবিকাশ কৰাৰ নিমিত্তে আচনি গ্রহণ কৰিছিল ।

(খ)ৰাষ্ট্রীয় শিক্ষা পদ্ধতিঃ
ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ য়ে ১০+২+৩ এই সূত্রটোৰ দিশত শিক্ষাৰ বাবে মনোনিবেশ কৰেএই নতুন গাথনিটোৱে ১০ বছৰ প্রাথমিক আরু মাধ্যমিক শিক্ষা অর্থাৎ ৫ বছৰ প্রাথমিক শিক্ষা, ৩ বছৰ উচ্চ প্রাথমিক আরু ২ বছৰীয়া মাধ্যমিক শিক্ষা; লগতে ২ বছৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষা আরু ৩ বছৰ উচ্চ শিক্ষাৰ বাবে নীতি গ্রহণ কৰিছিল

(গ) শিক্ষাত কেন্দ্র আরু ৰাজ্যচৰকাৰৰ ভূমিকাঃ
       ১৯৭৬ চনৰ সংবিধান সংশোধনী আইন অনুসাৰে শিক্ষাৰ বিভাগটোক সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰা হয় । সেই অনুসৰি কেন্দ্রীয় শিক্ষা মন্ত্রণালয় দপ্তৰক ন্যস্ত কৰি কেন্দ্র বা কেন্দ্রীয় চৰকাৰে শৈক্ষিক প্রয়োজনসমূহৰ অধ্যয়ণৰ জৰিয়তে মানৱ সম্পদৰ বিকাশ, উচ্চ অধ্যয়ন, গবেষণা আরু আন্তজাৰ্তিক ধাৰণাৰ প্রতি লক্ষ্য ৰাখি শিক্ষাৰ দিশসমূহক বিকাশৰ বাবে মনোনিবেশ কৰেলগতে, ৰাজ্য চৰকাৰে স্থানীয় সমাজ আরু সংস্কৃতিৰ মাধ্যমেৰে শিক্ষাৰ বিকাশ সাধনৰ নীতি বা আচনি গ্রহণ কৰে

(ঘ)সমতাৰ বাবে শিক্ষাঃ
নতুন শিক্ষানীতি ১৯৮৬ য়ে শিক্ষাৰ সুবিধা সমূহ সমভাৱে পোৱাৰ ব্যৱস্থা গ্রহণ কৰিছে । লগতে, সকলো বঞ্চিত সকলৰ বাবে সমপৰ্যায়ৰ শিক্ষা প্রদানৰ আচনি তৈয়াৰ কৰিছে । সেই মর্মে *মহিলাৰ সমতাৰ বাবে শিক্ষা, *অনুসুচীত জাতিৰ শিক্ষা, *অনুসূচিত জনজাতিৰ শিক্ষা, *সংখ্যালঘুৰ শিক্ষা, *বাধাগ্রস্তসকলৰ শিক্ষা, *বয়স্ক শিক্ষা, আদিৰ আচনি আরু নীতিৰগঠন কৰি বিভিন্ন অনুদান আরু প্রতিষ্ঠানৰ জৰীয়তে সকলোৰে বাবে শিক্ষাৰ ব্যৱস্থা গ্রহণ কৰিছিল ।

(ঙ) বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানসমূহৰ পূর্ণ গঠনঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানসমূহ যেনেকৈ *প্রাক-প্রাথমিক স্তৰৰ বিকাশৰ বাবে আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আরু শিক্ষা (E.C.C.E.), সুসংহত শিশুবিকাশ সেৱা আঁচনি (I.C.D.E.P.) আরু দিবাতত্ত্বাৱধান কেন্দ্রৰ মাধ্যমেৰে আগতীয়া বাল্যকালৰ যতন আরু শিক্ষা; *প্রাথমিক শিক্ষাৰ বাবে বিনামূলীয়া আরু সার্বজনীন নাম ভর্তিকৰণ, শিশুকেন্দ্রিক শিক্ষা, অপাৰেচন ব্লেকবোৰ্ড, আরু অগতানুগতি শিক্ষা; *মাধ্যমিক শিক্ষাৰ বাবে নবোদয় বিদ্যালয় আরু বৃত্তিমুখী শিক্ষা; *উচ্চশিক্ষাৰ বাবে মুক্ত বিশ্ববিদ্যালয়, দূৰ শিক্ষণ, মহাত্মা গান্ধীৰ বৈপ্লবিক আদর্শত গ্রাম্য বিশ্ববিদ্যালয়, কাৰিকৰী আরু ব্যৱস্থাপনা শিক্ষা আরু লগতে নতুনত্ব, গৱেষণা আরু বিকাশৰ আধাৰত শিক্ষানুষ্ঠানসমূহৰ পূর্ণ গঠন কৰিছিল ।

(চ) সকলোপৰ্যায়তে দক্ষতাৰ উন্নীতকৰণ আরু ফলপ্রসুতাঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে শিক্ষাৰ সকলো দিশতে দক্ষতাৰ উন্নীতকৰণ আরু ফলপ্রসু হোৱাৰ অর্থে *আধুনিকতা, সমাজ আরু উদ্দ্যোগসমূহৰ সেৱা, *মহিলাসকলৰ বাবে আবাসিক সুবিধা, *শিক্ষাত কর্মচাৰী নিয়োগত ফলপ্রসূ পদ্ধতি, *শিক্ষকসকলৰ বহুবিকল্প ভূমিকা(শিক্ষণ, গৱেষণা, সম্প্রসাৰণ আদি), *কাৰিকৰী আরু ব্যৱস্থাপনা শিক্ষাৰ কাৰ্যসূচী, *উপযুক্ত ব্যক্তি আরু অনুষ্ঠানসমূহক পুৰস্কৃত আরু স্বীকৃতি দান কৰা আদি নীতি আরু আচনিসমূহ গ্রহণ কৰিছিল ।

(ছ)বিষয়সূচী আরু শিক্ষাপ্রক্রিয়াৰ পুনৰীক্ষণঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে বিষয়সূচী আরু শিক্ষাপ্রক্রিয়াৰ পুনৰীক্ষণৰ বাবে আধুনিক বিজ্ঞান আরু প্রযুক্তিবিদ্যাৰ বিষয়সূচীৰে *ইতিহাস, *সাংস্কৃতিক ধাৰণা, *অপধাৰণাবোৰ দূৰ কৰা, *শিশুসকলক সৌন্দৰ্য, সমন্বয় আরু বিকশিত কৰা, *সুকুমাৰ কলা, সংগীত, লোক সংস্কৃতি আদিৰ শিক্ষাদান, প্রশিক্ষণ আরু গৱেষণা, আদিৰ উন্নতি সাধন কৰিছিল ।

(জ) মুল্যবোধ শিক্ষাঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে ছাত্র-ছাত্রীসকলৰ মাজত ব্যক্তিত্বৰ ক্ষেত্রত সততা, আত্মনিষ্ঠা, সত্যনিষ্ঠা, সৎসাহস, আত্মবিশ্বাস, সহনশীলতা, দয়া, ক্ষমা, ন্যায়বিচাৰ, আদি প্রমুল্যৰ বিকাশ সাধনৰ ক্ষেত্রত শিক্ষাক মূল চাবিকাঠি হিচাপে প্রয়োগৰ ব্যৱস্থাপনা কৰিছিল । লগতে, আন্তৰ্জাতিক মুল্যবোধ যেনেকৈ ৰাষ্ট্রীয় ঐক্য সংহতি; হিংসা, কু-সংস্কাৰ আরু অন্ধবিশ্বাস আদি দূৰীকৰণৰ ক্ষেত্রত নীতি-নিদ্দেৰ্শনা গ্রহণ কৰিছিল ।


(ঝ) ভাষা আরু শাৰিৰীক শিক্ষাঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে ভাষাবিকাশৰ পৰীক্ষাৰ ওপৰত গুরুত্ব আরোপ কৰিছিল । লগতে, শাৰিৰীক শিক্ষাৰ উন্নতিৰ বাবে চহৰ অঞ্চলত খেল-পথাৰৰ বাবে মুক্ত স্থানৰ সংৰক্ষণ, বিভিন্ন খেল-ধেমালিৰ কাৰ্যসূচী গ্রহণ আরু খেল-ধেমালিৰ আয়োজন, শৰীৰ আরু মনৰ সুসংগত বিকাশ সাধনৰ অর্থে ‘যোগাসন’ শিক্ষা আদিৰ প্রবর্তন কৰিছিল ।

(ঞ)যুৱকসকলৰ ভুমিকাঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে যুৱকসকলৰ বাবে ৰাষ্ট্রীয় সেৱা আঁচনি অর্থাৎ N.S.S. আরু জাতীয় শিক্ষার্থী বাহিনী অর্থাৎ N.C.C. আদি আচনিৰ জৰীয়তে যুৱকসকলক ৰাষ্ট্রীয় আরু সামাজিক বিকাশত জড়িত হোৱাৰ সুবিধা প্রদান কৰিছে । লগতে, সংস্কাৰ আরু সম্প্রসাৰনৰ আঁচনিত অংশগ্রহণ কৰাৰ সুবিধা আরু ৰাষ্ট্রীয় স্বেচ্চাসেৱক সেৱা আঁচনি অর্থাৎ N.S.V.S.  আচনিৰ জৰীয়তে যুৱকসকলৰ সার্বিক দিশত উন্নতি সাধনৰ সুযোগ দিছে

(চ)মূল্যায়ণ প্রক্রিয়া আরু পৰীক্ষা সংস্কারঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে ‘চেমিস্টাৰ পদ্ধতি’ আরু নম্বৰৰ ঠাইত ক্রমৰ অর্থাৎ GRADE  পদ্ধতিৰ জৰীয়তে মূল্যায়ণ প্রক্রিয়া আরু পৰীক্ষা সংস্কাৰৰ ব্যৱস্থা গ্রহণ কৰিছিল 

(ছ) শিক্ষকৰ ওপৰত প্রভাৱঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে শিক্ষকসকলৰ মানদণ্ড উন্নত কৰাৰ অর্থে ৰাষ্ট্রীয় শিক্ষক শিক্ষণ পৰিষদ অর্থাৎ N.C.T.E. স্থাপন কৰিছে । লগতে, শিক্ষক সংস্থান, কর্মপদ্ধতি আরু সেৱা ব্যৱস্থাৰ উন্নয়ন, শিক্ষক বানি প্রক্রিয়াৰ সংস্কাৰ সাধন, শিক্ষকসকলৰ অসুবিধাসমূহ দূৰীকৰণ, উপযুক্ত আরু কাৰিকৰী প্রশিক্ষণৰ ব্যৱস্থা কৰা আদি নীতিসমূহ গ্রহণ কৰিছিল ।

(জ)শিক্ষাৰ পৰিচালনাঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে শিক্ষাৰ পৰিচালনা কৰাৰ অর্থে *ৰাষ্ট্রীক পর্যায়ত C.A.B.E. অর্থাৎ কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদ গঠন কৰে যাৰ দায়িত্ব হ’ল-ৰাষ্ট্রীক পর্যায়ত শিক্ষাৰ উন্নতিকৰণৰ পুনৰ বিবেচনা কৰা, শিক্ষাৰ উপযুক্ত প্রয়োগ কৰা, শিক্ষাত লাগতিয়াল পৰিবর্তনসমূহ গ্রহণ কৰা আদি; *ৰাজ্যিক পর্যায়ত S.A.B.E. অর্থাৎ ৰাজ্যিক শিক্ষা উপদেষ্টা পৰিষদ, যাৰ দায়িত্ব হ’ল-ৰাজ্যত মানৱ সম্পদৰ বিকাশ কৰা, শৈক্ষিক পৰিকল্পনা কৰা, প্রশাসক আরু শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক প্রশিক্ষণ দিয়া ইত্যাদি; *জিলা আরু স্থানীয় পৰ্য্যায়ত D.B.E. অর্থাৎ জিলা শিক্ষা পৰিষদ, যাৰ দায়িত্ব হ’ল- জিলা আরু স্থানীয় সস্থাসমূহক পৰিকল্পনা, মূল্যায়ণ আরু সহযোগিতা কৰা, যৌগিক বিদ্যালয় প্রকল্প সমূহক উন্নীত কৰা, স্থানীয় সমাজ আরু সমিতিৰ জৰীয়তে বিদ্যালয়সমূহ পৰিচালনা কৰা, বেচৰকাৰী আরু স্বেচ্ছাসেৱী সংস্থাসমূহক উৎসাহিত কৰা আরু সাহায্য আগবঢ়োৱা, লগতে *ভাৰতীয় শিক্ষা সেৱাৰ জৰীয়তে ৰাষ্ট্রীয় ধাৰাৰ সৃষ্টি কৰা আরু ৰাজ্যিক চৰকাৰসমূহৰ লগত আলোচনাৰ জৰীয়তে শিক্ষাৰ মূলনীতি, প্রক্রিয়া আরু কাম আদি নিধাৰণ কৰা, এই কামসমূহ সমাধান কৰাৰ ক্ষেত্রত নীতি আরু কাৰ্য্যসূচী গঠন কৰিছিল ।
      
এনেদৰে ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ য়ে শিক্ষাৰ উন্নতিসাধনৰ কাৰণে বিভিন্ন পদক্ষেপ গ্রহণ/অৱলম্বন কৰিছিল ।

নবোদয় বিদ্যালয় বৈশিষ্ট্যসমূহ উল্লেখ কৰা
উত্তরঃ
ৰাষ্ট্রীয় শিক্ষানীতি অথবা নতুন শিক্ষানীতি ১৯৮৬ ৰমাধ্যমিক শিক্ষাৰ উন্নতিৰক্ষেত্রত বিভিন্ন পদক্ষেপসমূহৰ ভিতৰত এক লেখত লবলগীয়া অবদান হ’ল নবোদয় বিদ্যালয় স্থাপন । এই বিদ্যালয়ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’লঃ

(ক)এই বিদ্যালয়সমূহ মাধ্যমিক শিক্ষাৰ উন্নতিৰ বাবে স্থাপন কৰ
(খ)বিজ্ঞান,ক’লা আরু সমাজবিজ্ঞানৰ বিষয়সমূহৰ সংলগ্ন আরু উন্নতিসাধন কৰা
(গ)জাতীয় বিকাশ, ইতিহাস, সাংবিধানিক কর্তব্য, নাগৰিসকলৰ অধিকাৰ আদি বিষয়সমূহক নবোদয় বিদ্যালয়ত পাঠ্যৰ জৰীয়তে বিকশিত কৰা
(ঘ)এই বিদ্যালয় সমূহৰ জৰীয়তে, মানৱতাবোধ, মিশ্র সংস্কৃতি, ব্যক্তিত্বৰ সার্বজনীন বিকাশৰ জ্ঞান প্রদান কৰাৰ ব্যৱস্থা কৰা
(ঙ)নবোদয় বিদ্যালয়ৰ জৰীয়তে শিক্ষাব্যৱস্থাক বৃত্তীমুখী কৰি তোলাৰ নীতি গ্রহণ কৰ
(চ)সমসায়িকভাৱে, শিক্ষার্থীসকলৰ মানৱ শক্তিৰ বিকাশ আরু অৰ্থনৈতিক বিকাশৰ ওপৰত গুরুত্ব আরোপ কৰ
(ছ)এই বিদ্যালয়সমূহৰ জৰীয়তে নিম্ন স্তৰৰ ছাত্র-ছাত্রীসকলক উন্নত স্তৰৰ শিক্ষা প্রদানৰ ব্যৱস্থা গ্রহণ কৰা
(জ)লগতে, বিদ্যালয় বিকাশ আঁচনিক ৰাষ্ট্রীয় ভিত্তিক আঁচনিৰে কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা
(ঝ)নবোদয় বিদ্যালয়সমূহ আবাসিক আরু বিনামূলীয়া শিক্ষাৰ অনুষ্ঠান হিচাপে গঢ়ি তুল

এইদৰে, নবোদয় বিদ্যালয় সমূহে মাধ্যমিক শিক্ষাৰউন্নতিৰক্ষেত্রত এক মহান পদক্ষেপ গ্রহণ কৰিছিল ।

৭। ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ ৪টা প্রস্তাব লিখা ।
অথবা
১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ মূল দফাখিনি লিখা ।

উত্তরঃ
অসম চৰকাৰে ১৯৬১ চনত ‘মাধ্যমিক শিক্ষা বিল’ প্রস্তুত কৰিছিল আরু বিধানসভাত উপস্থাপন কৰিছিল । সেইমৰ্মে ১৯৬১ চনত ‘অসম মাধ্যমিক শিক্ষা আইনখন’ গৃহিত হৈছিল আরু ‘অসম মাধ্যমিক শিক্ষা বোর্ড’ স্থাপন হৈছিল । এই আইনৰ চাৰিটা উল্লেখযোগ্য প্রস্তাৱ/দফা হ’লঃ-

(ক) অসম মাধ্যমিক শিক্ষা আইনখন সমগ্র অসমতে বলবৎ হ’ব ।
(খ)অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলক বিশ্ববিদ্যালয় অথবা আন কোনো বোর্ডে নিয়ন্ত্রণ কৰিব নোৱাৰিব ।
(গ)চৰকাৰে বিশেষ জাননীৰ জৰীয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ, পৰিচালনা আরু উন্নীতকৰণৰ অর্থে ‘মাধ্যমিক শিক্ষা বোর্ড’ নামেৰে এখন বোর্ড স্থাপন কৰিব ।
(ঘ)এই বোর্ডৰ সচিবগৰাকী চৰকাৰে নিয়োগ কৰিব আরু তেওঁ কমিটিৰ সদস্য হব ।

       এইদৰে ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ অধীনত বিভিন্ন লাগতিয়াল প্রস্তাৱ/দফাসমূহ সংলগ্ন কৰিছে ।

‘অসম মাধ্যমিক শিক্ষা বোৰ্ড’ৰ কাৰ্য্যসমূহ উল্লেখ কৰা
অথবা
‘অসম মাধ্যমিক শিক্ষা বৰ্ড’ৰ ৪টা প্রস্তাব লিখা ।(এই প্রশ্নৰ উত্তৰৰবাবে চাৰিটাহে পইন্ট অর্থাৎ ক, খ, গ, আরু ঘ হে লিখিবা)
উত্তরঃ
অসম চৰকাৰে ১৯৬১ চনত ‘মাধ্যমিক শিক্ষা বিল’ প্রস্তুত কৰিছিল আরু বিধানসভাত উপস্থাপন কৰিছিল । সেইমৰ্মে ১৯৬১ চনত ‘অসম মাধ্যমিক শিক্ষা আইনখন’ গৃহিত হৈছিল আরু ‘অসম মাধ্যমিক শিক্ষা বোর্ড’ স্থাপন হৈছিল । এই বোর্ডৰ উল্লেখযোগ্যচাৰিটা/প্রস্তাৱসমূহ হ’লঃ-
(ক)এই বোর্ডে মাধ্যমিক আরু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্রম প্রস্তুত কৰিব ।
(খ)সেই পাঠ্যক্রমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব ।
(গ)কৃতকাৰ্য হোৱা পৰীক্ষার্থীক প্রমাণ পত্র প্রদান কৰিব ।
(ঘ)শিক্ষার্থীৰ জলপানী আরু পুৰস্কাৰ ব্যৱস্থা তথা বিতৰণ এই বোর্ডে কৰিব ।
(ঙ) বোর্ডৰ দ্বাৰা প্রস্তুত কৰা নীতি-নিয়ম কোনো স্কুলে উলংঘা কৰিলে সেই স্কুলৰ কাৰণে শাস্তিমূলক ব্যৱস্থা ল’ব ।
(চ)এই বোর্ডে, মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ পৰীক্ষা কৰা তথা অধ্যয়ণ কৰাৰ ব্যৱস্থা ল’ব ।
(ছ) স্বীকৃতপ্রাপ্ত স্কুলৰ শিক্ষক সকলৰ আৱশ্যকীয় অৰ্হতা নিৰ্ণয় কৰিব ।
(জ)প্রয়োজন সাপেক্ষে নিজৰ কোনো ক্ষমতা কমীটিলৈ হস্তান্তৰ কৰিব ।
(ঝ)মাধ্যমিক স্কুলৰ পুঁজি সম্বন্ধীয় যাৱতীয় ব্যৱস্থাৰ দায়িত্ব লব ।
(ঞ)শিক্ষক প্রশিক্ষণ অনুষ্ঠানবোৰক স্বীকৃতি দিয়া বা স্বীকৃতি উঠাই লোৱা আদি কাৰ্য্য এই বোর্ডে কৰিব ।
(ট)শিক্ষকসকলৰ আন্তঃসেৱা প্রশিক্ষণৰ ব্যৱস্থা কৰিব আরু চেমিনাৰ আদিৰ আয়োজন কৰিব ।
(ঠ)মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠন আরু উন্নতিকৰণৰ ক্ষেত্রত অথবা অন্যান্য প্রয়োজনীয় দিশত চৰকাৰক পৰামর্শ প্রদান কৰিব ৷

এইদৰে মাধ্যমিক শিক্ষা বোর্ডে শিক্ষাৰ দিশটোক এখোজ আগুৱাই নিবলৈ বহুতো নীতি-নিৰ্দ্দেশনা গ্রহণ আরু কার্যকৰী কৰিছিল ।

এখন মাধ্যমিক বিদ্যালয়ে স্বীকৃতি পাবলৈ কি কি নিয়ম মানি চলিব লাগিব ?
উত্তরঃ
১৯৬১ চনৰ ‘অসম মাধ্যমিক শিক্ষা আইনৰ’ মর্মে ‘অসম মাধ্যমিক শিক্ষা বোর্ড’ স্থাপন হৈছিল । এই বোর্ডৰ কার্যক্রম অনুসৰি এখন মাধ্যমিক বিদ্যালয়ে স্বীকৃতি পাবলৈ কিছুমান নীতি-নিয়ম মানি চলিব লাগিব । তাৰে ভিতৰত উল্লেখযোগ্য নিয়ম সমূহ হ’লঃ
()এখন মাধ্যমিক স্কুলে স্বীকৃত পাবলৈ হ’লে বোর্ডে বান্ধি দিয়া কিছুমান নিয়ম মানি চলিব লাগিব ।
() বোর্ডৰ নিয়ম মানি নচলিলে স্বীকৃত লাভ কৰিবলৈ সক্ষম নহব ।
() প্রয়োজন সাপেক্ষে স্বীকৃত উঠাই লোৱারো নিয়ম এই আইনত সন্নিবিষ্ট কৰিছে ।
() বোর্ডে বান্ধি দিয়া নিয়ম সমূহ মানি নচলিলে, বোর্ডে স্কুলক প্রদান কৰা স্বীকৃতি উঠাই লব পাৰিব ।
()শিক্ষাবিভাগে স্বীকৃতি প্রদান কৰা মাধ্যমিক স্কুলবোৰকহে শিক্ষা বোর্ডে পৰিচালনা, নিয়ন্ত্রণ, প্রসাৰ আরু উন্নতি কৰিব
()শিক্ষাবিভাগে স্বীকৃতি নোপোৱা কোনো ধৰণৰ স্কুলে শিক্ষাবিভাগৰ পৰা কোনো ধৰণৰসহায় আশা কৰিব নোৱাৰে ।
()স্বীকৃতি নোপোৱা কোনো ধৰণৰ স্কুলৰ ছাত্র-ছাত্রীয়ে কোনো ধৰণৰ জলপাণি নাপা
()লগতে, স্বীকৃত প্রাপ্ত নোহোৱা স্কুলে পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী পঠিয়াব নোৱাৰিব
()বোর্ডৰ দ্বাৰা অনুমুদিত আন আন সুবিধাসমূহ অস্বীকৃত স্কুলে লাভ নকৰিব

ওপৰত উল্লেখিত নীতি-নিয়মসমূহ মানি চলিলেহে, এখন মাধ্যমিক বিদ্যালয়ে স্বীকৃতি পাব অন্যথা কোনো সুযোগ-সুবিধা লাভ নকৰিব । 

১০তোমাৰ ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্রত সঘনে চর্চিত কেইটামান সমস্যা উল্লেখ কৰা
অথবা
অসমৰ মাধ্যমিক শিক্ষাৰ কেইটামান প্রধান সমস্যাৰ বিষয়ে লিখা ।
(লগতিয়াল জাননীঃ তলৰ মূল পইণ্টৰ ৬ নম্বৰৰ বাবে ১২ টাহে লিখিবা, সকলো লিখিবৰ বাবে পৰীক্ষাত সময় নহ’ব, কেৱল জানিবর বাবেহে সংলগ্ন করা হৈছে ।)

উত্তরঃ
 ১৯৫২-৫৩ মাধ্যমিক শিক্ষা আয়োগ, ১৯৬৪-৬৬ কোঠাৰী আয়োগ, ১৯৮৬ নতুন শিক্ষা নীতি আদি আয়োগ আরু আচনি সমূহে মাধ্যমিক শিক্ষাৰ উন্নতি সাধন কৰিছে যদিও বৰ্তমানেওঁ আমাৰৰাজ্য অসমত আরু আন রাজ্যতনানান মাধ্যমিক শিক্ষাৰ ক্ষেত্রত সমস্যা আছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য সমস্যাসমূহ হ’লঃ

(ক)মাধ্যমিক বিদ্যালয়ৰ অসমান ভৌগোলিক স্থাপনঃ
       মাধ্যমিক বিদ্যালয় সমূহ নিদ্দিষ্ট এলেকা হিচাপে সমভাৱে ছাত্র-ছাত্রীৰ উপযোগী হোৱাগৈ গঠন হোৱা নাই

(খ)ঠেক গণ্ডীৰ বা একমুখী পাঠ্যক্রম আরু অবাস্তবমুখীঃ
মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রম সমূহ ঠেক গণ্ডীৰ বা একমুখী অথবা পৰীক্ষাকেন্দ্রিক, শিক্ষার্থী কেন্দ্রিক নহয় ।লগতে বাস্তৱ জীৱণৰ লগত মিল নাই ।

(গ)পাঠ্যপুথি যোগান ধৰাত বিসংগতিঃ
              মাধ্যমিক বিদ্যালয়ত, পাঠ্যপুথি যোগান ধৰাত পলম হোৱা দেখা যায় ।

(ঘ)বৈষয়িক দিশৰ দুৰৱস্থাঃ
              অধিকাংশক মাধ্যমিক বিদ্যালয় বৈষয়িক দূ্ৰৱস্থাত জর্জৰিত অর্থাৎ শিক্ষাৰ পৰিৱেশ সুচল নহয় ।
(ঞ)বিদ্যালয় পৰিদর্শন অনুন্নত অৱস্থাঃ
              বিদ্যালয়ৰ পৰিদর্শনৰ ক্ষেত্রতো অসমৰ মাধ্যমিক বিদ্যালয় সমূহ সূচারুরূপে সফল হোৱা নাই যাৰ ফলত বিদ্যালয়ৰ পৰিৱেশ সুস্থ নহয় ।

(চ)প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ অভাৱঃ
              মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকল সুপ্রশিক্ষণপ্রাপ্ত নহয় যাৰ বাবে শিক্ষাৰ্থী সকলে শিক্ষা গ্রহণত আরু বুজি পোৱাত অসুবিধাৰ সন্মূখিন হয় ।

(ছ)শিক্ষকৰ নিযুক্তিত আসোৱাহঃ
              মাধ্যমিক বিদ্যালয় সমূহৰ শিক্ষকসকলৰ নিযুক্তিৰ ক্ষেত্রত উপযুক্ত আরু অভজ্ঞ শিক্ষকসকলে সুযোগ নাপায় ।
(জ)প্রায়োগিক আরু বৃত্তিমুখীকৰণত অসফলঃ
              দেখা যায় যে, মাধ্যমিক বিদ্যালয় সমূহৰ অধিকাংশত শিক্ষার্থীসকলক প্রায়োগিক আরু বৃত্তিমুখীকৰণত অসফল হৈছে ।

(ঝ)শিক্ষাৰ মানদণ্ডত বৈষম্যঃ
              শিক্ষাৰ মানদণ্ড বজায় ৰখাত চৰকাৰ অসফল হৈছে যাৰ ফলত সকলোৱে যান্ত্রিক পদ্ধতিত শিক্ষা লাভ কৰাত মনোনিবেশ কৰিছে ।

(ঞ)ভাষা আয়ত্বত অসফলঃ
              মাধ্যমিক বিদ্যালয়ৰ শিক্ষার্থীসকলৰ ভাষা বিশেষকৈ ইংৰাজী, হিন্দী আদি শুদ্ধকৈ শিকাত সফল হোৱা নাই যাৰ বাবে সকলো মুখস্থ বিদ্যাৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছে ।

(ট)ক্রটিপূৰ্ণ পৰীক্ষা ব্যৱস্থাঃ
              মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাসমূহ কেল পাছ কৰাৰ উদ্দেশ্যেহে স্থাপন কৰেইয়াৰ পৰিবর্তে সঠিক মূল্যায়ণৰ ওপৰত গুরুত্ব নিদিয়ে ।

(ঠ) শিক্ষক সকলৰ দুৰৱস্থাঃ
              মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বেতন অতি কম আরু সময়ত লাভ নকৰে যাৰ ফলস্বরূপে শিক্ষাৰ দিশত শিক্ষকসকলৰ আত্ম চেষ্টা কম হোৱা দেখা গৈছে ।

(ড)সহঃপাঠ্যক্রমিক কাৰ্যাৱলীৰ অভাৱঃ
              মাধ্যমিক বিদ্যালয়ত আরু পাঠ্যক্রমত সহঃপাঠ্যক্রমৰ তেনেই নাটনি হোৱা দেখা গৈছে ।

(ঢ)পূৰ্ণ ব্যক্তিত্বৰ বিকাশত অসফলঃ
              মাধ্যমিক বিদ্যালয়ত আরু পাঠ্যক্রমৰ জৰীয়তে ছাত্র-ছাত্রীয়ে সামগ্রিক দিশৰ উন্নতিত সফল হোৱা নাই ।

(ড)ইংৰাজী ভাষাৰ কু-প্রভাৱঃ
              মাধ্যমিক বিদ্যালয়ত আরু পাঠ্যক্রমত ইংৰাজী ভাষাক শিক্ষা আহৰণৰ মাধ্যম হিচাপে আরু বাধ্যতামূলক বিষয় কৰাত শিক্ষার্থীসকলৰ সমস্যাৰ লগতে আঞ্চলিক স্থানীয় ভাষাসমূহৰ সংকট হৈছে ।

(ণ)স্বাধীনতাহীণ আরু বিজ্ঞানসন্মহীণঃ
              মাধ্যমিক বিদ্যালয়ত আরু পাঠ্যক্রমৰ জৰীয়তে শিক্ষার্থীসকলৰ নিজস্ব আত্ম-প্রতয়ৰ ভাৱ ধাৰাৰ লুপ্ত হৈছে । ইয়াৰ উপৰি, বিজ্ঞানসন্মহীণ পাঠ্যক্রম সমূহৰ অধ্যয়ণৰ ক্ষাতিৰত সকলো যান্ত্রিক হৈ পৰিছে ।

(ত)আধিক্য ছাত্র-ছাত্রীঃ
              মাধ্যমিক বিদ্যালয়বোৰত এটা কোঠাৰ সঠিক অনুপাততকৈ অধিক শিক্ষার্থীৰ হোৱাৰ বাবে শিক্ষা গ্রহণত আরু প্রদানত নানান সমস্যাৰ সন্মুখিন হব লগা হৈছে ।
      
       এইদৰে দেখা যায় যে, অসমৰ আন আন মাধ্যমিক বিদ্যালয় সমূহত শিক্ষাৰ দিশত শিক্ষক আরু শিক্ষার্থী, চৰকাৰ, শিক্ষা বিভাগ আদি সকলো‍‍ৱে ফলপ্রসূভাৱে সফল লাভ কৰিব পৰা নাই ।

১১স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ সম্বন্ধে বর্ণনা কৰা
উত্তরঃ
       স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ নিমিত্তে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল । ইয়াৰ ভিতৰত উল্লেখযোগ্য পদক্ষেপ সমূহ হ’ল
       (ক)স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ উন্নতিৰ অর্থে মুডালিয়াৰ আয়োগ, কোঠাৰী আয়োগ আরু ৰাষ্টীয় শিক্ষা নীতি আদিৰ পৰামর্শ আরু সিদ্ধান্ত সমূহ গ্রহণ কৰিছিল ।

(খ)প্রথমে, ১৯২৬ চনৰ পৰা অসমৰ মাধ্যমিক স্কুলবোৰৰ প্রশাসন আরু প্রৱেশিকা পৰীক্ষা কলিকতা বিশ্ববিদ্যালয়ে চলাই আছিল ।

(গ)১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল আরু তাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ এই বিশ্ববিদ্যালয়ে গ্রহণ কৰিছিল ।

(ঘ)১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন ক্রমে ১৯৬২ চনত অসম মাধ্যমিক শিক্ষা বোর্ড স্থাপন হৈছিল ।

(ঙ)মুডালিয়াৰ আয়োগৰ অনুমুদনক্রমে ৬৭ খন হাইস্কুল উচ্চতৰ মাধ্যমিক পর্যায়লৈ পৰিৱৰ্তিত কৰিছিল ।

(চ)সেই সময়ত, মাধ্যমিক শিক্ষা পৰিষদে প্রৱেশিকা অথবা স্কুল শিক্ষান্ত পৰীক্ষা আরু উচ্চতৰ মাধ্যমিক পৰীক্ষা পৰিচালিত কৰিছিল ।

(ছ)১৯৬৯-৭০ চনত, অসমত উচ্চতৰ মাধ্যমিক আরু বহুমুখী স্কুলৰ সংখ্যা হৈছিল ৭০ খন আরু হাইস্কুলৰ সংখ্যা হৈছিল ১২০০ খন ।

(জ)১৯৭৩ চনত, অসমত মাধ্যমিক স্কুলৰ সংখ্যা হৈছিল ডেৰ হাজাৰ মান ।

(ঝ)১৯৭৩ চনৰ পৰা, মাধ্যমিক শিক্ষা বোর্ডে অসমত ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ নীতি গ্রহণ কৰিছিল আরু ৬৩ খন স্কুলত এই নীতিৰ কার্যকৰী হৈছিল ।

(ঞ)কোঠাৰী আয়োগৰ অনুমোদন ক্রমে, ১৯৮৪ চনত অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰিছিল ।

(ট)ইয়াৰ পৰৱৰ্তী সময়ত, এই সংসদে উচ্চতৰ মাধ্যমিক শিক্ষাৰ +২ পাঠ্যক্রম প্রস্তুতি, পাঠ্যক্রম প্রণয়ন, পৰীক্ষা আদিৰ পৰিচালনা কৰিছিল ।

(ঠ)লগতে, কলেজ সমুহত সংলগ্ন হৈ থকা উচ্চতৰ মাধ্যমিক বিভাগটোও এই সংসদে পৰিচালনা কৰিছিল ।

(ড)ইয়াৰ উপৰি, +২ শ্রেণীৰ আৰ্হিত অসম চৰকাৰে পাছলৈ ‘জুনিয়ৰ কলেজো’ গঠন কৰিছিল ।
      
এনেকৈ মাধ্যমিক শিক্ষাৰ উন্নতিৰ কাৰণে স্বাধীনতাৰ পাছত অসমত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল । বর্তমানেও মাধ্যমিক শিক্ষাৰ উন্নতিৰ ক্ষেত্রত নতুন নতুন কাৰ্যসূচী গঠন আরু প্রণয়ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।


Finding any mistake please inform us.....
We are updating more..............



God blessing you all…………..











ক্ষা