This section has just added, checking & uploading more...........
তেওঁৰ গড় নগদ সম্পত্তি =
= 350 টকা
।
This section has just added, checking & uploading more...........
১। বিনিময় প্রথা কি?
উত্তৰঃ দ্রব্যৰ সলনি দ্রবৰ আদান-প্রদান বা বিনিময় কৰা প্রক্রিয়াটোক
বিনিময় প্রথা বোলে ।
২। মুদ্রাৰ লেনদেনৰ চাহিদাৰ সমীকৰণত M
= K.T ত
সোঁফালৰ ‘T’ টোৱে কি সূচাইছে?
উত্তৰঃ মুদ্রাৰ লেনদেনৰ
চাহিদাৰ সমীকৰণত M
= K.T ত
সোঁফালৰ ‘T’ য়ে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা লেনদেনৰ
মূল্যক সূচাইছে ।
৩। মুদ্রাৰ প্রচলন
বেগ কি?
উত্তৰঃ মুদ্রাৰ
প্রচলনৰ বেগ হ’ল- এক নিৰ্দিষ্ট মুদ্রাৰ এক নিৰ্দিষ্ট সময়ত হোৱা হস্তান্তকৰণ ।
৪। এগৰাকী লোকে প্রতি
মাহে অৰ্জন কৰে 700 টকা । তেওঁৰ গড় নগদ সম্পত্তি নিৰ্ণয় কৰা-
উত্তৰঃ এজন মানুহে
মাহে উপাৰ্জন কৰে- 700 টকা
৫। মুদ্রাৰ বাবে এগৰাকী
লোকৰ গড় লেনদেনৰ চাহিদা কি?
উত্তৰঃ মুদ্রাৰ বাবে
এগৰাকী লোকৰ গড় লেনদেনৰ চাহিদা হ’ল- ব্যক্তিজনৰ মাহেকীয়া লেনদেনৰ আধা ।
৬। শুদ্ধ নে অশুদ্ধ
লিখা-
মুদ্রাৰ লেনদেন
চাহিদা এখন অৰ্থনীতিৰ প্রকৃত আয় আরু ইয়াৰ গড় দাম স্তৰৰ সৈতেও ইতিবাচকভাৱে
সম্পৰ্কিত ।
উত্তৰঃ শুদ্ধ ।
৭। সত্য নে অসত্য
লিখাঃ
চাহিদা আমানতবোৰ বৈধ
মুদ্রা নহয় ।
উত্তৰঃ সত্য ।
৮। খালী ঠাই পূৰণ
করাঃ
যেতিয়া r=r min হয় তেতিয়া অৰ্থনীতিখন _____ ভিতৰত থাকে ।
উত্তৰঃ যেতিয়া r=r min হয় তেতিয়া অৰ্থনীতিখন M
ৰ মূল্য শূন্যৰ পৰা অসীমৰ ভিতৰত থাকে ।
৯। প্রচলিত মুদ্রা আমানত
অনুপাত নিৰ্ভৰ কৰা কাৰক এটাৰ নাম লিখা ।
উত্তৰঃ প্রচলিত
মুদ্রা আমানত অনুপাত নিৰ্ভৰ কৰা কাৰক এটাৰ নাম হ’ল- উৎসৱ পাৰ্বন ।
১০। তৰলতাৰ ফান্দত মুদ্রাৰ
লাভকল্পী চাহিদাৰ স্থিতিস্থাপকতা কিমান ?
উত্তৰঃ তৰলতাৰ ফান্দত
মুদ্রাৰ লাভকল্পী চাহিদাৰ স্থিতিস্থাপকতা পূৰ্ণ হয় ।
১১। সঠিক শব্দটো
বাছনি কৰি খালী ঠাই পূৰ কৰাঃ
‘মুদ্রাৰ লাভকল্পী চাহিদা ______ (পোনপটীয়াকৈ / ওলোটাকৈ
) সুতৰ বজাৰ হাৰৰ সৈতে সম্পৰ্কিত ।
উত্তৰঃ ‘মুদ্রাৰ লাভকল্পী
চাহিদা ওলোটাকৈ সুতৰ বজাৰ হাৰৰ সৈতে সম্পৰ্কিত ।
১২। এখন আধুনিক
অৰ্থনীতিত জনসাধাৰণে মুদ্রা ৰাখে ব্যাপকভাৱে দুটা অভিপ্রায়ত । এটা হৈছে লেনদেন
অভিপ্রায়, আনটো কি?
উত্তৰঃ এখন আধুনিক
অৰ্থনীতিত জনসাধাৰণে মুদ্রা ৰাখে ব্যাপকভাৱে দুটা অভিপ্রায়ত । এটা হৈছে লেনদেন
অভিপ্রায়, আনটো হৈছে- কল্পনাপ্রসূত অভিপ্রায় ।
১৩।ভাৰতত প্রচলন কৰা
মুদ্রা জাৰি কৰা বিত্তীয় প্রাধিকৰণটোৰ নাম কি ?
উত্তৰঃ ভাৰতত প্রচলন
কৰা মুদ্রা জাৰি কৰা বিত্তীয় প্রাধিকৰণটোৰ নাম ভাৰতীয় ৰিজাৰ্ভ বেংক ।
১৪। RBI ত সংৰক্ষণ ৰখাটো কিয় বাণিজ্যিক বেংকসমূহৰ বাবে ব্যয়বহুল ?
উত্তৰঃ RBI ত সংৰক্ষণ ৰখাটো কিয় বাণিজ্যিক বেংকসমূহৰ বাবে ব্যয়বহুল কাৰণ,
সংৰক্ষিত পুঁজি অংশৰ পৰা সুদ লাভ কৰি কোনো বিনিয়োগমূলক আঁচনিৰ ক্ষেত্রত ঋণ দিব পাৰে
কিন্তু RBI ত ৰাখিলে এয়া সম্ভৱপৰ নহয় ।
১৫। বাণিজ্যিক
বেংকসমূহৰ সংৰক্ষণ ৰখাটো RBI
ৰ বাবে প্রয়োজনীয় কিয় ?
উত্তৰঃ বাণিজ্যিক
বেংকসমূহৰ সংৰক্ষণ ৰখাটো RBI
ৰ বাবে প্রয়োজনীয় কাৰণ, RBI য়ে অৰ্থনীতিখনৰ অৰ্থনৈতিক সমতা আরু সুস্থিৰতা ৰক্ষা কৰিব
লাগে ।
১৬। নগদ সংৰক্ষণ
অনুপাত কি (CTT) কি?
উত্তৰঃ নগদ সংৰক্ষণ
অনুপাত(CTT) হ’ল- যিটো অংশ বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ
মুঠ আমানতৰ পৰা কেন্দ্রীয় বেংকত জমা ৰাখিব লাগে সেই অংশটো ।
১৭। বিধিগত তৰলতাৰ
অনুপাত (SLR) কি?
উত্তৰঃ বিধিগত তৰলতাৰ
অনুপাত (SLR) হ’ল-যিটো অংশ বেংকবোৰে মুঠ চাহিদা আরু স্থিৰ
আমানতৰ পৰা তাৰল্য গুণসম্পন্ন সম্পদ স্বরূপে জমা থ’ব লাগে সেই অংশটো ।
১৮। এটা বাণিজ্যিক
বেংকৰ ধাৰ গ্রহণৰ হাৰ কি ?
উত্তৰঃ এটা বাণিজ্যিক
বেংকৰ ধাৰ গ্রহণৰ হাৰ হ’ল- বাণিজ্যিক বেংকবোৰে আমানতকাৰীসকলৰ বাবে নিৰ্ধাৰণ কৰি দিয়া
নিৰ্দিষ্ট সুদৰ হাৰ ।
১৯। বাণিজ্যিক বেংকৰ
বিচাৰত এগৰাকী ব্যক্তিৰ ঋণ লোৱাৰ যোগ্যতা কি?
উত্তৰঃ বাণিজ্যিক
বেংকৰ বিচাৰত এগৰাকী ব্যক্তিৰ ঋণ লোৱাৰ যোগ্যতা তেওঁৰ জমা পুঁজিৰ হাৰৰ হিচাপত নিৰ্ধাৰণ
কৰে ।
২০। উচ্চ
ক্ষমতাসম্পন্ন মুদ্রাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ এখন দেশৰ
মুদ্রা কৰ্তৃপক্ষৰ(ভাৰতৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক) সৰ্বমুঠ আৰ্থিক দায়িত্বত থকা
মুদ্রাৰ ভিত্তিক বা মুঠ দেনাক উচ্চ ক্ষমতাসম্পন্ন মুদ্রা বোলে ।
অথবাঃ এখন দেশৰ
মুদ্রা কৰ্তৃপক্ষই যি মুদ্রা অৰ্থনীতিৰ সাপেক্ষে উৎপন্ন কৰে, সেই মুদ্রাকে উচ্চ
ক্ষমতাসম্পন্ন মুদ্রা বোলে ।
২১। সঠিক রূপটো বাছনি
করাঃ
ভাৰতীয় ৰিজাৰ্ভ বেংকত ৰখা বাণিজ্যিক বেংকৰ জমা
ভাগক কোৱা হয় – (সংৰক্ষণ জমাৰ অনুপাত/ নগদ সংৰক্ষণ অনুপাত / বিধিগত তৰলতাৰ অনুপাত)
।
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ
বেংকত ৰখা বাণিজ্যিক বেংকৰ জমা ভাগক কোৱা হয়- নগদ সংৰক্ষণ অনুপাত ।
২২। শুদ্ধ নে অশুদ্ধ
লিখা
সময় জমা বুলিও কোৱা
স্থায়ী জমাৰ ম্যাদ পূৰ্ণতাৰ কোনো স্থায়ী ম্যাদ নাথাকে ।
উত্তৰঃ অশুদ্ধ ।
২৩। খালী ঠাই পূৰ কৰা
সাধাৰণতে সকলোৱে
গ্রহণ কৰা আটাইবোৰ সম্পত্তিৰ ভিতৰত ____ হ’ল আটাইতকৈ বেছি তৰল ।
উত্তৰঃ সাধাৰণতে
সকলোৱে গ্রহণ কৰা আটাইবোৰ সম্পত্তিৰ ভিতৰত মুদ্রা হ’ল আটাইতকৈ বেছি তৰল ।
২৪। মুদ্রা বুলিলে কি
বুজা ?
উত্তৰঃ মুদ্রা
বুলিলে-বিনিময়ৰ মাধ্যম স্বরূপে, সাধাৰণ গ্রহণযোগ্যতা ক্ষমতাপূৰ্ণ, মূল্যৰ এক
মাপকাঠী হিচাপে আরু ভাণ্ডাৰ স্বরূপে ব্যৱহাৰ কৰিব পৰা সামগ্রীকেই বুজা যায় ।
২৫। শুদ্ধ অশুদ্ধ
বিচাৰ কৰা –
‘মুদ্রা হিচাপৰ এক
সুবিধাজনক একক’ ।
উত্তৰঃ শুদ্ধ ।This section has just added, checking & uploading more...........