টকা টকা সব টকা, ভাবি ভাবি চুলি পকা
ভয়তে, টোপনি পলাই,
Calculation-Recalculation, Planning- Replanning
ভাবোতে দেহা শুকাই ।
পেটত ভোগ নাই, পকেটত গৰম ভাই
বিচনাৰ গাদি হয় টকা,
উঠোতে-বহোতে, খাওঁতে-শুওঁতে
দেখে মাথো টকা-ছকা-মকা ।
হায়-হায়, হায়-হায়, বুকু কপে হায়-ফায়
আৰু টকা আহে কোনফালে,
ধিচেওঁ-ধিচেওঁ-চেওঁ, বন্দুকৰ শব্দ শুনিওঁ
পলায় মাথো টকাৰ ফালে ।
কিছুমান মালিক ভাই, পকেটত টকা নাই
মাথো আছে ATM ভৰি,
চাইকেল চলাই যায়, আছে বলেৰু হায়,
চৌকাত মাথো জেং-খৰি ।
দেখি শান্ত-সুষ্ট, ভিতৰি মহা-দুষ্ট
দুৰ্নীতি কৰে মনে মনে,
সমাজৰ আগশাৰী, মুখত আল্লা-হৰি
কমিছন বাঢ়ে ঘনে ঘনে ।
এছাম মালিক আছে, অহংকাৰে ঘনে নাছে,
তেওঁৰ সমান WORLD ত নাই,
সৱফালে হাই-ফাই, ফুতনি কৰোতেই যায়,
বাস্তৱত ফুটুকা ফেনাই ।
মিছা মিছা সব মিছা, খাই মাছৰ ডাঙৰ ফিছা,
সত্যই সুৰুঙা নাপায়,
টকা লুটে যাৰে-তাৰে, Expire কামী হাড়ে
অলপতে মাগিব বিদায় ।
সঁচাকে যদি টকা আছে, বাকছৰ খাচে-খাচে
দিয়া দুখীয়া-দৰিদ্র জনক,
তেওঁলোকৰ খাবলৈ নাই, মাথো নিমখ ভাত খাই
যাক, দুখে বেৰে প্রতিটো ক্ষণক ।
কিছুমানৰ বিষয়ে হাই, ভাবিলে অশ্রু উলাই
হাজিৰা কৰে অনাহাৰে,
যদিও সপোন ভাঁহে, পলকতে শূণ্য আহে
টকা নাই, আগুৱাই কিদৰে ।
কিছুমানে খুজে-মাগে, নাপায়েই টকা ছাগে,
কেনেকৈ চলিব সেই পংঙ্গু মানৱে,
কোনে চাব তেওঁৰ জীৱন, দুখে ভৰে প্রতিক্ষণ
বুজিবনে ধনীলোক সৱে ।
কিছুমানৰ ঘৰ নাই, কেনেকৈ থাকিব জীয়াই
ৰাস্তা, ষ্টেচন আদিয়ে হয় ঘৰ,
ধনীৰ দানলৱ, অঘৰীৰ নহয় লাঘৱ
দেহত বিন্ধে মৃত্যৰ শৰ ।
গোটেই দিনটো, টকাৰ নাই কনটো
পেলনীয়া জাৱৰ-জোঁথৰে হয় টকা,
প্রতি দমে দমে, দেহত কষ্টৰ ঘামে
কেনেকৈ জীয়াৱ পিতা-আজু-ককা ।
বেমাৰ এক আগমণে, স্বৰ্গ আহে সুৱৰণে
নিশ্চিত মৃত্যুৰ এই বাৰ্তা,
টকাই নাই হাতত, প্রৱেশ নিষেধ হস্পিতেলত
ৰক্ষা কৰা হে বিধি দাতা ।
আমি কি কৰিম, আমিও এদিন মৰিম
টকায়েই সলনি কৰিবনে ক্ষণ?
চৰকাৰে আঁচনি ল’লে, মানুহ বুলি সামৰিলে
সলনি হ’ব দুখীয়াৰ দুখৰ জীৱন।